ধাৰাবাহিক উপন্যাসৰ ত্ৰয়োদশ খণ্ড (5/6/16)
oooooooo
চিঠিখন লিখি শেষ হোৱাৰ লগে লগে ৰুলী সোমাই আহিল । তাৰ বুকুখন ধক ধক কৰি উঠিল । তেনেই সহজ সৰল এখন ধুনীয়া মুখ । ফুলা ফুলা চকুকেইটাত কাজলৰ প্রলেপ । আজি যেন সেই প্রলেপ বহুত বেছি । ক’তা - সেই দুটা চকুত চোন তাৰবাবে অলপো আবেগ উৎকণ্ঠা সোমাই থকা নাই ! তেনেই সাধাৰণ এহাল চকু । সেই চকুত বহু ল'ৰা ছগাৰ দৰে জাহ যাব – কিন্তু প্রেমৰ গভীৰ সাগৰত সাতুৰি নাদুৰি ক্লান্ত হৈ জিৰাব নোৱাৰিব !
হাতৰ বেগটো কফি টেবুলখনত থৈ তাই শ্যামৰ সন্মুখত থকা চোফাখনত ভাগৰুৱা ভাবে বহিল । মুখত তাইৰ উচপিচ ভাব এটা – ক’ৰবাত যেন বহুত ডাঙৰ কাম এটা আধৰুৱাকৈ এৰি থৈ আহিছে !
: “শ্যাম , তুমি মোক ইয়াত সদায় কফি খুওৱা । আজি মই তোমাক কফি খুৱাম দেই !”
ৰুলীয়ে কথাষাৰ কৈ তাৰ উত্তৰলৈ বাট নাচালে । কফি দুকাপৰ অৰ্ডাৰ দি তাই পুনৰ শ্যামৰ ওচৰত বহিলহি । শ্যামে কি কফি খাই ভালপায় – কোনখন চকীত বহি ভালপায় সকলো তাই জানে । তথাপিও আজি তাই একো নজনাৰ দৰে শ্যামে ভাল নোপোৱা আইৰিচ কফি এচপ্রেচ’ৰ অৰ্ডাৰ দিলে। কফিকাপৰ গোন্ধটোৱে তাক কলিজালৈকে তিতা কৰি দিলে । কেৱল ৰুলীক ভাল লগাবৰ বাবে কফিকাপত এটা সোহা মাৰি সি থমকি ৰ’ল । উস্ ইমান তিতা ! ইমান তিতা একো বস্তুৱেই সি জীৱনত মুখত দি পোৱা নাই । কিছু সেমেনা সেমেনি কৰি ৰুলীয়ে ক’লে –
: “ মোৰ হাতত আচলতে আইৰিচ কফি দুকাপ কিনিব পৰাকৈ হে পইচা আছিল শ্যাম । I am so sorry !!”
: “কোনো কথা নাই চানশ্বাইন ! তুমি দিয়া যিকোনো বস্তু –আনকি তিতা বিহো মই হাঁহি হাঁহি খাব পাৰিম !” –শ্যামে ক’লে ।
: “তেনেহলে খোৱা!” – ৰুলীয়ে নিৰুদ্বেগ ভাবে ক’লে ।
“মই কিন্তু খাব নোৱাৰোঁ!” অলপ সময় ৰৈ তাই পুনৰ ক’লে –
: “শ্যাম, তুমি বৰ ভাল লৰা । মোৰ দৰে এজনী ছোৱালীৰ লগত থাকিলে গোটেই জীৱন তিতা বিহ খাই থাকিব লগীয়া হ’ব । তুমি তোমাৰ বাবে যোগ্য এজনী ছোৱালীক ভাল পাবা বুজিছা!!”
: “চানশ্বাইন!!” শ্যামে বহুত কিবা কিবি কথা ক’বলৈ খুজিছিল । কিন্তু এনেকুৱা সময়ত তাৰ মুখত কথা লাগি লাগি ধৰে । ৰুলীৰ যেন তাৰ মুখত লাগি ধৰা কথা শুনিবলৈ অলপো ধৈৰ্য নাই! তাৰ চকুৰ পৰা হৰ হৰকৈ বাগৰি অহা লোতকখিনি চাবৰ বাবেও তাইৰ ইচ্ছা নাই ।
: “ল'ৰা মানুহ হৈ কেনেকৈ কান্দি থাকা হে!” –তাইৰ ভৎসৰ্না কোনোমতে তাৰ কাণত সোমাল ।
তাৰ মনৰ শংকা কিদৰে সত্য হৈ গৈ আছে – ভাবি আচৰিত হ’ল । লৰালৰিকৈ সি লিখা চিঠিখন তাইক দিলে । তাই চিঠিখন লওঁ নলওঁকৈ ল’লে –
: “ ভালদৰে থাকিবা । মই থাকিলেও বা নাথাকিলেও তুমি কিন্তু ভালদৰে থাকিবা ! আৰু মোক ক্ষমা কৰি দিবা !!
স্তব্ধ হৈ বহু সময় স্থানুৰ দৰে বহি থাকিল সি । তাৰ মনলৈ আহিল তাৰ লগৰ উত্তৰ প্রদেশৰ বন্ধু কুলদীপে কোৱা কথা এষাৰ মনলৈ আহিল –
Love- a single word, a wispy thing, a word not bigger or longer than an edge, a razor…and thats what it is, a razor...It draws up through centre of your life, cutting it into two, before and after, and your world falls apart on either side .
সঁচাই “প্রেম” – কি যে এক স্পৰ্শকাতৰ অনুভৱ! “প্রেম”এডাল কাড় যি হৃদয়খনক দুটা টুকুৰা কৰি জীৱনৰ দুটা প্রান্তত পেলাই থয় । এই এটা মাত্র শব্দই আমাৰ জীৱন কিমান যে চিত্ৰ বিচিত্ৰ কৰি পেলাব পাৰে! (প্ৰথম অধ্যায় সমাপ্ত) (আগলৈ ....)

No comments:
Post a Comment