।।আখৰুৱা গোট। মাৰ্চ ২০১৫ৰ কবিতাসমূহৰ পুনৰীক্ষণঃ পৰ্য্যালোচনা---(২২)।।
।।খণ্ডঃ৪ৰ্থ।।
-------------------------------------------------------------------------------------
কবিতাঃ দেউতা। কবিঃমৌচুমী বৰি ( Mousumee Bori)।
------------------------------------------------------------------------------
'দেউতা'--পৃথিৱীৰ এটা অন্যতম মধুৰতম শব্দ। দেউতা যেন আকাশ যিজনৰ পৰা আমি শিকো জীৱনৰ বিশালতা। এজোপা সঞ্জীৱনী বিৰিখৰ সেউজীয়া ছাঁ,যি কেৱল আমাক জীৱন জোৰা মৰমৰ ছায়াই নহয় দিয়ে জীৱনৰ কঠিন বাটত অকটুভয়ে আগবঢ়াৰ সাহ। যাৰ আঙুলিত ধৰি আমি প্রথম খোজ দিবলৈ শিকো,উজুটি খাই থমকি ৰ'লেও যিজনৰ পথনিৰ্দেশনাৰে পুনৰ আগবঢ়াৰ বাবে সাজু হওঁ, শালবৃক্ষৰ দৰে সেইজন সুদৃঢ় ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক যেতিয়া আমি ৰোগশয্যাত দেখো সাধাৰণ মানুহৰ দৰে মুৰ্মুষু অৱস্থাত দেখো,যিটো আমাৰ কল্পনাৰো অগোচৰ, তেতিয়া হাঁহাকাৰ কৰি উঠে আমাৰ হৃদয়। বিধ্বস্ত হয় আমাৰ মন। নিৰূপায় আমি,তেখেতৰ আশুআৰোগ্যৰ কামনাৰে পৰমজনাৰ শ্রীচৰণত হৃদয়েৰে প্রণতি জনাওঁ।
''দেউতাৰ যেতিয়া টান নৰীয়া হৈছিল
আশু-আৰোগ্যৰ বাবে
চৌবিশ ঘন্টাই জ্বলাই ৰাখিছিলো
মাটিৰ চাকি ৷''
কিজানিবা আমি হেৰুৱাওঁ আমাৰ আশ্রয়ৰ আকাশ,তেনে দূৰ্ভাৱনাই মুৰ্হু মুৰ্হু কঁপাই তোলে আমাৰ
অন্তৰাত্মা। তেওঁৰ অভয়ৰ হাত কেতিয়াও যেন আমাৰ মুৰৰ ওপৰৰ পৰা আতৰি নাযায় তেনে এক বাসনাৰে কামনা কৰো তেওঁৰ চিৰযুগমীয়া অস্তিত্বৰ।
''হেৰুৱাৰ দুৰ্ভাৱনাৰ মাজেৰে অমৰ কৰি ৰাখিব বিচাৰিছিলো দেউতাক ৷''
অথচ,তেনে হোৱাটো ক্ষণস্থায়ী এই পৃথিৱীত অসম্ভৱ। সেয়ে তেওঁৰ সকলো যন্ত্রনাৰ আমি হ'ব বিছাৰো সমভাগী।
''আজি দেউতাৰ শৰীৰত বিষ
দেউতাৰ বাবে মোৰচোন মনত বিষ''
যদিও পুত্র বা কণ্যা সকলো একেই সন্তান কিন্তু, প্রায়ে দেখা যায়,জীয়াৰী বা কণ্যা যেন এজন পিতা বা দেউতাৰ বাবে অধিক বিচলিত হয়।
''সকলোৱে কয়-
প্ৰতিজনী জীয়ৰীৰ বাবে দেউতা হিয়াৰ আমঠু''
তেনেদৰে এজন পিতাৰ বাবেও কণ্যাসন্তান যেন হয় হৃদয়ৰনিচেই কাষৰ,নয়নৰ মণি সদৃশহে।
'প্ৰতিজন দেউতাৰ বাবে জীয়ৰী চকুৰ মণি, আলাসৰ লাডু ৷'
