স’ৰাগুৰি চাৰি-আলিত ছাগলী কাটিছে
কবি: অচ্যুত মাধৱ দাস
কবি: অচ্যুত মাধৱ দাস
সেয়া কছাই শাল আছিল নে বলি শাল
থৰ হৈ ৰ’লো
একেই আৰ্তনাদত কপি কপি উৰি গ’ল জীউ
বিষ এটা হৈ বুকুৱেদি বৈ গ’ল
এসোঁতা তেজৰ লোতক
সেয়া তেজ আছিল নে সেন্দুৰ
তুমি শিৰে পিন্ধি ল’লা
যুদ্ধৰ বাবে
জয়ৰ বাবে
নে জীৱনৰ বাবে
কি এক মহা-কাব্যিক ইংগিতময়তা
কোৱা ঈশ্বৰ, খোলাকৈ কোৱা
বলি হওঁ নে বলি দিওঁ
জয়ৰ বাবে নে জীৱনৰ বাবে
°°°°
থৰ হৈ ৰ’লো
একেই আৰ্তনাদত কপি কপি উৰি গ’ল জীউ
বিষ এটা হৈ বুকুৱেদি বৈ গ’ল
এসোঁতা তেজৰ লোতক
সেয়া তেজ আছিল নে সেন্দুৰ
তুমি শিৰে পিন্ধি ল’লা
যুদ্ধৰ বাবে
জয়ৰ বাবে
নে জীৱনৰ বাবে
কি এক মহা-কাব্যিক ইংগিতময়তা
কোৱা ঈশ্বৰ, খোলাকৈ কোৱা
বলি হওঁ নে বলি দিওঁ
জয়ৰ বাবে নে জীৱনৰ বাবে
°°°°
স’ৰাগুৰি চাৰি-আলিত ছাগলী কাটিছে
নিস্তেজ নৃশংসতাই ডোঙা বান্ধিছে কলপাতত
আল্-মোকোটা খোৱা জিভাৰে অশৰীৰী ধ্যানস্থ মুণ্ড
ক’ত যায় জীৱন
তাড়নাত মুদিছা চকু নে লালসাৰ অন্ধকাৰ
°°°°
নিস্তেজ নৃশংসতাই ডোঙা বান্ধিছে কলপাতত
আল্-মোকোটা খোৱা জিভাৰে অশৰীৰী ধ্যানস্থ মুণ্ড
ক’ত যায় জীৱন
তাড়নাত মুদিছা চকু নে লালসাৰ অন্ধকাৰ
°°°°
নৰিয়া আইৰ ঔষধত নিলাম যায় ডেকেৰী ছাগলী
আনো নেকি তাৰেই ঠেং দুটা!
ফুল-খাটি ছাগলীৰ ঠেঙৰ জোল।
টোপ এটাকে পৰিব নিদিছিল
মুখৰ ভাত খুৱাইছিল
এতিয়ানো তোক কেনেকৈ খুৱাওঁ
সেইজনী ছাগলীৰে ঠেং;
ঈশ্বৰ আছে
ঈশ্বৰে দেখিব
ঈশ্বৰৰ সেই একেই পুৰাতন ইংগিতময়তা
আমিহে নুবুজিলোঁ
বলি হোৱাৰ বাবে নে বলি দিয়াৰ বাবে।
আনো নেকি তাৰেই ঠেং দুটা!
ফুল-খাটি ছাগলীৰ ঠেঙৰ জোল।
টোপ এটাকে পৰিব নিদিছিল
মুখৰ ভাত খুৱাইছিল
এতিয়ানো তোক কেনেকৈ খুৱাওঁ
সেইজনী ছাগলীৰে ঠেং;
ঈশ্বৰ আছে
ঈশ্বৰে দেখিব
ঈশ্বৰৰ সেই একেই পুৰাতন ইংগিতময়তা
আমিহে নুবুজিলোঁ
বলি হোৱাৰ বাবে নে বলি দিয়াৰ বাবে।
No comments:
Post a Comment