'আখৰুৱা' গোটৰ মাৰ্চ/২০১৫ ৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-২২।।
।।১ম অংশ।।
------------------------------------------------------------------------------------------
কবিতা পৃথিৱীৰ প্রাচীনতম তথা সুক্ষ্মতম সুকুমাৰ কলা।
কবিৰ বাবে,কবিতা-- জীৱনৰ অন্য নাম।প্রকৃততে প্রতিজন মানুহৰ হৃদয়তে থাকে কবিতা।কেৱল প্রকাশৰ বাবে বাট বিচাৰি নাপায়, যিটো এজন কবিৰ বাবে সহজ। কবিতাৰ উতঃপ্রোত সম্পৰ্ক মানৱ জীৱনৰ সৈতে। এয়া অতিৰঞ্জিত বুলি ভবাৰ থল নোহোৱা নহয় কিন্তু উত্তৰত ক'ব পাৰি যে, কবিতাই মানুহক মানুহ হিচাপে চিহ্ণিত ক'ৰে। যিসকল কবিতাপ্রেমী, সেইসকল জীৱন-প্রেমী হয়। অৰ্থাৎ কবিতাই জীৱনক ভালপাবলৈ শিকাই । এয়া হ'ল, কবিতাপ্রেমী সকলৰ কথা যিসকল কবিতাৰ প্রতি আগ্রহী আৰু বিচক্ষণ পাঠক।এইসকল পাঠকে বাচি বিচাৰি বা নিৰ্বিচাৰে কবিতা পঢ়ে।কিন্তু সকলো মানুহৰে নাথাকে সুক্ষ্ম অনুভূতিপ্রৱনতা, এওঁলোকে অন্তৰ্নিহিত অৰ্থ অনুধাৱন কৰিব নোৱাৰি আগ্রহ থকা স্বতেও কবিতাৰ পৰা আঁতৰত অৱস্থান কৰে । আনহাতে আন এচামৰ মতে কবিতা কেৱল কল্পনাবিলাসিতা। এইসকলে মনত পোষণ কৰে কবিতাৰ প্রতি কেৱল বিৰাগ আৰু অসন্তোষ। এই পিচৰ দুচাম লোকক কবিতাৰ প্রতি আগ্রহী কৰি তোলাৰ প্রয়োজন আছে। জীৱনমুখিতাৰ বাবে, মানৱতাৰ বাবে।
এইসকলক কবিতা অনুৰাগী কৰিব পাৰে এজন পৰ্যালোচকে। এজন পৰ্যালোচকে কবি আৰু পাঠকৰ মাজত সেতুবন্ধনৰ কাম কৰিব পাৰে। কবিসকলে সাধাৰণতে কবিতা লিখে নিজৰ প্রাণৰ তাগিদাত। কিন্তু যেতিয়া কবিয়ে নিজৰ সৃষ্টিক পাঠকৰ বাবে আগবঢ়াই দিয়ে , তেতিয়া সেয়া কবিৰ ব্যক্তিগত হৈ নাথাকে। তদুপৰি সামাজিক দায়বদ্ধতাৰ কথাও এইখিনিতে আহি পৰে। তেনেক্ষেত্রত কবিৰ বক্তব্যক পাঠকৰ কাষ চপাই নিয়াৰ বাবে নিজৰ অনুভৱেৰে যিজনে বাট দেখুৱাই তেৱেঁ পৰ্যালোচক বা সমালোচক।
''কবিতাৰ সমালোচক নিজে এজন কবি হ'লে খুবেই ভাল নহ'লেও তেওঁ এজন সংবেদনশীল হৃদয়ৰ ব্যক্তি হ'ব লাগে। তেওঁ হ'ব লাগে স্পষ্ট বক্তা আৰু নিৰপেক্ষ ব্যক্তি। সৰ্বোপৰি তেওঁ হ'ব লাগিব গঠনমূলক সমালোচনাৰ পক্ষপাতী।''---ডঃ কৰবী ডেকা হাজৰিকাৰ এই কথাখিনিৰে নিজকে প্রবোধ দিলো অযাচিতে আহি পৰা এটা গুৰুভাৰৰ বাবে, যিক্ষেত্রত প্রথমে যথেষ্ট সংকোচিত হৈছিলো নিজৰ জ্ঞানৰ সীমাবদ্ধতাৰ হেতু।
