Thursday, 27 October 2016

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ (৩৯) :২৪-৩১ আগষ্ট, চতুৰ্থ খণ্ড ২০১৬,পৰ্যালোচক-পাৰ্থ প্ৰতিম কলিতা

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৩৯) :২৪-৩১ আগষ্ট, চতুৰ্থ খণ্ড ২০১৬
পৰ্যালোচক-পাৰ্থ প্ৰতিম কলিতা
কবিয়ে নিজৰ সমস্ত মন, আত্মা , অনুভৱ এটা কবিতাৰ মাজেৰে প্ৰকাশ কৰে । গতিকে কবিতা হ'ল কবিৰ শব্দৰে সৃষ্ট ব্যক্তিগত আত্মপ্ৰকাশ । কবিৰ আত্মা আৰু মনৰ সৈতে পাঠকৰ আত্মা আৰু মন মিলিলেই কবিতা এটা ভাললগা হৈ পৰে । কবিতা এটা সৃষ্টি কৰাটো যিমান কঠিন তাতোকৈ অধিক কঠিন কবিতা এটাৰ সঠিক সমালোচনা বা পৰ্যালোচনা কৰা । সমালোচনা হ'ল আত্ম নিপীড়নৰ মাৰ্গ, লগতে উৎকৰ্ষ অনুধাৱনৰো । সমালোচনা হ'ল কবি আৰু পাঠকৰ মাজৰ এখনি বোৱঁতী নদী, যিয়েই কবিতাৰ অন্তৰ্নিহিত গূঢ়াৰ্থ পাঠকৰ হৃদয়লৈ বোৱাই নিয়ে । ইয়াৰ বাবে সমালোচকৰ প্ৰয়োজন নিৰ্মল দৃষ্টিভংগী , বিষয়বস্তুৰ জ্ঞান , সূক্ষ্ম অনুভূতিৰ প্ৰকাশ আৰু অভিজ্ঞতা । আমি ন-শিকাৰুহে , আমাৰ দ্বাৰা এই কাৰ্য্য কিমান সম্ভৱ হৈ উঠিব নাজানো , তথাপিও পাৰ্যমানে প্ৰয়াস কৰিবলৈ চেষ্টা কৰিম ।
পৰ্যালোচনাৰ বাবে বাচনি কৰা কবিতা আৰু কবিসমূহ হ'ল
১. অতীত - ৰূপম সাউদ
২. বাঁহ ফুটাৰ শব্দ - অচ্যুত মাধৱ দাস
৩. প্ৰশ্ন - সুব্ৰত মহন্ত
৪. বগা পোছাক - কল্যাণী বৰ্মন
******************
১.
সময় গতিশীল । সময় কেতিয়াও কাৰো বাবেই ৰৈ নাথাকে ।সেইবাবেই সময়ক নিষ্ঠুৰ , নিৰ্দয় আখ্যা দিয়া হয় । জীৱনৰ প্ৰাত্যাহিকতা প্ৰতিটো খোজৰ সমান্তৰালকৈ বাঢ়ি গৈ থাকে অতীতৰ দস্তাবেজ । বৰ্তমানৰ দলিচাত বহি এনে অতীতৰ কৰুণ ৰসৰে সৃষ্ট কবি ৰূপম সাউদৰ "অতীত" আমাৰ আলোচনাৰ প্ৰথম বিষয় । আলোচনাৰ আৰম্ভণিত কবিতাটো এবাৰ পঢ়া হওঁক ।
" অতীত "
-
যি গ'লাগৈ
উভতি নাহিলা
-
কথাবোৰ ভাবোঁতেই
সাজ লাগে
ভাগে
-
কঁপি কঁপি জ্বলে
বন্তি গচি
-
নৈশব্দত শুই পৰে সকলো
আওৰাওঁ
সুখৰ দিনৰ মালিতা
কবিৰ শৈল্পিক স্পৰ্শত ঝংকাৰিত হৈছে অতীতৰ সুৰ, এই সুৰ হেৰুৱাৰ বিষাদী সুৰ । কৰুণ সুৰৰ লহৰত উন্মুক্ত হৈছে এৰি অহা দিনবোৰ, দিনবোৰত পুঞ্জীভূত হেজাৰটা স্মৃতি । অতীতৰ কোনো দিনত কবিৰ আপোনজন (হয়তো প্ৰেমাস্পাদ) কবিৰ ওচৰৰ পৰা দুৰ ক'ৰবালৈ গুচি গ'ল । অতীতৰ সেই বিচ্ছেদৰ পিছত বৰ্তমানলৈ কবিৰ অন্তৰত কল্লোলিত হৈ আছে বুকু নিতাল পৰা কৰুণ বাঁহীৰ সুৰ । এয়া কবিৰ কাম্য নাছিল । কবিয়ে কৈছে _
