দ্বাদশ বছৰ, তৃতীয় সংখ্যা, অক্টোবৰ, ২০১৬ ৰ সাতসৰী আলোচনীৰ কবিতা সমূহৰ মাজৰ পৰা কবি বিৰিঞ্চি ৰাভাৰ "শিলৰ সন্তান" শীৰ্ষক কবিতাটি আখৰুৱাৰ চানেকি শিতানৰ বাবে বাছনি কৰা হৈছে|
কবিতাটি আলোচনা কৰাৰ পূৰ্বে শিৰোনামৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা হল| 'শিলৰ সন্তান' শিৰোনাম যুক্ত কবিতাটো সন্তানৰ ওপৰত লিখা হৈছে বুলি সহজে অনুমেয়| সন্তান বোলা শব্দটো পৃথিৱীৰ সকলো পিতৃ মাতৃৰ বাবে আটাইতকৈ প্ৰিয় শব্দ| পিছে এই প্ৰিয় শব্দটিৰ লগত 'শিল' শব্দটো যুক্ত কৰি কবিয়ে কি ক’ব বিচাৰিছে জানিবলৈ কবিতাটো এবাৰ চকু ফুৰাই চাওঁ আহক -----
|| শিলৰ সন্তান ||
কবি ---- বিৰিঞ্চি ৰাভা
এদিন
মোৰ মৃত্যু হ’ব বুলি জানিও
মই দিনে-ৰাতিয়ে খলখলাই হাঁহি থাকোঁ
অথচ মোৰ দেহৰ খলপে খলপে ক্ৰমশঃ বাঢ়ি আহিছে
মৃত্যুকাতৰ যন্ত্ৰণা
সেই কথা মই তোমাক কেনেকৈ বহলাই কওঁ
মোৰ মৃত্যু হ’ব বুলি জানিও
মই দিনে-ৰাতিয়ে খলখলাই হাঁহি থাকোঁ
অথচ মোৰ দেহৰ খলপে খলপে ক্ৰমশঃ বাঢ়ি আহিছে
মৃত্যুকাতৰ যন্ত্ৰণা
সেই কথা মই তোমাক কেনেকৈ বহলাই কওঁ
মোৰ মৃত্যু হ’লে মোৰ কোনো খেদ নাই
মই মোৰ সন্তানসকলৰ বাবে সাজি ৰাখিছোঁ মেহগনি কাঠৰ পালেং
ৰুপিত মাটিত চহ কৰি গছা দি ৰাখিছোঁ শালিধান
ফৰিঙতি মাটিত ছটিয়াই দিছোঁ বাওধান
বস্তিৰ মাটিতো ৰুই থৈছো কল-নাৰিকল, তামোল-পাণ
মই মোৰ সন্তানসকলৰ বাবে সাজি ৰাখিছোঁ মেহগনি কাঠৰ পালেং
ৰুপিত মাটিত চহ কৰি গছা দি ৰাখিছোঁ শালিধান
ফৰিঙতি মাটিত ছটিয়াই দিছোঁ বাওধান
বস্তিৰ মাটিতো ৰুই থৈছো কল-নাৰিকল, তামোল-পাণ
মোৰ এটাই মাথোঁ দুখ
দোকমোকালিতে শুই উঠিও মই কাণ পাতি
কোনোদিন শুনিবলৈ নাপালোঁ ডঁৰিক পখীৰ গান
মৃত্যুৰ আগে আগে চিনি যাব নোৱাৰিলোঁ গাৰোখুঁটা গছৰ লিহিৰী ছাঁ
দোকমোকালিতে শুই উঠিও মই কাণ পাতি
কোনোদিন শুনিবলৈ নাপালোঁ ডঁৰিক পখীৰ গান
মৃত্যুৰ আগে আগে চিনি যাব নোৱাৰিলোঁ গাৰোখুঁটা গছৰ লিহিৰী ছাঁ
আৰু এটা অবুজ দুখে মোৰ অন্তৰত অহৰহ খুন্দা মাৰি থাকে
