Tuesday, 28 June 2016

"ক'তেনো আছা মোৰ কলিজাৰ আই " ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 22/6/16 (৫)


ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 22/6/16
(৫)
“ না হে য়ে পানা, না খ’না হি হে
তেৰা না হ’না জানে ক্যো হ’না হি হে ….”
ফোনটো বাজি আছিল । সি ফোন ধৰিবলৈ পাহৰি আপোন মনে ভাবিবলৈ ধৰিলে ! এৰা একো পোৱাৰ আৰু একো হেৰোৱাৰ ভয় নাই তাৰ এতিয়া !
হঠাৎ তাৰ সম্বিত ঘুৰি আহিল । লৰালৰিকৈ ফোনটো ধৰিলে –
: “ অ’ মনাবা !! কেনে আছে ?” শ্যামৰ মুখত হাঁহি এটা ফুটি উঠিল । বৰ ভাল লাগে মানুহ গৰাকীক তাৰ । নতুনকৈ চিনাকি হৈছে । তাৰ মাকৰ দৰেই একে বুদ্ধ দৰ্শনৰ অনুৰাগী ।
: “ মই ভাল আৰু বেয়াৰ মাজতে আছো শ্যাম । কিন্তু তোমাৰ যে একো খৱৰেই নাই !” মনা অৰ্থাৎ মনালি ভূঞাই ক’লে ।
: “মই অলপ নিজৰ ব্যক্তিগত সমস্যা কিছুমানৰ লগত যুঁজি আছো , সেয়ে আপোনাৰ খবৰ ল’ব পৰা নাছিলোঁ মনা বাইদেউ! I m really sorry, বা !” –শ্যামে তাৰ নিষ্পাপ সৰলতাৰে ক’লে ।
: “ মই কাইলৈ কলিকতালৈ যাম ! অপাৰেচন এটা কৰাবলৈ । বৰ টেনচনত আছোঁ জানা ! তোমাক অপাৰেচনটোৰ সম্বন্ধে কিছু জানিবৰ বাবে ফোন কৰিলোঁ ।” –মনাই ক’লে ।
: “ কওঁকচোন মনা বা । মই যিমান পাৰোঁ আপোনাক সহায় কৰিম ।” শ্যামে লুইতৰ পাৰত সদম্ভে থিয় হৈ থকা অশ্বক্লান্তৰ চূড়াটোলৈ চাই দৃঢ়তাৰে কৈ উঠিল ।
মাকে তাক কৈছিল – “তোমাৰ হাতত যদি দুখন ৰুটি থাকে – এখন ৰুটি এজন ভোকাতুৰ লোকক দিবা । যদি মাত্র এখন ৰুটি থাকে , তাৰে এফাল তেওঁক দিবা – যদি এখনো ৰুটি নাথাকে তেনে মুখৰ মিঠা মাত এষাৰকে দিবা….”
শ্যামে ভাবিলে –
: “মই নিজৰ জ্ঞান বুদ্ধিৰে যিমান পাৰোঁ – আনক সহায় কৰিম । কিন্তু আনক সহায় কৰোঁতে নিজৰ যাতে অনিষ্ট নহয় , তাৰবাবেও সচেষ্ট হ’ম । নীলাক্ষীক সহানুভূতি দিবলৈ যাওঁতে , সহায় কৰিবলৈ যাওঁতে তাই যে মোৰ বুকুত বজ্রলেপৰ দৰে কামুৰি তেজ উলিয়াই দিছিল – সেই কথা গম পায়ো মই অবজ্ঞা কৰিছিলোঁ – এতিয়া তাৰ বিষৰ ফল মোৰ লগতে মোৰ মায়েও খাব লগীয়া হৈছে !”
: “শ্যাম, তুমিতো জানাই মোৰ দুবাৰ মিচকেৰিয়েজ হৈছিল । তাৰ পিছতো দুটা অপাৰেচন কৰাইছোঁ _ তথাপিও এতিয়ালৈকে কোনো পজিটিভ ৰিজাল্ট পোৱা নাই ! এইবাৰ মই কলিকতালৈ যাব ওলাইছো । কিবা Hysteroscopy Metroplasty কৰিব ! তুমি কোৱাচোন এইটো অপাৰেচন কৰি কিবা লাভ হ’বনে ? মোৰ টকা পইচাবোৰ সন্তান লাভৰ বাবে কৰা চিকিৎসাত পানীৰ দৰে বৈ গৈছে !!” – মনাই শ্যামৰ আগত অকপটে নিজৰ গোপন কথাবোৰ কৈ গ’ল । শ্যাম এনে এটা ল'ৰা যাৰ আগত সকলোৱে নিজৰ গোপন বা ব্যক্তিগত কথা ক’বলৈ সংকোচ নকৰে । সেয়ে শ্যামে নিজকে চাইফ’ন বুলি ভাবে । চাইফ’নৰ দৰেই সি সকলোৰে ভিতৰৰ গোপন কথাবোৰ সলসলকৈ টানি উলিয়াই আনিব পাৰে !
: “হয় বাইদেউ । যেতিয়া Bicornuate Uterus থাকে –এইটো অপাৰেচন কৰিব লাগে বুলি মই পঢ়িছোঁ । সাধাৰণ অপাৰেচন – ভাল হ’ব আপোনাৰ । চিন্তা নকৰিব । মই আৰু মায়ে আপোনাৰ কাৰণে চাণ্টিং কৰিম মনা বাইদেউ !”
: “ অ’ তোমাৰ মাৰ ভাল নে ? তেওঁ হেনো নীলাক্ষীক বহুত টান কথা শুনাই থাকে । আজি মোক নীলাক্ষীয়ে এই কথা কৈ বহুত কান্দিলে ! কিয় তেওঁ এনে কৰে ?? ” - মাকৰ কথা ওলালত মনাৰ মাতটো অলপ বেলেগ ধৰণৰ হৈ পৰিল । মাকৰ দৰেই একে দৰ্শনৰ অনুশীলনকাৰী মনালি ভূঞা । তথাপি কেতিয়াবা তাৰ খেলিমেলি লাগি যায় ... মনাবাই বাৰু মাকৰ সমানে পৰিপক্কতা পাইছেনে ? ওঁহো ! নাই পোৱা ! সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য চিনি নোপোৱা ব্যক্তি কেতিয়াও তাৰ মাকৰ সমান পৰিপক্ক হ’ব নোৱাৰে ! তাৰ মাক ‘সত্য’ আৰু নীলাক্ষী ‘অসত্য’ – এই কথাষাৰ মনা বাই এতিয়াও বুজি নাপালে । মাকে যে কেতিয়াও কাকো টান ভাবে কথা নকয় – সেয়া সি জানে । সি এইটোও জানে যে মাকে কেতিয়াও মানুহক মিছা তোষামোদ নকৰে । সঁচা কথা স্পষ্টকৈ কয় । নীলাক্ষীকো স্পষ্টকৈ নিজৰ মনোভাব জনাইছিল । উগ্র প্রসাধন আৰু দেহ প্রদৰ্শন কৰা কাপোৰ পিন্ধি তাৰ লগত ফুৰিবলৈ ওলোৱা নীলাক্ষীক “ভাল লগা নাই” বুলি কৈছিল । সেই কথাত নীলাক্ষী অসন্তুষ্ট হৈছিল । মাকক বেয়াকৈ কোৱাই নহয় – তাকো বহুত কিবা কিবি কৈছিল । মাক কিন্তু নিৰ্বিকাৰ হৈ আছিল । মাত্র তাক মাৰ্জিত ভাবে থাকিবলৈ উপদেশ দিছিল ! কিন্তু সি পাৰিছিল জানো মাকৰ কথা ৰাখিব । প্রতিবাৰেই নীলাক্ষীৰ মিছা চকুপানীৰ সোঁতত সি ভাহি গৈছিল আৰু তাইক উদ্ধাৰ কৰিবলৈ লোৱা প্রচেষ্টাত নিজে বোকাত সোমাই পৰিছিল ।
: “মনা বা, মোৰ মায়ে কাকো কেতিয়াও বেয়াকৈ নকয় । অ’ মায়ে সদায় স্পষ্টভাষাৰে সত্য কথা কয় !” শ্যামে সাংঘাতিক গহীন ভাবে মনাক কৈ গ’ল -
:“ যি গৰাকী ছোৱালীয়ে আপোনাক মাৰ বিষয়ে বেয়াকৈ কৈছে –তাইৰ কল্যাণৰ বাবে মায়ে দিনে নিশাই প্রাৰ্থনা কৰি আছে । আৰু মোকো প্রাৰ্থনা কৰিবলৈ কৈছে । গতিকে আজিৰ পৰা মোক এনে কথা নুসুধিব !”
শ্যামৰ কথাত মনা আহত হৈছিল । সেয়ে তাই “চৰি” বুলি কৈ ফোনটো থৈ দিলে ! (আগলৈ ...)

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 18/6/16 খণ্ড (৪)


ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 18/6/16 খণ্ড (৪)
নিষ্ঠুৰ শূন্যতাৰ বিৰুদ্ধে সংগ্রাম oooooooooooooooooooooooooooooooooooo
নদী ভালপায় শ্যামে । নদী ভালপায় তাৰ মাকেও । নদী গৰ্ভৱতী আকাশৰ অমৃতধাৰা । নদী কেতিয়াবা চকুৰ পানীৰ ধাৰা । নদীলৈ চালেই শ্যামৰ মন ভৰি পৰে । আবেলি বেলিকা লুইতৰ পাৰত বহি সি মেদুৰ মেঘৰ লুকা ভাকু চায় । সোণালী বেলিটোৱে ন কইনাৰ দৰে লাজ লাজ কৈ যেতিয়া নদীৰ পানীখিনিত মুখখন লুকুৱায়, তেতিয়া তাৰ ৰুলীলৈ মনত পৰে । তাৰ হ’ব লগীয়া কইনা ৰুলী ! কিন্তু নহ’ল – ৰুলী তাৰ কইনা নহ’ল আৰু নহ’বও ! ৰুলীৰ লগত কেইবাদিনো একেলগে নদী চোৱাৰ , আকাশ চোৱাৰ আনন্দ অনুভৱ কৰিবলৈ চেষ্টা কৰিও সি পৰা নাছিল । একেখন নদী, একেখন আকাশ , একেটা বেলিৰ ৰূপ লাৱণ্যই ভিন্ন ব্যক্তিৰ বাবে ভিন্ন অনুভূতি কঢ়িয়ায় । কিছুমানক প্রকৃতিৰ ৰূপ লাৱণ্যই অনুভৱৰ স্বৰ্গীয় সুধা দিয়ে আৰু কিছুমানক একো অনুভৱেই নিদিয়ে । ৰুলীয়ে একো অনুভৱ কৰিব পৰা নাছিল । কেনেকৈ বাৰু কিছুমান মানুহ প্রকৃতিৰ সৌন্দৰ্যৰ প্রতি ইমান উদাসীন হয় ! কেনেকৈ বাৰু তেনে এখন উদাসীন হিয়াৰ গৰাকীক লৈ সি তাৰ আবেগৰ ,সপোনৰ পৃথিৱীখন ৰচিবলৈ চেষ্টা কৰিছিল! –মাকে ঠিকেই কৈছিল তাক : আমাৰ জীৱনত ঘটা প্রত্যেকটো ঘটনাৰ এটা অৰ্থপূৰ্ণ কাৰণ থাকে । জীৱনে আমাক সদায় সৰ্বশ্রেষ্ঠ অৱদান দিয়ে । গতিকে আমি যেতিয়াই যি পৰিবেশতে নাথাকোঁ কিয়- সুখী হ’ব লাগে । মাকে তাক সদায় আওঁৰাবলৈ কৈছিল : “মই য’ত , যি পৰিবেশত, যি সকল মানুহৰ লগত আছোঁ – তাতেই সদায় সুখী আৰু সহজবোধ কৰোঁ ।”ৰুলীৰ বাবে কান্দি কাটি অপচয় কৰা সময়বোৰৰ কথা ভাবিলে তাৰ এতিয়া নিজৰ ওচৰতে লাজ লাগে !!
সি সুখী হ’বলৈ আৰু সকলোকে সুখী কৰিবলৈ আপ্রাণ চেষ্টা কৰিছিল । আনক সুখী কৰিবৰ বাবে কৰা প্রচেষ্টাত সি পুনৰ উজুটি খাইছে । অৱশ্যে তাৰ মাকে তাক উদ্ধাৰ কৰি লৈ আনিছে । তাৰ বাবে তেওঁ তীব্র গৰল পান কৰিব লগা হৈছে ! কি যে বিচিত্র এই সংসাৰ ! মাক আৰু সন্তানৰ মৰমবোৰতো মানুহ সন্দিহান হয় , ঈৰ্ষান্বিত হয় ! বেলিটোৱে লুইতৰ বুকুত নিজক লুকুৱাৰ পাছত লুইতৰ পানীবোৰো কজলা হৈ পৰিছে । আজি নীলাক্ষীৰ কথা শুনি তাৰ মাকৰো বুকুখন এনেকুৱা কজলা হৈ পৰিছে নেকি বাৰু ??
: “ কিয় ইমান ভালপোৱা সেই গৰাকী মানুহক ? কেনেকৈ তেওঁ তোমাৰ “মা” হ’ব ! তোমাক জন্ম দিয়া মা এজনীয়েই । এটা ল'ৰাৰ মাত্র এজনীয়েই মাক থাকে । একেটা ল'ৰাক দুজনী মাকে জন্ম দিব নোৱাৰে !”
: “ তুমি নুবুজিবা নীলাক্ষী – তোমাৰ বুজাৰ সাধ্য নাই । এজনী মায়ে মোক নিজৰ তেজ মঙহেৰে জন্ম দিলে আৰু আন গৰাকী মায়ে নিজৰ হৃদয় আৰু আত্মাৰে জন্ম দিলে !”
: “ চব বুলশ্বিট !! এজনী গাভৰু ছোৱালীৰ সান্নিধ্য আৰু প্রেম স্বীকাৰ কৰিবলৈ সেই মানুহজনীৰ অনুমতি তোমাক কিয় লাগে ? তেওঁ হয়তো তোমাৰ ‘মা’ নহয় - প্রেয়সীহে হয় !”
: “নীলাক্ষী !” শ্যাম গুজৰি উঠিছিল ! এতিয়াও নীলাক্ষীৰ এই কথা কাণত বাজিলে তাৰ শিৰা উপশিৰাৰ মাজেদি গৰম তেজৰ স্রোত বৈ যায় । নীলাক্ষীৰ কথাই কিন্তু তাৰ মাকক অলপো বিচলিত কৰিব পৰা নাছিল । কাৰণ মাক অৰুণিমাই বুজিছিল সকলো মানুহৰে মন, হৃদয়, বিচাৰ বিবেচনাত প্ৰজ্ঞা নাথাকে ৷সেয়ে তেওঁ নীলাক্ষীৰ মনলৈ সুচিন্তা আহিবৰ বাবে প্রাৰ্থনা কৰিছিল । শ্যামকো সেই উপদেশ দিছিল । প্রাৰ্থনাই বাৰু শ্যামৰ মনত নীলাক্ষীৰ প্রতি জন্ম হোৱা বিতৃষ্ণা দূৰ কৰিব পাৰিবনে? মনত বিতৃষ্ণা আৰু খঙ লৈ সি জীয়াই থাকিবলৈ বৰ কষ্ট পায় ! সেয়ে সি তাৰ প্রিয় প্রকৃতিৰ সান্নিধ্য ল’বলৈ ওলাই আহিছে । মৌনতা বহুত ভালপায় সি । নীৰৱ পুখুৰীৰ পানী, নিঃশব্দে বৈ থকা নৈ এইবোৰৰ পাৰত বহি সি নিজৰ মাজত সোমাই পৰে । মাকৰ বাহিৰে কেৱল এই নিঃশব্দ , নিঃস্তৰংগ জলস্রোতবোৰেহে তাক বুজি পোৱা যেন লাগে ।
মাকলৈ মনত পৰিলে তাৰ কেতিয়াবা চকুপানী ওলাই আহে । তাৰ দুয়োগৰাকী মাকেই অপূৰ্ব ! তেজ মহঙৰ শৰীৰ দিয়া মাকে তাক সুন্দৰ অনুভৱৰ পৃথিৱী এখন দিছিল । আজলী মাকজনীয়ে তাক খং উঠিলে আকাশলৈ চাবলৈ ,দুখ লাগিলে মাটিলৈ চাবলৈ কৈছিল । এইদৰে সৰুৰে পৰা আকাশ আৰু মাটিলৈ চাওঁতে চাওঁতে তাৰ হৃদয়খন আকাশৰ দৰে বিশাল আৰু মাটিৰ দৰে সৰল হৈ পৰিছিল । আন সকলোতকৈ পৃথক তাৰ মন আৰু হৃদয় । সকলো মানুহে পৰিণত বয়সত আবেগৰ ওপৰত নিয়ন্ত্রণ বঢ়াই নিয়ে । কিন্তু তাৰ ক্ষেত্রতচোন ওলোটাহে হৈছে ! দুয়োগৰাকী মাকৰ ওচৰত দিনে দিনে যেন সি সৰুহে হৈ গৈ আছে । সৰু কেঁচুৱাৰ দৰেই সি মাকৰ মৰম আব্দাৰ বিচাৰে । মাকৰ স্নেহময়ী বুকুৰ মাজত কুচিমুচি সোমাই নিজক পাহৰি থাকিবলৈ বিচাৰে ।
হঠাৎ তাৰ ৰুদিয়াৰ্ড কিপলিংৰ কবিতা এটা মনত পৰিল – লুইতৰ বুকুৰ মাজৰ পৰা মাজে মাজে ভাঁহি অহা নাৱৰীয়াৰ বুকু ভঙা গানৰ কলিৰ সুৰৰ লগত মিলাই সিও গাবলৈ ধৰিলে :
If I were hanged on the highest hill,
Mother o’mine, O mother o’mine!
I know whose love would follow me still,
Mother o’mine, O mother o’mine!
If I were drowned in the deepest sea,
Mother o’mine, O mother o’mine!
I know whose tears would come down to me ,
Mother o’mine, O mother o’mine!
If I were damned of body and soul,
I know whose prayers would make me whole,
Mother o’mine, O mother o’mine!
- ****Rudyard Kipling , The Light that Failed, ”Dedication”
- (আগলৈ ...)

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 15/6/16 ৩.


ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 15/6/16
৩.
ৰাতিপুৱাই তাৰ ফোনত মাকৰ মেচেজ এটা আহিল :
One of the hardest lessons in life is letting go. Whether it is guilt, anger, love,loss or betrayal. Change is never easy. We fight to hold on and we fight to let go !
কিমান সঁচা মাকৰ কথাখিনি ! যি ভালপোৱা পাবৰ বাবে সি ইমান যত্ন কৰিছিল, সংগ্ৰাম কৰিছিল— এতিয়া সেই ভালপোৱাক পাহৰি যাবৰ বাবেও সমানে যত্ন , সংগ্ৰাম কৰিব লগা হৈছে ! " "বৰ কষ্ট— বৰ কষ্ট!!ভালপোৱাবোৰ ধৰি ৰাখিবৰ বাবেও কষ্ট— এৰিবৰ বাবেও কষ্ট ! এৰা , কি কৰিম! এই এৰা আৰু ধৰাৰ সংগ্রামেই হয়তো জীৱনৰ প্রকৃত পাঠ ।" স্বতঃস্ফুৰ্ত ভাবে কৈ উঠিল শ্যামে ৷ হাতত থকা ফোনটোৰ ফটোগেলেৰীৰ পৰা মাকৰ ফটো এখন উলিয়াই লৈ চুমা এটা খাই সি ভাবিলে
: “আজি ডিউটিৰ পৰা আহি মালৈ ফোন কৰি সকলো কথা কৈ দিম !”-
০০০০০
: “মা , অ’ মোৰ মা !”
ফোনটো বাজি বাজি শেষ হওঁ হওঁ হ’লত শ্যামে অস্থিৰ হৈ নিজৰ ভিতৰতে মাতি থাকোঁতেই অৰুণিমাই ফোনটো ধৰিলেহি ।
: “ শ্যাম, মোৰ সোণ কি হৈছে তোমাৰ ?”
সি মুখেৰে একো নকলেও তাৰ উশাহ নিশাহৰ শব্দতেই অৰুণিমাই তাৰ জীৱনত কি ঘটি আছে গম পায় ! এয়া এক অদ্ভূদ শক্তি আছে মানুহগৰাকীৰ । সেয়ে তেওঁ ‘মা’ । শ্যামৰ মা !
সিদিনা শ্যামে অকপটে কৈ গ’ল মাকৰ আগত তাৰ হৃদয় ভঙাৰ কাহিনী । কি যে এক অটল উছৰ্গিত প্রেম আছিল শ্যামৰ ! অৰুণিমাই তাক বুজাইছিল কাৰোবাক হিয়া উজাৰি ভালপালে - তেওঁৰ পৰাও সমানে ভালপোৱা পাম বুলি ভবাটো অনুচিত ! জীৱনৰ এইটো সময় পিছল খোৱাৰ, অন্ধ মোহত দিকভ্রষ্ট হোৱাৰ সময় ! হাজাৰ মাইল দূৰৰ পৰা তাৰ চকুপানী মচিব নোৱাৰিলেও অৰুণিমাৰ এটা এটা শব্দত শ্যামে নিজৰ চকুপানী শুকুৱাই পেলাবলৈ শক্তি পায় ।
: “শ্যাম Forgive and forget her !! ক্ষমা কৰা আৰু যাবলৈ দিয়া তাইক তোমাৰ জীৱনৰ পৰা । তুমি তাইৰ ভালৰ বাবে , আনন্দৰ বাবে প্রাৰ্থনা কৰাচোন – দেখিবা তোমাৰ মনৰ বেদনাবোৰ শক্তিলৈ পৰিবৰ্তন হৈছে । জীৱনৰ প্রতিটো অভিজ্ঞতাৰ পৰা এটা সু শিক্ষা ল’বলৈ চেষ্টা কৰিব লাগে । There is a reason for everything that happen in our life ! তোমাৰ জীৱনত এইবোৰ ঘটনা সংঘটিত হোৱাৰ হয়তো কাৰণ আছে – ভাল কাৰণ । ধৈৰ্য ধৰাচোন ! ধৈৰ্যই প্রাৰ্থনা !” অৰুণিমাৰ মুখৰে নিৰ্গত প্রতিটো শব্দতে শ্যামে নিজক বিচাৰি পায় – জীৱন যুঁজৰ প্রেৰণা তাৰ মাক অৰুণিমা ! মাকৰ বাহিৰে তাৰ কোনো শুভাকাংখীয়ে ৰুলীৰ ভালৰ বাবে প্রাৰ্থনা কৰিবলৈ কোৱা নাই । সঁচাকৈয়ে এসময়ত হিয়া উজাৰি ভালপোৱা ছোৱালী এজনীক কেনেকৈ গালি পাৰিবলৈ ,শাওপাত দিব পাৰে কিছুমান ল’ৰাই –সি ভাবি নাপায় !!
: “ মই তোমাৰ বাবে, ৰুলীৰ বাবে চাণ্টিং কৰিম শ্যাম !” মাকে পুনৰ কৈছিল ।
: “মা , ময়ো তোমাৰ দৰে চাণ্টিং কৰিবলৈ বিচাৰো মা !!” সিদিনা মাকে তাক ফোনতে “নাম ম্যহ ৰেংগে ক্য”ৰ চাণ্টিং কৰিবলৈ শিকাই দিছিল । বুদ্ধৰ আলোকিত জগত এখনলৈ লৈ গৈছিল তেওঁ তাক ! ....... তাৰ ভিতৰত থকা বুদ্ধিসত্তাক চুই চাবলৈ কৰা প্রয়াসত সি নিজৰ বেদনাবোৰ পাহৰি থাকিব পাৰিছিল ! মাকে তাক ধ্বংস স্তুপৰ মাজৰ পৰা উলিয়াই আনি পুনৰ্জন্ম দিলে !! (আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 11/6/16 (২)


ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 11/6/16
(২)
: “অই শ্যাম , তোমাৰ দৰে গৰু গাধ ল’ৰা মই লাইফত দেখা নাই । মাইকী নেকি বে ! কেনেকৈ যে এজনী ফাল্টু ছোৱালীৰ কাৰণে কান্দি মৰে !” অমলৰ মাতটো শুনি শ্যাম সচকিত হৈ উঠিল । এইটো সময়ত সি অমলৰ উপস্থিতি কামনা কৰা নাছিল । তাৰ অসংবেদনশীল কথাবোৰে তাৰ দুখৰ জুইত ঘিউ ঢালি দিয়ে ।
: “ব’লা মদ খাওঁগৈ !” অমলে তাৰ কান্ধত সোঁহাতেৰে জোৰেৰে খামুচি অলপ আদেশৰ সুৰত ক'লে 
: “ মোৰ ওচৰত পইচা নাই !” –শ্যামে ক’লে ।
: “ পইচাৰ দৰকাৰ নাই । মই তোমাক খুৱাম –ব'লা । এনেকৈ ইয়াত দেৱদাস হৈ বহি থাকিব নালাগে । তোমাৰ ডিউটি সদায় লোকে কৰি থাকিব নেকি ? extension খাবৰ মন আছে নেকি ?” –
অমলে ঠিকেই কৈছে – শ্যামে ভাবিলে । ইনটাৰ্নশ্বিপ শেষ হ’বলৈ আৰু মাত্র দুটা মাহ আছে । এতিয়া আৰু extension খাই জীৱনটো বৰবাদ নকৰোঁ ।
চকুত পানী মাৰি গাত ক’লা জেকেটটো সুমুৱাই সি সাঁজু হ’ল মদ খাবলৈ ।
মাকে কি ভাবিব বাৰু সি মদ খোৱা বুলি জানিলে !
“ মা ! অ’ মোৰ মা ! চোৱাচোন তোমাৰ শ্যামৰ কি অৱস্থা হৈছে ! মই মদ খাইছোঁ— তুমি সকলোতকৈ বেয়া পোৱা কামটো কৰিবলৈ ওলাইছোঁ ৷মোক ক্ষমা কৰিবা মোৰ মা !” বাথৰূমত সোমাই সি ভোৰ ভোৰাই থাকোঁতেই অমলে দুৱাৰত ঢকিয়াবলৈ আৰম্ভ কৰিলে ।
: “ ওলোৱা আকৌ । কি হ’ল – মৰিলা নেকি ?” - অমলৰ মাত কথাবোৰ এনেকুৱাই । ooo
অমলৰ লগত বাইকত উঠি সি কোনখন ঠাই পালেহি ক’বই নোৱাৰিলে । চকীত বহিহে সি দেখিলে – তাৰ লগৰ লৰা-ছোৱালীৰে ধাবাখন ভৰি আছে । সেইজনী জুমি - একেলগে নাইট ডিউটি কৰোঁতে ডাক্টৰচ ৰূমত মদ খাই খাই তাক কৈছিল -
: “ধ্যেৎ কি ল'ৰা তুমি –মদ নোখোৱা ! poor soul ! আচলতে তোমাৰ বডিয়ে তোমাক চাপৰ্ট নকৰে । এনেই দেখাতহে স্বাস্থ্যবান তুমি – ভিতৰখন একেবাৰে ফোঁপোলা !”

জুমিৰ ব্যংগয়ো তাক মদ খাবলৈ উদ্বুদ্ধ কৰিব পৰা নাছিল ।
কেনেকৈ আৰম্ভ কৰিছিল বাৰু সি মদ খাবলৈ । ......
তৰুণৰ লগত চেমিনাৰ এখনলৈ গৈছিল সি । অস্থি ৰোগ বিভাগৰ চেমিনাৰ । তাৰ প্রিয় বিষয় । সুন্দৰ প্রশ্ন উত্তৰ আলোচনাৰ লগতে লোভনীয় খাদ্যৰ বাবেও সিহঁতবোৰে চেমিনাৰলৈ গৈ ভালপায় । সি লগত সৰু বহী এখন আৰু পেন এটা লৈ গৈছিল । চেমিনাৰত পণ্ডিত পণ্ডিত ব্যক্তিসকলে কোৱা কথা কিছুমান বহীত টুকি লৈছিলহে – তেতিয়াই সি প্রফেচাৰ কল্যাণ বৰাৰ চকুত পৰিল ।
: “ অ’ এই পোৱালীটো চেমিনাৰলৈ কিয় আহিছে ?” প্রফেচাৰ কল্যাণ বৰাই তাৰ চকুলৈ চাই সুধিলে ।
: “ চাৰ, মোৰ ৰুমমেট তৰুণ দাদাৰ লগত আহিছোঁ !!”
: “কি আনিছ হাতত সেইখন চাওঁ –”
তাৰ হাতত থকা সৰু বহীখন টান মাৰি আনি প্রফেচাৰ কল্যাণ বৰাই সুধিলে ।
: “বাহ , ই চোন কিবা কিবি লিখিছেও ... ” কথাষাৰ কৈ হো হোৱাই হাঁহিবলৈ ধৰিছিল প্রফেচাৰ কল্যাণ বৰাই ।
: “ অই যা স্কটচ এপেগ দে ইয়াক _” ওচৰতে থকা অস্থি ৰোগ বিভাগৰ স্নাতকোত্তৰ পঢি থকা ছাত্ৰ অৰ্থাৎ সিহঁতৰ ভাষাত পি. জি. এটাক ক’লে প্রফেচাৰ কল্যাণ বৰাই ।
শ্যামৰ নাই নুই – কেতিয়াও খোৱা নাই – কেনেকৈ খাম – আদি কথাত গুৰুত্ব নিদি তেওঁ নিজ হাতে শ্যামৰ বাবে পেগ এটা তৈয়াৰ কৰি গৈছিল ।
: “মদ খোৱাটোও এটা আৰ্ট । সেয়ে প্রথমৰ পৰাই মদ খাওঁতে মানুহে সাৱধানে খাব লাগে । অলপ ৰৈ পুনৰ তেওঁ ক'লে : "সদায় স্কটচ খাবি বুজিছ – স্কটচৰ বাহিৰে বেলেগ নাখাবি । তোক মই এতিয়া এইচ পি খুৱাম বুজিছ ।”
: “এইচ পি !! কি এইচ পি ? হিন্দুস্থান পেট্রলিয়াম ??” – শ্যামে অস্ফূত স্বৰত ক'লে । প্রফেচাৰে ডাঙৰকৈ হাঁহি মাৰি তাক বুজাইছিল -
: “তই যদি সাধাৰণ স্কটচ খাৱ – তোৰ কাণত এটা বাঁহীৰ গুঞ্জণ হব আৰু যদি এইচ পি মানে হাণ্ড্রেড পাইপাৰ খাৱ – তোৰ কাণত এশটা বাঁহীৰ সুৰে গুণগুণ কৰিব ।" এইবাৰ স্কটচৰ গিলাচটো তালৈ আগবঢ়াই প্ৰফেছাৰ বৰাই ক'লে : " হোঁ ল, খা— এতিয়াহে তই গম পাবি জীৱনৰ কিমানবোৰ সুৰ তই ইতিমধ্যে মিচ কৰিছ । খা, খা !!”
কঁপা কঁপা হাতেৰে প্রফেচাৰে দিয়া স্কটচ গিলাচ হাতত লৈ সি চিন্তা কৰি থাকোঁতেই তাৰ লগৰ বাকীবোৰৰ উৎসাহ ভৰা মাত ভাঁহি আহিল –
: “ Come on ..yes you can ..Cheer up শ্যাম !!!” কেইবাটাও হাত চাপৰি আৰু উঁকিৰ মাজত সি কট কটকৈ গিলি দিছিল সেই বিহ !
: “ছিঃ , ইমান তিতা !”
ooo : “হৌৰা কি চিন্তা কৰিছা - খোৱা আকৌ !” অমলৰ মাতত তাৰ সম্বিৎ ঘুৰি আহিল ।
ক’ব নোৱাৰা হৈ গৈছিল সি – কিমান পেগ মদ খালে ৰুলী তাৰ হৃদয়ৰ পৰা ওলাই যাব সকলোৱে পৰীক্ষা কৰিবলৈ বিচাৰিছিল । কিন্তু মদৰ পৰিমাণ যিমানে বাঢ়ি যায় – ৰুলী তাৰ কলিজাটোৰ আৰু ভিতৰলৈহে সোমাই যায় ! কেনেকৈ কাৰ লগত সি ৰূম আহি পাইছিলহি মনত পেলাব নোৱাৰিলে । (আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায়

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 
১ 
বুদ্ধং শৰণং গচ্ছামি oooooooooooooooooooooooooo
: “ অই তই ‘কিডনি থিয়ৰী’ জান নে ?” – কান্দি থকা শ্যামক তাৰ চিনিয়ৰ ৰুমমেট তৰুণে সুধিলে । ঢুলঢুলীয়া চকুৰে শ্যামে তৰুণলৈ চালে । মুখত নিৰ্দোষ, নিস্পাপ শিশুৰ সৰলতাখিনি লৈ সি ক’লে –
: “ কি ‘কিডনি থিয়ৰী’ তৰুণদা? মইচোন একো নাজানো ! কোনখন কিতাপত আছে – কোনে পঢ়াইছিল ??”
: “ সেই কাৰণে কন্দা কটা কৰি থাকিব নালাগে । কন্দা কটা কৰি থাকিলে মানুহে বহুবোৰ দৰকাৰি কথা পাহৰি যায় ”- তৰুণে হাঁহি হাঁহি ক’লে ।
শ্যাম পঢ়া শুনাত সদায় সজাগ । যিমান দুখৰ মাজত থাকিলেও পঢ়া কিতাপ এখন হাতত ল’ব পালে তাৰ উশাহ পোৱাৰ দৰে লাগে । কিতাপৰ যোগেদি উশাহ ল’ব পৰা এক অদ্ভূদ ক্ষমতা আছে শ্যামৰ । চকুৰে ধাৰাসাৰ পানী ওলাই থাকিলেও, বুকুখন ফাটি চিটি গলেও হাতত কিতাপ এখন লৈ পঢ়ি যাব পাৰে । কিতাপৰ প্রতিটো শব্দই যেন শ্যামক জীৱন দিয়ে । তাৰ উশাহ আৰু নিশাহবোৰ এই শব্দবোৰৰ লগত বন্ধা আছে । বেছি উশাহ ল’বলৈ হ’লে ,বেচি শব্দৰ লগত মিতিৰালি পাতিবলৈ লাগিব । এতিয়া কিডনি থিয়ৰীৰ কথা নজনাৰ বাবে তাৰ আকৌ উশাহবোৰ চুটি হৈ যোৱাৰ দৰে লাগিল ।
: “তোৰ যদি আজি দুয়োটা কিডনি বেয়া হৈ যায় –এপলক সময়ো চিন্তা নকৰাকৈ কোনে তোক নিজৰ এটা কিডনী দিবলৈ দৌৰ মাৰিব । কেতিয়াবা ভাবিছনে ?” তৰুণে ক’লে ।
সঁচাই সি সেই কথা কেতিয়াও নাই ভবা । কিন্তু সি নিজে জানে যে তাৰ মাক দুজনী আৰু ভনীয়েকৰ বাবে সি এপলকো সময় খৰচ নকৰাকৈ নিজৰ এটা কিয় – দুয়োটা কিডনী দান দিব পাৰিব !!
: “ শুন, এজন ডাক্তৰ হিচাপে তইতো ভালদৰে জান- আমাৰ জীৱন ধাৰণৰ বাবে কিডনী এটাৰ কিমান প্রয়োজন । যকৃত, হৃদপিণ্ড এইবোৰৰ কাম যদি অলপ সময়ৰ কাৰণে বন্ধ হৈ যায় মানুহ নমৰে ; যকৃত, হৃদপিণ্ড বেয়া হলেও তাৰ বেয়া হোৱা অংশ কাটি ঠিক কৰিব পাৰি । কিন্তু কিডনী - একেবাৰে merciless organ । অলপ বেয়া হ’ল মানে জীৱন খতম ! হয় তই মৰিবি , নহয় তই বেলেগৰ কিডনি এটা লগাবি !”
: “ ঠিকেই কৈছে । এতিয়া আপুনি মোক কিডনী থিয়ৰীনো কি বস্তু কওঁকচোন !” শ্যামে তৰুণৰ কথাত অধৈৰ্য হৈ ক’লে ।
: “ শুন, আমেৰিকাত এটা কনচেপ্ট আছে _ তোৰ যদি দুয়োটা কিডনি হঠাৎ বেয়া হৈ যায় – আৰু এটা কিডনিৰ প্রয়োজন হয় – তেতিয়া যি এবাৰো প্রশ্ন নকৰাকৈ তোৰবাবে নিজৰ কিডনী এটা দিবলৈ দৌৰ মাৰি আহিব –সেই মানুহহে তোৰ প্রকৃত শুভকাংখী । আৰু আমি যদি কেতিয়াবা কাৰোবাৰ কাৰণে চকুপানী খৰচ কৰিব লগীয়া হয় – সেইজন প্রকৃত শুভকাংখীৰ বাবেহে কৰিব লাগে । এয়াই কিডনি থিয়ৰী !”
শ্যামৰ মগজুত তেতিয়া কিডনি থিয়ৰীয়েও কাম কৰা নাছিল । হৃদয় আৰু মগজুৰ যুদ্ধত সি ক্লান্ত হৈ পৰিছিল । দিবনে বাৰু তাই তাৰ বাবে এটা কিডনি ? নাই , তাই নিজকে খুব ভালপায় । তাৰ বাবে কিডনি দিবলৈ তাইৰ সাহস, সদিচ্ছা একোৱেই নহ’ব । অলপমান মৰম আৰু বিশ্বাস দিব নোৱাৰিলে – কিডনি ক’ত দিব ! কিন্তু তথাপিও সি তাইৰ বাবে কিয় ইমান কান্দিছে ??
: “ অস এই ল’ৰাটোৱে এতিয়াও কান্দি আছে ! কিমান কান্দে আৰু !!!” – বকি বকি সিহঁতৰ বাবে ভাত ৰন্ধা লাৱণ্য বাইদেউ সোমাই আহিল ।
: “পাখৰী ছোৱালী ! ইমান ভাল ল’ৰাটোক এনেকৈ ঠগি কি পাইছে তাই । মৰিব তাই – মই শাওঁ দিছো –মৰক তাই… !”
শ্যামৰ বুকুত যেন কোনোৱাই পাথৰহে দলিয়ালে । সি জাপ মাৰি উঠি লাৱণ্যৰ হাতত ধৰি ক’লে -: “বাইদেউ, আপুনি মোক যিমান গালি পাৰে পাৰক । মই এনেকুৱা এজনী ছোৱালীক ভালপোৱা বাবে চৰিয়াই দিয়ক – কিন্তু ৰুলীক শাওঁ নিদিব বাইদেউ । মই নিবিচাৰোঁ তাই জীৱনত দুখ পাওঁক! প্লিজ বাইদেউ !!”
লাৱণ্যই অবাক হৈ চাই থাকিল শ্যামলৈ । কি ল’ৰা বাৰু এইটো ! তাই আজিলৈকে কিমান ল’ৰা দেখিলে । প্রেমিকাৰ বিশ্বাসঘাটকতা সহ্য কৰিব নোৱাৰি কান্দি কাটি মদ খাই পৰি থাকে । এটা সময়ত প্রাণ ভৰি ভালপোৱা ছোৱালীজনীক অবাইচ মাতেৰে গালি পাৰে – কিন্তু এইটো ল’ৰা শ্যাম কি ধাতুৰে গঢ়া বাৰু ? দুখৰ জুইত জ্বলি জ্বলি মৰিছে – কিন্তু নিজে ভালপোৱা ছোৱালীজনীৰ বিষয়ে এটাও বেয়া শব্দ কোৱা নাই ! শ্যামক বিশ্বাসঘাটকতা কৰা সেই ছোৱালীজনী কি যে মুৰ্খ আৰু দুৰ্ভগীয়া !
( আগলৈ …)

