কবিয়ে
জীৱনৰ কবিতা লিখে। মানুহৰ জীৱনৰ। সিংহাসনত বহি পৰম সুখেৰে দিন কটোৱা ৰজাৰ
জীৱনৰ নহয়, প্ৰতিদিনে জীৱন-জীৱিকাৰ বাবে মৃত্যুৰে যুঁজি থকা সাধাৰণ মানুহৰ
জীৱনৰ। তেনে কবিতাইহে পাঠকৰ হৃদয় আন্দোলিত কৰিব পাৰে। কিছুদিন আগতে সংবাদ
মাধ্যমে আমাক দেখুৱাইছিল, জীয়াই থাকিবৰ বাবে এচাম শিশুৱে কিদৰে
ব্ৰহ্মপুত্ৰৰ বুকুত সাঁতুৰি পইচা সংগ্ৰহ কৰি আছে, যিবোৰ পইচা ঈশ্বৰপ্ৰেমী
মানুহে শৰাইঘাটৰ ওপৰেৰে পাৰ হৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ বুকুলৈ দলিয়াই পূণ্য
অৰ্জন কৰে। সেই ঘটনাৰেই কিছু লেস পৰিছে কবি অনিতা গগৈৰ ‘জীৱন্ত কবিতা’
শীৰ্ষক কবিতাটিত। কবিতাটিৰ আৰম্ভণিৰ বেলিকা ঠিক যেন এজন অখ্যাত কবিৰ
জনপ্ৰিয় হোৱাৰ এক একান্ত হাবিয়াস-
“বহুদিনৰ মূৰত, অজ্ঞাতবাসৰ পৰা উভতি আহিল মানুহজন।
নতুনকৈ পুনৰ প্রসিদ্ধিৰ পৰ্বত শিখৰত,
আৰোহণৰ উদগ্র বাসনাই উকমুকালে ।
পুনৰ বিছাৰি ল'লে কবিতা লিখিব পৰা কলমবোৰ।”
এটা কাহিনীৰ মাজেৰে কবিতাটি আগবাঢ়িছে। ইয়াত বিষয়ী এজন কবি। বিষয়ীয়ে কবিতাৰ বিষয় বিচাৰি নাপাই হাহাকাৰ কৰি উঠিছে, লক্ষ্মীনাথৰ ‘বৰবৰুৱাৰ কবিতা বেদনা’ত বৰবৰুৱাৰ আহুকাল হোৱাৰ দৰে।
“কবিতাৰ বিষয়ৰ সন্ধানত তেওঁ,
হৃদয়ৰ সাতো কোঠালি ভুমুকিয়াই চালে ।
মকৰাজাল , এলান্ধুৰে ভৰি আছে। আন্ধাৰ।
ৰজাঘৰীয়া, চতুস্পদী স্তাৱকৰ দলে জুম বান্ধি ,
চিৰাচিৰ কৰি বিদীৰ্ণ কৰিলে, শব্দৰ সুকোমল শৰীৰ।
সকলো ৰক্তাক্ত বিভৎস। কবিতা নহয় তাৰে।”
তেওঁ কবিতাৰ সন্ধানত ওলাই আহিছে লুইতৰ ঘাটলৈ। আৰু ইয়াৰপৰাই কবিতাটি ‘বৰবৰুৱাৰ কবিতা বেদনা’ৰ পৰা ফালৰি কাটিছে। ইয়াত বিষয়ীয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত দেখিছে থাৰ্মকলৰ ভুৰত উঠি পানীৰ তলত এটকা, দুটকাৰ সন্ধান কৰি থকা এজাক শিশু। বিষয়ী বিভোৰ হ’ল। তেওঁৰ কাৰণে যেন এয়াই শ্ৰেষ্ঠ কবিতা।
“আস! এয়াটো জীৱন-সংগ্রাম নহয় মাথো ,
এয়া জীৱনৰ বাবে , জীৱনে লিখা এক জীৱন্ত কবিতা ।”