মোৰ মৃত্যু হোৱাৰ আগতেই
এখন মাকাম বাঁহৰ সাঙী লৈ ৰৈ থাকে দুটা শিলৰ সন্তান
আৰু মোৰ মুখাগ্নিৰ বাবে মৰিশালিত একুৰা জুই জ্বলাই ৰৈ থাকে
এডাল ৰঙা সাপ
°°°°°
মোৰ মৃত্যু হোৱাৰ আগতেই
এখন মাকাম বাঁহৰ সাঙী লৈ ৰৈ থাকে দুটা শিলৰ সন্তান
আৰু মোৰ মুখাগ্নিৰ বাবে মৰিশালিত একুৰা জুই জ্বলাই ৰৈ থাকে
এডাল ৰঙা সাপ
°°°°°
কবিতাটি পঢ়াৰ পিছত অনুমান কৰিব পাৰি যে কবিয়ে সন্তানৰ প্ৰতি এজন পিতৃৰ মনোভাৱ ব্যক্ত কৰিছে| কিন্তু পিতৃৰ চৰিত্ৰত কবিয়ে প্ৰয়োগ কৰা বক্তাজনৰ মনত সন্তানৰ প্ৰতি স্নেহৰ পৰিৱৰ্তে দেখা গল কিছু ক্ষোভ|
কবিতাটিৰ প্ৰথম স্তৱকত কবিয়ে নিজৰ আগন্তুক মৃত্যুৰ কথা বৰ্ণনা কৰিছে এইদৰে ---
"মোৰ মৃত্যু হ'ব বুলি জানিও
মই দিনে-ৰাতিয়ে খল্ খলাই হাঁহি থাকোঁ|
অথচ মোৰ দেহৰ খলপে খলপে ক্ৰমশঃ বাঢ়ি
আহিছে মৃত্যুকাতৰ যন্ত্ৰনা "
মই দিনে-ৰাতিয়ে খল্ খলাই হাঁহি থাকোঁ|
অথচ মোৰ দেহৰ খলপে খলপে ক্ৰমশঃ বাঢ়ি
আহিছে মৃত্যুকাতৰ যন্ত্ৰনা "
মৃত্যু এক চিৰন্তন সত্য বুলি কবিৰ বক্তাই জানে আৰু তাক লৈ কবিৰ কোনো খেদ নাই। কিন্তু মৃত্যু-ভয় নোহোৱা কবিৰ মনত কিহৰ 'মৃত্যু-কাতৰ যন্ত্ৰনা'? এইখিনিতে মন কৰা উচিত যে কবিয়ে 'মৃত্যুৰ যন্ত্ৰনা' বুলি নকৈ 'মৃত্যুকাতৰ যন্ত্ৰনা' বুলি উল্লেখ কৰিছে| অৰ্থাৎ জীয়াই থাকোঁতেই মৃত্যু-কাতৰ যন্ত্ৰনা কবিয়ে অনুভৱ কৰিছে| পিছে সেই যন্ত্ৰনাৰ কাৰণ মৃত্যু-ভয় নহয় বুলি কবিয়ে দ্বিতীয় স্তৱকত পৰিষ্কাৰকৈ উল্লেখ কৰিছে ---
"মোৰ মৃত্যু হলে মোৰ কোনো খেদ নাই
মই মোৰ সন্তানসকলৰ বাবে সাজি ৰাখিছোঁ মেহগনি কাঠৰ পালেং... "
মই মোৰ সন্তানসকলৰ বাবে সাজি ৰাখিছোঁ মেহগনি কাঠৰ পালেং... "
নিজ সন্তানৰ প্ৰতি দায়িত্ব পালনত অলপো কৃপনালি কৰা নাই বক্তাই| সন্তানসকলে সুখ স্বাচ্ছন্দ্যৰ জীৱন নিৰ্বাহ কৰিব পৰাকৈ সকলোখিনি সুবিধা কৰি দিছে কবিয়ে| কিন্তু তথাপি কবিৰ বক্তাগৰাকী অসুখী| পিছে কিহৰ বাবে কবিয়ে ইমান যন্ত্ৰনা পাইছে সেই কথা জানিবলৈ তৃতীয় স্তৱকটিত চকু ফুৰাও আহক ---
