Thursday, 12 May 2016

পুনৰীক্ষণ-৩২ | প্ৰথম খণ্ড (খ) | ১-১০ জানুৱাৰী ২০১৬ পৰ্যালোচকঃ পৰিমালা কোঁৱৰ

'পুনৰীক্ষণ'ৰ ৩২ সংখ্যক খণ্ডৰ (ক) ভাগ আদৰি লোৱা বাবে সকলো মাননীয় সদস্যলৈ আন্তৰিক ধন্যবাদ জনাই, একেটি খণ্ডৰ (খ) ভাগটোলৈ আগবাঢ়িছো।

৪) অভিজ্ঞতাৰ পাঠশালা-১__________কবিঃ মৌচুমী বৰি

শীতৰ দোপালপিটা বৰষুণজাকত জুৰুলি জুপুৰি মোৰ হিয়াৰ কপৌজনী

খবৰ নিদিয়াকৈয়ে আহিছিল শীতৰ অতিথি
বিশ্বাসৰ সুমথিৰা ৰ’দজাকতে বহাই আপ্যায়ন কৰা হৈছিল তেওঁক

মই মৰিবলৈ
তেওঁ মোৰ চাহৰ কাপত এটুকুৰা বিহ পেলাই দিছিল

মই নমৰিলোঁ
মাথোঁ বিশ্বাসৰ সৌধটি খহি পৰা যন্ত্ৰণাৰ দগ্ধতাত দহি দহি
পৰিণত হ’লো
উত্তাপিত এটুকুৰা ৰঙা অঙঠা – জীৱনে শিকাই যোৱা৷৷-

কবি মৌচুমী বৰিৰ এই কবিতাটোৰ মাজেদি কবিৰ মানসিক অভিব্যক্তি প্ৰকাশ পাইছে। অতীত আৰু বৰ্তমানৰ কাৰ্যৰ কাৰণ হিচাপে কবিতাটোত কবিৰ এক দৃষ্টিভংগী দেখিবলৈ পোৱা গৈছে । অতীত কাৰো বাবে মৃত নহয়, ই এক জলন্ত প্ৰবাহ। যি প্ৰবাহে বৰ্তমানক অহৰহ আমনি কৰি থাকে।

শীতত অহা বৰষুণজাক বতৰৰ বৰষুণ নহয় ।হঠাতে অহা বৰষুণ এজাকত কবি বৰ জুৰুলি জুপুৰিকৈ তিতিছিল। অৰ্থাত কবিৰ হৃদয়ক কোনো অবাঞ্চিত অতিথিয়ে বেয়াকৈ আঘাত দিছিল। সেয়ে কবিয়ে কৈছে--

খবৰ নিদিয়াকৈ আহিছিল শীতৰ অতিথি
বিশ্বাসৰ সুমথিৰা ৰ'দজাকত বহাই আপ্যায়ন কৰা হৈছিল
তেওঁক

-কবিৰ উপলব্ধি হৈছিল যাক বিশ্বাসেৰে শীতৰ কোমল ৰ'দৰ উত্তাপৰ দৰে আদৰি লৈছিল তেৱেঁ কবিৰ মৃত্যু কামনা কৰি আপ্যায়িত অতিথিৰ স'তে চুমুক দিয়া কাপত বিহ ঢালি দিছিল। এই খিনিতে কবিয়ে বিশ্বাসক যন্ত্ৰণা হিচাপে অংকণ কৰিছে। কবিৰ বিশ্বাসক ধূলিসাৎ কৰি মৃত্যু কামনা কৰাৰ কথা সত্য হিচাপে উদ্ধাৰ কৰি কৈছে-

"মই নমৰিলো"

-কবিৰ মৃত্যু নহল সঁচা কিন্তু কবিৰ বিশ্বাসৰ মৃত্যু ঘটিল। যি হৃদয়ে সহজে বিশ্বাস কৰিবলৈ শিকিছিল সেই বিশ্বাসে হৃদয়ক দগ্ধ কৰিলে। সেই দগ্ধ হৃদয়ৰ উত্তাপে কবিক এটুকুৰা জলন্ত অঙঠা লৈ পৰিবৰ্তন কৰিলে। কবিতাটোত "ৰঙা অঙঠা" বুলি কোৱাতকৈ "জলন্ত অঙঠা" শব্দটো বেছি খাপ খালেহেঁতেন বুলি ভাব হয়। জীৱনে কবিৰ বিশ্বাসক সন্দেহলৈ ৰূপান্তৰিত কৰাৰ লগতে কবিক খঙাল বা উত্তপ্ত কৰি তুলিলে আৰু জীৱনটো নতুনকৈ চাবলৈ শিকালে। সেয়ে কবিয়ে কবিতাৰ যি নামাকৰণ কৰিছে সেয়া সঠিক হৈছে।

