Thursday, 12 May 2016

পুনৰীক্ষণ-৩২ | প্ৰথম খণ্ড (ক) | ১-১০ জানুৱাৰী ২০১৬ পৰ্যালোচকঃ পৰিমালা কোঁৱৰ

নমস্কাৰ।

|প্ৰথমবাৰৰ বাবে আখৰুৱাৰ ডিচেম্বৰ ২০১৫ সংখ্যাৰ কবিতাৰ পৰ্যালোচনা কৰাৰ পিচত মনলৈ অহা সাহস আৰু আপোনালোকৰ পৰা পোৱা উৎসাহক শিৰোধাৰ্য কৰি জৰুৰী অৱস্থাত দ্বিতীয় বাৰৰ বাবে আখৰুৱাৰ জানুৱাৰী ২০১৬ৰ কেইটামান কবিতাৰ পৰ্যালোচনা কৰিবলৈ হাতত লৈছো।

পৰ্যালোচনা বা সমালোচনা সদায় যে নিৰ্ভূল হ'ব- তাক খাটাংকৈ ক'ব নোৱাৰি। কিন্তু কবিতাৰ পৰ্যালোচনাকো বাধা দিব নোৱাৰি। কবিতা এটা কবিয়ে কিদৰে গ্ৰহণ কৰিছে সেয়া অতীন্দ্ৰিয় উৎসাহ, স্বপ্নালুপ, জীৱ বিতৃষ্ণা নে প্ৰগতি বিশ্বাস তাৰ প্ৰতি পাঠক সমালোচকে চকু দিয়া উচিত বুলি ভাবোঁ। কিন্তু আমাৰ দ্বাৰা সেই কাৰ্য কিমান সঠিক ভাৱে সম্ভৱ হৈ উঠিব নাজানো। আমি ন-শিকাৰুহে। তথাপি পাৰ্যমানে চেষ্টা কৰিবলৈ যত্ন কৰিম।

বাৰু যি কি নহওক পৰ্যালোচনা কৰিবলৈ লোৱা প্ৰথম কবিতাটো হ'ল 'বান্ধৱ' শীৰ্ষক গুণাৰাম শইকীয়াৰ এটি কবিতা।

১) বান্ধৱ________________কবিঃ গুণাৰাম শইকীয়া

বহু শতিকাজুৰি আহি আহি যেন তেওঁ
মোৰ পদূলি মুখত

তেওঁৰ হাতত ভগ্ন ফুলদানি
চিটিকি পৰা ফুলৰ তেজ
মৃত্যুৰ কিৰিলিৰে ভৰা এখন দস্তাবেজ
ভয় আৰু শংকাৰ নিঠৰ দিনলিপি

কাণ উনাই দূৰণিলৈ আৰু দূৰণিলৈ
প্ৰসাৰিত কৰিছিলো মোক
জানোচা তেওঁৰ পদধূলাৰ কৃপাঞ্জলীয়ে
পাৰ কৰাই
এই ভৱ সাগৰ


গোপনে- সংগোপনে আহি তেওঁ
মোৰ পদূলি মুখত যেন বহু শতিকাৰ শেষত
এমুঠি তেজাল প্ৰতিশ্ৰুতিৰে....

ইন্দ্ৰিয়গ্ৰাহ্য জগতৰ অন্তৰালত লুকাই থকা লোকোত্তৰ জগত এখনৰ উন্মেষ কবি গৰাকীৰ এই কবিতাটোৰ মাজেৰে প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে। ইন্দ্ৰিয়গ্ৰাহ্য জগতখন প্ৰকৃততে আচল জগত নহ'লেও ইয়াৰ মাজত লুকাই থকা অস্তিত্বক আমি নুই কৰিব নোৱাৰো। ভাৱ সত্বাৰ পৰাই বাহ্য জগতৰ সৃষ্টিৰ সম্ভৱ হৈছে আৰু সেয়া হৈছে বিচ্ছিন্নকৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা। সেয়ে হয়তো কবি গৰাকীৰ কবিতাটোত ভাৱ সত্বাই বিভিন্ন সময়ত দ্বন্দ্বাত্মক ৰূপ লাভ কৰা যেন দেখা গৈছে।

"তেওঁৰ হাতৰ ফুলদানি
চিটিকি পৰা ফুলৰ তেজ
মৃত্যুৰ কিৰিলি ভৰা এখন দস্তাবেজ
ভয় আৰু শংকাৰ নিঠৰ দিনলিপি"
(কবিতাটোত নিথৰ বানান নিঠৰ হৈ আছে)

কবিয়ে যাক তেওঁ বন্ধু বুলি আকোৱালি ল'ব খুজিছে সেই বন্ধুত্বৰ বাবেই তেওঁ যেন জিজ্ঞাসাত ভুগিছে। কবিয়ে বন্ধুত্বৰ বাবে বিচৰা লোকজনৰ দুহাত পূৰ্ণ হৈ আছে ভগ্ন ফুলদানি, মৃত্যুৰ কিৰিলিৰে ভৰা দস্তাবেজ, নিথৰ দিনলিপিৰে। সেয়ে হয়তো কবিয়ে ভাবিছে লোকোত্তৰৰ সেই বন্ধু কাষ চাপি আহিব নোৱাৰি পদূলিত ৰৈ গৈছে।
কবিয়ে যিখন মায়াময় সংসাৰত বাস কৰে সেই মায়াময় সংসাৰ সাগৰৰ জটিলতা পাৰ হ'বলৈ কবিয়ে বন্ধু অবিহনে সাহস কৰিব পৰা নাই। সেয়ে কবিয়ে সহায়ৰ বাবে কাণ উনাই ৰৈ আছে। কবিৰ হৃদয়াবেগ ধাৱিত হৈছে বন্ধুৰ কৃপাঞ্জলিৰ বাবে।
তৃতীয় পংক্তিত কবিয়ে নিজে সন্দেহানুভূতিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। শেষৰ অসমাপ্ত বাক্য শাৰীয়ে কবিতাটোৰ ভাৱক আধৰুৱা কৰি পেলাইছে। কবিতাটোৰ মাজত থকা সন্দেহ ভাবটো শেষৰ অসমাপ্ত বাক্যটোৱে প্ৰকট কৰি তোলা যেন অনুভৱ হ'ল। বন্ধুৰ কৃপাঞ্জলি (কবিতাত কৃপাঞ্জলি বানান কৃপাঞ্জলী হৈ আছে) পালে নে নেপালে কবিতাটোত এইটো স্পষ্টকৈ বুজিব পৰা নগল। মানুহৰ অনুভূতিৰ জগতখন নিসৰ্গ জগতৰ লগত একেডাল সূতাৰে বান্ধ খাই থাকে যদিও কবি এইক্ষেত্ৰত একাকাৰ হ'ব নোৱাৰিলে যেন অনুভৱ হয়।

