Monday, 27 April 2015

আখৰুৱা গোট। মাৰ্চ--২০১৫ ৰ কবিতাসমূহৰ পৰ্যালোচনাঃপুনৰীক্ষণ।। ।।তৃতীয় খণ্ড।। : অনিতা গগৈ

।।আখৰুৱা গোট। মাৰ্চ--২০১৫ ৰ কবিতাসমূহৰ পৰ্যালোচনাঃপুনৰীক্ষণ।।
।।খণ্ডঃ ৩য়।।
---------------------------------------------------------------
কবিঃনিৰ্জন নীৰৱ বৰফুকন কবিতাঃপোহাৰী।
---------------------------------------------------------------------------------
পোহাৰী--যিসকল নাৰীয়ে সামাণ্য দুই এপদ নিজে প্রস্তুত কৰা সামগ্রী ,শাক পাচলি অথবা সৰু মাছ পুঠি লৈ গাঁৱে গাঁৱে,মানুহৰ ঘৰে ঘৰে বা হাটে বজাৰে বেহানি মেলে সেইসকল নাৰী। সমাজৰ নিম্নবিত্ত এই চাম নাৰীৰ জীৱন অতি দুঃখৰ। সাংসাৰিক জ্বলা যন্ত্রনাৰে বিপৰ্যস্ত। স্বাৱলম্বিতা তেওঁলোকৰ বাবে নাৰী স্বাধীনতাৰ সোপান নহয়। তেওঁলোকে এনেদৰে বেপাৰলৈ ওলাই যাব লগা হয় নিজৰ তথা পৰিয়ালৰ পেটৰ ভাত মুঠি মোকলাবৰ বাবে।কিন্তু তাতো তেওঁলোক সন্মুখীন হয় পদে পদে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়। পুৱাতেই মাছ পুঠি বা শাক পাত বিছাৰি মুৰৰ ওপৰৰ ভাৰ পাচিত লৈ দিনটোলৈ ওলাই যোৱা বাটত মুৰৰ ওপৰৰ বেলিটোও যেন শতৰু হয়। চোকা ৰ'দত ঢেলা পৰি যায়, পাবলগীয়াতকৈ কম দৰতে বেপাৰ কৰিবলগা হয় ।
''ঢেলা পৰা এভাগ মাছৰ
দুদোন ধান কঢ়িয়াই
গছকি পাৰ হয়
এটা বেলাৰ ৰ'দ''
কবি নিৰ্জণ নীৰৱ বৰফুকনৰ কবিতাৰ কেন্দ্রীয় চৰিত্র পোহাৰীবাইৰ মাছৰ বেপাৰ। তেওঁৰ গ্রাহক হ'ল গাঁৱৰে পোনাৰ মাক, মদনৰ আইতাক আৰু আনসকল যিসকলে তেওঁক পুতৌৰ লগতে সহানুভূতিৰে চায়। বিশেষ প্রয়োজন নহ'লেও ৰাখে ঢেলাপৰা মাছৰে এভাগ বা দুভাগ। মাছৰ ভাগৰ বিনিময়ত পোহাৰীবাইয়ে ধানদোন লয়। তেওঁৰ পৰিয়ালৰ এসাজ ভোকৰ ভাত যোগাৰ কৰে কোনোমতে।
" এ পোনাৰ মাক
মদনৰ আইতাক
মাছ ৰাখিবি
মাছ ৰাখিবি "
সাংসাৰিক জীৱনো তেওঁৰ বাবে নহয় মধুৰ। বাৰে বাৰে গৰ্ভধাৰণত বিধ্বস্ত তেওঁৰ শৰীৰ। কাৰণ তেওঁ সেই সমাজৰ বাসিন্দা য'ত আজিও নাৰীক মানুহ বুলি গণ্য কৰা নহয়। নাৰী মাথো এটা জননেন্দ্রিয়।এটা জৰায়ুৰ বাবেহে তেওঁৰ অস্তিত্ব। য'ত তেওঁ ধাৰণ কৰিবলগা হয় বংশৰক্ষাৰ গুৰুভাৰৰ উপৰ্যুপৰি আঘাত।
''নাভিতলত সাতটা জৰায়ুৰ আঘাট ''
তেওঁৰ নাই কোনো সিদ্ধান্ত গ্রহণৰ স্বাধীনতা, কণ্যাসন্তান জন্ম দিয়াৰ বাবে শুনিবলগা হয় ককৰ্থনা। বাধ্যকৰোৱা হয় গৰ্ভপাতৰ বাবে । এটা পুত্রৰ মনোবাঞ্চাৰে এজনী এজনীকৈ বহু কণ্যাৰ মাতৃ হৈ ভগ্নদেহাৰে যদি গৰ্ভধাৰণ সক্ষমতাৰ অন্তিম পৰ্যায়ত সৌভাগ্যক্রমে তেওঁ জননী হয়,পুত্রসন্তানৰ তেওঁৰ যেন জীৱন সাৰ্থক হয়।
