Sunday, 8 May 2016

চাবোন

চাবোন
কবি:- ৰাজীৱ ডেকা
এডোখৰ চাবোনেৰে
ঘহিঁ ঘহিঁ কপাহী মেঘৰ ফেন উলিয়াই 
চাফ কৰো
মুখমণ্ডলৰ ধুলি
ঘৰ্মাক্ত বুকু
ভেকেটা ভেকেট গোন্ধোৱা কাষলতি
আন্ধাৰ কৰঙণৰ মলি
লেতেৰা ভৰি
চাবোনে ৰুকি মাজি নিকা কৰা শৰীৰ লৈ
চাবোনৰ সুগন্ধি ধাৰ কৰি
চলা ফুৰা কৰো বাছত
ফুটপাথত
যাঁও মন্দিৰলৈ
প্ৰেয়সীক সাবতি ধৰোঁ দ্বিধাহীন হৈ।
সেয়ে চাবোনলৈ ধন্যবাদ ।
নাক ঢাকিবলৈ
কোনেও ৰুমাল নুলিয়ালেও
থু নেপেলালেও ওকালি নাহিলেও
আলফুল পৃথিৱীখন পণবন্দী কৰি থোৱা
মানুহৰ মলিয়ন মনবোৰ
কদৰ্য চিন্তাবোৰ নিকা কৰিবলৈ
আছে জানো কিবা !!
এদিন তেওঁ সুধিছিল মোক
মই কৈছিলো-
শিশুৰ হাঁহিবোৰক
ফুলি থকা ফুলবোৰক
বাটত পোৱা বৰষুণ জাকক
পখিলা চৰাই আৰু মৌমাখিবোৰক
নদী আকাশ পথাৰ আৰু পাহাৰক সোধা
সিহঁতে জানে সেই কথা ।

No comments:

Post a Comment