আখৰুৱা গোটৰ অনুভৱী পাঠকবৃন্দৰ আশীষ শিৰত লৈ এই গোটত প্ৰথমখন উপন্যাসৰ যাত্ৰা আৰম্ভ কৰিছোঁ— (1 মে ' 2016 ) oooooooo
ক'তেনো আছা মোৰ কলিজাৰ আই ...
খণ্ড ১.
আবেলিৰ অৰুণিমা …
“মনত দুখ আৰু অভিমানৰ জন্ম হ’লে মানুহবোৰ বৰ স্বাৰ্থপৰ হৈ পৰে ন’ মা ?”
শ্যামৰ এই কথাষাৰ শুনি অৰুণিমাৰ সম্বিত ঘুৰি আহিল । এৰা, যেতিয়াই তাই নিজৰ দুখ বিলাসত ডুবি থাকে , তেতিয়াই নজনাকৈ কিমানক যে দুখ দিয়ে! কোনোবাই মাতি থাকিলেও সহাঁৰি দিবলৈ মন নোযোৱা হয় । অলপ দোষতে ল'ৰা-ছোৱালী কেইটাক ডাঙৰকৈ ডাবি ধমকি দিয়ে । শ্যামে মাতিলে বা সেই সময়ত ফোন কৰিলেও ভালদৰে উত্তৰ নিদিয়ে । নিজৰ দুখৰ পুখুৰীত সাঁতুৰি নাদুৰি খলকনি লগাই থাকোঁতে সেই দুখৰ পানী ওচৰত থকা আন কাৰোবাৰ গাতো যে চিটিকি পৰিব পাৰে , সেই কথা ভবাই নাছিল তাই । আজি শ্যামে কোৱা কথাষাৰে তাইক ভবাই তুলিলে । কি নো দৰকাৰ তাইৰ সেই হৈ যোৱা কথাবোৰ , কোনোবাই ছটিওৱা মিছা অপবাদৰ বোকাবোৰ লৈ দুখৰ পুখুৰী এটা খান্দি তাত খলকনি লগাই থাকিবলৈ! কিমান বয়স হ’ল তাইৰ ... চৌৰাল্লিচ নে পঞ্চলিশ ! হয়, চাৰে চাৰিটা দহক অতিক্রম কৰিলে তাই । আৰুনো কিমান বছৰ তাই জীয়াই থাকিব –পচিশ বা বিশ বছৰ । ভাৰতীয় মানুহৰ গড় আয়ুস সত্তৰ বছৰ । গতিকে হিচাপ কৰি চালে খুউব বেছি বিশটা বছৰ তাই সুস্থ সবল হৈ জীয়াই থাকিব । সেই বিশটা বছৰ পাৰ হবলৈচোন চকুৰ পলক এটাই যথেষ্ট সময় ! এই যে পঞ্চলিশটা বছৰ কেনেদৰে কোন পলকত পাৰ হৈ গ’ল – তাই ক’বই নোৱাৰিলে ! সৌ সিদিনা তাই সৰু ছোৱালী এজনী হৈ মাকৰ আঁচলত ধৰি ঘুৰি ফুৰিছিল । হঠাৎ কেতিয়া তাইৰ জীৱনটো বন্ধকত সোমাল – গমেই নাপালে ! জীৱনটো কেতিয়াবা বন্ধকত থোৱাৰ দৰেই লাগে তাইৰ । বহুতৰ বাবে বিবাহিত জীৱন এটা সুৰীয়া সপোনৰ দৰে । কিন্তু তাইৰ বাবে এই জীৱন “বন্ধকী”ৰ জীৱন । পচিশটা বছৰ আনে তাইৰ জীৱনটো চহাই নানা শস্য ৰুলে – ফচল ভোগ কৰিলে । নিজৰ মতে চহাবলৈ, শস্য ৰুবলৈ তাইৰ কোনোদিনেই অধিকাৰ নাপালে । খৰাং , বানপানী সকলো দুৰ্যোগ তাই সহ্য কৰিব লাগে । তাই সামান্য প্রতিবাদ কৰিলে বা নীৰৱ হৈ পৰিলেই তাইৰ ওপৰত যেন বহু কেইখন ট্রেক্টৰ চলিবলৈ ধৰে । তাইৰ উশাহ আৰু নিশাহো যেন বিয়াৰ পিছৰে পৰা বেদান্তৰ ওচৰত বন্ধকত থলে ! এই বন্ধকী জীৱনটোৰ পৰা মুক্ত হবলৈ খুজিলে তাৰ সূত আৰু মূল ইমানেই বেছি হয় যে অৰুনিমাই দুখৰ পুখুৰী এটা খান্দি লৈ তাতে মুখ গুজি থাকে !