এই কথাখিনিকে কবিয়ে সহজ সৰল ভাষাৰে কবিতাৰ ৰূপ দিছে য'ত কবিমনৰ সৰলতাৰ এখন ছবি পৰিষ্ফুত হয়। ভাৱৰ গভীৰতা অথচ উপস্থাপনৰ সৰলতা কবিতাটিৰ বৈশিষ্ট্য। হয়তো অন্যধৰণেও একেটা ভাবৰ প্রকাশ কৰিব পৰা হ'লহেতেন। কবিৰ বাবে শুভকামনা।
---------------------------------------------------------------------------------------------
কবিতাঃকথা চকু আৰু তুমি। কবিঃসুনীল অমিয়।
---------------------------------------------------
এটা প্রেমৰ কবিতা। যেতিয়া প্রেমাস্পদ কাষত থাকে, সকলো কথা কোৱাৰ পিছতো যেন থাকি যায় ক'বলৈ।অথচ কোৱা নহয় একো। মৌনতাৰ সেই লহমাবোৰ কিন্তু মৌন নহয়। ডুবি থাকে শব্দৰ উত্তাল লহৰত বাংময় মৌণতা।
''সকলো কথা শেষ হৈ গলে
শব্দপ্লাৱন জোৱাৰত
উটুৱাই দিম নিজকে
ভাঁহি ভাঁহি সাৱতিম
নিজক নিজে''
যেন ক'বলৈ আছে বহু কিন্তু শব্দহীন। প্রিয়জনৰ পৰা গোপন কৰা নাযায় একো। সকলো কৈ নিজক উদঙাই দিবৰ মন যায়। আঁৰবেৰ ৰখা মানেইতো প্রেমত থাকি যায় দূৰত্ব। ব্যৱধান। সেয়া কবিৰ কাম্য নহয়। তেওঁ বিছাৰে দুকুল উপচা প্রেমৰ অনাবিল প্রাপ্তি।
''শৰীৰৰ সকলো নগ্নতাত
ঢৌ খেলি যাব অনাবিল প্ৰেম
তীৰ বুলি ভাৱি
উপচি পৰিব যৌৱন''
কিন্তু,সকলো কথাটো নহয় সহজ এই পৃথিৱীত।কওঁ বুলি ভাবিলেও কোৱা নহয়। থাকি যায় অবাঞ্চিত কিছু অপ্রাপ্তি।অতৃপ্তি। মনৰ গহন কোণত।
'কথা জানো শেষ হয়
__সকলো কথা?
নে বুকুৰ মাজত'
সেই যে ৰৈ যায় কিছু দূৰত্ব, সেই অপূৰণ বাসনা,সেই বাসনাৰ উদগ্র আকাংক্ষাই মনোকষ্ট দিয়ে। কিন্তু সেয়া যেন প্রেমৰ অন্যৰূপ,য'ত কিছু অপূৰণতাইহে দিব পাৰে পূৰ্ণতা,সেয়ে স্বৰূপ প্রেমৰ। প্রেমীজনে নিজকে জগৰীয়া কৰে সকলো বিফলতাৰ বাবে। সেয়ে মহানতা প্রেমৰ। যি শিকাই মাথো নিজকে বিলীন কৰিবৰ বাবে।
''অসমাপ্ত ইচ্ছাৰ দৰেই জাগি থাকে
দ্বিধাগ্রস্ত কুহক ৰাতি
জাগি জাগি
নিজকে চায়''
প্রকৃত ভালপোৱাই কেতিয়াও কঢ়িয়াই নানে হতাশা। বৰঞ্চ প্রেমী হৃদয়ক প্রদান কৰে উদ্দীপনা।সকলো দিয়াৰ পিছতো প্রেয়সীৰ বাবে আৰু কি কৰিব পাৰি তেওঁৰ প্রতিপল শুভকামনাৰে ব্যতিত হয় সৰ্বক্ষণ ।মুৰ্হু মুৰ্হু উৎকণ্ঠিত হৈ ৰয় প্রেমী হৃদয়।
''সকলো কথা শেষ হলে দুৱাৰত থৈ যাম
কৰাঘাত…
উৎকণ্ঠাৰ ধ্বনি''
তেওঁৰ এই শুভকামনা, এই উৎকণ্ঠাৰ নাই কোনো প্রদৰ্শণকামিতা। হৃদয়ৰ অটলত লিখা আছে প্রিয়া ৰ নাম। সেয়ে,প্রেয়সীয়ে হৃদয়ংগম কৰক বা নকৰক তেওঁৰ ভালপোৱা সেয়া কবিৰ বিচাৰ্য নহয় কিন্তু তেওঁৰ বিষয়ে উৎকণ্ঠিত হৈ ৰোৱাৰ পৰা কবিয়ে নিজকে বাৰণ কৰিব নোৱাৰে।