"মোৰ এটাই মাথোঁ দুখ
দোকমোকালিতে শুই উঠিও মই কাণ পাতি
কোনোদিন শুনিবলৈ নাপালো ডঁৰিক পখীৰ গান"
দোকমোকালিতে শুই উঠিও মই কাণ পাতি
কোনোদিন শুনিবলৈ নাপালো ডঁৰিক পখীৰ গান"
বক্তাজনে যৎপৰোনাস্তি চেষ্টা কৰিছে জীৱনত সুখী হ’বলৈ| তাৰ বাবে তেওঁ অৰ্থ উপাৰ্জন কৰিছে| আনকি সন্তানৰ বাবে সঞ্চয়ো কৰিছে| পিছে জীৱনৰ বিয়লি-বেলাত বক্তাই বুজিব পাৰিছে যে প্ৰকৃত সুখী তেৱেঁই যিজনে পক্ষীৰ গানতো সুখ বিচাৰি পায়| বক্তাই চেষ্টা কৰিও ডঁৰিক পক্ষীৰ গান শুনিবলৈ পোৱা নাই| হয়তো পক্ষীৰ গান শুনিবলৈ তেওঁৰ সুস্থিৰ মনৰ অভাৱ| পিছে কি কথাই তেওঁৰ মনক অস্থিৰ কৰিছে সেইটো অন্তিম স্তৱকটিত পৰিষ্কাৰকৈ বৰ্ণনা কৰা হৈছে ---
"মোৰ মৃত্যু হোৱাৰ আগতেই
এখন মাকাম বাঁহৰ সাঙী লৈ ৰৈ থাকে দুটা শিলৰ সন্তান"
এখন মাকাম বাঁহৰ সাঙী লৈ ৰৈ থাকে দুটা শিলৰ সন্তান"
ওপৰোক্ত শাৰীৰ পৰা অনুমান কৰিব পাৰি যে বক্তাজনে সন্তানৰ পৰা বিচৰা ধৰণে সুখ পোৱা নাই| পিতৃ মাতৃয়ে সন্তানৰ পৰা কোনোধৰণৰ ফল আশা নকৰি নিস্বাৰ্থ ভাবে নিজে অনেক দুখ কষ্ট সাৱটি লয়| নিজে নাখাই সন্তানৰ বাবে সঞ্চয় কৰে| তেনেস্থলত সন্তানৰ দ্বাৰা উপেক্ষিত পিতৃ মাতৃৰ সুখী হ’বলৈ আন কোনো কাৰণ নাথাকে| মৃত্যু-ভয় নোহোৱা বক্তাগৰাকীৰ দুখ এইখিনিতেই যে তেওঁৰ আগন্তুক মৃত্যুৰ বাবে আক্ষেপ নাই তেওঁৰ সন্তানৰ| নিজ সন্তানক 'শিলৰ সন্তান' আখ্যা দি বক্তাই সিহঁতৰ অনুভূতিহীন হৃদয়ৰ কথা ফুটাই তুলিছে|
কবিতাটোত উল্লেখিত প্ৰতীকসমূহ মন কৰিবলগীয়া| 'মেহগনি কাঠৰ পালেং' ক কবিয়ে সুখ স্বাচ্ছন্দ্যৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে| পিতৃয়ে সন্তানৰ সুখৰ বাবে অহোপুৰুষাৰ্থ কৰা কথাটো বুজাবলৈ এই শব্দৰাজি ব্যৱহৃত হৈছে। আনহাতে 'শালিধান', 'বাওধান', 'কল-নাৰিকল' আদি ৰুই থোৱা কাৰ্য্যই পিতৃয়ে সন্তানৰ ভবিষ্যত জীৱনৰ বাবেও চিন্তা কৰাটো বোধগম্য হৈছে| পিছে সন্তান বোৰ হ'ল 'শিলৰ সন্তান' যিয়ে পিতৃৰ কষ্টক মৰ্যাদা দিয়াৰ সলনি তেওঁক অপ্ৰয়োজনীয় বুলি গণ্য কৰি তেওঁৰ মৃত্যুৰ আগতেই চিতা প্ৰস্তুত কৰি ৰাখিছে|