যি গ'লাগৈ
উভতি নাহিলা
অতীতৰ স্মৃতিৰ পাক-ঘূৰণিত কবিৰ সময় অতিবাহিত হয় । অতীতৰ মুহূৰ্তবোৰে কবিক কাতৰ কৰি তোলে । নৈৰশ্যৰ ভাৱত কবি অতিশয় দুখী , কবিয়ে অনুভৱ কৰিছে একেই বতাহজাকে কোবাই গৈছে আপোনজনৰ সমগ্ৰ সত্ত্বা , যি অতীতত কবিৰ পৰা আঁতৰি গৈছিল । কবিয়ে কৈছে _
কঁপি কঁপি জ্বলে
বন্তি গচি
"বন্তি" প্ৰতীকৰে ইয়াত জীৱনৰ চৰম সত্য মৃত্যুক বুজাব বিচৰা হৈছে । আপোনজনৰ বিৰহত কবি দুখী হ'লেও কবি জৰ্জৰিত নহয় । নিষ্ঠুৰ হলেও জীৱনৰ চৰম সত্যক কবিয়ে স্বীকাৰ কৰিছে । অতীত কৰুণ হলেও অতীতৰ সুখৰ স্মৃতিবোৰৰে ভৱিষ্যতৰ বাট মসৃণ কৰিব কবিয়ে প্ৰয়াস কৰিছে ।
"অতীত" মুলতঃ নিভাজ প্ৰেমৰ কবিতা । ইয়াত প্ৰৱাহিত হৈ আছে সুতীব্ৰ বিষাদ বীক্ষাৰ মৰ্মস্পৰ্শী কলতান ।
ইয়াত কবি অধিক সচেতন । বচা বচা শব্দৰ সমাহাৰৰে "অতীত নিসন্দেহে সুগভীৰ অৰ্থবহ কবিতা । এনে কবিতাৰ আলোচক হ'ব পাই আমি সুখী ।
**********************
২।
বৰ্তমান সময়ত অৰাজকতাই গ্ৰাস কৰিছে সমাজক । টুনীয়ে শইচ সোণোৱালী পথাৰ নৰানি কৰি তোলাৰ দৰে শোষকৰ দলেও শোষণ নিৰ্যাতনৰে জনগণৰ জীৱনলৈ নমাই আনিছে ঘোপমাৰা অন্ধকাৰ । সময় এতিয়া যেন বধ্যভূমি । এনে বধ্যভূমি সদৃশ উপত্যকাৰ অস্থিৰতা উপলব্ধিৰে মানৱীয় চেতনা প্ৰবুদ্ধ কবিতা "বাঁহ ফুটাৰ শব্দ" আজিৰ আলোচনাৰ দ্বিতীয় বিষয় । কবি অচ্যুত মাধৱ দাস । আলোচনাৰ আৰম্ভণিতে কবিতাটোৰ ৰসাস্বাদ লোৱা হওঁক_
বাঁহ ফুটাৰ শব্দ
°°°°°°°°°°°°°°°
নৈৰ সিপাৰে তেতিয়া বাঁহ ফুটিছিল
এইপাৰে বুকুত দপদপাই জ্বলি আছিল
একুৰা জুই
সোঁতৰ বিপৰীতে উজুৱা মাছবোৰে
সপোন দেখিছিল
সিহঁতে গৰাৰ সিপাৰে চোপ লৈ থকা
আন্ধাৰবোৰ দেখা নাছিল
গাওঁখনত তেতিয়া কাঁহ পৰিছিল
আৰু ৰাতিলৈকে জীণ যোৱা নাছিল
আধা পোৰা মঙহৰ গোন্ধত
শিয়াল আৰু ফেউৰাবোৰে
দিনে-নিশাই উকিয়াই আছিল
কোৱাৰিয়েদি বৈ আছিল
লোভ আৰু লালসাৰ লেলাউটি
কোনে দাবী দিছিল
মুৰ্দাবাদৰ
কোনে দাবী দিছিল
ভোক আৰু অধিকাৰৰ
হাৱাই চেণ্ডেলৰ ফিটা চিঙাৰ বাবেই
তাৰ বুকুত শালি ধৰিছিল
এটুকুৰা গৰম লোহায়
তাৰ পাচত ছাই আৰু ছাই
কেঁচা তেজবোৰো ছাই হৈ গ’ল
এতিয়া মাথো বুকুত খুন্দিয়াই আছে
নৈৰ সিপাৰৰ পৰা ভাহি অহা
বাঁহ ফুটাৰ শব্দবোৰ।
°°°°°°°
