।।'আখৰুৱা'গোটৰ মাৰ্চ-২০১৫ ৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-২২।।
।।২য় খণ্ড।।
---------------------------------------------------------------------------------------------------------
কবিতাঃ নিৰ্ল্লোভ আত্মাৰ কান্দোন।কবিঃৰাজ কুমাৰ তামুলী।
----------------------------------------------------------------------
''মোৰ অপমৃত্যুৰ পিচত
সপৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ
তুমি নাহিবা,,,,
তুমি নাহিবা,,,,''
কবিয়ে জীৱনত সন্মুখীন হৈছে বহু সংঘাটৰ। আপোন বুলি ভবা নিকট সান্নিধ্যৰ গৰাকীজনৰ পৰাও সন্মুখীন হৈছে সীমাহীন প্রতাৰণাৰ। প্রতাৰণাৰ যন্ত্রণাৰে দগ্ধ কবিয়ে হেৰুৱাইছে জীৱনৰ প্রতি মোহ। কবিৰ অনুভৱ হৈছে মৃত্যু যেন তেওঁৰ নিচেই সন্নিকট। কিন্তু জীৱনৰ পৰা চিৰবিদায়ৰ ক্ষণত, অথবা তেওঁৰ অবৰ্তমানতো সেইজন তেওঁৰ গৃহলৈ অহাতো কবিৰ কাম্য নহয় যিজনে তেওঁৰ বুকুত বহুৱাই দিছে প্রতাৰণাৰ খঞ্জৰ। মিছা সমবেদনাৰে তেওঁৰ পৰিয়ালৰ দুখৰ সমভাগী হোৱাটোও নিবিচাৰে কবিয়ে।
''মোৰ আত্মাই তোমালৈ
উদগ্ৰীৱ হৈ বাট চাই ৰলেও
মোৰ পদূলীৰ ফুলনিত তুমি খোজ নিদিবা,,,,
মোৰ ধোঁৱাময় কবিতাৰ কোঠালিটোত''
আজি যিজনৰ প্রতাৰণাই কবিৰ জীৱন বিপৰ্যস্ত কৰি তেওঁক ঠেলি দিছে মৃত্যুৰ অটললৈ সেইজনৰে আছিল কবিৰ আত্মাৰ সম্পৰ্ক।হয়তোবা, কবিয়ে সচেতন ভাবে তেওঁৰ উপস্থিতি কামনা নকৰিলেও তেওঁৰ অৱচেতন মনে, তেওঁৰ আত্মাই বিছাৰিব পাৰে প্রতাৰকজনৰ সান্নিধ্য। তথাপিও কবিয়ে বাৰণ কৰিছে তেওঁৰ আগমণ। তেওঁ আহিলেই কবিৰ আলসুৱা অনুভূতিৰ কুসুমকোমল কবিতাবোৰে কষ্ট পাব, যিবোৰ নিৰলে শুই আছে কবিহৃদয়ৰ ৰহস্যময় অনুভৱৰ কোঠালীত।
''ফালিচিৰি চিলমিলীয়া টোপনি গৈ থকা কবিতাৰ টুকুৰা বোৰ
জোৰা লগাই
তুমি আগাথা ক্ৰিষ্টিক আৱিষ্কাৰও নকৰিবা,,,,''
ইয়াত কবিয়ে ইংৰাজী সাহিত্যৰ বিখ্যাত ৰহস্যকাহিনীৰ লেখিকা আগাথা ক্রিষ্টিৰ প্রসংগৰে প্রতাৰণা কৰাজনক সাৱধানবানী শুনাইছে যাতে তেওঁ অযথা কৌতুহলেৰে কবিৰ অনুভৱবোৰ খণ্ড বিখণ্ড কৰি নতুন সৃষ্টিৰ অসম্ভৱ প্রয়াসেৰে কবিৰ মূলোচ্ছেদ কৰাৰ চক্রান্তৰ পৰা যেন বিৰত থাকে।সেয়া কবিৰ বাবে অসহনীয়। তেনে অসাধু চৰিত্রৰ পৰা দূৰত্বত অৱস্থান কৰিব খোজে কবিয়ে। তেনেলোকৰ চকুপানীও ভুৱা। তেনে লোকৰ বাবে যেন মৃতকৰ শেষকৃত্যৰ অন্তিম শ্রদ্ধাঞ্জলিও অভিনয়ৰহে নামান্তৰ।
''দুষ্ট চঞ্চল বেহুদা জীৱাত্মাৰ কান্দোন
.........................................