আখৰুৱা গোটৰ কবিতাৰ পৰ্যালোচনা। মই কবি নহওঁ , কিন্তু ভাল পাওঁ কবিতা। কবিসকলৰ অনুভূতিপ্রৱনতাৰ সুক্ষ্ম প্রকাশক চুই চাবৰ প্রয়াস কৰো কিন্তু পিছুৱাই যাওঁ কিজানিবা কিবা জগৰ লাগে ,তথাপিও গোটৰ প্রশাসক মনোহৰ দত্ত দাদাৰ অনুপ্রেৰণা আৰু দায়িত্বই বহন কৰা দায়বদ্ধতাৰে নিজকে সাজু কৰি হাতত কলম তুলি ল'লো,সুদৃঢ় সততাৰে তথা কবিতাৰ অফুৰন্ত শুভকামনাৰে। দায়িত্ব পালনৰ বাবে মোৰ একমাত্র সেয়ে সমল।
----------------------------------------------------------------------------------------------------
হাতত প্রথম তুলি লোৱা কবিতাটো হ'ল----
কবিঃ বিক্রমাদিত্য বৰুৱা। কবিতাঃএতিয়া তেজত সূৰ্য।
শৈল-আকাশৰ আইনাত/সেন্দূৰ জোন/দুলি থাকে মেটেকাৰ ফুল ফুলা নাছিল তেতিয়া
সৰাপাতৰ পুখুৰীত কমলা কুঁৱৰীৰ মাত ওপঙা নাছিল তেতিয়াও
কথাবোৰ সহজ আছিল/এতিয়া তেজত সূৰ্য/পোত খাই/শিলৰ ৰাতি /মেটেকা ফুলিল/কুঁৱৰী ডুবিল /এতিয়া/বুকুত বাজে কাৰ তেজৰ প্ৰাৰ্থনা/উশাহে মাতে অ -স্থিৰ সূৰ্য।
কবিঃ বিক্রমাদিত্য বৰুৱাৰ কবিতাত উপমা আৰু চিত্রকল্পৰ প্রাধান্য পৰিলক্ষিত হয়---- ''শৈল-আকাশৰ আইনাত/সেন্দূৰ জোন/দুলি থাকে''
সুন্দৰ শব্দচয়ন আৰু চিত্রকল্পৰ সফল প্রয়োগে কবিক সৃষ্টিক সাফল্য প্রদান কৰিছে।
'সেন্দুৰ- জোন'---উপমাৰে এগৰাকী নাৰীৰ প্রতীকী ছবি আমাৰ মনলৈ আহে। যাৰ জীৱন সহজ নহয়, তেওঁৰ জীৱন প্রতিবিম্বিত হয় 'শৈল-আকাশৰ আইনাত'।শৈশৱত জীৱন নাছিল কঠিন। --''মেটেকাৰ ফুল ফুলা নাছিল তেতিয়াও/সৰাপাতৰ পুখুৰীত কমলা কুঁৱৰীৰ মাত ওপঙা নাছিল তেতিয়াও/কথাবোৰ সহজআছিল''। ক্রমে জীৱন নদীৰ পকনীয়াই বিপৰ্যস্ত কৰি তোলে তেওঁৰ জীৱন যাত্রা। জাঁজৰি আতৰাই ঠাউনি নোপোৱা জীৱনে যেন হেৰুৱাই সচ্ছন্দতা, হেৰুৱাই এখন মুকলি আকাশ। ''এতিয়া তেজত সূৰ্য পোত খায়''--চৌদিশে মাথো অন্ধকাৰ। জীৱনৰ কাঠিন্যই তেওঁৰ বাবে কঢ়িয়াই মাথো বেদনা---''শিলৰ ৰাতি/
মেটেকা ফুলিল/কুঁৱৰী ডুবিলএতিয়া।'' সকলো যেন অসহায়। নিৰ্বাক ।এতিয়া মাথো প্রাৰ্থনা তেওঁৰ বাবে---''বুকুত বাজে কাৰ তেজৰ প্ৰাৰ্থনা/উশাহে মাতে অ -স্থিৰ সূৰ্য''।
