Thursday, 27 October 2016

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ (৩৯) তৃতীয় খণ্ড / ১৬ - ২৩ আগষ্ট, ২০১৬ পৰ্যালোচক- অনুৰাগ কাশ্যপ

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৩৯) তৃতীয় খণ্ড / ১৬ - ২৩ আগষ্ট, ২০১৬
পৰ্যালোচক- অনুৰাগ কাশ্যপ
সাহিত্যৰ আটাইতকৈ জটিল ভাগটোৱেই হ'ল সমালোচনা সাহিত্য৷ অন্যহাতে কবিতা সাহিত্যৰ পথাৰৰ মৰীচিকা৷ ভাৱ আৰু শব্দৰ পম খেদি বহুযোজন বাট৷ কবিয়ে শব্দেৰে ৰচে মায়াজাল৷ বোধ্য আৰু দুৰ্বোধ্যতাৰ মাজেৰে নিগৰি সৰকি অহা ভাৱৰ বুৰবুৰনিয়ে যেতিয়া হৃদয়ত তোলপাৰ লগায়, তেতিয়া কবিতা হৈ পৰে জীৱন৷ কবিয়ে শব্দেৰে যেতিয়া হেজাৰ হৃদয়ৰ মাজেৰে পোনায়, তেতিয়া কবিতা হৈ পৰে বুকুৰ আপোন৷কবিৰ বুকুত যেতিয়া শব্দবোৰ এডৰা দুডৰাকৈ গজি উঠে তেতিয়া কবিয়ে কবিতাৰ প্ৰসৱবেদনাত নিচিঞৰিব পাৰে, কিন্তু কবিয়ে বুকুৰ উমত জীয়াই তোলে হেজাৰ বুকুৰ দুখ৷ কবিয়ে শব্দেৰে সাজে সমন্বয়ৰ সাঁকো৷ কবি জী উঠে ভাৱনাত৷ সেই কবিৰ বুকুৱেদি বগাই গৈ তেওঁৰ হেপাহ সঁৰি গাঁজ মেলা শব্দৰ ৰসোদ্ধাৰ ইমান উজু বিষয় নহয়৷ মুষলধাৰ শাওন সৰি শেষ হোৱাৰ পিচত চালৰ খৰিকাইদি টপ-টপকৈ সৰি পৰে এটা এটা টোপাল৷ তেনেদৰেই কবিৰ অৱচেতন মনত হেজাৰ ধুমুহাই তচনচ কৰা অনুভৱ সৰে শব্দ হৈ কবিতাত৷ সেই শব্দৰ সোপান বগাই কবিৰ হৃদয়লৈ বাট নহয় ইমান সুগম৷ আমি যে শব্দৰ প্ৰেমিক৷ আমাৰ এই মৰসাহ, কবিৰ শব্দক বাখ্যাৰে মুকলি কৰিম৷ লোৰ পিঞ্জৰা খুলি মুক্ত কৰি দিম শব্দৰ চুনামি৷ অজ্ঞতাই ৰোধ কৰিব আমাৰ ভাষাৰ দুনীয়া৷ কলম লৈ আমি থমকি ৰম৷ কবিৰ শব্দৰ মাজেৰে একাঁ-বেকাঁ খোজ দিম৷ লুটি খাই পৰিম তাতে৷ তথাপি নাহাঁহিব আমাক৷ ন-শিকাৰুৰ ন প্ৰয়াস৷ ভুল অৱশ্যাম্ভাবী৷ আমি প্ৰয়াস কৰিম মাথো৷ মাথো বৃথা প্ৰয়াস ভাষাৰে শব্দৰ মায়াজাল ফালি কবি মনত এভুমুকি মৰাৰ৷ এয়া ক্ষমা প্ৰাৰ্থনা সুধীজনৰ ওচৰত৷
আমি পৰ্যালোচনাৰ বাবে বাছনি কৰা কবি আৰু কবিতাৰ নামসমূহ তলত উল্লেখ কৰিলোঁ-
১) দিনবোৰ অসুখত ভুগিছে--দেবিকা দত্ত
২) জোনাক গলা নিশা-- অঞ্জলি গগৈ বৰগোহাঞি
৩) ফুটচাইৰঙী গধুলি-- নীলাক্ষী গোস্বামী
১) আমাৰ আলোচনাৰ প্ৰথমটো কবিতা,
