Daisy Anuranjana with Anindita Kalita and 4 others
March 29 at 6:56pm · Edited
আখৰুৱা: literati গোটৰ ফেব্ৰুৱাৰী ২০১৫ ৰ
কবিতাৰ পৰ্যালোচনা : পুনৰীক্ষণ- ২১- তৃতীয় ভাগ
১) বিলাতী নাচোন:
-- মনোহৰ দত্ত
দিনবোৰ আমাৰ হয় জানো একান্ত আমাৰ?
আমি ঢাপলি মেলিছো নে আমাক ঢাপলি মেলাইছে?
সময়বোৰ আমাৰ হয় জানো একান্ত আমাৰ?
মৰমবোৰ আমাৰ হয়নে একান্ত আমাৰ?
আমি মৰম পাহৰিছো নে আমাক মৰম পাহৰাইছে?
আমি নাচোন নাচিছো নে আমাক নাচিবলৈ লগাইছে?
একো একোটা দিনৰ নামত আঁকি দিছে জল ছবি ছবিবোৰ হাতে হাতে লৈ দৌৰিছো বন্ধুৰ নামত ভালপোৱাৰ নামত ভাষাৰ নামত আশাৰ নামত মৰম পোৱাৰ নামত আৰু কতযে নামত আমি দৌৰিছো কেৱল দৌৰিছো।
আমিনো আওৰাম কেতিয়া সেই অমৃত বাণী?
বিহুটি বিহু হৈ থাকক ঐনিতম হৈ থাকক ঐনিতম চিফুংৰ সুৰে সুৰে থাকক বাগৰুম্বা।
নালাগে আমাক নানাচো আমি মাটিৰ গোন্ধহীন বিলাতী নাচোন।
........................................................................................
“বিলাতী নাচ” কবিতাটিত সাম্প্ৰতিক সময়ৰ ছবি এখন আমি দেখা পাইছো । সামাজিক অৱক্ষয় আৰু জীৱনৰ কুটিল
গ্লানিময় প্ৰৱাহে কবিৰ মনলৈ তিক্ততা আনিছে । কবিয়ে অনুভৱ কৰিছে আমি যেন সকলোৱে বহিৰ্জগতৰ অন্তঃসাৰ
শূণ্য উপাসনাত নিমগ্ন হৈছো । য’ত আমাৰ সহজাত আকুলতাবোৰৰ বিলুপ্তি ঘটিছে । যান্ত্ৰিক সভ্যতাত মৰম, ভালপোৱা, বন্ধুত্ব এইবোৰ যেন ক্ৰমশঃ হেৰাই গৈ মানুহৰ মনবোৰ জটিল আৰু বিচিত্ৰ হৈ গৈ আছে । “বিলাতী” শব্দটোৰে কবিয়ে পশ্চিমীয়া সংস্কৃতিৰ অবাধ আমদানিকে বুজাইছে । ইয়ে কবিৰ মনত ছিন্নমূল ধাৰণাৰ সৃষ্টি কৰিছে । সেয়ে কবিয়ে বিচাৰিছে.....
“বিহুটি বিহু হৈ থাকক ঐনিতম হৈ থাকক ঐনিতম চিফুংৰ সুৰে সুৰে থাকক বাগৰুম্বা।
নালাগে আমাক নানাচো আমি মাটিৰ গোন্ধহীন বিলাতী নাচোন।”
২) এটা প্ৰেমৰ পদ্য" -- মৌচুমী বৰি
পখিলাৰ লাহি পাখিত হাছনাহানাৰ সুৰভি বিয়পিছে
ৰমক জমক কৈ ফুলিছে সোণোৱালী সোণাৰু আকাশৰ পাৰ ভাঙি থোপাথোপে সৰিছে জোনাক
জোনাকৰ সেই মায়াময় দলিচাত তোমাৰ মৰমৰ সাতসৰী পিন্ধিছো৷
বুকুৰ নিজান বনত ভালপোৱাৰ জুনুকা বাজিছে ৷
..........................................................................................