তুমি যোৱা বাটেৰে আকৌ উভতি নাহিবা,,,,!!!-
খবৰ্দৰ,,,,,,''
কবিতাটোত সামগ্রিকভাবে, সকলোকে সহজভাবে বিশ্বাসত লোৱা সকলে আটাইতকৈ বিশ্বাসী জনৰ দ্বাৰা প্রতাৰিত হ'লে কি মৰণান্তিক আঘাট পায় আৰু প্রতিভাৰ অপমৃত্যু হয় সেই ভাৱৰ উপস্থাপন কৰা হৈছে। ''ধোঁৱাময় কবিতাৰ কোঠালী'', ''চিলমিলীয়া টোপনী গৈ থকা কবিতাৰ টুকুৰা'' আদি চিত্রকল্পৰ সম্যক ব্যৱহাৰেৰে কবিয়ে কবিতাৰ মূলবক্তব্য ব্যক্ত কৰিছে যি কবিতাটোত এক পৰিবেশ ৰচনাত সহায়ক হৈছে। আৰম্ভণিৰ পৰা শেষলৈ কবিটাতোৰ ভাৱৰ বিচ্যুতি ঘটা নাই। সেয়ে, কবিতাটোৰ ৰসাস্বাদনত পাঠক বিৰক্ত হোৱাৰ অৱকাশ নাই। যতিচিহ্ণৰ অপ্রয়োজনীয় প্রয়োগে কবিতাটো কিছু দৃষ্টিকটু কৰি তুলিছে। শুভকামনা জনাইছো কবিলৈ।
---------------------------------------------------------------------------------------------------
কবিঃসুব্রতা গোস্বামী।কবিতাঃৰাগিনী।
----------------------------------------------------------
কবিতাটো পঢ়ি এক তৰংগায়িত ৰসহ্যময়তাই পাঠকৰ চিত্তক আন্দোলিত কৰে। কবিৰ মনক চুই গৈছে অহেতুক বিষাদবোধে । জীৱনৰ যাত্রাপথত, মুখামুখি হোৱা উত্থান পতনৰ যন্ত্রনাই কবিৰ অজানিতে বুকুত যেন সৃষ্টি কৰিছে এডোখৰ বিষাক্ত ঘাঁ।
''পাৰ হৈ যায় অজানিতে,
বুকুত কক্ বকনি
এডোখৰ নীলাৰ।''
কবিয়ে অনুভৱ কৰিছে জীৱনৰ আৰম্ভনিৰে পৰা প্রতি পদে পদে কেতিয়াবা যদি সৌভাগ্য সংগী হৈছে, উপভোগ কৰিছে সফলতাৰ উষ্ম আলিংগন। কিন্তু কেতিয়াবা আকৌ দূৰ্ভাগ্যৰ দ' খাৱৈত পতিত হৈ ভোগ কৰিবলৈ বাধ্য হৈছে বিফলতাৰ মৃত্যুশীতল পৰশ। কেতিয়াবা যদি ৰ'দ্রোজ্জ্বল দূপৰৰ আকাশৰ পোহৰ যেন সফলতা। কেতিয়াবা আকৌ তমসাচ্ছন্ন ৰাতিৰ আন্ধাৰ যেন বিফলতা।
''আদিৰপৰা অন্তলৈ/
ঠিক জুইৰ পৰা পানী/
ঠিক বগাৰ পৰা কলা''
তথাপিও অন্তহীন জীৱনৰ গতি,এটা পৰিক্রমাৰ পৰা আন এটা পৰিক্রমালৈ অবিৰাম। সকলো শেষ হৈ যোৱাৰ পিছত ন' উচ্ছাসেৰে পুনৰ আৰম্ভণি কৰাৰ পাছতো পুনৰ একেটা বিন্দুত আহি ৰৈ যায় জীৱন । য'ত প্রাপ্তি মাথো শূণ্য। এক বিৰাট শূণ্যতা।সঁচাই ৰহস্যময়তাৰ আৱৰ্তত জীৱন এক সাঁথৰ--অদ্ভূত।
''শেষ হৈ হৈ আৰম্ভণি/
অথচ এটা বিৰাট শূন্য/
অদ্ভুত''
কবিঃ সুব্রতা গোস্বামীৰ এই কবিতাটোত প্রতিফলিত হৈছে কবি নলিনীবালা দেৱীৰ কবিতাত সততে উপলব্ধি হোৱা বিষাদবোধ। অতিন্দ্রীয়বাদিতাৰ সুৰ।কবিৰ বিষাদবোধৰ আবেদন সাৰ্বজনীন। এখন কল্পনাৰ জগতত উটি ভাঁহি নগৈ কবিয়ে অনুভৱ কৰিছে মানৱ জীৱনৰ সেই অপাৰ ৰহস্যময়তা। এইপাৰে জীৱন। সিপাৰে মৃত্যু। জীৱনৰ সমাপ্তিয়ে দিব পাৰে নেকি সেই বিমল আনন্দ, পূৰ্ণতাৰ ? আত্মাৰ চিৰশান্তি ? কবিয়ে যেন শুনিছে ৰিণি ৰিণি সেই অনাবিল প্রশান্তিৰ সুৰ। অথচ কবি নিশ্চিত নহয় । সিটোপাৰে আছে জানো হাঁহি ? নে মাথো বেদনা ?
''বেৰখন পাৰ হৈ বাজি উঠিছে
কি সুৰ!
হাঁহি অথবা বেদনা!''
কবি সুব্রতা গোস্বামীৰ ''ৰাগিনী'' কবিতাটোৱে পাঠকক ভাৰতীয় দৰ্শণ, জন্ম-জন্মান্তৰবাদৰ ৰহস্যময়তাৰ সম্ভেদ দিয়ে। উচ্চস্তৰীয় উপলব্ধিৰ, গভীৰ ভাৱাৰ্থৰ কবিতাটো কবিয়ে যথাযথভাৱে উপমাৰ প্রয়োগেৰে সাৱলীল গতি দিবলৈ সক্ষম হৈছে।আদিৰ পৰা অন্তলৈ পাঠকৰ মনক জিজ্ঞাসু কৰি ৰখাত কবি সফল হৈছে। কবিৰ উজ্জ্বল ভাৱিষ্যৎ কামনা কৰিছো আৰু তেওঁৰ পৰা আমি বিভিন্ন ধাৰাৰ সাৰ্থক সৃষ্টিৰ আশা ৰাখিছো।
