কবিতাৰ
ওপৰত মোৰ জ্ঞান নগণ্য, কিন্তু হেঁপাহ অগণ্য। এই হেঁপাহেই মোক আকৌ এবাৰ
‘পুনৰীক্ষণ’ৰ দৰে জটীল কাম এটা কৰিবলৈ সাহস দিছে। মোৰ ওপৰত আস্থা ৰাখি আকৌ
এবাৰ এই কামটো কৰিবলৈ আহ্বান জনোৱা বাবে মই ‘আখৰুৱা: literati’ গোটৰ সমূহ
সদস্যকে ধন্যবাদ জনাইছোঁ । মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ ‘আখৰুৱা’ৰ
দুয়োগৰাকী প্ৰশাসক- মনোহৰ দত্ত দাদা আৰু মালৱিকা ব্ৰহ্ম বা’ক তেখেতসকলৰ
নিৰৱচ্ছিন্ন উৎসাহ-উদ্দীপনাৰ বাবে।
কবিতা...। কবিতাই আচলতে কিনো কয়? এজন কবিয়ে কৈছিল- “Poet does not tell the literal truth about the real world, but presents a picture of an ideal world which stimulates us to copy it in our own behavior.” কবিতা এটা পঢ়ি আমি বাস্তৱ জগতখনৰ এনেকুৱা এখন চিত্ৰই বিচাৰি পাওঁ। পদ্যৰ কথা অলপ সুকীয়া। কবি ভবেন বৰুৱাইও একে কথাই লিখিছে-
“এইটো কবিতাৰ ধৰ্মই-
যে ই ঠিক কথা নকয়,
বা ই যি হয়
সি ঠিক কথা নহয়।”
(সোণালী জাহাজ)
বিজ্ঞানৰ লগত হয়তো কবিতাৰ ইয়াতেই পাৰ্থক্য ওলাই পৰে। বিজ্ঞান সদায় তথ্যনিৰ্ভৰ। ই দ্ব্যৰ্থবিহীনভাৱে সদায় এটা কথাহে কয়, ইয়াত ব্যক্তিগত কথাৰ অৱকাশ নাই। কিন্তু কবিতাই এটা সাম্ভাব্য সত্যৰ আভাস দিয়ে, যাক গভীৰ অন্তৰ্দৃষ্টিৰেহে উদ্ধাৰ কৰিব পাৰি। আকৌ, কবিতাত ব্যক্তিগত কথাৰ অৱকাশ থাকে। অৱশ্যে এই ব্যক্তিগত কথা বা আত্মমুখীতা স্বাৰ্থপৰ আত্মকেন্দ্ৰীকতা নহৈ অন্বেষণৰ আত্মমুখিতা হোৱাটোহে দৰকাৰী। কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্য্যই নিজৰ লেখা সম্পৰ্কে কৈছিল- “মোৰ ‘মই’ টোক মই ‘আমি’ লৈ সলনি কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এই চেষ্টাত সদায় সফল হোৱা নাই, .....তথাপি চেষ্টা কৰি আছোঁ।” নতুন কবিসকলৰ বাবে এইষাৰ কম কথা নহয়!
এজৰা পাউণ্ডে কৈছিল যে কবিতাই হৈছে বাকৰীতিৰ মহত্ত্বম ৰূপ। কবিতাৰ এই মহত্ত্বম ৰূপটোক ধাৰণ কৰাটো ইমান উজু নহয়। বৰ বৰ কবিসকলেও গোটেই জীৱন কবিতাৰ সাধনা কৰিও অপৰিপক্কতা অনুভৱ কৰে। তেনেস্থলত আমাৰ দৰে কবি সকল কোন কূটা! অভিজ্ঞতা, আত্মোপলব্ধি আৰু প্ৰচুৰ অধ্যয়নেহে সঠিক দিশত আগুৱাই যোৱাত আমাৰ সহায়ক হ’ব। ইয়াৰ গত্যন্তৰ নাই। নহ’লে বৰ্তমানৰ কিছুসংখ্যকে কবিতাক যেনেদৰে এটা ‘গ্লেমাৰ’ বুলি ধৰি লৈ দুই-এটা কবিতা লিখিয়ে নিজকে এজন ‘ডাঙৰ কবি’ বুলি ওফাইদাং মাৰি থাকে, আমাৰো অৱস্থাটো তেনেকুৱাই হ’বগৈ। আশাকৰোঁ ‘আখৰুৱা’ৰ কবিসকলে এই ‘গ্লেমাৰাচ’ কবিৰ পোছাকখন কেতিয়াও নিপিন্ধি ইয়াক সদায় শিল্প হিচাপেই জ্ঞান কৰিব। জনপ্ৰিয় হোৱাটো পিছৰ কথা। ভাল সৃষ্টি কৰিলে নিজৰ ঢোল নিজে বজাব লগীয়া নহয়, আনেহে বজাই শুনাব!
