Saturday, 29 October 2016

হেমন্ত ~হিমাংশু ভাগৱতী

দুভৰিত শেৱালীৰ জুনুকা পিন্ধি
ঘৰমুৱা হ'ল শৰৎ,
হেমন্তৰ হাতত সঁপি দি গ'ল
নিয়ৰৰ টোপ টোপ গান ।
সেৰেঙা বতাহৰ বোকোছাত
হেমন্তই সুৰসুৰাই,
বাঁহৰ পাতত ওলমা জোন
দূবৰিত জাহ যায় ।
ৰাতিৰ দুখবোৰ নামি আহে
কুঁৱলীৰ ছাদৰ লৈ,
পালেং শাকৰ বিছনাত
শুই থাকে হেমন্ত ।
হেমন্ততে সোণোৱালী হয়
পথাৰৰ সপোন,
ভঁৰালৰ চোতালত নাচে
সুৱাগমণি ধান ।
~হিমাংশু ভাগৱতী
সদস্য, আখৰুৱা : literati

নতুন বাট ~ ৰাজীৱ ডেকা


এজন পথিকে পুৰণি বাটবোৰৰ এৰি
খোজ ল'লে অৰণ্যৰ মাজেৰে
অবাটত সেয়া আছিল মানুহৰ প্ৰথমটো খোজ
মানুহে ক'লে-
কোনেও নোযোৱা সেইফালে নাযাবা ।
তেওঁ গ'ল।
কাঁইটে আচুৰিলে তেওঁক।
জোকে শুহিলে তেজ।
ৰক্তাক্ত ভৰিলৈ চাই
লোকে হাঁহিলে।
তথাপি নৰ'ল তেওঁ
ঘুৰিও নাচালে
গৈ থাকিল গৈ থাকিল
তেওঁৰ খোজ দেখি
আৰু দুজন বাটৰুৱা এদিন সেইদিশেৰে গ'ল
পিছত আৰু তিনিজন
তেওঁলোকৰ খোজ মনি আগুৱালে আৰু এটি দল
নিতাল অৰণ্যৰ আন্ধাৰ পদশব্দত কঁপিল
খোজৰ ওপৰত খোজ পৰি কোমল মাটি কঠিন হৈ
অবাটত পৰা এটা খোজৰ পৰা
এনেকৈ এটা নতুন বাটৰ শৰীৰ গঢ়ি উঠিল
সহজ হ'ল ভ্ৰমণ
পুনঃশ্চ
যিসকলে হাঁহে সাহসী পথিকৰ ৰক্তাক্ত দুভৰি চাই
তেওঁলোকে নেদেখে সেই পথিকৰ দুচকুত যে উম লয়
পোহৰ সৰোবৰত চৰি ফুৰা এজাক সপোনৰ চৰাই...
~ ৰাজীৱ ডেকা
সদস্য, আখৰুৱা : literati 

নিঃশব্দ ~ হীৰকজ্যোতি বৈশ্য


চকুৰে নেদেখা মহাজগতৰ
কোনোটোহঁত চুকত
ঘূৰি আছে আমাৰ জগত
কি বিশাল
কি মৌন
আমাৰ জগতখনৰ চকুৰে নমনা
কোনোটোহঁত চুকত
চকু মেলিব নৌপাওঁতেই
অন্ধকূপত ভৰাই পেলোৱা হৈছে সৌন্দৰ্য
যেনেকৈ সকলোৰে অগোচৰে ফুলি উঠা চম্পাজোপা
নিধন কৰা হৈছিল স্বচ্ছাভিযানত
কোনোটোহঁত চুকত
অৰণ্য বৰুৱাৰ মাতৃয়ে
জালি পৰা চকুৰে মনি মনি
আখলত চাউল সিজাইজে
কোনোটোহঁত চুকত
কোনোজন ঔৰংগজেৱে
নিজৰ জানাজাৰ খৰচ ভৰি গৈছে
কোনোটোহঁত চুকত
পুঠি-খলিহনা বহুতে
দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰি আছে
ৰৌ-বৰালিয়ে চাই আছে
ভাওনাৰ দৃশ্যান্ত নহয়
কালৰ চলতি সূৰুযে জনাই আছে
নিঃশব্দে
জোনাক নিশা গুণগুণ গুণগুণ নৈশব্দেৰে
কথা পাতে
আমাৰ গাঁৱৰ বুঢ়া মানুহজনে
নিজৰ স’তে
নে
ক’লা মেকুৰীটোৰ স’তে
নে
মহাজগতৰ স’তে
~ হীৰকজ্যোতি বৈশ্য
সদস্য, আখৰুৱা : literati 

চেঁকুৰ ~ নাচৰিণ য়াচমিন


খিৰিকেৰে সোমাই অহা বতাহজাক…,
আনিছা নেকি ?
মোৰ হেৰুৱা জীৱনৰ চেনী-মৌ সুবাস
আনিছা নেকি ?
মোৰ দূৰন্ত জীৱনমুখীতাৰ জোৱাৰ
তেজাল ঘোঁৰাৰ দৌৰৰ সতে আহি থাকোতে
বাটতে জুৰোৱা আঁহত জোপাত লাগি থাকি আহিল স্বপ্নাৰ্দ্ৰ অতীতটো…৷
ঘোঁৰাৰ পিঠিৰ লেকেটা জীনত লাগি
কৰ্কৰীয়া বাস্তৱটোহে আহি থাকিল
বহুদূৰ বাটকুৰি বায়…
চেঁকুৰ দেখোন থামিবৰ নামেই লোৱা নাই ৷
~ নাচৰিণ য়াচমিন
সদস্য, আখৰুৱা : literati

।।প্ৰলম্পিত প্ৰশ্ন।।~ পাৰ্থ প্ৰতিম কলিতা


অনুগ্ৰহ কৰি জনাব নেকি
পোছাকৰ কিমান দৈৰ্ঘ্যই কৰে চৰিত্ৰ বিচাৰ
ভাল অথবা বেয়া
ঘুৰণীয়া পৃথিৱীৰ তত্ত্ব
আমাৰ প্ৰতিটো খোজত আপুনি চটফটাই
নিষিদ্ধ উশাহৰ ভাগৰত
টোপনি নভঙা ৰাতিপুৱা এটা
ৰোগগ্ৰস্ত হয় আপোনাৰ দুচকুত
আপোনাৰ আত্মাত আছে এখন নৰক
চকুত ক'লা ক'লা বিশাল গহ্বৰ
তাতেই জিলিকে শতিকাৰ পুৰণি ভোক
আৰু আপোনাৰ নষ্ট শুক্ৰানু
অলপ অতীতলৈ যাওঁ বলক
অজন্তাৰ নাৰীবোৰ
আবুৰ বুকুত মেথনি
অন্তৰ্বাস নিপিন্ধা...
আৰু আঁঠু উজোৱা এখন মেখেলা
জানো...
আপোনাৰ হাতৰ মুঠিত এশটা যুক্তি
সংস্কাৰী ভুৱা মনৰ
আপুনিও নহয় জানে সেই বিশেষ ব্যক্তি
জানে...
সৰুতে এদিন মাক সুধিছিলোঁ এজনী পাগলী দেখুৱাই
মায়ে মোক টানি নিছিল আঁতৰলৈ
এতিয়া দেখিছোঁ তাত এহালি উলংগ চকু
আব্বে , আৰু অলপ চাওঁকনা
ঘৃণাবোৰ গুৰি কৰিছো আপোনাৰ বাবে
বুকুখন এনেকুৱাই...
একেইতো আপোনাৰ সহোদৰ ভনীৰ
একেই আপুনি ওপজা জৰায়ুৰ বাট ।
মহাশয়, জনাবলৈ নাপহৰিব
পোছাকৰ কিমান দৈৰ্ঘ্যই কৰে চৰিত্ৰ বিচাৰ ।
~ পাৰ্থ প্ৰতিম কলিতা
সদস্য, আখৰুৱা : literati 

ফুলি উঠে দুপাহি নিশিগন্ধা ~ অনিতা গগৈ

কেইটামান তৰা ফুটিছিল ক'ৰবাত
পানীজোলা উঠি দেওপাৰি আকাশখনে
বুকুখন জুবুৰিয়াবলৈ বিচাৰি ফুৰিছিল
হিমচেঁচা সাগৰ এখন
বহু দূৰৈৰ আন্ধাৰত দুটা গ্রহৰ বিৰ্ বিৰণি
দৰক লাগি ৰৈ যোৱা জোনৰ ছাঁ
মোৰ ভিজা ভিজা চুলিৰে পিছলি
তোমাৰ দুচকুত গজি উঠা
দুজোপা নিশিগন্ধা
এই বাটে নেমেলিবা তোমাৰ ৰথ
শূন্যতাত সাঁচি থোৱা মোৰ দুহাত
এহাতৰ মুঠিত এখামোচ আন্ধাৰ
আনখন হাতত এটি জোনাকী
স্তব্ধতাৰ পৰা স্তব্ধতাৰ সিপাৰলৈ
উটি যোৱা মোৰ পালচিঙা নাও
কি কথা পাতি আছিলোঁ আমি
বালিত মূখ গুজি শামুকবোৰে
পুতি থোৱা মুকুতাবোৰৰ উচুপনিত
তল পৰিছিল সাগৰৰ প্রচণ্ড আস্ফালন
আমি পাহৰি পেলাইছিলোঁ জাতিস্মৰৰ আখ্যান
মোৰ চেঁচাপৰা ওঁঠত দুটা চিক্ মিক বালিচন্দা
হঠাৎ ৰৈ যোৱা তোমাৰ পৃথিৱী
আহ্নিক আৱৰ্তন বিভ্রাটত
ব্রহ্মাণ্ড সংগীতৰ এটি হেৰুৱা ৰাগিনী
মেঘে মেঘে ঠেকা খাই ভাঁহে প্রতিধ্বণি...
নিৰ্জণতাত বুৰ যায় নক্ষত্রৰ অহংকাৰ
তাতে মোৰ নামফলক বিহীন সমাধি
নিয়ৰত সেমেকা দুবৰিত
ৰৈ যোৱা তোমাৰ পদচিহ্ন
ফুলি উঠে য'ত দুপাহি নিশিগন্ধা !
~ অনিতা গগৈ
সদস্য, আখৰুৱা : literati

বিষয় : স্মৃতি ~ মধু এম কলিতা


ছবি কিছুমান
কোনো প্ৰয়োজন
নোহোৱাকৈ ওলমি আছে
মনৰ বাৰাণ্ডাত
অথচ : আঁতৰাবলৈ গ'লেই কঁপে দুহাত
নদীবোৰো আপোনাৰ মোৰ দৰে
কথা দি কথা নাৰাখে
হঠাৎ এদিন গুছি যায়
অন্য এক বাটেৰে
এৰাসুঁতিৰ বুকুত এৰি থৈ
পুনি, দলৰ এখন গধুৰ চাঙী
উলটাৰ বাটত দুভৰি থ'লেই
বুকু উকা কৰি উৰে
এযোৰ কপৌ চৰাই
এই সৰো এই সৰো
বৰষুণ জাকেৰে
দোঁ খাই আহে মোৰ ডাৱৰীয়া আকাশ ।।
~ মধু এম কলিতা
সদস্য, আখৰুৱা : literati 

একাঁহী জোনৰ হাঁহি আৰু জোনাকী ~ পৰিমালা কোঁৱৰ


কাঁহী এখন লৈ জোন জোখাৰ নিশা
জোন এটা বিচাৰি ঠেহ পতাৰ দৰে
অবোধ হেঁপাহবোৰে
মাজে মাজে অবুজ কৰি তোলে
অপহৃত ক্ষণিক সুখবোৰ
ভাবহীন দৃষ্টিৰে দিগন্তত বিচাৰি ফুৰোঁ
আকাশ ডাৱৰ জোনাক বৰষুণ
চুৰ কৰা সময়ৰ দৃষ্টি নন্দন বিলাস
কেনে আছোঁ মই
সুধিছোঁ বাৰে বাৰে
উদাসী মন
সময়ৰ বলুকাত
খোজ হেৰুৱা দুখ
কাৰণবোৰ অকাৰণ হৈ
বিলাপ কৰে ডাৱৰীয়া জোন হৈ
নৈ হৈ বৈ থাকে
বুকুৰ ভিতৰৰ পৰা ভিতৰলৈ
জোন গলা নিশা
দীঘল গছৰ ছাঁত
এজাক জোনাকীয়ে
কুক ভাক খেলে
আৰু
জোনটোৱে কাঁহীখনৰ দৰে
একাঁহী হৈ হাঁহি থাকে।
~ পৰিমালা কোঁৱৰ

Thursday, 27 October 2016

শিৰোনাম~ জনজিত গোস্বামী

শিৰোনাম
ঠিক এইখিনিতে তেওঁৰ অলপ অতীত আছিল।
অলপ জীৱন
বৰষুণ যেন লগা...
তেওঁ কয় তেওঁৰ কথা
মই কওঁ মোৰ !
জোনাকত তেওঁ বিচাৰি ফুৰে বকুল।
পাকঘূৰণি খোৱা প্ৰাত্যহিকতাৰ ফাঁকে ফাঁকে
সাউতকৈ তেওঁ খুচৰি চায়
এপাহ দুপাহ
এনেকৈয়ে।
অপাৰ্গত সাঁতোৰান্তত তেওঁ নৰিয়াত পৰে এদিন।
মনৰ খিৰিকীত সপোন আৰু জোনাক।
স্পৰ্শাতীত আৱেশে তেওঁক দুখী কৰি আনে ক্ৰমশ:...
ধূলিয়ৰি ধূসৰ বাটৰ একোণত বহি
তেওঁ অতীতলৈ যোৱা বাটটো চাই থাকে।
ওভতা আৰু নহয়গৈ...
এটা সময়ত খিৰিকীমূখত তেওঁ হৈ পৰে ক্লান্ত !
লাহে লাহে অত্যুতসাহত তেওঁ
শিকি পেলাইছে সকলো।
দূৰ ভ্ৰমনৰ ইচ্ছা এটি ক্ৰমান্বয়ে উজাই আহিছে তেওঁৰ!
বিস্মৃতিৰ পৰা খান্দি আনো তেওঁৰ অজানা কথা
মোৰ যে এখন নাওঁ আছিল !
~ জনজিত গোস্বামী
সদস্য, আখৰুৱা : literati