''নাভিতলত সাতটা জৰায়ুৰ আঘাট
ডিঙিত
ছখন নদী এটা সূৰ্যৰ চিঞৰ''
কবিয়ে প্রতীকীৰূপত অংকন কৰিছে 'পোহাৰীবাই'ৰ চৰিত্র। যদিও পোহাৰী বাই সাধাৰণ এগৰাকী গ্রাম্যনাৰী কিন্তু তেওঁৰ জীৱন, জীৱনসংগ্রাম পৃথিৱীৰ সমগ্র শ্রমজীৱী নাৰীৰে জীৱনালেখ্য। ''ছখন নদী''--- ছয় গৰাকী কণ্যাসন্তানৰ প্রতীক। 'কণ্যা' বা নাৰীৰ ৰিজনি হয় নদীৰ সৈতে। যি বহন কৰে এখন ঘৰ, বংশ তথা সমাজৰ পৰম্পৰাৰ স্রোত। গৰ্ভত ধাৰণ কৰে ভৱিষ্যতৰ বীজ।অথচ সহি যায় সকলো নীৰৱে । মাথো নাৰী হোৱাৰ বাবেই তেওঁলোক অৱহেলিতা । আনহাতে পুত্রসন্তানক দিয়া হয় বংশৰ প্রদীপৰ অভিধা। 'এটা সূৰ্য'-- পুত্র সন্তানৰ প্রতীকাত্মক ৰূপ। কিন্তু কণ্যাই হওক বা পুত্রই হওক, এগৰাকী মাতৃৰ বাবে সকলো নিজৰ সন্তান। সেয়ে সিহঁতৰ মুখত এমুঠি ভোকৰ ভাত তুলি দিবৰ বাবেই তেওঁৰ জীৱনৰ সংগ্রাম।
" পোহাৰী বাই পোহাৰী বাই
টেঙাৰ আঞ্জা খাই "
অথচ নিজে প্রয়োজনীয় খাদ্যৰ অভাৱত পুষ্টিহীনতাৰ চিকাৰ হয়, ৰক্তাল্পতাত ভুগি তিল তিলকৈ মৃত্যুপথৰ যাত্রী হয়।
''কলাফুলৰ জোক এৰুৱাই
মৰা গৰৈ এটা দলিয়াই''
অকাল বাৰ্ধক্যৰ গৰাহত হ্রাসপাই অহা জীৱনী শক্তিৰে.. তেওঁ টানি যায় সংসাৰ- ৰথৰ জৰী।
''গছে সলালে ৰং
মুধচত শেষ ৰাতিৰ জোনাক''
অভাৱ অনাটনে জুমুৰি দি ধৰা সংসাৰৰ জ্বালা।তেওঁৰ অপুষ্টিজনিত শুকান বক্ষত,তেওঁৰে সন্তানৰ জীৱনৰ বাবে প্রয়োজনীয় পৰম-অমৃত মাতৃদুগ্ধৰ অভাৱ।
''ফিচিকা চাদৰৰ আঁচলৰ বুকুত
কৰাল মাৰে
নুমলীয়া ওঁঠৰ ভোক''
দুৰ্ভাৱনাত,তেওঁৰ দিন নাযায়, নুপুৱাই দুখৰ ৰাতি।কেনেকৈ বেলি নৌ উঠোতেই দুটামান মাছপুঠি ধৰি, বেচি খোৱামুঠিৰ যোগাৰ কৰিব পাৰে তাৰবাহিৰে অন্য চিন্তাৰ অৱকাশ নাই। নাই কোনো নিজাকৈ সপোন দেখাৰ হাবিয়াস। কাৰণ সপোন দেখিব পৰাকৈ তেওঁৰ সৌভাগ্য নাই।পুৰণি সপোনবোৰো বাস্তৱৰ কঠিন শিলত মুখঠেকেচা খাই পৰি ৰোৱা বাবেই যেন মামৰে ধৰি নষ্ট হৈ গৈছে।
''অনিদ্ৰাৰ ফেহুঁজালিত
জাকৈৰ মকুৱা গোন্ধ
খালৈৰ কাঁচিখনত
মামৰে ধৰা এটা সপোন''
কবি নিৰ্জন নীৰৱ বৰফুকনৰ কবিতা ''পোহাৰী''ৰ--- সাৰ্বজনীন আবেদনে, কবিৰ অনবদ্য উপস্থাপন শৈলী তথা নিস্বঃজনৰ জীৱনৰ প্রতি প্রখৰ অৱলোকনে পাঠকৰ হৃদয় আলোড়িত কৰে।এয়া কবিৰ দক্ষতা। 'পোহাৰী' এগৰাকী সাধাৰণ শ্রমজীৱী নাৰীৰ জীৱনৰ সাৱলীল চিত্রন। জীৱন যাৰ বাবে মাথো জীয়াই থকাৰ নাম।অহোৰাত্রি সংঘৰ্ষ জীৱনৰ সৈতে। ভাৱৰ প্রাঞ্জলতা আৰু গ্রাম্য কথিত ভাষাৰ প্রয়োগে কবিতাটোক নিটোল ৰূপত তুলি ধৰিছে। মন কৰিবলগীয়া যে কবিয়ে কবিতাটোত কেৱল পোহাৰীৰ জীৱনৰ বৰ্ণনাহে কৰিছে । কোনো পট পৰিবৰ্তন বা সৌভাগ্য বা এচমকা আশাৰ কিৰণৰ ৰেঙণি পোহাৰীয়ে দেখা নাই। এয়া হয়তো কবিৰ ইচ্ছাকৃত। শুভকামনাৰেকবিৰ পৰা ভবিষ্যতলৈ অধিক সাৰ্থক সৃষ্টি পোৱাৰ আশা ৰাখিছো।