''বিলীন হ'ব ইথাৰত
__দেখা নাপাবা''
তেওঁৰ কায়িক উপস্থিতি প্রেয়সীৰ কাম্য নহ'বও পাৰে। তথাপি তেওঁৰ যাতে কোনো বিপদ নহয়,তেওঁ যেন সদায়েই সুখী হয়,তাৰ বাবে জীৱনৰ শেষ উশাহ পৰ্যন্ত কবিয়ে সজাগ দৃষ্টি ৰাখিব।
''থৈ যাম এটি চকু
নিঁয়ৰে চুপি খাব চকুৰ উত্তাপ
__চুপি খাব চকুৰ উত্তাপ''
তৰংগায়িত শব্দছয়ন, যথাযথ চিত্রকল্পৰ প্রয়োগ, ভাৱ আৰু ভাষাৰ সন্তুলিত তথা সংহত ব্যঞ্জনাত্মক প্রকাশে কবিতাটোক দিছে অনন্য মাত্রা। সকলো শেষ হৈ যোৱাৰ পাছতো ৰৈ যায় সোঁৱৰণ। কেৱল শব্দ নহয় 'কথা শেষ হলে দুৱাৰত থৈ যাম কৰাঘাত…' ধ্বনিৰ ঝংকাৰো কবিতাটোৰ বৈশিষ্ট্য যি কবিৰ দক্ষতাৰ সম্যক পৰিচয় বহন কৰিছে। কবিৰ বাবে আমাৰ শুভকামনা।
--------------------------------------------------------------------------------------------
কবিঃ বিশাল দেৱৰায় (Bishal Debrai )
-------------------------------------------------
আৰম্ভণিৰ স্তৱকটো পঢ়িলেই অনুভৱ হয় এটা দেশপ্রেমমূলক কবিতা। যুগে যুগে প্রৱঞ্চিত হৈছে অসমীয়া। অনৰ্থক বাগাড়ম্বৰ একোখন যুদ্ধত, হাঁহাকাৰ হৈছে সাধাৰণ খাটি খোৱা জনতাৰ। অনবৰতে যদি এটা জাতিয়ে যুদ্ধ পিপাশু হৈ কেৱল অস্ত্র শস্ত্র বা সামৰিক কুচকাৱাজত শক্তি ক্ষয় , অৰ্থবল, জনবল ব্যয় কৰিবলগা হয়,সেই জাতিৰ কল্যানকামী দিশবোৰৰ উন্নতি সাধন অসম্ভৱ। হাদিৰাচকী -- আহোমৰ খাৰ বাৰূদ সংৰক্ষণ কেন্দ্র আছিল। শৰাইঘাটৰ ৰণ-- বুৰঞ্জীপ্রসিদ্ধ, য'ত নৰীয়া গাৰে যুঁজলৈ আগবঢ়া সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আহোমে অখণ্ড প্রতাপী মোগলক পৰাভূত কৰিছিল। কিন্তু কবিয়ে কবিতাটোত হাদিৰাচকী আৰু শৰাইঘাটৰ প্রসংগৰে প্রশ্নৰ উত্থাপন কৰিছে
' কিমানদিন ?' সেয়ে, ইয়াত হাদিৰাচকী আৰু শৰাইঘাটে প্রতিনিধিত্ব কৰিছে অসমৰ বিভিন্ন জলন্ত সমস্যাসমূহ যিবোৰৰ বাবে দেশৰ প্রগতিৰ দিশটো ব্যাহত হৈছে। পিছ পৰি ৰৈছে জাতি অৰ্থনৈতিক বিশ্বপৰিক্রমাত । এটা সুবিধাবাদী চক্রই ইচ্ছাকৃতভাৱে অসমৰ জলন্ত সমস্যাঃ গোষ্ঠীসংঘৰ্ষ , আভ্যন্তৰীণ অন্তৰ্কলহ আদি বাহাল ৰাখিছে এয়া কবিৰ দৃষ্টিৰ অগোচৰ নহয়। কবিৰ এনে সচেতন সমাজচেতনাই পাঠকৰো চিত্তক উজ্জীৱিত কৰাত সক্ষম ।
''কিমান দিন !
