Tuesday, 3 March 2015

আখৰুৱা : literati গোটৰ ডিচেম্বৰ ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা : 'পুনৰীক্ষণ - ১৯' ( দ্বিতীয় ভাগ ) : মালৱিকা ব্ৰহ্ম

Malabika Brahma with Subrata Goswami and 11 others
February 26 at 3:47pm
আখৰুৱা : literati গোটৰ ডিচেম্বৰ ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা : 'পুনৰীক্ষণ - ১৯' ( দ্বিতীয় ভাগ )
'পুনৰীক্ষণ - ১৯'ৰ বাবে পৰ্যালোচনাৰ বাবে প্ৰস্তুতি চলাওতে কথা ভাবোতে মনত এটা প্ৰশ্নৰ উদয় হৈছিল - সমালোচনা কি, সমালোচক আচলতে কাক কোৱা হয় । সেয়ে বিশিষ্ট সমালোচক আনন্দ বৰমুদৈৰ এটি 'কবি, কবিতা আৰু সমালোচনা' শীৰ্ষক প্ৰবন্ধৰ পৰা উনুকিয়াব খুজিছোঁ লেখকে তাত 'সমালোচক কেবাধৰণৰো হ'ব পাৰে' বুলি কৈছে। লেখকৰ মতে সমালোচকৰ ধৰণবোৰ হ'ল :
১) উচ্চস্তৰৰ পৰ্যালোচক (Super Reviewer) : লেখক হিচাপে সমালোচনাই যাৰ বৃত্তি । সমালোচনাই যাৰ প্ৰধান সুখ্যাতি । এওঁলোক কোনোবা কাকত আলোচনীৰ দ্বাৰা নিয়োজিত সমালোচক । কিবা নতুন কিতাপ প্ৰকাশিত হ'লেই এওঁলোকে নিজৰ কাকত আলোচনীত সমালোচনা কৰে । এওঁলোক পৰাজিত বিফল সৃষ্টিশীল লেখক । সমকালীন লেখাতকৈ অতীত লিখকসকলৰ বিষয়ে তেওঁলোকে বেছি ভালকৈ লিখিব পাৰে। কোনো কোনো ক্ষেত্ৰত এই ধৰণৰ সমালোচক অৱশ্যে বিফল কবি, নাট্যকাৰ অথবা উপন্যাসিক নহ'বও পাৰে ।
২) পৰম উৎসাহিত সমালোচক ( ) : এওঁলোকে নিজৰ প্ৰিয় লেখকৰ সাহিত্যকৃতিৰ সমালোচনা অথবা ওকালতি কৰে ।
৩) সৃষ্টিশীল সমালোচক ( ) : এওঁলোকৰ সমালোচনা সৃষ্টিশীল লিখনিৰ উপৰুৱা অথবা আনুষংগিক উপাদান (bi-product) ।
যি বুজিলো, সমালোচনা সাহিত্যও এক বিশাল ক্ষেত্ৰ - যাৰ অধ্যয়ন আৰু চৰ্চা অতি প্ৰয়োজনীয় । 'পুনৰীক্ষণ' শিতানৰ পৰিকল্পনা কৰোতে আমি তৃতীয় বিধ সমালোচক সন্নিৱিষ্ট কৰাৰে চিন্তা কৰিছিলো, কাৰণ আমাৰ উদ্দেশ্যই হ'ল সৃষ্টিশীল সমালোচনাৰে ন-পুৰণি সকলো কবিকে আৰু সমৃদ্ধ কৰা ।
এইখিনিতে পুনৰ বৰমুদৈ চাৰৰ প্ৰৱন্ধটোৰ কিছু কথা প্ৰাসংগিক বুলি কিছু কথা উদ্ধৃত কৰিব বিচাৰিছোঁ। প্ৰৱন্ধটোৰ এঠাইত কোৱা হৈছে - " সমালোচকৰ নিজৰ আনুভূতিক পছন্দৰ কথাও আছে । এলিয়ট নিজে এজন ডাঙৰ সমালোচক, কিন্তু তেওঁ স্বীকাৰ কৰিছে যে নাটকীয় আৰু গীতিধৰ্মী কবিতাৰ প্ৰতি তেওঁৰ আনুভূতিকআকৰ্ষণ আৰু উনবিংশ শতিকা আৰু কুৰি শতিকাৰ আৰম্ভণিৰ কবিতাৰ বিৰুদ্ধে তেওঁৰ প্ৰতিক্ৰিয়াৰ ফলতহে তেওঁ সমালোচনাৰ পৰম্পৰাৰ ওপৰত অধিক গুৰুত্ব দিছিল।" গতিকে দেখা যায় যে সমালোচকৰ নিজা আনুভূতিক পছন্দৰ কথাটো সমালোচনাৰ পৰা সম্পূৰ্ণ উৰ্ধত ৰাখিব নোৱাৰি । এলিয়টে আৰু কৈছে- 'মোক কবিতা লিখাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰা লিখকসকলৰ প্ৰায়ভাগেই কবি আৰু তেওঁলোকৰ বিষয়ে লিখা ৰচনাবিলাকেই মোৰ সমালোচনাৰ শ্ৰেষ্ঠ অংশ ।' যিসকল লিখকক তেওঁ হৃদয় ভৰি প্ৰশংসা কৰিব পাৰিছিল, যাৰ ওচৰত তেওঁ চিৰকৃতজ্ঞ আছিল, সেই সকলৰ বিষয়ে লিখা সমালোচনাতহে সময় বাগৰি যোৱাৰ পিছতো তেওঁৰ বিশ্বাস সুদৃঢ় আছিল। এলিয়ট নিজে কবি সমালোচক । আন সতীৰ্থই কবিতা সম্পৰ্কে কি কয় তাক শুনাত তেওঁ বেছি আগ্ৰহী আছিল। সাহিত্য সমালোচনাক সামাজিক ধৰ্মীয় অথবা নৈতিক ক্ষেত্ৰত হোৱা সমালোচনাৰ পৰা নিলগাব বিচৰা নাছিল। নৈতিক কাৰণত গৰিহণাযোগ্য কিতাপ এখনক তাৰ সাহিত্য গুণৰ বাবেই সমৰ্থন কৰিব নোৱাৰি ।" -- এই কথাৰ পৰা আমাৰ উপলব্ধি হৈছে যে সমালোচনাৰ ক্ষেত্ৰত সমালোচকৰ নিৰপেক্ষতা সহজ কথা নহয় । আমাৰ দৰে লোকৰ বাবে তো তেনে দোষ, অনিচ্ছাকৃত ভাৱেই , হৈ যোৱৰ সম্ভাৱনা নুই কৰিব নোৱাৰো । সেয়ে আমাৰ 'পুনৰীক্ষণ'তো তেনে দোষ ৰৈ যাব পাৰে । তেনে কথা দৃষ্টি গোচৰ হ'লে, সেই বিষয়ে পাঠকে অৱগত কৰিব বুলি আশা কৰিলোঁ ।
