Wednesday, 1 April 2015

চানেকি শিতান : ফেব্ৰুৱাৰী ২০১৫: "প্ৰকাশ" আলোচনীৰ কবিতা-সুব্ৰতা গোস্বামী

Subrata Goswami
29 March 2015 at 4:21pm · Edited
“চানেকি শিতান : ফেব্ৰুৱাৰী ২০১৫,
প্ৰকাশ"
চানেকি শিতানৰ ফেব্ৰুৱাৰী সংখ্যা,
প্ৰকাশ আলোচনীৰপৰা,কবি কমল কুমাৰ তাঁতীৰ “মোক,আমাক মূৰ্খ বুলি ভাৱে” শীৰ্ষক কবিতাটি বাচনি কৰি লোৱা হৈছে ৷ কবিতাটিৰ বিষয়ে কিবা কোৱাৰ
আগতে কবিতাটি তলত তুলি দিয়া হ’ল-
মাটি কাটি,আঁকি থোৱা পদচিহ্নবোৰত
তামোলৰ ৰসেৰে পিকাই পিকাই তেওঁ
কিছুমান বিক্ষিপ্ত ৰং বিয়পাই দিলে।
আমি সুধিলো,
কেলেইনো কৰিলে তেনেকুৱা?
'মোক,আমাক মূৰ্খ বুলি ভাবে।
সহজ-সৰল গাঁৱলীয়া মানুহ বুলি ভাবে।'
সেয়ে মহানগৰবোৰলৈ আমাৰেই কথা ক'বলৈ ওলাই যায়।
অথচ পূৰণ কৰে নিজৰ মধ্যবিত্তীয় স্বাৰ্থ।
মোৰ,আমাৰ নাম মুখত লৈ ঘটি আনে টকা;
অথচ নিজৰ জেপ গৰম কৰে।'
আমি মূৰ তুলি মানুহজনলৈ চালো।
শৰীৰৰ বলিৰেখাবোৰে ক'বলৈ ধৰিলে,
শত-সহস্ৰ দিনৰ পৰা কিছুমান মানুহে
মানুহৰ সমূহক ঠগি অহাৰ কাহিনী।
"মোক,আমাক মূৰ্খ বুলি ভাবে" শীৰ্ষক কবিতাটিৰ প্ৰথম তিনিশাৰীয়ে সমগ্ৰ কবিতাটিৰ আভাষ পাওঁ।মাটি কাটি আঁকি থোৱা খোঁজৰ চিনবোৰ মধ্যবিত্তীয় সমাজৰ কথা বুজাইছে।তামোলৰ পিক প্ৰতিবাদৰ ভাষা।এয়া দুখীয়াৰ অন্তৰত উতলি থকা ক্ষোভৰ প্ৰকাশ। দুখীয়া-দৰিদ্ৰৰ মাজৰ পৰাই দুখীয়াৰ দুখখিনিৰ গইনা লৈ ধনী হোৱা মধ্যবিত্তীয় মানুহৰ কথা বুজাইছে।চাবলৈ গ'লে এই কথাটো বহু ক্ষেত্ৰত প্ৰযোজ্য।বৰ্তমানৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা তথা এচাম স্বাৰ্থপৰ মধ্যবিত্তীয় লোকৰ গ্ৰাসত ককবকাইছে সমাজৰ দৰিদ্ৰ শ্ৰেণীটো।তেনেবিলাক লোকৰ মাজৰ বহুজন সমাজৰ দৰিদ্ৰ পৰিয়ালৰ পৰাই ধনী হৈছে অথচ দুখীয়া শ্ৰেণীটো অবহেলিত হৈয়ে ৰ'ল।কবিতাটিত মধ্যবিত্তীয় স্বাৰ্থৰ কথা প্ৰতিফলিত হৈছে।দুখীয়া ৰাইজৰ হকে মাত মতা এচাম মধ্যবিত্তীয়ই কিদৰে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে পিছত দুখীয়া ৰাইজক পিঠি দিয়ে সেয়া কবিতাটিত পাওঁ।দুখীয়াক ঠগোৱাৰ এই ব্যৱস্থা যে বহু আগৰ পৰাই চলি আছে সেইটো কবিতাটিৰ শেষৰ স্তৱক দুটিত প্ৰতিফলিত হৈছে-
"শত-সহস্ৰ দিনৰ পৰা কিছুমান মানুহে
মানুহৰ সমূহক ঠগি অহাৰ কাহিনী।"
(চানেকী শিতানটি যুগুতোৱাত সহায়-সহযোগ কৰা বাবে "আখৰুৱা" গোটৰ সক্ৰিয় সদস্য,বন্ধু হীৰকজ্যোতি বৈশ্যৰ ওচৰত কৃতজ্ঞ)
-সুব্ৰতা গোস্বামী
২৯/০৩/২০১৫ ইং
'“চানেকি শিতান : ফেব্ৰুৱাৰী ২০১৫,
প্ৰকাশ"
চানেকি শিতানৰ ফেব্ৰুৱাৰী সংখ্যা,
প্ৰকাশ আলোচনীৰপৰা,কবি কমল কুমাৰ তাঁতীৰ “মোক,আমাক মূৰ্খ বুলি ভাৱে” শীৰ্ষক কবিতাটি বাচনি কৰি লোৱা হৈছে ৷ কবিতাটিৰ বিষয়ে কিছু আভাষ দিয়াৰ
আগতে কবিতাটি তলত তুলি দিয়া হ’ল-