কবিতাটো ব্যৱহাৰ কৰা প্ৰতীক, চিত্ৰকল্প আদিৰ সুন্দৰ প্ৰয়োগ হৈছিল যদিও কবিতাটোৰ আৰম্ভণি যিদৰে স্বঃতস্ফূৰ্ত ভাৱে আৰম্ভ হৈছিল, শেষলৈ সেইধাৰা বৰ্তি থকা দেখা নগ'ল। এইক্ষেত্ৰত কবি সচেতন হোৱা উচিত আছিল বুলি ভাবো।বানানৰ ক্ষেত্ৰতো কবি সচেতন হোৱা ভাল। বানানৰ ভুলে কবিতাৰ আংগিকত প্ৰভাৱ পেলায়।
____________________________

২) বহুগামিনী_______________কবিঃ চন্দ্ৰামিতা পৰাশৰ

মই
নপুংসকৰ বধিৰ যন্ত্ৰণাৰ
শামুকীয়া সপোন..
নাৰীবাদক তাচ্ছিল্য কৰাজনৰ
আদিম শোক

তীব্ৰতা মোৰ প্ৰিয়
গভীৰ আলিঙ্গন
চেপা কণ্ঠ
কঁপা কঁপা দুহাতৰ
দুশাসন জোৰ

মই হাঁহিলে.
পুজিবাদৰ ৰাজনীতি সফল হয়
মোৰ ভৰিৰ
তালে তালে নাচে সদ্যপ্ৰাপ্ত যৌৱনবোৰৰ সপোন
মোৰ চকুত অঙঠা জ্বলিলে
দেশত মুল্যবৃদ্ধি হয়
খেতিয়ক শুকাই মৰে

মোৰে
মতত ঘুৰিছে
অৰ্থনীতিৰ বহল বাজেট

মই বহুগামিনী
আজিৰ বিশ্বায়নৰ প্ৰথম সত্য..

সিহঁতে
মোৰ প্ৰেমিক হ'বৰ বাবে
অলাগতীয়াল চৰ্বি ঢাকি
দেহৰ দুৰ্গোন্ধ আঁতৰোৱাৰ
কৌশল ভাবে
কুহুমীয়া গৰম মৰম আমনিদায়ক হ'লেও

খুলি দিওঁ নিজক
নিজকে তৃপ্ত কৰাৰ অজুহাতত

কেতিয়াবা
বেঁকা আঙুলিৰে
চুই চাইছো
ঠাণ্ডা পৰা চাহৰ দৰে সিহঁতৰ
অবাধ ইচ্ছাৰ নিষিদ্ধ শৰীৰবোৰ…
প্ৰযুক্তিবিদ্যাৰ আশীৰ্বাদত জয় নপৰা বুঢ়া বয়সৰ বৃথা উল্লাসবোৰ…

শাৰীপতা শৰীৰবোৰ বাট এৰি থিয় হ'লে
আকৌ নতুন শাৰী হয়
#

চেঁচা মনত
উতলি থকা
গৰম চাহৰ
পিয়াহ
মোৰ পুৰণি নিচা

ক'লে ভুল নহ'ব চাগে
কৰ্মই যদি ধৰ্ম
সময়ে সহজ কৰি বুজাব…সময়ক

তেজ মঙহৰ শৰীৰত
বায়বীয় ইচ্ছা
ৰুগ্ন পৃথিৱী
জাৰত আক্ৰান্ত
বহুগামিনীৰ
বুকুত
জহৰ
লঘোনীয়া
ভোক .
০০০০০০০০০

চন্দ্ৰামিতা পৰাশৰৰ "বহুগামিনী" কবিতাটোত বাস্তৱ সম্বন্ধে তেওঁৰ ব্যক্তিগত অনুভৱ প্ৰকাশ হোৱা দেখা গৈছে। কবিয়ে সুকুমাৰ কলাতকৈ বাস্তৱক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে যদিও কবিয়ে কবিতাৰ আংগিকৰ দিশটোকো আওকাণ কৰা দেখা নগল। কবিতাৰ আংগিকৰ দিশত কবি সচেতনভাবে আগবাঢ়িছে বুলি ক'ব পাৰি। শব্দ নিক্ষেপণত কবিয়ে নিজকে শাসনত ৰাখিছে বুলি ক'ব পাৰি। বিষয় বস্তুক শাসনত ৰাখি উপস্থাপন কৰিব পৰাটো কবিৰ কাব্যিকতাৰ প্ৰকৃত গুণ হোৱাটোহে বাঞ্চনীয়।

"বহুগামিনী" অৰ্থাৎ যি স্বইচ্ছাই নিজৰ তৃপ্তিৰ বাবে নিজক এৰি দিব পাৰে। এইটো কোনো নতুন চৰিত্ৰ নহয়। কিন্তু এই চৰিত্ৰটোকে কবিয়ে সজাই পৰাই তাৰ মাজেদি সমাজৰ এখন ছবি অংকণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। আজিৰ বিশ্বায়নৰ যুগত "বহুগামিনী" শব্দটোক পৰিসৰৰ সীমা পাৰ কৰি বহল অৰ্থত কবিয়ে ব্যৱহাৰ কৰা দেখা গ'ল ।

মোৰে
মতত ঘূৰিছে
অৰ্থনীতিত বহল বাজেট
মই বহুগামিনী
আজি বিশ্বায়নৰ প্ৰথম সত্য

পুঁজিবাদৰ স্বইচ্ছাতে যে আজিৰ অৰ্থনীতিৰ বাজেট বৰ্তি থাকে- ই আজিৰ বাবে এক বাস্তৱ সত্য। সেই ছবিখনকে কবিয়ে চৰিত্ৰটোৰ আলমত সুন্দৰভাবে প্ৰকাশ কৰা দেখা গৈছে। কবিতাৰ ভাবক কি দৰে কবিয়ে আগবঢ়াই নিছে সেয়া তলৰ পংক্তিবোৰত দেখা পোৱা যায়।

"সিহঁতে মোৰ প্ৰেমিক হ'বৰ বাবে
অলাগতিয়াল চৰ্চি ঢাকি
দেহৰ দুৰ্গন্ধ আঁতৰোৱাৰ
কৌশল ভাবে "