বৰমুদৈ চাৰে এই প্ৰৱন্ধটোতে কবিতা সম্পৰ্কে ক'বলৈ গৈ 'দা ডিফেঞ্চ অব পয়েচি (The Defence of Poesie)'-ৰ লেখক ফিলিপ চিডনিৰ (Philip Sidney) কথাৰে নিৱন্ধটোত কৈছে যে -- "চিডনিৰ প্ৰথম যুক্তি, কবিতা সাহিত্যৰ ঠান-ঠেঙুলিৰ ভিতৰত পুৰণি আৰু ই পূৰ্বৰ পৰাই মানুহক সভ্য কৰাৰ দায়িত্ব পালন কৰি আহিছে। (অৱশ্যে অংক, বিজ্ঞান আদিৰ কথা পদ্যত লিখিলেই লিখকক কবি বুলিব নোৱাৰি)। কবিতাও পদ্য, কিন্তু ই আৱিস্কাৰ। কবিতাৰ কাহিনী আক্ষৰিক অৰ্থত সত্য নহ'ব পাৰে, নহয়। জ্ঞান দানত অসত্যয়ো প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰিব পাৰে। এইখিনিতে চিডনি আৰিষ্টট'লৰ পৰা আঁতৰি আহিছে। কাৰণ আৰিষ্টট'লে কাহানিও কবিতাক জ্ঞান দানৰ মাধ্যম, অথবা দৰ্শন, বুৰঞ্জী আদিৰ দৰে আন মাধ্যমতকৈ বেছি উপযোগী মাধ্যম বোলা নাছিল। আৰিষ্টট'লৰ মতে কবিতাই এক বিশেষ ধৰণৰ আনুভূতিক আনন্দহে দান কৰে। চিডনিৰ মতে মিছাও মংগলময় আৰু মূল্যৱান হয় যদিহে allegory (ৰূপক)-ৰ সহায়ত নীতি শিক্ষা দান কৰিব পাৰি।.....কবিতা কেৱল কাল্পনিক ঘটনাৰ বৰ্ণনাই নহয়, ই প্ৰাণৱন্ত ৰূপত পতিয়ন যাব পৰাকৈ বৰ্ণনা।..... কবিয়ে একো অনুকৰণ নকৰে, কিন্তু সৃষ্টি কৰে। তেওঁ (চিডনি) আদৰ্শ অনুকৰণ তত্ব উদ্ভাৱন কৰিলে। ইয়াৰ অৰ্থ হ'ল কবিয়ে বাস্তৱৰ বাহ্যিক ৰূপক অনুকৰণ নকৰে, কৰে দৃশ্যমানৰ সিপাৰে লুকাই থকা সত্যক। কিন্তু তেওঁ ঠিক বাস্তৱৰ পৰা পৰিত্ৰাণ পাব পৰা জগত এখনৰ কথা ক'বলৈ বিচৰা নাই। তেওঁৰ মতে কবি কল্পনাৰ জগতখন সকলোপিনৰ পৰা বাস্তৱতকৈ উন্নত কাৰণে তাক পাঠকে কাৰ্যত অনুকৰণ কৰিবলৈ বিচাৰে। এইদৰে তেওঁ আৰিষ্টট'লৰ অনুকৰণ নীতি কবিৰ পৰা শ্ৰোতা বা পাঠকলৈ ঠেলিলে। কবিয়ে অনুকৰণ নকৰে। কবিৰ সৃষ্টিক পাঠকেহে অনুকৰণ কৰে। এই ফালৰ পৰা কবি এজন শিক্ষক। পাঠকে অনুকৰণ কৰিবলৈ আদৰ্শ জগত এখন সৃষ্টি কৰি তেওঁ পাঠকক শিক্ষা দিয়ে। এই ধাৰণাৰ পৰাই আমি কাব্যিক ন্যায় অথবা পয়েটিক জাষ্টিচৰ ধাৰণাটো পাওঁ।"
অতি উন্নতমানৰ এই নিৱন্ধটোৰ আৰু অলপ কথা উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। লেখাটোত এঠাইত উল্লেখ কৰিছে যে -- "কবিতা আৰু অকবিতা বিচাৰৰ ক্ষেত্ৰত সাহিত্যৰ নীতি পৰম্পৰাই কিদৰে কাম কৰে তাক দেখুৱাবলৈ কালাৰে এটা উদাহৰণ দেখুৱাইছে। এটা সাধাৰণ গদ্যৰ বাক্য 'মই কালি চহৰলৈ গৈ চাকি এটা কিনি আনিছিলোঁ।' ইয়াক কবিতা আকৃতিত সজালে গদ্যত থকা উক্তিটোৰ দৰে নিৰ্দিষ্ট অৰ্থই থাকিব নে অৰ্থ আৰু ব্যঞ্জনাৰ কিবা সালসলনি হ'ব ? সজোৱা হওঁক -
'কালি মই
চহৰলৈ গৈ কিনিলোঁ
এটা চাকি ।'
কবিতা এটাত উক্তিটোক এই ৰূপত আৰু শব্দ কেইটাক এই গাঁঠনিত অথবা সংগঠনত দেখাৰ লগে লগে অৰ্থ আৰু ব্যঞ্জনাৰ প্ৰতি সচেতনতা অন্য ধৰণৰ হয় ।"
যিহওঁক, এনেকৈয়ে এই আলোচ্য নিৱন্ধটিৰ পৰা যি শিকোলোঁ আৰু কবিতা সম্বন্ধে যি অলপ ধাৰণা আছে, তাৰেই আধাৰত মোৰ 'পুনৰীক্ষণ' প্ৰস্তুত কৰাৰ বিনম্ৰ প্ৰয়াস । ভুল-ত্ৰুটি সমূহ আঙুলিয়াই দিবলৈ বিনম্ৰ অনুৰোধ কৰিলোঁ।
--------------------------------------------------------------------------------------------------
(১২) জ্যোতি পি চি শইকীয়া : এটা সৰি পৰা কবিতা
হেমন্ত সন্ধিয়াৰ
এখিলা হালধীয়া পাত
কঁপি কঁপি সৰি পৰিল
এটি জীয়া কবিতা হৈ ।।
আলফুলকৈ হাত বুলাই
থৈ দিলো দুবৰি দলিচাত ।।
অনুভৱৰ আহে-পাহে
হঠাতে বিয়পি পৰিল
এক বিষাদ গাথা ।।
একাকিত্ব আৰু কুঁৱলিৰ
নিশব্দ সুৰে-সুৰে
গধুলিটোৱে বাট কাটিলে ।।
এটুকুৰা কপটীয়া ডাৱৰে
জানি বুজিয়েই যেন ঢাকি থ’লে
আধা ফুলা জোনৰ জোনাকখিনি ।।
পুৱা দেখিলো -,
তেতিয়াওঁ বতাহে উৰুৱাই নিনিয়া পাতখিলাক
ৰদোজ্জল মুকুতাৰে সজাই
জীয়াই তোলাৰ কিযে
আলৌলৌৱা হাবিয়াস
নিয়ৰৰ ।।
দুটোপাল অশ্রু সহযাত্রী হ’ল ।।
যেতিয়াই -
চৌপাশে নিৰিবিলি বা’বলে
মোৰ জলৌলৌৱা কলিজাৰ বঙিয়াইদি
মুৰ দাঙি উঠে বেদনা মুখৰ লহৰ ।।
শুনা পাওঁ সেমেকা মাতৰ গুণগুণনি
ভাহি আহে,বাঢ়ি আহে
অনুৰণন…….,
হেমন্তৰ সৰাপাতৰ ।।
--------------------------------------------------------------------------------------------------
আমাৰ গোটৰ আন এগৰাকী নিষ্ঠাৱান সদস্য কবি জ্যোতি পি চি শইকীয়াৰ এই মাহত আগবঢ়োৱা কবিতা সমুহৰ পৰা নিৰ্বাচন কৰা হৈছে তেখেতৰ 'এটা সৰি পৰা কবিতা' শীৰ্ষক কবিতাটো ।