হাদিৰাচকী, শৰাইঘাট
লুইতৰ বুকুত ৰঙা তেজৰ ইতিহাস''
কেৱল এনে সমস্যাবোৰৰ সৈতে যুঁজি যুঁজি সাধাৰণ জনতাই যেন নিজৰ মৌলিক প্রয়োজন সমূহো পাহৰি যায়। অনাহাৰে অৰ্ধাহাৰে নিপিড়ীত জনতাক বাধ্য কৰোৱা হয় কেৱল অন্তহীন সমস্যাসমূহৰ বিৰূদ্ধে সংগ্রামৰ বাবে।

'উচুপি উঠা প্ৰতিটো ভোকাতুৰ নিশা
ফুলি উঠে বুকু, বৰ তেজাল !
শত্ৰুক জিনিলোঁ
উশাহত জয়'
অতীত গৌৰৱৰ বাহিৰে আজিৰ অসমীয়াৰ আছেই বা কি ? নাই কোনো উন্নতিকামী দীৰ্ঘম্যাদী আঁচনিৰ পৰিকল্পনা বা দেশৰ বাবে সততাৰে জাতিক নেতৃত্ব দিয়া জননায়ক। আজিৰ অসমীয়াৰ বাবে জয়মতীৰ দেশপ্রেম কেৱল আখ্যানহে। কেৱল অতীতক লৈ গৌৰৱান্বিত এটা জাতিৰ অস্তিত্ব কোনদিশে আৰু কিমানদিনলৈ ?
''দুহাত খনিকৰ, ৰংঘৰ গৌৰৱ !ৰা
জয়মতীৰ প্ৰেম, অতীতৰ সৌৰভ !''
আজি, বিশ্বায়নৰ প্রৱল গতিৰে অহৰহ ধাৱমান বিশ্বৰ,সৈতে খোজত খোজ মিলাই আগবাঢ়িব পৰাকৈ আমাৰ আছেইবা কি ? আজিৰ যুগটোৱে হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানমনস্কতাৰ যুগ। সেয়ে বিজ্ঞানৰ জয়ধ্বজ্জ্বা লৈ আগবঢ়া পশ্চিমৰ মুখাপেক্ষী হ'বলগা হয় আমি প্রতিক্ষণ। অথচ, আমাৰ সমাজ যেন কৌটিকলীয়া কুসংস্কাৰৰ পৰাই মুক্তই হ'ব পৰা নাই আজিও। আজিও ধৰ্মৰ নামত, জাপ পাতৰ নামত মানৱতাৰ অবমাননা হয়, ডাইনীহত্যাৰ দৰে কুসংস্কাৰৰ বাবে, আমি লজ্জিত হ'ব লগা হয় বিশ্ববাসীৰ সন্মুখত। শিপাহীন এচাম মানুহৰ ৰঘুমলা সদৃশ মানসিকতাৰ বাবে আজি সুলুক ঢুলুক ভৱিষ্যৎ প্রজন্মৰ ভেটি । এই সকলোবোৰ পৰিলক্ষিত কৰি অতিশয় মৰ্মাহত কবি । অথচ, নিজে ইচ্ছা কৰিলেও একো কৰিব নোৱাৰাৰ অক্ষমতাৰে তেওঁ কটাক্ষ কৰিছে এনেদৰে---
'জয় একৈছ শতিকা !
জয় প্ৰজন্ম !
জয় শোকাতুৰ নিশা !'
