আখৰুৱাৰ অনুভৱ :
অক্টোবৰ, ২০১৭
কিশোৰ দাস
----------------------
পুৰণি কবিতাৰ বহী
এটি চাই আছিলোঁ। নিজে লিখা কবিতাবোৰে নিজকে হহুঁৱায়, আকৌ তাৰে মাজৰেই কিছুমান কবিতাই মনটো সেমেকা কৰে।
--------
--------
আৰু কিছু পষেক--
আমি এৰা-এৰি হ'ম।
শীতৰ শেষৰ কুঁৱলি
ঘণ হৈ আহিছে,
আমাৰ মৰমো গাঢ় হ'ব ধৰিছে।
ঘণ হৈ আহিছে,
আমাৰ মৰমো গাঢ় হ'ব ধৰিছে।
যদিওবা
আৰু কিছু পষেকৰ পাচতেই
আমি এৰা-এৰি হ'ম।।
আৰু কিছু পষেকৰ পাচতেই
আমি এৰা-এৰি হ'ম।।
২৯।০১।২০১৪
--------
জানুৱাৰী মাহ,২০১৪।
তেতিয়া আমি
বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকন'লজি বিভাগৰ চতুৰ্থ ষাম্নাসিকৰ ছাত্ৰ। মাঘ বিহুৰ শেষত নতুনকৈ
শ্ৰেণী আৰম্ভ হৈছে। বোধকৰো ঘৰত বহুদিন
বন্ধ কটোৱাৰ বাবে মনত জঠৰতা।
তেতিয়া ৰাতিপুৱা ৯ বজাৰ পৰা শ্ৰেণী আৰম্ভ হয় বাবে ঘৰৰ পৰা ৭ বজাত ওলাই ওচৰৰে
ঘাইপথটোৰ চ'কটোত বাছ ৰখো। চৌদিশে
কুঁৱলি, দূৰৈৰ পৰা বাছবোৰ নমনি। অকল জ্বলাই অহা লাইটবোৰ দেখা যায় যদিও সেইখন কি গাড়ী পূৰ্বানুমান কৰাটো বৃথা।
অবশ্যে দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে গুৱাহাটী অভিমূখী বাছ পোৱা যায়। ৰ'ব লগা সময়খিনি মোৰ বৰ প্ৰিয়।
কুঁৱলিসিক্ত পথাৰবোৰত, সৰা পাতবোৰত যেন ৰৈ যায় মোৰ মনটো, বাছখনত উঠিলেও খিৰিকীৰে
দূৰৈৰ পথাৰবোৰে মোক সংগ দিয়ে। ঘৰৰ ওচৰৰে পাগলদিয়া, যেন কুঁৱলিৰ সাগৰত শুই থকা এক গাৱঁলীয়া ৰাস্তা। সৰিয়ঁহৰ পথাৰবোৰত
মন হেৰুওৱাটো কিমান যে সহজ!
সাধাৰণতে বন্ধ
খোলাৰ পিছত প্ৰথম দুদিনমান শ্ৰেণীৰ উপস্থিতি সেৰেঙা।
দূৰৈৰ বন্ধুবোৰ বহুদিনৰ মূৰত বিহুৱে- পূজাই ঘৰত যায় বাবে দুদিন বেছিকৈ বন্ধ কটাই আহে। আমি ওচৰৰ খিনি বন্ধ পালেই ঘৰলৈ লৰোঁ যিহেতু বন্ধ খুলিলেই যাব পাৰোঁ।
সকলোবোৰৰ উপস্থিতিত
সকলো নতুন যেন লাগে। আমি যেন পুনৰুজ্জীৱিত হৈ আকৌ লগ হ'লো। নতুন কথা, নতুন আশা।
এনেকৈয়ে মনত এটি
চিন্তাই বাহ বান্ধে এয়াই হয়তো বিশ্ববিদ্যালয়ৰ জীৱনৰ শেষ শীত। আমি সকলো চাৰি-পাঁচ মাহ পাছতেই এৰা-এৰি হ'ম। নিজৰ জীৱনৰ
ভৰণ-পোষণত নাইবা নিজৰে জীৱন পৰীক্ষাত।
পঢ়ি-শুনি ওলাই
যোৱাৰ পিছতহে গম পোৱা যায়, জীৱন কি? বিশ্ববিদ্যালয়ৰ
দুবছৰীয়া পৰিক্ৰমাৰ অন্তিম মূহুৰ্ত সমাগত। সকলোৰে মন গধূৰ।
জীৱনৰ পথবোৰত হেৰাই নাইবা হাৰি ছন্দ হেৰোৱাৰ ভয়ত! নিজৰ মাজতেই নাইবা জাগতিক ব্যস্ততাত নিজৰ সময় হেৰুৱাই লগ নোপোৱা বহুদিনেই হ'ল।
কবিতাটো তেনেভাবেই
লিখা আছিল, যিটো দুই এজন বন্ধুৰ বাবে কাকো দিয়া হোৱা নাই। আজি পঢ়ি পুনৰ মনটো সেমেকা হ'ল। এনেই সেমেকা বতৰ, মনটো পুনৰ সেই দিনবোৰলৈ উৰি গ'ল।

No comments:
Post a Comment