দিনবোৰ অসুখত ভুগিছে
~ দেবিকা দত্ত
দিনবোৰ অসুখত ভুগিছে
জুপুকা মাৰি
ঘড়ীৰ কাঁটাৰ
টিক-টিক শুনি ৰয়
ইচ্ছা নোহোৱাকৈয়ে
আমি মুখামুখি হওঁ
প্ৰেমহীনতাৰে
কুশলবাৰ্তাৰ
নিয়মমাফিক
আদান-প্ৰদান
বেপৰোৱা হৈ
আপুনি আৰু মই
ৰেষ্টুৰাঁ অথবা পাৰ্কত
বহিব পাৰোঁ
চুই চাব পাৰোঁ
ইজনে সিজনৰ হাত
কেৱল মাজে মাজে
বুকুখনলৈ কাণ উনাৰ
উঠানমাবোৰ
অস্বাভাবিক ধৰনে
কোনোপধ্যেই
বাঢ়িবলৈ নিদিব
বাঢ়ি অহা মানেই
বুকুৰ বিষ
একাপ কফিৰ লগত
এটা পেষ্ট্ৰিত
লগপোৱাৰ পৰিসীমা
থিক কৰি লোৱা হয়
ঠিক এইখিনিৰ পিচতেই
এৰা-এৰিৰ আলিবাটটো
আগুৱাই আহে
ঠিক ইয়াৰ পিচতেই
প্ৰেমহীন সহবাসৰ বিৰক্তিত
সপোনবোৰ নিদ্ৰাহীন
হৈ থাকে
প্ৰতিটো ৰাতি
অসুখত ভুগিছে দিনবোৰ৷
এটা সুন্দৰ কবিতা৷ কবিৰ শব্দৰ প্ৰয়োগ আৰু তাৰ মাজেৰেই কবিৰ ভাৱ প্ৰকাশ শৈলী মন কৰিবলগীয়া৷ কবিয়ে এই কবিতাত সুন্দৰকৈ এখন ছবি আঁকিছে৷ অন্যহাতে শব্দৰ মায়াজালেৰে কিছু পৰিমাণে তাক দুৰ্বোধ্য কৰিও ৰাখিছে৷ সময়ৰ সোঁতত দিনবোৰ ক্ৰমে অসুখীয়া হৈ পৰিছে৷ কবিৰ মূল উদ্দেশ্য এয়া৷ কবিয়ে অন্যফালে এখন প্ৰেমৰ ছবি আঁকিছে, বৰ্তমান সময়ৰ৷ কিদৰে প্ৰেম দেহজ আকৰ্ষণলৈ পৰ্যৱসিত হৈছে, সেয়া কবিয়ে সুন্দৰকৈ দেখুৱাইছে৷ কবিৰ সাৰ্থকতা সেইখিনিতেই৷ অন্যহাতে শব্দৰ মিতব্যয়িতাৰ নামত কবিয়ে শব্দ প্ৰয়োগত কৃপনালি কৰা যেন বোধ হয় কবিতাটোত৷ কবিয়ে মানসিকতাৰ পৰিবৰ্তনৰ এখন সুন্দৰ চিত্ৰ ডাঙি ধৰিছে৷ কবিতাটোৰ কিছু শাৰী বৰ সুন্দৰ যেনে--
”ইচ্ছা নোহোৱাকৈয়ে
আমি মুখামুখি হওঁ
প্ৰেমহীনতাৰে৷”
হয় এয়াই বাস্তৱ, আমি ইচ্ছা নোহোৱাকৈয়ে প্ৰেমহীনতাৰে মুখামুখি হওঁ৷ এইখিনিতেই মন কৰিবলগীয়া যে- প্ৰেমহীনতাৰে শব্দটোৰ প্ৰয়োজন, ইচ্ছা নোহোৱাকৈয়ে শব্দটোৱে লাঘৱ কৰে৷ ইচ্ছাৰ বিৰূদ্ধে হ'লে সেয়া প্ৰেমহীনতা হ'বই৷ ”বুকুৰ বিষ৷” দুটা শব্দই যেন কৈ গ'ল পৃথিবীৰ সমস্ত বিষাদৰ কথা৷ যান্ত্ৰিক দুনীয়াৰ অনুভৱৰ পৃথিৱীৰ কথা৷ শেষত ক'ব পাৰি যে কবিৰ নিপুণ শব্দ-শিল্পৰ এক সুন্দৰ নিদৰ্শন এই কবিতাটো৷
২) এই পুনৰীক্ষণৰ দ্বিতীয়টো কবিতা-
জোনাক গলা নিশা
~ অঞ্জলি গগৈ বৰগোহাঞি
জোনাক আজি থোপা-থোপে গ’লিছে
গভীৰ নিশাটো সাৱটি
বুকুত বাজিছে বাঁহীৰ সূৰ