কবিয়ে এটা সুন্দৰ ভাৱ আগত ৰাখি কবিতাটি ৰচিছে যদিও সামগ্ৰিকভাৱে চাবলৈ গ’লে এনে লাগে যেন কবি গগৈৰ কাব্য চৰ্চা আৰু অধিক পূৰঠ হোৱাৰ থল আছে। কবিতাটি কিছু চুটি কৰিব পৰা গ’লহেঁতেন। যতি চিহ্নৰ ক্ষেত্ৰত কবিৰ অসচেতনতা চকুত লগা।আকৌ, একেটি বিষয় অন্যভাৱেও প্ৰকাশ কৰিব পৰা গ’লহেঁতেন। ইয়াত কবিয়ে যিটো কাহিনীৰ সৃষ্টি কৰিলে, সি কবিৰ ভাবাবেগ সম্পূৰ্ণৰূপে ফুটাই তুলিব পৰা নাই যেন লাগে। এই ক্ষেত্ৰত কবিৰ প্ৰকাশ শৈলীৰ ওপৰত অধিক সম্পৰীক্ষাৰ প্ৰয়োজন আছে। এইখিনি বাদ দি এইটো এটা ভাল, সুখপাঠ্য কবিতা। কবি গগৈৰ শব্দৰ বাছনি শলাগিবলগীয়া। গগৈৰ পৰা আগলৈ অধিক ভাল কবিতা পাম বুলি আশা কৰিলোঁ।
**********
‘আখৰুৱা’ৰ এজন অন্যতম শক্তিশালী কবি নিশাংক মিলনৰ ‘প্ৰেম ইত্যাদি’ নামৰ কবিতাটিত শব্দৰ ব্যঞ্জনা মন কৰিবলগীয়া। অত্যাধিক ৰূপকৰ সমাহাৰেৰে কবিতাটিত বাজি আছে প্ৰেমৰ দুই বিপৰীত ক্ৰীয়াৰ কথা- সুখ আৰু দুখ।
“ৰোজগাৰৰ জোকে শুহি উদং কৰা
পৃথিৱীৰ জৰায়ুত আমিবোৰ জীয়াই থাকো
অনিশ্চয়তাৰ ভ্ৰূণ হৈ;”
কবিতাটিৰ এই প্ৰথম স্তৱকটি পঢ়িলেই কবিতাটিৰ শব্দ ব্যঞ্জনাৰ উমান পোৱা যায়। ‘জৰায়ু’ আৰু ‘ভ্ৰূণ’ দুটা ৰূপক। ‘জৰায়ু’য়ে সৃষ্টিশীলতাক বুজাইছে। গতিকে ‘পৃথিৱীৰ জৰায়ু’য়ে পৃথিৱীৰ ভৱিষ্যৎ সম্ভাৱনীয়তাক বুজাইছে। আকৌ, এই সম্ভাৱনীয়তাৰ আধাৰ পৃথিৱীৰ মানৱকূলক কবিয়ে ‘ভ্ৰূণ’ ৰূপকেৰে বুজাইছে। কবিতাটিৰ দুটা শক্তিশালী শাৰী-
“উভালি পৰা ৰমণৰ শিপাত পাখি মেলি জিৰাইহি
সুখৰ জটায়ু- যি কেতিয়াও ৰুধিব নোৱাৰিলে সীতাহৰণৰ সত্যক ।”
কবি নিশাংক মিলনৰ কবিতাৰ এটা বৈশিষ্ট হৈছে সাধাৰণ কথা একোটাক কিছু আওপকীয়াকৈ কৈ নাইবা কথাষাৰৰ লগত পৰিৱেশ বা অৱস্থাৰ এটা-দুটা শব্দ ব্যৱহাৰ কৰি কথাটিক অধিক ব্যঞ্জনাঘন আৰু অসাধাৰণ কৰি তোলা। উপৰিউক্ত শাৰী দুটাতো এই বৈশিষ্ট লক্ষণীয়। দ্বিতীয় শাৰীৰ শেষৰ শব্দ “সত্যক” ভালদৰে লক্ষ্য কৰিলেই ইয়াক উপলব্ধি কৰিব পাৰি। আকৌ, কবিতাটিৰ ঠায়ে ঠায়ে ছুৰিয়েলিজিম(Surrealism)ৰ প্ৰভাৱ দেখা যায়, য’ত দুটা বিপৰীত ভাবে প্ৰকৃত ভাবক ধূসৰ কৰি তোলে। ই এটা ট্ৰেজেদিৰ সৃষ্টি কৰে আৰু লগে লগে পুতৌ নাইবা শংকাৰে এই ট্ৰেজেদীৰ পৰা উপশম দিয়ে, যাক কেথাৰছিছ(Catharsis) বুলি কয়।
“তথাপি আমি সুখী হও - মৃত্যুৰ দৰে
আমি হাঁহো - কন্ধৰ দৰে;
প্ৰেম আমাৰ স্থিতিবৃত্তৰ নিৰ্বোধ কেন্দ্ৰ,
সুখৰ অশিক্ষিত জ্যামিতি,”
এটা উত্তৰ যেন বহু প্ৰশ্নহীনতাৰ..... !