পিতৃ মাতৃৰ প্ৰতি উদাসীনতা সমাজৰ কিছু লোকৰ মাজত দেখিবলৈ পোৱা যায়| বস্তুবাদী পৃথিৱীৰ মোহত পৰা সন্তানে পাহৰি যায় পিতৃ মাতৃৰ ত্যাগৰ কথা। তেনে এজন পিতৃৰ কথা অতি সৰলভাৱে দাঙি ধৰি কবি বিৰিঞ্চি ৰাভাই তেওঁৰ কাব্যিক প্ৰতিভাৰ পৰিচয় দিছে |
পিতৃ মাতৃৰ প্ৰতি উদাসীনতা সমাজৰ কিছু লোকৰ মাজত দেখিবলৈ পোৱা যায়| বস্তুবাদী পৃথিৱীৰ মোহত পৰা সন্তানে পাহৰি যায় পিতৃ মাতৃৰ ত্যাগৰ কথা। তেনে এজন পিতৃৰ কথা অতি সৰলভাৱে দাঙি ধৰি কবি বিৰিঞ্চি ৰাভাই তেওঁৰ কাব্যিক প্ৰতিভাৰ পৰিচয় দিছে |
কবিতা এটাৰ একাধিক অৰ্থ থাকিব পাৰে| কবিয়ে কি ভাবি কবিতা এটা লিখে তাক জনাটো পঢ়ুৱৈৰ বাবে সহজ নহয়। পঢ়ুৱৈয়ে কবিতাটিৰ অৰ্থ নিজ বিশ্লেষণৰ দ্বাৰা নিষ্কাৰণ কৰিব পাৰে। তেনে ক্ষেত্ৰত কবিয়ে বুজাব খোজা অৰ্থ আৰু পাঠকৰ বোধগম্য হোৱা অৰ্থৰ মাজত কিছু তাৰতম্য ঘটাটো সম্ভৱ| আমাৰ আলোচ্য "শিলৰ সন্তান" শীৰ্ষক কবিতাটোত প্ৰথম দৃষ্টিত যদিও সন্তানৰ প্ৰতি পিতৃৰ আক্ষেপ প্ৰতিফলন হৈছে, তথাপি কবিতাটি আন ধৰণেও বিশ্লেষণ কৰিব পাৰি|
কবিতাটোৰ বক্তাজনৰ সন্তানৰ প্ৰতি যি আক্ষেপ দেখা গৈছে তাক তুলনা কৰিব পাৰি নাগৰিকৰ প্ৰতি দেশ এখনৰ আক্ষেপৰ লগত| জনমভূমিৰ প্ৰতি মানুহৰ দায়িত্বৰ অভাৱ আৰু পিতৃৰ প্ৰতি সন্তানৰ দায়িত্বৰ অভাৱৰ মাজত এক সমান্তৰাল ৰেখা অংকন কৰিছে কবিতাটিয়ে| দেশৰ মাটিত হোৱা ফচল খাই জীয়াই থাকিও দেশ বিক্ৰী কৰি নিজৰ স্বাৰ্থসিদ্ধিক প্ৰাধান্য দিয়া এচাম লোকক 'শিলৰ সন্তান' বুলি অভিহিত কৰিব পৰা যায়|
অতি সুন্দৰ কবিতাৰে পঢ়ুৱৈক আপ্লুত কৰা কবি বিৰিঞ্চি ৰাভা ডাঙৰীয়াৰ উত্তৰোত্তৰ কামনা কৰি পৰ্যালোচনাটিৰ সামৰণি মৰা হ'ল|
°°°°°°°°°°°°°°
°°°°°°°°°°°°°°
No comments:
Post a Comment