যিয়ে পূঁজিবাদৰ সংস্পৰ্শলৈ আহিব খোজে তেওঁলোকে নিজৰ ক্ষমতা বা অক্ষমতাক ঢাকিবলৈ বিভিন্ন কৌশলৰ কাষ চাপে। সেই কথাটোকে প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে যি আংগিকৰ অৰ্থাৎ বক্ৰোক্তিৰ সহায় লৈছে, তাত কবি সফল হৈছে। এই পংক্তিত ওপৰোৱাকৈ থকা অৰ্থৰ লগত যি গূঢ়াৰ্থ নিহিত হৈ আছে দুয়োটাই ইটো সিটোৰ পৰিপূৰক হিচাপে সমতা স্থাপন কৰা দেখা গৈছে। মোৰ(বহুগামিনী) শব্দটো প্ৰতীক হিচাপে ব্যৱহাৰ হোৱা দেখা যায়। কবিয়ে শব্দ আৰু ভাবক শাসনত ৰাখি কিদৰে কাব্যিক মানদণ্ড বজাই ৰাখিছে তলৰ পংক্তিলৈ মন কৰিলেই দেখা পাওঁ-

"কুহুমীয়া গৰম মৰম আমনি দায়ক হলেও
খুলি দিও নিজক
নিজকে তৃপ্ত কৰাৰ অজুহাতত
কেতিয়াবা বেঁকা আঙূলিৰে
চুই চাইছো
ঠাণ্ডা পৰা চাহৰ দৰে সিহঁতৰ
অবাধ ইচ্ছাৰ নিষিদ্ধ শৰীৰবোৰ
প্ৰযুক্তিবিদ্যাৰ আৰ্শীবাদত জয় নপৰা বুঢ়া বয়সৰ বৃথা উল্লাসবোৰ …"

ইয়াত কবিয়ে নৈতিক চেতনাক প্ৰধান্য দিয়া দেখা গৈছে। সমাজবৰ্জিত শব্দ বা দৃশ্য অংকণৰ যোগেদি ভাব প্ৰকাশ হয় বুলি কিছুমানে ভাবে যদিও সেইয়া মুঠেই নহয়। কবি সমালোচক নলিনীধৰ ভট্টাচাৰ্যই এই ক্ষেত্ৰত এনেদৰে কৈছে- "কবিতাৰ মাজত এখন কুৎসিত জগত থাকিব পাৰে কিন্তু সেই জগত আৰু আমাৰ মাজত এটা মানসিক দূৰত্ব থাকিব লাগে।" দেখা যায় কবিয়ে এইক্ষেত্ৰত প্ৰকাশৰ কৌশল আয়ত্ব কৰি কবিতাটোৰ আংগিকত ৰহণ চৰাইছে।

কবিতাটোত ভাবৰ পুনৰাবৃত্তি হোৱা দেখা যায় তলৰ চৰণ দুটাত।

"শাৰী পতা শৰীৰবোৰ বাট এৰি থিয় হ'লে
আকৌ নতুন শাৰী হয়"

প্ৰথম দেখাতে ই অনাৱশ্যক যেন লাগিলেও ভাবৰ গতিত যাতে পাঠক থমকি ৰ'ব লগা নহয় তাৰ বাবে সহায়ক হৈ পৰিছে। বহুগামিনীৰ অন্তৰ জগতৰ সতে কেতিয়াবা বায়বীয় শৰীৰ একাকাৰ হৈ পৰে। ভাৰাক্ৰান্ত মন কেতিয়াবা
চেঁচা হৈ পৰিলেও পুৰণি নিচাৰ দৰে শৰীৰৰ ভোক নিবাৰণ নহয়। সেয়ে কবিয়ে সময়ক তাৰ লেখ-জোখ ল'বলৈ তাগিদা দি, ধৰ্মই কৰ্ম বুলি দোহাৰিছে।
"ৰুগ্ন পৃথিৱী" -পৃথিৱী প্ৰতীক হিচাপে ব্যৱহাৰ হোৱা দেখা গৈছে। পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ লগতে বৰ্তমানৰ ৰীতি নীতি, নিয়ম শৃংখলা সকলোৱে ৰুগ্ন হৈ পৰিছে। য'ত সুস্থ মানসিকতাৰ চিন্তা লোপ পাবলৈ ধৰিছে। "জাৰত আক্ৰান্ত" শব্দই দেহ বা মনৰ ক্ষুধা আৰু "জহৰ লঘোণীয়া ভোক" শব্দই বাসনাৰ তীব্ৰতা- এই দুয়োটাই বহুগামিনী চৰিত্ৰক স্পষ্ট ৰূপত দাঙি ধৰি চাৰিত্ৰক মাত্ৰা প্ৰদান কৰা দেখা গ'ল।

কবিতাটো পঢ়ি যাওঁতেই ধৰিব পৰা গৈছে ই কবিৰ সাধনাৰ ফচল। ই এদিনৰ সৃষ্টি নহয়। কবিতাৰ আংগিক সুন্দৰকৈ ৰচনা হৈছে। অপ্ৰয়োজনী শব্দ বা বাক্য চকুত নপৰিল। প্ৰতিটো পংক্তিতে এখন স্পষ্ট ছবি ফুটি উঠা দেখা গৈছে। কবিয়ে চিত্ৰকল্প অংকণ কৰোঁতে অপ্ৰয়োজনীয় ৰঙ নিলগাই ৰাখি যথাযথ ভাবে ৰং বুলাইছে। কবিয়ে বাস্তৱক সাহসেৰে তুলি ধৰিব পাৰিছে। ই এটা নিটোল ব্যঞ্জনাপূৰ্ণ কবিতা বুলিয়ে ক'ব পাৰি। শব্দবোৰ কবিতাই দাবী কৰা ধৰণে সৃষ্টি কৰা দেখা গ'ল। কবিতাটো দীঘল। চুটি হলেই যে ভাল হ'ব, দীঘল হলে বেয়া হ'ব- সেয়া যে সত্য নহয় এই কথা কবিতাটোৱে প্ৰমাণ কৰি দেখুৱাইছে। সম্ভানাপূৰ্ণ কবি গৰাকীৰ এই কবিতাটো কবিৰ কাব্যিক জীৱনৰ মাইলৰ খুটি বুলি ক'লেও হয়তো বঢ়াই কোৱা নহব।

সৰ্বশেষত কব খোজো যে কবিতাটো পৰ্যালোচনা কৰোতে বহুবাৰ দোষ-গুণ বিচাৰ কৰিবলৈ অনেক চেষ্টা কৰা হৈছে। (বানাৰ ক্ষেত্ৰত মাথো পূঁজিবাদ শব্দটো পুজিবাদ হৈ আছে) কবিৰ সচেতনতাই আমাক দোষ বিচাৰি পোৱাৰ সুযোগ নিদিলে। সেয়ে সেই দ্বায়িত্ব পাঠকলৈ এৰিলোঁ।

৩) ছৱি______________কবিঃ কল্যাণী বৰ্মন

মোৰ হাতৰ তলুৱাত
অজস্ৰ ৰেখাৰ কটাকটি
যেন যুদ্ধভূমিৰ মৰিশালি
সৰুতে
আইতাই কৈছিল
বহু দুখ-কষ্ট
আৰু ৰুগীয়া জীৱনৰ চিন
এতিয়া
মোৰ হাতৰ তলুৱাত জিলিকি উঠে
ভস্মচূড়
মোৰ ঘৰ ,মোৰ ওচৰ-চুবুৰীয়া
মোৰ সমাজ ,মোৰ দেশ
আৰু
মই ।
০০০০০০

