আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ-(৩৯) : ১-৭আগষ্ট, ২০১৬/প্ৰথম খণ্ড
পৰ্যালোচক-ৰাজীৱ ডেকা
পুনৰীক্ষণৰ এই সপ্তাহৰ বাবে আমাৰ নিৰ্বাচিত কবিতাসমূহ হ'ল ক্ৰমে...
১) ভৰ দুপৰীয়া ৰোৱা নিকাওঁতে ~:পলাশ কুমাৰ নাথ
২) ৰূপান্তৰৰ আঁৰৰ পৰা ~ অৰূপ কুমাৰ দাস
৩) পৃথিৱীখনক দুহাতত তুলি লোৱা ~ বাস্তৱ মৰাণ
৪) মোক এজন বন্ধু লাগে যি মোৰ প্ৰেমিক নহয় ~:মনমী ভট্টাচাৰ্য
১) আগষ্টৰ প্রথম খণ্ডৰ পৰ্যালোচনাৰ বাবে লোৱা প্ৰথমটো কবিতা-
ভৰ দুপৰীয়া ৰোৱা নিকাওঁতে
~ পলাশ কুমাৰ নাথ
ভৰ দুপৰীয়া ৰ'দত
লঘোন ধানৰ চিটাটোত
মই ৰোৱা নিকাইছিলোঁ
সঁজাল ধৰা পাতবোৰ হালিছিল জালিছিল
এটি দুটি পখিলা আৰু
গাগিনীও পাতত বহিছিল
এটি ভোমোৰাই মোৰ কাণত গুণ-গুণাইছিল………
যেন সিহঁতে মোৰ কথাকেই পাতিছিল !
ভৰিত মোৰ লাগিছিল শামুক
আৰু
হিমচেঁচা এটি ভুমুক………
ক'লা কচুৰ পাত এটিত হেঁপাহ পলুৱাই পানী খাইছিলোঁ
কোৱাক কোৱাক কৰি ডাউক এজনীয়ে পোৱালিবোৰ চৰাইছিল……
কেওট কেওট কৰি বেং এটিয়ে চিঞৰিছিল
হয়তো কোনো ঢোঁৰা-সাপৰ মুখত পৰিছিল…………
সেই ভৰ দুপৰীয়া
ফেঁচু চৰাই এটিয়ে হয়তো মোৰ দুখ বুজিছিল
চিলনী এটি গৰখীয়া ছাঁ হৈ
অনবৰত মোৰ ওপৰৰে উৰি আছিল……
"ভৰ দুপৰীয়া ৰোৱা নিকাওতে"- পলাশ কুমাৰ নাথৰ দ্বাৰা ৰচিত আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ অন্যতম কবিতা আছিল। কবিতাটোত এক পথৰুৱা ছবি অংকন কৰাৰ চেষ্টা কৰা হৈছে। এজন কৃষকে ৰোৱাবোৰৰ মাজৰ পৰা অপতৃণ আঁতৰোৱাৰ দুপৰীয়াৰ মূহুৰ্ত্ত এটা শব্দৰ ফ্ৰেমত আৱদ্ধ কৰাৰ প্ৰয়াস কৰিছে। কবিতাটোত এখন চাক্ষুস চিত্ৰ প্ৰকাশিত হৈ উঠিছে-
"মই ৰোৱা নিকাইছিলোঁ
সঁজাল ধৰা পাতবোৰ হালিছিল জালিছিল
এটি দুটি পখিলা আৰু
গাগিনীও পাতত বহিছিল
এটি ভোমোৰাই মোৰ কানত গুণগুণাইছিল………"