----------------------------------------------------------------------------------------------------------কবিঃ ঊৎপল জোনাক হাজৰিকাৰ কবিতাঃ জীৱন জুৰি কবিতা। (ৰচনাকালঃ ১৯৯৯)
---------------------------------------------------------------------------------------------
এটা প্রতীকি কবিতা।
''কথা এটাৰ কাণে কাণে ক'লে কোনোবাই/
মানুহক লৈ কবিতা নিলিখিবা''
ইয়াত 'কথা'--মানুহৰ প্রতীক। এজন সাধাৰণ মানুহ নহয়। এজন কবি। জীৱন জুৰি যিজনে কবিতা ৰচে। যিজনৰ কবিতাৰ বিষয়ঃ মানুহ।অথচ মানুহৰ বিষয়ে কবিতা লিখিবলৈ গৈ তেওঁৰ অনুভৱ হৈছে যেন কোনো অজান বাধা।তেওঁৰ অনুভৱ হৈছে মানুহৰ অন্তঃসাৰশূণ্যতা। ভাৱ হৈছে-- আছে জানো কিবা প্রয়োজন ,মানুহৰ বাবে কবিতা লিখাৰ ? তথাপিও কবিয়ে নোৱাৰে নিজকে বাৰণ কৰিব । তেওঁ লিখি যাব মানুহৰ বাবে , মানুহৰ কবিতা কাৰণ 'তেওঁ' ৰ বাবে 'কবিতা'--- জোনাকৰ কোমল পোহৰৰ, উমাল চাদৰে ঢাকি থোৱা; আহিনৰ আকাশৰ কুঁৱলীৰ আস্তৰণ আঁতৰাই ওলাই অহা প্রভাতী সুৰুয যেন।যাৰ প্রকাশত প্রভাসিত হয় পৃথিৱীৰ সেউজীয়া।
'জোনাকৰ আলোৱানে ঢকা আহিনৰ সেউজীয়া
প্ৰেমৰ সবিতা''
কবিতা তেওঁৰ বাবে সৃষ্টিৰ অম্লান গান। যৌৱনৰ অফুৰন্ত প্রেৰণা।কবিতা তেওঁৰ প্রেয়সী যাৰ দুচকুত তেওঁ দেখা পাই বাৰিষাৰ প্লাৱন আৰু সেই প্লাৱনত উটি যোৱা মনেৰে তেওঁ নৱযুৱক হৈ জীৱনক ভাল পায়। ভাল পাই মানুহ-- পৃথিৱী ।
'চাৱনিত নামো নামো বাৰিষা
ওঁঠত ন ডেকাৰ পলচবীয়া পখিলা'
সেয়ে কবিতা নিলিখাকৈ থকাটো তেওঁৰ বাবে অসম্ভৱ। কাৰণ তেওঁৰ বাবে---
''কবিতা মানে মাটি আৰু মানুহৰ গান''
যি জীৱনক দি যায় সাগৰ সংগমত সাঁতুৰি নাদুৰিও ক্লান্ত নোহোৱাৰ অদম্য সাহ। জীৱনৰ প্রতি দূৰ্বাৰ প্রেম। সেই প্রেমে কবিক দি যায় জীৱন যুঁজত যুঁজি যুঁজিও ক্লান্ত নোহোৱাৰ প্রেৰণা।জীৱনৰ চক্রব্যুহ ভেদী অভিমণ্যুৰ উন্মাদনা। যাৰ বাবে জীৱন প্রতিনিয়ত এক যুদ্ধক্ষেত্র আৰু কবিতা কবচ। -- 'জীৱনৰ দুৰন্ত ফেনিল' জীৱন সাগৰৰ জোৱাৰ যি পাৰ পাবলৈ দিয়ে অনুপ্রেৰণা।
কবিতা কবিৰ বাবে ৰঙীন ফাগুণ যি সৰাপাতৰ বুকুত মেলে ৰঙৰ পোহাৰ। জীৱনৰ চেৰেকী য'ত মেৰিয়াই লোৱা আঁচুসূতাৰে জীৱনৰ তাতশালত বয় জীৱনৰ বসন। সজাই জীৱন।
''ফাগুনৰ চেৰেকী ইচাৎ বিচাৎ
মাকো দোৰপতিৰ সঘন অহাযোৱা''
কবিয়ে নিলিখো বুলি ভাবিলেও কবিৰ কলমে কবিক উচতাই কবিতা লিখিবলৈ।
''কলমৰ উচতনিত যোৱা শব্দৰ এঁকাবেঁকা'' । প্রকৃততে এয়া কবিমনৰ তাড়না। কবিতাৰ প্রতি ভালপোৱা সেয়ে কবিয়ে লিখে জীৱনৰ বাবে জীৱনৰ কবিতা। মানুহৰ বাবে মানুহৰ কথাৰে মানুহৰ কবিতা। কাৰণ কবিৰ বাবে কবিতা--- ''জীৱনৰ তামিঘৰা'' জীৱনৰ অন্য নাম।
'জোনাকৰ আলোৱানে ঢকা ' ;'ওঁঠত ন ডেকাৰ পলচবীয়া পখিলা' আদি অতীব সুন্দৰ চিত্রকল্পৰ সমাহাৰেৰে কবিতাটোক অনিন্দ্য সুন্দৰতা প্রদান কৰিছে। জোনাক মানেই মিঠা কোমল পোহৰ। সেই কোমল পোহৰৰ আলোৱান -- জাৰত লোৱা উমাল চাদৰ, মেৰিয়াই থকা আহিনৰ আকাশৰ সেউজীয়া প্রেমৰ সবিতা--- সূৰ্য। আকৌ ওঁঠত ন ডেকাৰ পলচবিয়া পখিলা--পল' এবিধ মাছধৰা যতন চাব মাৰি মাছ ধৰা হয় আকৌ পখিলাৰ কপি থকা পাখিদুখনে পলচবিয়াইছে। অনুপম । এনে সুন্দৰ চিত্রকল্পৰ প্রয়োগে কবিৰ দক্ষতাৰ কথাকেই বৰ্ণনা কৰিছে। কবিৰ শুভকামনা কৰিছো।
