Monday, 23 March 2015

আখৰুৱা : literati গোটৰ ফেব্ৰুৱাৰী ২০১৫-ৰ কবিতাৰ পৰ্যালোচনা : 'পুনৰীক্ষণ - ২১' - দ্বিতীয় ভাগ:Daisy Anuranjana

4) শব্দৰ উৎসৱ
-- নয়নমণি শৰ্মা ৰিকু
আজি তোমাৰ সৈতে কথা পাতিম
কবিতাৰ আঙুলি ধৰি হেৰাই যাম নদীৰ ওভোতনি বাটত
ওৰেটো বাট আওৰাম সেই কথা
যি মোৰ ছাঁ হৈ ফুৰে
যাৰ বাবে যাপন কৰোঁ কাহানিও নুপুওৱা নিশা
আজি উদযাপন কৰিম শব্দৰ উৎসৱ
ওৰেটো ৰাতি হেৰাই যাম সেই অৰণ্যত।
--------------------------------
কোৱা হয় সুখ আনৰ সৈতে ভাগ কৰিলে হোনো সুখানুভূতি বাঢ়ে আৰু একে প্ৰক্ৰিয়াতে দুখ কমে। আনহাতে কবি মনৰ এগৰাকীৰ বাবে সুখ-দুখ ভগাই লোৱাৰ অন্যতম প্ৰক্ৰিয়াই হৈছে শব্দৰ সৈতে
মিতিৰালি । কবিতা কবিৰ বাবে কেতিয়াবা হৈ পৰে অভিভাৱক, কেতিয়াবা বন্ধু অথবা প্ৰৱঞ্চনা নকৰা প্ৰেমিক-প্ৰেমিকা। নয়নমনি শৰ্মাৰ শব্দৰ উৎসব শীৰ্ষক কবিতাটো পঢ়িলে উপৰিউক্ত কথা কিছুমানে মনলৈ আহে ।
5) ঢেঁকীয়াফুলৰ চানেকি বিচাৰি
-- সুনীল অমিয়
ঢেঁকীয়াফুলৰ চানেকি বিচাৰি
বাটকুৰি বোৱা
আৰম্ভণিৰ বেলিটো
ঠৰঙা লগা হেন পাওঁ
অনুভৱেৰে জুখিব নোৱাৰা
অনুভৱৰ তুলাচনীৰে
সৰকি পৰিল
চতুৰ্দশীৰ জোন
জেৰেঙা পথাৰৰ
আকুঁহি বাকুঁহি
মৌচন্দাৰ মৌমিতা আঁচলেৰে
ঢাকিব জানো পাৰিলে
চিলনি আইৰ সৰু গাঠি
বুঢ়ী আই বুঢ়ী হৈয়ে থাকিল
চনকা চনকে খহিল
পৰমানন্দৰ
ৰজাঘৰীয়া বাঁহীটো
বৰকে বাজি উঠিল
টনা আজোৰাতে
দুফাল
ঢেঁকীয়াৰো পোৰা কপাল
নুফুলিল ফুল
কাণ দুখন
ৰাখিছো উনাই
বাজক চোন বাজক
চিৰ চেনেহী গান
"ফুল ফুলক ৰ'দৰে ফুল"
--------------------------
সাম্প্ৰতিক সময়ত অসম সাহিত্য সভাৰ উদ্বেগজনক স্থিতিৰ বিষয়ে সুনীল অমিয়ই তেওঁৰ ‘ঢেঁকীয়া ফুলৰ চানেকি বিচাৰি’ শীৰ্ষক কবিতাটোত প্ৰকাশ কৰা যেন অনুভৱ হৈছে।বৰ্তমানৰ স্থিতিক লৈ কবি চিন্তিত সেয়া কবিতাটোত প্ৰকাশ পাইছে। নিজৰ ভাষাটোৰ প্ৰতি আন্তৰিক টান থকা প্ৰতিজনৰ ক্ষেত্ৰত এনে চিন্তা নিত্যান্তই স্বাভাৱিক। অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ অৰ্থে অসমৰ পুৰোধা ব্যক্তিসকলে জন্ম দিয়া অসমৰ এই সৰ্ববৃহত সংস্থাটোৰ মূল উদ্দেশ্য আৰু কৰ্মৰ পৰা যেন সংস্থাটোৰ বৰ্তমানৰ তথাকথিত বৰমূৰীয়াসকল বিচলিত হৈছে। তেওঁলোকৰ চিন্তাৰ সোতৰ গতিও যেন স্তব্ধ হৈ পৰিছে, সেয়ে সুনীল অমিয় ডাঙৰীয়াই তেওঁৰ কবিতাটোৰ প্ৰথমেই লিখিছে এইদৰে- ‘ঢেঁকীয়া ফুলৰ চানেকি বিচাৰি/বাটকুৰি বোৱা আৰম্ভণিৰ বেলিটো/থৰঙা লগা যেন পাঁও’। আনহাতে ৰসৰাজৰ সৃষ্টৰাজিক বিশ্বমূখী কৰা বা তেঁওৰ কষ্ট আৰু পৰিকল্পনাক বাস্তবায়িত কৰাৰ যি সাহিত্য সভাৰ পৰিকল্পনা সেয়াও যেন ফুটুকাৰ ফেনতহে পৰিণত হৈছে। সেয়ে কবিয়ে নিজৰ অনুভৱত ‘বুঢ়়ী আই বুঢ়ী হৈ থাকিলে...’ বুলি আক্ষেপেৰে লিখিছে । শেষত আশাবাদী কবিয়ে সাহিত্য সভাৰ সমস্যা, আঁসোৱাহবোৰ শেষ হোৱাৰ আশা মনতে পুহি ৰাখিছে। সেয়ে কবিতাটোৰ শেষৰফালে তেঁও লিখিছে-
-‘কাণ দুখন ৰাখিছো উনাই/বাজকচোন বাজক/চিৰ চেনেহী গান...’। ভাষাটোক হাড়ে-হিমজুৱে ভালপোৱা প্ৰতিগৰাকীৰে মনত এনেবোৰ ভাবৰ অনুৰণন নিশ্চয়কৈ হয়।সুনীল অমিয় ডাঙৰীয়াৰ ‘ঢেঁকীয়া ফুলৰ চানেকি বিচাৰি’য়ে সেইসকলৰ মনত বাজি উঠিব আৰু অল্পমতি যি নগণ্যসংখ্যক বৰ্তমান অসম সাহিত্য সভাৰ গুৰি ধৰি আছে সেইসকলৰ বৌদ্ধিকতাৰো উত্তৰণ ঘটাবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী।
চিঞৰ
-- উৎপল জোনাক
এটা চিঞৰ
কঁপি থকা কলপাতৰ আগেদি বগোৱা বাই
ঘূৰি থাকে
ইহাত সিহাত
পৰিব্ৰাজক চৰাইবোৰে
টোকা লিখে চিঞৰটোৰে
অমৃত মন্ঠন থলিৰ নীলা গৰলৰ দৰে
চিঞৰটোৱে বাদুলি ওলোমা দি ৰয়
-----------------------------------
কিছুমান কবিতা পঢ়াৰ পিছত পাঠকগৰাকীৰ কবিতাটো পঢ়ি হোৱা অনুভূতিৰ লগত কবিতাটোৰ কবিগৰাকীৰ অনুভূতিৰ সাদৃশ্য নাথাকিবও পাৰে। কবিতা এটাই বহু সময়ত পৰিৱেশভেদে বা পাঠকভেদে অনুভূতিৰ ৰূপ সলায়, যদিওবা কবিতাটোৰ শৰীৰ সলনি নহয়। উৎপল জোনাকৰ ‘চিঞৰ’ শীৰ্ষক কবিতাটো তেনে বৈশিষ্ট্যৰ এটা কবিতা বুলিব পাৰি। পাঠকৰ বাবে অকনমান জটিলতা থকা এই কবিতাটোৰ ভিতৰত গভীৰভাৱে সোমালে আমাৰ চিৰ পৰিচিত সমাজখনৰ কিছু দৃশ্যৰ সন্মুখীন হ’ব। কবিতাটোত কবিয়ে ‘অমৃত মন্থনথলীৰ নীলা গঢ়লৰ দৰে’ বুলি কৈ কিবা শুভ ফলৰ আশাত অদৃশ্য বান্ধোনৰ কথা কৈছে।আনহাতে ‘এটা চিঞৰ/ কঁপি থকা কলপাতৰ আগেদি বগুৱা বাই...’ বুলি কৈ আমাৰ চিনাকি পৰিবেশৰ চিনাকি চিঞৰবোৰৰ কথা কৈছে, যি কাৰোবাৰ বাবে আন্দোলনৰ ভাষা কাৰোবাৰ বাবে প্ৰৰ্থনা বা কাৰোবাৰ বাবে হ’ব পাৰে নৰকীয় যন্ত্ৰণা। সমাজৰ এচাম ৰঘুমলাৰ দৰে বাঢ়ি অহা প্ৰজাতি আছে। পৃথিৱীৰ প্ৰায়বোৰ জাতিয়েই এনে সমস্যাৰে ভাৰাক্ৰান্ত। কবিতাটোত উল্লেখিত ‘চিঞৰ’টো হয়টো ৰঘুমলাসকলৰ বাবে হ’ব পাৰে খামুচি ধৰা শিপা। সেয়ে হয়টো কবিতাটোৰ এঠাইত তেওঁ লিখিছে-‘পৰিব্ৰাজক চৰাইবোৰে/টোকা লিখে চিঞৰটোৰে...'
আগলৈ...
Unlike ·

No comments:

Post a Comment