-------------------------------------------------------------------------------------------
কবিতাঃমোৰ বুকুত বহাগৰ দৈন্যতা। কবিঃ দাদুল ভূঞা
-----------------------------------------------------------------------------------------------
বহাগ অসমীয়া জনজীৱনৰ সৈতে উতঃপ্রোতভাৱে জড়িত, অসমীয়াৰ জনমানসক উদ্বেলিত এটা মাহ। প্রকৃতিৰ সেউজ পয়োভৰে ডেকা গাভৰুৰ মন পুলকিত কৰি জগাই তোলে বসন্তভাৱনা, প্রেমানুৰাগ অথচ কবিয়ে বহাগক লৈ দ্বিধাগ্রস্ততাত ভুগিছে।বহাগে তেওঁৰ মনক সমৃদ্ধ কৰাৰ পৰিবৰ্তে, ভাৰাক্রান্ত কৰিছে বিষাদবোধেৰে। প্রদান কৰিছে দীনতা।
''মোৰ বুকুত বহাগৰ দৈন্যতা
দুহাতত বন্দী প্রেমৰ সুৰুয''
যদিওবা বহাগত অংকুৰিত হয় শুষ্ক বিৰিষৰ ডালে ডালে নৱপল্লৱ, প্রাণ পাই উঠে প্রকৃতিয়ে;আকৌ আনহাতে বহাগৰ বৰদৈচিলাই কালৰূপ ধাৰণ কৰি সংহাৰি যায় সকলো। বহাগৰ প্রকৃতিৰ এই বৈপৰীত্যই কবিমনত জগাইছে প্রচণ্ড বিষাদবোধ। তেওঁৰ অকাৰণ অনুভৱ যে প্রেমত পোৱা প্রতাৰণাৰ সৈতেহে যেন ৰিজনি হয় বহাগৰ।
''বহাগ মানেই প্রেম ভালপোৱাৰ কুঁহিপাত;
আৰু প্রেম মানেইটো বিষাদৰ বৰদৈচিলা''
যিগৰাকী প্রেমাস্পদে তেওঁৰ হৃদয়ত জগাই তুলিছিল ভালপোৱাৰ অমল শিহৰণ, সপোনৰ বৰ্ণময় মাদকতাৰে সন্মোহিত কৰিছিল জীৱন,সেই জনেই তেওঁক দি গ'ল মাথো বুকুভঙা তীব্র যন্ত্রণা।
''এদিন তাই আহিছিল
মোৰ বুকুত ৰুইছিলহি এজুপি গোলাপ''
''সুখ গলি গলি দুখ হোৱালৈ
আৰু কিমান বাট ?''
যথোচিত চিত্রকল্পৰ সদপ্রয়োগৰ জৰিয়তে, কবিয়ে বিষাদবোধক সাৱলীল ৰূপত উপস্থাপন কৰিছে কবিতাটোত।
''অৱগুণ্ঠিকা সপোনৰ পানচৈ ঘাটত
দুখৰ আগ্নেয়গিৰী
জ্বালামুখী হৈ সৰি ৰ'ল
ভালপোৱাৰ ৰূপালী মাছ''
সপোন নদীৰ পাৰঘাটত নাও চপোৱা কবিৰ ভগ্নহৃদয়ত যেন 'দুখৰ আগ্নেয়গিৰি' য'ত স্বপ্নভংগৰ 'জ্বালামুখীৰ উদ্গীৰণ'ত সৰিছে,বিফল প্রেমৰ ধ্বংসাৱশেষৰ ছাই--''ৰূপালী মাছ''।
কাব্যিক ব্যঞ্জনাৰে , বহাগৰ প্রসংগৰে কবিয়ে তুলি ধৰিছে ভাঙি যোৱা সপোনৰ দৰে, জোৰা নলগা সম্পৰ্কৰ বিষাদবোধ। সেয়ে, বহাগৰ আকাশে বতাহে প্রেমৰ মধুগুঞ্জনেও কবিৰ বুকুত জগাই তুলিব পৰা নাই প্রেমৰ অনাবিল অনুৰাগ। সেয়ে কবিৰ বাবে---
''বুকুৰ দেদাউনিত