------------------------------------------------------------------------------------------------------
কবিঃ নয়নমণি শৰ্মা ৰিকু ( Nayanmani Sarmah Riku) কবিতাঃ ভোক।
------------------------------------------------------------------------------------------
জীৱজগতৰ এক অন্যতম জৈৱিক তাড়না হ'ল ভোক বা ক্ষুধা। পৃথিৱীৰ প্রতিটো প্রাণীয়ে জন্ম লভিয়ে প্রয়োজন অনুভৱ কৰে আহাৰৰ। প্রধানকৈ 'ভোক' বুলি ক'লে আমি পেটৰ ভোকৰ কথাই অনুভৱ কৰো। পেটৰ চাহিদা পুৰাবৰ বাবে মানুহে কৰ্ম কৰে। জীৱিকা অৰ্জন কৰে। পশু পক্ষীয়ে চিকাৰ কৰে বা আহাৰৰ সন্ধান কৰে। গছ গছনিয়েও সালোক সংশ্লেষণ প্রক্রিয়াৰে তৈয়াৰ কৰি লয় নিজৰ বাবে প্রয়োজনীয় আহাৰ--- ক্লৰ'ফিল বা পত্রহৰিৎ। ভিক্ষাৰীয়েও ভিক্ষা কৰে ভোক মিটাবৰ বাবেই। পদপথত পৰি থকাজনেও ডাষ্টবিনৰ উচিষ্ট বুটলি খায়। ভোকাতুৰ সন্তানৰ মুখত এমুঠি অন্ন তুলি দিবলৈ অপাৰগ মাতৃহৃদয়ৰ অবৰ্ণনীয় ব্যথা বুজোতাই বুজে। পৃথিৱীত প্রাচীনকালৰে পৰা বিভিন্ন যুদ্ধৰো অৱতাৰণা হৈছে ভোকক কেন্দ্র কৰিয়ে। কিন্তু শ্রেণীবিভক্ত সমাজ ব্যৱস্থাত আজিও এচামে অপচয় কৰে প্রচুৰ খাদ্যৰ , যিসময়ত একেখন পৃথিৱীৰে আন এচামে দূৰ্ভিক্ষৰ গৰাহত পৰি কক্ বকাই থাকে। কবিয়ে অনুভৱ কৰিছে সেইসকলৰ পীড়া। যাৰ বাবে ভোক নিবাড়ন এক যুদ্ধতকৈ কম নহয়।
সময়ো যেন সেইসকলৰ বাবে কঠোৰ।
''এন্ধাৰ পথত সাপৰ দৰে পৰি ৰয় সময়
কিছু দুঃসময়।''
সেইসকলৰ বাবে জীৱন আন্ধাৰ।বিভীষিকাময়। অনিশ্চয়তাৰে ভৰা । পদে পদে অজান বিপদৰ সম্ভাৱনা। ' সাপৰ দৰে পৰি ৰয় সময়' ---এই চিত্রকল্পৰে সাৰ্থকভাবে উত্থাপন কৰিছে সেই বিপৰ্যস্ত সকলৰ দূৰ্ভাগ্য জৰ্জৰিত জীৱন।
''অভাৱৰ পানীপোতাত পোত যায় সেউজীয়া উশাহ
সেউজীয়া সপোন।''
জীৱনত সপোন দেখাৰ অধিকাৰ তেওঁলোকৰ নাই। জীয়াই থকাই য'ত সংগ্রাম ।'অভাৱৰ পানীপোতাত'সপোনবোৰ টোপ টোপকৈ সৰে আকাশ চুৱাৰ বাসনা হেৰুৱাই। ভোকৰ জুইত চগাৰ দৰে জীৱন। টোপ টোপকৈ সৰি মাটিত পোত যায় সেউজীয়া সম্ভাৱনাবোৰ। পূৰ্ণতা নাপায়।নকৈ গজালি মেলাৰ বাবে নাপায় কোনো উৎসাহৰ অনুপ্রেৰণা। 'ভোক' নিঃস্ব মানুহৰ দুৰ্বহ জীৱনৰ প্রতীক। কবিয়ে কবিতাটো সামূহিক আবেদনেৰে আৰম্ভ কৰি ব্যক্তিগত সত্তালৈ সলনি কৰিছে কথন। ''আজি মোৰ কোঠাত জুই জ্বলিছে''---কবিয়ে অনুভৱ কৰিছে সেই অনাহাৰী জনতাৰ ক্ষুধাৰ দাবানল ।বুকুৰ ভিতৰত অনুভৱ কৰিছে ব্যথা ।
''মোৰ কোঠা''---কবিৰ হৃদয়ৰ প্রতীক । মানৱতাবাদী কবিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে অন্নহীন,বস্ত্রহীনৰ বাবে যন্ত্রনা।
''উদং শিশুবোৰে দুহাত দাঙি প্ৰাৰ্থনা কৰিছে।''
''উদং শিশু''---- শোষিত জনতাৰ প্রতীক। 'মেহনতী জনতা' যি জীৱনযুৰি কৰি যায় সংগ্রাম অথচ ভোকৰ ভাতমুঠিৰ দিহা কৰাটোও তেওঁলোকৰ বাবে আকাশকুসুম।
'দুহাত দাঙি প্ৰাৰ্থনা কৰিছে'---যি দুখন হাতেৰে তেওঁলোকে অন্ন উৎপাদন কৰে, পৰিশ্রম কৰে অথচ নিজৰ শ্রমৰ প্রাপ্য বিচাৰি মালিকশেণী , প্রভূৰ ওচৰত শৰণাগত হ'ব লগা হয়।
''দুহাত মেলি শকত মানুহবোৰক খাটনি ধৰিছে সিহঁতে
হে ঈশ্বৰ
চকু মেলি চোৱা আমালৈ।''