"বাঁহ ফুটাৰ শব্দ" প্ৰতীকীক শিৰোনামাতে কবিতাৰ অন্তৰ্নিহিত ভাৱাৰ্থ সুন্দৰকৈ প্ৰকাশ পাইছে । বাঁহ হ'ল ওখ এক প্ৰকাৰৰ তৃণ । ইয়াৰেই সজা হয় মৃতকৰ সাঙী । জুইৰ লেলিহান শিখাই বাঁহ জ্বলাই (পাব) নিৰ্গত কৰা শব্দৰে কবিয়ে ইয়াত মানৱতাৰ অপমৃত্যু বুজাইছে ।
নিষ্ঠুৰ বাস্তৱৰ ৰুঢ় কৱলত জীৱনৰ সৌন্দৰ্য্যতা যেন ক'ৰবাত হেৰাই গৈছে । চৌপাশে বিয়পি ফুৰিছে হতাশা, কলুষতা, ক্ষুদ্ৰতা, নগ্নতাৰ বিষবাস্প ।
আমিবোৰ সপোন পিয়াসী । আমাৰ দুচকু সদা উন্মুক্ত সুন্দৰ কিবা দেখিবলৈ , কাণ সদাই মুকলি শুভবাৰ্তাৰ ধ্বনি শুনিবলৈ । অথচ আমাৰ অলক্ষিতে আমাক এন্ধাৰে আগুৰি ধৰে , এন্ধাৰৰ প্ৰহেলিকাময়ী পাকচক্ৰত হেৰুৱাই পেলাওঁ জীৱনৰ স্বাভাৱিক ছন্দ । সেয়ে কবিয়ে কৈছে _
সোঁতৰ বিপৰীতে উজুৱা মাছবোৰে সপোন দেখিছিল
সিহঁতে গৰাৰ সিপাৰে চুপ লৈ থকা আন্ধাৰবোৰ দেখা নাছিল
ইয়াত মাছ প্ৰতীকৰে সমাজৰ ভণ্ডামীত অতীষ্ঠ হৈ প্ৰত্যাহ্বানৰ লক্ষ্য বুকুত বান্ধি খোজ দিয়া সমগ্র মানৱজাতিক বুজাইছে , আৰু আন্ধাৰ হ'ল সমাজৰ অপশক্তি, যিয়ে মানৱতাক হত্যা কৰিবলৈ সদা প্ৰস্তুত ।
সমাজৰ এনে নিষ্ঠুৰ চাকৈনৈয়াত মানুহে হেৰাইছে মানৱীয় প্ৰমূল্যবোধ । হিংসা - প্ৰতিহিংসা, আক্ৰমণ - প্ৰতিক্ৰামণৰে বিধ্বস্ত সময় । সময় এতিয়া দুঃসময় । মাত্র নগন্য কথাৰ বাবেই এতিয়া এজনে আন এজনক হত্যা কৰা ঘটনা সহজলভ্য । কবিয়ে কৈছে _
হাৱাই চেণ্ডেলৰ ফিটা চিঙাৰ বাবেই
তাৰ বুকুত শালি ধৰিছিল
এটুকুৰা গৰম লোহাই
ভ্ৰান্ত সমাজনীতি , উৎপীড়ক, অৰ্থনীতি আৰু স্বাৰ্থান্ধ ৰাজনীতিৰ ক্ৰীড়ানক হৈ পৰা বাবে মানুহে জীয়াতু কষ্ট ভোগে । তেওঁলোকৰ ভিতৰত শোষক আৰু শোষিত দুটা শ্ৰেণী বিভক্ত হৈ পৰে ।
কবিয়ে বাস্তৱ চেতনাক অধিক গুৰুত্ব দি শব্দ নিক্ষেপ সুন্দৰকৈ নিয়ন্ত্ৰণত ৰাখি সচেতনতাৰে গোটেই কবিতাটোত কাব্যিকতা বোজাই ৰাখি সুন্দৰকৈ উপস্থাপন কৰিছে । ক'ব পাৰি সাম্প্রতিক সময়ৰ কবিতা "বাঁহ ফুটাৰ শব্দ" । কবি প্ৰগতিবাদী মনৰ অধিকাৰী , সেইবাবেই অন্যায়-অনাচাৰ, অত্যাচাৰ-নিপীড়নৰ বিৰুদ্ধে তেওঁ সৰৱ প্ৰতিবাদমুখৰ হৈ পৰিছে ।
******
৩/ নিয়মমাফিক জীৱনধাৰণৰ প্ৰতিটো মুহূৰ্ততে মনত উদ্ভৱ হয় কিছু প্ৰশ্ন । যাৰ উত্তৰ বিচাৰি জুকিয়াই চোৱা হয় নিজক অথবা অন্য এজনক । এনে প্ৰশ্নৰ অৱতাৰণা "প্ৰশ্ন" আমাৰ আলোচনাৰ তৃতীয় বিষয় । কবি সুব্ৰত মহন্ত । আহক, কবিতাটো পঢ়ি লওঁ..