বহাগ হৈ ৰ'ল
মাথো
দৈন্যতাৰ এপাহি কাঁইটিয়া ফুল।''
ব্যক্তিগত অনুভৱৰে সিক্ত কবিতাটিৰ ভাৱৰ উপস্থাপনে পাঠকৰ হৃদয়ো আন্দোলিত কৰে।ইয়াতে কবিৰ দুখবোধে ব্যক্তিগত অনুভৱৰ পৰা সামূহিক দিশলৈ গতি ক'ৰে। সেয়াই কবিৰ সাৰ্থকতা। শুভকামনা জনাইছো।
----------------------------------------------------------------------------------------------------
কবিঃ লোচন কৌশিক।কবিতাঃপ্রেমৰ ডায়েৰী ৫
-------------------------------------------------------------------------------------
আপাতদৃষ্টিত এটা প্রেমৰ কবিতা। কিন্তু,প্রেমৰ সাধাৰণ জাগতিক স্বৰূপ, য'ত মনৰ লগত শৰীৰো প্রেমৰ এক অনিবাৰ্য অনুষংগ,সেই অৰ্থৰ প্রেম কবিতাৰ বিষয় নহয়। কবিয়ে প্রেমক অংকণ কৰিছে শৰীৰৰ উৰ্ধত, এক অতিলৌকিক সম্পৰ্কৰ আধাৰ স্বৰূপে। কবিৰ সন্ধান হৃদয়।
প্রেমৰ প্রথম ৰাগিনী অনুৰণিত হয় হৃদয়ত,কিন্তু শৰীৰৰ পৰা বিছিন্ন নহয় মানুহৰ অস্তিত্ব। অথচ কবিৰ বাবে মূখ্য মাথো হৃদয়।
''মই তেওঁৰ ওচৰত''
হৃদয়ৰ ভিক্ষা কৰিছিলোঁ''
কিন্তু, কবিৰ বাবে চৰম নিৰাশাৰ দুৱাৰ মুকলি কৰি, তেওঁক তেওঁৰ প্রেয়সীয়ে আদৰিছিল শাৰিৰীক প্রেমৰ উপচাচাৰেৰে। কাৰণ কবিপ্রিয়া অক্ষম কবি মনৰ সেই অন্তৰীক্ষ চুম্বী আত্মিক প্রেমৰ স্বৰূপ উপলব্ধি কৰিবলৈ।
''হৃদয়ৰ সলনি
শৰীৰ বিনিময় কৰিবলৈ সাজু আছিল''
কবিৰ সন্ধান সেই অনিবৰ্চনীয় আত্মিক প্রেমৰ,যত কবিৰ আত্মাই জিৰাব পাৰে ইন্দ্রিয়াতীত সুখানুভূতিত। ক্ষণস্থায়ী শৰীৰৰ জাগতিক প্রেমে পুৰণ কৰিব নোৱাৰে কবিৰ বাসনাৰ ক্ষুধা। তেওঁৰ বাবে,প্রেম সৰগীয় সুধা,আত্মাৰ বিমল প্রশান্তি যি আলোকত বিধৌত হয় আত্মাৰ সকলো মলিনতা।
''পোহৰ বিচাৰি ফুৰোঁতে দেখা
সেই কিছুমান সপোন
কিছুমান আশা
কিছুমান সুখ…
বিচাৰি গৈছিলোঁ''
ৰহস্যময়তাৰে দুদূল্যমান মনঃ স্থিতিৰ অনুষংগৰে , লয়যুক্ত ভাষাৰ প্রয়োগেৰে কবিয়ে বস্তুজগতৰ পশ্বাদপটতে অংকন কৰিছে শৰীৰ বৰ্হিভূত প্রেমৰ প্রতিচ্ছবি, যাক আখ্যা দিব পাৰিঃ ''প্লেটানিক লাভ''।শ্রীকৃষ্ণৰ প্রতি মীৰাবাইৰ যি প্রেম.ঠিক তেনে নহয় কিন্তু সমপৰ্যায়ৰ এক উচ্চ ভাৱাদৰ্শৰ দ্যোতনাৰে প্রেমৰ উপস্থাপন।
''সেই সুদূৰ ধূসৰ
ৰহস্যময় অতীতৰ অংশ
যি অতীত থাকিও নাই,
যি অতীত স্পৰ্শাতীত
যি অতীত কোনো দিনে
ঘূৰাই নোপোৱাৰ
বেদনাৰে অশ্রুপ্লাবিত…..''
কিন্তু বিফলতাৰে ভাৰাক্রান্ত কবি কাৰণ তেনে প্রেম এই পৃথিৱীত সুলভ নহয়। ইয়াত,কবিৰ প্রেয়সী কোনো নিৰ্দিষ্ট নাৰী চৰিত্র নহয়। এই নাৰীসত্তা প্রেমৰ জাগতিক শৰীৰী ৰূপৰ দ্যোতক। যি শৰীৰী প্রেম প্রতিবন্ধক হৈ দণ্ডায়মান হৈছে আত্মিক প্রেমসন্ধানী কবিৰ সন্মুখত।কবিৰ বাবে বন্ধ হৈ গৈছে সেই অবিনশ্বৰ প্রেমৰ দুৱাৰ। .
