Wednesday, 1 April 2015

চানেকি শিতান : ফেব্ৰুৱাৰী ২০১৫: ''সাতসৰী''-ৰ কবিতা :- সুব্ৰতা গোস্বামী

Subrata Goswami
29 March 2015 at 4:01pm · Edited
“চানেকি শিতান : ফেব্ৰুৱাৰী ২০১৫,
সাতসৰী"
চানেকি শিতানৰ ফেব্ৰুৱাৰী সংখ্যা,
সাতসৰী আলোচনীৰপৰা,কবি ৰফিকুল হোছেইনৰ “পোহৰৰ আঙঠি” শীৰ্ষক কবিতাটি বাচনি কৰি
লোৱা হৈছে ৷ কবিতাটিৰ বিষয়ে কিবা কোৱাৰ
আগতে কবিতাটি তলত তুলি দিয়া হ’ল-
মই: ক'ত থাকে,
পোহৰৰ আঙঠি?
তুমি: পোহৰত,
স্বচ্ছ জোনাকত
মই: আন্ধাৰত কি থাকে?
তুমি:(কিছু ভাবি)-হয়তো বহুত কিবাকিবি
যাক দেখা নাযায় সততে
খেপিয়াই পালেহে হয়তো কিবা এটা পোৱা
মই: শুনা,
পোহৰত আচলতে একো নাথাকে
একো নিৰীক্ষণ কৰিবলৈ নাথাকে
আন্ধাৰ,
সূক্ষ্ম নিৰীক্ষণৰ এক সূক্ষ্ম যাত্ৰা
গুহাৰ পিছত গুহা ভ্ৰমি
যি,
বুটলি আনিব পাৰে
পোহৰৰ আঙঠি
সোণজনী,
পোহৰত আন্ধাৰহে থাকে
পোহৰৰ আঙঠি নাথাকে।
"পোহৰৰ আঙঠি" শীৰ্ষক কবিতাটি মন কৰিলেই পৰিলক্ষিত হয় দুগৰাকী ব্যক্তিৰ মাজৰ কথোপোকথন।সেয়া হয়তো এগৰাকী নাৰী আৰু এজন পুৰুষৰ মাজৰ স্বাভাৱিক আত্মীয়তা অথবা পৰস্পৰৰ গোপন কথা জনাৰ আগ্ৰহ,ইচ্ছা।'পোহৰৰ আঙঠি' ইয়াত প্ৰতীকৰূপত ব্যৱহৃত হৈছে।আমি ক'ব পাৰো,য'ত একো কৌতুহল নাথাকে তাত আৰ্কষণও লাহে লাহে হ্ৰাস পায়।কাৰণ তাত বিচাৰিবলগীয়া একো নাথাকে।কবিতাটিত কবিয়েও কৈছে যে মূৰ্তমান পোহৰত কৌতুহল উদ্দীপক সমল একো নাই।পোহৰ স্বচ্ছ।নিজে নিজেই সকলো ধৰা দিয়েহি।প্ৰকৃতাৰ্থত আন্ধাৰত লুকাই থাকে সকলো সম্ভাৱনীয়তা।মানুহৰ মনস্তত্ত্বৰ এই ব্যতিক্ৰমী দৰ্শনে সাধাৰণতে পাঠকক নিশ্চয়কৈ ভবাই তোলে।এই দৰ্শন প্ৰকাশৰ শৈলী মনকৰিবলগীয়া।অতিকৈ প্ৰোজ্জ্বল ভাষাত কবিয়ে আতকধুনীয়াকৈ সজাইছে কবিতাটি।ইয়াত আন্ধাৰক কু হিচাপে নহয় সু হিচাপে কবিয়ে তুলি ধৰিছে।অনুসন্ধিৎসু মনটোয়ে আন্ধাৰত বিচাৰি ফুৰে 'পোহৰৰ আঙঠি'সম সুখ-সৌন্দৰ্য্য।
(চানেকী শিতানটি যুগুতোৱাত সহায়-সহযোগ কৰা বাবে "আখৰুৱা" গোটৰ সক্ৰিয় সদস্য,বন্ধু হীৰকজ্যোতি বৈশ্যৰ ওচৰত কৃতজ্ঞ)
-সুব্ৰতা গোস্বামী
২৯/০৩/২০১৫ ইং
'“চানেকি শিতান : ফেব্ৰুৱাৰী ২০১৫,
সাতসৰী"
চানেকি শিতানৰ ফেব্ৰুৱাৰী সংখ্যা,
সাতসৰী আলোচনীৰপৰা,কবি ৰফিকুল হোছেইনৰ “পোহৰৰ আঙঠি” শীৰ্ষক কবিতাটি বাচনি কৰি
লোৱা হৈছে ৷ কবিতাটিৰ বিষয়ে কিছু আভাষ দিয়াৰ
আগতে কবিতাটি তলত তুলি দিয়া হ’ল-