এনে শিপাহীন, অদূৰদৰ্শীৰ জাতিৰ যে ভৱিষ্যৎ অন্ধকাৰ তাত কোনো দ্বিধা নাই। কেওফালে কেৱল অনীতি ,অনিয়ম। আনক প্রৱঞ্চনা কৰি নিজে আগবঢ়াৰ হঠকাৰী অসততাত আজি কেওফালে অৰাজকতা। কোনেও কাকো সহজ বিশ্বাসত ল'ব নোৱাৰাৰ দুঃসময় ।
'আজি দিনবোৰ নিশা
নিশাবোৰ অমানিশা'
আজি,যেন এই অসমভূমিত প্রকৃতিও ৰুষ্ট। বসন্তই কঢ়িয়াই নানে প্রেমৰ মাদকতা, বৰঞ্চ --
'প্ৰতিটো বসন্তই তেজে ফাকু খেলা'
আজি,অসমীয়াই পাহৰি গৈছে নৈতিকতা,সততা। যোগ্যজনক যথাযোগ্য সন্মানৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে আজি অযোগ্যজনক বৰপীৰা পাৰি আদৰা হয় সমাজৰ বৰসবাহলৈ। ন্যায় আৰু অন্যায়ৰ পৰিভাষাই যেন সলনি হৈ গৈছে এই মুলুকত।
''ধৰ্ষণকাৰীলৈ ফুল, হত্যাকাৰীলৈ ৰঙা দলিচা
গঁড় নিধনত পুৰষ্কাৰ… !''
ক্রমশঃ বাঢ়ি আহিছে হত্যা, হিংসা, লুণ্ঠন, ধৰ্ষণৰ দৰে নাৰকীয় অপৰাধবোৰ। কিন্তু অতীজৰ দৰে সেই অপৰাধীসকলক সামাজিক ভাবে বৰ্জনৰ সৎসাহস যেন হেৰুৱাই পেলাইছে আজিৰ অসমীয়াই সেয়ে যেন নিচিহ্ন হৈ আহিছে পাপ পুণ্যৰ সীমাৰেখাডাল। অতীজত,'জীৱহত্যা মহাপাপ' বুলি অন্তঃকৰণেৰে বিশ্বাস কৰা শংকৰ গুৰু / আজান পীৰৰ অসমত আজি নিৰ্দোষী জনতাৰ শাৰী শাৰী মৃতদেহৰ পাহাৰ তুচ্ছাতিতুচ্ছ কথা।
'ক্ৰমশঃ পাপবোৰ পুণ্য
দুচকুত সপোন, মৃত্যুই আপোন'
অহিংসা পৰমধৰ্মৰ বিপৰীতে আজিৰ প্রজন্মক শিকোৱা হৈছে, হিংসা ,সন্ত্রাস। শাসকপক্ষৰ মইমতালিত গণতান্ত্রিক প্রমূল্যবোধক ভূলুণ্ঠিত কৰি ফেচীবাদী মানসিকতাৰ অভূত্থানত হৃত মানৱতা।
''জয় প্ৰজন্ম !
জয় সন্ত্ৰাস !
জয় ফেচীবাদ !''
কবিৰ সমাজ সচেতন মনোভাৱ তথা সময়ৰ প্রতি সুতীক্ষ্ণ দৃষ্টিয়ে কবিক থিয় কৰাইছে বুভুক্ষু জনতাৰ শুভচিন্তক এজন জননায়কৰ ভূমিকাত যি কবিসকলৰ কল্পনাবিলাসিতাৰ দূৰ্নাম নস্যাৎ কৰিব পাৰে। আধুনিক কবিতা যি সময়ৰ কথা কয়,মানুহৰ কথা কয়। বিশাল দেৱৰায়ৰ এই কবিতা সামাজিক দায়বদ্ধতাৰ কবিতা। যি চকুত আঙুলি দি দেখুৱাই দিয়ে সকলোকে, অধঃপতিত সময়ৰ দলিল। ভাবৰ উচ্ছাস তথা শব্দৰ ব্যৱহাৰ উভয়ে পৰিপূৰক তথা সুসামঞ্জস্য বৰ্তমান আৰু সেয়াই কবিৰ সাৰ্থকতা। অগ্নিবৰ্ষী ভাষাৰ ব্যৱহাৰে কবিৰ ভাবোচ্ছাসক সম্যক গতি প্রদান কৰিছে। সন্ত্রাস,ফেচীবাদ,সমাজৰ অনীতি- অনিয়মৰ বিৰূদ্ধে সোঁচ্ছাৰ কবিয়ে সমাজ পৰিবৰ্তনৰ সপোন দেখা নাই। অনাগত দিনত অধিক সাৰ্থক সৃষ্টিৰ বাবে কবিলৈ আমাৰ শুভকামনা।