কবি গৰাকীৰ "ছবি" কবিতাটোৰ মাজেৰে বাস্তৱ জীৱনৰ ব্যক্তিগত অনুভৱ প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে। বাস্তৱ সম্বন্ধে কবিৰ ব্যক্তিগত অনুভৱ সামাজিক সাৰ্থকতাত বিলীন হ'লে কবিতা জীৱন্ত হৈ উঠে। ইয়াৰ অৰ্থ হ'ল, কবি মানসৰ ঘাই শিপাডালত থাকে জীৱন্ত বাস্তৱত।

"মোৰ হাতৰ তলুৱাত
অজস্ৰ ৰেখাৰ কটাকটি
যেন যুদ্ধভূমিৰ মৰিশালি "

কবিতাৰ আৰম্ভণিৰ এই পংক্তিটোৰ পৰাই কবিয়ে আৰম্ভ কৰিছে অতীতৰ যন্ত্ৰণাময় জীৱনৰ এখন ছবিৰ অংকণ। এই ছবিখনৰ মাজেৰে কবিৰ এক মানসিক অভিব্যক্তি ফুটি উঠা দেখা গৈছে। যুদ্ধৰ মৰিশালিৰ দৰে অথালি-পথালিকৈ থকা ৰেখাবোৰে কবিৰ বাল্যকালৰ এখন ছবি প্ৰকট কৰি তুলিছে। যিটো কথা আইতাকৰ পৰা শুনিছিল। তেওঁৰ ল'ৰালিক যেন দুখ-কষ্ট আৰু ৰোগে অসহনীয় যন্ত্ৰণাৰ মোহৰ মাৰি থৈ গ'ল।

আধুনিক অসমীয়াৰ জয়ন্তী যুগতে আৰম্ভ হোৱা গদ্যৰীতি তেওঁৰ কবিতাত দেখা পোৱা গৈছে। যাৰ এক নিজস্ব লয় থাকে।

"মোৰ হাতৰ তলুৱাত জিলিকি উঠে
ভস্মচূড় "

ভস্মসুৰ এটা অসুৰ যি মহাদেৱৰ আশীষ ধন্য হৈ বৰ লাভ কৰিছিল। তেওঁ যাৰ মূৰত হাত দিয়ে তেওঁৱে ভস্ম হয়। সেই ভস্মসুৰ কবিৰ হাতৰ তলুৱাত জিলিকি উঠি যাকে স্পৰ্শ কৰিছে সিয়ে যেন ভস্মীভূত হৈ পৰিছে। কবিতাটোৰ মাজেৰে অতীত আৰু বৰ্তমানৰ দুখন ছবি ফুটি উঠিছে। "ভস্মচূড়" শব্দটো এনেদৰে প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে যে দুয়োটা পংক্তিকে এডাল সাঁকোৰ দৰে বান্ধি ৰাখিছে। ই এটা সবল প্ৰতীক। অৱশ্যে কবিতাটোত উল্লেখ থকা ' ভস্মচূড়' বানানটো 'ভস্মসুৰ' হ'ব লাগে। কবিতাটোৰ মাজেৰে কবিৰ অন্তৰদ্বন্দ ফুটি উঠাহে দেখা গ'ল। দুখৰ কাঁইট গচকি সুখৰ বাট দেখাৰ ছবি ফুটি নুঠিল। "মৰিশালি" শব্দই নিৰাশাৰ ভাব প্ৰকট কৰি তুলিছে। ইয়াত ভাষাৰ মূলধন ইংগিতময়তা বুলি কব পাৰি। কবিতাৰ ভাব নিৰাশাবাদ হোৱাতকৈ আশাবাদী হ'লে পাঠক অনুপ্ৰাণিত হয়। সেইখিনিতে কবি কিছু সফল হব নোৱাৰিলে যেন লাগে। কবিতাটো চুটি যদিও ৰসস্বাদনত পাঠক উজুটি খাব লগা হোৱা নাই। ভাৱৰ নিয়ন্ত্ৰণ দেখি কবিতাৰ সতে কবি যেন বহুদিনৰ চিনাকী তেনে ভাব হয়।
_________________________ক্ৰমশঃ_______

পুনৰীক্ষণ-৩২ | প্ৰথম খণ্ড (খ) | ১-১০ জানুৱাৰী ২০১৬ পৰ্যালোচকঃ পৰিমালা কোঁৱৰ

'পুনৰীক্ষণ'ৰ ৩২ সংখ্যক খণ্ডৰ (ক) ভাগ আদৰি লোৱা বাবে সকলো মাননীয় সদস্যলৈ আন্তৰিক ধন্যবাদ জনাই, একেটি খণ্ডৰ (খ) ভাগটোলৈ আগবাঢ়িছো।

৪) অভিজ্ঞতাৰ পাঠশালা-১__________কবিঃ মৌচুমী বৰি

শীতৰ দোপালপিটা বৰষুণজাকত জুৰুলি জুপুৰি মোৰ হিয়াৰ কপৌজনী

খবৰ নিদিয়াকৈয়ে আহিছিল শীতৰ অতিথি
বিশ্বাসৰ সুমথিৰা ৰ’দজাকতে বহাই আপ্যায়ন কৰা হৈছিল তেওঁক

মই মৰিবলৈ
তেওঁ মোৰ চাহৰ কাপত এটুকুৰা বিহ পেলাই দিছিল

মই নমৰিলোঁ
মাথোঁ বিশ্বাসৰ সৌধটি খহি পৰা যন্ত্ৰণাৰ দগ্ধতাত দহি দহি
পৰিণত হ’লো
উত্তাপিত এটুকুৰা ৰঙা অঙঠা – জীৱনে শিকাই যোৱা৷৷-

কবি মৌচুমী বৰিৰ এই কবিতাটোৰ মাজেদি কবিৰ মানসিক অভিব্যক্তি প্ৰকাশ পাইছে। অতীত আৰু বৰ্তমানৰ কাৰ্যৰ কাৰণ হিচাপে কবিতাটোত কবিৰ এক দৃষ্টিভংগী দেখিবলৈ পোৱা গৈছে । অতীত কাৰো বাবে মৃত নহয়, ই এক জলন্ত প্ৰবাহ। যি প্ৰবাহে বৰ্তমানক অহৰহ আমনি কৰি থাকে।

