:: এনেকৈয়েই চলি থাকে... ::
কবিতাবোৰ শব্দ হয়
শব্দবোৰ পখিলা হয়
পখিলাবোৰ ৰং হয়
শব্দবোৰ পখিলা হয়
পখিলাবোৰ ৰং হয়
ৰঙীন বাবেই পখিলাবোৰ
উৰণীয়া ।
জীৱনবোৰ উৰণীয়া হয়
উৰণীয়া হয় বাবেই সপোন চুমে
উৰণীয়া হয় বাবেই সপোন চুমে
সপোনবোৰ আৱেগ হয়
কিয়বা, আৱেগবোৰ নৈ হয় !
কিয়বা, আৱেগবোৰ নৈ হয় !
নৈ হৈ বোৱাই লৈ
আহে
মনত সাঁচি থোৱা কথাবোৰ
মনত সাঁচি থোৱা কথাবোৰ
আকৌ কথাবোৰ শব্দ
হয়
আৰু এনেকৈয়েই চলি থাকে
এধৰীয়া মালা...
আৰু এনেকৈয়েই চলি থাকে
এধৰীয়া মালা...
।। শঙ্কৰ জ্যোতি দত্ত ।।
No comments:
Post a Comment