'শকত মানুহবোৰ' --- পূঁজিপতি শ্রেণীৰ প্রতীক যি শ্রমিকৰ,খাঁটিখোৱা জনতাৰ শ্রমৰে উপাৰ্জিত ফচলেৰে পোষ্য হৈ 'শকত' হয়। সমৃদ্ধিশালী হয়। অথচ যাৰ জৰিয়তে তেওঁলোকে সম্পদৰ পাহাৰ গঢ়ে, সেইসকল দলিত ,নিষ্পেষিত,শোষিত জনতাই এমুঠি অন্ন, এখনি বস্ত্রৰ বাবে হাঁহাকাৰ কৰিব লাগে।
'ভোক'--কবিঃ নয়নমণি শৰ্মা ৰিকুৰ এটা সাৰ্থক সৃষ্টি। শ্রেণীবৈষম্যৰ প্রতি বিদ্রোহ কৰি উঠা কবিমনৰ আন্তৰিকতা ব্যঞ্জিত ভাৱৰ উপস্থাপনে কবিতাটোক সৰ্বকালৰ সাৰ্বজনীন স্বীকৃতি প্রদানযোগ্য সৃষ্টি হিচাপে প্রতিস্থাপিত কৰিছে। বৰ্ধিত ভাৱৰ সংযোজনে এই কবিতা সৰ্বকালৰ শ্রেষ্ঠ কবিতাৰূপে স্বীকৃতি পোৱাৰ থল দেখা যায়। কবিৰ প্রতিভাই স্বীকৃতি পাওক। শুভকামনা ৰ'ল।
----------------------------------------------------------------------------------------------------------
কবিঃ জয় চক্ৰৱৰ্তীৰ কবিতাঃ ভিক্ষা।
------------------------------------------------------
ভিক্ষা--সাধাৰণ অৰ্থত যিকোনো বস্তু খোজা বা মগা কাৰ্যই ভিক্ষা।মগনীয়াৰে মাগে বা ভীক্ষাৰিয়ে ভিক্ষা কৰে। অতীজ ভাৰতীয় পৰম্পৰাৰ বৰ্ণাশ্রম প্রথা অনুসৰি--
প্রথম আশ্রমঃ ব্রহ্মচৰ্যৰ সময়ছোৱাতো, গুৰুকূলত,গুৰুৰ তত্বাৱধানত থাকি বিদ্যা শিক্ষা গ্রহণকৰা শিক্ষাৰ্থীসকলে সমূহীয়া ভিক্ষাবৃত্তিৰে এসাজ আহাৰ গ্রহণ কৰিছিল।কৃচ্ছ সাধনাৰ্থে। বৌদ্ধধৰ্মত ভিক্ষাবৃত্তিক উচ্চস্থান দিয়া হৈছে। এয়া সাধাৰণ মগনীয়াৰৰ ভিক্ষাবৃত্তিৰ সৈতে তুলনা নহয়। পৰমশক্তিৰ ওচৰতো আমি নতজানু হৈ অন্তৰৰ সভক্তিৰে প্রাৰ্থনা কৰো।আশীষ মাগো। যেতিয়া ব্যক্তিগত কাৰণত হয় সেই প্রাৰ্থনা, সেয়া কোনো উল্লেখযোগ্য কাৰণ নহয়। কিন্তু কবিৰ ভিক্ষা অন্য পৰ্যায়ৰ। তেওঁৰ ভিক্ষা সাধাৰণ বস্তুজগতৰ উপলব্ধ আহিলা বা উপকৰণ নহয়। কবিয়ে ভিক্ষা কোনো সাধাৰণ বিষয়ীজনৰ পৰা বিছৰা নাই। তেওঁ ভিক্ষাপ্রাৰ্থী হৈছে 'বিশাল আকাশৰ'। ভিক্ষাপাত্র তুলি তেওঁ বিছাৰিছে আকাশৰ উদাৰতা। যি অসীম আকাশলৈ চালেই দূৰ হয় আমাৰ সংকীৰ্ণতা। হৃদয় আপ্লুত হয় সীমাহীন উদাৰতাৰে।সেই উদাৰতাই কবিৰ কাম্য। কিন্তু বিমুখ হ'ব লগা হ'ল কবি।
''বিশাল আকাশক উদাৰতা ভিক্ষা মাগিছিলোঁ আজি,/
আকাশে নিদিলে মোক তাৰ উদাৰতা...!!''
প্রত্যুত্তৰত আকাশে কবিক কৈছেঃ "আগতে নিজৰ মনক বিশাল কৰা"।
দৰাচলতে এয়া কবিৰ আত্মবিশ্লেষণ। কবিৰ মনত এনে ধাৰণাৰ উৎপত্তি হৈছে যে---
তেওঁৰ অপাৰগতাই কবিক সংকীৰ্ণ কৰি ৰাখিছে। সংকীৰ্ণ কবিৰ মনৰ দিগন্ত।তেওঁ আহৰণ কৰিব পৰা নাই সকলোৰে প্রতি সমভাৱাপন্ন উদাৰতা আৰু তাৰবাবে কবি লজ্জিত। নিজৰ মানসিকতাৰ উত্তৰণৰ বাবে সচেষ্ট কবিৰ মনত অগাদেৱা কৰিছে বিবিধ ভাৱৰ মিছিল। ইয়াত কবি সমগ্র মানৱ সমাজৰ এজন প্রতিনিধি। আদিমযুগত যি প্রকৃতিৰে মানৱ সমাজ সংপৃক্ত আছিল,প্রকৃতিৰ বুকুতে লালিত পালিত হৈছিল,সেই মানুহে আজি নিৰ্বিচাৰে ধ্বংস কৰিছে প্রকৃতিৰ সেউজীয়া। প্রকাৰন্তৰে মাতিছে নিজৰে বিপদ।
''ধৰিত্ৰীক এখুদমান সেউজীয়া ভিক্ষা মাগিছিলোঁ আজি,
ধৰিত্ৰীয়ে নিদিলে মোক তাৰ অলপ সেউজীয়া...!!''
খঙতেই ক'লে মোক ধৰিত্ৰীয়ে-
"আগতে মোৰ কাঢ়িনিয়া সেউজীয়া বোৰ ওভোতাই দিয়া"
এতিয়া লজ্জাৰে উভতিছোঁ মই,
ধৰিত্ৰীক দিবলৈ মোৰ কোনো প্ৰতিশ্ৰুতি নাছিলে !!''