--------------------------------------------------------------------------------------------------
কবিতাঃ"বেয়া দিন আহিছে। কবিঃচাৰ্জেন আৰ্ মেগ' ( Sarzen R. Mego) ---------------------------------------------------------------------------------------------

এটা সমাজবাদী চিন্তাৰ কবিতা। আধুনিক যুগৰ কবিসকলে কেৱল কল্পনাৰ অলীক জগততে বিচৰণ নকৰে, তেওঁলোকৰ সুক্ষ্ম সংবেদনশীল ভাৱপ্রৱনতাই বাস্তৱৰ পৃথিৱীখনৰ সকলো পৰিবৰ্তন পুংখানুপুংখ অনুধাৱন কৰি ৰচনা কৰে সময়ৰ প্রতিনিধিত্বমূলক কবিতা। সময়ৰ জাগ্রত প্রহৰী কবিয়ে অনুভৱ কৰিছে যে সময়বোৰ খুব বেয়াৰ ফাললৈ ধাল কাটিছে।এসময়ৰ বৰ-অসম আজি খণ্ড-বিখণ্ড, গোষ্ঠী সংঘৰ্ষ, সন্ত্রাসবাদৰ নৈৰাজ্যই আজি থান বান কৰিছে অসমৰ যাউতিযুগীয়া ঐক্য। ' মুৰৰ ওপৰৰ আকাশখন' প্রতীকীৰূপত বৰ-অসমৰ ছবি।
'বেয়া দিন আহিছে
ভৰিৰ তলৰ মাটি কঁপিছে
মূৰৰ ওপৰৰ আকাশখন
ভাগ ভাগ হৈ
সৰুৰ পৰা সৰু হৈ আহিছে'
সময় এনে হৈছে যে কোনেও কাকো বিশ্বাস কৰিব নোৱাৰাৰ সময়। যেন পদে পদে জীৱনৰ আশংকা।
'গৈ থকা বাটত
কোনোবাই
শেল পুতি থৈছে'
আত্মীয়তাৰ বান্ধোনেৰে সাঙোৰ খাই থকা পূৰ্বৰ নিভাজ সহৃদয়তা আজি গাঁৱতো দূৰ্লভ, চহৰৰ কৃত্রিম আন্তৰিকতাৰ দৰেই। আজি সকলো আত্মকেন্দ্রিক। কোনেও কাৰো বাবে অকণি সহাণুভূতিৰে ভবাৰ অৱকাশ নাই। কেওফালে অহৰহ ধাৱমান স্বাৰ্থপৰতাৰ মিছিল।
'কি গাঁও
কি চহৰ
সকলোতে জুই জ্বলিছে
ঘৰে ঘৰে বাঢ়িছে
হাহাকাৰ'
আজি সকলোতকৈ সুলভ মৃত্যু। মানুহে মানুহৰ বাবে জীৱন উৎসৰ্গা কৰা আজি সাধুকথা কিন্তু হত্যা, লুণ্ঠন, ধৰ্ষণ অপহৰণ আজি সহজ।
'মৃত্যুৰ চিৎকাৰ'
সেয়ে আজিৰ অসমত, শান্তি দূৰ আকাশৰ মৃত তৰা। কবিয়ে কাব্যিক ব্যঞ্জনাৰে 'অশান্তিৰ বাতাবৰণ'ৰ ছবি তুলি ধৰিছে এইকেইটা শাৰীৰ জৰিয়তে।'ৰূণ দিয়া পাৰহাল '--শান্তিৰ প্রতীক,
ঘৰৰ মূধচৰ পৰা পাৰহাল উৰি যোৱা চিত্রকল্প শান্তিৰ বিঘ্নিত ৰূপৰ সঠিক চিত্রায়ন।
'ঘৰৰ মূধচত বহি
দুপৰীয়া দুপৰীয়া ৰূণ দিয়া
পাৰহাল
ক'ৰবালৈ উৰি গুচি গৈছে'