গোটেই কবিতাটোক দুটা খণ্ডত ভাগ কৰিব পাৰি। প্ৰথম নটা শাৰীত কবিয়ে মূখ্যতঃ তুলি ধৰিছে পথাৰৰ নিজান দুপৰীয়া এটাৰ স্থিৰ চিত্ৰ। কবিৰ দৃষ্টি যিমানেই তীক্ষ্ণ সিমানে প্ৰখৰ তেওঁ শব্দ নিৰ্বাচনৰ ক্ষেত্ৰতো। কবিতাটোৰ প্ৰতিটো শাৰীয়েই একোটা চিত্ৰকল্পৰ আকৰ হৈ ধৰা দিছে। সৰু সৰু চিত্ৰকল্পৰ এক শৃংখলেৰে কবিয়ে গঠন কৰিছে এটা সুন্দৰ দৃশ্যৰ। প্ৰথম নটা শাৰীৰ পৰা আমি প্ৰত্যক্ষভাবে পাব পাৰো এজন কৃষকে নিজান পথাৰ এখনত অকলশৰীয়াভাবে ৰোৱা নিকাওতে অনুভৱ কৰা অনুভূতি এটি। এজন কৃষকৰ মানসিকতাৰ লগত কবি একাত্ম হৈ পৰিছে বুলি অনুভৱ হয়।
দহ নম্বৰ শাৰীটো গঠন কৰিছে 'আৰু' শব্দটোৱে। দহ নম্বৰ শাৰীৰ পিছতো কবিয়ে সংযোজিত কৰিছে আৰু নটা শাৰী। সেই হিচাপে দহ নম্বৰ শাৰীটোক গোটেই কবিতাটোৰ মধ্যশাৰী বুলি ধৰি দুটা সমান ভাগত ভগাব পাৰি। পিছৰ নটা শাৰী হৈছে প্ৰতীক প্ৰধান। এই শাৰীবোৰত ব্যৱহাৰ কৰা চিত্ৰকল্পসমূহ প্ৰতীক হিচাপে কবিয়ে ব্যৱহাৰ কৰাৰ কৌশল স্পষ্ট হৈ পৰিছে। শেষৰ নটা শাৰীত কবিয়ে এজন কৃষকৰ কষ্টকৰ জীৱন আৰু দুৰ্দশাৰ জীৱনৰ ছবি এখন ইংগিত কৰিছে। খেতিয়ক এজনৰ জীৱন চলে খেতিডৰাৰ ওপৰত ভিত্তি কৰিহে। খেতিডৰাৰ ওপৰতে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ আয়ুস নিৰ্ভৰশীল। সেই খেতিয়কৰ মুৰৰ ওপৰত দুৰ্ভাৱনাৰ ক'লা ডাৱৰ অনবৰতে বিদ্যমান-
"কেওট কেওট কৰি বেং এটিয়ে চিঞৰিছিল
হয়তো কোনো ঢোৰাসাপৰ মুখত পৰিছিল…………
সেই ভৰ দুপৰীয়া
ফেঁচু চৰাই এটিয়ে হয়তো মোৰ দুখ বুজিছিল
চিলনী এটি গৰখীয়া ছাঁ হৈ
অনবৰত মোৰ ওপৰৰে উৰি আছিল……"।
২) এইবাৰ আহিছোঁ অৰূপ কুমাৰ দাসৰ 'ৰূপান্তৰৰ আঁৰৰ পৰা' শীৰ্ষক কবিতাৰ আলোচনালৈ-
ৰূপান্তৰৰ আঁৰৰ পৰা
~ অৰূপ কুমাৰ দাস
বুৰঞ্জীৰ সত্য; সত্যৰো সনাতন
এজাক বতাহ একুৰা জুই
ধোঁৱা-ধূলিৰ ধুমুহা এটাতেই
মই মোক সঁপি থৈছোঁ
ৰণাংগণত পাত হোৱা ৰক্তৰাশিত
পদপথৰ প্ৰান্তত উৱলি পৰি ৰোৱা
ফটা কম্বল এখনৰ মৌনতাৰ পৰাই
আহৰণ কৰিছোঁ জীৱনৰ উম
খোজ কাঢ়োঁতে মই ভাগৰা নাই
বাটৰ বুকুৰ অগণন অচিনাকী মাতে
দুভৰিক দিছে অফুৰন্ত গতি
নিসংগতাৰ মাজতো বিচাৰি পাইছোঁ সংগ
ইয়াতকৈ বেলেগ কি প্ৰয়োজন
মই নমৰোঁতেই এজনে মোৰ বাবে কান্দে
মই জীয়াই থকাৰ সুখত
সিহঁতৰ মুখবোৰত জ্বলে হাঁহিৰ একোপাহি চম্পা
সিহঁতৰ সাহসতেই এই যাত্ৰা
অন্য এক ৰূপান্তৰৰ
সিহঁতৰ সাহসতেই