ধাৰাবাহিক উপন্যাসৰ ত্ৰয়োদশ খণ্ড (5/6/16)

ধাৰাবাহিক উপন্যাসৰ ত্ৰয়োদশ খণ্ড (5/6/16)
 oooooooo
 চিঠিখন লিখি শেষ হোৱাৰ লগে লগে ৰুলী সোমাই আহিল । তাৰ বুকুখন ধক ধক কৰি উঠিল । তেনেই সহজ সৰল এখন ধুনীয়া মুখ । ফুলা ফুলা চকুকেইটাত কাজলৰ প্রলেপ । আজি যেন সেই প্রলেপ বহুত বেছি । ক’তা - সেই দুটা চকুত চোন তাৰবাবে অলপো আবেগ উৎকণ্ঠা সোমাই থকা নাই ! তেনেই সাধাৰণ এহাল চকু । সেই চকুত বহু ল'ৰা ছগাৰ দৰে জাহ যাব – কিন্তু প্রেমৰ গভীৰ সাগৰত সাতুৰি নাদুৰি ক্লান্ত হৈ জিৰাব নোৱাৰিব !
হাতৰ বেগটো কফি টেবুলখনত থৈ তাই শ্যামৰ সন্মুখত থকা চোফাখনত ভাগৰুৱা ভাবে বহিল । মুখত তাইৰ উচপিচ ভাব এটা – ক’ৰবাত যেন বহুত ডাঙৰ কাম এটা আধৰুৱাকৈ এৰি থৈ আহিছে !
: “শ্যাম , তুমি মোক ইয়াত সদায় কফি খুওৱা । আজি মই তোমাক কফি খুৱাম দেই !”
ৰুলীয়ে কথাষাৰ কৈ তাৰ উত্তৰলৈ বাট নাচালে । কফি দুকাপৰ অৰ্ডাৰ দি তাই পুনৰ শ্যামৰ ওচৰত বহিলহি । শ্যামে কি কফি খাই ভালপায় – কোনখন চকীত বহি ভালপায় সকলো তাই জানে । তথাপিও আজি তাই একো নজনাৰ দৰে শ্যামে ভাল নোপোৱা আইৰিচ কফি এচপ্রেচ’ৰ অৰ্ডাৰ দিলে। কফিকাপৰ গোন্ধটোৱে তাক কলিজালৈকে তিতা কৰি দিলে । কেৱল ৰুলীক ভাল লগাবৰ বাবে কফিকাপত এটা সোহা মাৰি সি থমকি ৰ’ল । উস্ ইমান তিতা ! ইমান তিতা একো বস্তুৱেই সি জীৱনত মুখত দি পোৱা নাই । কিছু সেমেনা সেমেনি কৰি ৰুলীয়ে ক’লে –
: “ মোৰ হাতত আচলতে আইৰিচ কফি দুকাপ কিনিব পৰাকৈ হে পইচা আছিল শ্যাম । I am so sorry !!”
: “কোনো কথা নাই চানশ্বাইন ! তুমি দিয়া যিকোনো বস্তু –আনকি তিতা বিহো মই হাঁহি হাঁহি খাব পাৰিম !” –শ্যামে ক’লে ।
: “তেনেহলে খোৱা!” – ৰুলীয়ে নিৰুদ্বেগ ভাবে ক’লে ।
“মই কিন্তু খাব নোৱাৰোঁ!” অলপ সময় ৰৈ তাই পুনৰ ক’লে –
: “শ্যাম, তুমি বৰ ভাল লৰা । মোৰ দৰে এজনী ছোৱালীৰ লগত থাকিলে গোটেই জীৱন তিতা বিহ খাই থাকিব লগীয়া হ’ব । তুমি তোমাৰ বাবে যোগ্য এজনী ছোৱালীক ভাল পাবা বুজিছা!!”
: “চানশ্বাইন!!” শ্যামে বহুত কিবা কিবি কথা ক’বলৈ খুজিছিল । কিন্তু এনেকুৱা সময়ত তাৰ মুখত কথা লাগি লাগি ধৰে । ৰুলীৰ যেন তাৰ মুখত লাগি ধৰা কথা শুনিবলৈ অলপো ধৈৰ্য নাই! তাৰ চকুৰ পৰা হৰ হৰকৈ বাগৰি অহা লোতকখিনি চাবৰ বাবেও তাইৰ ইচ্ছা নাই ।
: “ল'ৰা মানুহ হৈ কেনেকৈ কান্দি থাকা হে!” –তাইৰ ভৎসৰ্না কোনোমতে তাৰ কাণত সোমাল ।
তাৰ মনৰ শংকা কিদৰে সত্য হৈ গৈ আছে – ভাবি আচৰিত হ’ল । লৰালৰিকৈ সি লিখা চিঠিখন তাইক দিলে । তাই চিঠিখন লওঁ নলওঁকৈ ল’লে –
: “ ভালদৰে থাকিবা । মই থাকিলেও বা নাথাকিলেও তুমি কিন্তু ভালদৰে থাকিবা ! আৰু মোক ক্ষমা কৰি দিবা !!
স্তব্ধ হৈ বহু সময় স্থানুৰ দৰে বহি থাকিল সি । তাৰ মনলৈ আহিল তাৰ লগৰ উত্তৰ প্রদেশৰ বন্ধু কুলদীপে কোৱা কথা এষাৰ মনলৈ আহিল –
Love- a single word, a wispy thing, a word not bigger or longer than an edge, a razor…and thats what it is, a razor...It draws up through centre of your life, cutting it into two, before and after, and your world falls apart on either side .
সঁচাই “প্রেম” – কি যে এক স্পৰ্শকাতৰ অনুভৱ! “প্রেম”এডাল কাড় যি হৃদয়খনক দুটা টুকুৰা কৰি জীৱনৰ দুটা প্রান্তত পেলাই থয় । এই এটা মাত্র শব্দই আমাৰ জীৱন কিমান যে চিত্ৰ বিচিত্ৰ কৰি পেলাব পাৰে! (প্ৰথম অধ্যায় সমাপ্ত) (আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ দ্বাদশ খণ্ড (1/6/16)


ধাৰাবাহিক উপন্যাসৰ দ্বাদশ খণ্ড (1/6/16) 
ooo:


 “ অ মোৰ মা, আপুনি কেনেকৈ জানে বাৰু আপোনাৰ এই ল'ৰাটোক কেতিয়া কি মানসিক খাদ্য লাগে !!” – শ্যামে নিজৰ মনৰ ভিতৰতে ক’লে । মানুহ স্বাৰ্থপৰ , যুক্তিহীন আৰু অবিবেচক হ’লেও তেওঁলোকক ভাল পাব লাগে - ময়ো ভালপাম । ৰুলীয়ে মোক স্বাৰ্থপৰ, যুক্তিহীন , অবিবেচকৰ দৰে বেয়া পালেও মই তাইক ভাল পাই থাকিম ।
“ৰুলী, ৰুলী মোৰ চানশ্বাইন !!” – শ্যামে ৰুলীলৈ ফোন কৰিলে । কালিৰ পৰা ৰুলীলৈ কৰা এইটো দহ নম্বৰ ফোন।
: “ হেল্ল শুনা, তোমাক আজি লগ ধৰিবলৈ চিচিডি লৈ যোৱাৰ কথা কৈছিলোঁ যে – মোৰ হয়তো অলপ দেৰী হ’ব । তুমি বেয়া নাপাবা হা – তোমাৰ প্রিয় কিতাপ এখন লৈ বহি থাকিবা !” ৰুলীয়ে হাঁহি হাঁহি তাৰ ফোনটো ধৰিলে । তাৰ মনটো ভাল লাগিব লাগিছিল । কিন্তু নালাগিল । কিয় জানো কিবা এটা হেৰুৱাৰ ভয়ে তাৰ মনটো শংকিত কৰি তুলিলে । ৰুলীৰ হাঁহি , তাইৰ মাত – সকলোতে যেন কিবা এটা অচিনাকী সুৰ । ৰিঙা ৰিঙা যেন লগা এক অৱসাদৰ সুৰ ।
চি চি ডি দীঘলীপুখুৰী তাৰ এইখন চহৰৰ সকলোতকৈ প্রিয় স্থান । ৰুলীৰ লগত যিমানবাৰ ইয়ালৈ আহিছে - ৰুলীৰ অবিহনেও সিমান বাৰেই আহিছে । মাধৱীলতা , এৰিকা পাম আদি গছ ফুলেৰে মেৰ খাই থকা অকোৱা পকোৱা চিৰি কেইটাৰে ওপৰলৈ উঠি যাওঁতেই তাৰ মনটো কিবা এটা বৌদ্ধিক বিলাসিতাত নাচি উঠে । “Its brewing” বুলি লিখা চিচাৰ দৰজাখন দেখিলেই তাৰ মনটোৰ আহ পাহ বোৰ খুলি উঠে । দৰজাখন সামান্য ঠেলা মাৰি খুলিলেই কফি বিনৰ ৰমৰমীয়া সতেজ গোন্ধ এটাই তাক ক’ব নোৱাৰা কৰি পেলায় । ইয়াত থকা আটাইকেইজন কৰ্মীয়ে সি কি কফি খাই ভালপায়, কেনে ধৰণৰ কিতাপ পঢি ভালপায় , কোনখন চকীত বহি বাহিৰৰ পৃথিৱীখন চাই ভালপায় – সকলো জানে । আজি প্রথমবাৰৰ বাবে সি চিচিডিৰ চিৰিৰে আনমনা হৈ উঠি গ’ল । “Its brewing” বুলি লিখা আখৰকেইটাইও তাৰ মনটোক টানি নিব নোৱাৰিলে । দৰজাখন খুলি আনমনা ভাবেই সি ভিতৰলৈ সোমাই গ’ল । তাৰ প্রিয় আটাইকেইটা চিটেই খালি হৈ আছে । হঠাৎ সি বেতৰ চোফাকেইখনৰ ৰঙা কুচন কেইটা শুৱনি কৰি ৰুলীক বহি থকা দেখিলে । বগা কুৰ্তি আৰু নীলা জিনচ পিন্ধা ৰুলীক ৰঙা কুচনকেইটাই ইমান উজ্জ্বল ভাবে তুলি ধৰিছে । সি দৌৰ মাৰি ৰুলীৰ ওচৰত বহিবলৈ যাওঁতেহে গম পালে – এয়া তাৰ মনৰ ভ্রম ।
মৃদু সুৰত বাজি থকা গীতটোৰ কথাখিনি সি মন দি শুনিলে -
My heart desires you ..but I can't get you .I am dusk you are dawn My heart is searching for you . Though we are always together still separate. I am lips you are prayers. Sweetheart, dearest. I adorned many dreams with you .but also fears lurks inside me. Why suffer for some unkwn reason. ..…
চকু কেইটা তাৰ পানীৰে ভৰি উঠিল । বুকুখন সাংঘাতিক ভাবে বিষাবলৈ ল’লে ।
হঠাৎ সি পকেটৰ পৰা কলম ডাল উলিয়াই লৈ কফি টেবুলত থকা টিচু পেপাৰ এখনত খচ খচকৈ লিখি গ’ল -
Dearest Sunshine,
Please forgive me for calling you by this name. It might be for the last time.its a tragedy that human’s are blessed with so wonderful memories, yet ,that is the paradox.Sunshine,the beautiful complicated girl I ever fall in love with.The fact that you fell in love with me is the most wonderful truth I will ever cherish.And through your own way,you made me realize that true love does exist.Love in its true form gives you enough strength to stand up no matter how terrible your grief is.I don’t know how to say goodbye.I simply don’t know about a painless way to do it,don’t know the words to express a heart that is so full,a longing that is so intense.And dear love,this is not a good bye,rather it is a thank you.Thank you for all the smiles,the evening walks,thank you for all those sweet memories that I will cherish forever,thank you for falling in love with me and giving love in return and moreover thank you for making me realize that a day will come when this pain will be replaced by something beautiful,and when I will be able to let you go with gratefulness in my heart.
Loving and praying for your wellbeing from wherever I am!! অসমীয়া হৈয়ো নিজৰ মাতৃভাষাটো পঢ়িবলৈ নজনা ৰুলীৰ প্ৰতি হঠাৎ তাৰ এটা বিৰাগ ভাব আহি পৰিল! (আগলৈ ...)

ধাৰাবাহিক উপন্যাসৰ একাদশ খণ্ড 28/5/16 :

ধাৰাবাহিক উপন্যাসৰ একাদশ খণ্ড 28/5/16 :