সুন্দৰ উপস্থাপন শৈলী,সংযমী শব্দচয়ন , চিত্রকল্পৰ সাৰ্থক প্রয়োগেৰে এটা সুন্দৰ কবিতা--''এতিয়া তেজত সূৰ্য''। এটা পৌৰাণিক আখ্যান ''কমলাকুঁৱৰীৰ সাধু'' ৰ সুৰীয়া গুঞ্জন অনুৰণিত কবিতাটোত আমি এটি গীতিকবিতা ধৰ্মী কবিতাৰ সোৱাদ পাবলৈ সক্ষম হওঁ। কবিলৈ আমাৰ শুভকামনা ৰ'ল।
----------------------------------------------------------------------------------------------------
---কবি নিশাংক মিলনৰ কবিতাঃ-নদী
====
''নদীৰ বুকুত বাজি থাকে মানুহৰ আজন্ম নিসংগতা,
কোনো সোঁৱৰণীৰ ৰিণিকি পাৰত
নদীৰ সতে মানুহৰ প্ৰথম দেখাদেখি
প্ৰথম সাক্ষাত্ ,''
-- নদী মানুহৰ সংগী। নদীৰ বুকুতে মানুহৰ জীৱন। নদী জীৱনৰ চালিকা শক্তি। নদীৰ পাৰতে গঢ়ি উঠে সভ্যতা, লোকালয়। চিৰ প্রৱাহিনী নদীয়ে যেন বুকুত কঢ়িয়াই লৈ যায় মানুহৰ মনৰ সকলো দুঃখবোধ,নিসংগতা।সেয়ে মানুহৰ একাত্মতা,নদীৰ সৈতে--
''সোঁতত ওঁঠ থৈ তেতিয়াৰ পৰাই কিমান যে কথা
কিমান যে আচ্ছন্ন আলাপ !''
নদীয়ে যেন হৃদয়ংগম কৰে মানুহৰ সকলো দুঃখবোধ। নদীয়ে নকৰে বিশ্বাসঘাটকতা। নদী মানুহৰ বিশ্বাসী বন্ধু,যি বুটলি লয় দূৰ্ভাগ্যৰ হুমুনীয়াহ, অকাৰণ বিষাদবোধ ,প্রতাৰিত প্রেমী হৃদয়ৰ যন্ত্রণা অথবা, যুদ্ধক্ষেত্রৰ পৰা উভতি নহা আপোনজনৰ প্রতীক্ষাৰে বাট চাই ৰোৱা হতভাগী নাৰীৰ মুমুৰ্ষু মৌণতা।
''কোনো বিশ্বাসী বন্ধুৰ দৰে নদীৰ পাৰবোৰে বুটলি লয়.....নিমাওমাও নাৰীৰ মৌনতা;''
কাৰণ--''নদী পৃথিৱীৰ প্ৰথম প্ৰেমিক''। কবিতাটো পঢ়িলে নদীৰ প্রতীকী ব্যঞ্জনা অনুভৱ কৰিব পাৰি। প্রথম চোৱাত নদীক মানৱ জীৱনৰ চিৰন্তন সংগী ৰূপে আৰু পিছলৈ কবিয়ে নদীৱ জৰিয়তে এগৰাকী নাৰীৰ প্রতীকী ৰূপ অংকন কৰিছে। তেওঁৰ জীৱনৰ সৈতে তুলনা কৰিছে।
''নদী মানে নাৰীৰ গভীৰতা;'' ----এখন নদীৰ দৰে নাৰীয়েও নীৰৱে বহন কৰে জীৱনৰ দুখ সুখ, বিষাদ,অপূৰ্ণতা কিম্বা সীমাহীন প্রতাৰণা। কবিয়ে অনুভৱ কৰে নদী যেন স্থবিৰ। সোঁতহে সলনি হয়। সলনি হয় সোঁতৰ ঠিকনা।
''বৈ থকাৰ নামত/নদীওতো ৰৈ থাকে/সোঁতৰ সতে সলাই লোৱা ঠিকনাত,'' ।
পৃথিবীৰ প্রতিজন মানুহৰে জীৱন যেন নদীৰ দৰেই।
''জীয়াই থকাৰ নামত
সকলো মানুহেই আচলতে যাপন কৰে
কেৱল কিছু স্মৃতি, কিছু সম্ভাৱনা!!
