Monday, 2 May 2016

পহিলা মে

পহিলা মে
কবি:সুনীল অমিয়
ফঁপৰা ওঁঠত খৈনী ঠুছি
পেডেল মাৰে ৰিক্সাৰ যে
হেৰাই যোৱা শপতবোৰ
নোযোৱা হ'ল লগে-ভাগে
ইয়াৰ পিছত সময় যাব
ফটিকা বটলৰ বিশ্ৰামেৰে
শপত সঁচা হৈ ওভতি আহক
সেই যুৱকৰ পহিলা মে!
#
সৰু চোতালটি পাৰ নহয় তাই
এন্ধাৰলৈ বৰ যে ভয়
অলি গলিৰ এন্ধাৰ চুকত
সেই ছোৱালী থিয় দি ৰয়
একাকী জীৱন অশ্ৰুবন্যা
অগ্নিদহন সংগ্রাম হে
সেই যুৱতীৰ আঁচল জুৰি
দুর্বাৰ হওক পহিলা মে
#
বন্ধ কাৰখানাৰ পঙ্গু শ্রমিক
তাৰ ল'ৰাটোৱে হকাৰ হয়
ইস্কুল নাই,লগতে নাই
শিক্ষকৰ শাসনৰ ভয়
ৰাণিং ট্রেইনতো উঠিব পাৰে
"টিটি"ৰ স'তে যদি দৰ পটে
সেই কিশোৰৰ তীক্ষ্ণ কণ্ঠত
নামি আহক পহিলা মে!
#
মদাহী স্বামী, টি বি'ৰ বেমাৰী,
হাড় ছালৰ ধুকপুক দেহা
পাঁচোটি ঘৰৰ বাচন মাজে
ঠিকা কামৰ "মা-দুৰ্গা"
সন্তানৰ ভাত গৰাহতে
দিন যায় আৰু ৰাতি নামে
যুদ্ধ কৰা চকুজুৰিলৈ
নামি আহক পহিলা মে!
#
বাটত ভৰি ৰখাটো কঠিন,
আলকতৰা গলে.ভাপ উঠে!
আৱাসিক এলেকাত প্রবেশ নিষেধ,
চিকিউৰিটিৱে ধমকে
তথাপিওতো বেচিব লাগিব
ঘাম নিগৰে দেহাৰে
চেলচ গাৰ্লৰ দুখীয়া বেগত
নামি আহক পহিলা মে!


No comments:

Post a Comment