প্ৰথম দুষাৰিত দুটা বৈপৰীত্য পৰিলক্ষিত হৈছে। সুখ আৰু মৃত্যু আপাতত দুটা বিপৰীত বস্তু। ঠিক তেনেকৈ হাঁহি আৰু কন্ধ(এটা মুণ্ডহীন ভূত) দুটা সামঞ্জস্যহীন কথা। ই এটা ট্ৰেজেদিৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ পিছৰ শাৰী কেথাৰছিছ। শব্দ ব্যঞ্জনা আৰু অভিব্যক্তিৰ পৰা চাবলৈ গ’লে এইটো এটা সুন্দৰ কবিতা। কিন্তু কবিতাটি(বিশেষকৈ মাজৰছোৱা) অধিক বৰ্ণনাত্মক হোৱা যেন বোধ হয়। কবিৰ পৰা আগলৈও ভাল ভাল কবিতা পাম বুলি আশা কৰিলোঁ।
**********
কবি পল্লৱ কুমাৰ নাথৰ “সমীকৰণ” শীৰ্ষক কবিতাটিত মানুহৰ ব্যস্ত জীৱনৰ সম্পৰ্ক-অসম্পৰ্ক, সুখ-দুখৰ এখন ছবি আঁকিছে। কবিতাটিৰ কিছু অংশ ঠিক যেন কবিৰ নিজৰ লগতে কথোপকথন, নাইবা কবিৰ আত্মোপলব্ধিৰ দলিল।
“কোন - অচিনাকিৰ পৰা চিনাকি হৈছে
কোন - চিনাকিৰ পৰা অচিনাকি
কোন - চিনাকি-অচিনাকিৰ দিশ নিৰ্ণয়ৰ সংকটত
কোন - চিনাকিৰ পৰা চিনাকি হৈ বুকুৰ ভিতৰলৈ সোমাই গৈছে
সম্বন্ধৰ সংজ্ঞা... সম্পৰ্কৰ সমীক্ষা !”
এইকেইশাৰীতেই উক্ত বৈশিষ্ট দেখা যায়। কবি নাথৰ আলোচ্য কবিতাটিৰ লগতে অন্যান্য কেইটিমান কবিতা পঢ়ি এটা কথা বাৰুকৈ চকুত পৰিছে। সেয়া হৈছে কবিতাত বৰ্ণিত ছবিখনৰ বিষয়ে কবিৰ নিজস্ব মতামত প্ৰদানৰ প্ৰৱণতা। উপৰিউক্ত স্তৱকটিৰ শেষৰ শাৰীটিও কবিৰ এক নিজস্ব সংজ্ঞা বা নিজস্ব ধাৰণা। মোৰ বোধেৰে কবিয়ে এই প্ৰৱণতা পৰিহাৰ কৰি কবিৰ ভাৱখিনিৰ ওপৰত পাঠকক নিজাকৈ চিন্তা কৰিবলৈ এৰি দিয়া উচিত। কবি সদায় কবিতাৰ পৰিৱেশ বা চৰিত্ৰৰ ক্ষেত্ৰত এক নিৰ্লিপ্ততা(aesthetic distance) অৱলম্বন কৰা দৰকাৰ। নহ’লে কলা আৰু বাস্তৱতাৰ মাজত পাৰ্থক্যই নাথাকিব। এই ক্ষেত্ৰত কবি নাথ সতৰ্ক হোৱা উচিত। আকৌ,
“সিৰিক্ কৈ সৰি পাত এটায়ে
পাৰ হৈ যোৱা সময়ৰ
গান গায়,
বুকুত লাগি থাকে স্মৃতিৰ চেকুঁৰা ৷”
এই স্তৱকটোৰ আৰম্ভণিতে কবিয়ে এটা সুন্দৰ চিত্ৰকল্প নিৰ্মাণ কৰিছে যদিও শেষৰফালে চিত্ৰকল্পটিৰ মৰ্ম কিছু পৰিমাণে দুৰ্বল হৈ পৰে। কবিয়ে খৰখেদাকৈ কবিতাটি শেষ কৰি থোৱা যেন লাগে। পৰৱৰ্তি স্তৱকত সমীকৰণটো নিৰ্মাণত কবি সফল হোৱা বুলি ক’ব লাগিব-
“সুখৰ পৰা সুখী হ’বলৈ সুখ লাগে
চিনাকিৰ পৰা চিনাকি হ’বলৈ প্ৰেম
সোঁৱৰণীৰ বতাহজাকে কোবাই যায়
আত্মহত্যাৰ দুখত ৰিঙিয়ায় মৃত সপোনৰ কংকালবোৰে
এনেদৰেই সৃষ্টি হয় নতুন সমীকৰণ !”