মই মোক ভাঙিছোঁ
মই মোক গঢ়িছোঁ অবিৰাম
ভাঙি গঢ়ি জলাই পুৰি পাইছোঁ
মোৰ নামৰ অলংকাৰ ৷
কবিতাটোত মানৱ জীৱনৰ জীৱন ধাৰণৰ এক পদ্ধতি বৰ্ণনা কৰা হৈছে। মানৱ জীৱনৰ এক প্ৰতিনিয়ত দ্বন্দ্ব, সংঘাত আৰু উত্থান-পতনৰ ছবিখন এই কবিতাটিত অংকন কৰা হৈছে। জীৱনৰ প্ৰকৃত ৰস পান কৰিবলৈ হ'লে মানুহে হাজাৰ বাধা বিঘিনি অতিক্ৰম কৰিব লগা হয়। 'মই' সৰ্বনামেৰে বক্তাই গোটেই মানৱ জাতিক প্ৰতিনিধিত্ব কৰিছে। এই জীৱন চলি থাকে হাজাৰ বাধা বিঘিনি অতিক্ৰম কৰি-
"ফটা কম্বল এখনৰ মৌনতাৰ পৰাই
আহৰণ কৰিছোঁ জীৱনৰ উম
খোজ কাঢ়োঁতে মই ভাগৰা নাই"
জীৱনলৈ নিঃসঙ্গতা আহে। শূন্যতা আহে। তথাপি জীৱন চলে। হেৰাই নাযায়। মানুহে আকৌ সংগ বিচাৰে। মানুহে মানুহৰ সংগ পায়-
"বাটৰ বুকুৰ অগণন অচিনাকী মাতে
দুভৰিক দিছে অফুৰন্ত গতি
নিসংগতাৰ মাজতো বিচাৰি পাইছোঁ সংগ
ইয়াতকৈ বেলেগ কি প্ৰয়োজন"
জীৱন ক্ষণভংগুৰ। মৃত্যুৱে মানুহক মানুহৰ পৰা কাঢ়ি লৈ যায়, তথাপি মানুহ হতাশ নহয়। জীৱনৰ নামত জীয়াই থকাৰ হেঁপাহত জীৱন চলি যায়। আগুৱাই যায়-
"মই নমৰোঁতেই এজনে মোৰ বাবে কান্দে
মই জীয়াই থকাৰ সুখত
সিহঁতৰ মুখবোৰত জ্বলে হাঁহিৰ একোপাহি চম্পা"
জীৱন এক খেল। ভাঙি, গঢ়ি অলংকাৰৰ দৰে ইয়াক গঢ়িব লাগিব। ই জ্বলি পুৰি উজ্জল হোৱা সোণৰ দৰে জ্বলি থাকিব চিৰকাল-
"সিহঁতৰ সাহসতেই
মই মোক ভাঙিছোঁ
মই মোক গঢ়িছোঁ অবিৰাম
ভাঙি গঢ়ি জলাই পুৰি পাইছোঁ
মোৰ নামৰ অলংকাৰ ৷"
কবিতাটোত শিৰোনামটিয়ে দি যোৱা প্ৰতিশ্ৰুতিতকৈও কবিতাটোৰ দেহটোত অন্য এক ছবি পৰিলক্ষিত হোৱা যেন বোধ হয়। বাক্যৰ গাঁথনিৰ ক্ষেত্ৰত কবি অলপ আৰু সাৱধান হ'লে কবিতাটো আৰু অধিক মনোগ্ৰাহী হোৱাৰ সম্ভাৱনা আছিল বুলি ক'ব পাৰি।
৩) এইবাৰ আলোচনালৈ আনিছো বাস্তৱ মৰাণ ৰচিত 'পৃথিৱীখন হাতত তুলি লোৱা' শীৰ্ষক এক সুন্দৰ, সাৱলীল কবিতা-
পৃথিৱীখনক দুহাতত তুলি লোৱাঃ
~ বাস্তৱ মৰাণ
পৃথিৱীখনক দুহাতত
তুলি লোৱা
নহ'লে বসন্ত নাহিব
নহ'লে চৰাইবোৰ বাহলে' নাহিব
নহ'লে বাঁহপাতে গগনা বজাই
নানাচিব সপোনৰ দুপৰত
তেজবোৰ বাহিৰ হ'ব নিদিবা
নিদিবা.......
