Saturday, 16 December 2017

আখৰুৱাৰ পাঠকৰ মনৰ কথা: অক্টোবৰ, ২০১৭ প্ৰথম বছৰ, সপ্তম সংখ্যা

আখৰুৱাৰ পাঠকৰ মনৰ কথা: অক্টোবৰ, ২০১৭
প্ৰথম বছৰ, সপ্তম সংখ্যা :
এইবাৰৰ মনৰ কথা কোৱা পাঠক:
বন্দিতা গগৈ বৰা


'পাঠকৰ মনৰ কথা 'শিতানত মোৰ মনৰ কথা কবলৈ প্ৰেৰণা আৰু সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো। পাঠক হিচাবে আখৰুৱাৰ প্ৰতিটো শিতান খুবেই মনোযোগেৰে পঢ়ো। উপকৃতও হৈছো বহুক্ষেত্ৰত । এই সুযোগতে আখৰুৱাক পুনঃ ধন্যবাদ জ্ঞাপন কৰিছো,সুন্দৰ আৰু সময়োপযোগী শিতান সমূহ নিয়মীয়াকৈ পাঠকলৈ আগবঢ়াই থকা বাবে।
আজি মোৰ মনৰ কথা হিচাবে বিশেষ কোনো গল্প,উপন্যাস বা কবিতাৰ বিষয়ে ক' বিচৰা নাই। আজি মই কবলৈ লৈছো শৰতৰ কিছু অনুভৱৰ কথা। হয়, এতিয়া শৰৎ ঋতু, এই ঋতুক বেয়াপোৱা কোনো ব্যক্তিয়েই হয়তো নোলাব। অনুভূতি প্ৰবণ যিকোনো ব্যক্তিকে শৰতে এপলক হ'লেও চুই যায়। ৰিব-ৰিব গা-শাঁত পেলাই নিয়া মলয়া,শুকুলা ডাৱৰ , হালি-জালি ফুলি ৰোৱা কঁহুৱাবোৰ আৰু শেৱালিৰ সুবাসে কঢ়িয়াই আনে শৰতৰ বতৰা। সৌসিদিনা ৰেলেৰে ঘৰ অভিমুখে আহি থাকোঁতে নৈৰ পাৰত ফুলি ৰোৱা কঁহুৱা বোৰলৈ চাই মন উৰা মাৰিছিল অতীতলৈ। সেই যে শিশু আৰু কিশোৰী বয়সত কোঁচ ভৰাই সেমেকা দুবৰি গচকি প্ৰতিটো পুৱাতেই শেৱালি বুলিছিলো.... শুই উঠিয়েই চকুমোহাৰি মোহাৰি দৌৰ মাৰিছিলো চোতালৰ শেৱালি জোপাৰ তললৈ। আস....! সেউজীয়া দলিচাৰ ওপৰত বগা চাদৰ হৈ পৰি ৰোৱা সুবাসিত সৰা শেৱালিৰ যে ইমান আকৰ্ষণ! কিযে এক আলসুৱা মাদকতা ! প্ৰাণভৰি সেই দৃশ্য উপভোগ কৰি কোঁচ ভৰাই শেৱালি বুটলিছিলো যিজনে জীৱনত এই বিমল অনুভৱ কৰা নাই বা এনেদৰে শেৱালি বুটলাৰ আনন্দৰ পৰা বঞ্চিত হৈছে, তেওঁ সঁচাই বৰ দূৰ্ভগীয়া, মোৰ মনে কয়। শৰতৰ প্ৰতি থকা এই ভালপোৱাই কিশোৰী বয়সৰে পৰাই শৰতক লৈ লেখা যিকোনো লেখাৰ প্ৰতিযোগিতা মোক আগ্ৰহী কৰি তুলিছিল । লাগিলে সেয়া কবিতাই হওঁক বা প্ৰবন্ধই হওঁক ,শৰৎ শব্দটো থাকিলেই সেই লেখা একে উশাহে পঢ়ি শেষ কৰিছিলো আৰু শৰতক লৈ কবিতা লিখিবলৈ নিজেও চেষ্টা কৰিছিলো। পিছে অপৈনত হাতৰ লিখা সিমান ফলপ্ৰসু নহ'ল।