ৰোমান্টিৰ দৃষ্টিভংগীৰে কবিয়ে কবিতাটো লিখিছে । কবিতাটো দীৰ্ঘাৱয়ৱী বৰ্ণনাত্মক কাব্য ন’হলেও ই গভীৰভাৱে সংবেদনশীল আৰু সূক্ষ কল্পনাৰ পৰিচায়ক । কবিসকলে কল্পনাৰ অবাস্তৱ ৰাজ্যত বাস কৰে আৰু তেওঁলোকৰ অনুগামী সকলকো তেনে কল্পলোকত বিচৰণ কৰিবলৈ প্ৰলোভিত কৰে ।
“ৰমক জমক কৈ ফুলিছে সোণোৱালী সোণাৰু
আকাশৰ পাৰ ভাঙি থোপাথোপে সৰিছে জোনাক”…..
বুলি কবিয়ে পঢ়ুৱৈক তেনেকুৱা দৃশ্যপটৰ মুখামুখি কৰাইছে ।
কবিতাটোত অতিন্দ্ৰীয়বাদৰ মাজেৰে যুৱক-যুৱতীৰ মনত সৃষ্টি হোৱা সৰ্বব্যাপি প্ৰেমৰেই প্ৰতিফলন ঘটাইছে ।
“হাছনাহানাৰ সুৰভি”, “মৰমৰ সাতসৰী”, “ভালপোৱাৰ জুনুকা” আদি বাক্যাংশই কবিতাটো আৱেদনশীল কৰি তুলিছে ।
৩) কবিতা
.................
নদীৰ বুকুতে ডুব গৈছে সূৰ্য
ডাউন ৰোগীৰ দৰে অাহিছে গৈছে আবেলিবোৰ
নাচিছো নাচ একেবোৰ গানকেই আওৰাইছো
নীলা বেঙুনীয়াৰ মাজৰ ৰং এটা হৈ তুমি ৰৈ আছা
---কৌশিক বাস্যাস---
..............................................................................
এই কবিতাটিত অতিভাষন বৰ্জন আৰু আত্ম-সংযমৰ প্ৰভাৱ মন কৰিবলগীয়া ।
কবিতাটিত পোৱা প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰত “জাপানী কবিতা”ৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ।
বিশেষ ঘটনা বা জীৱনৰ সাধাৰণ অভিজ্ঞতা কবিৰ চেতনাত বিম্বিত হৈছে অসাধাৰণ নিৰ্মলতা আৰু গভীৰতাৰে ।
“নীলা বেঙুনীয়াৰ মাজৰ ৰং এটা হৈ তুমি ৰৈ আছা”....
এই বাক্যটো পঢ়িলে কবিতাটোত ৰহস্যবাদৰ প্ৰভাৱো অনুমেয় হয় ।
৪) বিমূৰ্ত
-- প্ৰভাকৰ শৰ্মা নেওগ
এটা ধুসৰ আবেলি নিৰবতা বৈ যায় মনৰ গহনত এটি উদাসী পক্ষীয়ে গীত গায়।
শ্ৰান্ত মনত ভঙা পতাৰ খেলা নিভৃতত খেপিয়াই চাওঁ এখন হৃদয় বিচাৰি এজাক কহুৱাবুলিয়া বতাহে চুই যায় মীনা কৰা সপোনৰ অলীকতা।
হাত মেলিও সাৱতিব পৰা নেযায় গুচি যোৱা পলবোৰ ঘড়ীৰ কাটাৰ অহংকাৰেইহে শুদ্ধ মাথোঁন অন্য সকলো বিচাৰ গৌন।
ক্ষন্তেক পাচতে আহিব গধুলি আৰু তাৰপাচত ৰাতি, কঁকালত টঙালি বান্ধি সাজু হৈ লওঁ।
.................................................................................................................