কবিতাটিৰ অন্তিম স্তৱকত কবিয়ে ব্যঞ্জনাময়তাৰ সৃষ্টি কৰিছে-
“জীয়াই থকাৰ অজুহাতত
কিম্বা
জীয়াই থকাৰ অনুশীলনত
সুখী হ’বলৈ আখৰা কৰা আমিবোৰৰ
ছন পৰা মাটিত ঘামৰ বৰষুণ !”
ইয়াত “ছন পৰা মাটিত ঘামৰ বৰষুণ !” কথাষাৰ তাৎপৰ্যপূৰ্ণ। কবিৰ ভাৱনা সুন্দৰ যদিও সুসংগঠিত নহয় যেন লাগে। কবিয়ে অধিক অনুশীলনেৰে ভাল কবিতা ৰচিব বুলি নিসন্দেহে আশা কৰিব পাৰি।
**********
‘আখৰুৱা’ৰ বয়োজেষ্ঠ কবি দেৱৰাজ কলিতাৰ ‘আক্ৰমণ’ শীৰ্ষক কবিতাটিত জীৱনৰ অনাকাংক্ষিত সাংঘাটিক দুখ কিছুমানক লৈ কবিৰ নিৰাশা প্ৰকট হৈছে। জন্মৰে পৰা খলা-বমাৰে ভৰা জীৱনটোত কেতিয়াবা এনে কিছুমান অনাকাংক্ষিত দুখ আহে, যিয়ে জীৱনটোক চিৰদিনৰ কাৰণে ক্লান্তিময় কৰি তোলে। কবিৰ মতে এই অনাকাংক্ষিত দুখ যেন কোনো নেদেখা শক্তিয়ে জীৱনক কৰা এক ‘আক্ৰমণ’।
“কবিয়ে খেদ কৰি কৈছে-
মই জানা নাছিলো
তলে তলে মনেমনে
তুমি মোক আক্ৰমণ
কৰিবা বুলি
তোমাৰ উপস্থিতি
গমেই পোৱা নাছিলো
তুমি আছিলা মনেমনে
মোক জুৰুলা কৰি
কিয় বাৰু মোক
তুমি আক্ৰমণ কৰিলা
কিয় বাৰু মোক ধৰিলা”
কবিতাটি কবিৰ জীৱনৰ এক স্বতঃস্ফুত প্ৰকাশ বাবে ই পাঠকৰ অন্তৰত অনায়াসে এক কৰুণতা সিঁচি দিয়ে। কবিতাটিৰ পৰা বুজা যায় যে কবিৰ দুখময় জীৱনত অইন কিবা জলন্ত বেদনাৰ আৱিৰ্ভাৱ হৈছে, যাৰ পৰা মুক্তি পোৱাটো সহজ নহয়। আকৌ, কবিতাটিত এই অনাকাংক্ষিত আক্ৰমণৰ সবিশেষ প্ৰকাশৰ পৰা কবি বিৰত আছে, বৰং এই আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত কবিৰ মনৰ অৱস্থাহে প্ৰকাশ পাইছে। শেষৰ স্তৱকত কবিয়ে আৰম্ভণিৰ স্বভাৱিক কৰুণতাক নিজৰ দুৰ্ভাগ্যৰ দোহাই দি আৰু অধিক কৰুণ কৰি তুলিছে-
“দুখ কষ্টেৰে জৰ্জৰিত
আছিলো মই নিতে
মোকেই তুমি কিয় বাৰু
পুনৰ দুখৰ ওপৰত দুখ
কষ্টৰ ওপৰত কষ্ট দিবলৈ
তুমি নিৰ্বাচন কৰিলা?”