''তেওঁ চকু জপাই দিছিল
তেওঁৰ চকুৰে
বৈ অহা নাছিল সাগৰ''
অথচ কবিয়ে, এদিন অনুভৱ কৰিছিল, সেই প্রেম হিয়াৰ পবিত্রতাৰে। হয়তো তেওঁ পাৰ হৈ আহিছে প্রেমৰ বহু বিচিত্র অনুভৱৰ জটিল সময়, যি পৰিক্রমাৰে কবিয়ে উপলব্ধি কৰিছে শৰীৰ সৰ্বস্ব প্রেমৰ অসাৰতা।সেয়ে তেওঁৰ পুনৰ সন্ধান সেই হেৰুৱা আলোকৰ।যি প্রেমৰ তুলনা হয় কুলি চৰাইৰ বসন্তৰ প্রতীক্ষা অথবা পানীৰ বুকুত জীৱন কটোৱা নদীয়ালৰ বেদনা ভৰা সেউজীয়া প্রেমৰে। এইখিনিতে, কবিৰ প্রেম ব্যক্তিগত অনুভৱৰ পৰা উত্তৰণ ঘটিছে নৈৰ্ব্যক্তিকতালৈ।পেমত মোহান্ধ হোৱা নাই কবি। পাহৰা নাই প্রকৃতিৰ মোহ। সেয়ে, তেওঁৰ মনত অসন্তুষ্টি জীৱনকলৈ।
''শুনিবলৈ পাইছিলোঁ
জীৱনৰ হেৰাই যোৱা
সেই চিনাকী গান
সেই চিনাকী সুৰ….
সেয়া যেন আছিল
জীৱনৰ মধুৰতম সময়…''
অনুভৱৰ অগনিৰে দগ্ধ হৃদয়ে, তেওঁ বাঞ্চা কৰিছে তেওঁৰ বাবে আন এজনেও অনুভৱ কৰক ব্যথা।তেওঁৰ বাবে অকণি সহানুভূতিৰে,নিৰ্ভেজাল আন্তৰিকতা সনা এটোপাল অশ্রুৰে অন্ততঃ তেওঁৰ বাবে বোলাই দিয়ক শীতলতাৰ বা।
''সময় বনজুই হৈ জ্বলিছে
এটোপাল চকুলো
ববলৈ দিয়া মোৰ শৰীৰত….!!!
অনুভূতিৰ তীব্রতা,শব্দ আৰু আবেগৰ সংহত প্রকাশে কবিতাটোক এক মাত্রা প্রদান কৰিছে। কিন্তু, অনৰ্থকভাবে কিছু দীঘলীয়া হোৱা যেন অনুভৱ হয় যাৰবাবে পাঠকৰ মনোযোগ বিকৰ্ষণৰ স্থল পৰিলক্ষিত হয়। কবিৰ বাবে আমাৰ শুভকামনা।
----------------------------------------------------------------------------------------------
কবিঃদীপালি দুৱৰা ৰাভা (Dipali Dowarah Rabha)। কবিতাঃ ৰটনা। -----------------------------------------------------------------------------------------
আমাৰ সমাজৰ এচাম মানুহে কেৱল পৰচৰ্চা কৰিয়ে সময় কটাই ভাল পায়। ব্যক্তিগত জীৱনৰ আওতাৰ বাহিৰত আনৰ জীৱনপঞ্জী খোঁচৰি সত্যৰ অপলাপ কৰাই তেওঁলোকৰ বাবে মূখ্য। নিজৰ সকলো দোষ ঢাকি মুখাপিন্ধা এইচাম মানুহে সমাজৰ দূৰ্বল শ্রেণীটো বিশেষকৈ অকলশৰীয়া, অবলা নাৰীসকলক আক্রমণৰ লক্ষ্য কৰি লয়।
কবিঃ দীপালী দুৱৰা ৰাভাৰ কবিতা 'ৰটনা'ৰ--'তাই' কোনো নিৰ্দিষ্ট নাৰী সত্বা নহয় বৰং 'তাই' সমাজৰ সেইচাম দূৰ্ভগীয়া নাৰীৰ প্রতিনিধি যাৰ জীৱন অবৰ্ণনীয়। জীৱনত কোনোদিন সুখৰ মুখ নেদেখা.ভাগ্যৰ দ্বাৰাও প্রৱঞ্চিত এইচাম নাৰীৰ প্রতি, অনবৰতে উত্থিত হয় সমাজৰ এচাম তথাকথিত কাণ্ডাৰীৰ অভিযোগৰ আঙুলি।