সময় গতিশীল । ই ক’তো কাৰো বাবেই ৰৈ নাথাকে । সময়েই গঢ়ে, সময়েই ভাঙে । এই ভঙা-পতাৰ খেলখনে আমাৰ জীৱনলৈ হতাশ-নিৰাশ, উথ্থান-পতন আদি কঢ়িয়াই আনে । সময়ে কঢ়িয়াই অনা বৰ্তমান বোৰ সুখকৰ ন’হলে এৰা থৈ অহা অতীতৰ মধুৰ স্মৃতিবোৰে বৰ বেছিকৈ আমনি কৰে ।
কবিয়েও হতাশ-নিৰাশবোৰৰ মাজতেই অতীত সুঁৱৰি বিছাৰি চাইছে “এখন হৃদয়” য’ত “এজাক কঁহুৱাবুলীয়া বতাহে চুই যায় মীনা কৰা সপোনৰ অলীকতা ।”
শেষৰফালে কবিয়ে অতি ক্ষোভেৰে আক্ষেপ কৰিছে গুছি যোৱা সময়বোৰ ধৰি ৰাখিব নোৱাৰাৰ
অক্ষমতাৰ বিষয়ে ।
কবিয়ে চিন্তিত হৈছে সময়ে কঢ়িয়াই অনা অনাকংক্ষিত অনিশ্ছয়তাৰ বাবে । ‘বৰ্তমান’ৰ নিষ্ঠুৰ আঁচোৰত ভাঙি পৰা কবিৰ মনটোক ভৱিষ্যতৰ দুৰ্যোগৰ পৰা বচাবলৈ শক্তিশালী কৰি তুলিছে । সেয়ে কৈছে-
“ক্ষন্তেক পাচতে আহিব গধুলি আৰু তাৰপাচত ৰাতি, কঁকালত টঙালি বান্ধি সাজু হৈ লওঁ।”
৫)
#সংবাদ
#অনিতা গগৈ
লঠঙা গছবোৰ এনেকৈ থিয় দি আছে যেন মৌনতাৰ সভা বহিছে।
সিহঁতৰ শুকান বুকু কঁপিছে ক'ৰবাত যেন আকাশখনহে খঁহি পৰিছে।
সিহঁতৰ শুকান গোন্ধত ৰাই জাই বাঁহী,
ইকুল সিকুল আকুলতাৰ আলোকময় প্রতিধ্বনিত উজ্জ্বল দিনৰ সংবেদী সংবাদ।
নৈসৰ্গৰ স্তব্ধতাৰ ছটফট ডেউকাৰ ধপধপনিত পুলকিত নক্ষত্রৰ সতেজ উশাহ।
দীঘলঠেঙীয়াৰ ছাঁ গছকি ,
ক্রমান্বয়ে বাঢ়ি আহে সক্রিয় সময়ৰ সমৃদ্ধ বাট.
বন্দীশালৰ অন্ধকাৰ শিকলি ছিঙি উদিত নক্ষত্রৰ, শুভঙ্কৰ প্রজ্ঞাৰ সহজাত বিকাশ .....
.........................................................................................................