জীৱনৰ গান ---গুণকৃষ্ণ কোচ

জীৱনৰ গান
"জীয়াই থকাবোৰ সুৰ
হেৰাই গৈয়ো থাকি যোৱাবোৰ সুবাস "
(ক)
সোঁৱৰণিৰ হেনো সুৰ থাকে
হেৰুৱা সুৰবোৰ
সি জুকিয়াই থাকে।
সুৰৰ ৰাগীত সুৰবোৰ মতলীয়া
জীৱনৰ ৰাগীত সুৰবোৰ অবুজন।
সুৰবোৰৰ অনামী আবেগে ডুবাই ৰাখে মোক,
মোৰ পৰা মোলৈ দূৰত্ব কমাই আনে।
সুৰবোৰৰ জঁট লাগে,
মিহি সুতাৰ দেশৰ সুৰবোৰ এতিয়া
বান্ধ খায় জীৱনৰ পাকত।
(খ)
সোৱৰণীৰ সাকোঁডালত উঠিয়েই
ইপাৰ সিপাৰ হওঁ,
হেৰুৱা সুৰবোৰৰ ঠিকনা বিচাৰি ।
হেৰুৱা সুৰবোৰ বুকুৰ কোনোবাখিনিত
খামুচি ধৰিব খুজি,
বাৰে বাৰে ব্যৰ্থ হওঁ,
জীৱন নামৰ কংক্ৰিটৰ অৰণ্য খনৰ মাজত।
(গ)
এতিয়া বৈ আহে সোৱণশিৰি
বুকুৱেদি মোৰ
কঙাল কাতিৰ গৰা খহাই।
পাৰৰ কঁহুৱাই বচাব নোৱাৰে মোৰ
আলসুৱা মাটিৰ কোমল দেহা।
এজাক মাছৰোকা বুকুৰ ভিতৰলৈ
কুৰুকি কুৰুকি সোমাই যায়।
ৰৈ থকা মাছুৱৈয়ে নদীখনকে
চিঞৰি সোধে
আই আৰু কাহানিও নববি উজাই..
~ গুণকৃষ্ণ কোচ
সদস্য, আখৰুৱা : literati

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা: পুনৰীক্ষণ-(৩৯) : ১-৭আগষ্ট, ২০১৬/প্ৰথম খণ্ড পৰ্যালোচক-ৰাজীৱ ডেকা

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ-(৩৯) : ১-৭আগষ্ট, ২০১৬/প্ৰথম খণ্ড
পৰ্যালোচক-ৰাজীৱ ডেকা
পুনৰীক্ষণৰ এই সপ্তাহৰ বাবে আমাৰ নিৰ্বাচিত কবিতাসমূহ হ'ল ক্ৰমে...
১) ভৰ দুপৰীয়া ৰোৱা নিকাওঁতে ~:পলাশ কুমাৰ নাথ
২) ৰূপান্তৰৰ আঁৰৰ পৰা ~ অৰূপ কুমাৰ দাস
৩) পৃথিৱীখনক দুহাতত তুলি লোৱা ~ বাস্তৱ মৰাণ
৪) মোক এজন বন্ধু লাগে যি মোৰ প্ৰেমিক নহয় ~:মনমী ভট্টাচাৰ্য
১) আগষ্টৰ প্রথম খণ্ডৰ পৰ্যালোচনাৰ বাবে লোৱা প্ৰথমটো কবিতা-
ভৰ দুপৰীয়া ৰোৱা নিকাওঁতে
~ পলাশ কুমাৰ নাথ
ভৰ দুপৰীয়া ৰ'দত
লঘোন ধানৰ চিটাটোত
মই ৰোৱা নিকাইছিলোঁ
সঁজাল ধৰা পাতবোৰ হালিছিল জালিছিল
এটি দুটি পখিলা আৰু
গাগিনীও পাতত বহিছিল
এটি ভোমোৰাই মোৰ কাণত গুণ-গুণাইছিল………
যেন সিহঁতে মোৰ কথাকেই পাতিছিল !
ভৰিত মোৰ লাগিছিল শামুক
আৰু
হিমচেঁচা এটি ভুমুক………
ক'লা কচুৰ পাত এটিত হেঁপাহ পলুৱাই পানী খাইছিলোঁ
কোৱাক কোৱাক কৰি ডাউক এজনীয়ে পোৱালিবোৰ চৰাইছিল……
কেওট কেওট কৰি বেং এটিয়ে চিঞৰিছিল
হয়তো কোনো ঢোঁৰা-সাপৰ মুখত পৰিছিল…………
সেই ভৰ দুপৰীয়া
ফেঁচু চৰাই এটিয়ে হয়তো মোৰ দুখ বুজিছিল
চিলনী এটি গৰখীয়া ছাঁ হৈ
অনবৰত মোৰ ওপৰৰে উৰি আছিল……
"ভৰ দুপৰীয়া ৰোৱা নিকাওতে"- পলাশ কুমাৰ নাথৰ দ্বাৰা ৰচিত আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ অন্যতম কবিতা আছিল। কবিতাটোত এক পথৰুৱা ছবি অংকন কৰাৰ চেষ্টা কৰা হৈছে। এজন কৃষকে ৰোৱাবোৰৰ মাজৰ পৰা অপতৃণ আঁতৰোৱাৰ দুপৰীয়াৰ মূহুৰ্ত্ত এটা শব্দৰ ফ্ৰেমত আৱদ্ধ কৰাৰ প্ৰয়াস কৰিছে। কবিতাটোত এখন চাক্ষুস চিত্ৰ প্ৰকাশিত হৈ উঠিছে-
"মই ৰোৱা নিকাইছিলোঁ
সঁজাল ধৰা পাতবোৰ হালিছিল জালিছিল
এটি দুটি পখিলা আৰু
গাগিনীও পাতত বহিছিল
এটি ভোমোৰাই মোৰ কানত গুণগুণাইছিল………"
গোটেই কবিতাটোক দুটা খণ্ডত ভাগ কৰিব পাৰি। প্ৰথম নটা শাৰীত কবিয়ে মূখ্যতঃ তুলি ধৰিছে পথাৰৰ নিজান দুপৰীয়া এটাৰ স্থিৰ চিত্ৰ। কবিৰ দৃষ্টি যিমানেই তীক্ষ্ণ সিমানে প্ৰখৰ তেওঁ শব্দ নিৰ্বাচনৰ ক্ষেত্ৰতো। কবিতাটোৰ প্ৰতিটো শাৰীয়েই একোটা চিত্ৰকল্পৰ আকৰ হৈ ধৰা দিছে। সৰু সৰু চিত্ৰকল্পৰ এক শৃংখলেৰে কবিয়ে গঠন কৰিছে এটা সুন্দৰ দৃশ্যৰ। প্ৰথম নটা শাৰীৰ পৰা আমি প্ৰত্যক্ষভাবে পাব পাৰো এজন কৃষকে নিজান পথাৰ এখনত অকলশৰীয়াভাবে ৰোৱা নিকাওতে অনুভৱ কৰা অনুভূতি এটি। এজন কৃষকৰ মানসিকতাৰ লগত কবি একাত্ম হৈ পৰিছে বুলি অনুভৱ হয়।
দহ নম্বৰ শাৰীটো গঠন কৰিছে 'আৰু' শব্দটোৱে। দহ নম্বৰ শাৰীৰ পিছতো কবিয়ে সংযোজিত কৰিছে আৰু নটা শাৰী। সেই হিচাপে দহ নম্বৰ শাৰীটোক গোটেই কবিতাটোৰ মধ্যশাৰী বুলি ধৰি দুটা সমান ভাগত ভগাব পাৰি। পিছৰ নটা শাৰী হৈছে প্ৰতীক প্ৰধান। এই শাৰীবোৰত ব্যৱহাৰ কৰা চিত্ৰকল্পসমূহ প্ৰতীক হিচাপে কবিয়ে ব্যৱহাৰ কৰাৰ কৌশল স্পষ্ট হৈ পৰিছে। শেষৰ নটা শাৰীত কবিয়ে এজন কৃষকৰ কষ্টকৰ জীৱন আৰু দুৰ্দশাৰ জীৱনৰ ছবি এখন ইংগিত কৰিছে। খেতিয়ক এজনৰ জীৱন চলে খেতিডৰাৰ ওপৰত ভিত্তি কৰিহে। খেতিডৰাৰ ওপৰতে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ আয়ুস নিৰ্ভৰশীল। সেই খেতিয়কৰ মুৰৰ ওপৰত দুৰ্ভাৱনাৰ ক'লা ডাৱৰ অনবৰতে বিদ্যমান-
"কেওট কেওট কৰি বেং এটিয়ে চিঞৰিছিল
হয়তো কোনো ঢোৰাসাপৰ মুখত পৰিছিল…………
সেই ভৰ দুপৰীয়া
ফেঁচু চৰাই এটিয়ে হয়তো মোৰ দুখ বুজিছিল
চিলনী এটি গৰখীয়া ছাঁ হৈ
অনবৰত মোৰ ওপৰৰে উৰি আছিল……"।
২) এইবাৰ আহিছোঁ অৰূপ কুমাৰ দাসৰ 'ৰূপান্তৰৰ আঁৰৰ পৰা' শীৰ্ষক কবিতাৰ আলোচনালৈ-
ৰূপান্তৰৰ আঁৰৰ পৰা
~ অৰূপ কুমাৰ দাস
বুৰঞ্জীৰ সত্য; সত্যৰো সনাতন
এজাক বতাহ একুৰা জুই
ধোঁৱা-ধূলিৰ ধুমুহা এটাতেই
মই মোক সঁপি থৈছোঁ
ৰণাংগণত পাত হোৱা ৰক্তৰাশিত
পদপথৰ প্ৰান্তত উৱলি পৰি ৰোৱা
ফটা কম্বল এখনৰ মৌনতাৰ পৰাই
আহৰণ কৰিছোঁ জীৱনৰ উম
খোজ কাঢ়োঁতে মই ভাগৰা নাই
বাটৰ বুকুৰ অগণন অচিনাকী মাতে
দুভৰিক দিছে অফুৰন্ত গতি
নিসংগতাৰ মাজতো বিচাৰি পাইছোঁ সংগ
ইয়াতকৈ বেলেগ কি প্ৰয়োজন
মই নমৰোঁতেই এজনে মোৰ বাবে কান্দে
মই জীয়াই থকাৰ সুখত
সিহঁতৰ মুখবোৰত জ্বলে হাঁহিৰ একোপাহি চম্পা
সিহঁতৰ সাহসতেই এই যাত্ৰা
অন্য এক ৰূপান্তৰৰ
সিহঁতৰ সাহসতেই
মই মোক ভাঙিছোঁ
মই মোক গঢ়িছোঁ অবিৰাম
ভাঙি গঢ়ি জলাই পুৰি পাইছোঁ
মোৰ নামৰ অলংকাৰ ৷
কবিতাটোত মানৱ জীৱনৰ জীৱন ধাৰণৰ এক পদ্ধতি বৰ্ণনা কৰা হৈছে। মানৱ জীৱনৰ এক প্ৰতিনিয়ত দ্বন্দ্ব, সংঘাত আৰু উত্থান-পতনৰ ছবিখন এই কবিতাটিত অংকন কৰা হৈছে। জীৱনৰ প্ৰকৃত ৰস পান কৰিবলৈ হ'লে মানুহে হাজাৰ বাধা বিঘিনি অতিক্ৰম কৰিব লগা হয়। 'মই' সৰ্বনামেৰে বক্তাই গোটেই মানৱ জাতিক প্ৰতিনিধিত্ব কৰিছে। এই জীৱন চলি থাকে হাজাৰ বাধা বিঘিনি অতিক্ৰম কৰি-
"ফটা কম্বল এখনৰ মৌনতাৰ পৰাই
আহৰণ কৰিছোঁ জীৱনৰ উম
খোজ কাঢ়োঁতে মই ভাগৰা নাই"
জীৱনলৈ নিঃসঙ্গতা আহে। শূন্যতা আহে। তথাপি জীৱন চলে। হেৰাই নাযায়। মানুহে আকৌ সংগ বিচাৰে। মানুহে মানুহৰ সংগ পায়-
"বাটৰ বুকুৰ অগণন অচিনাকী মাতে
দুভৰিক দিছে অফুৰন্ত গতি
নিসংগতাৰ মাজতো বিচাৰি পাইছোঁ সংগ
ইয়াতকৈ বেলেগ কি প্ৰয়োজন"