এনে কিনো হ'ল
যে বুজিবগৈ পৰা নাই
তেজৰ ৰং ৰঙা
তেজৰ ৰং সঁচাকৈয়ে ৰঙা
কিমানটা উৎসৱ নাসাজো
জী থকাৰ উলাহত
পৃথিৱীতকৈ বেছি ঘূৰি নাচো বছৰত
অথচ কিয় ইমানতো ভালপাব শিকা গ'ল
বুকুভঙা পৰিণতিৰ উৎসৱ কিছুমান
শিশুবোৰ সৰিয়হনী ফালি ল'ৰিলে
কাৰ বুকুত থিতাপি লয়
প্ৰাণ-মমতা, সমবেদনা
মাটি আৰু বতাহেহে জানে
উত্তেজনাৰ দহকুৰি দহফুট গভীৰতা
পৃথিৱীখনক দুহাতত তুলি লোৱা
তেজবোৰ বাহিৰ হ'ব নিদিবা ৷
এই কবিতাটোত কবিয়ে মানুহ আৰু প্ৰকৃতিৰ মাজত থকা শাশ্বত সম্পৰ্কৰ কথা তুলি ধৰিছে। প্ৰকৃতিৰ পৰা মানুহ বিচ্ছিন্ন হৈ পৰিছে- তাকেই কবিয়ে কবিতাটোত প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। শিৰোনামাটোৰ উপৰিও কবিতাটোৰ প্ৰথমটো শাৰীয়েই সেই কথাটো স্পষ্ট কৰি তুলিছে -
"পৃথিৱীখনক দুহাতত
তুলি লোৱা
নহ'লে বসন্ত নাহিব"
শিৰোনামাৰেই দি যোৱা ধাৰণা কবিতাটোৰ শাৰীকেইটাই পুৰঠ কৰি ফুটাই তুলিবলৈ সক্ষম হৈছে-
"নহ'লে বসন্ত নাহিব
নহ'লে চৰাইবোৰ বাহলে' নাহিব
নহ'লে বাঁহপাতে গগণা বজাই
নানাচিব সপোনৰ দুপৰত
তেজবোৰ বাহিৰ হ'ব নিদিবা"
প্ৰকৃতিৰ পৰাহে মানুহে প্ৰকৃত জ্ঞান আহৰণ কৰিব পাৰে। প্ৰকৃতিৰ পৰা যিমানেই মানুহ আঁতৰি গৈছে সিমানেই মানুহৰ মাজত অসূয়া অপ্ৰীতি বৃদ্ধি হৈছে-
"তেজৰ ৰং ৰঙা
তেজৰ ৰং সঁচাকৈয়ে ৰঙা
কিমানটা উৎসৱ নাসাজো
জী থকাৰ উলাহত
পৃথিৱীতকৈ বেছি ঘূৰি নাচো বছৰত
অথচ কিয় ইমানতো ভালপাব শিকা গ'ল
বুকুভঙা পৰিণতিৰ উৎসৱ কিছুমান"
এই কবিতাটোত প্ৰকৃতি এক প্ৰতীক হিছাপে ব্যৱহৃত হৈছে। ই সৰলতা আৰু সুন্দৰতাৰ প্ৰতীক। প্ৰকৃতিৰ সংস্পৰ্শত মানুহৰ মনতো সৰলতা, পবিত্ৰতা আদি গুণৰাশি অংকুৰিত হৈ উঠিব। সেয়ে আলফুলীয়া পৃথিৱীখন মানুহে দুহাতত তুলি লৈ সুৰক্ষিত কৰি ৰখা উচিত।
৪) আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এটা অন্যতম কবিতা হ'ল মনমী ভট্টাচাৰ্য্যৰ কবিতা- 'মোক এজন বন্ধু লাগে যি মোৰ প্ৰেমিক নহয়'।
মোক এজন বন্ধু লাগে যি মোৰ প্ৰেমিক নহয়
~ মনমী ভট্টাচাৰ্য্য
মোক এজন বন্ধু লাগে।
এই বন্ধুত্ব সন্মান আৰু বুজাবুজিৰ ,
কিন্তু ভালপোৱাৰ নহয় ।
ভালপোৱাই আপোনজনক পাহৰাই
নিজকো পাহৰায় ।
যেতিয়া মোহভংগ হয়
আপাততঃ সব শূন্য হৈ পৰে ।
সেয়ে এজন বন্ধু লাগে
যি মোৰ প্ৰেমিক নহয়।
বন্ধুত্বৰ এনাজৰী বিশ্বাস
ব্যক্তিগত সত্তাক জীয়াই ৰখাৰ নিস্বাৰ্থ আশ্বাস
বন্ধুত্ব এক অপাৰ্থিৱ অন্তৰংগতা
এক অনন্য সংবেদনশীলতা।
মোৰ এই অনুভৱক অনুভৱ কৰা,
‘মই’জনীক চিনি পোৱা,
মোক ফাঁকি নিদিয়া ,
বন্ধু এজন লাগে।
এই বন্ধুত্ব চৰ্তহীন,