কবিতাটো পোনতেই প্ৰাকৃতিক চিত্ৰনেৰে আৰম্ভনি ঘটিছে যদিও শেষলৈ ই দন্দ্বাত্মক ভৌতিকবাদী কাব্যধাৰালৈ প্ৰতিফলিত হৈছে । কবিতাটোত প্ৰাচীন ছন্দসজ্জাৰ প্ৰভাৱ মন কৰিবলগীয়া ।
কবিয়ে কবিতাটো প্ৰথমে স্থিৰ, স্বচছ, আৰু সাম্য অৱস্থাৰ পৰা আৰম্ভ কৰি শেষলৈ ইয়াক অপ্ৰয়োজনীয়ভাৱে দুৰ্বোধ্যতা প্ৰদান কৰা দেখা গ’ল । তদুপৰি কবিতাটোত কিছুমান জঠৰ আৰু নিৰ্বাক চিত্ৰ বা বাক্যাংশৰ ব্যৱহাৰ হৈছে ।
উদাহৰণ স্বৰূপে- “নৈসৰ্গৰ স্তব্ধতাৰ ছটফট ডেউকাৰ ধপধপনিত পুলকিত নক্ষত্রৰ সতেজ উশাহ”… বুলি কোৱা বাক্যশাৰীত “ছট্-ফট্ ডেউকা” বুলি উল্লেখ কৰাৰ পিছত “ধপ্-ধপনি” শব্দটো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাছিল । কাৰণ এই শব্দটোৱে পঢ়ুৱৈৰ মনত “ছট্-ফট্ ডেউকা”ৰ লগত আন কিবা চিত্ৰ অংকন কৰিব পাৰিব বুলি ভাবিব নোৱাৰি । “ছট্-ফট্ ডেউকা” বুলি কওঁতেই ধপ্-ধপনিৰ অনুভৱ আমাৰ মনলৈ নিজে নজেই আহি যায় । ঠিক সেইদৰে ‘সক্ৰিয়’, ‘উদিত’, ‘শুভংকৰ’ আদি শব্দও অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা হৈছে ।
৬) হেৰুৱা ছন্দ বিচাৰি --- দাদুল ভূঞা
দীঘলীয়া বাট এটা নেউচি সপোনবোৰ পঁজা
ঘৰটোলৈ ঢাপলি মেলি আহে
শেলুৱৈ গজা বুকুৰ পদূলিত জোনাক সৰে
সৰা পাতৰ শেতেলীত
গৰখীয়া ডেকাৰ বাঁহীৰ সুৰত যেন পেখম ধৰি নাচি উঠে মন ময়ূৰ
ৰঙা ৰঙা ফাগুনৰ সেন্দুৰীয়া বেলি শিমলু পলাশ হৈ নাছি উঠে ন-চোতালৰ জোন
মেঘকন্যাই জোনাকত বৰশী বাই আৰু মই হালধীয়া নাও বায়
মেঘকন্যাৰ দুচকুত খেপিয়াই ফুৰো সেউজীয়া সপোন

মানুহ জীৱশ্ৰেষ্ঠ। প্ৰতিগৰাকী মানুহৰ নিজা নিজা সপোন থাকে ।সপোনৰ কোনো পৰিধি নাথাকে । মানুহে সপোনক নিজৰ মতেই সজাব পাৰে। তাতে কবিৰ মনত আকৌ সপোনে অনন্য ৰূপ লয়। সপোনক বুকুত কঢ়িয়াই ফুৰে কবিয়ে। শব্দৰ সৈতে উমলে কবিয়ে, নিজৰ প্ৰিয় সপোনৰ অনুভৱ বুকুত লৈ।
দাদুল ভূঞাৰ "হেৰুৱা ছন্দ বিচাৰি""ত তেওঁ প্ৰিয় সপোনৰ সৈতে উমলিছে।
তেওঁৰ হৃদয়ৰ আকুলতাই তেওঁৰ সপোনক তেওঁৰ কাষলৈ টানি আনিছে।
সপোনে জানো পৰিবেশ(যিহেতু কবিয়ে পঁজাৰ কথা উল্লেখ কৰিছে)ৰ বাধ্য বাধকতা মানে? এই ক্ষেত্ৰত পাঠকসকল নিঃসন্দেহে কবিৰ সৈতে একমত হ'ব ।