জীৱন ক্ষণভংগুৰ। মৃত্যুৱে মানুহক মানুহৰ পৰা কাঢ়ি লৈ যায়, তথাপি মানুহ হতাশ নহয়। জীৱনৰ নামত জীয়াই থকাৰ হেঁপাহত জীৱন চলি যায়। আগুৱাই যায়-
"মই নমৰোঁতেই এজনে মোৰ বাবে কান্দে
মই জীয়াই থকাৰ সুখত
সিহঁতৰ মুখবোৰত জ্বলে হাঁহিৰ একোপাহি চম্পা"
জীৱন এক খেল। ভাঙি, গঢ়ি অলংকাৰৰ দৰে ইয়াক গঢ়িব লাগিব। ই জ্বলি পুৰি উজ্জল হোৱা সোণৰ দৰে জ্বলি থাকিব চিৰকাল-
"সিহঁতৰ সাহসতেই
মই মোক ভাঙিছোঁ
মই মোক গঢ়িছোঁ অবিৰাম
ভাঙি গঢ়ি জলাই পুৰি পাইছোঁ
মোৰ নামৰ অলংকাৰ ৷"
কবিতাটোত শিৰোনামটিয়ে দি যোৱা প্ৰতিশ্ৰুতিতকৈও কবিতাটোৰ দেহটোত অন্য এক ছবি পৰিলক্ষিত হোৱা যেন বোধ হয়। বাক্যৰ গাঁথনিৰ ক্ষেত্ৰত কবি অলপ আৰু সাৱধান হ'লে কবিতাটো আৰু অধিক মনোগ্ৰাহী হোৱাৰ সম্ভাৱনা আছিল বুলি ক'ব পাৰি।
৩) এইবাৰ আলোচনালৈ আনিছো বাস্তৱ মৰাণ ৰচিত 'পৃথিৱীখন হাতত তুলি লোৱা' শীৰ্ষক এক সুন্দৰ, সাৱলীল কবিতা-
পৃথিৱীখনক দুহাতত তুলি লোৱাঃ
~ বাস্তৱ মৰাণ
পৃথিৱীখনক দুহাতত
তুলি লোৱা
নহ'লে বসন্ত নাহিব
নহ'লে চৰাইবোৰ বাহলে' নাহিব
নহ'লে বাঁহপাতে গগনা বজাই
নানাচিব সপোনৰ দুপৰত
তেজবোৰ বাহিৰ হ'ব নিদিবা
নিদিবা.......
এনে কিনো হ'ল
যে বুজিবগৈ পৰা নাই
তেজৰ ৰং ৰঙা
তেজৰ ৰং সঁচাকৈয়ে ৰঙা
কিমানটা উৎসৱ নাসাজো
জী থকাৰ উলাহত
পৃথিৱীতকৈ বেছি ঘূৰি নাচো বছৰত
অথচ কিয় ইমানতো ভালপাব শিকা গ'ল
বুকুভঙা পৰিণতিৰ উৎসৱ কিছুমান
শিশুবোৰ সৰিয়হনী ফালি ল'ৰিলে
কাৰ বুকুত থিতাপি লয়
প্ৰাণ-মমতা, সমবেদনা
মাটি আৰু বতাহেহে জানে
উত্তেজনাৰ দহকুৰি দহফুট গভীৰতা
পৃথিৱীখনক দুহাতত তুলি লোৱা
তেজবোৰ বাহিৰ হ'ব নিদিবা ৷
এই কবিতাটোত কবিয়ে মানুহ আৰু প্ৰকৃতিৰ মাজত থকা শাশ্বত সম্পৰ্কৰ কথা তুলি ধৰিছে। প্ৰকৃতিৰ পৰা মানুহ বিচ্ছিন্ন হৈ পৰিছে- তাকেই কবিয়ে কবিতাটোত প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। শিৰোনামাটোৰ উপৰিও কবিতাটোৰ প্ৰথমটো শাৰীয়েই সেই কথাটো স্পষ্ট কৰি তুলিছে -
"পৃথিৱীখনক দুহাতত
তুলি লোৱা
নহ'লে বসন্ত নাহিব"
শিৰোনামাৰেই দি যোৱা ধাৰণা কবিতাটোৰ শাৰীকেইটাই পুৰঠ কৰি ফুটাই তুলিবলৈ সক্ষম হৈছে-
"নহ'লে বসন্ত নাহিব
নহ'লে চৰাইবোৰ বাহলে' নাহিব
নহ'লে বাঁহপাতে গগণা বজাই
নানাচিব সপোনৰ দুপৰত
তেজবোৰ বাহিৰ হ'ব নিদিবা"
প্ৰকৃতিৰ পৰাহে মানুহে প্ৰকৃত জ্ঞান আহৰণ কৰিব পাৰে। প্ৰকৃতিৰ পৰা যিমানেই মানুহ আঁতৰি গৈছে সিমানেই মানুহৰ মাজত অসূয়া অপ্ৰীতি বৃদ্ধি হৈছে-
"তেজৰ ৰং ৰঙা
তেজৰ ৰং সঁচাকৈয়ে ৰঙা
কিমানটা উৎসৱ নাসাজো
জী থকাৰ উলাহত
পৃথিৱীতকৈ বেছি ঘূৰি নাচো বছৰত
অথচ কিয় ইমানতো ভালপাব শিকা গ'ল
বুকুভঙা পৰিণতিৰ উৎসৱ কিছুমান"
এই কবিতাটোত প্ৰকৃতি এক প্ৰতীক হিছাপে ব্যৱহৃত হৈছে। ই সৰলতা আৰু সুন্দৰতাৰ প্ৰতীক। প্ৰকৃতিৰ সংস্পৰ্শত মানুহৰ মনতো সৰলতা, পবিত্ৰতা আদি গুণৰাশি অংকুৰিত হৈ উঠিব। সেয়ে আলফুলীয়া পৃথিৱীখন মানুহে দুহাতত তুলি লৈ সুৰক্ষিত কৰি ৰখা উচিত।
৪) আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এটা অন্যতম কবিতা হ'ল মনমী ভট্টাচাৰ্য্যৰ কবিতা- 'মোক এজন বন্ধু লাগে যি মোৰ প্ৰেমিক নহয়'।
মোক এজন বন্ধু লাগে যি মোৰ প্ৰেমিক নহয়
~ মনমী ভট্টাচাৰ্য্য
মোক এজন বন্ধু লাগে।
এই বন্ধুত্ব সন্মান আৰু বুজাবুজিৰ ,
কিন্তু ভালপোৱাৰ নহয় ।
ভালপোৱাই আপোনজনক পাহৰাই
নিজকো পাহৰায় ।
যেতিয়া মোহভংগ হয়
আপাততঃ সব শূন্য হৈ পৰে ।
সেয়ে এজন বন্ধু লাগে
যি মোৰ প্ৰেমিক নহয়।
বন্ধুত্বৰ এনাজৰী বিশ্বাস
ব্যক্তিগত সত্তাক জীয়াই ৰখাৰ নিস্বাৰ্থ আশ্বাস
বন্ধুত্ব এক অপাৰ্থিৱ অন্তৰংগতা
এক অনন্য সংবেদনশীলতা।
মোৰ এই অনুভৱক অনুভৱ কৰা,
‘মই’জনীক চিনি পোৱা,
মোক ফাঁকি নিদিয়া ,
বন্ধু এজন লাগে।
এই বন্ধুত্ব চৰ্তহীন,
নৈতিকতাৰ তুলাচনী বিহীন।
কিয়নো ই লিঙ্গবৈষম্যৰ উৰ্ধত।
অধিকাৰৰ নামত কৰা দাবীৰ উৰ্ধত।
আকাশক কেনভাছ বনাই
সপোনৰ ৰং সানো মই।
হয়তো সেয়ে আজি
মই এজন বন্ধুৰ প্ৰতীক্ষাত……
এইটো এটা সাৱলীল কবিতা। কবিয়ে এটা ব্যক্তিগত আকাংক্ষাক কবিতাৰ আকাৰ দি সাৰ্বজনীনতা প্ৰদান কৰাৰ চেষ্টাত ৰত হৈছে। কবিমন অত্যন্ত সংবেদনশীল। কবি নাৰী।কবিতাটিৰ বক্তাও নাৰী। কবিয়ে কবিতাৰ বক্তাৰ লগত একাত্মবোধ কৰি এজনী নাৰীৰ দৃষ্টিৰ পৰা বন্ধুত্বৰ সংজ্ঞা বিশ্লেষণ কৰিছে। বক্তাই নিজৰ দৃষ্টিভঙ্গীৰ পৰা বন্ধুত্বৰ সংজ্ঞা এটি উত্থাপন কৰিছে-
"বন্ধুত্ব এক অপাৰ্থিৱ অন্তৰংগতা
এক অনন্য সংবেদনশীলতা।"
"এই বন্ধুত্ব চৰ্তহীন,
নৈতিকতাৰ তুলাচনী বিহীন ।"
কবিতাটোৰ ভাৱবস্তুৰ দ্বন্দ্ব আৰম্ভ হৈছে পুৰুষ আৰু নাৰীৰ মাজৰ বন্ধুত্বৰ এক ধাৰণাৰ জৰিয়তে। এইটো ক'লেও অত্যুক্তি কৰা নহ'ব যে আমাৰ সমাজ ব্যৱস্থা এতিয়াও যথেষ্ঠ পৰিমাণে সংকীৰ্ণ মানসিকতাৰ লোকৰ দ্বাৰা পৰিচালিত হৈ আছে। এই সমাজ ব্যৱস্থাত বিপৰীত লিংগৰ ব্যক্তিৰ মাজত হোৱা পবিত্ৰ বন্ধুত্বৰ সম্পৰ্কও সন্দেহৰ কু-দৃষ্টিৰ পৰা মুক্ত হ'বলৈ সক্ষম নহয়। ভিন্ন শাৰিৰীক অৱয়ৱ হোৱা হেতুকেই এই ধাৰণা সৃষ্টি হৈছে।
প্ৰায়েই নাৰী পুৰুষৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক পিছলৈ ভালপোৱাৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। এই কবিতাটোত বক্তাই প্ৰেমৰ সম্পৰ্ক বিচৰা নাই। বক্তাৰ প্ৰেমৰ সম্পৰ্কৰ ওপৰত আস্থাও নাই-
"ভালপোৱাই আপোনজনক পাহৰাই
নিজকো পাহৰায়।
যেতিয়া মোহভংগ হয়
আপাততঃ সব শূন্য হৈ পৰে।"
বক্তাই বিশ্বাস কৰে বন্ধুত্বৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কতকৈও ঊৰ্দ্ধত। ই লিংগ বৈষম্যৰও ঊৰ্দ্ধত-
"কিয়নো ই লিঙ্গবৈষম্যৰ উৰ্ধত।
অধিকাৰৰ নামত কৰা দাবীৰ উৰ্ধত।"
বক্তাই বিচাৰিছে এজন প্ৰকৃত পুৰুষ বন্ধু। এজন বন্ধু যিয়ে এজনী নাৰীক নাৰীৰ প্ৰকৃত মৰ্যাদা প্ৰদান কৰি বন্ধুত্বৰ এনাজৰী মজবুত কৰিব পাৰে-
"মোৰ এই অনুভৱক অনুভৱ কৰা,
‘মই’জনীক চিনি পোৱা,
মোক ফাঁকি নিদিয়া ,
বন্ধু এজন লাগে ।
এই বন্ধুত্ব চৰ্তহীন,
নৈতিকতাৰ তুলাচনী বিহীন।"
কবিমনে এগৰাকী নাৰীৰ জীৱনত প্ৰকৃত পুৰুষ বন্ধু এজনৰ মূল্য কিমান তাকেই তুলি ধৰাৰ প্ৰয়াস কৰিছে। সহজ বিষয়বস্তুৰ ওপৰত আধাৰিত কবিতাটোৰ আবেদন বৃদ্ধি কৰিছে সহজ শব্দবিন্যাসে।
কবিতাটোত অলংকাৰৰ প্ৰাচুৰ্যতা নাই যদিও, কবিতাটোৰ আকৰ্ষণ বিঘ্নিত কৰা নাই।
ধন্যবাদ
পৰ্যালোচক- ৰাজীৱ ডেকা
সদস্য, আখৰুৱা : literati
১৩ ছেপ্তেম্বৰ, ২০১৬