 “ অ’ মোৰ মা ! মোৰ মা ! মোৰ মা !!” – শ্যামে হঠাৎ চিঞৰি উঠিল । দুখ লাগিলে তাৰ মুখৰ পৰা স্বয়ংক্রিয় ভাবে ওলাই আহে এই কেইটা শব্দ । শব্দ নহয় যেন তাৰবাবে আত্মাক তৃপ্ত আৰু শান্ত কৰা পৰম মন্ত্র । “মোৰ মা” – এই শব্দ দুটাত কৈ বেছি আবেগ সি ক’তো বিচাৰি নাপায় । এই বয়সত ৰুলীৰ লগত তাৰ প্রেম, ভালপোৱা এক মাদকতা , যৌৱনৰ এক সুতীব্র মোহনীয় আকৰ্ষণ । কিন্তু মাক অৰুণিমাৰ প্রতি তাৰ ভালপোৱা সকলোৰে উৰ্ধত এক অতি মানৱীয় আকৰ্ষণ । পৃথিৱীৰ সকলো আবেগ ,অনুভৱ, জ্ঞান , বিজ্ঞান ,যুক্তি, বিশ্বাসৰ উৰ্ধত এক স্বৰ্গীয় পবিত্র সম্পৰ্ক তাৰ আৰু মাক অৰুণিমাৰ । যি শান্তি সুখ বিচাৰি মানুহে কালাতিপাত কৰে, যি শান্তিৰ সন্ধানত মানুহে বিভিন্ন ধৰণেৰে জীৱনক, জীৱনৰ পৰীক্ষাগাৰত ব্যৱচ্ছেদ কৰাত ব্যস্ত হয় – সেই শান্তি , সেই সুখ সি “মোৰ মা” এই শব্দ দুটা উচ্চাৰণ কৰি পায় ! বিশ্ব চৰাচৰৰ যিকোনো বস্তু, মানুহ , ঘটনা বা পৰিঘটনাৰ বাখ্যা হয়তো সম্ভৱ –কিন্তু তাৰ “মোৰ মা” শব্দ দুটা আওঁৰাই কিয় ভাল লাগে বা মাক অৰুণিমাক কিমান ভালপায় তাৰ বাখ্যা কৰা অসম্ভৱ ! যিদিনাৰ পৰাই সি অৰুণিমাৰ সান্নিধ্যত আহিছে – সেই দিনাৰ পৰাই সি অৰুণিমাক ‘মা’ বুলিয়েই ধাৰণ কৰি আহিছে । মানুহগৰাকীৰ কথা বাৰ্তা চিন্তা চৰ্চা সকলোতে জীৱন দিয়াৰ প্রয়াস, জীৱনক জনাৰ, নিজক জনাৰ অহৰহ প্রচেষ্টা । লাহে লাহে অৰুণিমায়ো তাক হৃদয়ত ধাৰণ কৰিছিল । একলা দুকলাকৈ সি অৰুণিমাৰ হৃদয়ত বাঢ়ি আহিছিল । শীতৰ এটি ঠাণ্ডা দিনত অলপো কষ্ট নোহোৱাকৈ অৰুণিমাই তাক জন্ম দিছিল –তাইৰ বিশাল হিয়াখনৰ পৰা । সাধাৰণতে সন্তানৰ জন্মৰ পিছত মাতৃৰ স্ফীত উদৰ সৰু হৈ যায় । কিন্তু তাক জন্ম দিয়াৰ পিছত অৰুণিমাৰ হৃদয়খন আৰু আৰু অধিক ডাঙৰ , বহল আৰু স্ফীত হৈ পৰিছিল । এনেও ভয়ংকৰ ভাবে ডাঙৰ আছিল অৰুণিমাৰ হৃদয়খন – এতিয়া হৃদয়ৰ সেই বিশালতাই আকাশ চুই যায় ।
মাক অৰুণিমালৈ ফোন এটা কৰিবলৈ লৈ সি ৰৈ গ’ল । এতিয়া মাকৰ ঘৰুৱা বহুত কাম থাকে । সদায় বোৱাৰী পুৱাতে শুই উঠি মাকে সম্পূৰ্ণ এক ঘণ্টা চান্টিং কৰে । পুৱাতে “নাম ম্যহ’ ৰেংগে ক্য” ৰ ধ্বনিৰে গোটেই ঘৰ ছন্দোময় /ঝংকাৰিত হৈ পৰে । তাৰপাছত সকলোকে জগাই পানী খাবলৈ দিয়ে । মুখ হাত ধুই সকলোৱে একেলগে চান্টিং কৰাৰ পিছত সূৰ্যনমস্কাৰ, ধ্যান ,প্রাণায়ম , দিনটোলৈ নিজৰ লক্ষ্যৰ কথা কৈ ভায়েক দুটাক স্কুললৈ পঠিয়ায় –তাৰপিছত দেউতাকক অফিচলৈ । তাৰপিছতো মাকৰ কামৰ অন্ত নহয় ।ঘৰুৱা কামৰ উপৰিও পঢ়া লিখা – নতুবা কাৰোবাৰ ঘৰলৈ চান্টিং কৰিবলৈ, প্রেৰণা দিবলৈ যোৱা আদি কামত ব্যস্ত থকা মাকক তাৰ যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰিবলৈ ভাল নালাগে । সি ফোনটো উলিয়াই মাকলৈ মেচেজ এটাকে লিখিলে ।
: “মা , মই ভালে ভালে গুৱাহাটী পালোঁহি । কিন্তু মোৰ মনটো খুব বেয়া লাগিছে । আপোনালৈও মনত পৰিছে । মই এতিয়া কি কৰোঁ মা ?”
মাকৰ আগত অন্তৰখন উবুৰিয়াই দি সি শান্তি পায় । সি জানে তাৰ লগত ফোনত কথা পাতক বা নাপাতক – তাৰ মেচেজৰ উত্তৰ দিয়ক বা নিদিয়ক – তাৰ এই বাৰ্তা দেখাৰ লগে লগে মাকে তাৰবাবে চাণ্টিং কৰিব । মাকে চাণ্টিং কৰাৰ লগে লগেই যেন তাৰ জীৱনৰ সকলো বিহ , জটিলতা মধুৰ আনন্দলৈ পৰিণত হয় !! আৰু সেই কথা সি সদায় হৃদয়েৰে উপলব্ধি কৰে । তাৰ বন্ধু বান্ধৱী, অঙহী বঙহী বহুতে তাক এই কথা লৈ উপলুঙা কৰে – নিজৰ জন্মদাত্রী তেজ মঙহৰ মাকজনী থাকোঁতে কিয় আৰু আন এগৰাকী মাকৰ প্রয়োজন তাৰ ! ইটাৰনেল মাদাৰ ! সনাতন তাৰ মাক !
মাকৰ কথা ভাবি থাকোঁতেই কোন সময়ত তাৰ টোপনি আহিল-গমেই নাপালে । ৰুমত কোনোবাই টুকুৰিয়াই থকাত সাৰ পাই ঘড়ী চাই দেখিলে দুই বাজি গ’ল । লৰালৰিকৈ দৰজাখন খুলি দিলে । হাতত টোপোলা এটা লৈ নীৰজ আৰু তাৰ পিছে পিছে খোৱা বস্তুৰ বৃহৎ ট্রেখন লৈ লগৰ লৰা এজন সোমাই আহিল ।
: “দোস্ত তোমাৰ মন ভাল কৰা দৰব লৈ আনিছোঁ । বহা – কি এজনী সাধাৰণ ছোৱালী এজনীৰ কাৰণে মন বেয়া কৰি থাকা !” নীৰজে কথা কৈ কৈ লগত লৈ অনা ব্লেক ডগ নামৰ মদৰ বটলটো উলিয়ালে । দুটা গিলাছত বৰফ ঢালি কল কলকৈ মদ বাকিবলৈ ল’লে ! শ্যামৰ হাতত গিলাছ এটা গুজি দি সি গাবলৈ ধৰিলে :
“দৰ্দ মিন্নত কশে দৱা না হোৱা
মে না আচ্ছা হোৱা, বুৰা না হ্যোৱা”
দিনতে হেঁপাহ পলুৱাই মদ খালে দুয়োটাই সিদিনা । নীৰজৰ লগত পৰি তাৰ মুখৰ পৰাও গালিবৰ শ্বেৰ ওলাবলৈ ধৰিলে ।
“হে খবৰ গৰ্ম উনকে আনে কি
আজ হি ফৰ মে বৰিয়া না হোৱা ”
“ কতৱ কীজে না তচল্লুক হমছে
কুচ নহী তো অদাৱত হী সহী !”

বহুতেই মদৰ নিচাত নিজৰ দুখবোৰ পাহৰি পেলায় । কিন্তু শ্যামে নোৱাৰিলে । ৰুলীৰ প্রতি তাৰ ভালপোৱা মদৰ নিচাতকৈয়ো তীৱ্র । হাজাৰ বটল মদেও তাৰ ৰুলীৰ প্রতি থকা ভালপোৱাৰ নিচাৰ লগত ফেৰ মাৰিব নোৱাৰিব । ৰুলীয়ে নিজ মুখেৰে তাক যেতিয়ালৈকে “ তোমাক ভাল নাপাওঁ” বুলি নকয় –তেতিয়ালৈকে সি ৰুলীৰ প্রেমৰ নিচাত আকণ্ঠ ডুব গৈ থাকিব ! সি সদায় কৃতজ্ঞ ৰুলীৰ প্রতি । প্রেমৰ নামত তাইৰ পৰা পোৱা অমৃতময় মূহূৰ্তখিনি লৈ সি চিৰজীৱন সুখী হৈ থাকিব !
টিং টং কৈ ফোনটোৰ সংকেত এটা বাজি উঠাত সি ফোনটো চালে । মাকে এটা দীঘলীয়া মেচেজ লিখিছে তালৈ :
“মোৰ শ্যাম ,মাদাৰ টেৰেচাই কৈছিল : মানুহ স্বাৰ্থপৰ , যুক্তিহীন আৰু অবিবেচক হ’লেও তেওঁলোকক ভাল পাব লাগে । তুমি যদি নিস্বাৰ্থ ভাৱে কিবা ভাল কাম কৰি আছা তেতিয়াও মানুহে তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব , তথাপিও কিন্তু ভাল কাম কৰিবলৈ নেৰিবা । তুমি যদি সফল হোৱা , বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ সন্মুখীন হ’বা – তথাপিও সফলতাৰ চিৰিত উঠি যাবলৈ নেৰিবা । আজি তুমি কৰা ভাল কাম মানুহে কালিলৈকে পাহৰি যাব । তথাপিও ভাল কাম কৰি যাবা । সততা আৰু স্পষ্টবাদী স্বভাৱৰ বাবে বহু সময়ত তুমি আঘাত পাব লগা হ’ব পাৰে । তথাপিও সৎ আৰু স্পষ্টবাদী হ’বা । তোমাৰ বহু বছৰৰ সাধনাৰ অন্তত গঢ়ি উঠা এটা কাম বা প্ৰতিষ্ঠা খন্তেকতে তচনচ হ’ব পাৰে । তথাপিও গঢ়াৰ সাধনা নেৰিবা । সহায়ৰ প্রয়োজন হোৱা লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে যদি তোমাক আক্ৰমণহে কৰে । তথাপিও তুমি তেওঁলোকক সহায় কৰিবা । পৃথিৱীক তোমাৰ সৰ্বশ্রেষ্ঠ অৱদান দিয়া । তোমাৰ কষ্ট হ’ব –তথাপিও পৃথিৱীখনক তোমাৰ সৰ্বশ্রেষ্ঠ অৱদান দি যোৱা ।
******** (আগলৈ ..)

ধাৰাবাহিক উপন্যাসৰ দশম খণ্ড 25/5/16

ধাৰাবাহিক উপন্যাসৰ দশম খণ্ড 25/5/16
 ooooooooooooooioooooooooooooooooooooo:
 “ কি হ’ল দোস্ত – তোমাক ইমান বেমাৰী যেন লাগিছে । ডাক্তৰ মানুহ ইমান বেমাৰী কিয় লাগিব লাগে ।” তাক দেখাৰ লগে লগে নীৰজে ক’লে । 
তৰা নথকা ক’লা আকাশখনৰ অকলশৰীয়া জোনটোৰ দৰে ৰৈ আছিল শ্যাম । চকুত তাৰ আউসীৰ জোন - নীৰজৰ প্রশ্নৰ উত্তৰ নিদি যন্ত্রবৎ বাইকৰ পিছৰ চিটত বহিল । নীৰজে তাৰ লজৰ সকলোতকৈ ধুনীয়া ৰুমটোলৈ শ্যামক লৈ গ’ল । খাবৰ বাবে কিবা কিবি অৰ্ডাৰ দি সি শ্যামৰ লগত বহিলহি । নীৰজে ৰুলীৰ লগত তাৰ সম্পৰ্কৰ কথা জানে । শ্যামৰ সকলো কথাই শুদ্ধ বুলি ভাবি লোৱা নীৰজে কিন্তু ৰুলীৰ লগত গঢ়া তাৰ সম্পৰ্কটো শুদ্ধ বুলি মানি ল’ব নিবিচাৰে । শ্যামে নীৰজক এই কথাৰ বাবে বেয়া পাবও নোৱাৰিছিল । সি ভাবিছিল – এটা সময়ত ৰুলীৰ লগ লাগি নীৰজৰ শংকা অমূলক বুলি প্রমাণ কৰি দিব । কিন্তু কি যে হৈ গ’ল ! মল্লিকাই কোৱা কথা কেইটা তাৰ কাণত ৰৈ ৰৈ বাজি আছে ।
: “দাদা , ৰুলীক আপুনি পাহৰি যোৱাই ভাল হ’ব । তাই আজিকালি বেলেগ এখন জগতত ঘুৰি ফুৰে । … ঘৰৰ পৰা কোনো অহা নাই । আজি তাইৰ চিনেমা চাবলৈ যোৱাৰ প্রগেম আছে । আজি দুপৰীয়া এক বজাত ফান চিনেমালৈ আহিলে সকলো নিজ চকুৰে দেখিব !”
: “ অই দোস্ত , কিয় ইমান চুপ চাপ আছা? মোৰ ভাল নালাগে তুমি চুপ চাপ থাকিলে !- কি হ’ল, কিবা লাগিলা নেকি সিফালে ?”
শ্যামে এইবাৰ নিজক সংযত কৰিবলৈ নোৱাৰিলে । নীৰজক সাৱটি হুক হুককৈ কান্দিবলৈ ধৰিলে । পাৰ ভঙা বেদনা আৰু আশাভংগৰ সীমাহীন যন্ত্রণা অশ্রুধাৰা হৈ সুৰু সুৰাই নামি আহিল তাৰ দুচকুৰে । কেঁচুৱা ল'ৰাৰ দৰে হিকটিয়াই হিকটিয়াই কন্দা শ্যামক দেখি নীৰজ প্রথমে হতভম্ভ হৈ ৰ’ল । খন্তেক সময়ৰ পিছত নিজকে সম্ভালি লৈ সি শ্যামক ক’লে -
: “দোস্ত , মই তোমাক কোৱা নাছিলোঁ নে এই ছোৱালীজনী তোমাৰ বাবে ঠিক নহয় বুলি ! তুমিহে নামানিলা । এতিয়া তুমি ছোৱালী মানুহৰ দৰে কান্দিবলে এৰাচোন ।”
: “ নীৰজ, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই কথাবোৰ । ৰুলী বৰ ভাল ছোৱালী । তাই মোক কেতিয়াও বিট্রে কৰিব নোৱাৰে । মই যে তাইক কিমান ভালপাওঁ !!”- থোকা থুকি মাতেৰে শ্যামে ক’লে ।
: “ বাদ দিয়া তাইক ভালপোৱাৰ কথা ! মানুহে অপাত্রত কেতিয়াও দান দিব নালাগে । সেই ছোৱালীজনী তোমাৰ যোগ্যই নহয় । নাই স্বভাৱত মিল, নাই বুদ্ধিমত্তাত মিল। মই নিজ চকুৰে তাইক কত লৰাৰ লগত ঘুৰি ফুৰা দেখিছোঁ ।”-নীৰজে কিছু ভেকাহি মাৰি ক’লে ।
শ্যামক সি বুজাবলৈ বহুত চেষ্টা কৰিলে। কিন্তু শ্যামৰ কান্দোন কমক চাৰি বেছিহে হ’বলৈ ধৰিলে । নীৰজ অলপ বিৰক্ত হ’ল । সি আবেগক অত্যাধিক প্রশয় দিয়া মানুহ নহয় ।
: “দোস্ত, তুমি অলপ জিৰণি লোৱা । মই অলপ ব্যৱসায়ত লাগোগৈ । এইবোৰ ফাল্টু ছোৱালীৰ কথা ভাবি মন বেয়া কৰি নাথাকিবা বুজিছা ।” – তালৈ শেষ অস্ত্রপাত দলিয়াই নীৰজ ৰুমৰ পৰা ওলাই গ’ল ।
নীৰজ যোৱাৰ পিছত সি বাথৰুমলৈ গ’ল । পিন্ধি থকা কাপোৰসাজেৰেই পানীৰ চাৱাৰটো খুলি তলত থিয় হ’ল । তাৰ গোটেই গাত , কাপোৰত যিমান বেয়া লগা স্মৃতি লাগি আছিল ধুই পেলাবলৈ চেষ্টা কৰিলে । গা ধোৱাৰ পিছত মনটো তাৰ বহুত শান্ত যেন অনুভৱ হ’ল । বেগত লৈ অনা আনযোৰ কাপোৰ পিন্ধি থাকোঁতে সি ভাবিলে -
: “মইনো আনে ক’লে বুলিয়েই ৰুলীৰ কথা কিয় বেয়াকৈ ভাবিছোঁ । তাইতো মোক একো কোৱা নাই ! এয়া মোৰ বিশ্বাসৰ –প্রেমৰ পৰীক্ষা । নাই, মই ৰুলীক সন্দেহ নকৰো । কাইলৈ চি চি ডিত তাইক লগ পালে সকলো কথা খোলা খুলিকৈ সুধিম ।” – শ্যামে মনতে ভাবিলে । শ্যামে মাক অৰুণিমাৰ কথাও ভাবিলে । মাকে তাৰ হৃদয়ৰ এইবোৰ সংঘাত আৰু সংগ্রামৰ কথা একেবাৰেই নাজানে । সি ৰুলীক ভালপায় আৰু তাইক লৈ সুখী –এই কথাই মাকক বেচ সুখ দিছিল । এতিয়া তাৰ অৱস্থাটো জানিলে মাকে বৰ দুখ পাব । কিন্তু মাকক সি ৰুলীৰ বিষয়ে আনে কোৱা কথাবোৰ ক’লে তাক ক’ব যে – “শুনা কথাত নিদিবা কাণ, দেখাৰো ল’বা তিনিটা প্রমাণ !” ( আগলৈ ...)