"দীঘলীয়া বাট এটা নেউচি সপোনবোৰ পঁজাঘৰটোলৈ ঢাপলি মেলি আহে
শেলুৱৈ গজা বুকুৰ পদূলিত জোনাক সৰে সৰা পাতৰ শেতেলীত

ৰঙা ৰঙা ফাগুনৰ সেন্দুৰীয়া বেলি শিমলু পলাশ হৈ নাছি উঠে ন-চোতালৰ জোন"
কবিতাটোৰ এই আটাইকেইটা বাক্যই একে অৰ্থই বহন কৰিছে যদিও বিষয়বস্তুৰ খাতিৰত ই অগ্ৰহনীয় বা অযথা দীঘল কৰাৰ প্ৰয়াস নহয় বুলি পতিয়ন যাব পাৰি ।
কবিতাটোত ব্যকৰণগত শুদ্ধ-অশুদ্ধ বিচাৰ কৰাৰ প্ৰয়োজন থাকি গ’ল ।
"মেঘকন্যাই জোনাকত বৰশী বাই)"("বায়" হ'ব লাগিছিল ))"।আনহাতে মই হালধীয়া নাও বায়(ইয়াত "বাই" হ'ব লাগিছিল )।
৭) হিয়া ব্যাকুল হৈ পৰে জীৱনৰ বাবে ---- লোচন কৌশিক
হৃদয়ৰ এটি ভূল আৰু সলনি হ’ল পটকথা…
সুখৰ দুচকুত নামি আহিল এজাক বৰষুণ…
জন অৰণ্যত আকৌ মৃতু্্যৰ ক্ষণ গনিচে এটি পৰিচয়ে…
বাসনাৰ সাগৰত সাঁতুৰিব যোৱা মনটো হেৰাই গ’ল বিষাদৰ কলা ডাৱৰত
এজাক পোহৰ এতিয়া দূৰণি দেশৰ সাধুকথা…
শুকান ফুলৰ শীতল ছাঁত জিৰাই অনুভব কৰিলোঁ
নিজৰ বুলি ভবা সকলোৰে মুখত মুখাপিন্ধা অচিনাকি দেখিলোঁ…
সুখ- বুলি পিচে পিচে দৌৰিলোঁ
চাওক এইবোৰো কেঁচা ৰঙৰ পখিলা….
এটি পল- সুখ বুলি ভ্রমতে সুখী হ’লো
এটি আশা য’ত বলি আছিল এজাক ধুমুহা
নিমিষতে চূৰমাৰ হ’ল সম্বন্ধৰ প্রাচীনতম আট্টালিকা….
তৃষ্ণাতুৰ অধৰ দুটি উল্লাসিত হৈছিল পলকতে
ডুব গ’ল শোকৰ ছাঁত সেয়া যে মাথোঁ আছিল শুকান বালিচৰ….
কোনো অচিনাকিৰ বাবে কটোৱা উজাগৰি নিশাবোৰত হিয়া ব্যাকুল হৈ পৰে জীৱনৰ বাবে……!!!
.....................................................................................................
এই কবিতাটোত কবিয়ে ব্যক্তি-জীৱনৰ শোক-তাপ বৰ্ণনা কৰিছে । কবিৰ ব্যক্তিগত দুখ, বিচ্ছেদেই কবিতাটিত মুখ্য ভূমিকা লৈছে ।
কবিতাটোত আন বিষয়ত আলোচনা কৰাৰ আগতেই বাননৰ বিষয়ত ক'ব লাগিব । । এটা শব্দয়ো কবিতা এটাৰ অৰ্থ সলনি কৰে। “ভূল” নহয় “ভুল”, “গনিচে” নহয় "গণিছে"হে শুদ্ধ । একেদৰে কলা (কলা-সংস্কৃতি), ক'লা(ৰং, black)! কবিয়ে নিশ্চয় বাসনাৰ ক'লা(black) ডাৱৰ বুলিহে বুজাব খুজিছিল । কবিতাটো পঢ়িলেই পাঠকে সহজেই অনুভৱ কৰিব পাৰিব যে কবিৰ অধ্যয়নৰ অভাৱ আছে । অভিজ্ঞতা আৰু অধ্যয়নে শব্দৰ ব্যৱহাৰ আৰু বিষয়বস্তু নিৰ্বাচনত পৰিপক্বতা আনিব । মনৰ অনুভৱক শব্দ আৰু ভাষাৰ সঠিক ব্যৱহাৰে মাত্রা প্ৰদান কৰে ।