সৃষ্টিৰ পাতনিৰে পৰা মানৱসমাজ নিৰ্ভৰশীল নদীৰ ওপৰত। নদীক কেন্দ্র কৰিয়ে গঢ়ি উঠে সভ্যতা। নদীৰ অনন্ত স্রোতক মানৱৰ অনুকূলে ৰূপান্তৰিত কৰি আগবাঢ়িছে অত্যাধুনিক সভ্যতা। মানুহৰ জীৱনৰ সচ্ছন্দতা। কিন্তু, যি নদী মানুহৰ জীৱনদায়িনী--মাতৃস্বৰূপা,সেই নদীয়ে আজি মানুহৰ হাতত অত্যাচাৰত জৰ্জৰিতা।
''লুইতৰ কাষলেগৈ জীৱনৰ গতি ভিক্ষা মাগিছিলোঁ আজি,''
যি বুঢ়ালুইত অসমৰ সঞ্জীৱনী সুধা,আয়ুস ৰেখা। সেই অনন্ত শক্তিৰ উৎস লুইতক আজি আন্তৰ্জাতিক ভাবে ,বৃহৎ নদীবান্ধ দি চীনৰ অনুকূলে বোৱাই নিব বিচৰা হৈছে। যাৰ ফলশ্রুতিত কিন্তু মৰুভূত পৰিনত হ'ব অসম। অকাল বানপানীত হাঁহাকাৰ হ'ব জনসাধাৰণৰ। কিন্তু কৰিব পৰাৰ ভিতৰত আমাৰ একো নাই ''নীৰৱদৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ বাহিৰে।
লুইতেও নিদিলে মোক তাৰ গতিশীলতা...!!
কৰোযোৰে ওলাটাই ক'লে মোক লুইতে -
"আগতে মোৰ বন্ধনমুক্ত কৰা"
এতিয়া লজ্জাৰে উভতিছোঁ মই,
বৰ-লুইতক বন্ধনমুক্ত কৰিবলৈ মোৰ শক্তি নাছিলে !!''
কবি হতাশ হৈছে যে আমাৰ সাহ নাই।মাৰবান্ধি থিয়হোৱাৰ পাহাৰতুল্য দৃঢ়তা আমাৰ নাই।
''পাহাৰৰ কাষলেগৈ অলপ সাহসৰ ভিক্ষা মাগিছিলোঁ আজি,
পাহাৰ নিদিলে মোক তাৰ সাহস...!!''
কবিয়ে অপমানিত হৈছে স্বয়ং এই উপলব্ধিৰে যে, আমাৰ সকলো আছিল, আমাৰ মূৰ্খামিৰে,বিধ্বংসী প্রৱনতাৰে আমি হেৰুৱাইছো বহুত আৰু অধিক হেৰুওৱাৰ উপক্রম হোৱা বুলি জানিও আমি হাতসাৱতি বহি আছো অদৃষ্টক ধিয়াই। সেউজী অসম মাতৃয়ে আমাক সকলো দিছিল কিন্তু আমাৰ দৰে অকৃতজ্ঞ জাতি নাই। আমি অপাত্র আৰু ''অপাত্ৰত দানৰ হেনো নাই একো কাম''।
আত্মবিশ্লেষণত বিদগ্ধ কবিৰ আত্মচৈতন্যই কিন্তু তেওঁক আশাহত কৰা নাই । মনৰ একোনত কবিৰ দৃঢ় বিশ্বাস সুদিন সমাগত। জাতিয়ে এদিন সাৰপাব বিস্মিতিৰ অটলৰ পৰা আৰু নিজক পুনৰ কৰিব সমৃদ্ধ। কবিমননৰ বিশ্লেষণাত্মক উপলদ্ধিৰ বৰ্ণনাত্মক শৈলীৰ কবিতাটোত ভাষাৰ প্রাঞ্জলতা মন কৰিবলগীয়া। বিশেষ চিত্রকল্পৰ প্রয়োগ বা উপমাৰ ব্যঞ্জনাত্মক ব্যৱহাৰৰ শৈলীৰে কবিতাটো ৰচিত হোৱা নাই কিন্তু কবিতাৰ বিষয়বস্তুৰৰ সামগ্রিক উপস্থাপন আকৰ্ষণীয়। কবিতাটোৰ আৰম্ভনিতে আমি ভূপেন হাজৰিকাদেৱৰ এটা বিখ্যাত গান যেন উদাত্তকণ্ঠেৰে গাওঁ। আকৌ পিছৰচোৱাত আমি অগ্নিবৰ্ষী কণ্ঠেৰে জাতিক জগোৱা কমলাকান্ত ভট্টাচাৰ্যৰ সাক্ষাৎ পাওঁ। কবিতাৰ অন্তিম স্তৱকত, কবিৰ আশাবাদিতাই পাঠকক আলোড়িত কৰে । আমিও আশাবাদী আহক সেই শুভক্ষণ। দূৰ হওক দেশৰ আকাশৰ তমসা নিশা।কবিৰ বাবে আমাৰ শুভকামনা ।
-----------------------------------------------------------------------------------------------------
কবিতাঃ ''আৰু আটাইতকৈ কৰুণতম
কবিতাটোৰ কাৰণেই'' কবিঃজোনমণি দাস ( Junmoni Das)
---------------------------------------------------------------------------------
কবিতাটো আৰম্ভ হৈছে সংযোগী অব্যয় 'আৰু' ৰে। কবিয়ে বাৰম্বাৰ আহিব বিছাৰে এই পৃথিৱীলৈ, জন্মান্তৰবাদী ধাৰণাৰে,যন্ত্রনাময় মানৱ জীৱনৰ জ্বলা যন্ত্রণাৰে ভৰা জীৱনৰ সকলো দূৰ্ভোগ পাহৰি পুনৰ জনম ল'ব বিছাৰে কাৰণ পৃথিৱীৰ দুঃস্থ মানুহৰ বাবে একো এটা কৰিব নোৱাৰাৰ অক্ষমতাই কবিক মনোকষ্ট দিয়ে।কবিয়ে নিজৰ সামৰ্থৰে সেইসকলৰ কল্যানকামিতাৰে কিবা এটা কৰি যোৱাৰ কামনা কৰে।অন্ততঃ তেওঁ লিখি যাব বিছাৰে পৃথিৱীৰ আটাইতকৈ কৰুণতম কবিতা তেওঁলোকৰ কথাৰে।