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা: পুনৰীক্ষণ - (৩৯) : ৮ - ১৫ আগষ্ট, ২০১৬ / দ্বিতীয় খণ্ড পৰ্যালোচক- নিৰুপমা ডেকা

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ - (৩৯) : ৮ - ১৫ আগষ্ট, ২০১৬ / দ্বিতীয় খণ্ড
পৰ্যালোচক- নিৰুপমা ডেকা
আগষ্ট মাহৰ ৮ তাৰিখৰ পৰা ১৫ তাৰিখলৈ আখৰুৱাৰ কবিতা সমূহৰ পৰা মই আজি আলোচনাৰ বাবে লোৱা কবিতা কেইটা হল ----
১) স্বাধীনতা দিৱসৰ গান ~ চিদ্দিকুৰ ৰহমান
২) তুমি শিল হোৱা বাবেই ~ কবিতা ডি ৰেণু
৩)পৰিভ্ৰমণ~ নিৰু দত্ত
৪) চিঞৰ ~ চন্দ্ৰামিতা পৰাশৰ
কিছুমান উদভ্ৰান্ত সপোনৰ সহচৰ হয় বাবে কবি সকলে আন মানুহৰ চিন্তা আৰু কল্পনা বিলাসিতাৰ উৰ্দ্ধত গৈ অনন্য ধৰণে নিজৰ চিন্তাক প্ৰকাশ কৰাৰ কৌশল আয়ত্ব কৰি স্বাভাৱিকতে কবি আখ্যা পায়। কাৰণ জোনাকত নাও মেলি আশাৰ পানচৈৰে উভতনি সোঁততো উধাব পাৰে কেৱল এজন কবিয়েহে।
কবিতাই কেৱল যে উদ্ভট সপোন কঢ়িয়াই এনে নহয়, কবিতাই বুকুত লৈ ফুৰে জীৱনৰ অনুভূতিবোৰৰ অনন্য বিশ্লেষণ। মোৰ আলোচনাৰ প্ৰথম কবিতাটোৰ সৃষ্টিত কবিৰ মনৰ এনে এটা ভাৱেই পৰিস্ফুট হৈ ওলাইছে।
স্বাধীনতা দিৱসৰ গান
~ চিদ্দিকুৰ ৰহমান
আইৰ বুকুত মূৰ থৈ কি স’তে সোধোঁ
কিমান দীঘল স্বাধীনতাৰ গান
(হাতনিপেৰাত সামৰি থোৱা আছে
আঁচুফুল বছা আইৰ ফটা ৰিহা)
কি স’তে সোধোঁ
কিমান গভীৰত তোৰ বুকুৰ বিষটো।
মোৰ আইৰ অসুখ।
কবিতাটো পঢ়ি কবিৰ অনুভৱৰ গভীৰতাৰ আৰু ভাৱ প্ৰকাশৰ ভঙ্গীৰ শলাগ লৈছো। কবিৰ অন্তৰত জননী জন্মভূমিৰ প্ৰতি গভীৰ অনুৰাগেহে এই কবিতাৰ জন্ম দিছে। কবিতাটো বাৰে বাৰে পঢ়িছো, যিমানেই পঢ়িছো সিমানেই গভীৰ হৈছে অনুভৱ। কিমান বেদনা সোমাই আছে ইয়াৰ অন্তৰালত। বৰ্তমান স্বাধীনতাৰ যি বিকলাঙ্গ ৰূপ তেনে পৰিস্থিতিত স্বাধীনতাই কিমান দিনলৈ আইক সুখৰ সুন্দৰ দিন উপহাৰ দিছিল তাত কবিৰ স্পৰ্শকাতৰ মন সন্দিহান হৈ পৰিছে। যি স্বাধীনতা ইতিহাসৰ বুকুত বহু জননীৰ ত্যাগেৰে লিখা, স্বামী হাৰা, সন্তান হাৰা হৈ শূন্য উকা জীৱন বাছি লোৱাৰ বাবেও দুখী নোহোৱাৰ অভিনয়েৰে ভৰা, তেনে ত্যাগৰ বিনিময়ত আজি স্বাধীনতাই কি দিছে জনসাধাৰণক। ”
হাতনিপেৰাত.............বুটা বছা ফটা ৰিহা”ই কবিতাটোক এটা অনন্য মাত্ৰা প্ৰদান কৰিছে। মোৰ বোধেৰে ই কবিতাটোৰ এটা সবল বাক্য, যিয়ে কবিতাটোৰ মূল বিষয়টোৰ ওপৰত সম্পূৰ্ণ আলোকপাত কৰি পঢ়ুৱৈক বুজাবলৈ সমৰ্থ হৈছে যে-নিজৰ আশা আকাংক্ষাক জলাঞ্জলি দি, সপোনৰ দ্বাৰ ৰুদ্ধ কৰি যি স্বাধীনতা পালে সি ফটা ৰিহা খনৰ দৰেই মাত্ৰ, অৰ্থহীন। স্বাধীনতাৰে জীৱন পোহৰাব খোজা দেশ মাতৃৰ বুকু আজি হত্যা, সন্ত্ৰাস, লুণ্ঠন, দুৰ্নীতি, আকাল, ভাতৃঘাতী আন্দোলনে এন্ধাৰ কৰি পেলাইছে। কবিৰ দৰদী মনে সেয়ে অসহায় হৈ পৰি লিখিছে- "কি সতে সোধোঁ কিমান গভীৰ তোৰ বুকুৰ বিষটো.....মোৰ আইৰ অসুখ।"
একেবাৰে কম কথাৰে এটা মননশীল কবিতা পঢ়িবলৈ পালোঁ যেন,ই মোৰ মনৰ অনুভৱ।
*************************************
পুনৰীক্ষণৰ এইটো খণ্ডৰ বাবে বাছনি কৰা দ্বিতীয় কবিতাটো পঠনৰ বাবে আগবঢ়ালোঁ।
তুমি শিল হোৱাৰ বাবেই
~ কবিতা ডি ৰেণু
তুমি শিল হোৱা বাবেই
মই নৈ হ'লো
যি নৈত বৈ থাকে অনাবিল প্ৰেমৰ ঢৌ
আৰু তোমাৰ প্ৰেমৰ শৈল সমাধি
তুমি শিল হোৱাৰ বাবেই
মই তুলসী হ'লোঁ
গণ্ডকীৰ বহল বক্ষত তোমাৰ মোৰ অভিসম্পাত
শতায়ু কাল
তুমিযে মোৰ প্ৰাণৰ শালগ্ৰাম
তুমি শিল হোৱা বাবেই
মই নিজৰা হ'লোঁ
এখন হৃদয়ৰ পৰা অনেক হৃদয় বিচাৰি
মই বাউলী হ'লোঁ
কোমলতাৰ আস্বাদনেৰে মই
সেই নিজৰাৰ দাপোণত
পূৰ্ণিমাৰ জোন হৈ নিজক বিচাৰিলোঁ
কিন্তু সকলোতে মাথো তোমাকেই পালো ----
তুমিযে শিল হৈ বহি আছা
মোৰ হৃদয়ৰ মজিয়াত
কোটি জনমৰ প্ৰেমৰ প্ৰতীক হৈ----
এই কবিতাটোত প্ৰেম নোপোৱাৰ ক্ষোভ বা প্ৰতিবাদৰ উগ্ৰতা একেবাৰে নাই, আছে নিঃশব্দ হতাশাৰ প্ৰতিধ্বনি। কবিতাটোৰ সৃষ্টিত এটা অন্তৰ্জীৱন সোমাই আছে। কবিয়ে প্ৰেমৰ অনুভৱত নিজৰ অন্তৰৰ মাজত খেলা কৰা ভাৱানুভূতিবোৰৰ সহায়ত এটা সুকীয়া কাব্যিক শব্দ-শিল্পৰ সৃষ্টি কৰিছে। গোটেই কবিতাটো বেলেগ বেলেগ চিত্ৰকল্পেৰে নিৰ্মাণ হৈছে যদিও প্ৰতিটো চিত্ৰকল্পই কবিৰ মনৰ প্ৰেমানুভূতিক প্ৰৱলৰ পৰা প্ৰৱলতম গতিময়তা প্ৰদান কৰিছে।
চিত্ৰকল্পই পাঠকৰ মনত যিটো বস্তুৰ তৃপ্তি প্ৰদান কৰি যায়, সেয়া হ’ল এক অতিকথা আস্বাদন। কবিয়ে ভাষাৰ সহায়ত যি কবিতা ৰচনা কৰে বিভিন্ন দিশৰ পৰা চালে এনে লাগে বহু বিক্ষিপ্ত অভিজ্ঞতা স্বপ্নবিশেষলৈ ৰূপান্তৰিত হৈ পৰাৰ ফলতহে মনত চিত্ৰকল্পৰ গঢ় লয় আৰু শব্দ-শিল্পৰ সঠিক প্ৰয়োগেৰে পাঠকৰ অন্তৰ স্পৰ্শ কৰাকৈ তুলি ধৰা হয় কাব্যিকতাৰে।
কবিয়ে শিল শব্দটোক প্ৰতীক হিচাপে লৈ পাষাণ হৃদয়ৰ প্ৰেমিক এজনৰ চিত্ৰ অংকিত কৰিছে। সেই শিলাময় হৃদয়ক তেওঁৰ প্ৰেমৰ নৈ খনত ডুবাই ৰাখিবলৈ চেষ্টা কৰি কবিয়ে কৈছে--
“তুমি শিল হোৱা বাবেই
মই নৈ হ’লো
যি নৈত বৈ থাকে অনাবিল প্ৰেমৰ ঢৌ
আৰু তোমাৰ প্ৰেমৰ শৈল সমাধি”
ইয়াৰ পিছতেই কবিয়ে নিজকে অভিশপ্ত তুলসীৰ লগত তুলনা কৰি কৈছে—
“তুমি শিল হোৱা বাবেই
মই তুলসী হ’লো
গণ্ডকীৰ বহল বক্ষত তোমাৰ মোৰ
অভিশম্পাত(অভিসম্পাত)
শতায়ু কাল
তুমি যে মোৰ প্ৰাণৰ শালগ্ৰাম”
পৌৰাণিক আখ্যান অনুযায়ী তুলসী হ'ল বিষ্ণু ভাৰ্য্যা লক্ষ্মী। মৰতত তুলসী হৈ জন্ম লৈ বিষ্ণুৰ দ্বাৰাই প্ৰতাৰিত হয় আৰু নিজকে গণ্ডকী নৈত বিসৰ্জন দিয়াৰ পিছত তেওঁৰ চুলিৰ পৰা তুলসী পাতৰ সৃষ্টি হয় আৰু বিষ্ণুৰ পূজাত অপৰিহাৰ্য্য হৈ থাকে। লোকবিশ্বাস মতে গণ্ডকী নদীৰ শিলত ভগৱান বিষ্ণুৰ চক্ৰ অঁকা থাকে। সেয়ে ইয়াক মন্দিৰৰ শালগ্ৰাম ৰূপে প্ৰতিষ্ঠা কৰে। কবিয়ে তেওঁৰ প্ৰেমিকক পূজনীয় কৰি ৰাখিছে অন্তৰত। প্ৰেম বিচাৰি চলাথ কৰিও কবিয়ে ক'তো নাপালে, বহু হৃদয়ত নিজকে চাবলৈ খুজিও কেৱল প্ৰেমিকৰ প্ৰতিচ্ছবিহে পালে। অৱশেষত কবিৰ উপলব্ধি হ'ল তেওঁৰ সত্তা তেওঁৰ প্ৰেমিকৰ সৈতে বিলীন হৈ গৈছে, যাক আৰু ঘূৰাই পাব নোৱাৰি। সেয়ে কবিয়ে কৈছে—
“তুমি শিল হোৱা বাবেই মই
নিজৰা হ’লো
এখন হৃদয়ৰ পৰা অনেক হৃদয় বিচাৰি
মই বাউলী হ’লো
কোমলতাৰ আস্বাদনেৰে মই
সেই নিজৰাৰ দাপোনত
পূৰ্ণিমাৰ জোন হৈ নিজক বিচাৰিলো
কিন্তু সকলোতে মাথো তোমাকেই পালো
তুমি যে শিল হৈ বহি আছা
মোৰ হৃদয়ৰ মজিয়াত
কোটি জনমৰ প্ৰেমৰ প্ৰতীক হৈ........”
কবিতাটোত প্ৰতীকী শব্দ ‘শিল’ৰ উপস্থাপন আৰু পৰিচালন খুব নিয়ন্ত্ৰিত আৰু অৰ্থবহ হৈছে। এই শিল শব্দটোক বিভিন্ন শব্দৰ সমাহাৰেৰে অৰ্থৰ ভিন্নতা প্ৰদান কৰি কবিতাটোৰ চিত্ৰকল্প প্ৰস্তুত কৰিছে। “তুমি শিল হোৱা বাবেই” শিৰোনামটো যদিও একাধিক বাৰ প্ৰয়োগ হৈছে, তথাপি ই কবিতাৰ ৰসাস্বাদনত ব্যাঘাত জন্মোৱা নাই।