কবিতাটোৰ ভাব সৰল। ক্ষন্তেকীয়া ভাব এটা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। "হিয়াৰ কপৌ" শব্দই শান্তি বিচৰা হৃদয়ৰ কথাই কৈছে। কবিতাটোত প্ৰতীক ব্যৱহাৰ কৰিছে যদিও ব্যঞ্জনা স্পষ্ট নহয়। কবিতাটোত অনুভূতিৰ বৰ্ণালী আৰু শব্দৰ গাঁঠনি সঠিক ভাবেই হোৱা দেখা গৈছে। কবিতাটো চুটি আৰু চুটি কৰিব লাগিছিল বুলি নকওঁ, কাৰণ কবিয়ে কবিতাটোৰ মাজেৰে যি অনুভূতি প্ৰকাশ কৰিব খুজিছে সেয়া শব্দৰ হ্ৰস্বতাই তাক প্ৰকাশ কৰিব নোৱাৰিলেহেঁতেন। শব্দ প্ৰয়োগৰ ক্ষেত্ৰত নিৰ্বাচন সঠিক নহলে ভাবৰ তীব্ৰতা ফুটি নুঠে। এইক্ষেত্ৰত কবি সচেতন হ'ব বুলি আশা কৰিলোঁ। চিত্ৰকল্প যথাযথ হৈছে। কবিতাটোত কোনো ইংগিতময়তা নাই। যাৰ বাবে কবিতাটোত ভাবৰ গভীৰতা কিছু কম যেন লাগিল। ৰুঢ় বাস্তৱৰ উন্মোচনৰ ক্ষেত্ৰত ভাষাৰ যি বৌদ্ধিক ভূমিকা তাৰ ইংগিত প্ৰকাশ ভংগীত থাকিলে কবিতাৰ সৌষ্ঠৱ বৃদ্ধি পায়।

৫) তেওঁক যোৱাগৈ দেখিছিলোঁ____________কবিঃ সত্যজিত গগৈ

তেওঁক যোৱাগৈ দেখিছিলোঁ
আবেলিৰ হেঙুলীয়াত,
নদীৰ বুকুত চ্লপ চ্লপ শব্দ
তেওঁৰ গীতৰ কাকলিত
মুখৰিত হয় পানীৰ গভীৰতা।

সত্যজিত গগৈৰ ই এটা স্তৱকৰ চুটি কবিতা। সুখপাঠ্য এই কবিতাটো এক চিত্ৰ কল্পৰ মাজেৰে প্ৰকাশ কৰিছে। কবিতাৰ ভাব অনুসৰি কবিতাটোত শব্দৰ প্ৰয়োগ হোৱা দেখা গৈছে। কবিতাটোৰ বৈশিষ্ট হ'ল ইয়াৰ শব্দ গাঁঠনি। প্ৰকৃতি আৰু অনভূতিৰ আবেদন কবিতাটোত নিহিত হৈ আছে। বহু কবি ভাব আৰু ভাষা সম্বন্ধে সজাগ নহয়। বহু কবিক ভালেমান সময়ত উকা বিবৰণ আৰু শব্দৰ চমৎকাৰিত্বৰে কবিতা নিৰ্মাণ কৰি সন্তুষ্ট হোৱা দেখা যায় ।কবিতাৰ মাজেৰে কবিৰ বোধ আৰু আবেগৰ সাৰ্থকতা লাভ কৰে বুলি নাভাবিলে কবিতাৰ ক্ষতি হয়।

৬) অৱসন্ন এক গধুলিৰ বিৰতিত________কবিঃ নিকুমণি শইকীয়া

ঘাগৰৰ এটি গধূলিত
নীড় অভিমুখী পক্ষী জাকৰ লগে লগে
ৰঙচুৱা
বেলিটো সন্তপর্ণে লুকাল জাৰণিৰ জোপাহাৰ আঁৰত
হালধীয়া সপোনবোৰ পথাৰ ডৰাত ৰৈ গ'ল
খিলখিলাই হাঁহিৰ জাকটো লাহে লাহে
ধূলিয়ৰি বাটটোত মাৰ গ'ল

