Tuesday, 28 June 2016

ধাৰাবাহিক উপন্যাসৰ পঞ্চম খণ্ড


ধাৰাবাহিক উপন্যাসৰ পঞ্চম খণ্ড 
ooooooooooooooooooooooooooppppoo:
 “ হেল্ল শ্যাম ! ভালনে তোমাৰ !” তাই ফোনটোত শ্যামৰ নম্বৰ ডায়েল কৰি লেনিয়াই মাত লগালে ।
: “অ’ বৌ , ভালে আছো । আপোনাৰ খৱৰ কওঁকচোন ?”
: “ উস ৰাম ! তোমাক মই কিমান বাৰ কৈছো –মোক ‘আপুনি’ বুলি নক’বলৈ ! মইতো তোমাতকৈ খুউব বেচি এবছৰ মানহে ডাঙৰ হ’ম ।”
শ্যামে ডাঙৰকৈ হাঁহি এটা মাৰি তাইক ক’লে-
: “হ’ব বৌ মই আপোনাক ‘তুমি’ বুলি ক’বলৈ চেষ্টা কৰিম বাৰু ? এতিয়া কওঁকচোন কিয় ফোন কৰিলে ?”
এই এটা কাৰণতে তাই শ্যামক বেয়া পায় । এটা ভৰ যৌৱনৰ ডেকা লৰা অথচ সন্ন্যাসীৰ দৰে নিৰাসক্ত । বিবাহিতা হ’ল বুলিয়েই তাইৰ দৰে ধুনীয়া নাৰী এজনীক সি মূৰ তুলি চাব নোৱাৰেনে ? দুষাৰ মুখৰোচক কথাও পাতিব নোৱাৰে । মহা বুৰ্বক লৰা এটা । তাৰ গাৰ্ল ফ্রেণ্ডজনীলৈও মাজে মাজে হিংসা হয় তাইৰ । সেইজনী ছোৱালী যে কিমান ভাগ্যবান । শ্যামৰ দৰে লৰা এটা পাইছে । বিয়াৰ পিছতো সি তাইক পূজাৰ বেদীত থকা দেৱীজনীৰ দৰে ৰাখিব । শ্যামক ভাল লগাবৰ বাবে তাই লৰালৰিকৈ সুধিলে –
: “ ৰুলীৰ কি খবৰ শ্যাম ? লগ পাইছানে নাই ?”
লাজ লাজকৈ শ্যামে ক’লে –
: “ৰুলীৰ খবৰ ভালেই বৌ । এই কেইদিনত হেনো তাইৰ কিবা এটা প্রজেক্টৰ কাম চাবমিট কৰিবলগীয়া হৈ আছে । কামবোৰ শেষ হোৱা নাই । সেয়ে তাইৰ বৰ টেনচন হৈ আছে । একেবাৰে আজলী ছোৱালী তাই । ময়ো তাইক সহায় কৰি দিব পৰা নাই । চাওঁচোন এই কেইদিনতে আহিব পাৰোঁ নেকি গুৱাহাটীলৈ ! তেতিয়াহে লগ পাম ৰুলীক ।”
অজন্তাই ভিতৰি ভিতৰি দাঁত মুখ কৰচি উঠিল । গাৰ্ল ফ্রেণ্ডৰ কথা সুধিলত মুখৰ পৰা সল সলকৈ এসোপা কথা ওলাই পৰিল । যিয়েই নহওক সি গুৱাহাটীলৈ আহিলে ভালেই হ’ব । অন্ততঃ এই আপাহতে সি সিহঁতৰ ঘৰলৈ আহি তাইকো চাই মেলি যাব পাৰিব । অনুজিতক বিয়া কৰাই তাই দামী গাড়ী , কাপোৰ, ঘৰ সকলো পাইছে । সকলো পালেও তাইৰ দৰে তৰল মনৰ বৈষয়িক সুখকে জীৱনৰ সাফল্য বুলি ভবা নাৰী এগৰাকীয়েও ভিতৰি এক দৈন্যতা অনুভৱ কৰে । ধুনীয়া চেহেৰা, দামী গাড়ী , নতুন ডিজাইনৰ কাপোৰ আদিয়েও তাইৰ আশে পাশে কোনো ভ্রমৰৰ গুঞ্জন সৃষ্টি কৰা নাই । ভোমোৰা নাথাকিলে ফুলৰ ৰূপ ৰসৰ কি অৰ্থ আছে- তাই ভাবে । সেয়ে তাই জোৰ জবৰদস্তি শ্যামক ভোমোৰালৈ পৰিবৰ্তন কৰিবলৈ খোজে । তাৰ দৰে এটা ধুনীয়া অদ্ভূত ভ্রমৰ –মৌ ৰস পাণ নকৰি কেৱল ওচৰলৈ আহিলেই ফুল এপাহ ফললৈ ৰূপান্তৰিত হ’ব !
মনৰ ভাববোৰ মনতে লুকুৱাই ৰাখি তাই ধুনীয়াকৈ হাঁহি এটা মাৰি ক’লে –