জীৱনৰ বিভিন্ন ঘাট প্রতিঘাটেৰে অভিজ্ঞ জীৱনত সুখ-দুখৰ স্মৃতিবোৰ বহন কৰি মানুহে জীৱনটো যাপনহে কৰে। বিগত আৰু অনাগতৰ চাকনৈয়াত মানুহে জীৱনত অনুভৱ কৰিবলৈ অক্ষম জীৱনৰ পূৰ্ণ মাদকতা। ''নদী''---কবিঃ নিশাংক মিলনৰ ভাৱৰ গভীৰতা আৰু হৃদয়স্পৰ্শী উপস্থাপন শৈলীয়ে কবিতাটোক এক সুকীয়া মাত্রা প্রদান কৰিছে। বিশেষ শব্দচয়ন অবিহনেও কবিয়ে সাৰ্থক ভাবে নিজৰ বক্তব্য সাৱলীলভাবে ব্যক্ত কৰিবলৈ সক্ষম হৈছে। সেয়া কবিৰ দক্ষতা আৰু সেয়ে ''নদী''--- এক সহজ বোধগম্য এটা 'ভাল কবিতা'। ইয়াত আমি কবি নৱকান্ত বৰুৱাৰ বিখ্যাত নদীবিষয়ক কবিতা '' ইয়াত নদী আছিল'' কবিতাৰ বিপৰীতে নদীৰ এক অন্য ৰূপ প্রত্যক্ষ কৰো। কবিতাটোৰ সাৰ্বজনীন আবেদনে নদীৰ প্রলংকৰী বা ধ্বংসাত্মক ৰূপৰ পৰিবৰ্তে কল্যানকামী ৰূপটো প্রতিফলিত কৰিছে। কিন্তু পিছলৈ কবিতাটোত অসাৰ মানৱ জীৱনৰ বিষাদবোধৰ এক ৰিণি ৰিণি সুৰ অনুৰণিত হৈছে যি কবিতাটোলৈ আশাবাদিতাৰ বিপৰীতে নিৰাশাৰ ভাব আনি দিছে। অৰ্থাৎ আৰম্ভনীৰ পৰা জীৱনৰ জয়গান গোৱা কবিতাটোৰ শেষলৈ ভাৱৰ পৰিবৰ্তন আহিছে। যি কবিৰ ব্যক্তিগত নিৰাশাবোধক চিত্রিত কৰিছে। কবিলৈ শুভকামনা জনাইছো।
-------------------------------------------------------------------------------------------------
কবিঃ হীৰক জ্যোতি বৈশ্য। কবিতা-- 'বাট'।
এটি প্রতীকধৰ্মী কবিতা।আজিৰ বস্তুবাদী পৃথিৱীত তুমুল প্রতিদ্বন্দিতাৰ আগ্রাসনত সকলো ব্যস্ত। কিহৰ বাবে এই অন্তহীন যাত্রা , ক'ত পৰিসমাপ্তি কোনেও নাজানে। কিন্তু ক্রমাৎ বাঢ়ি আহিছে দূৰত্ব--- মানুহৰ আন্তৰিকতা তথা আত্মিক নৈকট্যৰ। ফলশ্রুতিত বাঢ়ি আহিছে নিসংগতা। ভীৰৰ মাজত থাকিও আজিৰ মানুহ অকলশৰীয়া। কোনেও নাজানে, নাৰাখে আনজনৰ মনৰ বতৰা।
''অকলশৰীয়া বাট এটা/গৈ আছে/ক'লৈবা? /নীৰৱ বাটটোৰ/দুয়োকাষে/পিয়াপি দি ফুৰিছে/
অলেখ অকলশৰীয়া বাট''
সভ্যতাৰ পাতনিতে, কৃষিভিত্তিক সভ্যতাই আছিল মানৱ সমাজৰ মূল। সহজ সৰল আছিল মানুহৰ জীৱন যাত্রা। মাটিৰে সংস্পৰ্শৰে, প্রকৃতিৰে সংপৃক্ত মানুহৰ মাজত নাছিল-- আজিৰ দৰে জটিলতা তথা পৰস্পৰৰ মাজত নাছিল আজিৰ দৰে মানসিক ব্যৱধান।
''সোণালী ধানৰ মাজত জনম লভি
সৰু সৰু আলিৰ পৰা