''কোনোৱে কয় তাই ফাগুনৰ বাবে দুৱাৰ খুলি বহি থাকে
কোনোৱে কয় তাই বুকুত আঁচল নলয়
কোনো জনৰ মতে পিলিঙা ডেকাই তাইৰ পদুলি শুঙে।''
কিন্তু, তাই অসহায়। নীৰৱে সকলো সহ্য কৰি সহনশীলা বসুমতীৰ ৰূপত অৱতীৰ্ণ হোৱাৰ বাহিৰে তাইৰ অন্য উপায় নাই।যদিওবা তাই জানে ভুৱা প্রেমৰ অভিনয়েৰে কোনে কাক প্রৱঞ্চনাৰ জাল পাতে।
''তাই মাথো শুনে
কাৰ পদুলিত কেইপাহ বকুল সৰে
তাই জানে।''
কাৰ মিছা ভালপোৱাৰ নাগপাশত কোন বন্দিনী হৰিণী দিকভ্রান্ত হয় সেয়াও তাইৰ অবিদিত নহয়। অবৈধ্য প্রেমৰ ব্যভিচাৰী ৰূপ তাই দেখিছে। কাৰ কামনাৰ বলি হৈ কিমান নাৰীয়ে অকাল গৰ্ভপাত কৰিছে সমাজৰ অগোচৰে সেয়াও তাইৰ অজানা নহয়।
'জোনাকত কোনে গৰ্ভপাত কৰে
সেয়াও তাইৰ চকুৰ সীমাত।'
অথচ' তাই একো ক'ব নোৱাৰে কাৰণ তাই সমাজৰ দূৰ্বলজন। নামমাত্র যাৰ অস্তিত্ব। মুখ খুলি কথা কোৱাৰ অধিকাৰ যাক সমাজে দিয়া নাই। সেয়ে সামান্য দোষতে তাইৰ কুৎসা ৰটনা কৰা সমাজৰ মুখাধাৰী বৰমূৰীয়া সকলৰ সকলো অপকৰ্ম তাই উদঙাই দিয়াৰ প্রৱল ইচ্ছাক দমন কৰি ৰাখিবলৈ বাধ্য।
''পাছে সকলো ধোৱা তুলসীৰ পাত
সেইচাম ভণ্ডলোকে নিজে কৰা অপকৰ্মবোৰ ধাকি ৰাখি সমাজৰ আগশাৰীত উপবিষ্ট হয় নিজকে 'ধোৱা তুলসীৰ পাত' সজাই। সেয়ে 'তাই'ৰ মনত বিদ্রোহৰ সুপ্ত জ্বালামুখীঃ
''বেইমান দুনিয়াত
তাইহে বদজাত।''
কিন্তু উমি উমি জ্বলি থকা সেইকুৰা ক্ষোভৰ জুই দাবানল হৈ দপ্ দপাই জ্বলি উঠাৰ কোনো সম্ভাৱনা নাই। কবিঃ দীপালী দুৱৰা ৰাভাই সুন্দৰ উপমাৰে, সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ বিৰুদ্ধে নিৰ্যাতিত এগৰাকী অবলা নাৰীৰ বিদ্রুপ তথা মৰ্মবেদনা সুন্দৰকৈ প্রকাশ কৰিছে । কবিৰ চিত্রনত সেই নাৰী এক সাধাৰণ অবলা মাথো, যি শিকিছে কেৱল গছকত পৰি পিষ্ট হ'বলৈহে। প্রতিবাদৰ ভাষা তেওঁ আয়ত্ব কৰা নাই। সেয়ে, এইখিনিতে কবিতাটোৰ দূৰ্বলতা পৰিলক্ষিত হয়। কিন্তু,সামগ্রিকভাবে কবিতাৰ বক্তব্যই সেই নাৰীগৰাকীৰ প্রতি পাঠকৰ মনত সহানুভূতি অথবা সহমৰ্মিতাৰ ভাব জাগ্রত কৰায় ।সেয়া কবিৰ উপস্থাপন শৈলীৰ পটুতা। শুভকামনা ৰ'ল ।
-----------------------------------------------------------------------------------------------------
কবিঃপ্রভাকৰ শৰ্মা নেওগ ( PrabhakarSarma Neog)
--------------------------------------------------------------------------------