ধাৰাবাহিক উপন্যাসৰ নৱম খণ্ড 22/5/16

ধাৰাবাহিক উপন্যাসৰ নৱম খণ্ড 22/5/16
 ooooooooooooooooooooooooooooooooooo 
পকেটত ভাইব্ৰেচন মুডত থোৱা চেলফোনটোৱে বহু সময় ধৰি তাক কুটকুটাই আছিল ৷ সেয়ে ফোনটো পকেটৰ পৰা টান মাৰি উলিয়াই আনি অন্যমনস্ক ভাবে চকু ফুৰালে । আৰে— তাৰ ফোনত চোন কেইবাটাও মিচ কল ! এটা অচিনাকী নম্বৰৰ পৰা তেৰটা মিচ কল দেখি কৰোঁ নকৰোঁকৈ সেইটো নম্বৰতে ফোন কৰিলে । সিফালৰ পৰা অচিনাকী মাত এটাই তাক সুধিলে –
: “ আপুনি ডাক্তৰ শ্যামকানু নেকি ?”
সি হয় বুলি কোৱাত সেই অচিনাকী মাতটোৱে পুনৰ ক'লে –
: “আপুনি কিছু সময় আগেয়ে পল্টন বজাৰলৈ যোৱা বাচত নিজৰ পইচাৰ বেগটো হেৰুৱাইছিল নেকি ?”
সি হয় বুলি চিঞৰি উঠিল । মানুহজনে তাক পুনৰ কলে –
: “মই পল্টন বজাৰ পুলিচ ষ্টেচনত আপোনাৰ বেগটো লৈ ৰৈ আছো – আপুনি অনুগ্রহ কৰি সোনকালে বেগটো লৈ যাওঁকহি । আৰু পোন্ধৰ মিনিটৰ পাছত মোৰ ট্রেইন আছে । আপুনি আহি নেপালে মই বেগটো পুলিচকে দিব লাগিব । ”
মানুহজনৰ কথা শুনি সিহঁত দুয়োটাই উকিয়াই উঠিছিল । সি সকলো পাহৰি ৰুলীক জোৰকৈ সাৱটি চুমা এটা খাই পেলাইছিল । সকলো মানুহৰ অবাক চাৱনিক অগ্রাহ্য কৰি দুয়োটাই হাতত ধৰি ধৰি দৌৰ মাৰি বাচ এখনত উঠিছিল । কিন্তু সেইদিনা বাচখনেও যেন সিহঁতৰ লগত খেলা কৰিবলৈ বিচাৰিছিল । কইনাৰ খোজেৰে বাচখন অলপ দূৰ আগবাঢ়ে আকৌ ৰৈ যায় । এনেদৰে পাঁচ মিনিট সময় পাৰ হৈ যোৱাত ৰুলীৰ কথা মতেই দুয়োটাই বাচৰ পৰা নামি পুনৰ দৌৰিবলৈ ধৰিলে – পল্টন বজাৰ পুলিচ স্টেচনলৈ । মানুহৰ ভিৰ ফালি দুয়োটাই দৌৰিছে । ৰুলী আগে আগে – সি তাইৰ পিছে পিছে আপ্রাণ দৌৰিছে । ইমান ভিৰতো সিহঁতি পৰস্পৰৰ হাত দুখন এৰি দিয়া নাছিল । শ্যামৰ চকুত আগত সৰগৰ তৰাৰ দৰে নাচি আছিল ৰুলীৰ ফুট ফুটিয়া ফ্রক , কান্ধৰ ওপৰেদি কেৰেচিয়াকৈ লোৱা হালধীয়া বেগটো , তাইৰ মৰাপাটৰ দৰে চুলিখিনি । তাৰ ভাব হৈছিল এনেকৈয়ে যেন সি দৌৰি থাকিব আজীৱন ৰুলীৰ পিছে পিছে । যিমান দৌৰিলেও তাৰ ভাগৰ নালাগিব ! অৱশেষত সি তাৰ পইচাৰ বেগটো ঘুৰাই পাইছিল । বুদ্ধৰ দৰে এজন ব্যক্তিয়ে নিজৰ কাম বন আওকাণ কৰি দুঘন্টা সময় তাৰবাবে বাট চাই ৰৈ আছিল । তাৰ হাতত পইচাৰ বেগটো দি মানুহজন দৌৰ মাৰিছিল নিজৰ ট্রেইন ধৰিবৰ বাবে । তাৰ পৰা টকা পইচা লোৱা দূৰৰ কথা ধন্যবাদ এটা লবৰ বাবেও মানুহজনৰ আহৰি নাছিল । অভিভূত হৈ পৰিছিল সি ! আজিৰ যুগতো যে এনে মানুহ থাকে – সি ভাবিবই পৰা নাছিল । ৰুলীয়ে তাক বিশ্বাস নিয়াইছিল – এয়া সকলো তাইৰ প্রাৰ্থনাৰ ফল । হনুমানে নিজে অৱতাৰ লৈ তাইক সহায় কৰিলে । সি সেইদিনাৰ পৰাই ৰুলীৰ কথাত বান্দৰৰ দৰেই নাচিবলৈও যেন মনে মনে সন্মত হৈ পৰিছিল !
গোটেই ৰাতি অনুজিত আৰু ৰুলীৰ কথা ভাবি ভাবিয়েই সি টোপনি গ’ল । ৰুলীৰ পৰা ফোন কল এটা আহিব আহিব বুলি সি ভাবি আছিল । টোপনিৰ পৰা চকা মকাকৈ সাৰ পায়েই সি ফোনটো চালে – নাই কোনো মিচ কল নাই । ঘড়ীটোলৈ চালে –পুৱা ছয় বাজিল । আনকালে পাঁচ বজাতে ৰুলীয়ে ফোন কৰি হুলস্থূল লগাই দিয়ে । কি হ’ল বাৰু তাইৰ ! আজিকালি ৰুলী যেন এজাক সেমেকা ৰ’দ হৈ পৰিছে । কথা বতৰাত আগৰ উৎসাহ , উচ্ছলতা নাই । সি ফোন কৰিলে হে তাই ফোন কৰে । তাইৰ লগৰ দুই একে তাইক সঘনে নতুন বন্ধু এজনৰ লগত দেখাৰ কথা কৈ থাকে । সি কিন্তু গুৰুত্ব দিয়া নাছিল । কিন্তু আজি কিয় জানো তাৰ মনটো হঠাৎ ৰিক্ত ভাব এটাই জোকাৰি গ’ল । সি লৰালৰিকৈ ৰুলীলৈ ফোন লগালে । বাজি বাজি শেষ হোৱাৰ আগতে ৰুলীয়ে ধৰিলে ফোনটো –
: “ অ’ শ্যাম , পালাহিয়েই নেকি ?” – হামি এটা মাৰি তাই টোপনিৰ জড়তা থকা মাত এটাৰে মাত লগালে ।
: “ আৰে মোৰ চানশ্বাইন জনী – এতিয়া লৈকে শুই আছা ! কিয় তোমাৰ গা বেয়া নেকি ? মই গৈ আছো ৰবা … !” শ্যামৰ চকুত অলপ অভিমান , দুখ আৰু শংকা স্পষ্টকৈ ফুটি উঠিছিল যদিও মুখেৰে সি স্বাভাৱিক হ’বলৈ আপ্রাণ চেষ্টা কৰিছিল ।
: “ অ নাই নাই নাই শ্যাম । মই একেবাৰে সুস্থ । কালি ৰাতি শোৱাত দেৰী হৈ গ’ল অ । এটা কথা শুনাচোন – তুমি আজি হোষ্টেললৈ আহিবলৈ নালাগে । মোৰ লগত বা আছেহি । তোমাক কৈছিলোৱেই বায়ে আমাৰ কথা জানিলে সকলোবোৰ খেলিমেলি কৰি দিব !”
: “ চানশ্বাইন , তুমি কিয় এনেকৈ কৈছা ! মই মাত্র তোমাক লগ কৰিবৰ কাৰণে ছয়ত্রিশ ঘণ্টাৰ ডিউটি একেলেথাৰিয়ে কৰি মাত্র দুদিনৰ বাবে আহিছোঁ !” – শ্যামৰ চকুৰ পৰা এজোলোকা চকুপানী বাগৰি আহিল !
: “ কি যে লৰা তুমি!! মই তোমাক জানো কৈছিলোঁ আহিবলৈ ? শুনাচোন আমি কাইলৈ লগ হ’ম – চাৰি বজাত চিচিডি দীঘলী পুখুৰীত হ’ব ?” ৰুলীয়ে তাক ক’লে । শ্যামে “নহ’ব” বুলি চিঞৰি ক’বলৈ বিচাৰোঁতেই ৰুলীয়ে ফোনটো কাটি দিলে । পুনৰ ফোনটো লগাবলৈ লৈ সি থমকি ৰ’ল । কি কৰিব সি ? কলৈ যাব ? নগাঁৱলৈ যাবগৈ নেকি ? নাই যোৱা মাহত সি দুবাৰ গুৱাহাটীলৈ অহাৰ বাবে আতাকে বহুত গালি পাৰিছিল । ইমান ঘনাই কিয় আহি থাকিব লাগে ? মা-মণিকে খং কৰিছিল বহুত । নাই সি নগাঁৱলৈ নাযায় । ইতিমধ্যে ষ্টেচনত সোমোৱা ট্রেইনখনৰ পৰা সি উদাস ভাবে নামি পৰিল । ভৰিত আনবাৰৰ দৰে চঞ্চলতা , চকুত তিৰবিৰণি নাই ! ষ্টেচনৰ পৰা অলপ আগলৈ খোজকাঢ়ি গৈ এখন সৰু চাহৰ দোকান এখনৰ ওচৰত ৰ’ল । কলৈ যাব সি ? এই চহৰৰ তাৰ প্রিয় স্থান চি চিডি দীঘলী পুখুৰীত অকলে ঘন্টাৰ পিছত ঘণ্টা সময় পাৰ কৰিব পাৰে । কিন্তু চিচিডি খুলিবলৈ এতিয়াও বহুত সময় আছে । দুপৰীয়া বাৰ বজাৰলৈকে সি কি কৰিব ? পুনৰ সি ভাবিলে – তাৰ লগৰ নীৰজৰ ওচৰলৈকে যাব । নহলে অনুজিতহঁতৰ ঘৰলৈকে যাব নেকি ? হঠাৎ তাৰ মনত পৰিল - মল্লিকালৈকে ফোন এটা কৰা যাওঁক । মল্লিকাৰ লগত কথা পাতি তাৰ মনটো বেচিহে বেয়া লাগিল ।
দোকানীজনে দিয়া চাহৰ গিলাচটোত খৰকৈ দুটা সোহা মাৰি গিলাচটো দলিয়াই দি নীৰজলৈ ফোন এটা কৰিলে । নীৰজ হাইস্কুলত তাৰ লগত একেলগে পঢ়িছিল । পঢ়া শুনাত সি বৰ এটা ভাল নাছিল । সদায় ক্লাচত প্রথম হোৱা শ্যামলৈ তাৰ অপাৰ শ্রদ্ধা আৰু বিস্ময় আছিল । শ্যামৰ সফলতাত সবাতোতকৈ সুখী হোৱা লৰাটো আছিল নীৰজ । শ্যামে মেডিকেলত চিট পোৱাৰ দিনা নীৰজে লগৰ সকলোকে মিঠাই বিলাইছিল। পূৰ্বপুৰুষ বিহাৰৰ যদিও নীৰজ সম্পূৰ্ণ অসমীয়া লৰা হৈ পৰিছিল । দুবাৰতো মেট্রিক পাচ কৰিব নোৱাৰি দেউতাকৰ দৈ আৰু মিঠাই ব্যৱসায়ত সহায় কৰিবলৈ লাগি গৈছিল । পঢ়া শুনাৰ দৰে ব্যৱসায়ত কিন্তু সি অসফল নহ’ল । দেউতাকৰ ব্যৱসায় ওপৰলৈ উঠাই সি এতিয়া গুৱাহাটীত নিজাকৈ এখন ল’জ খুলিছে। নীৰজৰ ল’জত থাকিলে শ্যামে ভাড়া দিৱ নালাগে – মানে নীৰজে ভুলতো শ্যামৰ পৰা ভাড়া নলয় । এই কাৰণেই শ্যামে নীৰজৰ ল’জত নাথাকে । আজি তাৰ উপায় নাইকীয়া অৱস্থা হৈছে । এখন বিচনাত তাৰ শৰীৰটো ধাচকৈ পেলাবলৈ মন গৈছে । কোনোবা এজন বন্ধুক সাৱটি ধৰি হুক হুককৈ কান্দিবলৈ মন গৈছে । তাৰ মাত শুনিয়েই নীৰজে বাইক ষ্টাৰ্ট কৰি তাক লৈ আনিবলৈ উদ্যত হ’ল । তাৰ ‘নাই’ , ‘নালাগে’ আদি একো কথাই সি শুনিবলৈ ৰাজী নহ’ল । (আগলৈ ...)

ধাৰাবাহিক উপন্যাসৰ অষ্টম খণ্ড (18/5/16)