সামগ্ৰিকভাৱে চাবলৈ গ’লে গোটেই কবিতাটিত কবিৰ চৰম লক্ষ্য হৈছেগৈ জীৱনৰ সুখান্বেষণ। এই ফালৰ পৰা ইয়াত প্ৰেয়বাদ(Epicureanism)ৰ প্ৰভাৱ দেখা যায়। এয়া কবিৰ ক্ষণিকৰ সুখান্বেশণ নহয়, স্থূল ভোগবাদো নহয়। কবিতাটিত কিছু শব্দ অলাগতীয়াল হৈ আছে, যিয়ে কেইটিমান বাক্যৰ সৌন্দৰ্য হ্ৰাস কৰিছে। আকৌ, দুটামান একে ভাৱ বহনকাৰী বাক্যও পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে- বাৰ, তেৰ নং শাৰী(সৰুৰ পৰা আছিলো মই/দুখতে দু:খি হৈ) আৰু বিশ, একৈশ নং শাৰী(দুখ কষ্টেৰে জৰ্জৰিত/আছিলো মই নিতে) কেইটাৰ কথা উল্লেখ কৰিব পাৰি। এইবিলাক দিশত কবি কিছু সতৰ্ক হ’লে কবিৰ পৰা নিশ্চয়কৈ অধিক ভাল কবিতা আমি পঢ়িবলৈ পাম। কবি দেৱৰাজ কলিতাদেৱৰ সাহিত্য সাধনা দুখৰ মাজতো যেন সদায় অটুট থাকে তাৰেই কামনা কৰিলোঁ।
**********
কবি জ্যোতি পি চি শইকীয়াৰ ‘আকীৰ্ণ আকূতি’ শীৰ্ষক কবিতাটিত নিচুকনি গীতৰ সুবাস পোৱা যায়। কবিতাটি পুৰণি গীত এটিৰ বাওত কবিয়ে কৰা এক অভিযোজন(adaptation)বুলিব পাৰি।
“নজহা নপমা জোনাকেৰে
সী থওঁ সী থওঁ
আন্ধাৰমুৱা জৰাজীৰ্ণ হিয়া ।।”
ইয়াত “নজহা নপমা জোনাক” চিত্ৰকল্পৰ দ্বাৰা কবিয়ে এক অমল আনন্দৰ আকাঙ্ক্ষা কৰিছে, যি হয়তো হ’ব পাৰে কবিৰ বহু প্ৰতীক্ষিত এজন কোনোবা, নাইবা বহু প্ৰতীক্ষিত কিবা সংবাদ।
শইকীয়াৰ আন এটা কবিতা “লাজকুৰীয়া ছোৱালী জনী লৈ” পঢ়িলে গাওঁৰ একোজনী অবলা বনিতাৰ কথা মনলৈ আহে। কবিয়ে ইয়াত অবোধ ছোৱালীৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছে। কবিৰ উপদেশবিলাকত এক মৰমৰ আকুলতা দেখা যায়। এয়া নিশ্চয়কৈ কবিৰ শব্দচয়নৰ যথাৰ্থতাৰ ফল।
“আকাশলৈ নেচাবি
পিলিঙা ডাৱৰে চুপতি মাৰিব ।।”
দুটি সুন্দৰ পংক্তি। দুয়োটিতে চিত্ৰকল্পৰ সৌন্দৰ্য মন কৰিবলগীয়া। কবিতাটিত এনেকুৱা কেইবাটাও চিত্ৰকল্প ব্যৱহাৰ কৰিছে। ‘পিলিঙা ডাৱৰ’, ‘নিয়ৰৰ ফুল’, ‘আবিয়ৈ হেঁপাহ’, ‘চৌপাশৰ চাৱনি বোৰ’ ইত্যাদি ৰূপকবোৰে কবিতাটিৰ সৌষ্ঠৱ বঢ়াইছে। গোটেই কবিতাটিৰ বক্তব্যত দায়িত্ববোধৰ লগতে এক মৰমৰ শাসন পৰিলক্ষিত হয়। এটা কথা উনুকিয়াব খোজো যে শইকীয়াৰ কবিতা দিনে দিনে উন্নত হৈ আছে। আখৰুৱাৰ এগৰাকী পুৰণি সদস্যা শইকীয়াৰ কবিতা দীৰ্ঘদিন পঢ়ি আমাৰ এই অনুভৱ হৈছে। আশাকৰোঁ আপোনাৰ কাব্য সাধনাই এটা ধাৰাৰ সৃষ্টি কৰিব।
**********
কবি সন্তুলন মহন্তৰ ‘ক্ৰমশঃ’ এটা ব্যতিক্ৰমী শৈলীৰ কবিতা। বৰ্তমান সমাজত ঘটি থকা ঘৃণনীয় ঘটনা কিছুমানক কবিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। কবিতাটিৰ কথনশৈলী গদ্যৰ লেখীয়া। আৰম্ভণিৰ পৰ্বত কবিতাটিৰ এক সৰল পাৰিৱেশিক বৰ্ণনা দেখা যায় যদিও এই সৰলতাৰ ওৰ পৰে সঠিক চিত্ৰকল্পৰে সমাজক কৰা এক তীৰ্যক সমালোচনাৰে-
“গংগা আজি প্লাৱনবিহীন
শৰবিদ্ধ ভীষ্মৰ তৃষ্ণা নিবাৰণ কৰাত অপাৰগ
মৰুভূমি এনেকৈয়ে আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে...”