বান ,গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাজ্যখনত,বছৰটোৰ বাৰমাহেই হাঁহাকাৰ এচাম জনতাৰ।
হাজাৰ হাজাৰ বিঘা কৃষিভূমিত বাঢ়ি আহিছে অনুৰ্বৰতা,মৰুভূমি সদৃশ বালিচৰ।
'দুই পাৰ এৰি
নৈখন
গাঁওলৈ সোমাইছে'
আজিৰ পথাৰত পূৰ্বৰ লহপহীয়া সোণোৱালী ধাননি ছবি কেৱল অতীতৰ সোঁৱৰণিতহে।

'পথাৰৰ সোণগুটি চানি
অপতৃণবোৰ গজিছে
লহপহকৈ বাঢ়িছে'
বাঢ়ি আহিছে দ্রব্যমূল্য,মুদ্রাস্ফীতি। কিন্তু,এচামে অৰ্ধাহাৰে অনাহাৰে ক্ষুধাৰ তাড়নাত জীয়াতু ভোগাৰ সময়তো আন এচামে ৰং ৰহইচত মতলীয়া হৈ দিব পাৰে অন্ধৰ ভাও। সঁচাই বেয়া দিন আহিছে। মানুহে হেৰুৱাইছে মানৱীয় অনুভূতি। হেৰুৱাইছে মনুষ্যত্ব,যাৰ অবিহনে মানুহৰ নাই কোনো পৰিচয়।
'বেয়া দিন আহিছে
মানুহে মানুহৰ পৰিচয় হেৰুৱাইছে
মানুহে মানুহৰ পৰিচয় পাহৰিছে ।'
আত্ম অহংকাৰত, দৰ্পৰ পৰ্বত শিখৰত আৰোহণ কৰা মানুহে প্রকৃততে আহ্বান কৰিছে নিজৰে বিপদ,নিজৰ অগোচৰে।
'অহংকাৰী সপোন'
কবিঃ চাৰ্জেন আৰ্ মেগ' সমাজ সচেতনতাই পাঠকৰ চিত্তক জগাই তুলিবলৈ সক্ষম হৈছে কবিতাটিৰ জৰিয়তে, প্রতীকাত্মক কাব্যিক অভিব্যঞ্জনা তথা সঠিক চিত্রকল্পৰ প্রয়োগৰ জৰিয়তে। কবিতাটোত,কবিয়ে কেৱল সমাজৰ এজন সচেতন প্রহৰীৰ ভূমিকাতহে অৱতীৰ্ণ হৈছে। অসীম কল্পনাপ্রৱনতাৰে কোনো সকাৰাত্মক পৰিৱৰ্তনৰ সম্ভাৱনা বা ইংগিত কবিৰ কবিতাত পৰিলক্ষিত হোৱা নাই। শুভকামনা জনাইছো।
---------------------------------------------------------------------------------------------------
কবিতাঃবাঢ়ি যায় ক্ৰন্দন। কবিঃ মনোহৰ দত্ত ।ৰচনা: ২৯ মাৰ্চ ২০১৫
-----------------------------------------------------------------------------------------
কবিতাটোৰ বিষয়ঃ বিশ্বজনীন। প্রথম স্তৱকটোতে কোৱা হৈছে সাধাৰণ জনতাৰ কথা।
যি সাধাৰণ হৈও অসাধাৰণ। কৃচ্ছ সাধনেৰে সময় বালিত লিখি যায় নিজৰ নাম জীৱনৰ মহানুভৱতাৰে। এই সাধাৰণসকলেহে আনে পৰিবৰ্তন, য'ত নৱপ্রভাতত সুচনা হয় নৱউন্মেষৰ।
'বিশ্বৰ প্ৰান্তে প্ৰান্তে কত জনে
সময় লিখে অনাটনৰ
চিয়াঁহীৰে।'
সনাতন মানৱ জীৱনৰ চিৰন্তন লগৰী সুখ-দুখ,হাঁহি -কান্দোনৰ দৰেই প্রেম-বিৰহ অথৱা বিচ্ছেদ।পৃথিৱীৰ সকলো প্রান্তৰে মানৱ সমাজত এয়া সাধাৰণ ।
'জন সমুদ্ৰত উঠে ঢৌ
প্ৰেম, বিৰহ, বিচ্ছেদৰ জীৱন।'