হেমন্ত সন্ধিয়া হালধীয়া পাতখিলা সৰি পৰাৰ সুন্দৰ ছবিৰে আৰম্ভ হোৱা কবিতাটোত কবিয়ে পাঠকক তেখেতৰ ভাব-অনুভুতিৰ মাজত বিচৰণ কৰিবলৈ সুন্দৰকৈ দুৱাৰ খুলি দিছে । একাকীত্ব - জীৱনৰ এক যন্ত্ৰণাৰ নাম । যি যন্ত্ৰণা বহন কৰাটো কঠিন । সেই কথাকেই অতি তীক্ষ্ণতাৰে, অথচ দৰদ সানি কবিয়ে এইদৰে কৈছে :
'এটুকুৰা কপটীয়া ডাৱৰে
জানি বুজিয়েই যেন ঢাকি থ’লে
আধা ফুলা জোনৰ জোনাকখিনি।।'
আকৌ যেন পুৱাৰ কিৰণত কবিয়ে মানুহৰ সংগ লাভ কৰি জীৱনৰ সুন্দৰতাৰ সন্ধান পাইছে। সেয়ে কবিয়ে আঁকিছে আশাৰ আন এখন ছবি :
'বতাহে উৰুৱাই নিনিয়া পাতখিলাক
ৰদোজ্জল মুকুতাৰে সজাই
জীয়াই তোলাৰ কিযে
আলৌলৌৱা হাবিয়াস
নিয়ৰৰ ।।'
একাকিত্বক হেমন্তৰ সৈতে তুলনা কৰি কবিয়ে জীৱনৰ সত্যতাৰ সন্ধান কৰিবলৈ যত্ন কৰিছে। সেয়ে কবিতাটোৰ শেষত কৈছে :
'ভাহি আহে,বাঢ়ি আহে
অনুৰণন…….,
হেমন্তৰ সৰাপাতৰ ।।'
আমৰ অনুভৱে কয় যে জ্যোতি পি চি শইকীয়াৰ কাব্য-চৰ্চাৰ প্ৰতি থকা গভীৰ ধাউতিয়ে তেখেতৰ কবিতাক ক্ৰমাৎ উৰ্ধগামী কৰিব । তেওঁৰ ৰচনাত যি একাত্মতা আৰু জীৱনৰ বিচিত্ৰতাৰ ছবি দেখা যায়, তাত এক জীৱনমুখিতাৰ অনুভৱ হয় আমাৰ । তেওঁলৈ আমাৰ আন্তৰিক শুভেচ্ছা ৰ'ল ।
--------------------------------------------------------------------------------------------------
(১৩) ড° বিজিত তালুকদাৰ : " অমৃত মন্থন "
স্বৰ্গৰ দুৱাৰত এজন অঘৰীয়ে অমৃতৰ ঠিকনা সুধি ফুৰিছে
দুৱৰীয়ে পিছে একোপধ্যেই তেওঁক অমৃতৰ সন্ধান নিদিয়ে
মই পিছফালৰ পৰা তেওঁক মাতি আনি সুধিলোঁ
মই অমৃতৰ ঠিকনা দিব পাৰোঁ
কিন্তু বিনিময়ত মই তেওঁৰ পুণ্যখিনি বিচাৰিলোঁ
তেওঁ কাতৰে উত্তৰ দিলে
পুণ্যবোৰ কেতিয়াবাই প্ৰেমৰ নামত বন্ধকীত গ'ল
অবিশ্বাসত মই তেওঁৰ জেপবোৰ খুচৰি চালো
এটি জেপত পালো দুটোপাল চকুলো
আনটোত ঘাম
এইবাৰ পিছফালৰ জেপত তেওঁৰ মানিবেগটো পালো
পিছে সেইটোও দেখোন সৰ্বস্বান্ত শূন্যতাৰ দুখত
তেওঁ কলে তাত প্ৰেয়সীৰ ফটোখনৰ বাহিৰে
মূল্যবান বস্তু আন একো নাই
মোৰ ভাগৰ পুণ্যখিনি তেওঁলৈ আগবঢ়াই দি
মই পুনৰ পৃথিৱীলৈ উভতি আহিলো
মোৰ প্ৰেয়সীৰ ফটোখন যে ভুলতে
পৃথিৱীত থাকি গৈছিল ৷৷
---------------------------------------
ড° বিজিত তালুকদাৰ আমাৰ গোটৰ এগৰাকী নতুন সদস্য তথা কবি। তেখেতৰ ৰচনাত কবিতাৰ প্ৰতি থকা আগ্ৰহ আৰু দায়বদ্ধতাৰ উমান পোৱা যায় । আলোচ্য কবিতা 'অমৃত মন্থন' কবি গৰাকীৰ এটি সুন্দৰ কবিতা।
পৰলোকত অমৃতৰ ঠিকনাৰ সন্ধান কৰা চৰিত্ৰ এটিৰ আঁত ধৰি, পৰলোকত সদ্গতি প্ৰাপ্তিৰ বাবে পুণ্যৰ অন্বেষণ কৰিছে । কিন্তু জীৱনত কেৱল প্ৰেমৰ তাড়ণাত পুণ্য অৰ্জন কৰিব নোৱাৰা লোক জনৰ পকেটত আৱিস্কাৰ কৰিলে কেৱল মাত্ৰ তেওঁৰ প্ৰেমৰ প্ৰতীক, তেওঁৰ প্ৰেয়সীৰ ফটো । প্ৰেমৰ মহত্বক গভীৰতম ভাৱে অনুভৱ কৰি কবি তেতিয়া পৃথিৱীলৈ উভটি আহে এৰি যোৱা তেওঁৰ প্ৰেয়সীৰ ফটোখন নিবলৈ।
হৃদয়স্পৰ্শী এই কবিতাটিৰ মাজেৰে প্ৰেমৰ গভীৰতাৰ ছবি আঁকিছে কবিয়ে। কবিৰ বাবে পুণ্য প্ৰেমতকৈ শ্ৰেয় হ'ব নোৱাৰে । উত্তৰণ কামনা কৰি কবিলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালো ।
--------------------------------------------------------------------------------------------------
(১৪) প্ৰাঞ্জল বৰা : " আত্মকথা "
সেই পুৰাতন নক্ষত্ৰৰ অম্লান আলোকত
মই সাৰ পাইছিলো
অনুভৱ কৰিছিলো মোৰ
আয়ুসৰেখাৰ প্ৰতিটো বিন্দু
উপভোগ কৰিছিলো
ৰূপ-ৰস-ৰঙ-গোন্ধ
কোলাহল কিম্বা নীৰৱতাৰ
অনংগ উপস্থিতি।
ক্ৰমাৎ মই প্ৰেমত পৰিছিলো
পৃথিৱীৰ কবিতাৰ নিৰ্জনতাৰ ;
আৰু মোৰ কলিজা জোকাৰি যোৱা
কোনো এক বিষণ্ণ নাৰীৰ
যিয়ে আঁকি দিিছল মোৰ ওঁঠত
প্ৰতাৰণাৰ বিষাক্ত চুমা !
মই আজিও সাৰ পাওঁ
নক্ষত্ৰহীন জগতৰ আন্ধাৰ চেঁচুকীয়াত
ভেঁকুৰে ছানি ধৰে মোৰ
অসূৰ্যস্পৰ্শা নতজানু শৰীৰ
হে ঈশ্বৰ !
গোট মৰা তেজত বাকি দিয়া
জীৱনৰ পৰমায়ু
যাতনাৰ বাগিছাত ৰুই দিয়া
চেতনাৰ বোধিদ্ৰুম
--------------------------------
ফেচবুকৰ বুকুতে গভীৰ ভাবে কবিতাৰ চৰ্চা কৰা অন্য এগৰাকী কবি তথা গোটৰ নিষ্ঠাৱান সদস্য প্ৰাঞ্জল বৰাৰ কবিতাত সাধাৰণতে ভিন্ন ভিন্ন বিষয়বস্তুৰ সোৱাদ পোৱা যায়।