: “মা, আহানা ভিতৰলৈ । কিমান সময়নো অকলে এই আন্ধাৰ বেলকণিটোত বহি থাকিবা । শুই থাকা মা – নহলে তোমাৰ গাটো বেয়া লাগিব !” – শ্যামে পুনৰ কলে ।
এইবাৰ অৰুণিমাই তাইৰ সন্মুখত আঠু কাঢ়ি মিনতি কৰি থকা শ্যামৰ মুখখন নিজৰ কোলালৈ টানি আনিলে । আকুল ভাবে শ্যামৰ কপালত আৰু দুয়োগালত দুটা চুমা খালে তাই ! কেতবোৰ মূহূৰ্তত পচিশ বছৰীয়া শ্যামক তাইৰ এটা পাঁচ বছৰীয়া শিশুৰ দৰে লাগে । তাইৰ অন্তৰত শ্যামৰ প্রতি থকা সীমাহীন মৰম আৰু মমতা কোনেও ভালদৰে বুজিব নোৱাৰে ! তাইৰ শ্যামৰ প্রতি জাগ্রত হোৱা এই মমতা সকলো বাখ্যা, যুক্তি আৰু জ্ঞানৰ উৰ্ধত! এয়া এক স্বৰ্গীয় পবিত্র অনুভৱ, যাক মাথো এখন পবিত্র হৃদয়েহে উপলব্ধি কৰিব পাৰে !
: “ অৰু, ভিতৰলৈ আহিবা নে মই ৰুমৰ দুৱাৰ বন্ধ কৰোঁ !”
আন্ধাৰ বেলকণিটোত আবেগৰ লতাৰে বান্ধ খাই থকা দুটা নিষ্পাপ আত্মাক এক কঠোৰ আৰু তীক্ষ্ণ স্বৰে সচকিত কৰি তুলিলে । অপৰাধীৰ দৰে শ্যামে আকৌ মাকক মিনতি কৰিলে ।
: “ মা, যোৱা ভিতৰলৈ – দেউতাৰ খং উঠিব নহলে !”
হঠাৎ অৰুণিমাৰ মনত এক প্রতিবাদী সত্বা জাগি উঠিল । আজি পচিশ বছৰে বেলকণিৰ এই আন্ধাৰখিনিৰ লগত অকলে নীৰবে তাই নিজৰ দুখ, সুখ, বিষাদ ভাগ কৰি আহিছে । বেদান্তই কোনো দিনেই তাইৰ আবেগিক মূহূৰ্তৰ ভাগ ল’ব বিচৰা নাই । তাই ভাগ দিব খুজিলেও তেওঁ বিৰক্ত হয় । এতিয়া শ্যামে তাইৰ এনে মূহূৰ্তবোৰৰ ভাগ ল’ব বিচাৰাত তেওঁ যেন কিছু শংকিত হৈ পৰিছে । কিয় – কিয় এনে কৰিছে বেদান্তই অৰুণিমাই ভাবি নাপায় । কোনো দিনেই সুখী কৰিব নোৱাৰিলে অৰুণিমাই বেদান্তক । সদায় আপত্তি আৰু অসন্তষ্টিৰ এখন মুখ !
: “ তোমাক হাঁহিলে ইমান যে ধুনীয়া দেখে ! হাঁহি থাকিবাচোন ।” – অৰুণিমাই মাজে মাজে বেদান্তক কয় ।
: “তোমাৰ দৰে দমনশীল মানুহ এজনীক বিয়া কৰাই কৰাই কোনোৱা ‘মতা মানুহে’ জানো হাঁহি থাকিব পাৰে !” বেদান্তই ভেকাহি মাৰি এইষাৰ কথা কোৱাৰ পিছত অৰুণিমা স্তব্ধ হৈ পৰে ।
‘মতা মানুহ’ – এই শব্দটোৱে তাইক বিয়াৰ পিছৰ পৰা যাঠিৰ দৰে হানি খুচি আহিছে । কেতিয়ানো বেদান্ত ‘মতা মানুহ’ গুচি ‘মানুহ’ হ’ব ভাবি নাপায় তাই !
: “ আজি গোটেই ৰাতি মই এই আন্ধাৰ বেলকণিটোতেই বহি থাকিম বেদান্ত – তুমি ৰুমৰ দুৱাৰ বন্ধ কৰি এ চি চলাই ধুনীয়াকৈ শুই যোৱা ।”
অৰুণিমাই চিঞৰ মাৰি কথাষাৰ ক’লে । ইয়াৰ পিছত পৰিস্থিতি কি হ’ব – তাই ভালদৰেই জানে । তথাপি তাই আজি বেদান্তৰ বন্ধকৰ পৰা নিজৰ জীৱনটো অলপ সময়ৰ বাবে হলেও আজুৰি আনিবলৈ ব্যাকুল হৈ পৰিল ।oooooooo (আগলৈ)

No comments:
Post a Comment