আৰম্ভনীতে সাৰ্বজনীন ভাৱধাৰাৰে আৰম্ভ কৰা কবিতাটোত আহি পৰিছে 'কাজিৰঙা'ৰ প্রসংগ। কাজিৰঙা অভয়াৰণ্য বিশ্ব-ঐতিহ্য। হয়তো সেয়ে কবিয়ে কবিতাটোত কাজিৰঙাৰ প্রসংগৰ অৱতাৰণা কৰিছে । কাজিৰঙাৰ বিশ্বপ্রসিদ্ধ এশিঙীয়া গঁড় নিধন আজি সমগ্র বিশ্বৰ বাবেই এটা জলন্ত সমস্যা। সেই সমস্যাৰ অৱতাৰণাৰে কাব্যিক ইংগিত ধৰ্মী ভাষাৰ ব্যঞ্জনাৰে কবিয়ে,সমগ্র বিশ্বৰে সেই দূৰ্ভগীয়া শিশুসকলৰ বাবে উদ্বিগ্নতা প্রকট কৰিছে যিসকলে অকালতে হেৰুৱাইছে নিজৰ পিতৃ -মাতৃক। বিভিন্ন কাৰণবশতঃ হেৰুৱাইছে আশ্রয়। যেন কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত নিধন হোৱা গঁড়ৰ পোৱালিবোৰ আৰু সেই দূৰ্ভগীয়া শিশুসকলৰ দূৰ্ভাগ্যৰ মাজত কোনো পাৰ্থক্য নাই। 'কাজিৰঙা' শব্দটোৰ ব্যৱহাৰে দ্বিমাত্রিক ব্যঞ্জনা অৰ্জন কৰিছে গঁড় আৰু মানৱ শিশুৰ জীৱনৰ দূৰ্দশা ডাঙি ধৰাৰ জৰিয়তে। যি কাজিৰঙাই আমাক এখন চিৰসেউজ প্রাকৃতিক অভয়াৰণ্যৰ কোমল সেউজ পৰিবেশ মানসপটত তুলি ধৰে,অথচ আজিৰ কাজিৰঙাৰ বিপন্ন প্রাকৃতিক জীৱনে সমগ্র অসমীয়াকে লজ্জিত কৰিছে বিশ্বৰ সন্মুখত।
'কাজিৰঙাৰ জোনাকত
উল্লাসিত বৈভৱৰ হাঁহিৰ মাধুৰী।
সিহঁতক কোনেনো ওভতাই দিব
পিতৃৰ স্নেহ, মাতৃৰ মমতা?'
অথচ,সময় ধাবমান নিজৰ গতিত। কাৰো বিবশতা বা দূৰ্ভাগ্যত সমবেদনা জনাবৰ বাবে নৰয় সময়।
'তিলে তিলকৈ বৈ যায় সময়
বাঢ়ি যায় ক্ৰন্দন।'
জীৱনৰ সৈতে অহৰহ সংগ্রাম কৰিও জীৱন যুঁজৰ অক্লান্ত সেনানী হৈ জীৱনক জয় কৰিবলৈ সক্ষম হোৱা সেইসকলেহে লিখে সময়ৰ বুকুত জীৱনৰ দলিল। জীৱনক কৰে জ্যোতিস্মান। ভূমিৰ পৰা ভূমালৈ জীৱনৰ উত্তৰণ ।
'বিশ্বৰ প্ৰান্তে প্ৰান্তে কত জনে
সময় লিখে অনাটনৰ
চিয়াঁহীৰে।'
সংযত তথা সংহত শব্দছয়ন , ভাৱৰ প্রাঞ্জলতা আৰু ব্যঞ্জনাত্মক প্রকাশ তথা চিত্রকল্পৰ নান্দনিক ব্যৱহাৰে কবিতাটোৰ আবেদনক সুকীয়া মাত্রা প্রদান কৰিছে। কবিৰ বাবে শুভকামনা।
------------------------------------------------------------------------------------------------
ধন্যবাদেৰে------ অনিতা গগৈ। ২৭।৪।২০১৫। (ক্রমশঃ )

------------------------------------------------------------------------------------
No comments:
Post a Comment