'আত্মকথা' শীৰ্ষক প্ৰাঞ্জলৰ এই কবিতাত শব্দ চয়নৰ ক্ষেত্ৰত মনোগ্ৰাহী একাগ্ৰতা দেখা যায়। 'সেই পুৰাতন নক্ষত্ৰৰ অম্লান আলোকত' বাক্যাংশৰে কবিয়ে পোনতেই পাঠকক সুন্দৰকৈ চুই যায়। ই এটা ভাল কবিতাৰ সুস্থিৰ আৰম্ভণি বুলিব পাৰি। তেনেদৰে প্ৰথম স্তৱকত মানৱ জীৱন সম্বন্ধে এখন সুন্দৰ ছবিৰ অৱতাৰণা কৰি দ্বিতীয় স্তৱকত কবিতাৰ মূল বিষয় প্ৰেমৰ অৱতাৰণা কৰিবলৈ কবিয়ে কৈছে - 'ক্ৰমাৎ মই প্ৰেমত পৰিছিলো' - যিয়ে পাঠকৰ মনলৈ আনে প্ৰেমৰ অনুভৱ। কিন্তু পাঠকক কবিয়ে আচৰিত কৰি নিৰ্মোহ ভাবে কয় - 'যিয়ে আঁকি দিছিল মোৰ ওঁঠত
প্ৰতাৰণাৰ বিষাক্ত চুমা'।
আৰু লগে লগে পাঠকৰ মনত উদয় হয় এই আঘাতৰ পৰা কবি কেনেকৈ আগবাঢ়িব? আৰু পাঠকক কবিয়ে লৈ গৈছে উপলব্ধিৰ অন্য এক জগতলৈ, এনেদৰে -
'হে ঈশ্বৰ !
গোট মৰা তেজত বাকি দিয়া
জীৱনৰ পৰমায়ু
যাতনাৰ বাগিছাত ৰুই দিয়া
চেতনাৰ বোধিদ্ৰুম ।'
'চেতনাৰ বোধিদ্ৰুম'ৰ এই সন্ধানে তুলি ধৰিছে প্ৰেমৰ প্ৰতি থকা কবিৰ সুগভীৰ চেতনা । সেয়ে কবিতাটোত প্ৰেমৰ এক নিতোল ছবি দেখা যায় ।
-------------------------------------------------------------------------------------------------
(১৫) ডা° দীপা ঠাকুৰীয়া : " তিনিশৰীয়া কবিতা "
কাতিমহীয়া দিনবোৰ চুটি ।
তুলসীৰ তলত দীপিকা ।
তাই কি পঢ়িছে-মেণ্ডেলেৰ সূত্র !
..........
চুটি মানুহজনে চার্কাচখনত ভট-ভটি চলাইছে ।
শীতকালীন ছুটীত দীপিকাই উপভোগ কৰি আছিল ।
বেজৰ নাকত খৰ,খোপনি হেৰাল ।
..........
কৃত্রিম সংবাতন কোঠাৰ কল-কব্জাবোৰ গুচাই দিছিল ।
চিৰদিনলৈ ছুটী পালে ।
তুলসীৰ তলত কোন দীপিকা জানো ?
--------------------------------------
অসমীয়া সাহিত্য জগতত 'উত্তৰ ৰাগ' নামৰ গল্পপুথিৰ জৰিয়তে গল্প লেখিকা হিচাপে আত্মপ্ৰকাশ কৰা, ডা° দীপা ঠাকুৰীয়া এগৰাকী ভাল কবিও ।
এইখিনিতে ক'ব খোজো যে আখৰুৱা গোটৰ 'চানেকি' শিতানত জানুৱাৰী সংখ্যা’২০১৫-ৰ “প্ৰকাশ"আলোচনীত প্ৰকাশিত হৰেকৃষ্ণ ডেকাৰ কবিতা 'তিনিশৰীয়া কবিতা'-ৰ আলোচনাৰে গোটৰ সদস্য মৌচুমী বৰিয়ে যুগুতোৱা শিতানত 'তিনিশৰীয়া কবিতা' সম্বন্ধে হৰেকৃষ্ণ ডেকাই দিয়া উক্তিৰ উল্লেখ কৰিছিল । মূলত: বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাদেৱৰ সৃষ্টি এই তিনিশৰীয়া কবিতাৰ শৈলী সমন্ধে তেখেতে এনেদৰে কৈছে - "তিনিশৰীয়া কবিতাবোৰৰ বিশেষত্ব এনেধৰণৰ – প্ৰতিটো কবিতাই তিনি শাৰীৰ স্বয়ংসম্পূৰ্ণ কবিতা ৷ তাত শব্দসংখ্যা হাইকুৰ দৰে নিৰ্দিষ্ট নহয় ৷ তাত বাক্যৰ ক্ষেত্ৰত এটা শাৰীত দুটা বাক্যাংশ থাকিব পাৰে ৷ প্ৰথম শাৰীত ভাবৰ বীজটো থাকে, দ্বিতীয় শাৰীত অংকুৰিত হয় আৰু তৃতীয় শাৰীত তাৎপৰ্যৰ প্ৰকাশ ঘটে ৷ এনে তিনিশৰীয়া তিনিটা কবিতা মিলি এটা থূল বা গোট, কিন্তু তাত নিৰ্দিষ্ট ভাবৰ ঐক্য থাকিব লাগিব বুলি কোনো কথা নাই ৷ অৱশ্যে তিনিওটা কবিতাৰ মাজত অন্তনিৰ্হিত এক যোগসূত্ৰ থাকিব আৰু সেই সূত্ৰ পঢ়ুৱৈয়ে বিচাৰি ল’ব ৷ কবিতাবোৰত কোনো যতি বা বিৰাম-চিহ্ন নাথাকে।"
সেই বাটেৰে অনুপ্ৰাণিত হৈ ভিন্ন কবিয়ে এতিয়া 'তিনিশৰীয়া কবিতা'ৰ চৰ্চা কৰা দেখা গৈছে। সেই দিশৰ পৰা পাঠকৰ বাবে এই কবিতাৰ শৈলী বহু পৰিমাণে নতুন। ডা° দীপা ঠাকুৰীয়াৰ তিনিশৰীয়া কবিতাত উল্লিখিত উপাদান দেখা যায়।
প্ৰথমটো কবিতাত কাতি বিহুৰ চিৰাচৰিত দৃশ্যপটেৰে আৰম্ভ কৰি মুখ্য চৰিত্ৰ দীপিকাৰ শৈশৱৰ সৰল দিনৰ পৰা অন্তিম ক্ষণলৈকে যেন গোটেই জীৱন যাত্ৰাকে চিত্ৰিত কৰিলে তিনিওটা তিনিশৰীয়া কবিতাৰে ।
-------------------------------------------------------------------------------------------------
(১৬) সুব্ৰতা গোস্বামী : " তুমি "
মোৰ পৰাজয়ত
কবিতাটি জয়ী হয়,
মোৰ সপোনৰ কবৰত
কবিতাটিৰ ন সপোনৰ গঁজালি,
মোৰ পৰাজয়ত
মই সুখী সেয়ে।
-----------------------