**************************
পৰিভ্ৰমণ
~ নীৰু দত্ত
এজাক কিশোৰৰ সপোন গজে
আমাৰ পঢ়াশালিৰ কোঠাৰ ভিতৰত
মই পৰমাণুৰ গঠন পঢ়োৱাওঁ
নিউক্লিয়াচৰ চৌপাশে ইলেকট্ৰনবোৰ ঘূৰে
যিদৰে ঘূৰে সূৰ্যৰ চৌপাশে গ্ৰহ উপগ্ৰহ
মোৰ কথাকে কেন্দ্ৰ কৰি
সিহঁতৰ কল্পনাই পাখি মেলে
এডাল পৰিধিৰে সীমিত সেই পৰিভ্ৰমণ।
মোৰ পৰিভ্ৰমণ আৱহমান কালৰে পৰা
অনুজ্বল অথচ দীপ্ত সূৰুযৰ চৌপাশে
মা নামৰ জ্যোতিষ্ক যি
অথচ নিজে অস্তিত্ববিহীন
দেউতাৰ স্থিতি অবিহনে।
আধুনিক কবিতা বুলিয়েই নহয়, আগৰ বহু কবিতাতো কবিতাটোৰ চিত্ৰধৰ্মীতা অলংকাৰৰ সৈতে মিলি পাঠকৰ মনত প্ৰৱেশ কৰে। ফলত কবিতাৰ সৈতে একাত্ম হোৱাত ই সহায় কৰে। বিশেষকৈ আধুনিক পাশ্চাত্যৰ নৱ সমালোচনা পদ্ধতিয়ে চিত্ৰকল্পক ইমান গুৰুত্ব দিছে যে- সিয়েই তেওঁলোকৰ কাৰণে কবিতাৰ মৌলিক উপাদান, কবিতাৰ অন্তৰ্গত সত্য আৰু অৰ্থ, কবিতাৰ গঠন প্ৰণালী আৰু প্ৰভাৱৰ সূত্ৰ স্বৰূপ হৈ পৰিছে। চিত্ৰকল্পৰ খেও ধৰিয়েই আধুনিক কবিৰ আংগিক, চিত্ৰ আৰু কবিতাৰ প্ৰকৃতি অনুধাৱন কৰিব পাৰি।
পৰিভ্ৰমণ কবিতাটোৰ চিত্ৰকল্পৰ কিছু জটিল আৰু সমানেই মনোগ্ৰাহী কৰি আঁকিছে কবি নীৰু দত্তই। কবিয়ে ‘মা’ ৰ অস্তিত্বক খুব অৰ্থবহুল কৰিবলৈ কিছুমান বৈজ্ঞানিক সত্যক উপমা হিচাবে প্ৰয়োগ কৰি সুন্দৰ অলংকৰণ কৰাৰ প্ৰয়াস কৰিছে। যেনে –
“এজাক কিশোৰৰ সপোন গজে
আমাৰ পঢ়াশালীৰ কোঠাৰ ভিতৰত
মই পৰমাণুৰ গঠন পঢ়ুৱাওঁ
নিউক্লিয়াচৰ চৌপাশে ইলেক্ট্ৰণবোৰ ঘূৰে
যিদৰে ঘূৰে সূৰ্যৰ চৌপাশে গ্ৰহ উপগ্ৰহ”
আমাৰ পঢ়াশালি বুলি কওঁতেই কবিয়ে সমস্ত মাতৃ জাতিটোক এখন পঢ়াশালিৰ লগত তুলনা কৰিছে, য’ত এজাক কিশোৰ মাতৃগৰ্ভৰ বাটেৰে পৃথিৱীত খোজ থৈ জীৱন পথত আগবাঢ়ে। যিদৰে এটা পৰমাণু গঠনৰ বাবে নিউক্লিয়াচৰ চৌপাশে ইলেক্ট্ৰণ বোৰ ঘূৰে ঠিক সেইদৰে এটি সন্তানো সম্পূৰ্ণ মানুহ হ’বলৈ মাতৃৰ চৌপাশে পৰিভ্ৰমিহে জীৱন পাঠ শিকে, বুজে আৰু নিজক গঢ়ে। কবিয়ে আকৌ কৈছে-
“মোৰ কথাকে কেন্দ্ৰ কৰি
সিহঁতৰ কল্পনাই পাখি মেলে
এডাল পৰিধিৰে সীমিত সেই পৰিভ্ৰমণ
মোৰ পৰিভ্ৰমণ আৱহমান কালৰে পৰা
অনুজ্বল অথচ দীপ্ত সূৰুযৰ চৌপাশে
মা নামৰ জ্যোতিষ্ক যি
অথচ নিজে অস্তিত্ববিহীন
দেউতাৰ স্থিতি অবিহনে ।“
মাতৃয়ে দিয়া প্ৰাথমিক শিক্ষাৰেই সিহঁতে জীৱনৰ পৰিধি বান্ধে । যদিও এই পৰিধি সীমিত তথাপি ই পৃথিৱীৰ অচিন বাটত খোজ থোৱাৰ বাবে যথেষ্ট । লোকচক্ষুত হয়তো এই পৰিভ্ৰমণ অনুজ্বল,চকুত নপৰা,কিন্তু বাস্তৱিকতে ই হ’ল ‘মা’ নামৰ জ্যোতিষ্ক যি আৱহমান কালৰ পৰাই দেউতা নামৰ সূৰ্যটোৰ আলোকতহে জিলিকি উঠে । অন্যথা ইয়াৰ নিজৰ অস্তিত্ব অনস্বীকাৰ্য আৰু সংকতময় সমাজত । কবিতাটো নিৰ্মাণ অতি নিপুণ হৈছে বুলি কলে ভুল নহব চাগে । ইয়াৰ চিত্ৰকল্প সঁচাকৈয়ে অতি আকৰ্ষণীয় হৈছে ।
***************************
কবিৰ কোনো দেশ নাই, কবিৰ কোনো ধৰ্ম নাই, কবিৰ কোনো জাতি নাই- দৰাচলতে কবিপ্ৰাণ ভৰি থাকে মানৱতাৰ ভাবেৰে। প্ৰতিজন মানুহ কবিৰ হৃদয়ৰ নিচেই আপোন। এই কথাখিনি পুনৰবাৰ অনুভৱ কৰিলোঁ কবি চন্দ্ৰামিতা পৰাশৰৰ কবিতা 'চিঞৰ' পঢ়ি।
চিঞৰ
~ চন্দ্ৰামিতা পৰাশৰ
ভোকাতুৰ প্ৰাণীৰ দৰে অস্থিৰ হওঁ
কিবা এটা লাগে
অইন নহ'লেও
এবাতি শান্তি
এচকল মৰম
আচলতে....
জন্মলগ্নৰ ভুল সকলোবোৰ
জাতিত আমিও মানুহ
মাতৃভূমিৰ ভগ্নাংশত
আমিও কান্দিছোঁ হিয়া ফালি
অথচ
কোৰাণৰ দোহায় দি
আমাক পিন্ধোৱা হয়
বদনামী পোচাক
ইচলামৰ গোন্ধত পাপ
ইয়াতকৈ নীচ কি হ’ব পাৰে
তেওঁলোকে ভাবে
আমি জেহাদৰ অন্য নাম!
ভোকাতুৰ প্ৰাণীৰ দৰে চিন্তিত হওঁ
কিবা লাগে
বিশ্ব শান্তি
অথবা
অনন্তকালৰ বাবে প্ৰকৃত জেহাদীৰ প্ৰতিষ্ঠা।।
কবিতাটোৰ ভাব আৰু ভাষা একেবাৰে স্পষ্ট। জটিলতাহীন আৰু নিৰ্ভীক প্ৰকাশ কিছু ৰুঢ় বাস্তৱৰ। এটা জাতিৰ পৰিচয়েৰে এজন মানুহ পৰিচিত হ’ব পাৰে নতুবা এটা ধৰ্মৰ পৰিচয়েৰে এজন মানুহ সমাজত পৰিচিত হ’ব পাৰে, কোনো এজন বা এশজন মানুহৰ বেয়া কৰ্মই সমগ্ৰ জাতীয় সত্তাক কলুষিত কৰিব পাৰে ধৰ্মক বদনাম কৰিব পাৰে, কিন্তু ইয়াৰ অৰ্থ এয়া হ’ব নালাগে যে আমি ধৰি ল’ম সমস্ত জাতিটোৰ বা ধৰ্মটোৰ লোক একেই। কবি পৰাশৰে বৰ্তমান সময়ৰ এটা জ্বলন্ত সমস্যা- জেহাদী আৰু ইয়াৰ বাবে দুৰ্ভোগ ভোগা সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে সহমৰ্মিতাৰে এই কবিতাটোৰ জন্ম দিছে। সৰ্বসাধাৰণৰ দৃষ্টিত জেহাদী হৈ পৰা ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মনৰ ক্ষোভ কবিৰ কবিতাটোত ওলাই পৰিছে। নিজকে দেশৰ সৎ নাগৰিক বুলি প্ৰতিপন্ন কৰাৰ হাজাৰ চেষ্টাক বিফল কৰা বিপৰীত শক্তি সমূহৰ হাতত পৰাজিত হৈ পৰাৰ অনুভৱক তীব্ৰ কৰি কবিয়ে লিখিছে–
“ভোকাতুৰ প্ৰাণীৰ দৰে অস্থিৰ হওঁ
কিবা এটা লাগে
অইন নহলেও
এবাতি শান্তি
এচকল মৰম
আচলতে....
জন্মলগ্নৰ ভুল সকলোবোৰ
জাতিত আমিও মানুহ
মাতৃভূমিৰ ভগ্নাংশত
আমিও কান্দিছোঁ হিয়া ফালি
অথচ
কোৰাণৰ দোহায় দি
আমাক পিন্ধোৱা হয়
বদনামী পোছাক”
নিজক প্ৰতিপন্ন কৰাৰ চেষ্টাক কবিয়ে ভোকাতুৰৰ ভোক নিবাৰণৰ চেষ্টাৰ লগত তুলনা কৰিছে। এবাতি শান্তি, এচকল মৰমৰ আবেদনে তেওঁলোকৰ যান্ত্ৰণা কাতৰতাক আৰু বেছি গধুৰ কৰি দেখাইছে। দেশৰ প্ৰতি সকলো আনুগত্য দেখাই দেশমাতৃক পৰম পূজনীয় বুলি মানি চলা সকলকো অকল ধৰ্মৰ দোহাই দি যেতিয়া জেহাদী সজোৱা হয়, তেতিয়া কবি হৃদয় ব্যথিত হয়। সেয়ে বাৰে বাৰে কবিয়ে অনুভৱ কৰিছে কিবা এটা লাগে, বিশ্ব শান্তি অথবা অনন্তকাললৈ প্ৰকৃত জেহাদ।
“ইছলামৰ গোন্ধত পাপ
ইয়াতকৈ নীচ কি হ’ব পাৰে
তেওঁলোকে ভাবে
আমি জেহাদৰ অন্য নাম
ভোকাতুৰ প্ৰাণীৰ দৰে চিন্তিত হওঁ
কিবা লাগে
বিশ্ব শান্তি
অথবা
অনন্তকালৰ বাবে প্ৰকৃত জেহাদীৰ প্ৰতিষ্ঠা”
শেষৰ শাৰী কেইটাত কবিয়ে ক্ষোভ প্ৰকাশ কৰি নিজক উজাৰি কৈছে এনেদৰে। মানৱতাৰ কলংকিত অধ্যায়ৰ পৰিসমাপ্তি বিচাৰি কবিয়ে কবিতাটোৰ শেষ শাৰী শ্লেষ মিহলি কৰি ক্ষোভেৰে বিচাৰিছে– অনন্তকালৰ বাবে প্ৰকৃত জেহাদীৰ প্ৰতিষ্ঠা। এটা IRONY অথবা বক্ৰাঘাত অলংকাৰেৰে কবিতাটোৰ পৰিসমাপ্তিয়ে পঢ়ুৱৈক ভবাই তুলিবলৈ কবিয়ে বাধ্য কৰাব পাৰিছে।
*************************************
সদৌশেষত প্ৰতিজন কবিৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে আগন্তুক দিনবোৰত ইয়াতকৈও উৎকৃষ্ট সৃষ্টি পাম বুলি মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্ঠাৰ সামৰণি মাৰিলো । যিহেতু আমি কবিতাৰ সুদক্ষ আলোচক নহয়,ক্ৰটি ৰৈ যোৱাটো অতি স্বাভাৱিক । গতিকে সকলো ভুল ক্ৰটিৰ ক্ষমা প্ৰাৰ্থনাৰে ----
পৰ্যালোচক:
নিৰুপমা ডেকা
সদস্য, আখৰুৱা : literati