৮) -প্ৰতিশ্ৰুতি-
-- অনিন্দিতা কলিতা
এযুৰি চকুৰ পৰা এযুৰি চকুলৈ
দুখনি হাতেৰে দুখনি হাতত
এখন হিয়াৰ পৰা অনেকযোজন দূৰৈৰ এখন হিয়ালৈ
এটাই মাথো প্ৰতিশ্ৰুতি-
"খহিলে খহি পৰক নীলিম আকাশ
ভাঙিলে ভাঙক ভীষণ শব্দৰে এজাক ধুমুহা
ফুলিলে ফুলক একুৰা জুই পলাশৰঙী ফাগুনত
কঁপিলে কঁপক বিহুৱা মন উৰণীয়া
ছিঙিলে ছিঙক লেথেৰী নিছিগা চিপচিপিয়া এজাক বৰষুণ
সৰিলে সৰি পৰক দুবৰিৰ দলিচাত শেৱালী ফুলাৰ নিশা
উৰিলে উৰক ডালে ডালে হেঁপাহৰ ৰঙীন চোলা"
ক্ৰমশঃ সহজ হৈ পৰা সকলো নিয়মমাফিক পৰিঘটনাৰ পিছতো
ভালপোৱাৰ প্ৰতিটো চৰ্ত পূৰাই ভালপাম এই পৃথিৱীৰ পৰিধি ভাঙি ভালপাম
মাথো তোমাকেই ভালপাবলৈ মই ভালপাম ৷
.................................................................................
পাঠকক প্ৰথম পৰ্যায়ত কবিতা এটাৰ আংগিকে দৃষ্টি আকৰ্ষণ কৰে। অনিন্দিতা কলিতাৰ "প্ৰতিশ্ৰুতি" শীৰ্ষক কবিতাটোৰ আংগিক সুন্দৰ । কবিতাটোৰ প্ৰতিটো শব্দৰে এটা-আনটোৰ সৈতে গভীৰ আত্মিক সম্বন্ধ আছে, যিদৰে প্ৰেমাস্পদৰ এজনে আনজনক বাদ দি অসম্পূৰ্ণ ঠিক সেইদৰে যেন কবিতাটোৰ প্ৰতিটো শব্দৰ মাজত সেই সম্বন্ধ আছে । সাম্প্ৰতিক যান্ত্ৰিকতাৰ দিনতো ভালপোৱাৰ অনুভৱ কিন্তু কমি যোৱা নাই। মানুহৰ বুকুত হৃদয় থকালৈ থাকিব প্ৰেম, সেয়াই "প্ৰতিশ্ৰুতি"ৰ কবিয়ে ক'ব বিচাৰিছে প্ৰতিশ্ৰুতিৰ জৰিয়তে । সেয়ে তেওঁ কৈছে----
"ক্ৰমশঃ সহজ হৈ পৰা সকলো নিয়মমাফিক
পৰিঘটনাৰ পিছতো
ভালপোৱাৰ প্ৰতিটো চৰ্ত পূৰাই ভালপাম
এই পৃথিৱীৰ পৰিধি ভাঙি ভালপাম..."
সকলো দুৰ্যোগৰ পিছতো একমাত্ৰ স্বচ্ছ ভালপোৱাৰ অনুভূতিয়ে জীৱন মিঠা কৰি তোলে। মাথোঁ থাকিব লাগে প্ৰতিশ্ৰুতি পূৰণৰ মন। প্ৰতিশ্ৰুতি, বিশ্বাসেইটো ভালপোৱাৰ শক্তিশালী আধাৰ । কবিতাটোৰ মধ্যভাগত লিখিছে ---
"খহিলে খহি পৰক নীলিম আকাশ
ভাঙিলে ভাঙক ভীষণ শব্দৰে এজাক ধুমুহা ..."