''আৰু আটাইতকৈ কৰুণতম
কবিতাটোৰ কাৰণেই মই
বাৰে বাৰে ওপজোঁ
মাটিৰ জৰায়ুত''
অথচ প্রৱল ইচ্ছা স্বতেও বিশেষ একো কৰি যাব নোৱাৰাৰ বেদনাই কবিক মৰ্মাহত কৰে। কবিয়ে অনুভৱ কৰে মৃত্যুতুল্য যন্ত্রনা। তেওঁ যেন জীৱন্তে মৃত। বাৰে বাৰে যেন তেওঁ অনুভৱ কৰে সেই যন্ত্রণা। জীৱনৰ অসাৰতাই কবিক বিতুষ্ট কৰে। সেয়ে কবিৰ বোধ হয় তেওঁ যেন মৰি মৰি জীয়াই আছে।
''আৰু লিখিব নোৱৰাৰ বাবেই
সেই কবিতা
বাৰে বাৰে মৃত্যু বৰণ কৰোঁ
নিজৰ মাজতে''
কিন্তু সাধাৰণ হৈয়ো অসধাৰণ কবি। কবি শব্দৰ উপাসক। পৰমব্রহ্ম-শব্দৰ সাধক। প্রজ্ঞাৰ সাধনাৰে কবিয়ে আহৰণ কৰে মৃত্যুবিজয়ী চৈতন্য। সেই চেতনাস্রোতৰ সঞ্জীৱনী সূধাৰে সঞ্জীৱিত কবিয়ে ওভোটাই পাবলৈ সক্ষম হয় জীৱনৰ চালিকা শক্তি ।প্রজ্ঞাৰ ব্রহ্মাস্ত্র।
''শব্দবোৰে মোক
আকৌ উশাহ দি জীৱন দিয়ে''
প্রজ্ঞাৰ আলোকময় দ্যুতিৰে, জ্যোতিস্মান কবিয়ে মনৰ পৰা জোকাৰি পেলাই নিৰাশাৰ সকলো আন্ধাৰ।মননশীলতাৰ শতসূৰ্যৰ আলোকৰ বাটেৰে কবিৰ যাত্রা পৃথিৱীৰ কল্যানৰ হেতু।
''সেই পৃথিৱীয়ে পোহৰাই মোৰ
চাৱনিৰ বাট''
পৃথিৱীত, জীৱৰ স্রোত অন্তহীন। সময়ৰ গ্রতিপ্রবাহত সকলো হেৰাই যায়। কেৱল নিজৰ বাবে স্বাৰ্থপৰতাৰে,জীয়াই থকাসকল পাহৰণিৰ সোঁতত হেৰাই যায়।সেইসকলৰ জীৱন সাধাৰণ। নিজৰ কৰ্মেৰে,জীৱনপন কৰি যি সকলে সমাজৰ বাবে,পৃথিৱীৰ কল্যান কামনাৰে কিঞ্চিত অৱদান দি যায়, সেইসকলেহে ৰাখি যাব পাৰে খোজ, সময় বালিত।সেইসকল মহাজীৱনৰ গৰাকী। জীৱন সাৰ্থক তেওঁলোকৰ। তেওঁলোকে জীৱন জিনিছে কৰ্মেৰে। আত্মত্যাগেৰে। মানুহৰ বাবে কন্দা, মানুহৰ দুখত দুখী হোৱা সেইসকল লোক মৃত্যুৰ পাছতো জীয়াই থাকে মানুহৰ মাজত।
''যিমানবোৰ কবিয়ে আজিলৈ
যিমান কবিতা লিখিলে
সময়ে সমাধি দিলে
তেনে অনেক কবিতা
মাথো এমুঠি কবিতা
যুগে যুগে যুগমীয়া কৰি সময়ে
জীয়াই ৰাখিছে আজিও মানুহৰ বুকুত''
কবিৰ অনুভৱ হৈছে ,এই জীৱনত তেওঁ তেনে বিশেষ একো কৰিবলৈ সক্ষম হোৱা নাই। নিতান্তই ব্যক্তিগত তেওঁৰ জীৱন। ব্যক্তিজীৱনৰ উৰ্ধলৈ জীৱনৰ উত্তৰণ ঘটোৱাৰ অক্ষমতাই কবিক ব্যথিত কৰে। তেওঁ যি কৰিলে অতদিনে, সেই সকলো নিচেই সামান্য আৰু সেয়া--- ''পাহৰণিৰ সোঁতত লীন যাব।
যি লিখিলোঁ অতবছৰে
আৰু লিখিম যিমান
এদিন সময়ে সকলো
পাহৰণিত কবৰ দিব''
কবিয়ে এনে কিবা কৰিব বিছাৰে যি হ'ব সকলোতকৈ ব্যতিক্রম। মনৰ দৃঢ়তাৰে ,কবিয়ে পিন্ধি লৈছে অজেয় ৰণবিজয়ী কবছ । দেহৰ শেষবিন্দু শোণিত থকালৈ তেওঁ কৰি যাব সেই যুদ্ধযাত্রা।জীৱনক পিন্ধাব মৃত্যুজিনা কিৰীটি।
''কোনেও কাহানিও লিখা নাই
যি কবিতা এতিয়াও
চিয়াঁহীক তেজ কৰি
মই সেই কবিতা লিখিব খোজোঁ''
কবিৰ কৰ্ম কবিতা ৰচা আৰু কবিতাই যিহেতু মানুহৰ জীৱনৰ কথা কয়, সেয়ে কবিতাই পোহৰাব পাৰে মানুহৰ জীৱনৰ আন্ধাৰ। ঘূৰাই আনিব পাৰে মৃত্যুৰ তমসাভেদী জীৱনৰ আলোকপ্রপাত।
''কবিতাই মানুহক দিয়ে
পোহৰৰ পৰমায়ু''