এটা কথা নকলে নহ'ব.... শৰতক লৈ লিখা হাজাৰটা কবিতা পঢ়িলেও মনত দোলা দি যোৱা বা কোনোদিনে পাহৰিব নোৱাৰা লেখাটি হৈছে শ্ৰীশ্ৰী শংকৰদেৱে লিখা 'শৰৎ-বৰ্ণন'। সেই যে নৱম-দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰাচীন সাহিত্য চয়নত পঢ়িছিলো, তেতিয়াই যেন প্ৰেমত পৰিছিলো গুৰুজনাৰ সেই বৰ্ণনাৰ প্ৰতি । গুৰুজনাৰ সেই কবিতা ফাঁকি নিজৰ ভাষাত ব্যাখ্যা কৰিব লগা হৈছিল পৰীক্ষা সমূহত । প্ৰাণঢালি নিজৰ ভাষাত লিখিছিলো শৰতৰ অনুভৱক । সেই যে অনুভৱবোৰ লিখিছিলো সিয়েই হয়তো তীব্ৰ কৰি তুলিছিল শৰতৰ প্ৰতি থকা মোৰ ভালপোৱাক। গুৰুজনাৰ বৰ্ণানাক আমাৰ দৰে অপৰিপক্ক চিন্তনেৰে কিনো ব্যাখ্যা কৰিব পাৰিছিলো সেয়া নাজানো। কিন্তু এটা কথা অৱশ্যেই সত্য গুৰুজনাতকৈ বেলেগ আৰু কোনোবাই ইমান মনোগ্ৰাহী শৰৎ বৰ্ণনা কৰিব পাৰিছে বুলি মোৰ মনে নধৰে। সেয়ে চিৰদিন শৰতক ভালপাই ৰম আৰু গুৰুজনাৰ শৰৎ-বৰ্ণনাক হৃদয়েৰে অনুভৱ কৰিম।
আজি পাঠকৰ মনৰ কথাত ইয়াকে ব্যক্ত কৰিলো।পুনঃ ধন্যবাদ জনালো পাঠকৰ মনৰ কথাৰ ব্যৱস্থাপকলৈ আৰু আখৰুৱা গোটলৈ। আখৰুৱাৰ দীৰ্ঘায়ু কামনাৰে আজি মোৰ 'মনৰ কথা' ইমানতে সামৰণি মাৰিলো।
বন্দিতা গগৈ বৰা
সদস্য, আখৰুৱা
_____________________________
ব্যৱস্থাপকৰ মন্তব্যঃ
১) লেখাত সন্নিৱিষ্ট মন্তব্যৰ দায়িত্ব লিখকৰ ওপৰত ন্যস্ত থাকিব।
২) এই শিতানে সামৰি লোৱা বক্তব্যত থকা বানানৰ ভুল দেখিলে, আখৰুৱাৰ মাননীয় সদস্যসকলক সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
৩) শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত পাঠকসকলে তেখেতসকলৰ মুকলি মতামত আগবঢ়ায় যেন।
৪) 'পাঠকৰ মনৰ কথা' শিতানলৈ লেখা পঠিয়াব বিচৰা আগ্ৰহী সদস্যসকলে pathakarmanorkatha@gmail.com এই ইমেইল ঠিকনালৈ নতুবা শিতানৰ ব্যৱস্থাপকদ্বয়ৰ বাৰ্তা-বাকচলৈ পঠিয়াব পাৰিব।
৫) সিদ্ধান্ত অনুসৰি সদ্যহতে প্ৰতি মাহৰ প্ৰথমটো দেওবাৰে 'পাঠকৰ মনৰ কথা' আখৰুৱাত প্ৰকাশ কৰা হ'ব।
আশা কৰোঁ আখৰুৱাৰ মাননীয় সদস্যসকলে 'পাঠকৰ মনৰ কথা' শিতানৰ সৈতে সহযোগ কৰিৰ আৰু শিতানটো আদৰি ল'ব।
ধন্যবাদ

স্মৃতিৰেখা গোহাঁই
হিমাংশু ভাগৱতী
ব্যৱস্থাপক, পাঠকৰ মনৰ কথা,
আখৰুৱা : literati
১ অক্টোবৰ, ২০১৭

No comments:

Post a Comment