ভালপোৱা সকলোৰে মনত বিৰাজ কৰিলে পৃথিৱীখন সৰ্বাংগসুন্দৰ নহ'লহেঁতেননে? এক সুখপাথ্য কবিতা ।
৯) কবিতা-
জাহ্নু ভৰদ্বাজ
ধূলিয়ৰি বাটটোৰে নগৈ থাকিব নোৱাৰি... শুকান বাঁহপাতবোৰৰ সেই তাহানিৰ খৰমৰণি আৰু নিজম দুপৰীয়াবোৰৰ আভজাঁ মৌনতা !
নৈ খনলৈ এই বাটেই যায়... তাহানিৰ দৰেই দুখোজত এখোজ দি তৰা নৰা ছিঙি দৌৰো নৈ খনলৈ- ঘৰ্মাক্ত দেহাটি সামৰি লয় পানীবোৰে-
অথবা- গাভৰু ঘাটত লুকাই লুকাই চোৱা ভৰুণ লাজ এসোপাৰ কেলি- নতুন কৈশোৰৰ সেই বেঙুনীয়া উন্মাদনাবোৰ -
ধূলিয়ৰি আলিটোৱে ৰৈ ৰৈ সোঁৱৰায় মৌ-সনা আমাৰ সময়বোৰ৷
গোধূল বেলা জাকৰুৱা গৰুবোৰৰ ঘৰমুৱা ছন্দ; ধূলিয়ৰি আলিটোৱে প্ৰাণ পাই উঠে পুনৰবাৰ,
ক্ষণেক আগৰ জাকৰুৱা কৈশোৰ; পহিলা বিড়িৰ সেই তিতা আমেজ- আৰু দেউতাৰ চেকনিৰ ভয়- ঘৰমুৱা খোজৰ লেহেমীয়া গতিত সহানুভূতি জাগে আলিটোৰ!
ধূলিয়ৰি আলিটোৰে নগৈ থাকিব নোৱাৰি...
.........................................................................................
মানুহৰ জীৱনৰ সকলোতকৈ ভাল লগা সময়খিনিয়েই কিশোৰ কালৰ সময়ছোৱা। এই সময়ছোৱা মানসপটত সুপ্ত হৈ থাকে আৰু সময়ে সময়ে চিনেমাৰ ফ্লেছবেকৰ দৰে ভুমুকি মাৰে। কবিয়ে এনে মিঠা অনুভৱক শব্দৰে আনক বিলাই দিব পাৰে। জাহান্নু ভৰদ্বাজৰ "কবিতা"ই সকলোকে এবাৰলৈ শৈশৱৰ সেই ধূলিয়ৰি বাট, চিনাকি নৈখন, আম-কঁঠাল-বগৰীজোপালৈ অথবা সমনীয়াৰে সৈতে ৰবাব টেঙাৰ বলটোৰ কাষলৈ লৈ যায়।
"নৈখনলৈ এই বাটেই যায়... তাহানিৰ দৰেই"
শৈশৱক আকৌ এবাৰ লগ পাবলৈ কবি যেন বিয়াকুল।
আনহাতে শৈশৱ-কিশোৰৰ কিছু তিক্ত অভিজ্ঞতাও পিছলৈ স্মৃতিৰ বোকোচাত মিঠা হৈ ৰয়। সেইবোৰে ভৱিষ্যত জীৱনত দিয়ে ভাল-বেয়াৰ চিনাকি । সেয়ে কবিয়ে লিখিছে ---
"ক্ষণেক আগৰ জাকৰুৱা কৈশোৰ ;পহিলা
বিড়িৰ তিতা আমেজ আৰু দেউতাৰ চেকনিৰ ভয়
ঘৰমুৱা খোজৰ লেহেমীয়া গতিত সহানুভূতি জাগে আলিটোৰ!