আকাশ পৰা হুমুনিয়াহ এটা সৰি পৰিল
পূর্ণিমালৈ এতিয়াও কিছুদিন বাকী
বাৰাণ্ডাত মই আৰু এটা আউঁসী ৰাতি ।

কবিতাটোৰ নামাকৰণতে লুকাই আছে কবিতাটোৰ নৈসৰ্গিক ছবিখনৰ কথা।প্ৰকৃতিক ভালপোৱা কবিয়ে গধুলিৰ এখন ছবি আঁকিবলৈ চেষ্টা কৰিছে। ঘাগৰ শব্দৰ অৰ্থ নূপুৰ। ঘাগৰৰ গধুলি অৰ্থাত নূপুৰৰ দৰে বাজি থকা গধুলিটো হয় আমেজ ভৰা নাইবা মৃদু গুঞ্জন পূৰ্ণ। তেনে এটা ধুলিৰে ভৰা গধুলিৰ বাটত এজাক হাঁহি হেৰাই গৈ সেই বাটত মৰ আঁউসীৰ এন্ধাৰ নামি অহাৰ কথা কৈছে যদিও, আনন্দৰ মাজতে জীৱনলৈ নামি অহা আন্ধাৰৰ কথা কবিতাৰ মাজেৰে কৰা প্ৰকাশ মন কৰিবলগীয়া। কবিতাটোত কবিয়ে চিত্ৰকল্প, প্ৰতীক, ভাবৰ গতিময়তা ৰচনা আৰু শব্দসজ্জাৰ সমাহাৰ ঘটাইছে। আচলতে কবিতাৰ ভাষাই এটা মৃদু ৰহস্যৰ পোছাক পিন্ধে। সেই পোছাক কবিৰ কবিতাত সুন্দৰভাবে পৰিধান কৰা দেখা গৈছে।

অৱশেষত, পৰ্যবেক্ষণৰ আওঁতাত ১ৰপৰা ১০ জানুৱাৰী১৬ৰ ভিতৰত অহা কবিতা বিলাকে পাঠকলৈ একোটা একোটা বাৰ্তা কঢ়িয়াই আনিছে বুলি ক'ব পাৰি। সকলো বিলাক কবিতাই কাব্যিকতা ৰক্ষা কৰিছে। সৰ্বমুঠ ৪৩টা কবিতাৰ ভিতৰত ৬ টা কবিতাক সময়ৰ তৰ্জুৰে জুখিব নোৱাৰি দুখ অনুভৱ কৰিছো। যিহওক, সেইখিনি সময়ত গোটলৈ কবিতা প্ৰেৰণ কৰা কবিসকলৰ কাব্য চৰ্চা অব্যাহত থাকক, তাৰেই কামনা কৰিলোঁ। পাঠকৰ মনোৰঞ্জন আৰু গভীৰ ভাবাবেগ দিব পৰাকৈ কবিতাই আমাক ধন নিদিয়ে, কিন্তু মনৰ ঐশ্বৰ্য বঢ়ায়। আনন্দৰ ক্ষেত্ৰত আনে বিমূখ কৰিলেও কবিতাই নকৰে।

সৰ্বশেষত,পৰ্যালোচনাৰ দৰে এটা গুৰু দ্বায়িত্ব কান্ধ পাতি লৈ যি মানসিক আনন্দ লাভ কৰিলো সি দীৰ্ঘ ম্যাদী হ'ব যদিহে- কবি আৰু পাঠকে সহনশীল হৈ দোষ ত্ৰুটি আঙূলিয়াই দি কৃতাৰ্থ কৰে । ইয়াত কবিতাবোৰৰ গবেষণা কৰা নাই, পুনৰীক্ষণ হে কৰা হৈছে। এই চেগতে আখৰুৱাৰ প্ৰশাসকবৃন্দ তথা গোটৰ সদস্যসকলক এনে প্ৰচেষ্টাৰ বাবে সুযোগ দিয়াত সশ্ৰদ্ধ প্ৰণাম জনাই কৃতজ্ঞতা জ্ঞাপন কৰিলো।

ধন্যবাদ।

~ পৰিমালা কোঁৱৰ
সদস্য, আখৰুৱা : literati গোট।
২১ ফেব্ৰুৱাৰী ২০১৬
_________________

No comments:

Post a Comment