কেঁচা বাট, বোকাময় বাট, ধুলিৰ বাট হৈ
ৰূপ লৈছে পকী বাটৰ
বুকুত ছটিয়াই ল'বলৈ সোণালী গ্ৰেভেল''
সময়ৰ সোঁতত ক্রমে আগবাঢ়িল সভ্যতা আৰু মানুহেও যেন নিভাঁজ আন্তৰিকতাৰ স্বৰ্ণাভ বোল সনা জীৱন এৰি বাট বুলিলে কংক্রীটৰ অৰণ্যলৈ। মৰম, স্নেহ, আন্তৰিকতা আদি মানবীয় অনুভূতিৰ বিপৰীতে চকমকীয়া কৃত্রিমতাত ভোল যোৱা আজিৰ মানুহে ক্রমশঃ হেৰুৱাই পেলাইছে নিজৰ অজ্ঞাতে মুকলি আকাশৰ, নিঃসীম নীলিমাৰ উদাৰতা।
''উল্কাপিণ্ডবোৰে খুন্দিয়াই খুন্দিয়াই/লেৰেলা কৰে/অসীম পৰিধিৰ বাট''
আকাশ চুৱাৰ প্রৱনতাৰে ধাৱমান মানুহে হেৰুৱাইছে জীৱনৰ স্বচ্ছন্দতা।সংকীৰ্ণ হৈ আহিছে মনৰ দিগন্ত।তথাপিও, জীৱনঃ গতিৰ নাম। প্রয়োজনতকৈ অধিক পোৱাৰ দুৰাকাংক্ষাত,বহুত বেছি হেৰুৱাই শীৰ্ষবিন্দুলৈ অগ্রগামী জীৱন। পৰ্বত শিখৰত যে সকলো অকলশৰীয়া সেয়া জনাৰ পিছতো পোৱাৰ অনন্ত বাসনাই মানুহক দি যাই মাথো শূণ্যতা।
''তথাপি/বাটবোৰ গৈ থাকে ক্ৰমশঃ ক্ষীণ হৈ হৈ/এটা বিন্দুৰ শূণ্যতাখিনি বিচাৰি বিচাৰি''
আমি সকলোৱে এই প্রেমবিহীন যান্ত্রিক পৃথিৱীৰ একো একোটা যন্ত্র। আগুৱাই যোৱাৰ বিনে আমাৰ গত্যন্তৰ নাই। সেয়ে--''বাটৰ লগতে গৈ থাকো মই/গৈ থাকে আপুনি৷/এই চহৰৰ প্ৰেম'' কবিয়ে কবিতাটোত এজন কথকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। কবিতাটোৰ অন্তিম স্তৱকত কবিয়ে এই দূৰ্ভাৱনা ব্যক্ত কৰিছে যে সকলো জানি শুনিও আমি আগবাঢ়িছো এক চৰম পৰিণতিলৈ। তাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। ইয়াত ''বাট'' হ'ল মানৱ সভ্যতাৰ যাত্রাৰ প্রতীক। এটা সুন্দৰ তথা গভীৰ ভাৱৰ কবিতা। সোণোৱালী পকী ধাননিৰ মাজৰ সৰু সৰু আলিৰ ''দৰ্পন চিত্রকল্প''ৰ প্রয়োগেৰে কবিয়ে কবিতাৰ ভাৱৰ ব্যঞ্জনাক নিটোল ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে। কবিৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।
------------------------------------------------------------------------------------------
কবিতাঃপেৰিচ ।কবিঃসন্তুলন মহন্ত।
কবিতাটো পঢ়িবলৈ লৈ নামটোতে ৰৈছো খন্তেক। হয়তো পিৰিচ হ'ব পাৰে। ইংৰাজী Plate শব্দৰ অসমীয়া প্রতিশব্দ।