প্ৰশ্ন
.
কাৰ বাবে সপোনে
পাৰ ভাঙি যায়
পৰি ৰোৱা বালিচাহীত
পোহৰ সানি যায় ..
একো নাই
হাতত তাৰ
কিয় তাৰ হাঁহিয়ে
আকাশ ঢুকি পায় !!
সুখী হ'বৰ বাবে নেলাগে সুখ
সন্ধ্যা মানেইতো
নহয় দুখ!!
দুঃখৰ জপনা খুলি
সি জুমি চাই ..
আলসুৱা বুকুৰ কথা
বুকুৱে বুজি পায়
জীৱনৰ কঠিন বাটত
সময়ে সুধি চায়
আছেনে সাহ বুকুত
বুকুৰ কথা শুনাৰ !!
তুমি কোৱা
তোমাৰ কথা..
সি হ'লে
ঠিকেই বুজি পাই...
কিয় তাৰ হাঁহিয়ে
আকাশ ঢুকি পায় !!
.
আমি আটায়ে এটা সুন্দৰ জীৱন কামনা কৰো । বিচৰা সকলো প্ৰাপ্তিৰ সপোন ৰচো । সপোন নিজৰবাবে,আপোনসৱৰ বাবে দেখো । প্ৰাপ্তিৰ তৃপ্তিৰ মাদকতা অনুভৱ কৰিবলৈ মনত হেন্দোলিত হয় হেজাৰ হেঁপাহ । এই হেঁপাহেই জীৱনত উৎসাহ যোগায় । এনে হেঁপাহেই হেঁপাহ জগাই নিজক জুকিয়াই চোৱাৰ । কবিয়ে সেয়ে কৈছে ..
কাৰ বাবে সপোনে
পাৰ ভাঙি যায়
পৰি ৰোৱা বালিচাঁহীত
পোহৰ সানি যায়
যাৰবাবে হৃদয়ত মৰম ওপচি পৰে তেনে প্ৰিয়জন ( প্ৰেমাস্পদ নহ’বও পাৰে)ৰ মৰমত আকুল হৃদয়ত পুঞ্জীভূত হয় হেজাৰ মৰম । হাতত দিব একো নাথাকিলেও বুকুভৰি থাকে কিবা কৰি দেখুৱাৰ দুৰ্বাৰ হেঁপাহ । প্ৰিয়জনৰ সংগত দুওঁঠত লাগি ৰয় পৃথিৱীৰ শ্ৰেষ্ঠতম হাঁহি। যি হাঁহিয়ে আকাশ চুৱে।
সুখৰ সন্ধানত বাট কুৰি বাট ঘুৰি ফুৰা কাংক্ষিত সুখো প্ৰিয়জনৰ কাষতেই পোৱা যায়। প্ৰিয়জনৰ মৰমত সন্ধিয়াও হ'ব পাৰে ৰাতিপুৱাৰ কোমল ৰ'দালি।
সুখী হ'বৰ বাবে নালাগে সুখ
সন্ধ্যা মানেই নহয় দুখ
সন্ধ্যাৰ পিছত ধৰালৈ নামি অহা এন্ধাৰে দুখ দিবই বুলি কবিয়ে নাভাৱে । সুখী হোৱাৰ কোনো বিশাল কাৰণ নালাগে , আত্মিক শান্তিয়ে সুখ ।
"প্ৰশ্ন" কবিতাটোত প্ৰেমৰ কথা উল্লেখ আছে যদিও ৰোমাণ্টিক উচাহ নহয় । কবিয়ে কাব্যিক অনুশাসন আৰু ব্যঞ্জনাৰে কটকটীয়াকৈ বান্ধিছে মানুহৰ অন্তৰত উদ্ৰেগ হোৱা প্ৰশ্নৰ কথা । কবিতাটোত প্ৰৱাহিত হৈ আছে হেঁপাহৰ কোমল সুৰ ।
*************
৪/
ডাৱৰীয়া বতৰত আকাশত তৰা নেদেখি , একেই তৰাবোৰ জিলিঙনিৰ পোহাৰ মেলি জিলিকি উঠে জোনাকত । একেই আকাশ , একেই তৰা , পাৰ্থক্য বতৰৰ, পাৰ্থক্য আকাশৰ ৰঙৰ । হেজাৰ ধূসৰ প্ৰতিবন্ধকতাই ৰুদ্ধ কৰে পোহৰৰ হেজাৰ বাট । যাৰ বাবে বঞ্চিত হয় হেজাৰ অনুভৱ , অপ্ৰকাশ্যে ৰৈ যায় বহুতো । এনে ধুসৰতাৰ পৰা আঁতৰি মুক্তিৰ বাট সন্ধানী কবিতা "বগা পোছাক" আজিৰ আলোচনাৰ অন্তিম বিষয় । কবি কল্যাণী বৰ্মন । আলোচনাৰ আৰম্ভণিত কবিতাটোৰ ৰস লওঁ আহক...