: “ অ’তো , ৰুলীক তুমি সহায় নকৰিলে কেনেকৈ হ’ব । এনেবোৰ কথাইহে পৰস্পৰৰ মাজত মৰম স্নেহ বঢ়ায় । তুমি যেনেতেনে সোনকালে গুৱাহাটীলৈ আহি যোৱা । গুৱাহাটীলৈ আহিলে আমাৰ ঘৰত সোমাবলৈ নাপাহৰিবা কিন্তু !”
: “নিশ্চয় আহিম বৌ ।” শ্যামে তাৰ আৰু ৰুলীৰ কথা ভালদৰে ভবা সকলো মানুহকে আপোনৰো আপোন যেন ভাবে ।
সেইবাৰ শ্যাম আহি অজন্তাৰ আল্ট্ৰা ছন’গ্রাফিৰ ৰিপৰ্টবোৰ চায়েই বুজি পাইছিল – কিবা এটা গণ্ডগোল আছে । কেঁচুৱাটোৰ হৃদপিণ্ডৰ ধপ ধপনিয়েই নাইচোন !! তথাপিও ইমান আশাৰে এটি সন্তানৰ কাৰণে বাট চাই থকা এহাল দম্পত্তিক সি নিৰাশ কৰিব নোৱাৰে । ডা: মিহিৰ দত্ত তাততৈ হাজাৰ গুণ অভিজ্ঞ ,সুদক্ষ ডাক্তৰ । তেখেতে নিশ্চয় কিবা প্রকাৰে অজন্তাৰ গৰ্ভত থকা তাৰ দৃষ্টিত মৃত যেন লগা সন্তানটিক জীয়াই তুলিব । সন্তানটিৰ হয়তো মৃত্যু হোৱা নাই । সেই তেতিয়াই অনুজিতে তাক কৈছিল –
: “বুজিছা শ্যাম , তুমিও ডা: মিহিৰ দত্তৰ দৰে হ’ব লাগিব । ভগবানকো চেলেঞ্জ দিব পাৰে । এইবোৰহে ডাক্তৰ ! পঢ়া, পঢ়া… ভালদৰে পঢ়ি ডা: মিহিৰ দত্তকো চেৰ পেলাব লাগিব । অৱশ্যে মিহিৰ দত্তক চেৰ পেলাবলৈ কোনো ‘মাইকা লাল’ ডাক্তৰৰ সাধ্য নাই !”
শ্যামে নীৰৱে শুনি গৈছিল অনুজিতৰ কথা ।
: “এতিয়া দত্ত চাৰে কি ট্রিটমেণ্ট দিব ?” – সি শান্ত ভাবে সুধিলে । তাৰ নিজৰ ভিতৰত হোৱা দুখ আৰু দুঃচিন্তাখিনি যাতে বাহিৰত প্রকাশ নাপায় –তাৰবাবে সি আপ্রাণ চেষ্টা কৰিলে ।
: “ এতিয়া আৰু ছয়টা বেজী দিব হেনো !” অজন্তাই শ্যামক নিজৰ প্রতি আকৰ্ষণ কৰিবলৈ অনুজিতে কিবা কোৱাৰ আগতেই মাত লগালে।
: “কিহৰ ইঞ্জেকচন ?” –শ্যামে অনুজিতলৈ চাই সুধিলে । অজন্তা অলপ বিৰক্ত হ’ল । শ্যাম তাইৰ বাবেহে আহিছে – কিন্তু অনুজিতৰ লগতহে তাৰ বেচি কথা ।
: “ কিবা হৰমনৰ ইঞ্জেকচনেই দিব বোলে ।” অনুজিতে ক’লে ।
“হৰমণ” কি যে এক বিচিত্র বস্তু ! বিশেষকৈ মহিলাৰ শৰীৰত ইয়াৰ কিমান কি যে খেলা !! ইষ্ট্রজেন , প্রজেষ্টেৰণ আদি হৰমণৰ লুকা ভাকুয়ে এগৰাকী নাৰীৰ জীৱন কিমান যে সলনি কৰি দিব পাৰে । এই যে অজন্তা চলিহা – এই মানুহগৰাকীও হৰমণৰ ষড়যন্ত্রৰে বলি ! হৰমণে মানুহৰ আবেগ অনুভতিবোৰো পৰিচালনা কৰে । অৱশ্যে আবেগ অনুভতিবোৰেও হৰমণক পৰিচালনা কৰে ।
: “পি চি অ ডি আজিৰ আধুনিক সমাজৰ ছোৱালীবোৰৰ কমন প্রব্লেম হৈ পৰিছে জানেনে অনুজিত দাদা ?” – শ্যামে ক’লে ।
: “ হয় নেকি ? কিয় এনে হৈছে কোৱাচোন ?” – অনুজিতে সুধিলে ।
অজন্তাই কাণখন থিয় কৰি ৰ’ল । কেনেবাকৈ বাৰু শ্যামে তাইৰ আগৰ জীৱনৰ ভুলৰ কথা ক’বলৈ বিচাৰিছে নেকি ? তাইৰ বুকুখন ধক ধক কৰি উঠিল ।(আগলৈ ....)

No comments:

Post a Comment