''মন যেতিয়া জড় হৈ পৰে/পেৰিচত কি দিম তোমাক ?/সুন্দৰবনৰ দৰে গভীৰতা/
অথবা অৰুন্ধতীৰ খোপাৰ আবেলি আবেলি গোন্ধো নাই''
সুন্দৰ উপস্থাপন শৈলীৰে আৰম্ভ হোৱা কবিতাটোৰ প্রথম স্তৱকত কবিয়ে অনুভৱ কৰিছে এক মানসিক জড়তা। যেন কিবা এক অভাৱবোধ। নিজৰ জীৱনৰ শূণ্যতাৰে কেনেকৈ আনক আপ্যায়ন কৰিব তেওঁ? তেওঁৰ জীৱনত নাই আৰণ্যক সজীৱতা।কাষত নাই প্রিয়জন। প্রেমবিহীন তেওঁৰ জীৱন। জীৱন মাথো এক আনুষ্ঠানিকতা--
''এক জয়াল শুষ্কতাপূৰ্ণ ধৰাৰ একোণত পৰি আছো মাথো..''.।
দিত্বীয় স্তৱকটোত কবিমনৰ হতাশা চিত্রিত হৈছে। আজিৰ পৃথিৱীত সকলো নিয়ন্ত্রিত হয় টকাৰে। প্রয়োজন মাথো ক্রয়ক্ষমতা।
''এক ইউৰোৰে কিনিব পাৰি মানৱতাৰ সকলো ছবি/সুখী, দুখী, উন্মুক্ত, মুখাযুক্ত সকলো ছবি/মানৱীয় অমানৱীয় আদৰ্শ একত্ৰিত...''
মানৱতাৰো হয় বেহা।সেয়ে কবি বিতুষ্ট মানৱ সমাজৰ এই নিকৃষ্টতা পৰিলক্ষিত কৰি। কিন্তু কবিৰ মনত এই আশা সংগোপনে আছে যে হয়তোবা কবিয়ে সলনি কৰিব পাৰিব সেই সমাজ ব্যৱস্থা;কাৰণ কবিৰ আছে দৃঢ়তা-- সমাজ পৰিৱৰ্তনৰ। কবিয়ে কলমেৰে আনিব পাৰে বিপ্লৱ। যাৰ জৰিয়তে অমানৱীয়তাৰ মৰুভূমিৰ বুকুতো গজি উঠিব মানৱতাৰ মৰোদ্যান।
''প্ৰাণধাৰী এক কবি আগুৱাই যায়
মৰুময় বাটে অনৰ্গল খোজ পেলায়''
---- কবিৰ আশাবাদিতাই হৃদয়স্পৰ্শ কৰে। শিহৰিত কৰি তোলে পাঠকক।
কিন্তু ক্ষণিকৰ বাবেহে। পুনৰ নিৰাশাবাদৰ অটল গৰাহত বাট হেৰুৱাই আশাবাদিতাই। আধুনিক পৃথিৱীৰ হৃদয়হীনতাই কবিমনক দোলা দি যায় । কবিৰ ভাৱ হয় এই পৃথিৱীত সকলো পণ্য।
''মানুহৰ মানুহ-খেলা/কোনো এক মুহূৰ্তত নিজকে পণ কৰি
সমৰ্পণ কৰোঁ টেবুলত/জুৱা, মাথো জীৱনজোৰা এক জুৱা''
জীৱন জুৰি মানুহে খেলি যায় জুৱা। এই জুৱাখেলৰ সামৰণি হয় মাথো মৃত্যুত।
''ৱাৰাণসীৰ গংগাতট যেতিয়া হেৰাই যায় / নীৰৱতাই যেতিয়া গ্ৰাস কৰি আহে ভোৰতালৰ শব্দ''
জীৱনৰ এই মূল্যহীনতাই কবিক অহৰহ কৰে বিতুষ্ট পৃথিৱীৰ প্রতি।
''দৈত্যকায় হোটেল অভিমুখে অজান্তে যেতিয়া আগবাঢ়ো/
লাইট, চাউণ্ড, কেচিনো, প'ল ডান্স, টাকিলা শ্বটছ্''