# বগা পোছাক
এযোৰ বগা পোছাক দিয়া
মোক
সকলো ৰঙেই য'ত সানি
নির্ভেজাল ৰূপত পাব পাৰি
আলোৱানৰ ভৰত
হৃদয়ৰ সূক্ষ্ম অনুভূতিবোৰ
কঁপি নুঠে তেতিয়া
মাথোঁ মৃত শৰীৰেই নিবিচাৰে
বগা কাপোৰ
হেঁপাহী জীৱনেও বিচাৰে
বগা পোছাকৰ ৰং
এযোৰ বগা পোছাক দিয়া
মোক
বুকুৰ ৰং সানিব পৰা ।
দেখাত তেনেই সহজ পোনপটীয়া কবিতা যেন লাগিলেও কবিতাটোৰ গভীৰতাত সোমালে অনুধাৱন কৰিব পৰা যায় কবিতাটোৰ গুঢ়াৰ্থ । সহজ, সাৱলীল প্ৰকাশৰে কবিয়ে প্ৰকাশ কৰিব প্ৰয়াস কৰিছে মানুহৰ মৌল চেতনা । কবি ইয়াত আত্ম সচেতন । নিৰন্ধ্ৰ এন্ধাৰে আমনি কৰা কবিয়ে বিচাৰিছে মুক্তিৰ বাট । যেনেকৈ কাগজ এখনত হেজাৰ আকঁ-বাকঁ থাকিলে যিকোনো নিৰ্দিষ্ট অংশ সহজে দৃষ্টিগোচৰ নহয় , তেনেদৰে কবিয়ে অনুভৱ কৰিছে যে ধুসৰতাত হেৰাই গৈছে কবিৰ সমস্ত । নৈৰাশ্য আৰু ভীতিৰ আবহে তৈয়াৰ কৰা এনে ধূসৰতাৰ পৰা আতৰি নিজক আত্মপ্ৰকাশ কৰিব বিচাৰি কবিয়ে কৈছে
এযোৰ বগা পোছাক দিয়া মোক
সকলো ৰঙেই য'ত সানি
নিৰ্ভেজাল ৰূপত পাব পাৰি...
ৰঙ বোৰ আপেক্ষিক । একেটা ৰঙ ভিন্ন জনৰ বাবে ভিন্ন হ'ব পাৰে । একে সুৰতে কবিয়ে কৈছে _
মাথো মৃত শৰীৰেই নিবিচাৰে
বগা কাপোৰ
হেঁপাহী জীৱনেও বিচাৰে
বগা পোছাকৰ ৰঙ
"বগা পোছাক" ৰে কবিয়ে ধূসৰ আত্মাৰ দুৱাৰ মুকলি কৰি চাৱ বিচাৰিছে এখনি মুকলি আকাশ , য’ত দৃষ্টিনন্দন হ'ব কবিৰ সমস্ত সূক্ষ্ম অনুভূতি ।
কবিতাটোৰ এটা দুৰ্বল শাৰী ( ...হেঁপাহী জীৱনেও বিচাৰে বগা পোছাকৰ ৰঙ) ইয়াত বগা টোৱেই এটা ৰঙ, "ৰং" শব্দৰ ব্যৱহাৰ অতিৰিক্ত হোৱা যেন বোধ হ'ল । কবিয়ে শব্দচয়নত আৰু অলপ সচেতন হলে যে ই সৰ্বাংগসুন্দৰ কবিতা হ'ব তাত সন্দেহ নাই । কবিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ।
পৰ্যালোচক-
পাৰ্থ প্ৰতিম কলিতা, সদস্য, আখৰুৱা:literati

No comments:

Post a Comment