শীতত অহা বৰষুণজাক বতৰৰ বৰষুণ নহয় ।হঠাতে অহা বৰষুণ এজাকত কবি বৰ জুৰুলি জুপুৰিকৈ তিতিছিল। অৰ্থাত কবিৰ হৃদয়ক কোনো অবাঞ্চিত অতিথিয়ে বেয়াকৈ আঘাত দিছিল। সেয়ে কবিয়ে কৈছে--

খবৰ নিদিয়াকৈ আহিছিল শীতৰ অতিথি
বিশ্বাসৰ সুমথিৰা ৰ'দজাকত বহাই আপ্যায়ন কৰা হৈছিল
তেওঁক

-কবিৰ উপলব্ধি হৈছিল যাক বিশ্বাসেৰে শীতৰ কোমল ৰ'দৰ উত্তাপৰ দৰে আদৰি লৈছিল তেৱেঁ কবিৰ মৃত্যু কামনা কৰি আপ্যায়িত অতিথিৰ স'তে চুমুক দিয়া কাপত বিহ ঢালি দিছিল। এই খিনিতে কবিয়ে বিশ্বাসক যন্ত্ৰণা হিচাপে অংকণ কৰিছে। কবিৰ বিশ্বাসক ধূলিসাৎ কৰি মৃত্যু কামনা কৰাৰ কথা সত্য হিচাপে উদ্ধাৰ কৰি কৈছে-

"মই নমৰিলো"

-কবিৰ মৃত্যু নহল সঁচা কিন্তু কবিৰ বিশ্বাসৰ মৃত্যু ঘটিল। যি হৃদয়ে সহজে বিশ্বাস কৰিবলৈ শিকিছিল সেই বিশ্বাসে হৃদয়ক দগ্ধ কৰিলে। সেই দগ্ধ হৃদয়ৰ উত্তাপে কবিক এটুকুৰা জলন্ত অঙঠা লৈ পৰিবৰ্তন কৰিলে। কবিতাটোত "ৰঙা অঙঠা" বুলি কোৱাতকৈ "জলন্ত অঙঠা" শব্দটো বেছি খাপ খালেহেঁতেন বুলি ভাব হয়। জীৱনে কবিৰ বিশ্বাসক সন্দেহলৈ ৰূপান্তৰিত কৰাৰ লগতে কবিক খঙাল বা উত্তপ্ত কৰি তুলিলে আৰু জীৱনটো নতুনকৈ চাবলৈ শিকালে। সেয়ে কবিয়ে কবিতাৰ যি নামাকৰণ কৰিছে সেয়া সঠিক হৈছে।

কবিতাটোৰ ভাব সৰল। ক্ষন্তেকীয়া ভাব এটা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। "হিয়াৰ কপৌ" শব্দই শান্তি বিচৰা হৃদয়ৰ কথাই কৈছে। কবিতাটোত প্ৰতীক ব্যৱহাৰ কৰিছে যদিও ব্যঞ্জনা স্পষ্ট নহয়। কবিতাটোত অনুভূতিৰ বৰ্ণালী আৰু শব্দৰ গাঁঠনি সঠিক ভাবেই হোৱা দেখা গৈছে। কবিতাটো চুটি আৰু চুটি কৰিব লাগিছিল বুলি নকওঁ, কাৰণ কবিয়ে কবিতাটোৰ মাজেৰে যি অনুভূতি প্ৰকাশ কৰিব খুজিছে সেয়া শব্দৰ হ্ৰস্বতাই তাক প্ৰকাশ কৰিব নোৱাৰিলেহেঁতেন। শব্দ প্ৰয়োগৰ ক্ষেত্ৰত নিৰ্বাচন সঠিক নহলে ভাবৰ তীব্ৰতা ফুটি নুঠে। এইক্ষেত্ৰত কবি সচেতন হ'ব বুলি আশা কৰিলোঁ। চিত্ৰকল্প যথাযথ হৈছে। কবিতাটোত কোনো ইংগিতময়তা নাই। যাৰ বাবে কবিতাটোত ভাবৰ গভীৰতা কিছু কম যেন লাগিল। ৰুঢ় বাস্তৱৰ উন্মোচনৰ ক্ষেত্ৰত ভাষাৰ যি বৌদ্ধিক ভূমিকা তাৰ ইংগিত প্ৰকাশ ভংগীত থাকিলে কবিতাৰ সৌষ্ঠৱ বৃদ্ধি পায়।

৫) তেওঁক যোৱাগৈ দেখিছিলোঁ____________কবিঃ সত্যজিত গগৈ

তেওঁক যোৱাগৈ দেখিছিলোঁ
আবেলিৰ হেঙুলীয়াত,
নদীৰ বুকুত চ্লপ চ্লপ শব্দ
তেওঁৰ গীতৰ কাকলিত
মুখৰিত হয় পানীৰ গভীৰতা।

সত্যজিত গগৈৰ ই এটা স্তৱকৰ চুটি কবিতা। সুখপাঠ্য এই কবিতাটো এক চিত্ৰ কল্পৰ মাজেৰে প্ৰকাশ কৰিছে। কবিতাৰ ভাব অনুসৰি কবিতাটোত শব্দৰ প্ৰয়োগ হোৱা দেখা গৈছে। কবিতাটোৰ বৈশিষ্ট হ'ল ইয়াৰ শব্দ গাঁঠনি। প্ৰকৃতি আৰু অনভূতিৰ আবেদন কবিতাটোত নিহিত হৈ আছে। বহু কবি ভাব আৰু ভাষা সম্বন্ধে সজাগ নহয়। বহু কবিক ভালেমান সময়ত উকা বিবৰণ আৰু শব্দৰ চমৎকাৰিত্বৰে কবিতা নিৰ্মাণ কৰি সন্তুষ্ট হোৱা দেখা যায় ।কবিতাৰ মাজেৰে কবিৰ বোধ আৰু আবেগৰ সাৰ্থকতা লাভ কৰে বুলি নাভাবিলে কবিতাৰ ক্ষতি হয়।

৬) অৱসন্ন এক গধুলিৰ বিৰতিত________কবিঃ নিকুমণি শইকীয়া

ঘাগৰৰ এটি গধূলিত
নীড় অভিমুখী পক্ষী জাকৰ লগে লগে
ৰঙচুৱা
বেলিটো সন্তপর্ণে লুকাল জাৰণিৰ জোপাহাৰ আঁৰত
হালধীয়া সপোনবোৰ পথাৰ ডৰাত ৰৈ গ'ল
খিলখিলাই হাঁহিৰ জাকটো লাহে লাহে
ধূলিয়ৰি বাটটোত মাৰ গ'ল

আকাশ পৰা হুমুনিয়াহ এটা সৰি পৰিল
পূর্ণিমালৈ এতিয়াও কিছুদিন বাকী
বাৰাণ্ডাত মই আৰু এটা আউঁসী ৰাতি ।

