কবিতাৰ আঁৰৰ কবিতা
কবিতা এটা পঢ়িছিলো
অচিন দেশৰ অনুদিত¸
মাথা-মুণ্ড নুবুজা শব্দৰ খেল খেলিছিল
লেখকে¸
খং উঠিছিল¸ মুৰ্খ আচলতে পাঠক নে সেই কবি
যাৰ নাছিল মোৰ ওচৰত পৰিচয়¸
চানাচুৰ খোৱা
কাগজত পাইছিলো কবিতাটো
যিটো আছিল অনুদিত
অনুবাদকৰ নামটো
নাছিল
হয়তো ৰৈ গৈছিল
ফটা কাগজৰ আনটো পাৰে¸
দুবাৰ চাৰিবাৰ
দহবাৰ পঢ়িও নুবুজিলো
মুৰ্খৰ কবিতা
মোহাৰি দলিয়াই
দিলো
আকৌ বুটলি আনিলো¸
মই নজনাকৈয়ে কবিতাটোহে সৃষ্টি কৰিছিল
কৌতুহল
নভবাকৈয়ে হৈ গৈছিল মুখস্হ
যদিও বিন্দুমাত্ৰাও সাৰমৰ্ম বুজা নাছিলো¸
প্ৰিয় পাঠক¸ সহায় কৰক
এটা অদৰকাৰী কথাই বাহ ললে মগজুত
উলিয়াই দিব পৰাৰ জোখাৰে বিশ্লেষণ নাই
কবিতাটো আছিল
এনেধৰণৰ
মুৰ্খ কবি অজান দেশৰ
হয়তো মৃত আছিল
------
যিটো গল্প লিখা
হোৱা নাছিল
এটা দুৰন্ত
কমেডিয়ান পেটুৱা
যিয়ে ডাল ডাল কৰে পেটৰ নাড়ী
বয়স বোলে বেছি হোৱা নাছিল
অলপতেহে তাৰ বিবাহ বিচ্ছেদ হৈছিল
জোকৰৰ দৰে সি
হহুৱাইছিল চবকে
আচলতে সি আছিল এটা হত্যাকাৰী
চাইক’ৰ দৰে সি হাঁহিছিল¸ কান্দিছিল
অকলে অকলে কথা কৈছিল
জোকৰৰ সাজৰ তলত পিন্ধিছিল গোপন সাজ যি ভয়াবহ
প্ৰতিটো হত্যাত নতুন টেকনিক্
এনে এটি কাহিনীয়েই
লিখিছিল লেখকে
চিন্তাৰ আটিগুৰি নথকা
দিশ নমনা শব্দ পুজাৰী
আচলতে চাইক’ ভিলেইন নাছিল
ফ্লেচবেকত ছবিখন আঁকিছিল লেখকে
হয়তো এবুকু দুখ
এবুকু সুখ
সাধাৰণ হিৰোজনে পিন্ধিছিল বেশ
য়দা য়দাহি ধৰ্মস্য
নিজ দেশৰ ধৰ্ম
সেয়া বাজিছে আৱহ সংগীত
চাইক’ৱে মাতে হেমলেটৰ
সংলাপ…
মই এখন চিনেমা
বনাম
যত নাথাকিব হিৰো
ভিলেইন জিকিব
আৰম্ভনিৰ পৰা শেষলৈ দপদপাই থাকিব ভিলেইন
হিৰোইন প্ৰেমত পৰিব ভিলেইনৰ
ৰিয়েলিটি এয়াই
বিভিষিকাৰ অন্য নাম ভিলেইনে
ধ্বংস কৰিব সকলো
চাইক’ কমেডিয়ানে গান এটা গাব
দৌৰি আহিব অপ্সৰাৰ দৰে হিৰোইন
হলত বেচিবলৈ
নাথাকিব টিকট
পাৰ ভাঙি বৈ যাব জোৱাৰ
কিন্তু নাটকখন নহব
কেতিয়াও
কিয়নো নাথাকিব বিনোদন
নাথাকিব পুতৌ
ভিলেইনবোৰে জিঘাংসাৰে খেদি আহিব ভিলেইন
গল্প এটা লিখিম
বুলি দৌৰিছিল মানুহজন
ধ্বংসৰ বন্দনাহে আহিল
পুবত সুৰ্যাস্ত
পশ্চিমত উদয়
উল্টাপুল্টা নিয়ম নমনা লেখকৰ চিঞাহী শেষ …
সংলাপবোৰ গান হৈ
গুছি গল
সুৰবোৰ দুখ হল
সুৰাৰ নিচাবোৰে বতাহত নাচিলে
চকুলোৰে বানপানী হল
আৰু আৰু… গৈয়েই থাকিল বাটতো
কাহানিও শেষ নহল
গতিৰ গতি গৈয়েই থাকিল…
কাহিনীটো আধৰুৱা
হৈ ৰল
নায়ক পলাল
যিটো গল্প লিখা নহল।
উল্টা-পুল্টা কথাৰ
সমাহাৰ। কাব্যিক নান্দনিকতা বিচাৰি মুৰ নঘমাব। মাথো মেচেজটো পঢ়ক।
----
এনেকৈয়ে শেষ হৈছিল
কবিতাটো।