ধাৰাবাহিক উপন্যাসৰ অষ্টম খণ্ড (18/5/16) 
ooooooo
অজন্তাৰ বাবে কৃত্রিম বীৰ্যকৰণৰ এই পদ্ধতিও বৰ সুচল নাছিল । কেবাটাও প্রচেষ্টাৰ মূৰত অজন্তা পুনৰ গৰ্ভৱতী হ’ল । মিলিৰ কোলালৈ এটি সুন্দৰ শিশু আহি পৰাৰ দিনাই অজন্তাৰ কৃত্রিম গৰ্ভধাৰণ সফল হোৱাৰ খবৰ ওলাইছিল । সেয়ে মিলিৰ সন্তান নিমি অনুজিত আৰু অজন্তাৰ চকুৰ কাঁইট হোৱাৰ পৰা ৰক্ষা পৰিছিল । অনুজিতে ভায়েক দেৱজিত, ভাই বোৱাৰীয়েক মিলি আৰু অকণমাণি নিমিক উপহাৰেৰে ভৰাই দিছিল । নিমিৰ শুদ্ধিকৰণত অহা শ্যামকো এযোৰ সুন্দৰ দামী চাৰ্ট-পেণ্ট উপহাৰ দিছিল অনুজিতে। শ্যামে কিন্তু ইমান দামী চাৰ্ট পেণ্ট পিন্ধিবলৈ ভালপোৱা নাছিল । ৰুলীয়ে বৰ ভাল পাইছিল – অনুজিত তাক দিয়া কাপোৰ যোৰ । কেৱল ৰুলীক সন্তষ্ট কৰিবলৈকে সি সেইযোৰ কাপোৰ পিন্ধিছিল । ৰুলীয়ে ক’লে সি বান্দৰৰ দৰে নাচি থাকিবলৈও ৰাজী । ৰুলীয়ে যদি দহৰ লগত দহ যোগ কৰিলে ত্রিশ বুলি কয় – সি সেইটোও সঁচা বুলি ক’ব । কেৱল ৰুলীক সন্তষ্ট কৰাটোৱেই যেন তাৰ জীৱনৰ উদ্দেশ্য ! ৰুলী তাৰবাবে এজাক ৰ’দ, এটা মিঠা গান । তাৰ উশাহ-নিশাহ আৰু সকলো । সি তাইক ‘চানশ্বাইন’ বুলিহে মাতিছিল ।
ৰুলী – এই নামটোতেই যেন তাৰ জীৱনটো সোমাই আছে । মেডিকেলৰ গধুৰ গধুৰ কিতাপৰ বোজা , শিক্ষক, চিনিয়ৰৰ গালি , গাধৰ দৰে কাম আৰু জন্ম হোৱা ঘৰখনৰ অশান্তিকৰ পৰিস্থিতি – এই সকলোবোৰৰ পৰা পৰিত্রাণ পাবলৈ তাৰ জীৱনত এজাক মিঠা ৰ’দৰ প্রয়োজন আছিল । বন্ধু অমলৰ প্রেয়সী মল্লিকাই তাৰ বাবে লৈ আহিছিল এজাক মিঠা ৰ’দ ! অমল আৰু মল্লিকাৰ মাজত প্রেমৰ খুত খাত জ্বলনি পুৰণিবোৰত মলম লগাবলৈ যাওঁতে সি নিজেই কেতিয়ানো প্রেমৰ জুইত জাহ গ’ল কবই নোৱাৰিলে । আচলতে বৰ ভাগৰুৱা হৈ আছিল সি । হৃদয়খনো সিক্ত হৈ পৰিছিল । তাৰ হৃদয়খনে জিৰাবলৈ এডোখৰ ৰ’দ ঘাই আশ্রয় পোৱাৰ লগে লগে ৰৈ গৈছিল । ৰুলীনো কেনেকুৱা , তাইৰ মানসিকতানো কেনে , কিমান গভীৰ চিন্তাৰ গৰাকী সেইবোৰ কথা সি চিন্তাই কৰা নাছিল । কোনোৱাই কিৱা ক’লেও সি কৈছিল –
: “সঁচা প্রেমত এইবোৰ হিচাপ নিকাচ নাথাকে । Love is blind !!”
প্রথম দিনা ৰুলীক অকলে লগ পোৱাৰ স্মৃতি সোঁৱৰণ কৰি তাৰ মুখত এটা মিঠা হাঁহি বাগৰি গ’ল ।
মল্লিকাৰ হেপেটাইটিচ-এ হৈছিল । গুৱাহাটীৰ প্রাইভেট হস্পিতেলত ভৰ্ত্তি হৈ আছিল তাই । সেই সময়তে তাৰ গুৱাহাটীৰ স্বাস্থ্য শিক্ষা সঞ্চালকালয়ত তাৰ প্রভিজনেল ৰেজিষ্ট্রেচন নম্বৰৰ বাবে যাব লগা হৈছিল । অমলে তাক মল্লিকাক লগ ধৰি খা-খবৰ কৰি আহিবলৈ অনুৰোধ কৰিছিল । মল্লিকাৰ বান্ধৱী ৰুলীৰ লগত ফোন যোগে ইতিমধ্যে তাৰ বহু কথা হৈছিল । এইবাৰ গুৱাহাটীলৈ গলে ৰুলীক লগ ধৰাৰ প্রতিশ্রুতিও দিছিল । অফিচত তাৰ কাম দুপৰীয়াহে হ’ব । সেয়ে সি ৰাতিপুৱাই মল্লিকাৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে । নৈশ বাচত পিন্ধা জধলা সাজটোৰে সি গৈ হস্পিটেল পালেগৈ । হাতত আপেল আৰু বিস্কুটৰ টোপোলালৈ মল্লিকাৰ ৰুমত টোকৰ মাৰোতে দুৱাৰ খুলি দিয়া ছোৱালীজনী দেখি সি থতমত খাই গ’ল । হস্পিটেলত ৰাতিপুৱাই ইমান ধুনীয়াকে সাজি কাচি থকা ছোৱালী এইজনী কোন বাৰু ? দুদিন বেমাৰতে শুকাই হাড় চাল ওলোৱা মল্লিকাই তাক দেখি দুৰ্বল হাঁহি এটা মাৰি ক’লে –
: “শ্যাম দা, আপুনি মোক লগ ধৰিবলৈ আহিব বুলি অমলে কোৱাত ৰুলী মোৰ ওচৰৰ পৰা নোযোৱাই হ’ল জানে ?”
ৰুলী – এইজনীয়েই ৰুলী ! ইমান দিনে যাৰ লগত ফোনত কথা পাতি সি আপোন পাহৰা হৈ বেলেগ এখন পৃথিৱীলৈ যাবৰ উদ্যত হৈছিল , সেইজনী ছোৱালীৰ লগত এইজনী ছোৱালীৰ যেন আকাশ পাতাল পাৰ্থক্য ! ইমান ধুনীয়া ছোৱালীজনীয়ে নিজক কিয় এনেদৰে প্রসাধনৰ প্রলেপত ডুৱাই পেলাইছে । তাৰ চিন্তাবোৰত যতি পেলাই মল্লিকাই পুনৰ ক’লে -
: “ শ্যামদা , কোনখন পৃথিৱীলৈ গলাগৈ? কথা পাতা আকৌ ৰুলীৰ লগত! তাই তোমাৰ বাবেই ৰাতিপুৱাৰ পৰা সাজি কাচি ত’ত পোৱা নাই ৷”
: “ধ্যেৎ এইজনী কি কথা কয় !” – শ্যামে ৰুলীৰ মুখত তাৰ চিৰপৰিচিত মাতটো শুনি সকলো পাহৰি পেলালে । এৰা তাৰ কাৰণেই এজনী ধুনীয়া ছোৱালীয়ে নিজকে সজাইছে ! আস কি যে মন পুলকিত কৰা অনুভৱ । তাৰ বাবে কেৱল তাৰবাবে কৰবাত এটা জোন ওলাইছে , মাধৈ মালতী ফুলিছে , এজাক মিঠা ৰ’দে ধুনীয়া কোমল ঘাঁহনিত লুকা ভাকু খেলিছে ….।
ৰুলীৰ লগত প্রথম কি কথা পাতিছিল বাৰু সি ! ভাবিলে সি । মল্লিকাৰ বিচনাখনৰ তলৰ পৰা ৰিপৰ্ট লিখা ফাইলটো উলিয়াই পঢ়ি সি কৈছিল –
: “ AST, ALT বহুত বেচি আছে । থাকিব লাগে বত্রিশ আছে চাৰি হাজাৰ !”-ৰুলীয়ে মন্ত্রমুদ্ধ হৈ তাৰ মুখলৈ চাই থাকিল ! সি আকৌ ক’লে -
: “Interferon Alpha দিব লাগিব ...Tenofovir দিব লাগিব ।”
শ্যামে নিজৰ অসহজবোধ ঢাকিবৰ বাবে দৰব আৰু বেমাৰৰ কথাই কৈ থাকিলহেঁতেন । কিন্তু মল্লিকাই তাক বাধা দি পুনৰ তাইৰ দুৰ্বল মাতটোৰে ক’লে -
: “শ্যাম দাদা , তুমি এতিয়া ডাক্তৰি কথা বাদ দি বেলেগ কথা পাতাচোন !”
সঁচাকৈ মল্লিকা ছোৱালীজনী বৰ ভাল ছোৱালী । প্রতিটো মূহূৰ্ততে তাই লোকৰ ভাল হোৱাটো চিন্তা কৰে। মল্লিকাৰ লগত কিছু সময় কটোৱাৰ পিছত সি স্বাস্থ্য সঞ্চকালয়লৈ ওলাই গ’ল । ৰুলীক আৰু কিছু সময় লগ পোৱা হেঁপাহ মনতে লুকুৱাই সি গুচি গৈছিল । পিছ দিনা ৰাতিপুৱাই সি ৰুলীৰ ফোন পাইছিল । তাৰদৰেই অৱস্থা হৈছিল তাইৰ । দুয়োটাই তেতিয়াই লগ ধৰাৰ সিধান্ত লৈছিল । সি অট’ এখন ভাড়া কৰি তাইৰ হোষ্টেল ওলাইছিলগৈ । ফুট ফুটিয়া ধুনীয়া ফুল থকা ফ্রক পিন্ধা ৰুলীজনীক দেখি তাৰ আকৌ খেলি মেলি লাগি গৈছিল । একেজনী ছোৱালীৰ কিমান যে বেলেগ বেলেগ ৰূপ ! চিট পখিলীৰ দৰে নাচি থকা ৰুলীজনীক দেখি সি বিমোহিত হৈ পৰিছিল ! অলপ দূৰ লক্ষবিহীন ভাবে খোজ কঢ়াৰ পিছত সিহঁত এখন চিটি বাচত উঠি পৰিছিল । অনৰ্গল কথা কৈ গৈছিল ৰুলীয়ে । তাইৰ কথাই তাৰ কাণত মৌ বৰষিছিল । কথা কৈ থাকোঁতেই ৰুলীয়ে তাৰ হাতখন খামুচ মাৰি ধৰিছিল । মিডাচৰ স্পৰ্শৰ দৰেই তাইৰ হাতৰ স্পৰ্শই তাৰ তন মন হিয়া সোণসেৰীয়া কৰি তুলিছিল । অদ্ভূদ এক পুলক আৰু শিহৰণত তাৰ হিয়া দ্রুতভাবে কঁপিছিল !তাৰ এইখন হাতেৰে কত ছোৱালীৰ হাত স্পৰ্শ কৰিছে । শৰীৰ স্পৰ্শ কৰিছে । কিন্তু তাৰটো একোৱে অনুভৱ নহৈছিল । সকলো ছোৱালীকে সি মাথো ৰোগী হিচাপেহে স্পৰ্শ কৰিছিল । ৰোগীক সি কেৱল ৰোগী হিচাপেহে জানে । ছোৱালী , লৰা , ডেকা, বুঢ়া - একো বুলিয়ে নাভাবে । ৰুলীৰ মধুৰ কলকলনি আৰু স্পৰ্শত সি সপ্তম স্বৰ্গত উঠি থকা যেন পাইছিল । সি সকলো পাহৰি গৈছিল । নহলেনো পকেটৰ পৰা যে তাৰ পইচাৰ বেগতো পৰি গৈছিল সেয়াও সি গম নাপায় নে ! হাতত ধৰিয়েই দুয়োটা নামি আহিছিল বাচৰ পৰা – নতুনকৈ খোলা KFC খনত সোমাবলৈ । ওপৰৰ মহলাত থকা KFC খনৰ খট খটিৰ চিৰিকেইটাত উঠি যাওঁতে ৰুলীয়ে তাৰ মুখা মুখি হৈ হাতত ধৰি চিৰিকেইটা নোচোৱাকৈয়ে পাছলৈ ভৰি দি আগুৱাই গৈছিল । তাৰ মন ভৰি উঠিছিল । ইমান বেছি ভালপায় তাইক এই ছোৱালীজনীয়ে । এটা পলৰ বাবেও তাক তাৰ চকুৰ আগৰ পৰা আঁতৰ কৰিব বিচৰা নাছিল । KFC ত থকা সকলো মানুহৰ দৃষ্টি সিহঁতৰ ওপৰত আছিল । তাৰ অলপ লাজ লাগিছিল । কিন্তু ৰুলীয়ে অলপো সংকোচ কৰা নাছিল । গোটেই পৃথিৱীখনকে যেন তাই প্রত্যাহ্বান জনাব খুজিছিল । চোৱা চোৱা এইজন যুৱক – শ্যাম মোৰ- মাথো মোৰ !!
কিন্তু সেই সময়তে অঘটনটো ঘটিছিল । KFC ত বিভিন্ন খোৱা বস্তুৰ অৰ্ডাৰ দি পইচা দিবলৈ পকেটত হাত ভৰাইহে তাৰ সম্ভিত আহিল । তাৰ পইচাৰ বেগটো হেৰাল । হাতত তাৰ এটাও পইচা নাই – নিজৰ আই কাৰ্ড , ডেবিট কাৰ্ড, পেন কাৰ্ড সকলো তাৰ পইচাৰ বেগটোতে আছিল । কি কৰিব সি এতিয়া ? ৰুলী অপ্রকৃতিস্থ হৈ পৰিছিল । তাইৰ চিট পখিলী ৰূপটো হেৰুৱাই উদ্ধাউল শুকান ফাগুনৰ বতাহ এজাক হৈ পৰিছিল । চকুপানীৰে দুগাল দিয়াই তাই সকলোতে তাৰ পইচাৰ বেগটো বিচাৰি ফুৰিছিল । বাচৰ পৰা নমা স্থানটো ব্যাকুল হৈ তাৰ বেগ বিচাৰিবলৈ ধৰিলে । শ্যামৰ মনত সেই সময়ত মাথো চিন্তা হৈছিল বেংকলৈ ফোন কৰিব লাগিব । তাৰ মা- মণিৰ কাৰ্ডখনো তাৰ লগত আছিল । সেইখন হেৰুৱালে আতাকে মাকক মানে মা-মণিক আকৌ অনৰ্থক গালি পাৰিব । সি শান্ত হৈ কথাবোৰ চিন্তা কৰিছিল । তাক শান্ত হৈ থকা দেখি ৰুলী আৰু অশান্ত হৈ পৰিছিল । তাই হনুমান চালিছা গাবলৈ ধৰিছিল । মুখেৰে বিৰবিৰ কৰি হনুমান চালিছা গাইছিল আৰু তাক কৈছিল –
: “মোৰ যদি তোমাৰ প্রতি ভালপোৱা সঁচা হয় – তেনে তুমি পাৰ্চটো ঘুৰাই পাবাই চাবা ।” (আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ সপ্তম খণ্ড (15/5/16)

ধাৰাবাহিক উপন্যাসৰ সপ্তম খণ্ড (15/5/16)
 ooooooooooooooooooooookooooooolooনবজাবি বাঁহী শ্যাম ……
সন্ধ্যা ৭:৩০ বজাত চাৰ্জিকেল ইউনিট ৬ ৰ ডিউটি সামৰি লৰালৰিকৈ কাপোৰ কেইটা বেগত ভৰাই মন্তোষক খাতিৰ কৰিলে শ্যামে ষ্টেচনত নমাই থৈ আহিবলৈ । ট্রেইন আছে ৰাতি ৮:৩০ বজাত । কেনেবাকৈ ট্রেইনখন ধৰিব নোৱাৰিলে সি পুনৰ এটা সপ্তাহ ৰৈ যাব লাগিব তাৰ প্রেয়সী ৰুলীক দেখা পাবলৈ । নাই , তাৰ সিমান ধৈৰ্য নাই । এটা সপ্তাহ কিয় – এটা মিনিট সময় ৰ’বলৈও তাৰ মনটো সৈমান নহয় । পাৰিলে যেন এই ইন্টাৰ্নশ্বিপ – পঢ়া শুনা সকলো বাদ দি খেতি বাতিত ধৰিব আৰু ৰুলীক বিয়া কৰাই চিৰদিন তাইৰ মুখখন হেঁপাহ পলুৱাই চাই থাকিব ! কিন্তু নোৱাৰে সি এনে কৰিব । কাৰণ ৰুলীয়ে সপোনতো খেতি কৰা লৰা এটাক বিয়া কৰোৱাৰ কথা ভাবিব নোৱাৰে । আৰু সিও খন্তেকীয়া আবেগিক মূহূৰ্তত পঢ়া শুনা এৰাৰ কথা ভাবিলেও –চিকিৎসক হৈ মানুহৰ জীৱনটো যন্ত্রণামুক্ত কৰাৰ সপোনটো কেতিয়াও হেৰুৱাব নোখোজে । সেইটো সপোন হেৰাই গলে – সিও হেৰাই যাব ! ডিব্রুগড়ৰ পুৰণা ৰেল ষ্টেচনটোত মন্তোষৰ বাইকৰ পৰা হুৰমুৰকৈ নামি আহিল শ্যাম ।
: “ ভালকৈ যাবি দোস্ত ! ‘ভাবিজী’ক লগ কৰাৰ আনন্দত নিজৰ কাম ধাণ্ডাৰ কথা পাহৰি নাযাবি । সোনকালে ঘুৰি আহিবি ।”
শ্যামে লাজ লাজ ভাবেৰে মন্তোষৰ পিঠিত ঢকা এটা মাৰি ক’লে :
“ তোৰ ভাবিজীয়ে মোক কাম ধাণ্ডা পাহৰিবলৈ নিদিয়ে । চিন্তা নকৰিবি । দুদিন থাকিয়েই মই ঘুৰি আহিম ।”
ৰৈ থকা ট্রেইনখনে শেষ উকিটো মাৰিলে । মন্তোষে থেলা মাৰি শ্যামক ডবাটোত উঠাই দিলে ।
একেবাৰে ওপৰৰ বাৰ্থত তাৰ চিটটো । ট্রেইনৰ ওপৰৰ বাৰ্থটোত দূৰৰ কথা মাজৰ বাৰ্থটোত শুই যাবলৈও তাৰ ভাল নালাগে । মূৰটো ঘুৰায় । কিন্তু ৰুলীৰ কাৰণে সি সকলো কৰিব পাৰে । গোটেই ৰাতি সি হয়তো ট্রেইনত থিয় হৈ যাব পাৰিব । বেগটো ওপৰৰ বাৰ্থটোলৈ দলিয়াই জোতাযোৰ খুলি ওপৰলৈ উঠিবলৈ লওঁতেই ফোনটো বাজি উঠিল । ৰুলীৰ ফোন হয়তো । মনটো তাৰ আনন্দত নাচি উঠিল । পকেটৰ ভিতৰৰ পৰা ফোনটো উলিয়াই চালে । ৰুলি নহয়চোন ! অনুজিত দাদাৰ ফোন ! কি বা হ’ল ! অজন্তা বৌৰ এইবাৰো কিবা অঘটন হ’ল নেকি ?? লৰালৰিকৈ ফোনটো কাণৰ ওচৰলৈ আনি সি ক’লে ,
: “ অ’ অনুজিত দাদা, …” মুখখন সি ভালদৰে মেলিবলৈ নাপাওতেই অনুজিতৰ অস্থিৰ আৰু ক্রোধিত স্বৰ তাৰ কাণত ভাহি উঠিল ।
: “ ভাইটি, মই শেষ হৈ গ’লো ...বৰবাদ হৈ গ’ল মোৰ জীৱন । ... কি কৰিম মই এই কুকুৰৰ পোৱালীটোক ? চাল্লা সি ডাক্তৰি পঢ়িবলৈ আহে । পি চি অ ডি মোক বুজাবলৈ আহে .. কাটি দুটুকুৰা কৰি দিম মই তাক !!”
অনুজিতে অসংলগ্ন ভাবে কথাবোৰ কলেও শ্যামে লগে লগে কি ঘটনা ঘটিছে বুজি পালে ।
: “অনুজিত দাদা …”
কিবা ক’বলৈ লোৱাৰ আগতেই অনুজিতে পৃথিৱীৰ সমস্ত ডাক্তৰৰ ওপৰত থকা তাৰ বিৰক্তি, অভিযোগ শ্যামৰ ওপৰত উজাৰি গ’ল ! যেন সেই সকলোবোৰ ডাক্তৰৰ কৰ্ম কাণ্ডৰ বাবে শ্যামেই পৰোক্ষ ভাবে জগৰীয়া । ডাক্তৰৰ দোষ মানে শ্যামৰ দোষ । অৱশ্যে ডাক্তৰৰ গুণ মানে শ্যামৰ গুণ নহবও পাৰে !
: “ বুজিছা শ্যাম, ডাক্টৰ হলে এনেকুৱা ডাক্টৰ হবা । এয়াহে ডাক্টৰ !” – অজন্তাৰ দ্বিতীয়বাৰৰ কৃত্রিম গৰ্ভধাৰণৰ বাবে হোৱা প্রচেষ্টাত সফলতাৰ মুখ দেখোঁতে অনুজিতে কৈছিল । প্রতিদিনে পাঁচ, ছয় পেগ মদ খোৱা অনুজিতে মদ খাবলৈ এৰি দিছিল । ঘৰখনৰ প্রতিটো ৰূমৰ বেৰত শিশু কৃষ্ণ আৰু বহুতো ভগৱানৰ ফটোৰ আবিৰ্ভাব হৈছিল । ৰাতিপুৱা বোৱাৰী পুৱাতে গা ধুই ধুতী পিন্ধি প্রতিখন ভগবানৰ ফটোৰ সন্মুখত ধূপ ধূনা জ্বলাই সেৱা কৰা অনুজিতক দেখিলে মাখি এটাও মাৰিব নজনা নিমাখিত প্রাণী যেন লাগে । এইটো অনুজিত যে এসময়ত এক ‘দুধৰ্ষ দেশপ্রেমিক’ আছিল – হত্যা আৰু সন্ত্রাস যিকোনো প্রকাৰে নিজৰ বাবে এখন স্বাধীন দেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল, সেই কথা বিশ্বাস কৰিবলৈও কঠিণ লাগে ।
শ্যামৰ কথাক গুৰুত্ব নিদি তৃতীয়বাৰো বৰ লৰালৰিকৈ আন এজন বিখ্যাত স্ত্রীৰোগ বিশেষজ্ঞৰ ওচৰলৈ দৌৰ মাৰিছিল অনুজিত । আগৰ ৰিপৰ্ট আৰু অনুজিতৰ ব্যৱহাৰ দেখিয়েই ডা: ডোগ্গল নামৰ চতুৰ ডাক্তৰজনে নিজৰ কৰ্ম পদ্ধতি ঠিক কৰি লৈছিল । তেওঁ অনুজিতৰ টকাৰ পাহাৰটো ঢাহি মুহি খহাব পৰাকৈ নানাবিধৰ আৰু পৰীক্ষা নিৰীক্ষা কৰিলে । অৱশেষত তেওঁ কৃত্রিম ভাবে অজন্তাৰ গৰ্ভত অনুজিতৰ বীৰ্য সোমোৱাই অজন্তাক গৰ্ভৱতী কৰাৰ সিদ্ধান্ত ল’লে । সেই সময়ত অনুজিতে ফোন কৰি শ্যামৰ পৰামৰ্শ বিচাৰিছিল । শ্যামেনো কি ক’ব । সি এটা সৰু আৰু অনভিজ্ঞ ডাক্তৰ । MBBS পাছ কৰি এবছৰ ইনটাৰ্নশ্বিপ কৰি শেষ কৰিছেহে । তাৰোপৰি শ্যামৰ পৰামৰ্শ অনুজিতে যে নামানে , সেই কথাও সি জানে । কেৱল জনাব লাগে বাবেই বা পিছত কিবা এটা গণ্ডগোল হলে দোষাৰোপ কৰিবলৈ কাৰোবাক লাগে বাবেই শ্যামক কথাবোৰ সুধিলে ।
: “দাদা , ডা: ডোগ্গল অভিজ্ঞ মানুহ । তেওঁ নিশ্চয় আপোনালোকক সঠিক পৰামৰ্শই দিছে । আগবাঢ়ক আপোনালোক । মোৰ শুভকামনা থাকিল ।” – শ্যামে কৈছিল ।
: “চাবা , এইবাৰ কিবা গণ্ডগোল হ’লে মই ডাক্তৰক গুলীয়াই দিম । জেলত যাব লগীয়া হলেও যাম ।”-
অনুজিত যিমানহে বৰ্বৰ ,সি সঁচাকৈয়ে ডাক্তৰক গুলীয়াই দিব - শ্যামে ভাবিলে । তাৰ মনত পৰিল এবাৰ অনুজিতে কাজিৰঙাৰ পৰা পিকনিক খাই আহোঁতে ৰাস্তাত শুই থকা দুজন মগনীয়াৰ ওপৰদি গাড়ী চলাই দিছিল ।
: “ মাছৰ পেটুৰ দৰে পেৰেককৈ মানুহ কেইটাৰ পেটৰ নাড়ী ভুৰু ওলাই আহিছিল !” –বৰ গৌৰৱেৰে অনুজিতে শ্যামক কৈছিল । শ্যাম শিয়ঁৰি উঠিছিল । মাক অৰুণিমাক এই কথা ক’ব নে নক’ব সি ভাবি পোৱা নাছিল । সি জানে অনুজিতৰ কথা ক’লে মাকে তাক অনুজিতৰ সুমতি হ’বৰ বাবে প্রাৰ্থনা কৰিবলৈ ক’ব । লগতে তাক অনুজিতৰ দৰে মানুহক সহায় নকৰিবলৈও দঢাই দঢাই ক’ব । কিন্তু সি যে অনুজিতহঁতক কি পৰিস্থিতিত সহায় কৰিবলৈ বাধ্যত পৰে কেনেকৈ মাক অৰুণিমাক বুজাব !! (আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ ষষ্ঠ খণ্ড (13/5/16)