দিখৌৱেদি উজাই আহিল
মোৰ যোৱনীয়া অসুখ
অ' মইনামতী আছেনে সাঁৰে
তোৰ ৰিহাৰ আঁচলত বান্ধি থোৱা
এটি আলসুৱা কলিজাৰ ধপ-ধপ
মোক দেখোন জানই তই
আঁজলি ভৰাই দিয়া
স্নিগ্ধ শেৱালিৰ সুবাস বুলি
তথাপিও
তথাপিও
অ' মইনামতী মই বিচাৰো
নীলাকাশৰ জোনটো
মোৰ সুবাসৰ মতলীয়া প্ৰেমিক হ’তক
নিশাৰ দূবৰিৰ বুকুত
জোন আৰু শেৱালিৰ সুবাসৰ
এটি মাথোন স্বাক্ষৰ
অনন্তকাললৈ যুগমীয়া হৈ যাওঁক
মইনামতী অ' মইনামতী
চাচোন আকাশলৈ
আজিয়ে জোনাক গলা মায়াময় ৰাতি৷
কবিৰ কবিত্ব অনস্বীকাৰ্য যদিও কবিতাটো যথেষ্ট জটিল কবিতা৷ দুৰ্বোধ্যতা যেন আধুনিক কবিতাৰ অন্য এক বৈশিষ্ট হৈ পৰিছে৷ পাঠকে ৰসোদ্ধাৰ কাৰ্যত এতিয়া কষ্ট কৰিব লাগে৷ ভোকৰ কথা ক'বলৈ আধুনিক কবিতাই শোকৰ গিলিপ গুচাই চাই- পেটৰ কৰমৰনি৷ কবিতাটোত চিত্ৰকল্পসমূহ বৰ সুন্দৰ৷ ”থোপা-থোপে জোনাক গলিছে” কাব্যাংশত এনে লাগে যেন শুকুলা জোনাকে পুতি পেলাইছেহি ৰূপোৱালী ধৰণী৷ প্ৰতিটো শাৰীতেই যেন এক অদম্য বাসনা কবিৰ জোনাকেৰে একাত্ম হোৱাৰ৷ কবিয়ে মইনামতীৰ ৰিহাৰ আঁচলত যেন লুকুৱাই থৈছে নিজৰ অনুভৱী কলিজাটো৷ যিটোৰ ধপ-ধপ কবিয়ে কৌমুদীসিক্ত হৈ যেন স্পষ্টকৈ শুনিছে৷ কবিয়ে কল্পনা কৰিছে জোনাক আৰু শেৱালীৰ প্ৰেমৰ এক অস্পষ্ট ছবি৷ কোমলতকৈও কোমল নিয়ৰ যেন জোনাক আৰু শেৱালীৰ প্ৰেমৰ এক শিলালিপিৰ স্বাক্ষৰ৷ সৰ্বাতোপ্ৰকাৰে কবি সফল৷ কবিৰ জোনাক প্ৰীতিয়ে পাঠকক যেন লৈ গৈছে জোনাকৰ দেশলৈ৷
৩) এইবাৰৰ আলোচনাৰ তৃতীয়টো কবিতা-
ফুটছাইৰঙী গধুলি
~ নীলাক্ষী গোস্বামী
নামহীন বাটেদি দ্বিধাহীনভাৱে আহি
গধূলিটো পিৰালিত থমকিছে
চুকটোত ৰৈ আছে আশংকা
অপাৰ কৌতুহলেৰে চাইছে মোলৈ
নিৰ্জনতাৰ কোলাহলত
আকৃতিবোৰৰ স'তে
বিনিময় কৰিছোঁ
সাতামপুৰুষীয়া চেনেহ
শান্ত দৃঢ়তাৰে আঁকিছোঁ
প্ৰেমৰ অপাপ মুখ
শুভ্ৰতাৰ সুগন্ধি
গালে মুখে টোপাল টোপাল মৌন এন্ধাৰ
শূন্যতাৰ শীতল স্পৰ্শ আৰু
আলস্যময় নিসংগতা
সৌৱা ডাৱৰৰ ভৰত আকাশখন
ওফন্দি উঠা মই দেখিছোঁ
হয়টো অলপ পিচতেই এজাক বৰষুণ আহিব
তিয়াবহি মোৰ মাটিৰ মজিয়া
সহজাত ভাবেই
ক্ৰমাত ৰাতিৰ বুকুত ঢলি পৰিব বিচাৰিছে
গহীন গধূলিটো৷