কবিতাটোত, সন্ধ্যাসময়ৰ অনুষংগৰ বৰ্ননা কৰা হৈছে। সন্ধিয়া, দিন আৰু ৰাতিৰ সন্ধিক্ষণ। পশ্চিমাকাশত দিনমণিৰ অস্তৰাগী অৰুণাভাই আমাৰ মনক যেন ভাৱসাগৰত বুৰাই তোলে। এক অনিবৰ্চনীয় অনুভৱে পুলকিত কৰে মন । আকৌ যদি সন্ধিয়াটো হয়, মানুহৰ জীৱনৰ সন্ধিক্ষণ, তেনে এক প্রতীকাত্মক ৰূপতে কবিৰ কবিতাত সন্ধিয়াৰ প্রসংগ।
দিনটোৰ ব্যস্ততাৰ অন্তত সদ্য কৈশোৰোত্তীৰ্ণ যুৱকজন সোমাই আহিছে
''খিড়িকী বন্ধ কৰাৰ পৰতে সন্ধিয়াটো সোমাই আহে''।
জীৱনৰ জটিল সন্ধিক্ষণ, অথচ বিচৰণ অলৌকিক এখন জগতত.. নিজৰ ভাৱত বিভোৰ।
''গুণ-গুনকৈ এটা গানৰ কলি ওঁঠতে লৈ।
আকাশত তৰাৰ মেলা পতাৰ সময়।''
নিজৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে অসচেতনতা। পৃথিৱীখনৰ আন্ধাৰ দিশটো চকুত নপৰা ,কেৱল ৰঙীন চক্ মকীয়া জগতত সহজ সফলতা বিছাৰি দিক্ ভ্রান্ত আজিৰ এচাম কিশোৰ বা যুৱকৰ বাঢ়ি অহা হতাশা, বিফলতা বা আশা কৰা দৰে সফল হ'ব নোৱাৰাৰ বাবে উশৃংখলতাৰ চিকাৰ হোৱা , হেৰুৱাই পেলোৱা আত্মবিশ্বাসৰ পৰণতিত ভোগা নিৰাপত্তাহীনতাৰ বাবে পিতৃ মাতৃ বা অভিভাৱক সকলেও ভোগিবলগা হয় কুফল ।
''বতাহ উদাস, আকুল-বি্যাকুল চুলি
পশ্চিমত হেঙুলীয়া বিদায়ৰ বোল''
সময় নিৰবধি। কাৰো বাবে ৰৈ যাব নোৱাৰে। পিতা মাতা বা অভিভাৱকসকলেও সদায় দিব নোৱাৰে পথনিৰ্দেশণা।
''সময় বৈ যায় নিৰন্তৰ
বেলিটোৰ জিৰণিৰ পৰ।''
আজিৰ জটিল সময়ত, সন্তানক লৈ সৰ্বক্ষণ উৎকণ্ঠিত হৈ ৰোৱা পিতৃ-মাতৃ আৰু অত্যাধুনিক পৃথিৱীৰ ক্রমবৰ্ধমান প্রতিদ্বন্দিতাৰ ফলত বিভ্রান্ত হৈ নিজক গঢ় দিয়াৰ সময়খিনিতে, সন্তান যাতে পথভ্রষ্ট নহয় সেই আংশকাৰে পিতৃ মাতৃৰ অত্যধিক নিয়ণ্ত্রণেও কেতিয়াবা দুয়োপক্ষৰ মাজত সৃষ্টি কৰে মানসিক ব্যৱধান,সংঘাট। অথচ যদি সহনশীলতা, মৰম আৰু ধৈৰ্যৰে যদি সময়ৰ হাত ধৰি আগবঢ়াই নিয়া হয়, সময়ে নিশ্চয় দিয়ে সুখদ পৰিণতি।
''মন পথাৰ উপচি পৰে জিকমিক শেৱালীৰ ফুল।''
এনে এক বাৰ্তাৰে, আজিৰ সময়ৰ এটা সমস্যাৰ প্রতি সজাগ দৃষ্টি তথা সমাধানৰ আশাবাদিতাৰে ৰচিত কবিতাটোৱে এখন্তেকৰ বাবে হ'লেও পাঠকক দি যায় চিন্তাৰ অৱকাশ। কবিৰ বাবে আমাৰ শুভকামনা।
------------------------------------------------------------------------------------------------
ধন্যবাদেৰে ---- অনিতা গগৈ। দিনাংকঃ ২১।৪।১৫। ------------ (ক্রমশঃ)
------------------------------------------------------------------------------------
Unlike · Comment
You, Malabika Bora Brahma, Mousumee Bori, বিক্ৰমাদিত্য বৰুৱা and 16 others like this.