--- শাৰী কেইটাৰ জৰিয়তে চিত্রকল্পৰ প্রয়োগ কৰা হৈছে কবিতাটিত, কবিতাৰ বক্তব্য শক্তিশালী কৰাৰ উদ্দেশ্যে। কিন্তু,কবিতাটোৰ মূল সৌন্দৰ্য সেই দুটা শাৰীতহে অনুভৱ হয় য'ত কবিয়ে সমাজ পৰিবৰ্তনৰ বাবে বিল্পবৰ সূচনা কৰাৰ সপোন দেখিছে আশাবাদিতাৰে। অৱশ্যে পিছলৈ সেই ধাৰাবাহিকতা অক্ষুণ্ণ নাথাকিল। কবি সন্তুলন মহন্তলৈ আমি শুভকামনাৰে, ভৱিষ্যতে অধিক সাৰ্থক সৃষ্টিৰ আশা ৰাখিছো। (ক্রমশঃ)
---------------------------------------------------------------------------------
ধন্যবাদেৰে--- অনিতা গগৈ । ১০।৪।২০১৫।
Unlike · Comment
You, Debaraj Kalita, Hirákjyóti Báishýá, বিক্ৰমাদিত্য বৰুৱা and 13 others like this.
Hirákjyóti Báishýá সুন্দৰ পৰ্যালোচনা৷ বিশেষকৈ মোৰ কবিতা 'বাট'ৰ আলোচনা পঢ়ি আপ্লুত হ'লোঁ৷ 'বাট' প্ৰতীকটোৰ অৰ্থ বিস্তাৰ ভাল লাগিল৷
অশেষ ধন্যবাদ আপোনাক৷
April 10 at 12:21pm · Unlike · 4
Anita Gogoi স্বাগতম হীৰক। পঢ়ি ভাল পোৱাৰ বাবে ধন্য হ'লো। ধন্যবাদ।
April 10 at 1:50pm · Unlike · 2
বিক্ৰমাদিত্য বৰুৱা আপ্লুত হ'লো কথাখিনিৰ দ্বাৰা ৷ অশেষ ধন্যবাদ আপোনালৈ ৷
April 10 at 1:58pm · Unlike · 2
Jahnu Bharadwaj 'সুন্দৰ পৰ্য্যালোচনা৷হীৰকৰ কবিতাটোৰ আলোচনা বিশেষকৈ ভাল লাগিল৷
April 10 at 4:23pm · Unlike · 4
Anita Gogoi স্বাগতম। ধন্যবাদ বিক্ৰমাদিত্য বৰুৱা
April 10 at 8:12pm · Unlike · 2
Anita Gogoi আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো মোক উৎসাহিত কৰাৰ বাবে ধন্যবাদ Jahnu Bharadwaj
April 10 at 8:13pm · Unlike · 1
Manohar Dutta ভাল লাগিল অনিতাৰ (Anita Gogoi) পুনৰীক্ষণৰ প্ৰথম অংশ পঢ়ি। আত্মবিশ্বাসকেই মূল হিচাপে লৈ পুনৰীক্ষণ যুগুতোৱাৰ তেওঁৰ এই প্ৰয়াস আদৰণীয়।
April 10 at 9:25pm · Edited · Like · 3
Subrata Goswami বাইদেউ,সুন্দৰ আলোচনা।ভাল লাগিল।
April 10 at 9:25pm · Unlike · 2
Anita Gogoi অশেষ ধন্যবাদ দাদা।
Yesterday at 1:15pm · Unlike · 1
Anita Gogoi ধন্যবাদ জনাইছো সুব্রতা।
Yesterday at 1:15pm · Like · 1
Pranjal Bora bor bhal porjyalusona. waiting for the next
Yesterday at 1:55pm · Unlike · 1
Nishanka Milan বৰ সুন্দৰ হৈছে আলোচনাটি....
21 hrs · Unlike · 1
No comments:
Post a Comment