কবিতাটোৰ নামাকৰণতে লুকাই আছে কবিতাটোৰ নৈসৰ্গিক ছবিখনৰ কথা।প্ৰকৃতিক ভালপোৱা কবিয়ে গধুলিৰ এখন ছবি আঁকিবলৈ চেষ্টা কৰিছে। ঘাগৰ শব্দৰ অৰ্থ নূপুৰ। ঘাগৰৰ গধুলি অৰ্থাত নূপুৰৰ দৰে বাজি থকা গধুলিটো হয় আমেজ ভৰা নাইবা মৃদু গুঞ্জন পূৰ্ণ। তেনে এটা ধুলিৰে ভৰা গধুলিৰ বাটত এজাক হাঁহি হেৰাই গৈ সেই বাটত মৰ আঁউসীৰ এন্ধাৰ নামি অহাৰ কথা কৈছে যদিও, আনন্দৰ মাজতে জীৱনলৈ নামি অহা আন্ধাৰৰ কথা কবিতাৰ মাজেৰে কৰা প্ৰকাশ মন কৰিবলগীয়া। কবিতাটোত কবিয়ে চিত্ৰকল্প, প্ৰতীক, ভাবৰ গতিময়তা ৰচনা আৰু শব্দসজ্জাৰ সমাহাৰ ঘটাইছে। আচলতে কবিতাৰ ভাষাই এটা মৃদু ৰহস্যৰ পোছাক পিন্ধে। সেই পোছাক কবিৰ কবিতাত সুন্দৰভাবে পৰিধান কৰা দেখা গৈছে।

অৱশেষত, পৰ্যবেক্ষণৰ আওঁতাত ১ৰপৰা ১০ জানুৱাৰী১৬ৰ ভিতৰত অহা কবিতা বিলাকে পাঠকলৈ একোটা একোটা বাৰ্তা কঢ়িয়াই আনিছে বুলি ক'ব পাৰি। সকলো বিলাক কবিতাই কাব্যিকতা ৰক্ষা কৰিছে। সৰ্বমুঠ ৪৩টা কবিতাৰ ভিতৰত ৬ টা কবিতাক সময়ৰ তৰ্জুৰে জুখিব নোৱাৰি দুখ অনুভৱ কৰিছো। যিহওক, সেইখিনি সময়ত গোটলৈ কবিতা প্ৰেৰণ কৰা কবিসকলৰ কাব্য চৰ্চা অব্যাহত থাকক, তাৰেই কামনা কৰিলোঁ। পাঠকৰ মনোৰঞ্জন আৰু গভীৰ ভাবাবেগ দিব পৰাকৈ কবিতাই আমাক ধন নিদিয়ে, কিন্তু মনৰ ঐশ্বৰ্য বঢ়ায়। আনন্দৰ ক্ষেত্ৰত আনে বিমূখ কৰিলেও কবিতাই নকৰে।

সৰ্বশেষত,পৰ্যালোচনাৰ দৰে এটা গুৰু দ্বায়িত্ব কান্ধ পাতি লৈ যি মানসিক আনন্দ লাভ কৰিলো সি দীৰ্ঘ ম্যাদী হ'ব যদিহে- কবি আৰু পাঠকে সহনশীল হৈ দোষ ত্ৰুটি আঙূলিয়াই দি কৃতাৰ্থ কৰে । ইয়াত কবিতাবোৰৰ গবেষণা কৰা নাই, পুনৰীক্ষণ হে কৰা হৈছে। এই চেগতে আখৰুৱাৰ প্ৰশাসকবৃন্দ তথা গোটৰ সদস্যসকলক এনে প্ৰচেষ্টাৰ বাবে সুযোগ দিয়াত সশ্ৰদ্ধ প্ৰণাম জনাই কৃতজ্ঞতা জ্ঞাপন কৰিলো।

ধন্যবাদ।

~ পৰিমালা কোঁৱৰ
সদস্য, আখৰুৱা : literati গোট।
২১ ফেব্ৰুৱাৰী ২০১৬
_________________

Sunday, 8 May 2016

মা





আজি মাতৃ দিৱস।মোৰ মা নাই।তথাপি প্ৰতি পলে অনুভৱ কৰো তেওঁ মোৰ চৌপাশ আৱৰি আছে ।
মাতৃ দিৱসৰ শুভেচ্ছাৰে কবিতা এটি আগবঢ়ালো।
মা
মা দুনাই নকও তোমাক ভাল পাওঁ বুলি
মাথো কঢ়িয়াই ফুৰো
মৌ সনা মাতৰ বৰ্ষা অৰণ্য
উমাল বুকুৰ আভিজাত্য
তোমাৰ
আঙূলিৰ পাবত গজি উঠা
মাধবী লতাই
মোৰ আত্ম বিশ্বাস
কোনে কয়
তুমি নাই
তুমি নাই
মই জানো
তুমি মোৰ আভ্যন্তৰৰ
সমস্ত কোঠাৰ ৰেঙনি
চকু মুদিলেই দেখা পাওঁ
তোমাৰ
সুখৰ চকুত দুখৰ চকুত
ফুলি উঠা মৰুৰ ফুল
বুকুত গছি উঠা
গধূলি গোপাল
থাপনাৰ কাকূতি
নখচুকাত লাগি ৰোৱা বোকাৰ ছবি
আমি হেনো
নদী বুকুত জী থকা মাছ
জীৱনৰ সতে সহযাত্ৰী হৈ
জী আছো
জী থাকো তোমাৰ
পঢ়াশালিৰ পাঠ লৈ
তোমাৰ সুবাসৰ ফুল
মোৰ প্ৰিয় ফুল
তোমাৰ গানেই মোৰ প্ৰিয় গান
মোৰ প্ৰিয় ছবি
তোমাৰ থাপনাৰ নতশিৰ
তুমিয়ে মোৰ
গৰিয়সী স্বৰ্গাদপী
জনমে জনমে
তোমাৰ বুকুৰ অমৃত পিয়াসী মই
তুমিয়ে মোৰ অৰণ্য
তুমিয়ে মোৰ আকাশ
তুমিয়ে মোৰ সন্ধানী পথৰ
আলোকৰ সহযাত্ৰী ।