Prabhakar Sarma Neog ধন্যবাদ
April 21 at 6:39pm · Unlike · 2

Lochan Kaushik xofol porjalosana..protitu kobitar alosona pohi val lagil...mur kobitar alosona pohi utxah palu...dhanyabaad ba
April 21 at 7:04pm · Unlike · 2

Anita Gogoi ধন্যবাদ জনাইছো আপোনাকো Prabhakar Sarma Neog
April 22 at 9:35am · Like · 1

Anita Gogoi ধন্যবাদ। স্বাগতম Lochan Kaushik
April 22 at 9:35am · Like · 1

Prabhakar Sarma Neog নিজে লিখা কবিতাৰ সমালোচনা পঢ়িবলৈ সঁচাকৈয়ে ভাল লাগে। উৎসাহ পোৱা যায়।
April 22 at 9:38am · Like · 2

Anita Gogoi মই লিখা কথাখিনিৰে যদি আপুনি উৎসাহিত হৈছে তাৰবাবে মই ধন্য হৈছো।
April 22 at 9:50am · Like · 1

Nirjon Nirob Borphukon ধন্যবাদ ৷ সুন্দৰ আলোচনা ৷ আগলৈ আৰু লিখিব বুলি আশা ৰাখিলোঁ ৷
April 23 at 9:47pm · Unlike · 2

Anita Gogoi চেষ্টা কৰিম নিশ্চয়। ধন্যবাদ । উৎসাহিত হৈছো।
April 23 at 9:58pm · Edited · Unlike · 2

Anamika Baruah ইমান সৰল ভাষাৰে ফঁহিয়াই লিখা আলোচনাটি পঢ়ি বৰ ভাল লাগিল। এনে আলোচনাই কবিসকলক নিশ্চয় প্ৰেৰণা যোগাব।
April 23 at 10:15pm · Like · 3

Anita Gogoi অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক।
April 23 at 10:17pm · Like · 1

Jahnu Bharadwaj bor bhal lagil.....
Yesterday at 1:52pm · Like · 1

Anita Gogoi ধন্যবাদ জনাইছো। আপোনাৰ মন্তব্যৰে অনুপ্রাণিত হৈছো
23 hrs · Like

Mousumee Bori সুন্দৰ পৰ্যালোচনা ৷ ভাল লাগিল৷
20 hrs · Like · 1

Anita Gogoi ধন্যবাদ মৌচুমী।
19 hrs · Like · 1

No comments:

Post a Comment