মই: ক'ত থাকে,
        পোহৰৰ আঙঠি?
তুমি: পোহৰত,
          স্বচ্ছ জোনাকত
মই: আন্ধাৰত কি থাকে?
তুমি:(কিছু ভাবি)-হয়তো বহুত কিবাকিবি
         যাক দেখা নাযায় সততে
         খেপিয়াই পালেহে হয়তো কিবা এটা পোৱা
মই: শুনা,
        পোহৰত আচলতে একো নাথাকে
         একো নিৰীক্ষণ কৰিবলৈ নাথাকে
         আন্ধাৰ,
         সূক্ষ্ম নিৰীক্ষণৰ এক সূক্ষ্ম যাত্ৰা
         গুহাৰ পিছত গুহা ভ্ৰমি
         যি,
         বুটলি আনিব পাৰে
         পোহৰৰ আঙঠি
         সোণজনী,
         পোহৰত আন্ধাৰহে থাকে
         পোহৰৰ আঙঠি নাথাকে।

"পোহৰৰ আঙঠি" শীৰ্ষক কবিতাটি মন কৰিলেই পৰিলক্ষিত হয় দুগৰাকী ব্যক্তিৰ মাজৰ কথোপোকথন।সেয়া হয়তো এগৰাকী নাৰী আৰু এজন পুৰুষৰ মাজৰ স্বাভাৱিক আত্মীয়তা অথবা পৰস্পৰৰ গোপন কথা জনাৰ আগ্ৰহ,ইচ্ছা।'পোহৰৰ আঙঠি' ইয়াত প্ৰতীকৰূপত ব্যৱহৃত।আমি ক'ব পাৰো,য'ত একো কৌতুহল নাথাকে তাত আৰ্কষণও লাহে লাহে হ্ৰাস পায়।কাৰণ তাত বিচাৰিবলগীয়া একো নাথাকে।কবিতাটিত কবিয়েও কৈছে যে মূৰ্তমান পোহৰত কৌতুহল উদ্দীপক সমল একো নাই।পোহৰ স্বচ্ছ।নিজে নিজেই সকলো ধৰা দিয়েহি।প্ৰকৃতাৰ্থত আন্ধাৰত লুকাই থাকে সকলো সম্ভাৱনীয়তা।মানুহৰ মনস্তত্ত্বৰ এই ব্যতিক্ৰমী দৰ্শনে সাধাৰণতে পাথকক নিশ্চয়কৈ ভবাই তোলে।এই দৰ্শন প্ৰকাশৰ শৈলী মনকৰিবলগীয়া।অতিকৈ প্ৰোজ্জ্বল ভাষাত কবিয়ে আতকধুনীয়াকৈ সজাইছে কবিতাটি।ইয়াত আন্ধাৰক কু হিচাপে নহয় সু হিচাপে কবিয়ে তুলি ধৰিছে।অনুসন্ধিৎসু মনটোয়ে আন্ধাৰত বিচাৰি ফুৰে 'পোহৰৰ আঙঠি'সম সুখ-সৌন্দৰ্য্য।

(চানেকী শিতানটি যুগুতোৱাত সহায়-সহযোগ কৰা বাবে "আখৰুৱা" গোটৰ সক্ৰিয় সদস্য,বন্ধু হীৰকজ্যোতি বৈশ্যৰ ওচৰত কৃতজ্ঞ)

-সুব্ৰতা গোস্বামী
২৯/০৩/২০১৫ ইং'
Unlike · Comment
You, Mousumee Bori, Hirákjyóti Báishýá, বিক্ৰমাদিত্য বৰুৱা and 11 others like this.

Pallab Kumar Nath সুন্দৰ কবিতা এটিৰ সুন্দৰ আলোচনা পঢ়িলোঁ ৷
Yesterday at 4:45pm · Like · 2

Mousumee Bori সুন্দৰ আলোচনা ৷ আপ্লুত হ'লো৷
Yesterday at 6:15pm · Like · 1

Subrata Goswami ধন্যবাদ জনাইছো-পল্লৱ আৰু মৌচুমী বাইদেউ
2 hrs · Like · 1

No comments:

Post a Comment