মূলত: অনুভৱৰ লেখিকা হিচাপে পৰিচিত সুব্ৰতা গোস্বামী আখৰুৱা গোটৰ আন এগৰাকী সক্ৰিয় সদস্য। অনুগল্পৰে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সুব্ৰতা কবিতাৰ প্ৰতিও সচেষ্ট । তেওঁৰ 'তুমি' শীৰ্ষক কবিতাত কবি আৰু কবিতাৰ একাত্মতাৰ সুন্দৰ চিত্ৰণ দেখা যায়। কবিৰ পৰাজয় মানিব নোখোজা মনৰ যোগাত্মক প্ৰকাশ দেখা যায় - কবিৰ এটা কবিতাৰ সৃষ্টি হয় যেতিয়া কবিৰ সপোনৰ মৃত্যুত পৰাজিত অনুভৱ কৰে । আৰু সেই কবিতাতে কবিৰ নতুন সপোনে গজালি মেলে । আৰু তেনেদৰেই পৰাজয়তো কবি সুখী হয়। গোটেই কবিতাটোত অতি সুক্ষ্মতাৰে কবিয়ে নিজৰ কবিতা প্ৰীতিৰ সুন্দৰ চিত্ৰণ কৰিছে।
--------------------------------------------------------------------------------------------------
(১৭) উইল চিদ্দিকুৰ ৰহমান : " নৱবর্ষ বন্দনা "
যাওঁ বোলোতেই
পলকতে পাৰ হ’ল পালতৰা নাওঁ এপাল।
পানী মেটেকাত লীন গ’ল নাৱৰীয়া গান
প্রভাতী পুৱাৰ সুহুৰি এটাত
সাৰ পাই উঠিল জাকৰুৱা চৰাইজাক।
আকাশলে’ চাই ৰ’ল শতাব্দীজোৰা বাট এটাই
গৰখীয়া ল’ৰাৰ হাতে হাতে
বিৰিণা পেঁপা একোটা
কঁহুৱানীডৰাত আঁৰ হয় জৰৌৰৱা পঁজা
নিশাৰ জৰায়ুৰে বাঢ়ি আহে
বাটৰ শেহৰ আৰু এটা বাট
অবিৰত যাত্রা তাৰ অনাদি অনন্ত কাল
--------------------------
আখৰুৱা গোটৰ সদস্য তথা নিয়মীয়া কবি উইল চিদ্দিকুৰ ৰহমান, মোৰ দৃষ্টিত এগৰাকী ধীৰ-স্থিৰ (Serious) কবি । তেখেতৰ কবিতাত জীৱনৰ, প্ৰকৃতিৰ অনুপম চিত্ৰণ দেখা যায়। শব্দ চয়নত খুবেই সংযমী আৰু চিত্ৰকল্প সৃষ্টিত বিশেষ মনোযোগী এইকবিৰ আলোচ্য কবিতা 'নৱবর্ষ বন্দনা' এটি সুন্দৰ আৰু সময় সাপেক্ষ কবিতা । 'নৱবর্ষ বন্দনা' শিৰোনামেৰেই পাঠকৰ হৃদয়ত নৱবৰ্ষৰ অনুভুতি জগাই তোলে, যেতিয় আমি পুৰণিক বিদায় দি নতুনক আদৰাৰ মাদকতাত ডুব যাওঁ । শব্দৰে চিত্ৰণ কৰা তেখেতৰ বৈশিষ্ট্য, যাক তেখেতৰ প্ৰতিতো কবিতাতে আমি পান কৰিবলৈ পাওঁ । যেনে 'পলকতে পাৰ হ’ল পালতৰা নাওঁ এপাল' বুলি কৈ তেখেতে আঁকি দিছে পাৰ হৈ যৱা সুদীৰ্ঘ সময়ৰ ছবি অথবা 'পানী মেটেকাত লীন গ’ল নাৱৰীয়া গান' বুলি কবিয়ে বিদায়ী বছৰৰ কথা ইমান সুন্দৰকৈ কৈছে । 'প্রভাতী পুৱাৰ সুহুৰি'ত সাৰপোৱা চৰাইজাকৰ চিত্ৰণে আঁকিছে নতুন বছৰৰ প্ৰাকক্ষণৰ ছবি আৰু তেনেদৰে 'শতাব্দীজোৰা বাট'ৰে এটি আশাভৰা জীৱনৰ কথা। 'বিৰিণা পেঁপা' বজোৱা গৰখীয়া ল’ৰাৰ কথাৰে 'জৰৌৰৱা পঁজা'ৰ ছবি আঁকি কবিয়ে যেন ক'ব বিচাৰিছে- নতুন বছৰ আহিলেও দুখীয়াৰ দুখ-দুৰ্দশাৰ অৱসান নহয়, কেতিয়াও ।
-----------------------------------------------------------------------------------------------
(১৮) জোনমণি দাস : " বহুখিনি পোৱাৰ পিছতো "
বহুখিনি পোৱাৰ পিছতো
নোপোৱাকৈয়ে থাকি যায় যিখিনি
সেই শূন্যতাই অহৰহ খুন্দি থাকে জীৱন
পূৰ্ণতাই কেতিয়াও মধুৰ নকৰে জীৱন
যি বিচাৰি আমি হাহাকাৰ কৰোঁ
কান্দি কান্দি আঁজলি পাতো নিজৰ ওচৰত
সেই শূন্যতাই আমাক সোঁৱাৰাই থাকে-
জীৱন যন্ত্ৰণাৰ জুহাল
বৰষুণ দি দি যেনেকৈ শেষ নহয় মেঘ
বৈ বৈ যেনেকৈ নাভাগৰে নৈ
শূন্যতাই তেনেকৈ খুন্দি খুন্দি শেষ কৰিব নোৱাৰে
মন আৰু হৃদয়
বিচ্ছেদ আছে বাবেই প্ৰেমত পবিত্ৰতা আছে
অশ্ৰু আছে বাবেই চকুত স্বপ্নৰ চৰাইবোৰ আছে
ভোকৰ ভাতেই জীৱনৰ উশাহ
দুখৰ নিৰ্যাসেই তেজৰ প্ৰবাহ
জীৱন জীৱনেই
পোৱা নোপোৱাৰ মাজতেই যাৰ আজন্ম শিপা...
---------------------------
গোটৰ সৈতে ঘনিষ্ট ভাবে জড়িত, সক্ৰিয় গ্ৰহণকাৰী নৱপ্ৰজন্মৰ কবি জোনমণি দাস কাব্য চৰ্চাৰ ক্ষেত্ৰত এগৰাকী সতৰ্ক কবি । 'প্ৰকাশ' আদি আলোচনীতো কবিতা প্ৰকাশেৰে গৌৰৱান্বিত এই গৰাকী কবিৰ 'বহুখিনি পোৱাৰ পিছতো' শীৰ্ষক আলোচ্য কবিতাত দেখা গৈছে ৰ্জীৱন-শূন্যতাৰ নিৰ্মোহ চিত্ৰণ । জীৱনৰ শূন্যতাৰ কথা কৈ কবিয়ে পাঠকক কৈছে 'পূৰ্ণতাই কেতিয়াও মধুৰ নকৰে জীৱন'- অৰ্থাৎ পূৰ্ণতাই জীৱনৰ প্ৰাপ্তি নহয়, অপূৰ্ণতাতো থাকে জীৱন। তেনেকৈ 'বিচ্ছেদ আছে বাবেই প্ৰেমত পবিত্ৰতা আছে'- এই বাক্যাংশৰে পৱিত্ৰ প্ৰেমক তুলি ধৰিছে আৰু তেনেকৈয়ে অশ্ৰুৰ বাবেই স্বপ্ন'যে মানুহৰ সংগী সেই কথাৰো উমান দিছে । বিপৰীত ধৰ্মী অনুভুতি বোৰ যেনে সুখ আৰু দুখ, জীৱন আৰু মৃত্যু, মিলন আৰু বিৰহ - এটা আনটোৰ পৰিপুৰক, এটাৰ অবিহনে আনটো অসম্পুৰ্ণ । খুবেই স্পষ্ট কাব্যিক প্ৰকাশেৰে কবিয়ে ইয়াকো ক'লে যে এই অনুভুতিবোৰক লৈয়েই আমাৰ জীৱনটো, ঘাই শিপাৰ দৰেই মুল, আজন্ম সত্য । কবি জোনমনি দাসলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল ।