ধাৰাবাহিক উপন্যাসৰ ষষ্ঠ খণ্ড (13/5/16)
 00000000000000000000000000 
“আজিকালি ছোৱালীবোৰৰ গৰ্ভপাত কৰাৰ হাৰ বাঢ়িছে – সেই কাৰণে পি চি অ ডি বাঢ়িছে” ! শ্যামে যদি এনেদৰে কয় , তেনে অনুজিতে মৰিয়াই মৰিয়াই তাইৰ মুখৰ পৰাই আগৰ কথাবোৰ বাহিৰ উলিয়াব । তাই সন্মুখৰ ৱালত ওলমি থকা কৃষ্ণৰ আটাই কেইখন ফটোলৈ চাই মনতে এবাৰ সেৱা জনালে ।
: “ আজি কালি বেচি সংখ্যক ছোৱালীয়ে কেৱল জাংক ফুড মানে মেগী ,পিজ্জা, বাৰ্গাৰ এইবোৰ খায়েই জীৱন পাত কৰে । এইবোৰ খাদ্যই পি চি অ ডি ৰ সৃষ্টি কৰে । ৱেষ্টাৰ্ণ কান্ট্রিবোৰত ছোৱালীবোৰৰ এইটো সমস্যাই ৰাষ্ট্রীয় সমস্যাৰ ৰূপ লৈছে । তাত পি চি অ ডি ৰ ওপৰত গৱেষণাও বেচি । ” শ্যামে কৈ গ’ল ‘ “পি চি অ ডি আচলতে ধনী ছোৱালীৰ বেমাৰ ।”
: “ ঠিকেই কৈছা । আমাৰ এই গৰাকীও কম নাছিল তেনে ! এতিয়াও মেগী খায়েই ৰাতিটো পাৰ কৰিব বিচাৰে !” অনুজিতে অজন্তালৈ কেৰাহি কৈ চাই ক’লে ।
অনুজিতে শ্যামৰ আগত তাইৰ বিষয়ে এনেকৈ কোৱাত অজন্তাই বিশেষ লাজ নাপালে - সকাহহে পালে ।
শ্যামলৈ অনুজিতৰ মাকৰ বৰ মৰম । পুতেক বোৱাৰীয়েকৰ বাবে অনা চিৰা , সান্দহৰ টোপোলাটোৰ সদ ব্যৱহাৰ শ্যামেহে কৰে । শ্যামেও ‘আইতা’ “আইতা” কৰি শাহুৱেকৰ পিছে পিছে ঘূৰি ফুৰে। অজন্তাৰ বৰ খং উঠে ।

সেইবাৰ ছয়টা দামী দামী ইনজেকচন লোৱাৰ পিছতো অজন্তাৰ শৰীৰত স্থিতি লোৱা অকণমানি প্রাণটো ডাঙৰ নহ’ল বৰঞ্চ সিহঁত দুয়োটাৰে শৰীৰ , মন সকলোতে প্রচণ্ড ঘাঁ লগাই এটুপি তেজ হৈ গলি ওলাই গ’ল !
অনুজিত উন্মাদ হৈ পৰিছিল । বেৰত ওলমাই থোৱা কৃষ্ণৰ ফটোবোৰ এখন এখনকৈ দলিয়াই পেলাইছিল । মাকে মানা কৰাত জোৰেৰে ঠেলা মাৰি আঁতৰাই পঠিয়াইছিল । দুৰ্বল বুঢ়ী মানুহগৰাকী কোনোমতেহে মুখ থেকেচা খাই নপৰাকৈ থাকিল! অজন্তাই ভয়তে ওচৰতে থকা দেওৰেকৰ ঘৰলৈ ঢাপলি মেলিছিল ।
দেওৰেকে নতুনকৈ বিয়া কৰাইছিল । দেওৰেকৰ নতুন কইনা মিলিলৈ অজন্তাৰ অহেতুক আক্রোশ এটা আছিল । তাইৰ সমান ধুনীয়া নহয় যদিও কইনাজনীৰ মুখত এটা কোমলতা আছে । বুকুখনত যেন মাতৃৰ মমত্বৰে ভৰি আছে – এনে লাগে তাইৰ । এইজনী ছোৱালী চকুৰ আগত তাইতকৈ আগেয়ে মাক হ’লে অনুজিতে তাইক কি কৰিব ভাবি নাপায় ! এৰা তায়োতো মাক হ’লহেঁতেন ! হেমন্তৰ সন্তানৰ মাক ! আজি তাইৰ সিদিনা হাঁহি হাঁহি মাৰি পেলোৱা হেমন্তৰ বীৰ্যৰে তাইৰ কোষত গঢ় লোৱা সন্তানটোলৈ মনত পৰি দুটোপাল তপত চকুপানী সৰি পৰিল ! মিলিয়ে সহানুভূতিৰে তাইক সাৱটি ধৰিলে । কিন্তু অজন্তাই মিলিক সাৱটি কন্দাৰ পৰিবৰ্তে ওলোটাই কঠোৰ ভাবে প্রশ্ন কৰিলে –
: “সিদিনা তুমি মোক খাবলৈ দিয়া মাছৰ আঞ্জাখিনিত কি মিলাই দিছিলা ? তুমি পঠিয়াই দিয়া বস্তু খায়েই মোৰ এই অৱস্থা হ’ল !!”
মিলি হতভম্ব হ’ল । কি কথা কয় এই মানুহগৰাকীয়ে ! যি গৰাকী নাৰীৰ দুখ আৰু চকুপানীৰ লগত তাই একাকাৰ হব খুজিছিল –সেই গৰাকী নাৰীয়েই তাইক ইমান ডাঙৰ মিছা অপবাদ এটা সানি দিছে । মিলি মনে মনে আনৰ অপবাদ শুনি বহি থকা ছোৱালী নহয় । তায়ো অজন্তাক টানকৈ কিবা কিবি ক’বলৈ ধৰিলে । শ্যাম সেইদিনা মিলিহঁতৰ ঘৰতে আছিল । সি কোনোমতে দুয়োজনী মহিলাৰ মাজত হস্তক্ষেপ কৰি পৰিস্থিতি সহজ কৰি তুলিলে । অজন্তাই এইটো ছেগতে শ্যামৰ বুকুৰ মাজত সোমাই হিয়ালি জিয়ালি কৈ কান্দিলে । মিলিৰ কিন্তু অজন্তাৰ এই কান্দোন ভেকো ভাওনা যেনহে লাগিল । অজন্তাই কেতিয়াও কোনো শিশুকে মৰম কৰি পোৱা নাই – একোলা লোৱা দূৰৰ কথা ।
মিলিৰ অনুৰোধতে শ্যামে তাইক অনুজিতৰ ওচৰলৈ লৈ গ’ল । অনুজিতে শ্যামক দেখিয়েই চিঞৰ মাৰি উঠিল –
: “ আৰে ডাক্তৰ চাহাব ! আহক আহক – মোৰ বৰবাদি চেলিব্রেট কৰোঁ আহক !” দিনতে মদ খাই অনুজিত মাতাল হৈ আছে । শ্যামে কিবা এষাৰ কোৱাৰ আগতে সি মাত লগালে –
: “এইবোৰ চব বেপাৰী । ফালি পেলোৱা তোমালোকৰ ডাক্তৰী কিতাপ পত্র ! এনেই মানুহক ঠগিবৰ বাবেহে এইবোৰ কিতাপ পত্র । একো কৰিব নোৱাৰা তোমালোকে !”
: “ ডাক্তৰবোৰো মানুহহে দাদা । ভগবান নহয় …” শ্যামে সৰুকে মাত লগাওতেই অনুজিতে পুনৰ গৰ্জি উঠিল –
: “ডাক্তৰবোৰ মানুহ নহয় – পিশাচ ! আৰু ভগবান –নাম নল’বা মোৰ আগত সেই কণাটোৰ !!”
শ্যামে এইবাৰ একো নকৈ মনে মনে থাকিল । কিছু সময়ৰ পিছত অনুজিতে পুনৰ ক’লে –
: “শ্যাম , কোৱাচোন আছেনে এনে কোনোবা ডাক্তৰ যি সঁচাকৈ চিকিৎসা কৰিব পাৰে – এই ‘পি চি অ ডি’ নে কি বোৰৰ !”
‘পি চি অ ডি’ – এই শব্দটো কৈ অজন্তালৈ কট মটকৈ চালে সি । তাই ভয়তে কুচি মুচি হৈ পৰিল । মদ খাবলৈ ল’লে যেতিয়া তাইৰ ওপৰত সামান্য অজুহাততে মাৰ কিলো পৰিব । ক’ৰ পৰানো কি হৈ যায় – ভাবি নাপায় তাই !
: “দাদা, বৌৰ বডিটোৱে ফিটাচ ৰিজেকচন কৰি আছে । আপোনালোকে অলপ সময় বাট চাওক । বৌৰ বডিটোক এডজাষ্ট হ’বলৈ দিয়ক । তাৰ পিছত ট্রিটমেন্ট কৰি লাহে ধীৰে আগবাঢ়ক ।”
: “ফাল্টু কথা নকবা । আমাতকৈ পিছত বিয়া কৰোৱা ভাইটোৰে লৰা ছোৱালী হ’বৰ হ’ল । বয়সো ৰৈ নাথাকে নহয় … ”- অনুজিতে গেঙেৰী মাৰি ক’লে ।
শ্যামৰ হঠাৎ মন গ’ল তাৰ মাক অৰুণিমাই দিয়া দৰ্শনৰ জ্ঞান অলপমান অনুজিতক দিবৰ বাবে । সি ক’লে –
: “দাদা, এই পৃথিৱীত কিমানবোৰ অনাথ ল'ৰা ছেৱালী আছে ..সিহঁতৰ এটাকে তুলি তালি ললেও চোন আপোনাৰ পিতৃ হোৱাৰ ইচ্ছা পূৰ্ণ হ’ব !”
অনুজিত জাঙুৰ খাই উঠিল –
: “পাগল হৈছা নেকি তুমি ? ক’ৰ অনুজিত চলিহা আৰু ক’ৰ কেও কিছু নথকা , তেজ মঙহৰ পৰিচয় নোহোৱা অনাথ লৰা এটা ! মোৰ তেজ, মঙহ , মোৰ জিন, মোৰ ক্রমজম নহলে এই পৃথিৱীত মোৰ অস্তিত্ব ক’ত থাকিব !!!”
: “It is the heart that is important অনুজিত দাদা !”- শ্যামেও হাৰ নামানিলে । কি ঠিক মাকে সদায় কৈ থকা বাক্য শাৰীয়ে যদি কেনেবাকৈ অনুজিতৰ দৰে বৰ্বৰ, নিষ্ঠুৰ ব্যক্তি এজনৰ চিন্তাধাৰা সলাই দিয়ে !
শ্যামলৈ অলপ খঙেৰে চাই মুখেৰে কিবা এটা ভুৰভুৰ কৰি অনুজিত ওলাই গ’ল ৰুমৰ পৰা । আইতাকক সেৱা এটা কৰি শ্যামো গুচি আহিল সিহঁতৰ ঘৰৰ পৰা । আজি তাৰ ৰুলীৰ লগত দীঘলী পুখুৰীৰ পাৰত থকা Café Coffee Day ত বহি কফি খোৱাৰ কথা আছে । (আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ পঞ্চম খণ্ড


ধাৰাবাহিক উপন্যাসৰ পঞ্চম খণ্ড 
ooooooooooooooooooooooooooppppoo:
 “ হেল্ল শ্যাম ! ভালনে তোমাৰ !” তাই ফোনটোত শ্যামৰ নম্বৰ ডায়েল কৰি লেনিয়াই মাত লগালে ।
: “অ’ বৌ , ভালে আছো । আপোনাৰ খৱৰ কওঁকচোন ?”
: “ উস ৰাম ! তোমাক মই কিমান বাৰ কৈছো –মোক ‘আপুনি’ বুলি নক’বলৈ ! মইতো তোমাতকৈ খুউব বেচি এবছৰ মানহে ডাঙৰ হ’ম ।”
শ্যামে ডাঙৰকৈ হাঁহি এটা মাৰি তাইক ক’লে-
: “হ’ব বৌ মই আপোনাক ‘তুমি’ বুলি ক’বলৈ চেষ্টা কৰিম বাৰু ? এতিয়া কওঁকচোন কিয় ফোন কৰিলে ?”
এই এটা কাৰণতে তাই শ্যামক বেয়া পায় । এটা ভৰ যৌৱনৰ ডেকা লৰা অথচ সন্ন্যাসীৰ দৰে নিৰাসক্ত । বিবাহিতা হ’ল বুলিয়েই তাইৰ দৰে ধুনীয়া নাৰী এজনীক সি মূৰ তুলি চাব নোৱাৰেনে ? দুষাৰ মুখৰোচক কথাও পাতিব নোৱাৰে । মহা বুৰ্বক লৰা এটা । তাৰ গাৰ্ল ফ্রেণ্ডজনীলৈও মাজে মাজে হিংসা হয় তাইৰ । সেইজনী ছোৱালী যে কিমান ভাগ্যবান । শ্যামৰ দৰে লৰা এটা পাইছে । বিয়াৰ পিছতো সি তাইক পূজাৰ বেদীত থকা দেৱীজনীৰ দৰে ৰাখিব । শ্যামক ভাল লগাবৰ বাবে তাই লৰালৰিকৈ সুধিলে –
: “ ৰুলীৰ কি খবৰ শ্যাম ? লগ পাইছানে নাই ?”
লাজ লাজকৈ শ্যামে ক’লে –
: “ৰুলীৰ খবৰ ভালেই বৌ । এই কেইদিনত হেনো তাইৰ কিবা এটা প্রজেক্টৰ কাম চাবমিট কৰিবলগীয়া হৈ আছে । কামবোৰ শেষ হোৱা নাই । সেয়ে তাইৰ বৰ টেনচন হৈ আছে । একেবাৰে আজলী ছোৱালী তাই । ময়ো তাইক সহায় কৰি দিব পৰা নাই । চাওঁচোন এই কেইদিনতে আহিব পাৰোঁ নেকি গুৱাহাটীলৈ ! তেতিয়াহে লগ পাম ৰুলীক ।”
অজন্তাই ভিতৰি ভিতৰি দাঁত মুখ কৰচি উঠিল । গাৰ্ল ফ্রেণ্ডৰ কথা সুধিলত মুখৰ পৰা সল সলকৈ এসোপা কথা ওলাই পৰিল । যিয়েই নহওক সি গুৱাহাটীলৈ আহিলে ভালেই হ’ব । অন্ততঃ এই আপাহতে সি সিহঁতৰ ঘৰলৈ আহি তাইকো চাই মেলি যাব পাৰিব । অনুজিতক বিয়া কৰাই তাই দামী গাড়ী , কাপোৰ, ঘৰ সকলো পাইছে । সকলো পালেও তাইৰ দৰে তৰল মনৰ বৈষয়িক সুখকে জীৱনৰ সাফল্য বুলি ভবা নাৰী এগৰাকীয়েও ভিতৰি এক দৈন্যতা অনুভৱ কৰে । ধুনীয়া চেহেৰা, দামী গাড়ী , নতুন ডিজাইনৰ কাপোৰ আদিয়েও তাইৰ আশে পাশে কোনো ভ্রমৰৰ গুঞ্জন সৃষ্টি কৰা নাই । ভোমোৰা নাথাকিলে ফুলৰ ৰূপ ৰসৰ কি অৰ্থ আছে- তাই ভাবে । সেয়ে তাই জোৰ জবৰদস্তি শ্যামক ভোমোৰালৈ পৰিবৰ্তন কৰিবলৈ খোজে । তাৰ দৰে এটা ধুনীয়া অদ্ভূত ভ্রমৰ –মৌ ৰস পাণ নকৰি কেৱল ওচৰলৈ আহিলেই ফুল এপাহ ফললৈ ৰূপান্তৰিত হ’ব !
মনৰ ভাববোৰ মনতে লুকুৱাই ৰাখি তাই ধুনীয়াকৈ হাঁহি এটা মাৰি ক’লে –
: “ অ’তো , ৰুলীক তুমি সহায় নকৰিলে কেনেকৈ হ’ব । এনেবোৰ কথাইহে পৰস্পৰৰ মাজত মৰম স্নেহ বঢ়ায় । তুমি যেনেতেনে সোনকালে গুৱাহাটীলৈ আহি যোৱা । গুৱাহাটীলৈ আহিলে আমাৰ ঘৰত সোমাবলৈ নাপাহৰিবা কিন্তু !”
: “নিশ্চয় আহিম বৌ ।” শ্যামে তাৰ আৰু ৰুলীৰ কথা ভালদৰে ভবা সকলো মানুহকে আপোনৰো আপোন যেন ভাবে ।
সেইবাৰ শ্যাম আহি অজন্তাৰ আল্ট্ৰা ছন’গ্রাফিৰ ৰিপৰ্টবোৰ চায়েই বুজি পাইছিল – কিবা এটা গণ্ডগোল আছে । কেঁচুৱাটোৰ হৃদপিণ্ডৰ ধপ ধপনিয়েই নাইচোন !! তথাপিও ইমান আশাৰে এটি সন্তানৰ কাৰণে বাট চাই থকা এহাল দম্পত্তিক সি নিৰাশ কৰিব নোৱাৰে । ডা: মিহিৰ দত্ত তাততৈ হাজাৰ গুণ অভিজ্ঞ ,সুদক্ষ ডাক্তৰ । তেখেতে নিশ্চয় কিবা প্রকাৰে অজন্তাৰ গৰ্ভত থকা তাৰ দৃষ্টিত মৃত যেন লগা সন্তানটিক জীয়াই তুলিব । সন্তানটিৰ হয়তো মৃত্যু হোৱা নাই । সেই তেতিয়াই অনুজিতে তাক কৈছিল –
: “বুজিছা শ্যাম , তুমিও ডা: মিহিৰ দত্তৰ দৰে হ’ব লাগিব । ভগবানকো চেলেঞ্জ দিব পাৰে । এইবোৰহে ডাক্তৰ ! পঢ়া, পঢ়া… ভালদৰে পঢ়ি ডা: মিহিৰ দত্তকো চেৰ পেলাব লাগিব । অৱশ্যে মিহিৰ দত্তক চেৰ পেলাবলৈ কোনো ‘মাইকা লাল’ ডাক্তৰৰ সাধ্য নাই !”
শ্যামে নীৰৱে শুনি গৈছিল অনুজিতৰ কথা ।
: “এতিয়া দত্ত চাৰে কি ট্রিটমেণ্ট দিব ?” – সি শান্ত ভাবে সুধিলে । তাৰ নিজৰ ভিতৰত হোৱা দুখ আৰু দুঃচিন্তাখিনি যাতে বাহিৰত প্রকাশ নাপায় –তাৰবাবে সি আপ্রাণ চেষ্টা কৰিলে ।
: “ এতিয়া আৰু ছয়টা বেজী দিব হেনো !” অজন্তাই শ্যামক নিজৰ প্রতি আকৰ্ষণ কৰিবলৈ অনুজিতে কিবা কোৱাৰ আগতেই মাত লগালে।
: “কিহৰ ইঞ্জেকচন ?” –শ্যামে অনুজিতলৈ চাই সুধিলে । অজন্তা অলপ বিৰক্ত হ’ল । শ্যাম তাইৰ বাবেহে আহিছে – কিন্তু অনুজিতৰ লগতহে তাৰ বেচি কথা ।
: “ কিবা হৰমনৰ ইঞ্জেকচনেই দিব বোলে ।” অনুজিতে ক’লে ।
“হৰমণ” কি যে এক বিচিত্র বস্তু ! বিশেষকৈ মহিলাৰ শৰীৰত ইয়াৰ কিমান কি যে খেলা !! ইষ্ট্রজেন , প্রজেষ্টেৰণ আদি হৰমণৰ লুকা ভাকুয়ে এগৰাকী নাৰীৰ জীৱন কিমান যে সলনি কৰি দিব পাৰে । এই যে অজন্তা চলিহা – এই মানুহগৰাকীও হৰমণৰ ষড়যন্ত্রৰে বলি ! হৰমণে মানুহৰ আবেগ অনুভতিবোৰো পৰিচালনা কৰে । অৱশ্যে আবেগ অনুভতিবোৰেও হৰমণক পৰিচালনা কৰে ।
: “পি চি অ ডি আজিৰ আধুনিক সমাজৰ ছোৱালীবোৰৰ কমন প্রব্লেম হৈ পৰিছে জানেনে অনুজিত দাদা ?” – শ্যামে ক’লে ।
: “ হয় নেকি ? কিয় এনে হৈছে কোৱাচোন ?” – অনুজিতে সুধিলে ।
অজন্তাই কাণখন থিয় কৰি ৰ’ল । কেনেবাকৈ বাৰু শ্যামে তাইৰ আগৰ জীৱনৰ ভুলৰ কথা ক’বলৈ বিচাৰিছে নেকি ? তাইৰ বুকুখন ধক ধক কৰি উঠিল ।(আগলৈ ....)