কবিতাটিৰ এটা মন কৰিবলগীয়া বৈশিষ্ট হৈছে কবিতাটিৰ মাজে মাজে কবিয়ে ব্যৱহাৰ কৰা বিভিন্ন দেশী-বিদেশী প্ৰখ্যাত কবিতা(অসমীয়া, হিন্দী, ইংৰাজী)ৰ একোটা বিশেষ শাৰীৰ উদ্ধৃতি। এই উদ্ধৃতিসমূহ কবিয়ে অন্যান্য ঠাইৰ পৰা অবিকৃতভাৱে উভালি আনি(অপসাৰণ কৰি) এটা নতুন ঠাইত ৰোপণ কৰিছে, য’ত এই উদ্ধৃতিসমূহ সুন্দৰকৈ খাপ খাই পৰিছে। সাহিত্যত এই ব্যৱস্থাটোক অৱৰোপন বা collage বুলি কয়।
“সন্ধিয়াৰ লগে লগে এক নতুন জীৱনৰ আগমণ...
“Someone somewhere going home tonight”
যাযাবৰী যাত্ৰা এক নিৱাসৰ সন্ধানতঘৰ ক’ত?
ৰাস্তাৰ কালভাৰ্টৰ তলতফ্লাই অ’ভাৰৰ মূৰতনে ৰেলৰ আলিৰ দুদাঁতিত?
“Here I am. This is me. I come to this world. So I am free...”
কবিয়ে নিশ্চয়কৈ ভাৱবস্তুৰ তাগিদাত এই উদ্ধৃতিসমূহ যোগ কৰিছে যদিও কবিতাটিত অত্যাধিক উদ্ধৃতি পৰিলক্ষিত হৈছে। সাধাৰণতে গদ্যৰ ক্ষেত্ৰত(বিশেষকৈ প্ৰৱন্ধ) এনেকুৱা উদ্ধৃতি দেখা যায়, যি অতিকৈ আকাঙ্ক্ষিত।কিন্তু কবিতাৰ ক্ষেত্ৰত বিষয়বস্তুৰ অত্যন্ত তাগিদাত কেতিয়াবা এটা বা দুটাহে এনেকুৱা উদ্ধৃতি দেখা যায়। মহন্তৰ কবিতাটি বিষয়বস্তুৰ ফালৰ পৰা চাবলৈ গ’লে দুই এটা এনেকুৱা উদ্ধৃতি এৰাই চলিব পাৰিলেহেঁতেন যেন লাগে।
যিয়ে নহওঁক ই কবিৰ ইতিহাস আৰু সমাজ চেতনাৰ ইংগিত বহন কৰিছে। মোৰ সম্যক পৰিসৰৰ পৰা এইটো অনুভৱ হৈছে যে অসমীয়া কবিতাৰ ক্ষেত্ৰত ‘ক্ৰমশঃ’ত এক সম্পূৰ্ণ ব্যতিক্ৰমী শৈলী দেখিবলৈ পোৱা গৈছে। কবিয়ে এই শৈলীত অধিক মনোনিৱেশ কৰি ইয়াৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা কৰিব পাৰে। মহন্তৰ কাব্য চৰ্চাই পূৰ্ণতা লাভ কৰক, শুভেচ্ছা থাকিল।
**********
হীৰকজ্যোতি বৈশ্য
(আগলৈ..)

No comments:
Post a Comment