মাটি কাটি,আঁকি থোৱা পদচিহ্নবোৰত
তামোলৰ ৰসেৰে পিকাই পিকাই তেওঁ
কিছুমান বিক্ষিপ্ত ৰং বিয়পাই দিলে।

আমি সুধিলো,
কেলেইনো কৰিলে তেনেকুৱা?

'মোক,আমাক মূৰ্খ বুলি ভাবে।
সহজ-সৰল গাঁৱলীয়া মানুহ বুলি ভাবে।'

সেয়ে মহানগৰবোৰলৈ আমাৰেই কথা ক'বলৈ ওলাই যায়।
অথচ পূৰণ কৰে নিজৰ মধ্যবিত্তীয় স্বাৰ্থ।
মোৰ,আমাৰ নাম মুখত লৈ ঘটি আনে টকা;
অথচ নিজৰ জেপ গৰম কৰে।'

আমি মূৰ তুলি মানুহজনলৈ চালো।
শৰীৰৰ বলিৰেখাবোৰে ক'বলৈ ধৰিলে,

শত-সহস্ৰ দিনৰ পৰা কিছুমান মানুহে
মানুহৰ সমূহক ঠগি অহাৰ কাহিনী।

"মোক,আমাক মূৰ্খ বুলি ভাবে" শীৰ্ষক কবিতাটিৰ প্ৰথম তিনিশাৰীয়ে সমগ্ৰ কবিতাটিৰ আভাষ আমাক দি গৈছে।মাটি কাটি আঁকি থোৱা খোঁজৰ চিনবোৰ মধ্যবিত্তীয় সমাজৰ কথা বুজাইছে।তামোলৰ পিক প্ৰতিবাদৰ ভাষা।এয়া দুখীয়াৰ অন্তৰত উতলি থকা ক্ষোভৰ প্ৰকাশ। দুখীয়া-দৰিদ্ৰৰ মাজৰ পৰাই দুখীয়াৰ দুখখিনিৰ গইনা লৈ ধনী হোৱা মধ্যবিত্তীয় মানুহৰ কথা বুজাইছে।চাবলৈ গ'লে এই কথাটো বহু ক্ষেত্ৰত প্ৰযোজ্য।বৰ্তমানৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা তথা এচাম স্বাৰ্থপৰ মধ্যবিত্তীয় লোকৰ গ্ৰাসত ককবকাইছে সমাজৰ দৰিদ্ৰ শ্ৰেণীটো।তেনেবিলাক লোকৰ মাজৰ বহুজন সমাজৰ দৰিদ্ৰ পৰিয়ালৰ পৰাই ধনী হৈছে অথচ দুখীয়া শ্ৰেণীটো অবহেলিত হৈয়ে ৰ'ল।কবিতাটিত মধ্যবিত্তীয় স্বাৰ্থৰ কথা প্ৰতিফলিত হৈছে।দুখীয়া ৰাইজৰ হকে মাত মতা এচাম মধ্যবিত্তীয়ই কিদৰে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে পিছত দুখীয়া ৰাইজক পিঠি দিয়ে সেয়া কবিতাটিত পাওঁ।দুখীয়াক ঠগোৱাৰ এই ব্যৱস্থা যে বহু আগৰ পৰাই চলি আছে সেইটো কবিতাটিৰ শেষৰ স্তৱক দুটিত প্ৰতিফলিত হৈছে-
"শত-সহস্ৰ দিনৰ পৰা কিছুমান মানুহে
মানুহৰ সমূহক ঠগি অহাৰ কাহিনী।"

(চানেকী শিতানটি যুগুতোৱাত সহায়-সহযোগ কৰা বাবে "আখৰুৱা" গোটৰ সক্ৰিয় সদস্য,বন্ধু হীৰকজ্যোতি বৈশ্যৰ ওচৰত কৃতজ্ঞ)

-সুব্ৰতা গোস্বামী
২৯/০৩/২০১৫ ইং'
Unlike · Comment
You, Malabika Bora Brahma, Mousumee Bori, Hirákjyóti Báishýá and 11 others like this.
View 1 more comment

Mousumee Bori সুন্দৰ
Yesterday at 6:37pm · Like · 1

Malabika Bora Brahma Tumar xubdor prosestar xolag loisu. Dhuniya basoni
22 hrs · Like · 1

Subrata Goswami ধন্যবাদ জনাইছো-পল্লৱ,মৌচুমী বাইদেউ আৰু মালৱিকা বাইদেউ।
2 hrs · Like

No comments:

Post a Comment