মহাত্মাই হাঁহিছে
---------------------------
লাখুটিত ভৰ দি মহাত্মাই হাঁহিছে ৷
গোলাকাৰ চশমাৰ স্বচ্ছ লেন্সত জিলিকি উঠিছে
অস্বচ্ছ ভাৰতৰ ধুসৰ, ক্লেদাক্ত ছবি ৷
গান্ধীৰ হাঁহিৰ ত্ৰিমাত্ৰিক ভাঁজত
সপোন এটিয়ে এঙামুৰি কাঢ়ি থিয় -ডঙা দিছে ৷
কৰবাত গছ এজুপি গজি লহপহকৈ বাঢ়ি আহিছে৷
গছজোপাত অহিংসাৰ ফল এটি লাগি পকি সৰিল৷
গান্ধীৰ বান্দৰ তিনিটাই ফলটোক লৈ টানিছে,আঁজুৰিছে
আঁজুৰিছে,টানিছে ৷
ক্ৰমাত হিংস্ৰ হৈ পৰিছে সিহঁত৷
মহাত্মাই অকলে অকলেই হাঁহিছে৷
নৈখনেৰে মৃতদেহ বোৰ উটি আহিছে
কোনেওতো নাজানে কাৰ মৃতদেহ সেয়া
বজাৰৰ চৌপাশত সিঁচৰিত হৈ আছে এদম নৰমুণ্ড
একুৰা জুইয়ে তেওজ্- বেলি
গোটেই গাওঁখনকেই ছাৰ্ খাৰ্ কৰিছিল ৷
একেইকুৰা জুইয়েই তাহানিতেই
গান্ধীকো দহিছিল ৷
তথাপিতো
গান্ধীয়ে মিচিকিয়াই হাঁহিছে৷
ঘাতকৰ নিৰ্মম অসিৰ আঘাতত
বিদীৰ্ণ তেওঁৰ কবিতা কোমল বুকু
তথাপিচোন গান্ধীয়ে হাঁহে৷
আজি সাতোটা দশকজুৰি
প্ৰতিটো জয়ন্তীতে আমি
আকৌএবাৰ হত্যা কৰো তেওঁক,
তেওঁৰ আদৰ্শক ৷
আমাৰ ভণ্ডামী দেখি তেওঁ হাঁহিছে৷
আমাৰ কপটালী দেখি তেওঁ হাঁহিছে ৷
নেগুৰ কটা শিয়ালজাক দেখি
এটি শিশুৰ দৰেই
মহাত্মাই হাঁহিছে
No comments:
Post a Comment