ধূলিয়ৰি আলিটোৰে নগৈ থাকিব নোৱাৰি ..."
সুন্দৰকৈ কবিতাটোৰ পৰিসমাপ্তি হ'লেও পাঠকৰ মন গহনত বহু সময়লৈ অনুৰণন হৈ থাকিব শৈশৱৰ মিঠা স্মৃতি ।
শেষত আটাইকেইজন কবিলৈ মোৰ শুভেচ্ছা থাকিল....।
Unlike · Comment
You, Mousumee Bori, Debaraj Kalita, Hirákjyóti Báishýá and 9 others like this.
Maanash Jyoti সুক্ষ্ম আলোচনা । সুন্দৰ হৈছে
March 29 at 7:54pm · Like · 1
Daisy Anuranjana Thnk u
March 29 at 7:58pm · Like · 1
Hirákjyóti Báishýá Val lagil alosonati..
Yesterday at 12:53am · Like · 1
Anita Gogoi ভাল লাগিল। বিশেষকৈ মোৰ কবিতা খুঁত সমূহ আঙুলিয়াই দিয়াৰ বাবে অশেষ কৃতজ্ঞ #Daisy। ধন্যবাদ জনাইছো তোমালৈ।
22 hrs · Like · 1
Daisy Anuranjana Swagotom baa
21 hrs · Like
Daisy Anuranjana Dhannyabaad Hirakjyoti Baishya
21 hrs · Like
Jahnu Bharadwaj আমাৰ কবিতাটোৱো বিচাৰৰ বাবে সামৰি লোৱা বাবে অনুগৃহীত হ'লো৷ভাল লাগিল৷ধন্যবাদ আৰু শুভেচ্ছা থাকিল আলোচকলৈ৷
আলোচনাটিত বহু ঠাইত বানান ভুল চকুত পৰিছে৷''দ্বন্দ্বাত্মক ভৌতিকবাদী কাব্যধাৰা'' মানে ভালদৰে নুবুজিলো৷
আৰু শেষত, এই অভাজনৰ নামটো ''জাহ্নু''৷
19 hrs · Like · 1
Dadul Bhuyan পর্যালোচনাটি ভাল লাগিল।বিশেষকৈ মোৰ কবিতাটোৰ ভুলবোৰ আঙুলিয়াই দিয়াত ভাল লাগিল।
18 hrs · Like · 1
Daisy Anuranjana আপোনাৰ নামটো তেনেকৈয়ে আছিল আপুনি দিয়া কবিতাটোৰ সৈতেই ।
মই মাত্ৰ 'কপি' কৰিহে আনিছো ।
দন্দ্বাত্মক ভৌতিকবাদ হৈছে বৰ্তমান সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ সপোন দেখা । কবি হীৰেন ভট্টাচাৰ্য, অমলেন্দু গুহ, কেশৱ মহন্ত, ৰবীন্দ্ৰ সৰকাৰ, হেমাংগ বিশ্বাস আদি দন্দ্বাত্মক ভৌতিকবাদী কবি । এই কাব্যধাৰাৰ সূচনা হৈছিল বিংশ শতাব্দীৰ পঞ্চাছৰ দশকত । যিটো বৰ্তমান যুগৰ কাব্য ধাৰাৰ প্ৰধান সুঁতি আছিল ।
(দৌৰা দৌৰিকৈ দিয়াৰ খাতিৰত লেখাটো পুনৰ চকু ফুৰোৱাৰ সুবিধাটো লোৱা নহ'ল । তেনে ক্ষেত্ৰত 'টাইপ' কৰোতে দুই এটা ভুল ৰৈ যোৱাটো স্বাভাৱিক ।) আপুনি চকু ফুৰাই দিয়া বাবে ধন্যবাদ । @jahnu
18 hrs · Edited · Like · 1
Daisy Anuranjana Dhannyabaad Dadul daa
18 hrs · Like

No comments:
Post a Comment