ধাৰাবাহিক উপন্যাসৰ চতুৰ্থ খণ্ড (8/5/16)

ধাৰাবাহিক উপন্যাসৰ চতুৰ্থ খণ্ড (8/5/16)
 oooooooooooooooooooooooooooooooo
মাকৰ ঘৰলৈ কেইদিন মানৰ কাৰণে যাবলৈ সকলো বিয়া দিয়া ছোৱালীয়ে ভাল পায় – কিন্তু চিৰদিনৰ বাবে যাবলৈ কোনো বিয়া দিয়া ছোৱালীয়ে ভাল নাপায় । অজন্তাই চিৰদিনৰ বাবে দূৰৰ কথা কেইটামান দিনৰ বাবেও মাকৰ ঘৰলৈ যাবলৈ ভাল নাপায় । গাঁৱৰ লেতেৰা পেতেৰা ঘৰ এখন – তিনিজনী বিয়া নোহোৱা ভনীয়েক । বেমাৰী মাক- দেউতাক হাললৈও তাইৰ কোনো আবেগ-অনুভূতি নাই । অনুজিতে কেৱল তাইৰ ৰূপ যৌৱন দেখি আৰু কোষ্ঠি কুণ্ডলি আদি মিলাৰ বাবেহে বিয়া পাতিছিল । শহুৰেকৰ ঘৰলৈ সি কেৱল আঠমঙলাৰ দিনতেই যি গৈছিল । তাৰ পিছত এদিনো যোৱা নাই । অজন্তায়ো “মাৰ ঘৰলৈ যাওঁ” বুলি আনবোৰ মাইকী মানুহৰ নিচিনাকৈ পেন পেন কৰি নথকাৰ বাবে অনুজিতে ভালেই পাইছিল । অজন্তাৰ ভনীয়েক কেইজনী তাইৰ দৰে ধুনীয়া নহয় । কিন্তু পঢ়া শুনাত অজন্তাতকৈ ভাল । অজন্তাই নামতহে পঢ়া-শুনা কৰিছিল । কিতাপ বুলি কলেই তাইৰ গাতো বিচাই ডকাৰ দৰে লাগে । কোনোমতে চুচৰি বাগৰি বি. এ পাছ কৰিলে । ভাগ্যে বি এ পৰীক্ষা দি উঠিয়েই তাইৰ বিয়া হ’ল । নহলে হয়তো দেউতাকে তাইক এম এ পঢ়িবলৈ পঠিয়ালেহেঁতেন । তাইৰ মতে বি এ, এম এ- এই ডিগ্রীবোৰ ছোৱালীবোৰৰ ‘বিয়াৰ বজাৰত বিক্রি'ৰ বাবে এটা অন্যতম অৰ্হতা । তাইৰ ভনীয়েক কেইজনীৰ দৃষ্টি ভংগী কিন্তু তাইৰ দৰে নহয় । সেয়ে তাই ভাল নাপায় ভনীয়েক কেইজনীক । ডাঙৰ ভনীয়েক জনীয়ে বি এ পাছ কৰি চাকৰি এটাত সোমাইছে আৰু লগতে কোনোবা এখন মুক্ত বিশ্ব বিদ্যালয়ৰ পৰা এম এ ডিগ্রী ল’বৰ বাবেও পঢ়া শুনা কৰি আছে । তাই ভনীয়েকক কৈছিল –
: “ কিমাননো আৰু পঢ়া-শুনা কৰি থাক । চাকৰি পাইছ – অলপ জীৱনটো এনজয় কৰ । সোনকালে ভাল লৰা এটা চাই বিয়া হ ।”
ভনীয়েকে তাইৰ কথাৰ উত্তৰ নিদি কেৱল এটা হাঁহি মাৰি থৈছিল । সেই হাঁহিটোৰেই যেন তাইক বুজাই দিছিল অজন্তাৰ দৰে এজনী বুৰ্বক গাধা ছোৱালীক একো কথা কোৱাৰ প্রয়োজন নাই । ভনীয়েকহঁতৰ অবজ্ঞা , মাক দেউতাকৰ হাজাৰ বিজাৰ উপদেশ, গাৱলীয়া ৰীতি নীতি আদিয়ে তাইক জন্ম হৈ ডাঙৰ দীঘল হোৱা ঘৰখনৰ প্রতি বিতশ্রদ্ধ কৰি তুলিছিল ।
অজন্তাই নিজৰ শৰীৰটোৰ বাহিৰে কাকো ভাল নাপায় । অনুজিতকো ভাল নাপায় । অনুজিত তাইৰ বাবে লাহ বিলাস, আৰাম প্রিয়তাৰ সাধন আদিৰ যোগাৰ দিয়া পতি নামৰ এচমকা ৰঙা ৰং মাথো । মাত্র এটা সন্তান জন্ম দিব পাৰিলেই অনুজিতে তাইক পৃথিৱীৰ সকলো লাহ বিলাস , প্রাচুৰ্য্যতাৰে ঢাকি পেলাব ! তাইৰ নিজে কিন্তু সন্তানৰ বাবে ইমান উদ্বাউল নহয় ! কিন্তু অনুজিতে তাইক সন্তান জন্ম দিয়াৰ যন্ত্র হিচাপেহে নিজৰ লগত ৰাখিছে । গতিকে সেই যন্ত্রৰ যি কাম, সেই কাম তাই কৰিবই লাগিব । যন্ত্র এটাই কাম নকৰিলে তাক কেতিয়াও মানুহে নিজৰ লগত নাৰাখে - অজন্তাই সেয়ে প্রাণ টাকি চেষ্টা কৰিছে এটা সন্তান জন্ম দি অনুজিতক সুখী কৰিবলৈ !! ৰাতিপুৱা পাঁচ বজাতে শুই উঠি চাৰি মাইল ৰাস্তাত খোজ কঢ়া , খোৱাৰ নামত এখন শুকান ৰুটি, শাক পাচলিৰ চুপ আৰু খাই বেয়া পোৱা নানা বিধ ফল মূল । এমাহতে তাইৰ ওজন বহুখিনি কমি গ’ল । ডা: মিহিৰ দত্তৰ ওপৰত সিহঁতৰ আশা, বিশ্বাসো দৃঢ় হৈ গৈ আছে । ইতিমধ্যেই ডাক্তৰে কেইবা লাখ টকাৰ কেইবা বিধো টেষ্ট কৰালে । পইচাবোৰ গৈ আছে – যাওঁক – মাত্র সিহঁতৰ কামনাবোৰ পূৰণ হব লাগে । নহলেনো এইবোৰ অজস্র সম্পত্তি কোনে ভোগ কৰিব ! অৱশেষত মিহিৰ দত্তই তাইক হৰমনৰ বেজী দিয়াৰ সিদ্ধান্ত ল’লে । হৰমনৰ বেজী একোটাহঁতৰ দামেই পোন্ধৰ হাজাৰ টকা । তাৰোপৰি প্রতিটো বেজী লোৱাৰ পিছত হোৱা যন্ত্রণাখিনি আছেই । অৱশ্যে চিৰদিনৰ বাবে মাকৰ ঘৰলৈ যাব লগীয়া হোৱা যন্ত্রণাতকৈ এই যন্ত্রণা তাইৰ বাবে কমহে। বেজী লোৱাৰ কেইমাহ মানৰ পিছতে তাই অনুজিতক তাৰ পৰম আকাংখিত খবৰটো দিলে । অনুজিতে পুনৰ তাইক পাটমাদৈ বনালে । এইবাৰ অনুজিতে গাঁৱৰ ঘৰত থকা তাৰ মাকক আনি অজন্তাৰ লগত ৰখাৰ ব্যৱস্থা কৰিলে । অজন্তাই সিহঁতৰ এইটো ঘৰত শাহুৱেকৰ উপস্থিতি বৰ এটা ভাল নাপায় । অনুজিতৰো মাক দেউতাকৰ প্রতি বিশেষ এটা টান নাই । কেতিয়াবা মাক বা দেউতাক পুতেক বোৱাৰীয়েকৰ ওচৰলৈ কিছুদিন থাকিবলৈ আহিলেও অজন্তাই কিবা কিবি অজুহাতত এৰাতিৰ পিছতে তেওঁলোকক গাঁৱৰ ঘৰত থৈ আহিব ক’লে সি কোনো আপত্তি নকৰাকৈ থৈ আহে । এইবাৰ কিন্তু সি মাকক প্রতিটো মূহূৰ্ততে তাইৰ গা ৰখীয়া হৈ থাকিবলৈ লৈ আনিছে । এতিয়া অজন্তাই বাধ্য হৈ শাহুৱেকৰ উপস্থিতি সহ্য কৰিব লগীয়া হৈছে । শাহুৱেকেও অনুজিতক বৰ ভয় কৰে । সৰুৰে পৰা শান্ত সৰল মানুহ গৰাকীয়ে বৰ পুতেক অনুজিতক শাসন কৰিব নোৱাৰিলে । মহা অঘাইটং এই লৰাটোৱে সৰু থাকোঁতে তেওঁক যিমান জ্বলা কলা খুৱাইছিল- ডাঙৰ হোৱাৰ পিছতো সমানেই জ্বলা কলা খুৱাইছে । বিয়াৰ পিছত গাঁৱৰ ধুনীয়া বোৱাৰী এজনী পাই সি কিছু শান্ত হ’ব বুলি ভাবিছিল যদিও, সেই আশা পূৰণ নহ’ল । গাঁৱৰ ছোৱালী যদিও বোৱাৰীয়েকে গাঁৱৰ ঘৰলৈ যাবই নুখুজে । তেওঁকো ভালদৰে মাত বোল নকৰে । অনুজিত নথকা সময়খিনিত তাই নিজৰ ৰুমৰ দুৱাৰ বন্ধ কৰি শুই থাকে । শাহুৱেকে বোৱাৰীয়েকলৈও ভয় কৰে । গোটেই জীৱন কেৱল ভয় কৰি কৰিয়েই পাৰ কৰিছে মানুহগৰাকীয়ে । সৰুতে দেউতালৈ ভয় কৰিছিল । বিয়াৰ পিছত নিজৰ পতিলৈ ভয় ,তাৰপিছত এতিয়া পুতেক বোৱাৰীয়েকলৈ ভয় । অনবৰতে সংকুচিত হৈ থকা মানুহ গৰাকীক দেখিলে যিকোনো সংবেদণশীল ব্যক্তিৰে সহানুভূতিত চকু সেমেকি উঠিব ! তিনিজনী কামকৰা ছোৱালী থাকিলেও নিজ হাতে বোৱাৰীকক বিধে বিধে ৰান্ধি খোৱাবৰ মন কৰে মানুহ গৰাকীয়ে । কিন্তু অজন্তাই শাহুৱেকৰ হাতেৰে ৰন্ধা আজ্ঞা মুখত দিয়েই বিকটাই দিয়ে । ৰন্ধা বঢ়া কৰিবলৈ নিয়োগ কৰা ছোৱালীজনীক মাতি আনি তাই গালি পাৰে –
: “ আনে যদি ৰান্ধিব লাগে , তোক মই ইমান টকা পইচা খৰচ কৰি কিয় ৰাখিছোঁ ? এইবোৰ মুখত দিব নোৱাৰা ‘গাঁৱলীয়া খানা’ মই নাখাওঁ । এনেই মিছাকৈ বস্তুবোৰ নষ্ট কৰে !”
‘ আন ’ বুলি তাই কাক উদ্দেশ্য কৰিছে , সেই কথা হোজা শাহুৱেক গৰাকীৰো বুজি পাবলৈ অসুবিধা হোৱা নাছিল । তাইৰ মুখৰ ‘গাঁৱলীয়া খানা’ শব্দটো শুনিলে ৰান্ধনি পদুমীৰো হাঁহি উঠে । তাই ভুৰ ভুৰ কৰি আন দুজনী কামকৰা ছোৱালী সবিতা আৰু কাজলক কয়-
: “এনে টাউনৰ ছোৱালীজনী তেওঁ । আমাৰ একেখন গাঁৱৰেই ছোৱালী । মই দেখিছো নহয় বাইদেউৰ মাকৰ ঘৰ । যিহে ভঙা চিঙা ঘৰ ! এতিয়া টাউনত থকা লৰাৰ লগত বিয়া হৈ কথাই প্রতি ‘গাঁৱলীয়া’ ‘গাঁৱলীয়া’ কৈ থাকে !”
সবিতায়ো কয় –
: “শাহুৱেক আৰু আমাৰ আগতহে বাইদেৱে ৰজা হৈ দেখুৱায় । গিৰিয়েকৰ আগত কিন্তু নিগনিৰ দৰে ভয়ে ভয়ে থাকিব লাগে । চাৰে ভালেই নাপায় বাইদেউক ! মই যে চাৰৰ নিচিনা মানুহলৈ বহুত টকা থাকিলেও বিয়া নহওঁ দেই !”
সিহঁতৰ কথাৰ সুৰ লাহে লাহে বেলেগ ফালে ঢাল লয় । আমন জিমনকৈ বহি থকা অনুজিতৰ মাকলৈ সিহঁতৰো দুখ লাগে।
: “আইতাজনী যে ইমান ভাল । এনেকুৱা এজনী শাহুৱেককো ইমান বেয়াকৈ ক’ব পাৰে বেটিয়ে । মই কিন্তু এনেকুৱা শাহু এজনী পালে ভৰি ধুই পানী খাম ।” পদুমীৰ অনবৰতে অজন্তাৰ ওপৰত খং উঠি থাকে!
সেইবাৰ ছয় সপ্তাহত আল্ট্ৰা ছন’গ্রাফী কৰি আহি অজন্তা বিচনাতে পৰি আছিল । পেটতো অলপ বিষাইছিল । অনুজিতক ক’লে হুলস্থূল লগাই দিব । সেয়ে তাই ভাবিলে শ্যামকে ফোন কৰি কথাটো ক’ব । লৰাটো বৰ সহজ আৰু চিধা । তাই এনেকুৱা লৰাক আঙুলিৰ আগত উঠ বহ কৰোৱাব পাৰে । ক’ত লৰাক তাই হাতৰ আঙুলিৰে নচুৱাইছিল । কিন্তু বিয়া হ’ব লগা হ’ল এনে এটা লৰাৰ লগত যাক হাতৰ আঙুলি দূৰৰ কথা , গাৰ সমস্ত শক্তি প্রয়োগ কৰিও লৰ চৰ কৰিব নোৱাৰে । এয়াই নাৰী জীৱনৰ ভাগ্য বুলি তাই ভাবে !
শ্যামক অনুজিতেও ভাল পায় । কিয় ভালপায় তাই বুজি নাপায় । দুটা সম্পূৰ্ণ বিপৰীত চৰিত্রৰ মানুহ । বিজ্ঞানৰ কিতাপত থকা দুটা বিপৰীত মেৰুৰ মাজত আকৰ্ষণৰ শক্তি থকাৰ কথাটো তাইৰ মনত পৰে । এৰা এই আকৰ্ষণৰ সূত্রৰ বাবেই হয়তো অনুজিতে শ্যামক ইমান ভালপায় । (আগলৈ ....)