---------------------------------------------------------------------------------------------------
(১৯) মেৰিলীন দত্ত : " দুটি স্তৱক "
এক)
জাৰজ
নিশা ফুটপাথত ফুলে পানীৰ ফুল
আৰম্ভ হয় আৰু এটা জীৱন ।
দুই )
প্ৰেম
নদী নাই
খহনীয়া নাই
তথাপিও হুমুনিয়াহ আছে
বুকুৰ মাজত !
--------------------------
আখৰুৱাৰ আন এগৰাকী সদস্য মেৰীলীন দত্তৰ ফেচবুকত খ্যাতি এগৰাকী অকবি হিচাপে । আখৰুৱাত হ'লে আমি তেওঁক কবি হিচাপেই মানো । তেওঁৰ হিচাপত তেওঁৰ কবিতা 'অকবিতা' হলেও সীমিত শব্দত অনুভৱৰ তীক্ষ্ণতা তেওঁৰ কবিতাৰ প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য । জাৰজৰ তীৰ্য্যক জন্ম কাহিনীয়েই হওক বা বিচ্ছেদৰ বেদনাত কাতৰ এখন হৃদয়ৰ কথাই হওক, তেওঁৰ কবিতাৰ মিতব্যয়ী প্ৰকাশে পাঠকক সদায়ে আকৃষ্ট কৰিব । তেওঁৰ কবিতাত হিন্দি সাহিত্যৰ শ্বায়েৰীৰ প্ৰভাৱ পৰা যেন অনুভৱ হয় ।
--------------------------------------------------------------------------------------------------
(২০) আদ্ৰী হৰিপ্ৰিয়া : " টাবচিলিঙিৰ জাৰ "
গোটেই চহৰখনতে বগা চাদৰ এখন আঁৰি
শীত আহিছে
পদপথত আহযাহ সেৰেঙা এতিয়া
অদূৰত
ইলাচি আইতাৰ শোতোৰা পৰা
হাত দুখখনৰ দৰেই
ফটা কম্বলৰ তলত কুচিমুচি সোমাইছে
কঁপি থকা দুখন হাত
টাবচিলিঙিত
নিয়ৰৰ শত সহস্ৰ কণা
টাবচিলিঙিৰ জাৰ
চহৰৰ শীতক জিলিকায়
ষ্ট্ৰীট লাইটে
গাওঁবোৰত
শীত এইদৰে নাহে
টিপচাকিৰ পোহৰত দূৱৰি বোৰ চিকমিকায়
শীত আহে
হেপাঁহ আনে
আয়ে চাগে পুহৰ
জুইকুৰা জ্বলাইছে
মোৱা আলু পুৰিছে
ধানে কটা দুহাতেৰে আখৈ ভাজিছে চাৰিকুৰি শীত পুৱাইপুৱাই
ইলাচি আইতাই ভোগালিলৈ বাট চাইছে
---------------------------
আদ্ৰী হৰিপ্ৰিয়া নৱপ্ৰজন্মৰ এগৰাকী নিষ্ঠাৱান কবি। অৱশ্যে আদ্ৰী হৰিপ্ৰিয়া নেটত বা আমাৰ গোটত সিমান সক্ৰিয় নহয় যদিও তেওঁৰ নিজস্ব সময় আৰু সুবিধা অনুযায়ী গোটলৈ কবিতা প্ৰেৰণ কৰি আহিছে । বহু আলোচনী-বাতৰিকাকতত কবিতা প্ৰকাশেৰে গৌৰৱান্বিত এই কবিৰ আলোচ্য কবিতা "টাবচিলিঙিৰ জাৰ"-ত কবিয়ে শীত কালৰ এখন মনোমোহা ছবি আঁকিছে, গাঁৱৰ । শব্দৰ অলংকাৰ আদ্ৰীৰ কবিতাৰ খুবেই মনোমোহা চাৰিত্ৰিক বৈশিষ্ট্য যেনে 'গোটেই চহৰখনতে বগা চাদৰ এখন আঁৰি / শীত আহিছে' অথবা 'ফটা কম্বলৰ তলত কুচিমুচি সোমাইছে / কঁপি থকা দুখন হাত' বা 'চহৰৰ শীতক জিলিকায় / ষ্ট্ৰীট লাইটে' বা 'গাওঁবোৰত শীত এইদৰে নাহে / আয়ে চাগে পুহৰ জুইকুৰা জ্বলাইছে'। কবিয়ে এক বৈসাদৃশ্য শীতৰ ছবি আঁকিছে - চহৰ (নগৰ) আৰু গাওঁৰ । এনেকৈয়ে মানুহ আৰু প্ৰকৃতিৰ কথাৰে ৰচা এই শীতৰ কবিতাটো এটা সুখ পাঠ্য কবিতা ।
--------------------------------------------------------------------------------------------
(২১) বাপন ক্ৰো : " মোৰ আকাশত উৰো আহা "
তোক নোদুখো
সকলো ভুল মোৰেই
বাগিছাৰ ফুল
ডালৰ পক্ষী
আৱেলিৰ বেলি
নদীপাৰৰ বালি
সকলোৱে মানিলৈছে
সকলো অভিযোগ যে হাতপাতি লৈছোঁ মই..
সকলো অভিযোগে মোক যে দহি নিব ই খাতাং
অথচ্ হৃদয়খনক নিৰাপদে ৰখাতো মোৰো সিদ্ধান্ত,
কাৰণ
হৃদয়খন যে কেৱল তোৰ
তই স্বীকাৰ কৰয়ে বা নক'ৰ...
-----------------------
বাপন ক্ৰো আমাৰ গোটৰ এগৰাকী নিয়মীয়া কবি। বাপনৰ আন্তৰিকতাপুৰ্ণ কবিতা চৰ্চাৰ যি যত্ন দেখা গৈছে, সেয়া সঁচাই ইতিবাচক ।