চাবোন

চাবোন
কবি:- ৰাজীৱ ডেকা
এডোখৰ চাবোনেৰে
ঘহিঁ ঘহিঁ কপাহী মেঘৰ ফেন উলিয়াই 
চাফ কৰো
মুখমণ্ডলৰ ধুলি
ঘৰ্মাক্ত বুকু
ভেকেটা ভেকেট গোন্ধোৱা কাষলতি
আন্ধাৰ কৰঙণৰ মলি
লেতেৰা ভৰি
চাবোনে ৰুকি মাজি নিকা কৰা শৰীৰ লৈ
চাবোনৰ সুগন্ধি ধাৰ কৰি
চলা ফুৰা কৰো বাছত
ফুটপাথত
যাঁও মন্দিৰলৈ
প্ৰেয়সীক সাবতি ধৰোঁ দ্বিধাহীন হৈ।
সেয়ে চাবোনলৈ ধন্যবাদ ।
নাক ঢাকিবলৈ
কোনেও ৰুমাল নুলিয়ালেও
থু নেপেলালেও ওকালি নাহিলেও
আলফুল পৃথিৱীখন পণবন্দী কৰি থোৱা
মানুহৰ মলিয়ন মনবোৰ
কদৰ্য চিন্তাবোৰ নিকা কৰিবলৈ
আছে জানো কিবা !!
এদিন তেওঁ সুধিছিল মোক
মই কৈছিলো-
শিশুৰ হাঁহিবোৰক
ফুলি থকা ফুলবোৰক
বাটত পোৱা বৰষুণ জাকক
পখিলা চৰাই আৰু মৌমাখিবোৰক
নদী আকাশ পথাৰ আৰু পাহাৰক সোধা
সিহঁতে জানে সেই কথা ।