সেয়ে কবিয়ে পন কৰিছে কবিতাই হ'ব তেওঁৰঃ বজ্র। কবিতাৰ বাবে বাৰে বাৰে জন্ম লৈ জীৱনক মহীয়ান কৰিবৰ বাবে কৰি যাব জীৱন জুৰি অবিৰত সংগ্রাম। বিৰল সাধনা।
''কবিতাৰ বাবেই মোৰ জন্ম
জীৱনৰ বাবেই মোৰ যুদ্ধ...*
কবিঃ জোনমণি দাসৰ প্রতীক ধৰ্মী কবিতাটোত 'কবি' মানৱ সমাজৰ কল্যানকামী চিন্তাৰ প্রতীক। 'কবিতা' মানৱ কল্যানৰ , এক সোপানৰ প্রতীক। জীৱনৰ কষটিশিলত জীৱনক ঘঁহি পিহি স্বৰ্ণাভ কৰি মহাজীৱনৰ সপোন ৰচা কবিতাটোৰ অন্তৰ্লীন ভাৱাৰ্থৰ আৱেদনে চুই যায় পাঠকৰ হৃদয়। জোকাৰি যায় মানৱতাবাদী চৈতন্যৰে। 'মানুহে মানুহৰ বাবে' কিবা কৰি পৃথিৱীৰ বাবে জীৱন উছৰ্গা কৰাৰ মাধ্যমেৰে স্ব-জীৱনৰ উত্তৰণ ঘটোৱাৰ বিশ্বজনীন আৱেদন কবিতাটোৰ সাৰ্থকতা। আদিৰ পৰা অন্তলৈ ভাৱৰ সুশৃংখলিত আৰু স্বতঃস্ফুৰ্ত গতিপ্রৱাহে কবিতাটোৰ ৰসাস্বাদনত পাঠকক আপ্লুত কৰে। কবিৰ কলম থমকি নৰওক। সৃষ্টিৰ এই প্রৱাহ অনন্ত হওক।
আমাৰ শুভকামনা।
-------------------------------------------------------------------------------------------
ধন্যবাদ। অনিতা গগৈ। দিনাংকঃ ১২।৪।২০১৫।
-------------------------------( ক্রমশঃ )।

Unlike · Comment
You, Malabika Bora Brahma, Debaraj Kalita, Junmoni Das and 9 others like this.
Junmoni Das Ki likhu nejanu, kin2 hridayar tagitate kiba kibi likhu, mur eai kiba kibik manuhe kobita buli koi, ketiyaba beberibang buliu koi, apunar xundar bishlekhon2 porhi dhanya holu. Dhanayabad@ Anita Gogoi
April 12 at 3:38pm · Like · 1
Utpal Junak Hazarika অশেষ ধন্যবাদ
April 12 at 3:43pm · Like · 1
Anita Gogoi স্বাগতম । মোৰ মোৰ প্রয়াস। ধন্যবাদ Junmoni Das
April 12 at 3:54pm · Like · 1
Anita Gogoi স্বাগতম। ধন্যবাদ Utpal Junak Hazarika
April 12 at 3:54pm · Like · 1
Bhaskar Jit পর্যালোচনাটিৰ দ্বাৰা উপকৃত হলো। আগলৈ বাট চালো।
April 12 at 4:03pm · Like · 1
Nayanmani Sarmah Riku উৎসাহিত হ'লো।
April 12 at 4:18pm · Like · 1
Subrata Goswami বাইদেউ,কি ক'ম! কবিতা লিখাৰ দু:সাধ্য নাই।কিন্তু আপুনি কৰা আলোচনাটি পঢ়ি মই আপ্লুত।অশেষ ধন্যবাদ আপোনাক।উপকৃত হ'লো।
April 12 at 4:28pm · Like · 1
Manohar Dutta পুনৰীক্ষণ-(২২)-ৰ দ্বিতীয় খণ্ডত সন্নিৱিষ্ট কবিতা কেইটাৰ বিশ্লেষণৰ বাবে Anita-ই যি যত্ন কৰিছে সেয়া আদৰণীয়।
অনিতাৰ পুনৰীক্ষণে কবি তথা পাঠকক নিশ্চয় আকৰ্ষণ কৰিব।
April 12 at 10:31pm · Edited · Like · 3
Anita Gogoi ধন্যবাদ জনাইছো Bhaskar Jit
April 13 at 7:23am · Like · 1
Anita Gogoi ধন্যবাদ Nayanmani Sarmah Riku
April 13 at 7:24am · Like
Anita Gogoi ধন্যবাদ । স্বাগতম Subrata। চৰ্চা অব্যাহতৰাখিবা।
April 13 at 7:25am · Like · 1
Anita Gogoi ধন্যবাদ দাদা আপোনাৰ মন্তব্যৰ দ্বাৰা অনুপ্রাণিত হৈছো।
April 13 at 7:27am · Like
Jahnu Bharadwaj সুন্দৰ আলোচনা৷
13 hrs · Like
Malabika Bora Brahma Khubei bhal lagil tumar dristire Punorikkhonor duyuta khondoi porhi.. Nirmoh..
6 hrs · Like

No comments:
Post a Comment