প্ৰেমক প্ৰধান বিষয়বস্তু হিছাপে তুলি ধৰা এই কবিতাটোত কাব্যিকতাৰে কবিয়ে প্ৰেমক সম্পুৰ্ণৰুপে নিজকে উৎসৰ্গা কৰি প্ৰকাশ কৰিছে । কিন্তু মন কৰিবলগীয়া কথাটো হ'ল, তেওঁ বানানৰ প্ৰতি বিশেষ সচেষ্ট নহয় । এই দুৰ্বলতাই তেওঁৰ কবিতাক সঠিক ৰূপত তুলি ধৰাত বাধাৰ সৃষ্টি কৰিছে। কিয়নো কবিতাত শব্দই মূল হৈ পৰে। উদাহৰণ স্বৰূপে 'তোক নোদুখো' (নুদুষিম হ'ব পাৰিলে হয় চাগৈ ) - ইয়াত 'নোদুখো' শব্দটোৱে পাঠকক তাৰ অৰ্থ উলিয়াই লৈ পঢ়িবলৈ ল'বলৈ বাধ্য কৰিছে। এনে ভুলে কবিতাৰ সৌন্দৰ্য হানি কৰে। তেনেদৰে কবিৰ ভাব-অনুভুতিৰ এটা গতি আছে যদিও, সেই গতিক ধৰি ৰাখিবলৈ কবিয়ে যি যত্ন কৰিছে তাত কাব্যতকৈ প্ৰকাশভংগী কিছু যেন গদ্যৰ দৰে হৈ পৰিছে। সেয়ে আশা ৰাখিম, কবি বাপন ক্ৰোই নিজৰ চৰ্চাৰ প্ৰতি অধিক যত্নৱান হ'ব আৰু তেওঁৰ মাজত থকা সম্ভাৱনাৰে সাৰ্থক কবিতাৰ সৃষ্টি কৰিব ।
--------------------------------------------------------------------------------------------------
(২২) ডেইজী অনুৰঞ্জনা : " ভোকাতুৰ ছাঁ "
দাঁত জোঙা শিয়ালবোৰে
ৰুকি ৰুকি খায় তেজাল কলিজা
তেজপিয়াৰ গাত
সন্যাস শিৱৰ মছলিন মুখা
ডাঠ ডাঠ ধোঁৱাৰ চামনিৰে নিতৌ চলে
জীৱন মৃত্যুৰ খেলা
জুই লগা চকুবোৰে নেদেখে
দীঘল দি পৰি ৰোৱা
শুকান হাঁড়ৰ ভোকাতুৰ ছাঁ
কোনেও নাজানে
কি বিচাৰি ক'লৈ যায়
গোঁসানী গোঁসানী লগা চেমনীয়া বা
খোজে খোজে মাথো বিয়পে
আকলুৱা ৰেখা...!
-------------------------------
আখৰুৱাৰ নতুন সদস্য, নতুন প্ৰজন্মৰ কবি ডেইজী অনুৰঞ্জনা ফেচবুকৰ এগৰাকী পৰিচিত কবি। ফেচবুকত সঠিক ৰূপত কাব্য চৰ্চাৰ যত্ন কৰা কবি সকলৰ ভিতৰত এগৰাকী হ'ল ডেইজী অনুৰঞ্জনা । অলপতে তেওঁৰ এখন কবিতা-পুথিও ওলাইছিল ।
তেওঁৰ 'ভোকাতুৰ ছাঁ' শীৰ্ষক কবিতাটো আজি পুনৰীক্ষণৰ বাবে লোৱা হৈছে । বৰ্তমানৰ ক্ষয়িষ্ণু সমাজখনৰ এখনি সজীৱ চিত্ৰ ডাঙি ধৰিছে । কবিয়ে 'দাঁত জোঙা শিয়ালবোৰে' বুলি কৈ সমাজত আৱিৰ্ভাব ঘটা চয়তান সকলৰ অৱতাৰণা কৰিছেযেনে 'তেজপিয়াৰ' চৰিত্ৰ লৈ এইচাম চয়তানে সমাজক 'ৰুকি ৰুকি খায়',' ধুৱলী-কুৱলী পৰিৱেশ সৃষ্টি কৰি নিতৌ চলাই জীৱন মৃত্যুৰ খেলা', সিহঁতে নেদেখে 'শুকান হাঁড়ৰ ভোকাতুৰ ছাঁ' যি এতিয়াও আকুলতাৰে জীৱন জীয়াব খোজে । সমাজ জীৱনৰ সৈতে নিবিড় সম্বন্ধ থকা বাবেহে কবিৰ বাবে এনে চিত্ৰণ সম্ভৱ বুলি মোৰ অনুভৱ হয় । সেয়াই কবি ডেইজী অনুৰঞ্জনাৰ সম্পদ বুলি ভাবো । তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল ।
------------------------------------------------------------------------------------------------
(২৩) ৰাজ কুমাৰ তামুলী : " তুমি নৈ হোৱা "
পলাশী তুমি এখন জিয়া নৈ হোৱা
মেটেকা বোৰক অভিমানী কৰি তোলা
বিষাদ সন্ধ্যা তৰাক তুমি
মাতাল কৰি তোলা
মাছবোৰক তুমি তোমাৰ প্ৰেমিক
কৰি তোলা
ৰক্তাক্ত মোহনাত
কোনো বিচাৰি পাব
তোমাৰ বুকুৰ ঠিকনা
তোমাৰ ভিজা চুলিকোচাৰ
কোনে সুৱাস লৈছে
নিৰ্ম্মম এসন্ধ্যা
তোমাৰ বুকুৰ আচল উৰুৱাই ভটিয়াই যোৱা
সেইজন কৰ নাওঁৰিয়া অ'
উজনিৰ নে নামনিৰ
পলাশী তুমি নৱকান্ত বৰুৱাৰ কপিলী পৰীয়া
সোনপাহী জনী হোৱা
---------------------
আখৰুৱাৰ নতুন সদস্য, কবি ৰাজ কুমাৰ তামুলীৰ 'তুমি নৈ হোৱা' শিৰোনামৰ এই কবিতাটো আলোচনাৰ বাবে লোৱা হৈছে। এই কবিতাটোত কবিয়ে প্ৰেয়সীৰ সৌন্দৰ্য্য বৰ্ণনা কৰি প্ৰেম নিৱেদনৰ প্ৰয়াস কৰিছে। 'পলাশী তুমি এখন জিয়া নৈ হোৱা' বুলি কৈ কবিয়ে প্ৰেয়সীক এক গতিশীল প্ৰতীক ৰূপে আঁকিব বিচাৰিছে, কিন্তু 'মাছবোৰক তুমি তোমাৰ প্ৰেমিক কৰি তোলা' বুলি কৈ সেই প্ৰেয়সীক যেন কোনো কামুক নাৰীৰ ৰূপত কবিয়ে চাব বিচাৰিছে। ভাৱৰ বৈসাদৃশ্য দেখা গৈছে নেকি ইয়াত ! তথাপি ভাব-অনুভুতিৰ চিত্ৰণৰ কবিৰ প্ৰয়াস প্ৰসংশনীয়। কবিয়ে প্ৰেয়সীক এখন নদীৰ দৰে সহজ-সৰল কিন্তু চপলতাৰে ভৰপুৰ ৰুপত কল্পনা কৰে ।
'পলাশী তুমি নৱকান্ত বৰুৱাৰ কপিলী পৰীয়া
সোনপাহী জনী হোৱা '
কবিয়ে সঠিক ভাবে ভাৱ প্ৰকাশৰ ধাৰাবাহিকতা প্ৰয়োগৰ দিশত কিছু অগ্ৰসৰ হ'লে, বানানৰ ক্ষেত্ৰত ( কৰ ,নাওঁৰিয়া, জিয়া ) আৰু অলপ সচেতন হলেই ৰাজ কুমাৰ তামুলীক এগৰাকী ভাল কবি হিচাপে আমি পাম বুলি ভাবো । কবিলৈ আমাৰ শুভেচ্ছা ৰ'ল ।
---------------------------------------------- (আগলৈ) ---------------------------------------
Unlike ·
You, Mousumee Bori, Sarada Shrestha, Mallika Kalita and 26 others like this.

