Tuesday, 28 June 2016

ধাৰাবাহিক উপন্যাসৰ দশম খণ্ড 25/5/16

ধাৰাবাহিক উপন্যাসৰ দশম খণ্ড 25/5/16
 ooooooooooooooioooooooooooooooooooooo:
 “ কি হ’ল দোস্ত – তোমাক ইমান বেমাৰী যেন লাগিছে । ডাক্তৰ মানুহ ইমান বেমাৰী কিয় লাগিব লাগে ।” তাক দেখাৰ লগে লগে নীৰজে ক’লে । 
তৰা নথকা ক’লা আকাশখনৰ অকলশৰীয়া জোনটোৰ দৰে ৰৈ আছিল শ্যাম । চকুত তাৰ আউসীৰ জোন - নীৰজৰ প্রশ্নৰ উত্তৰ নিদি যন্ত্রবৎ বাইকৰ পিছৰ চিটত বহিল । নীৰজে তাৰ লজৰ সকলোতকৈ ধুনীয়া ৰুমটোলৈ শ্যামক লৈ গ’ল । খাবৰ বাবে কিবা কিবি অৰ্ডাৰ দি সি শ্যামৰ লগত বহিলহি । নীৰজে ৰুলীৰ লগত তাৰ সম্পৰ্কৰ কথা জানে । শ্যামৰ সকলো কথাই শুদ্ধ বুলি ভাবি লোৱা নীৰজে কিন্তু ৰুলীৰ লগত গঢ়া তাৰ সম্পৰ্কটো শুদ্ধ বুলি মানি ল’ব নিবিচাৰে । শ্যামে নীৰজক এই কথাৰ বাবে বেয়া পাবও নোৱাৰিছিল । সি ভাবিছিল – এটা সময়ত ৰুলীৰ লগ লাগি নীৰজৰ শংকা অমূলক বুলি প্রমাণ কৰি দিব । কিন্তু কি যে হৈ গ’ল ! মল্লিকাই কোৱা কথা কেইটা তাৰ কাণত ৰৈ ৰৈ বাজি আছে ।
: “দাদা , ৰুলীক আপুনি পাহৰি যোৱাই ভাল হ’ব । তাই আজিকালি বেলেগ এখন জগতত ঘুৰি ফুৰে । … ঘৰৰ পৰা কোনো অহা নাই । আজি তাইৰ চিনেমা চাবলৈ যোৱাৰ প্রগেম আছে । আজি দুপৰীয়া এক বজাত ফান চিনেমালৈ আহিলে সকলো নিজ চকুৰে দেখিব !”
: “ অই দোস্ত , কিয় ইমান চুপ চাপ আছা? মোৰ ভাল নালাগে তুমি চুপ চাপ থাকিলে !- কি হ’ল, কিবা লাগিলা নেকি সিফালে ?”
শ্যামে এইবাৰ নিজক সংযত কৰিবলৈ নোৱাৰিলে । নীৰজক সাৱটি হুক হুককৈ কান্দিবলৈ ধৰিলে । পাৰ ভঙা বেদনা আৰু আশাভংগৰ সীমাহীন যন্ত্রণা অশ্রুধাৰা হৈ সুৰু সুৰাই নামি আহিল তাৰ দুচকুৰে । কেঁচুৱা ল'ৰাৰ দৰে হিকটিয়াই হিকটিয়াই কন্দা শ্যামক দেখি নীৰজ প্রথমে হতভম্ভ হৈ ৰ’ল । খন্তেক সময়ৰ পিছত নিজকে সম্ভালি লৈ সি শ্যামক ক’লে -
: “দোস্ত , মই তোমাক কোৱা নাছিলোঁ নে এই ছোৱালীজনী তোমাৰ বাবে ঠিক নহয় বুলি ! তুমিহে নামানিলা । এতিয়া তুমি ছোৱালী মানুহৰ দৰে কান্দিবলে এৰাচোন ।”
: “ নীৰজ, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই কথাবোৰ । ৰুলী বৰ ভাল ছোৱালী । তাই মোক কেতিয়াও বিট্রে কৰিব নোৱাৰে । মই যে তাইক কিমান ভালপাওঁ !!”- থোকা থুকি মাতেৰে শ্যামে ক’লে ।
: “ বাদ দিয়া তাইক ভালপোৱাৰ কথা ! মানুহে অপাত্রত কেতিয়াও দান দিব নালাগে । সেই ছোৱালীজনী তোমাৰ যোগ্যই নহয় । নাই স্বভাৱত মিল, নাই বুদ্ধিমত্তাত মিল। মই নিজ চকুৰে তাইক কত লৰাৰ লগত ঘুৰি ফুৰা দেখিছোঁ ।”-নীৰজে কিছু ভেকাহি মাৰি ক’লে ।
শ্যামক সি বুজাবলৈ বহুত চেষ্টা কৰিলে। কিন্তু শ্যামৰ কান্দোন কমক চাৰি বেছিহে হ’বলৈ ধৰিলে । নীৰজ অলপ বিৰক্ত হ’ল । সি আবেগক অত্যাধিক প্রশয় দিয়া মানুহ নহয় ।
: “দোস্ত, তুমি অলপ জিৰণি লোৱা । মই অলপ ব্যৱসায়ত লাগোগৈ । এইবোৰ ফাল্টু ছোৱালীৰ কথা ভাবি মন বেয়া কৰি নাথাকিবা বুজিছা ।” – তালৈ শেষ অস্ত্রপাত দলিয়াই নীৰজ ৰুমৰ পৰা ওলাই গ’ল ।
নীৰজ যোৱাৰ পিছত সি বাথৰুমলৈ গ’ল । পিন্ধি থকা কাপোৰসাজেৰেই পানীৰ চাৱাৰটো খুলি তলত থিয় হ’ল । তাৰ গোটেই গাত , কাপোৰত যিমান বেয়া লগা স্মৃতি লাগি আছিল ধুই পেলাবলৈ চেষ্টা কৰিলে । গা ধোৱাৰ পিছত মনটো তাৰ বহুত শান্ত যেন অনুভৱ হ’ল । বেগত লৈ অনা আনযোৰ কাপোৰ পিন্ধি থাকোঁতে সি ভাবিলে -
: “মইনো আনে ক’লে বুলিয়েই ৰুলীৰ কথা কিয় বেয়াকৈ ভাবিছোঁ । তাইতো মোক একো কোৱা নাই ! এয়া মোৰ বিশ্বাসৰ –প্রেমৰ পৰীক্ষা । নাই, মই ৰুলীক সন্দেহ নকৰো । কাইলৈ চি চি ডিত তাইক লগ পালে সকলো কথা খোলা খুলিকৈ সুধিম ।” – শ্যামে মনতে ভাবিলে । শ্যামে মাক অৰুণিমাৰ কথাও ভাবিলে । মাকে তাৰ হৃদয়ৰ এইবোৰ সংঘাত আৰু সংগ্রামৰ কথা একেবাৰেই নাজানে । সি ৰুলীক ভালপায় আৰু তাইক লৈ সুখী –এই কথাই মাকক বেচ সুখ দিছিল । এতিয়া তাৰ অৱস্থাটো জানিলে মাকে বৰ দুখ পাব । কিন্তু মাকক সি ৰুলীৰ বিষয়ে আনে কোৱা কথাবোৰ ক’লে তাক ক’ব যে – “শুনা কথাত নিদিবা কাণ, দেখাৰো ল’বা তিনিটা প্রমাণ !” ( আগলৈ ...)

No comments:

Post a Comment