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ (৩৯) তৃতীয় খণ্ড / ১৬ - ২৩ আগষ্ট, ২০১৬ পৰ্যালোচক- অনুৰাগ কাশ্যপ

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৩৯) তৃতীয় খণ্ড / ১৬ - ২৩ আগষ্ট, ২০১৬
পৰ্যালোচক- অনুৰাগ কাশ্যপ
সাহিত্যৰ আটাইতকৈ জটিল ভাগটোৱেই হ'ল সমালোচনা সাহিত্য৷ অন্যহাতে কবিতা সাহিত্যৰ পথাৰৰ মৰীচিকা৷ ভাৱ আৰু শব্দৰ পম খেদি বহুযোজন বাট৷ কবিয়ে শব্দেৰে ৰচে মায়াজাল৷ বোধ্য আৰু দুৰ্বোধ্যতাৰ মাজেৰে নিগৰি সৰকি অহা ভাৱৰ বুৰবুৰনিয়ে যেতিয়া হৃদয়ত তোলপাৰ লগায়, তেতিয়া কবিতা হৈ পৰে জীৱন৷ কবিয়ে শব্দেৰে যেতিয়া হেজাৰ হৃদয়ৰ মাজেৰে পোনায়, তেতিয়া কবিতা হৈ পৰে বুকুৰ আপোন৷কবিৰ বুকুত যেতিয়া শব্দবোৰ এডৰা দুডৰাকৈ গজি উঠে তেতিয়া কবিয়ে কবিতাৰ প্ৰসৱবেদনাত নিচিঞৰিব পাৰে, কিন্তু কবিয়ে বুকুৰ উমত জীয়াই তোলে হেজাৰ বুকুৰ দুখ৷ কবিয়ে শব্দেৰে সাজে সমন্বয়ৰ সাঁকো৷ কবি জী উঠে ভাৱনাত৷ সেই কবিৰ বুকুৱেদি বগাই গৈ তেওঁৰ হেপাহ সঁৰি গাঁজ মেলা শব্দৰ ৰসোদ্ধাৰ ইমান উজু বিষয় নহয়৷ মুষলধাৰ শাওন সৰি শেষ হোৱাৰ পিচত চালৰ খৰিকাইদি টপ-টপকৈ সৰি পৰে এটা এটা টোপাল৷ তেনেদৰেই কবিৰ অৱচেতন মনত হেজাৰ ধুমুহাই তচনচ কৰা অনুভৱ সৰে শব্দ হৈ কবিতাত৷ সেই শব্দৰ সোপান বগাই কবিৰ হৃদয়লৈ বাট নহয় ইমান সুগম৷ আমি যে শব্দৰ প্ৰেমিক৷ আমাৰ এই মৰসাহ, কবিৰ শব্দক বাখ্যাৰে মুকলি কৰিম৷ লোৰ পিঞ্জৰা খুলি মুক্ত কৰি দিম শব্দৰ চুনামি৷ অজ্ঞতাই ৰোধ কৰিব আমাৰ ভাষাৰ দুনীয়া৷ কলম লৈ আমি থমকি ৰম৷ কবিৰ শব্দৰ মাজেৰে একাঁ-বেকাঁ খোজ দিম৷ লুটি খাই পৰিম তাতে৷ তথাপি নাহাঁহিব আমাক৷ ন-শিকাৰুৰ ন প্ৰয়াস৷ ভুল অৱশ্যাম্ভাবী৷ আমি প্ৰয়াস কৰিম মাথো৷ মাথো বৃথা প্ৰয়াস ভাষাৰে শব্দৰ মায়াজাল ফালি কবি মনত এভুমুকি মৰাৰ৷ এয়া ক্ষমা প্ৰাৰ্থনা সুধীজনৰ ওচৰত৷
আমি পৰ্যালোচনাৰ বাবে বাছনি কৰা কবি আৰু কবিতাৰ নামসমূহ তলত উল্লেখ কৰিলোঁ-
১) দিনবোৰ অসুখত ভুগিছে--দেবিকা দত্ত
২) জোনাক গলা নিশা-- অঞ্জলি গগৈ বৰগোহাঞি
৩) ফুটচাইৰঙী গধুলি-- নীলাক্ষী গোস্বামী
১) আমাৰ আলোচনাৰ প্ৰথমটো কবিতা,
দিনবোৰ অসুখত ভুগিছে
~ দেবিকা দত্ত
দিনবোৰ অসুখত ভুগিছে
জুপুকা মাৰি
ঘড়ীৰ কাঁটাৰ
টিক-টিক শুনি ৰয়
ইচ্ছা নোহোৱাকৈয়ে
আমি মুখামুখি হওঁ
প্ৰেমহীনতাৰে
কুশলবাৰ্তাৰ
নিয়মমাফিক
আদান-প্ৰদান
বেপৰোৱা হৈ
আপুনি আৰু মই
ৰেষ্টুৰাঁ অথবা পাৰ্কত
বহিব পাৰোঁ
চুই চাব পাৰোঁ
ইজনে সিজনৰ হাত
কেৱল মাজে মাজে
বুকুখনলৈ কাণ উনাৰ
উঠানমাবোৰ
অস্বাভাবিক ধৰনে
কোনোপধ্যেই
বাঢ়িবলৈ নিদিব
বাঢ়ি অহা মানেই
বুকুৰ বিষ
একাপ কফিৰ লগত
এটা পেষ্ট্ৰিত
লগপোৱাৰ পৰিসীমা
থিক কৰি লোৱা হয়
ঠিক এইখিনিৰ পিচতেই
এৰা-এৰিৰ আলিবাটটো
আগুৱাই আহে
ঠিক ইয়াৰ পিচতেই
প্ৰেমহীন সহবাসৰ বিৰক্তিত
সপোনবোৰ নিদ্ৰাহীন
হৈ থাকে
প্ৰতিটো ৰাতি
অসুখত ভুগিছে দিনবোৰ৷
এটা সুন্দৰ কবিতা৷ কবিৰ শব্দৰ প্ৰয়োগ আৰু তাৰ মাজেৰেই কবিৰ ভাৱ প্ৰকাশ শৈলী মন কৰিবলগীয়া৷ কবিয়ে এই কবিতাত সুন্দৰকৈ এখন ছবি আঁকিছে৷ অন্যহাতে শব্দৰ মায়াজালেৰে কিছু পৰিমাণে তাক দুৰ্বোধ্য কৰিও ৰাখিছে৷ সময়ৰ সোঁতত দিনবোৰ ক্ৰমে অসুখীয়া হৈ পৰিছে৷ কবিৰ মূল উদ্দেশ্য এয়া৷ কবিয়ে অন্যফালে এখন প্ৰেমৰ ছবি আঁকিছে, বৰ্তমান সময়ৰ৷ কিদৰে প্ৰেম দেহজ আকৰ্ষণলৈ পৰ্যৱসিত হৈছে, সেয়া কবিয়ে সুন্দৰকৈ দেখুৱাইছে৷ কবিৰ সাৰ্থকতা সেইখিনিতেই৷ অন্যহাতে শব্দৰ মিতব্যয়িতাৰ নামত কবিয়ে শব্দ প্ৰয়োগত কৃপনালি কৰা যেন বোধ হয় কবিতাটোত৷ কবিয়ে মানসিকতাৰ পৰিবৰ্তনৰ এখন সুন্দৰ চিত্ৰ ডাঙি ধৰিছে৷ কবিতাটোৰ কিছু শাৰী বৰ সুন্দৰ যেনে--
”ইচ্ছা নোহোৱাকৈয়ে
আমি মুখামুখি হওঁ
প্ৰেমহীনতাৰে৷”
হয় এয়াই বাস্তৱ, আমি ইচ্ছা নোহোৱাকৈয়ে প্ৰেমহীনতাৰে মুখামুখি হওঁ৷ এইখিনিতেই মন কৰিবলগীয়া যে- প্ৰেমহীনতাৰে শব্দটোৰ প্ৰয়োজন, ইচ্ছা নোহোৱাকৈয়ে শব্দটোৱে লাঘৱ কৰে৷ ইচ্ছাৰ বিৰূদ্ধে হ'লে সেয়া প্ৰেমহীনতা হ'বই৷ ”বুকুৰ বিষ৷” দুটা শব্দই যেন কৈ গ'ল পৃথিবীৰ সমস্ত বিষাদৰ কথা৷ যান্ত্ৰিক দুনীয়াৰ অনুভৱৰ পৃথিৱীৰ কথা৷ শেষত ক'ব পাৰি যে কবিৰ নিপুণ শব্দ-শিল্পৰ এক সুন্দৰ নিদৰ্শন এই কবিতাটো৷
২) এই পুনৰীক্ষণৰ দ্বিতীয়টো কবিতা-
জোনাক গলা নিশা
~ অঞ্জলি গগৈ বৰগোহাঞি
জোনাক আজি থোপা-থোপে গ’লিছে
গভীৰ নিশাটো সাৱটি
বুকুত বাজিছে বাঁহীৰ সূৰ
দিখৌৱেদি উজাই আহিল
মোৰ যোৱনীয়া অসুখ
অ' মইনামতী আছেনে সাঁৰে
তোৰ ৰিহাৰ আঁচলত বান্ধি থোৱা
এটি আলসুৱা কলিজাৰ ধপ-ধপ
মোক দেখোন জানই তই
আঁজলি ভৰাই দিয়া
স্নিগ্ধ শেৱালিৰ সুবাস বুলি
তথাপিও
তথাপিও
অ' মইনামতী মই বিচাৰো
নীলাকাশৰ জোনটো
মোৰ সুবাসৰ মতলীয়া প্ৰেমিক হ’তক
নিশাৰ দূবৰিৰ বুকুত
জোন আৰু শেৱালিৰ সুবাসৰ
এটি মাথোন স্বাক্ষৰ
অনন্তকাললৈ যুগমীয়া হৈ যাওঁক
মইনামতী অ' মইনামতী
চাচোন আকাশলৈ
আজিয়ে জোনাক গলা মায়াময় ৰাতি৷
কবিৰ কবিত্ব অনস্বীকাৰ্য যদিও কবিতাটো যথেষ্ট জটিল কবিতা৷ দুৰ্বোধ্যতা যেন আধুনিক কবিতাৰ অন্য এক বৈশিষ্ট হৈ পৰিছে৷ পাঠকে ৰসোদ্ধাৰ কাৰ্যত এতিয়া কষ্ট কৰিব লাগে৷ ভোকৰ কথা ক'বলৈ আধুনিক কবিতাই শোকৰ গিলিপ গুচাই চাই- পেটৰ কৰমৰনি৷ কবিতাটোত চিত্ৰকল্পসমূহ বৰ সুন্দৰ৷ ”থোপা-থোপে জোনাক গলিছে” কাব্যাংশত এনে লাগে যেন শুকুলা জোনাকে পুতি পেলাইছেহি ৰূপোৱালী ধৰণী৷ প্ৰতিটো শাৰীতেই যেন এক অদম্য বাসনা কবিৰ জোনাকেৰে একাত্ম হোৱাৰ৷ কবিয়ে মইনামতীৰ ৰিহাৰ আঁচলত যেন লুকুৱাই থৈছে নিজৰ অনুভৱী কলিজাটো৷ যিটোৰ ধপ-ধপ কবিয়ে কৌমুদীসিক্ত হৈ যেন স্পষ্টকৈ শুনিছে৷ কবিয়ে কল্পনা কৰিছে জোনাক আৰু শেৱালীৰ প্ৰেমৰ এক অস্পষ্ট ছবি৷ কোমলতকৈও কোমল নিয়ৰ যেন জোনাক আৰু শেৱালীৰ প্ৰেমৰ এক শিলালিপিৰ স্বাক্ষৰ৷ সৰ্বাতোপ্ৰকাৰে কবি সফল৷ কবিৰ জোনাক প্ৰীতিয়ে পাঠকক যেন লৈ গৈছে জোনাকৰ দেশলৈ৷
৩) এইবাৰৰ আলোচনাৰ তৃতীয়টো কবিতা-
ফুটছাইৰঙী গধুলি
~ নীলাক্ষী গোস্বামী
নামহীন বাটেদি দ্বিধাহীনভাৱে আহি
গধূলিটো পিৰালিত থমকিছে
চুকটোত ৰৈ আছে আশংকা
অপাৰ কৌতুহলেৰে চাইছে মোলৈ
নিৰ্জনতাৰ কোলাহলত
আকৃতিবোৰৰ স'তে
বিনিময় কৰিছোঁ
সাতামপুৰুষীয়া চেনেহ
শান্ত দৃঢ়তাৰে আঁকিছোঁ
প্ৰেমৰ অপাপ মুখ
শুভ্ৰতাৰ সুগন্ধি
গালে মুখে টোপাল টোপাল মৌন এন্ধাৰ
শূন্যতাৰ শীতল স্পৰ্শ আৰু
আলস্যময় নিসংগতা
সৌৱা ডাৱৰৰ ভৰত আকাশখন
ওফন্দি উঠা মই দেখিছোঁ
হয়টো অলপ পিচতেই এজাক বৰষুণ আহিব
তিয়াবহি মোৰ মাটিৰ মজিয়া
সহজাত ভাবেই
ক্ৰমাত ৰাতিৰ বুকুত ঢলি পৰিব বিচাৰিছে
গহীন গধূলিটো৷
কবিতাটোৰ নামটোত যিটো উপমা আছে সেই উপমাই সেই বিশেষ গধুলিটো স্পষ্টকৈ চকুৰ আগত তুলি ধৰিছে৷ গধুলিটো পিৰালিত ৰৈ যেন কবিলৈ উকা দুহাত তুলি ধৰিছে৷ গধূলিৰ লগে লগে যেন আশংকাই ভৰাই তুলিছে কবিৰ কেঁচা মাটিৰ কুঠৰী৷ কিছু ব্যঞ্জনাই কবিতাটো সুখপাঠ্য কৰি তুলিছে৷ ”নিৰ্জনতাৰ কোলাহল”- ই এটা অপূৰ্ব ব্যঞ্জনা৷ কবিয়ে কল্পনাৰ তুলিকা হাতত লৈ সাতামপুৰুষীয়া চেনেহ বুকুতে লৈ প্ৰেমৰ নিষ্কলংক মুখ অংকন কৰিছে৷ ”শুভ্ৰতাৰ সুগন্ধি”য়ে পাঠকক বহু কথাই কৈ যায়৷ কবিয়ে ইয়াতে শুভ্ৰতাক সকাৰাত্মকভাবে উপস্থাপন কৰা পৰিলক্ষিত হয়৷ সমগ্ৰ কবিতাটোত প্ৰতীকধৰ্মীতাই বিৰাজ কৰিছে৷ ”গালে মুখে-------আলস্যময় নিসংগতা”- যেন এখন সবাক ছায়া-ছবি৷ নিসংগতাই কোঙা কৰা কবি হৃদয়ে নীলকন্ঠৰ দৰে পান কৰিছে নিসংগতাৰ আলস্যময়তা৷ এটা ছাইৰঙী গধূলিত কবি কল্পনাৰ সাগৰত উঁটি যেন আলস্যময় হৈ পৰিছে৷ কবিয়ে নিসংগতাক সামৰি থৈছে বুকুত৷ যেন কবিৰ বিষাদত ডাৱৰবোৰ ওফন্দি উঠিছে (এয়া কবিৰ দুচকুৰ মেঘ হব পাৰে৷) লাহে লাহে যেন নামি আহিব মুষলধাৰে৷ যেন তিয়াই পেলাব কবিৰ মাটিৰ সুৱাস লগা কলিজা৷ কবি যেন উন্মনা হৈ পৰিব কেঁচা মাটিৰ গোন্ধৰ৷ কবিতাটোৰ শেষত আমি দেখো এখন বিষাদৰ ছবি৷ কবিৰ বুকুৰ আপোন গধূলিটো চিৰাচৰিতভাবে ৰাতিৰ বুকুত শুই পৰাত কবি মৰ্মাহত হৈছে৷
আলোচকৰ কিছু নিজস্বঃ-
প্ৰথমেই আটাইৰে ওচৰত অনিচ্ছাকৃত ভুলৰ ক্ষমা বিচাৰিছো৷ কবিতাৰ ভাৱোদ্ধাৰ বা তাৰ ৰস-বিচাৰ আলোচকৰ ক্ষুদ্ৰ মগজুৰ বাবে এক জটিল বিষয়৷ আলোচকে প্ৰতিজন/
প্ৰতিগৰাকী কবিৰ অনুভৱৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈ কবিতাক খুচৰি চাইছে৷ যিদৰে কুকুৰাই জাবৰত পোত গৈ থকা হীৰাৰ মোল নুবুজে, ঠিক তেনেদৰে আলোচকৰ ক্ষুদ্ৰ মগজুই ৰসোদ্ধাৰত আহুকালত পৰি যদি সেই মহামূল্যবান মাণিক গোটাব নোৱাৰি কবিৰ কষ্টৰ ফচল বিনষ্ট কৰিছে, তাৰবাবে আলোচক ক্ষমাপ্ৰাৰ্থী৷ সাহিত্যৰ নৱৰস বিচাৰি হয়তো আলোচকে নিজেই হাস্যৰস হৈ পৰিছে৷ সেই ক্ৰুটি শিশুৰ প্ৰথম খোজৰ দুভৰিৰ কঁপনি বুলি ধৰি ল'লে আলোচক নথৈ সুখী হ'ব৷ শেষত পুনৰবাৰ ক্ষমাপ্ৰাৰ্থনাৰে সামৰিছো৷
পৰ্যালোচক- অনুৰাগ কাশ্যপ
সদস্য, আখৰুৱা : literati
_____________

