Tuesday, 3 May 2016

শব্দ-সন্ধান

বিশেষ অসুবিধাবশতঃ এইবাৰৰ শব্দ -সন্ধান সময়মতে আৰু পৰিচালকৰ টোকাসহ প্ৰকাশ কৰিব পৰা নগল ৷ আখৰুৱাৰ সমূহ সদস্যৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে মৃণালকান্তি মেধিৰ লেখা এটা প্ৰকাশ কৰা হ’ল ৷লেখাটো লেখকসকলৰ বাবে দিগ্‌ দৰ্শক হ’ব বুলি আশা ৰাখিলোঁ ৷
ভাষাৰ আঁত ধৰি.....
মান্যভাষাৰ পথাৰখনত সদায় কথিত অথবা লিখিতৰূপত কেতবোৰ বাহুল্যদুষ্ট শব্দ সিঁচৰতি হৈ আছে ৷ তাৰেই এক চমু আলোচনাঃ- 
(১)"বাহ্যিক" ,"বাহ্যিকতা" ( শুদ্ধৰূপ- বাহ্য, external অৰ্থত | যেনে- তেওঁৰ বাহ্যৰূপটো চাই ভিতৰখন বুজিবই নোৱাৰি) |
(২)"সম্ভাৱনীয়তা"( হ'ব লাগে সম্ভাৱনা,যেনেঃমৎস্যপালন আৰু ইয়াৰ বজাৰ সম্ভাৱনা)
(৩) "বিলাসিতা" (হ'ব লাগে বিলাস, যেনে দামী গাড়ী কিনা বিলাস মোৰ নাই )
(৪)"আৱশ্যকীয়তা"(শুদ্ধৰূপ- আৱশ্যকতা,যেনেঃনাৰী-সবলীকৰণত শিক্ষাৰ আৱশ্যকতা)
(৫)"প্ৰয়োজনীয়তা" (হ'ব লাগে- প্ৰয়োজন, যেনে: অন্ধবিশ্বাস দূৰীকৰণত শিক্ষাৰ প্ৰয়োজন (সকলোৱে প্ৰয়োজনীয়তা লিখি দিওঁ| ইয়াৰ বিশেষণ প্ৰয়োজনীয়, ইয়াত তা প্ৰত্যয় লগাই প্ৰয়োজন বুজাবলৈ "প্ৰয়োজনীয়তা" কৰাৰ আৱশ্যকতা নাথাকে |)
(৬) "বাস্তৱিকতা" (হোৱা উচিত বাস্তৱতা)
(৭) “বস্তুনিষ্ঠতা“ (হ‘ব লাগে বস্তুনিষ্ঠা)
(৮)"যুক্তিনিষ্ঠতা" (হ'ব লাগে যুক্তিনিষ্ঠা ৷যেনে নগেনৰ কথাত যুক্তিনিষ্ঠা আছে ৷)
(৯)“পশুত্বতা“ (হ‘ব লাগে পশুত্ব বা পাশৱিকতা)
(১০)"মাধুৰ্যতা" (হ'ব লাগে মাধুৰ্য বা মধুৰতা)
(১১)"উদ্বিগ্নতা"(হ'ব লাগে উদ্বেগ)
(১২)"আতিশয্যতা"(হ'ব লাগে অতিশয়তা বা আতিশয্য)
(১৩)"উৎকৰ্ষতা"(হোৱা উচিত উৎকৰ্ষ)
(১৪)"দাৰিদ্ৰতা"( হ'ব লাগে দাৰিদ্ৰ্য বা দৰিদ্ৰতা)
(১৫)"দৈন্যতা"(হ'ব লাগে দৈন্য বা দীনতা)
(১৬)"বাহুল্যতা"(হোৱা উচিত বাহুল্য বা বহুলতা)
(১৭)"প্ৰসাৰতা"(শুদ্ধৰূপ প্ৰসাৰ)
(১৮)"মতদ্বৈধতা"(হ'ব লাগে মতদ্বৈধ)
(১৯)"মানৱিকতা"(হ'ব লাগে মানৱতা)
(২০)" নিজস্বতা"(শুদ্ধৰূপ নিজত্ব)
(২১)"বিশৃংখলতা"(হোৱা উচিত বিশৃঙ্খলা)
(২২)"সৌজন্যতা"(হ'ব লাগে সৌজন্য)
তদুপৰি গুৰুত্ব, লঘুত্ব, মহত্ত্ব,বীৰত্ব,কদৰ্য আদি বিশেষণ শব্দবোৰত প্ৰায়ে অতিৰিক্ত "তা" প্ৰত্য় এটা লগোৱাৰ প্ৰৱণতা কিছুলোকৰ মাজত দেখোঁ ৷ এয়া ভাষাৰ অসাধু প্ৰয়োগ ৷ এনেকৈ লিখা সমীচীন নহয় ৷
.... ভাষাটোৰ শুদ্ধৰূপৰ প্ৰতি কৌতূহলী আৰু সততে আগ্ৰহ দেখুৱাই অহা সমূহ ব্যক্তিলৈ শ্ৰদ্ধাৰে …… মৃণালকান্তি মেধি ৷
দীপালী বৰা
পৰিচালক
শব্দ- সন্ধান শিতান

No comments:

Post a Comment