Tuesday, 3 March 2015

অনুগল্প-আশা: সুব্ৰতা গোস্বামী

তাৰ অশান্ত মনটোক বুজিবলৈ সি নিজেও অসমৰ্থ।সৰলৰ পৰা জটিল হৈ হৈ সেয়া সাঁথৰত পৰিণত হয়।ঠিক তাৰ মনটোৰ দৰে।জানিও নজনা,বুজিও নুবুজাৰ ভাও।উফ্! ভালপোৱাৰ যন্ত্ৰনাবোৰ হয়তো সি নিজেই উপভোগ কৰিব বিচাৰে।যিখিনিৰ সমভাগী তাই নহয়।তাইৰ অন্তহীন কৌতূহলৰ বিপৰীতে সি কেৱল সাঁথৰ একোটি এৰি থৈ যায়।তাই বুজে,তাৰ স্বপ্নময় দুচকুৰ গৰাকী তাই নহয়।দাপোনৰ সন্মুখত নিজকে পৰ্য্যবেক্ষণ কৰি ইমানপৰে তাই এইবোৰেই ভাবি আছিল।তেনেতে দেখিলে গাল এখনত চকুৰ ভ্ৰু এডাল আহি পৰিছেহি।হাতৰ তলুৱাত লৈ চকু দুটি মুদি সদায়ৰ দৰেকৈ তাই আজিও বিচাৰিলে "সি মনে বিচৰা সকলো পাওক।" আৰু ফু মাৰি উৰুৱাই দিলে ভ্ৰুডাল

No comments:

Post a Comment