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ (৩৯) :২৪-৩১ আগষ্ট, চতুৰ্থ খণ্ড ২০১৬,পৰ্যালোচক-পাৰ্থ প্ৰতিম কলিতা

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৩৯) :২৪-৩১ আগষ্ট, চতুৰ্থ খণ্ড ২০১৬
পৰ্যালোচক-পাৰ্থ প্ৰতিম কলিতা
কবিয়ে নিজৰ সমস্ত মন, আত্মা , অনুভৱ এটা কবিতাৰ মাজেৰে প্ৰকাশ কৰে । গতিকে কবিতা হ'ল কবিৰ শব্দৰে সৃষ্ট ব্যক্তিগত আত্মপ্ৰকাশ । কবিৰ আত্মা আৰু মনৰ সৈতে পাঠকৰ আত্মা আৰু মন মিলিলেই কবিতা এটা ভাললগা হৈ পৰে । কবিতা এটা সৃষ্টি কৰাটো যিমান কঠিন তাতোকৈ অধিক কঠিন কবিতা এটাৰ সঠিক সমালোচনা বা পৰ্যালোচনা কৰা । সমালোচনা হ'ল আত্ম নিপীড়নৰ মাৰ্গ, লগতে উৎকৰ্ষ অনুধাৱনৰো । সমালোচনা হ'ল কবি আৰু পাঠকৰ মাজৰ এখনি বোৱঁতী নদী, যিয়েই কবিতাৰ অন্তৰ্নিহিত গূঢ়াৰ্থ পাঠকৰ হৃদয়লৈ বোৱাই নিয়ে । ইয়াৰ বাবে সমালোচকৰ প্ৰয়োজন নিৰ্মল দৃষ্টিভংগী , বিষয়বস্তুৰ জ্ঞান , সূক্ষ্ম অনুভূতিৰ প্ৰকাশ আৰু অভিজ্ঞতা । আমি ন-শিকাৰুহে , আমাৰ দ্বাৰা এই কাৰ্য্য কিমান সম্ভৱ হৈ উঠিব নাজানো , তথাপিও পাৰ্যমানে প্ৰয়াস কৰিবলৈ চেষ্টা কৰিম ।
পৰ্যালোচনাৰ বাবে বাচনি কৰা কবিতা আৰু কবিসমূহ হ'ল
১. অতীত - ৰূপম সাউদ
২. বাঁহ ফুটাৰ শব্দ - অচ্যুত মাধৱ দাস
৩. প্ৰশ্ন - সুব্ৰত মহন্ত
৪. বগা পোছাক - কল্যাণী বৰ্মন
******************
১.
সময় গতিশীল । সময় কেতিয়াও কাৰো বাবেই ৰৈ নাথাকে ।সেইবাবেই সময়ক নিষ্ঠুৰ , নিৰ্দয় আখ্যা দিয়া হয় । জীৱনৰ প্ৰাত্যাহিকতা প্ৰতিটো খোজৰ সমান্তৰালকৈ বাঢ়ি গৈ থাকে অতীতৰ দস্তাবেজ । বৰ্তমানৰ দলিচাত বহি এনে অতীতৰ কৰুণ ৰসৰে সৃষ্ট কবি ৰূপম সাউদৰ "অতীত" আমাৰ আলোচনাৰ প্ৰথম বিষয় । আলোচনাৰ আৰম্ভণিত কবিতাটো এবাৰ পঢ়া হওঁক ।
" অতীত "
-
যি গ'লাগৈ
উভতি নাহিলা
-
কথাবোৰ ভাবোঁতেই
সাজ লাগে
ভাগে
-
কঁপি কঁপি জ্বলে
বন্তি গচি
-
নৈশব্দত শুই পৰে সকলো
আওৰাওঁ
সুখৰ দিনৰ মালিতা
কবিৰ শৈল্পিক স্পৰ্শত ঝংকাৰিত হৈছে অতীতৰ সুৰ, এই সুৰ হেৰুৱাৰ বিষাদী সুৰ । কৰুণ সুৰৰ লহৰত উন্মুক্ত হৈছে এৰি অহা দিনবোৰ, দিনবোৰত পুঞ্জীভূত হেজাৰটা স্মৃতি । অতীতৰ কোনো দিনত কবিৰ আপোনজন (হয়তো প্ৰেমাস্পাদ) কবিৰ ওচৰৰ পৰা দুৰ ক'ৰবালৈ গুচি গ'ল । অতীতৰ সেই বিচ্ছেদৰ পিছত বৰ্তমানলৈ কবিৰ অন্তৰত কল্লোলিত হৈ আছে বুকু নিতাল পৰা কৰুণ বাঁহীৰ সুৰ । এয়া কবিৰ কাম্য নাছিল । কবিয়ে কৈছে _
যি গ'লাগৈ
উভতি নাহিলা
অতীতৰ স্মৃতিৰ পাক-ঘূৰণিত কবিৰ সময় অতিবাহিত হয় । অতীতৰ মুহূৰ্তবোৰে কবিক কাতৰ কৰি তোলে । নৈৰশ্যৰ ভাৱত কবি অতিশয় দুখী , কবিয়ে অনুভৱ কৰিছে একেই বতাহজাকে কোবাই গৈছে আপোনজনৰ সমগ্ৰ সত্ত্বা , যি অতীতত কবিৰ পৰা আঁতৰি গৈছিল । কবিয়ে কৈছে _
কঁপি কঁপি জ্বলে
বন্তি গচি
"বন্তি" প্ৰতীকৰে ইয়াত জীৱনৰ চৰম সত্য মৃত্যুক বুজাব বিচৰা হৈছে । আপোনজনৰ বিৰহত কবি দুখী হ'লেও কবি জৰ্জৰিত নহয় । নিষ্ঠুৰ হলেও জীৱনৰ চৰম সত্যক কবিয়ে স্বীকাৰ কৰিছে । অতীত কৰুণ হলেও অতীতৰ সুখৰ স্মৃতিবোৰৰে ভৱিষ্যতৰ বাট মসৃণ কৰিব কবিয়ে প্ৰয়াস কৰিছে ।
"অতীত" মুলতঃ নিভাজ প্ৰেমৰ কবিতা । ইয়াত প্ৰৱাহিত হৈ আছে সুতীব্ৰ বিষাদ বীক্ষাৰ মৰ্মস্পৰ্শী কলতান ।
ইয়াত কবি অধিক সচেতন । বচা বচা শব্দৰ সমাহাৰৰে "অতীত নিসন্দেহে সুগভীৰ অৰ্থবহ কবিতা । এনে কবিতাৰ আলোচক হ'ব পাই আমি সুখী ।
**********************
২।
বৰ্তমান সময়ত অৰাজকতাই গ্ৰাস কৰিছে সমাজক । টুনীয়ে শইচ সোণোৱালী পথাৰ নৰানি কৰি তোলাৰ দৰে শোষকৰ দলেও শোষণ নিৰ্যাতনৰে জনগণৰ জীৱনলৈ নমাই আনিছে ঘোপমাৰা অন্ধকাৰ । সময় এতিয়া যেন বধ্যভূমি । এনে বধ্যভূমি সদৃশ উপত্যকাৰ অস্থিৰতা উপলব্ধিৰে মানৱীয় চেতনা প্ৰবুদ্ধ কবিতা "বাঁহ ফুটাৰ শব্দ" আজিৰ আলোচনাৰ দ্বিতীয় বিষয় । কবি অচ্যুত মাধৱ দাস । আলোচনাৰ আৰম্ভণিতে কবিতাটোৰ ৰসাস্বাদ লোৱা হওঁক_
বাঁহ ফুটাৰ শব্দ
°°°°°°°°°°°°°°°
নৈৰ সিপাৰে তেতিয়া বাঁহ ফুটিছিল
এইপাৰে বুকুত দপদপাই জ্বলি আছিল
একুৰা জুই
সোঁতৰ বিপৰীতে উজুৱা মাছবোৰে
সপোন দেখিছিল
সিহঁতে গৰাৰ সিপাৰে চোপ লৈ থকা
আন্ধাৰবোৰ দেখা নাছিল
গাওঁখনত তেতিয়া কাঁহ পৰিছিল
আৰু ৰাতিলৈকে জীণ যোৱা নাছিল
আধা পোৰা মঙহৰ গোন্ধত
শিয়াল আৰু ফেউৰাবোৰে
দিনে-নিশাই উকিয়াই আছিল
কোৱাৰিয়েদি বৈ আছিল
লোভ আৰু লালসাৰ লেলাউটি
কোনে দাবী দিছিল
মুৰ্দাবাদৰ
কোনে দাবী দিছিল
ভোক আৰু অধিকাৰৰ
হাৱাই চেণ্ডেলৰ ফিটা চিঙাৰ বাবেই
তাৰ বুকুত শালি ধৰিছিল
এটুকুৰা গৰম লোহায়
তাৰ পাচত ছাই আৰু ছাই
কেঁচা তেজবোৰো ছাই হৈ গ’ল
এতিয়া মাথো বুকুত খুন্দিয়াই আছে
নৈৰ সিপাৰৰ পৰা ভাহি অহা
বাঁহ ফুটাৰ শব্দবোৰ।
°°°°°°°
"বাঁহ ফুটাৰ শব্দ" প্ৰতীকীক শিৰোনামাতে কবিতাৰ অন্তৰ্নিহিত ভাৱাৰ্থ সুন্দৰকৈ প্ৰকাশ পাইছে । বাঁহ হ'ল ওখ এক প্ৰকাৰৰ তৃণ । ইয়াৰেই সজা হয় মৃতকৰ সাঙী । জুইৰ লেলিহান শিখাই বাঁহ জ্বলাই (পাব) নিৰ্গত কৰা শব্দৰে কবিয়ে ইয়াত মানৱতাৰ অপমৃত্যু বুজাইছে ।
নিষ্ঠুৰ বাস্তৱৰ ৰুঢ় কৱলত জীৱনৰ সৌন্দৰ্য্যতা যেন ক'ৰবাত হেৰাই গৈছে । চৌপাশে বিয়পি ফুৰিছে হতাশা, কলুষতা, ক্ষুদ্ৰতা, নগ্নতাৰ বিষবাস্প ।
আমিবোৰ সপোন পিয়াসী । আমাৰ দুচকু সদা উন্মুক্ত সুন্দৰ কিবা দেখিবলৈ , কাণ সদাই মুকলি শুভবাৰ্তাৰ ধ্বনি শুনিবলৈ । অথচ আমাৰ অলক্ষিতে আমাক এন্ধাৰে আগুৰি ধৰে , এন্ধাৰৰ প্ৰহেলিকাময়ী পাকচক্ৰত হেৰুৱাই পেলাওঁ জীৱনৰ স্বাভাৱিক ছন্দ । সেয়ে কবিয়ে কৈছে _
সোঁতৰ বিপৰীতে উজুৱা মাছবোৰে সপোন দেখিছিল
সিহঁতে গৰাৰ সিপাৰে চুপ লৈ থকা আন্ধাৰবোৰ দেখা নাছিল
ইয়াত মাছ প্ৰতীকৰে সমাজৰ ভণ্ডামীত অতীষ্ঠ হৈ প্ৰত্যাহ্বানৰ লক্ষ্য বুকুত বান্ধি খোজ দিয়া সমগ্র মানৱজাতিক বুজাইছে , আৰু আন্ধাৰ হ'ল সমাজৰ অপশক্তি, যিয়ে মানৱতাক হত্যা কৰিবলৈ সদা প্ৰস্তুত ।
সমাজৰ এনে নিষ্ঠুৰ চাকৈনৈয়াত মানুহে হেৰাইছে মানৱীয় প্ৰমূল্যবোধ । হিংসা - প্ৰতিহিংসা, আক্ৰমণ - প্ৰতিক্ৰামণৰে বিধ্বস্ত সময় । সময় এতিয়া দুঃসময় । মাত্র নগন্য কথাৰ বাবেই এতিয়া এজনে আন এজনক হত্যা কৰা ঘটনা সহজলভ্য । কবিয়ে কৈছে _
হাৱাই চেণ্ডেলৰ ফিটা চিঙাৰ বাবেই
তাৰ বুকুত শালি ধৰিছিল
এটুকুৰা গৰম লোহাই
ভ্ৰান্ত সমাজনীতি , উৎপীড়ক, অৰ্থনীতি আৰু স্বাৰ্থান্ধ ৰাজনীতিৰ ক্ৰীড়ানক হৈ পৰা বাবে মানুহে জীয়াতু কষ্ট ভোগে । তেওঁলোকৰ ভিতৰত শোষক আৰু শোষিত দুটা শ্ৰেণী বিভক্ত হৈ পৰে ।
কবিয়ে বাস্তৱ চেতনাক অধিক গুৰুত্ব দি শব্দ নিক্ষেপ সুন্দৰকৈ নিয়ন্ত্ৰণত ৰাখি সচেতনতাৰে গোটেই কবিতাটোত কাব্যিকতা বোজাই ৰাখি সুন্দৰকৈ উপস্থাপন কৰিছে । ক'ব পাৰি সাম্প্রতিক সময়ৰ কবিতা "বাঁহ ফুটাৰ শব্দ" । কবি প্ৰগতিবাদী মনৰ অধিকাৰী , সেইবাবেই অন্যায়-অনাচাৰ, অত্যাচাৰ-নিপীড়নৰ বিৰুদ্ধে তেওঁ সৰৱ প্ৰতিবাদমুখৰ হৈ পৰিছে ।
******
৩/ নিয়মমাফিক জীৱনধাৰণৰ প্ৰতিটো মুহূৰ্ততে মনত উদ্ভৱ হয় কিছু প্ৰশ্ন । যাৰ উত্তৰ বিচাৰি জুকিয়াই চোৱা হয় নিজক অথবা অন্য এজনক । এনে প্ৰশ্নৰ অৱতাৰণা "প্ৰশ্ন" আমাৰ আলোচনাৰ তৃতীয় বিষয় । কবি সুব্ৰত মহন্ত । আহক, কবিতাটো পঢ়ি লওঁ..
প্ৰশ্ন
.
কাৰ বাবে সপোনে
পাৰ ভাঙি যায়
পৰি ৰোৱা বালিচাহীত
পোহৰ সানি যায় ..
একো নাই
হাতত তাৰ
কিয় তাৰ হাঁহিয়ে
আকাশ ঢুকি পায় !!
সুখী হ'বৰ বাবে নেলাগে সুখ
সন্ধ্যা মানেইতো
নহয় দুখ!!
দুঃখৰ জপনা খুলি
সি জুমি চাই ..
আলসুৱা বুকুৰ কথা
বুকুৱে বুজি পায়
জীৱনৰ কঠিন বাটত
সময়ে সুধি চায়
আছেনে সাহ বুকুত
বুকুৰ কথা শুনাৰ !!
তুমি কোৱা
তোমাৰ কথা..
সি হ'লে
ঠিকেই বুজি পাই...
কিয় তাৰ হাঁহিয়ে
আকাশ ঢুকি পায় !!
.
আমি আটায়ে এটা সুন্দৰ জীৱন কামনা কৰো । বিচৰা সকলো প্ৰাপ্তিৰ সপোন ৰচো । সপোন নিজৰবাবে,আপোনসৱৰ বাবে দেখো । প্ৰাপ্তিৰ তৃপ্তিৰ মাদকতা অনুভৱ কৰিবলৈ মনত হেন্দোলিত হয় হেজাৰ হেঁপাহ । এই হেঁপাহেই জীৱনত উৎসাহ যোগায় । এনে হেঁপাহেই হেঁপাহ জগাই নিজক জুকিয়াই চোৱাৰ । কবিয়ে সেয়ে কৈছে ..
কাৰ বাবে সপোনে
পাৰ ভাঙি যায়
পৰি ৰোৱা বালিচাঁহীত
পোহৰ সানি যায়
যাৰবাবে হৃদয়ত মৰম ওপচি পৰে তেনে প্ৰিয়জন ( প্ৰেমাস্পদ নহ’বও পাৰে)ৰ মৰমত আকুল হৃদয়ত পুঞ্জীভূত হয় হেজাৰ মৰম । হাতত দিব একো নাথাকিলেও বুকুভৰি থাকে কিবা কৰি দেখুৱাৰ দুৰ্বাৰ হেঁপাহ । প্ৰিয়জনৰ সংগত দুওঁঠত লাগি ৰয় পৃথিৱীৰ শ্ৰেষ্ঠতম হাঁহি। যি হাঁহিয়ে আকাশ চুৱে।
সুখৰ সন্ধানত বাট কুৰি বাট ঘুৰি ফুৰা কাংক্ষিত সুখো প্ৰিয়জনৰ কাষতেই পোৱা যায়। প্ৰিয়জনৰ মৰমত সন্ধিয়াও হ'ব পাৰে ৰাতিপুৱাৰ কোমল ৰ'দালি।
সুখী হ'বৰ বাবে নালাগে সুখ
সন্ধ্যা মানেই নহয় দুখ
সন্ধ্যাৰ পিছত ধৰালৈ নামি অহা এন্ধাৰে দুখ দিবই বুলি কবিয়ে নাভাৱে । সুখী হোৱাৰ কোনো বিশাল কাৰণ নালাগে , আত্মিক শান্তিয়ে সুখ ।
"প্ৰশ্ন" কবিতাটোত প্ৰেমৰ কথা উল্লেখ আছে যদিও ৰোমাণ্টিক উচাহ নহয় । কবিয়ে কাব্যিক অনুশাসন আৰু ব্যঞ্জনাৰে কটকটীয়াকৈ বান্ধিছে মানুহৰ অন্তৰত উদ্ৰেগ হোৱা প্ৰশ্নৰ কথা । কবিতাটোত প্ৰৱাহিত হৈ আছে হেঁপাহৰ কোমল সুৰ ।
*************
৪/
ডাৱৰীয়া বতৰত আকাশত তৰা নেদেখি , একেই তৰাবোৰ জিলিঙনিৰ পোহাৰ মেলি জিলিকি উঠে জোনাকত । একেই আকাশ , একেই তৰা , পাৰ্থক্য বতৰৰ, পাৰ্থক্য আকাশৰ ৰঙৰ । হেজাৰ ধূসৰ প্ৰতিবন্ধকতাই ৰুদ্ধ কৰে পোহৰৰ হেজাৰ বাট । যাৰ বাবে বঞ্চিত হয় হেজাৰ অনুভৱ , অপ্ৰকাশ্যে ৰৈ যায় বহুতো । এনে ধুসৰতাৰ পৰা আঁতৰি মুক্তিৰ বাট সন্ধানী কবিতা "বগা পোছাক" আজিৰ আলোচনাৰ অন্তিম বিষয় । কবি কল্যাণী বৰ্মন । আলোচনাৰ আৰম্ভণিত কবিতাটোৰ ৰস লওঁ আহক...
# বগা পোছাক
এযোৰ বগা পোছাক দিয়া
মোক
সকলো ৰঙেই য'ত সানি
নির্ভেজাল ৰূপত পাব পাৰি
আলোৱানৰ ভৰত
হৃদয়ৰ সূক্ষ্ম অনুভূতিবোৰ
কঁপি নুঠে তেতিয়া
মাথোঁ মৃত শৰীৰেই নিবিচাৰে
বগা কাপোৰ
হেঁপাহী জীৱনেও বিচাৰে
বগা পোছাকৰ ৰং
এযোৰ বগা পোছাক দিয়া
মোক
বুকুৰ ৰং সানিব পৰা ।
দেখাত তেনেই সহজ পোনপটীয়া কবিতা যেন লাগিলেও কবিতাটোৰ গভীৰতাত সোমালে অনুধাৱন কৰিব পৰা যায় কবিতাটোৰ গুঢ়াৰ্থ । সহজ, সাৱলীল প্ৰকাশৰে কবিয়ে প্ৰকাশ কৰিব প্ৰয়াস কৰিছে মানুহৰ মৌল চেতনা । কবি ইয়াত আত্ম সচেতন । নিৰন্ধ্ৰ এন্ধাৰে আমনি কৰা কবিয়ে বিচাৰিছে মুক্তিৰ বাট । যেনেকৈ কাগজ এখনত হেজাৰ আকঁ-বাকঁ থাকিলে যিকোনো নিৰ্দিষ্ট অংশ সহজে দৃষ্টিগোচৰ নহয় , তেনেদৰে কবিয়ে অনুভৱ কৰিছে যে ধুসৰতাত হেৰাই গৈছে কবিৰ সমস্ত । নৈৰাশ্য আৰু ভীতিৰ আবহে তৈয়াৰ কৰা এনে ধূসৰতাৰ পৰা আতৰি নিজক আত্মপ্ৰকাশ কৰিব বিচাৰি কবিয়ে কৈছে
এযোৰ বগা পোছাক দিয়া মোক
সকলো ৰঙেই য'ত সানি
নিৰ্ভেজাল ৰূপত পাব পাৰি...
ৰঙ বোৰ আপেক্ষিক । একেটা ৰঙ ভিন্ন জনৰ বাবে ভিন্ন হ'ব পাৰে । একে সুৰতে কবিয়ে কৈছে _
মাথো মৃত শৰীৰেই নিবিচাৰে
বগা কাপোৰ
হেঁপাহী জীৱনেও বিচাৰে
বগা পোছাকৰ ৰঙ
"বগা পোছাক" ৰে কবিয়ে ধূসৰ আত্মাৰ দুৱাৰ মুকলি কৰি চাৱ বিচাৰিছে এখনি মুকলি আকাশ , য’ত দৃষ্টিনন্দন হ'ব কবিৰ সমস্ত সূক্ষ্ম অনুভূতি ।
কবিতাটোৰ এটা দুৰ্বল শাৰী ( ...হেঁপাহী জীৱনেও বিচাৰে বগা পোছাকৰ ৰঙ) ইয়াত বগা টোৱেই এটা ৰঙ, "ৰং" শব্দৰ ব্যৱহাৰ অতিৰিক্ত হোৱা যেন বোধ হ'ল । কবিয়ে শব্দচয়নত আৰু অলপ সচেতন হলে যে ই সৰ্বাংগসুন্দৰ কবিতা হ'ব তাত সন্দেহ নাই । কবিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ।
পৰ্যালোচক-
পাৰ্থ প্ৰতিম কলিতা, সদস্য, আখৰুৱা:literati