কবিতাটোৰ নামটোত যিটো উপমা আছে সেই উপমাই সেই বিশেষ গধুলিটো স্পষ্টকৈ চকুৰ আগত তুলি ধৰিছে৷ গধুলিটো পিৰালিত ৰৈ যেন কবিলৈ উকা দুহাত তুলি ধৰিছে৷ গধূলিৰ লগে লগে যেন আশংকাই ভৰাই তুলিছে কবিৰ কেঁচা মাটিৰ কুঠৰী৷ কিছু ব্যঞ্জনাই কবিতাটো সুখপাঠ্য কৰি তুলিছে৷ ”নিৰ্জনতাৰ কোলাহল”- ই এটা অপূৰ্ব ব্যঞ্জনা৷ কবিয়ে কল্পনাৰ তুলিকা হাতত লৈ সাতামপুৰুষীয়া চেনেহ বুকুতে লৈ প্ৰেমৰ নিষ্কলংক মুখ অংকন কৰিছে৷ ”শুভ্ৰতাৰ সুগন্ধি”য়ে পাঠকক বহু কথাই কৈ যায়৷ কবিয়ে ইয়াতে শুভ্ৰতাক সকাৰাত্মকভাবে উপস্থাপন কৰা পৰিলক্ষিত হয়৷ সমগ্ৰ কবিতাটোত প্ৰতীকধৰ্মীতাই বিৰাজ কৰিছে৷ ”গালে মুখে-------আলস্যময় নিসংগতা”- যেন এখন সবাক ছায়া-ছবি৷ নিসংগতাই কোঙা কৰা কবি হৃদয়ে নীলকন্ঠৰ দৰে পান কৰিছে নিসংগতাৰ আলস্যময়তা৷ এটা ছাইৰঙী গধূলিত কবি কল্পনাৰ সাগৰত উঁটি যেন আলস্যময় হৈ পৰিছে৷ কবিয়ে নিসংগতাক সামৰি থৈছে বুকুত৷ যেন কবিৰ বিষাদত ডাৱৰবোৰ ওফন্দি উঠিছে (এয়া কবিৰ দুচকুৰ মেঘ হব পাৰে৷) লাহে লাহে যেন নামি আহিব মুষলধাৰে৷ যেন তিয়াই পেলাব কবিৰ মাটিৰ সুৱাস লগা কলিজা৷ কবি যেন উন্মনা হৈ পৰিব কেঁচা মাটিৰ গোন্ধৰ৷ কবিতাটোৰ শেষত আমি দেখো এখন বিষাদৰ ছবি৷ কবিৰ বুকুৰ আপোন গধূলিটো চিৰাচৰিতভাবে ৰাতিৰ বুকুত শুই পৰাত কবি মৰ্মাহত হৈছে৷
আলোচকৰ কিছু নিজস্বঃ-
প্ৰথমেই আটাইৰে ওচৰত অনিচ্ছাকৃত ভুলৰ ক্ষমা বিচাৰিছো৷ কবিতাৰ ভাৱোদ্ধাৰ বা তাৰ ৰস-বিচাৰ আলোচকৰ ক্ষুদ্ৰ মগজুৰ বাবে এক জটিল বিষয়৷ আলোচকে প্ৰতিজন/
প্ৰতিগৰাকী কবিৰ অনুভৱৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈ কবিতাক খুচৰি চাইছে৷ যিদৰে কুকুৰাই জাবৰত পোত গৈ থকা হীৰাৰ মোল নুবুজে, ঠিক তেনেদৰে আলোচকৰ ক্ষুদ্ৰ মগজুই ৰসোদ্ধাৰত আহুকালত পৰি যদি সেই মহামূল্যবান মাণিক গোটাব নোৱাৰি কবিৰ কষ্টৰ ফচল বিনষ্ট কৰিছে, তাৰবাবে আলোচক ক্ষমাপ্ৰাৰ্থী৷ সাহিত্যৰ নৱৰস বিচাৰি হয়তো আলোচকে নিজেই হাস্যৰস হৈ পৰিছে৷ সেই ক্ৰুটি শিশুৰ প্ৰথম খোজৰ দুভৰিৰ কঁপনি বুলি ধৰি ল'লে আলোচক নথৈ সুখী হ'ব৷ শেষত পুনৰবাৰ ক্ষমাপ্ৰাৰ্থনাৰে সামৰিছো৷
পৰ্যালোচক- অনুৰাগ কাশ্যপ
সদস্য, আখৰুৱা : literati
_____________

No comments:

Post a Comment