Daisy Anuranjana Dhannyabaad baa..... Bor bhal lagil porjyalosona ti... Aarombhoni khub xundor
February 26 at 3:55pm · Like · 2

Pranjal Bora excellent work. and thanks for putting my write up into this. felt honored.
February 26 at 5:34pm · Like · 2

Mousumee Bori  Superb Malabika ba, আপুনি এনেই নোৱাৰোঁ নোৱাৰোঁ কৈ থাকে দেই ! কি সুন্দৰ পৰ্যালোচনা আপোনাৰ ! আপোনাক নেৰিছো কিন্তু
February 26 at 7:37pm · Like · 2

Malabika Brahma Thanks a lot Daisy Anuranjana n Pranjal  .. Tumaloke bhal powa buli jani moyu xomane utxahito hoisu. Tomalok duyuloi mur xubhokamona ..
February 26 at 9:03pm · Like · 1

Malabika Brahma Mousumee, epasiman banan bhul mur nijoru ulabo etia  .. Jikon xahoxot eikhini koribo parisu, xeya tumaloke diya xahixor bolot he !
February 26 at 9:06pm · Like · 1

Manohar Dutta পর্য্যালোচনা / পৰ্যালোচনা দুয়োটা শব্দ শুদ্ধ। দুয়োটা শব্দৰ অৰ্থ একে, অৰ্থাৎ ভালদৰে পুনৰ বিৱেচনা কৰি চোৱা কাৰ্য্য ৷
February 27 at 12:31am · Like · 2

Subrata Goswami বাইদেউ,মোৰ অনুভৱী শব্দবোৰক আপুনি বৰ সুন্দৰকৈ বিশ্লেষন কৰি কবিতাৰ ৰুপ দিলে।যদিও কবিতা লিখাৰ সাহসকণ অদ্যপি হৈ উঠা নাই।খুব সুন্দৰ আলোচনা।ধন্যবাদ। Malabika Brahma
February 27 at 8:29am · Edited · Like · 1

Hirákjyóti Báishýá এটা সুন্দৰ আলোচনা৷ ভাল লাগিল বা'৷
ডা: দীপা ঠাকুৰিয়াৰ তিনিশৰীয়া কবিতা কেইটা কিছু ক্ষেত্ৰত হৰেকৃষ্ঞ ডেকাৰ সৃষ্ট তিনিশৰীয়া কবিতাতকৈ বেলেগ হৈছে৷ ভাৱ আৰু প্ৰকাশ শৈলীৰ ক্ষেত্ৰত দুয়োটাই সুকীয়া যেন লাগে৷ দুয়োটাৰে উমৈহতীয়া বৈশিষ্ট্য বহুত বেছি নাই যেন লাগিছে৷
এয়া মোৰ নিজস্ব ভাৱহে৷
February 27 at 3:56pm · Edited · Like · 3

Jahnu Bharadwaj xundor gothon mulok alusona...!!! Biraaat bhaal lagil... upokrito holu..!!!!!
February 28 at 11:31am · Like · 1

Jyoti Pcsaikia মালবিকা ! তোমাৰ সুন্দৰ আলোচনাই মন ভৰাই তুলিলে ।ইমান মসৃনকৈ পৰ্যালোচনাটি আগবঢ়াইছা ।মোৰ নিঃকিন অনুভৱৰ ইমান গভীৰ ব্যাখ্যা ,যথেষ্ট অনুপ্রাণিত হ'লো। তোমালৈ ও আখৰুৱালৈ মোৰ আন্তৰিক ধন্যবাদ/ শুভকামনা জনালোঁ । তোমাৰ এই সুন্দৰৰ, সাহি্ত্যৰ যাত্রা অব্যাহত থাকে যেন ।
17 hrs · Like · 1

Aadree Haripriya Ba mur kabitati lua dekhi utsahita halu,thikei kaise,byestatar babe agar dare sakriyo habo nuarahalu.tathapi likha aru parhar agrah jiai rakhibo khuju..akhoruar sadasya sakale xundor kobitare akhoruak aguai niak..dhanyabad!
1 hr · Like

Junmoni Das Apurba!
1 hr · Like

No comments:

Post a Comment