Sunday, 23 October 2016

বিষয় ভাষাঃ(২) -- সূৰ্য বৰা

বিষয় ভাষাঃ(২) বহুজনৰ লেখাত চন্দ্ৰবিন্দুৰ আধিক্য তথা ভুল প্ৰয়োগ দেখি এই
কথাখিনি আগবঢ়ালোঁ-সূৰ্য্য বৰা
চন্দ্ৰবিন্দুটোৱে
অসমীয়া বৰ্ণমালাত এটা
সুকীয়া বৰ্ণ হিচাপে স্থান
পালেও, প্ৰকৃততে ই হৈছে এটা অনুনাসিক--অৰ্থাৎ নাকেৰে উচ্চাৰণ হোৱা ধ্বনিৰ প্ৰতীক।
অসমীয়াত "ঁ" ৰ প্ৰয়োগ
এনেয়ে বেছি,তাতে আকৌ
প্ৰয়োজনাধিকভাৱে
তাক প্ৰয়োগ কৰিলে অথবা স্থানৰ খেলিমেলি হ'লে জোঁটনিৰ লগতে অৰ্থৰ
ক্ষেত্ৰতো বিভ্ৰান্তিৰ সৃষ্টি
হ'ব (ইতিমধ্যে হৈছেই।)। আমাৰ এনে ভালেমান শব্দ আছে য'ত "ঁ'' টোৱেই অৰ্থগত পাৰ্থক্য আনি দিয়ে।যেনে-আঁচল (কাপোৰৰ আগ অংশ),আচল (প্ৰকৃত); কাঁহ (এবিধ ধাতু)-কাহ (ডিঙিৰে ওলোৱা শব্দ);বঁটা(পুৰস্কাৰ)-বটা (তামোল দিয়া পাত্ৰ); গাঁও (গ্ৰাম)-গাওঁ(ধাতু ৰূপ);বাঁহ (এবিধ উদ্ভিদ)-বাহ (নীড়); আঁহ (সূতা)-আহ (আগমন হ/অব্যয়);কথা (বচন)-কঁথা (জাৰত লোৱা কাপোৰ);সাঁজ (গধূলি/এবেলাৰ আহাৰ)-সাজ (নিৰ্মাণ কৰ/পোছাক…)ইত্যাদি। তদুপৰি স্থানৰ ইফাল সিফাল হ'লেও অৰ্থৰ তাৰতম্য ঘটে।যেনেঃ গাঁও (বিশেষ্য); গাওঁ 
('গা' ধাতুৰ ৰূপ)--মই " অ' আমাৰ গাঁও" গানটো গাওঁ।
গতিকে আমি ইয়াৰ প্ৰয়োগত অলপ সচেতন হোৱা যুগুত। 
----আমি লক্ষ্য কৰিলে দেখিম, শব্দত হকে বিহকে চন্দ্ৰবিন্দুৰ "বোজা" ব'ব লগা বৰ্ণটি হৈছে 'ও'।
এইখিনিতে ডিম্বেশ্বৰ
নেওগদেৱৰ, "অসমীয়া মানুহে 'ও' দেখিলেই "ঁ" দিয়ে।" বোলা
অভিযোগটো প্ৰণিধানযোগ্য ! সেয়েহে
চন্দ্ৰবিন্দু ক'ত ক'ত লাগেটোতকৈ, ক'ত ক'ত নেলাগে--প্ৰথমে তাৰহে এটি সংক্ষিপ্ত আলোচনা কৰা দৰকাৰ!
০০০ চন্দ্ৰবিন্দু ক'ত ক'ত নেলাগে--১)অনুনাসিক বৰ্ণ --অৰ্থাৎ ঙ (ং),ঞ,ণ,ন আৰু ম
এই পাঁচটা বৰ্ণত কেতিয়াও "ঁ"
যোগ নহয়।কাৰণ ইহঁত নিজেই নাসিক্যধ্বনিযুক্ত বৰ্ণ ! সেয়েহে--শুঙোঁ,ভূঞাঁ,গুণোঁ,জানোঁ, মাঁ আদি লিখা অনুচিত।
২) তেনেকৈ--কওঁক,খাওঁক,হওঁক আদিবোৰ অশুদ্ধ। ধাতুত অনুজ্ঞাসূচক ক্ৰিয়া বিভক্তি 'ওক' যোগ হৈ--যেনেঃ-ক+ওক =কওক,খা
+ওক= খাওক আদি হোৱা ৰূপবোৰত "ও"ৰ
ওপৰত "ঁ" নালাগে। অধিক উদাহৰণ--যাওক,
হওক,লওক,থওক,গাওক আদি।
৩) হাঁয়,ঘিঁউ, ছাঁয়া*,নেওঁতা,নেওঁগ,নাওঁ,বাওঁ (ধান/কামি) আদি অশুদ্ধ,এইবোৰত "ঁ" নেলাগে (*কিন্তু "ছাঁ" শুদ্ধ)।
৪)তেনেকৈ--ক'লেও,গ'লেও,থ'লেও, হ'লেও,পালেও,নিলেও,খালেও আদিত "ঁ"নেলাগে।
৫) তেওঁ তাক ইমানকৈ মাতিলে তেও নাহিল।--সৰ্বনাম-তেওঁ/তেৱেঁ শুদ্ধ পিছে তথাপি অৰ্থত "তেও"হে শুদ্ধ।
০০০এইবাৰ "ঁ" ক'ত ক'ত লাগে তালৈ আহোঁ--১। ক) নিত্য বর্তমান কালত,ধাতুত প্রথম পুৰুষৰ (মই,আমি) ক্রিয়া বিভক্তি,"ওঁ" যোগ হৈ--
খা+ওঁ=খাওঁ,যা+ওঁ=যাওঁ…তেনেকৈ--কৰ+ওঁ=কৰোঁ,খেল+ওঁ=খেলোঁ… গঠন হোৱা ৰূপবোৰত । 
খ) স্বৰূপ বর্তমানত-"ইছোঁ" বিভক্তি যোগ হোৱা ৰূপ বোৰত-- খা+ইছোঁ=খাইছোঁ; কৰ+ইছোঁ=কৰিছোঁ…… ঠিক তেনেদৰে--গ) স্ব.ভূত-ইলোঁ; ঘ) অপূর্ণ ভূত-ইছিলোঁ; ঙ) সম্ভাব্য ভূত কাল-ইলোঁহেঁতেন যোগহৈ গঠিত হোৱা ৰূপবোৰত,যথা--খাইছিলোঁ;­
খালোঁ;খালোঁহেঁতেন। পিছে
আজিকালি এনেবোৰত "ঁ"ৰ প্রয়োগ
কমিছে।
২) ধাতুত -ওঁতে
প্রত্যয় যোগ হ'লে-ল+ওঁতে=লওঁতে, কৰ+ওঁতে=কৰোঁতে।তেনেকৈ উঠোঁতে,বহোঁতে, আহোঁতে,যাওঁতে, খাওঁতে,শোওঁতে আদি ৰূপবোৰত।
৩)তেনেকৈ-ওঁতা>খা+­­
ওঁতা=খাওঁতা,যা+ওঁতা=যাওঁতা,কৰ+ওঁতা=­­কৰোঁতা....। লগতে--অঁতী>খা+­অঁতী=খাঁতী (যেনে-
জিয়াঁখাঁতী চৰাই) ।
এইক্ষেত্রতো সেই একে কথাই
ক'ব পাৰি,"ঁ" ৰ প্রয়োগ কমিছে।অৱশ্যে
যথাস্থানত দিব পাৰিলে ভাল।
৪)বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত--ইহঁত,সিহঁত,তহঁত; ল'ৰাহঁত,জীয়াৰীহঁত আদিত।
৫)আজিকালি ব্যৱহাৰ কমি যোৱা বহুবচন -হঁক প্ৰত্যয়ত--(তোমালোক)আহিবাহঁক,যাবাহঁক আদি।
**৬) সংস্কৃতমূলীয় শব্দবোৰত (তৎসম) যদি অনুনাসিক বৰ্ণ আছে আৰু তাৰ পৰিৱৰ্তিত অসমীয়া ৰূপত যদিহে তৎসমৰ অনুনাসিক বৰ্ণটো লোপ পাইছে,তেনেহ'লে তাৰ (লোপ পোৱা অনুনাসিক বৰ্ণটোৰ) আগৰ স্বৰত "ঁ" যোগ হ'ব।যেনে--তৎসম "কম্পন" শব্দটোত থকা "ম্প"ৰ "ম" লোপ হৈ ক্ৰমে > কপন > কপনি হ'ল।এতিয়া মূল ৰূপত থকা অনুনাসিক "ম"টো যিহেতু সৰল ৰূপটোত নাই, সেয়েহে তাৰ আগৰ স্বৰ "ক"ত, "ম"ধ্বনিৰ প্ৰতীক হিচাপে চন্দ্ৰবিন্দুটো যোগ হৈ "কঁপনি" হ'ব আৰু আমি মাতোঁতেও "ক"টো নাকেৰে মতিব লাগিব । তেনেকৈ--বাম(Left) > /ম/>বাও>বাঁও; কঙ্কাল>/ঙ/>ককাল>কঁকাল;শঙ্খ>/ঙ/শখা>শঁখা; কণ্টক>/ণ/>কাইট>কাঁইট; পুঞ্জি>/ঞ/পুজি>পুঁজি; পিঞ্জৰা>/ঞ/পিজৰা>পিঁজৰা; অঞ্জলি>/ঞ/>আজলি>আঁজলি;অঞ্চল>/ঞ/আচল> আঁচল (চাদৰ আদিৰ আগ); ভাণ্ডাৰ>/ণ/ভৰাল>ভঁৰাল; কুমাৰ>/ম/কোৱৰ>কোঁৱৰ; কুমাৰী> কুঁৱৰী; স্মৰণ >/ম/সোঁৱৰণ; কাংস>/ং/কাহ> কাঁহ; গোম্ফ >/ম/গোঁফ; দন্ত>/ন/>দাত>দাঁত; সন্তৰণ>/ন/>সাতোৰ>সাঁতোৰ আদি। ( "/ /"এই চিনৰ মাজত বিলুপ্ত বৰ্ণটো দেখুওৱা হৈছে।
৭) অনুজ্ঞাৰ ক্ৰিয়াত চন্দ্ৰবিন্দু দিয়াৰ বিধি আগতে আছিল যদিও আজিকালি প্ৰায় উঠি গৈছে। নিদিলে কিন্তু অৰ্থৰ বেমেজালি ঘটিব পাৰে।--আহা ! আহাঁ।--ইয়াৰ প্ৰথমটো (আহা) অব্যয়। বিৰক্তি/কষ্ট প্ৰকাশ পাইছে। আনহাতে ২য়টোৰে (আহাঁ) কাৰোবাক আহ্বান জনাইছে। 
৮) কিছুমান শব্দত আকৌ আন বৰ্ণৰ (অনুনাসিক নহয়) বিলোপ ঘটিলেও "ঁ" যোগ হয়--কূপ>কুঁৱা ('প' লোপ হৈছে),স্ৰোত>সোঁত (ৰ) আদি। অৱশ্যে ড° মহেশ্বৰ নেওগদেৱে এনেবোৰ শব্দক স্বতঃঅনুনাসিক (কোনো কাৰণ নোহোৱাকৈয়ে নিজে নিজে হোৱা) বুলি কৈ গৈছে। অধিক উদাহৰণ--ছাঁ,আঁহত,ঘোঁৰা,তুঁহ,ফেঁচা আদি।
৯) "ঞ"বৰ্ণটো কেতিয়াবা লুপ্ত কৰি লিখা শব্দত (সাধাৰণতে "ঞ"ৰ ঠাইত "য়" আৰু "ই" দিয়া হয়।) যথাস্থানত "ঁ" যোগ দিয়া উচিত -চিঞাহী>চিয়াঁহী,তিঞহ>তিয়ঁহ, বৰগোহাঞি>বৰগোহাঁই।
১০)অনুনাসিক ধ্বনিযুক্ত কিছুমান বাহিৰৰ পৰা অহা শব্দ অসমীয়ালৈ লিপ্যন্তৰ কৰোঁতেও-- ৰেনেছাঁ, ৰেষ্টোৰাঁ সেইদৰে মোপাছাঁ, খাঁ,চাঁদ (উপাধি) আদিত নাসিক্য ধ্বনি বুজাবলৈ "ঁ" ব্যৱহাৰ হয়।
এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে অনুনাসিক ধ্বনিৰ সঠিক উচ্চাৰণ।আমি যি চন্দ্ৰবিন্দুৰ কথা আলোচনা কৰিলোঁ,সেয়া হৈছে লিখিত ৰূপত অনুনাসিক ধ্বনিক উপস্থাপন কৰাৰ উপায়। পিছে লিখাৰ সমান্তৰালকৈ আমি যথাযথভাৱে ধ্বনিৰ মাধ্যমেৰেও তাক উপস্থাপন কৰিব লাগিব। তেতিয়াহে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সাৰ্থক হ'ব। ইয়াৰবাবে আমাক সামান্য অনুশীলনৰ প্ৰয়োজন হ'ব পাৰে।এইক্ষেত্ৰত ড° মহেশ্বৰ নেওগ, ড° ভূপেন হাজৰিকা,ড°নগেন শইকীয়াৰ দৰে ব্যক্তিৰ কণ্ঠক আমি সমল অথবা আদৰ্শ কণ্ঠ হিচাপে ল'ব পাৰোঁ। হাততে পোৱাৰ ভিতৰত,বিভিন্ন ৰূপত (Format) নিশ্চয় ড° ভূপেন হাজৰিকাৰ কণ্ঠই আছে। আমি তেখেতৰ কণ্ঠৰে নিগৰা, "ঁ" যুক্ত শব্দ থকা গীতবোৰ মনোযোগেৰে শুনিলে নিশ্চয় লাভৱান হ'ব পাৰিম। উদাহৰণস্বৰূপে, পাৰ্বতীপ্ৰসাদ বৰুৱাৰ "গৰখীয়া হেৰ' গৰখীয়া" গীতটো, অনুনাসিক ধ্বনি থকা শব্দ- আঁহত,পেঁপা,কঁপনি আদিৰ শুদ্ধ উচ্চাৰণ জানিবলৈ শুনিব পাৰোঁ।।