Saturday, 7 May 2016

চানেকি শিতান : এপ্ৰিল, ২০১৬______আলোচক ঃ পৰিমালা কোঁৱৰ

চানেকি শিতান : এপ্ৰিল, ২০১৬______আলোচক
ঃ পৰিমালা কোঁৱৰ
আখৰুৱাৰ "চানেকি" শিতানৰ বাবে আৰম্ভ কৰিবলৈ লৈছো এপ্ৰিল ২০১৬ সংখ্যৰ "সাতসৰী" আলোচনীৰ পৰা বাছনি কৰা অম্লান জ্যোতি দেউৰীৰ "আইনা" শীৰ্ষক কবিতাৰ পৰ্যালোচনা।
আইনা
~ অম্লানজ্যোতি দেউৰী
ৰবিবাৰে হাটত ককাই কিনিছিল আইনাখন
ডাঙৰ বাপৰ মাথাত লাগি
আইনাখন ভাগি থাকিল এদিন
সেন্দুৰ লোৱা সেওঁতা চোৱা সেই আইনা
আইতাই সাৰি-মচি পেলাই দিছিল
সেন্দুৰ আইতাই লৈছিল
ককাই কৈ দিছিল
ঠিক ঠাইত পৰিলেনে ফোঁট
চুলিখিনি হ’লনে ঠিক
মাই যৌতুকত পোৱা আইনাখন ডাঙৰ আছিল
দেউতা-মাই একেলগে মূৰ ফণিয়াইছিল
তাৰে আগত ৰৈ
পিঠিৰ ব্লাউজটো আৰু গলধনৰ ঘাটুকুৰ
আইনাত দেখা নাছিল মাই
দেউতাক সুধিছিল ঠিকে আছেনে ব্লাউজ
মলম লাগিছেনে গলধনত
আচলতে আইনা নহ'লেও কামবোৰ চলি যায় আমাৰ
প্রিয়জনক সোধে চুলি, ফোঁট ইত্যাদি
অজানিতে আইনা একোখন কঢ়িয়াই ফুৰোঁ নেকি
নিজৰেই মাজত।
"আইনা" কবিতাটোৰ মাজেদি সামাজিক জীৱনত ঘটি থকা সাধাৰণ ঘটনাবোৰে জীৱনক কি দৰে প্ৰতিফলিত কৰে তাৰে কিছু আভাস পোৱা যায়। কবিতাটো এটা প্ৰতীকধৰ্মী কবিতা বুলি একেষাৰতে ক'ব পৰা যায়।প্ৰতীক ব্যৱহাৰৰ ক্ষেত্ৰত কোৱা হয় যে- কবিতাত ব্যৱহাৰ হোৱা প্ৰতীকৰ যোগেদি মানৱৰ খণ্ডিত ব্যক্তিত্ব অখণ্ড ৰূপত দাঙি ধৰিব পাৰে। সেইদৰে প্ৰতীকে অনুভূতিৰ বিস্তাৰ কৰাৰ উপৰিও, কোনো গভীৰ অৰ্থব্যঞ্জনাৰো সৃষ্টি কৰিব পাৰে।
কবিতা এটা পাঠ কৰোঁতে পাঠকৰ সাংগীতিক শ্ৰৱণ শক্তি আৰু শব্দবোৰ চোৱাৰ দৃষ্টি এনে হ'ব লাগে যাতে তেওঁ কবিতাটোৰ ভিতৰলৈ সোমাই যাব পাৰে। সেইদৰে কবিতাৰ ভাবঘন গাঁথনিত প্ৰতিটো শব্দৰ গুৰুত্ব থাকিলেহে পাঠকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে।
যিকি নহওক আমি "আইনা" কবিতাটোৰ পৰ্যালোচনাৰ ক্ষেত্ৰলৈ আগবাঢ়ি যাব খোজোঁ। অম্লান জ্যোতি দেউৰীৰ কবিতাটোত আমি দেখিবলৈ পাইছোঁ জীৱন সম্বন্ধে কবিৰ ব্যক্তিগত অনুভৱ আৰু সামাজিক সাৰ্থকতাত কবিৰ মনোভাব বিলীন হোৱাৰ প্ৰয়াস।
"ডাঙৰ বাপাৰ মাথাত লাগি
আইনাখন ভাগি থাকিল এদিন
সেন্দুৰ লোৱা সেওঁতা চোৱা সেই আইনা
আইতাই সাৰি-মচি পেলাই দিছিল "
জীৱনৰ সমস্যাবোৰ যেন সংঘাতপূৰ্ণ হৈ পৰিছে- এই স্তৱকটোত কবি গৰাকীয়ে যেন তাকে ক'ব খুজিছে। কবিয়ে কবিতাটোত আইতাকৰ কথা কৈছে। "ডাঙৰ বাপা" সম্বোধনে হয়তো ডাঙৰ পুতেকৰ কথাকে কৈছে। আইতাকে জীৱনটো যিদৰে গঢ়িছিল ডাঙৰ পুতেক ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ সামাজিক জীৱনৰ গতি সলনি হৈ পৰিল। ভঙা আইনাৰ টুকুৰাবোৰ সাৰি মুচি পেলাই দিয়াৰ দৰে তেওঁৰ নিজস্ব চিন্তা-চৰ্চাবোৰ যেন আঁতৰাই পুতেকৰ দৃষ্টিভংগীৰে জীৱনটো ল'ব খুজিছে। পৰিবৰ্তনশীল জীৱনত একো বস্তুৱেই স্থায়ী নহয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে জীৱনৰো পৰিবৰ্তন হ'বলৈ ধৰে।
এটা সময়ত ককাক-আইতাকে গতানুগতিকভাবে জীৱন অতিবাহিত কৰিছিল। ককাৰ আদৰ্শৰে আইতাকে জীৱনটো পৰিচালিত কৰিছিল। সেই কথা এই পংক্তিটোৰ পৰা অনুমান কৰিব পাৰি ……
"সেন্দুৰ আইতাই লৈছিল/
ককাই কৈ দিছিল"
পুৰুষতান্তিক সমাজ ব্যৱস্থাৰ স'তে সমাজৰ বহু নাৰীয়ে জীৱনৰ ৰথ চলাই লৈ যোৱাৰ দৰে আইতাকেও তেনেদৰেই সহযোগিতা আগবঢ়াইছিল।ব্যঞ্জনাপূৰ্ণ এই পংক্তিৰ যোগেদি কবিয়ে সমাজ ব্যৱস্থাটো সুন্দৰভাৱে ফুটাই তুলিছে বুলি ক'ব পাৰি।
তৃতীয় স্তৱকত দেখা যায় তেওঁলোকৰ পৰম্পৰাগত জীৱনৰ কিছু পৰিবৰ্তন। কবিৰ মাক-দেউতাক ককাক-আইতাকতকৈ কিছু পৃথক।তেওঁলোক দুজনে সকলো সময়তে এককভাৱে পৰিচালিত নহৈ সমন্বয়ৰ সেতু বান্ধি জীৱনক উপভোগ কৰিছে ……
"দেউতা-মাই একেলগে মূৰ ফণিয়াইছিল /তাৰে আগত ৰৈ"
ইয়াতে নিহিত হৈ আছে আন এটা কাব্যিক ব্যঞ্জনা। কবিতাটোৰ মাজেদি কবিগৰাকীৰ মনত সোমাই থকা জীৱনবোধৰ দৃষ্টিভঙ্গী প্ৰকাশ পোৱা দেখা গৈছে। ভাবাবেগ, চিত্ৰকল্প আৰু ব্যঞ্জনাই কবিতাক মহত্ব প্ৰদান কৰি পাঠকক ৰসাস্বাদনত সহায় কৰে। বাস্তৱ সম্বন্ধে কবিৰ ব্যক্তিগত অনুভৱ বৃহত্তৰ নৈৰ্ব্যক্তিক সততাত বা সামাজিক সাৰ্থকতাত বিলীন হ'লেহে কবিতা জীৱন্ত হয়।
"অজানিতে আইনা একোখন কঢ়িয়াইফুৰোঁ নেকি
নিজৰেই মাজত ! "
শেষৰ এই পংক্তিটোৱে কবিতাটোৰ ভাবৰ ঘনত্ব বৃদ্ধি কৰি জীৱন সম্বন্ধে অনুসন্ধিৎসা বঢ়াই তুলি সকলোকে ভাবুক কৰি তুলিছে। জীৱনৰ অভিজ্ঞতা যিদৰে থাকিব লাগে সেইদৰে তাক প্ৰকাশ কৰি জীৱনক ছন্দোময় কৰি তুলিব পৰা দৃষ্টিভঙ্গীও থাকিব লাগে। জীৱন সম্বন্ধে কিছুমান জিজ্ঞাসাৰ মূৰ্ত প্ৰকাশে কবিতাক আকৰ্ষণীয় কৰি তোলে। সেই আকৰ্ষণীয় ৰূপ কবিতাটোত থকা বাবে কবিতাৰ নামকৰণ সঠিক হৈছে বুলি ক'ব পাৰি।
কবিৰ কাব্যচৰ্চা সঠিক ৰূপত আগবাঢ়ি যাওঁক তাকে কামনা কৰি "চানেকি" শিতানৰ এই খণ্ডৰ কবিতাৰ পৰ্যালোচনাৰ সামৰণি মাৰিছোঁ।
শেষত "সাতসৰী" আলোচনীৰ পাতৰ পৰা কবিতা পৰ্যালোচনাৰ সুবিধা দিয়া বাবে "আখৰুৱা"ক ধন্যবাদ জনাইছোঁ।
জয়তু আখৰুৱা।
~ পৰিমালা কোঁৱৰ
সদস্য, আখৰুৱা : literati গোট।
২৩ এপ্ৰিল ২০১৬
LikeShow more reactions
Comment
Comments
Bhaskar Jit Nath Sundor alusona.
LikeReply1April 25 at 8:25pm
সুনীল অমিয় সুন্দৰ অৱলোকন।
LikeReply1April 25 at 8:49pm
Porimala Konwar ধন্যবাদ
LikeReply1April 25 at 8:50pm
Porimala Konwar ধন্যবাদ।
Porimala Konwar চানেকি শিতানৰ কবিতাৰ পৰ্যালোচনাৰ মতামত আশা কৰিলো
LikeReply1May 4 at 12:27am
Subrata Goswami val palo.. gotot amlanjyoti nai sage
Malin Majumdar কবিতাটো আৰু ইয়াৰ পৰ্যালোচনাটো ভাল লাগিল।
LikeReply115 hrs
Porimala Konwar ধন্যবাদ।
LikeReply115 hrs
Anita Gogoi মনোগ্রাহী আলোচনা
LikeReply19 hrs
Porimala Konwar ধন্যবাদ।
LikeReply8 hrs
Tilak C Nath 'আইনা'ৰ পৰ্যালোচনা মনোগ্ৰাহী হৈছে।পৰ্যালোচনাই কবিতাটোক পাঠকৰ অধিক ওচৰ চপাই আনিবলৈ সক্ষম হৈছে বুলি মোৰ বিশ্বাস।
LikeReply18 hrs
চন্দ্ৰামিতা পৰাশৰ দক্ষ পৰ্যলোচক যদি কোনো মাতৃ.কবিতা তেওঁৰ সন্তান/সন্তানৰ প্ৰতিটো কথাই যেন তেওঁ অনুভব কৰে অন্তৰেৰে../
বৰ সুন্দৰভাবে ওচৰ চাপি গলো কবিতাটোৰ..
অতি সুন্দৰ
LikeReply17 hrs
Porimala Konwar প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো পৰ্যালোচনাটো হৃদয়ঙ্গম কৰাৰ বাবে।আলোচনী এখনৰ পৰা কবিতা বাচনি কৰি পৰ্যালোচনা কৰা কামটো বৰ সহজ নহয়। কবিজনক কাকত বা আলোচনীয়ে কবি বুলি স্বীকৃতি দিয়াৰ পিচত তেওঁৰ কবিতা সামগ্ৰীক ভাবে উচ্চ পৰ্যায়ৰ হৈ পৰে ।আমি ফেচবুকৰ কবি বা পৰ্য...See More
LikeReply7 hrsEdited
Amlanjyoti Dewry ধন্যবাদ
LikeReply23 hrs
Porimala Konwar স্বাগতম গোটলৈ।
LikeReply2 hr