নৈতিকতাৰ তুলাচনী বিহীন।
কিয়নো ই লিঙ্গবৈষম্যৰ উৰ্ধত।
অধিকাৰৰ নামত কৰা দাবীৰ উৰ্ধত।
আকাশক কেনভাছ বনাই
সপোনৰ ৰং সানো মই।
হয়তো সেয়ে আজি
মই এজন বন্ধুৰ প্ৰতীক্ষাত……
এইটো এটা সাৱলীল কবিতা। কবিয়ে এটা ব্যক্তিগত আকাংক্ষাক কবিতাৰ আকাৰ দি সাৰ্বজনীনতা প্ৰদান কৰাৰ চেষ্টাত ৰত হৈছে। কবিমন অত্যন্ত সংবেদনশীল। কবি নাৰী।কবিতাটিৰ বক্তাও নাৰী। কবিয়ে কবিতাৰ বক্তাৰ লগত একাত্মবোধ কৰি এজনী নাৰীৰ দৃষ্টিৰ পৰা বন্ধুত্বৰ সংজ্ঞা বিশ্লেষণ কৰিছে। বক্তাই নিজৰ দৃষ্টিভঙ্গীৰ পৰা বন্ধুত্বৰ সংজ্ঞা এটি উত্থাপন কৰিছে-
"বন্ধুত্ব এক অপাৰ্থিৱ অন্তৰংগতা
এক অনন্য সংবেদনশীলতা।"
"এই বন্ধুত্ব চৰ্তহীন,
নৈতিকতাৰ তুলাচনী বিহীন ।"
কবিতাটোৰ ভাৱবস্তুৰ দ্বন্দ্ব আৰম্ভ হৈছে পুৰুষ আৰু নাৰীৰ মাজৰ বন্ধুত্বৰ এক ধাৰণাৰ জৰিয়তে। এইটো ক'লেও অত্যুক্তি কৰা নহ'ব যে আমাৰ সমাজ ব্যৱস্থা এতিয়াও যথেষ্ঠ পৰিমাণে সংকীৰ্ণ মানসিকতাৰ লোকৰ দ্বাৰা পৰিচালিত হৈ আছে। এই সমাজ ব্যৱস্থাত বিপৰীত লিংগৰ ব্যক্তিৰ মাজত হোৱা পবিত্ৰ বন্ধুত্বৰ সম্পৰ্কও সন্দেহৰ কু-দৃষ্টিৰ পৰা মুক্ত হ'বলৈ সক্ষম নহয়। ভিন্ন শাৰিৰীক অৱয়ৱ হোৱা হেতুকেই এই ধাৰণা সৃষ্টি হৈছে।
প্ৰায়েই নাৰী পুৰুষৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক পিছলৈ ভালপোৱাৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। এই কবিতাটোত বক্তাই প্ৰেমৰ সম্পৰ্ক বিচৰা নাই। বক্তাৰ প্ৰেমৰ সম্পৰ্কৰ ওপৰত আস্থাও নাই-
"ভালপোৱাই আপোনজনক পাহৰাই
নিজকো পাহৰায়।
যেতিয়া মোহভংগ হয়
আপাততঃ সব শূন্য হৈ পৰে।"
বক্তাই বিশ্বাস কৰে বন্ধুত্বৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কতকৈও ঊৰ্দ্ধত। ই লিংগ বৈষম্যৰও ঊৰ্দ্ধত-
"কিয়নো ই লিঙ্গবৈষম্যৰ উৰ্ধত।
অধিকাৰৰ নামত কৰা দাবীৰ উৰ্ধত।"
বক্তাই বিচাৰিছে এজন প্ৰকৃত পুৰুষ বন্ধু। এজন বন্ধু যিয়ে এজনী নাৰীক নাৰীৰ প্ৰকৃত মৰ্যাদা প্ৰদান কৰি বন্ধুত্বৰ এনাজৰী মজবুত কৰিব পাৰে-
"মোৰ এই অনুভৱক অনুভৱ কৰা,
‘মই’জনীক চিনি পোৱা,
মোক ফাঁকি নিদিয়া ,
বন্ধু এজন লাগে ।
এই বন্ধুত্ব চৰ্তহীন,
নৈতিকতাৰ তুলাচনী বিহীন।"
কবিমনে এগৰাকী নাৰীৰ জীৱনত প্ৰকৃত পুৰুষ বন্ধু এজনৰ মূল্য কিমান তাকেই তুলি ধৰাৰ প্ৰয়াস কৰিছে। সহজ বিষয়বস্তুৰ ওপৰত আধাৰিত কবিতাটোৰ আবেদন বৃদ্ধি কৰিছে সহজ শব্দবিন্যাসে।
কবিতাটোত অলংকাৰৰ প্ৰাচুৰ্যতা নাই যদিও, কবিতাটোৰ আকৰ্ষণ বিঘ্নিত কৰা নাই।
ধন্যবাদ
পৰ্যালোচক- ৰাজীৱ ডেকা
সদস্য, আখৰুৱা : literati
১৩ ছেপ্তেম্বৰ, ২০১৬