জানুৱাৰী মাহত ‘আখৰুৱা’ৰ মজিয়ালৈ অহা কবিতাখিনি যথেষ্ট উন্নত মানৰ হৈছে। কবিসকলে আত্ম-অন্বেষণৰ মাজেৰে জগতৰ কথা কোৱাৰ লগতে প্ৰাত্যহিক জগতৰ ঘটনাৱলীৰ প্ৰতিও সচেতনতা দেখুৱাইছে। এয়া অতিকে ভাল কথা। ‘আখৰুৱা’ৰ কবিতাসমূহ মানদণ্ডৰ ফালৰ পৰাও ওপৰলৈ গৈ আছে দিনে দিনে। ই আন এটা ভাল কথা। ‘আখৰুৱা’ৰ সুস্থিৰ পৰিৱেশ তথা ‘পুনৰীক্ষণ’, ‘চানেকি’, ‘সন্ধান’ আদি যোগাত্মক শিতানসমূহে নিশ্চয়কৈ এই উৰ্দ্ধগতিৰ কাৰকত কিছু হলেও অৰিহণা যোগাইছে। ‘আখৰুৱা’ৰ এই প্ৰচেষ্টা বাহাল থাকক সদায়।
‘আখৰুৱাত’ ভালেকেইগৰাকী প্ৰতিষ্ঠিত কবি থকাৰ লগতে নামী-অনামী বহুতো কবি আছে। কবিতাৰ পৰ্যালোচনা কৰিবলৈ যাওতে কবিজনৰ জীৱনৰ ওপৰত আলোকপাত কৰাতো খুবেই জৰুৰী যদিও পৰ্যালোচনাটি যাতে অত্যধিক দীঘল নহয়, তাৰ ওপৰত লক্ষ্য ৰাখি ইয়াত সেয়া পৰিহাৰ কৰা হৈছে।
বিভিন্ন ব্যস্ততাৰ ফাঁকে ফাঁকে এইবাৰৰ ‘পুনৰীক্ষণ’টো যুগুত কৰোতে কিছু পলম হ’ল। ইয়াৰ বাবে মই দু:খিত। এই আলোচনাত একোজন কবিৰ এটা বা দুটা কবিতাহে আলোচনা কৰা হৈছে। নকলেও হব যে এয়া কোনো সমালোচনা নহয়। কবিতাৰ সমালোচনা কৰিব পৰাকৈ মোৰ অধ্যয়ন, অভিজ্ঞতা, সাধনা একোৱে নাই। এয়া মোৰ নগন্য পৰিসৰেৰে প্ৰয়াস কৰা এটা আলোচনাহে। যিহেতু কবিতাৰ আলোচনাৰ বিষয়তো মই অনভিজ্ঞ, গতিকে জানি-অজানি বহুতো ভুল ৰৈ যোৱাটো স্বাভাৱিক। তাৰ বাবে মই আপোনাসৱৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। আশাকৰোঁ আলোচনাটি আপোনাসৱে আদৰি ল’ব আৰু ভুলবোৰ দেখুৱাই দিব।
**********
এয়া নতুন সময়। নতুন বৰ্ষৰ আগমনত ‘আখৰুৱা’ৰ কবিসকলৰ কাপৰ পৰা ওলাইছে নতুনৰ আশা-নিৰাশাৰ বাৰ্তাবাহী বহুকেইটা ভাল ভাল কবিতা। তাৰ ভিতৰত কবি বিক্ৰম আদিত্যৰ ‘নতুনৰ সম্ভাষণ’ কবিতাটি নতুন বছৰৰ আশাতকৈ সাম্প্ৰতিক অসমৰ ঘটনাৰাজিৰ ছত্ৰছায়াত নিৰাশাৰে আৰম্ভ হৈ শেষ হৈছে আশা সঞ্চাৰী আহ্বানেৰে।
“নতুন আহিছে ভোক
আৰু
হৰতালেৰে
নতুন আহিছে তেজ
আৰু ধোঁৱাৰে”
কবিতাটিত অসমৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি কবিৰ ক্ষোভ আৰু বেদনা ফুটি উঠিছে। ‘হৰতাল‘,‘তেজ‘,‘ধোঁৱা‘- এইবোৰ অনুসংগ(association)ই সাম্প্ৰতিক সময়ৰ অসমভূমিৰ কথাই সোঁৱৰাই দিয়ে। অথচ কাৰো কাণসাৰ নাই, একো পৰিৱৰ্তন নাই, চলি আছে মাথো একেদৰে। কবিয়ে সেয়ে আহ্বান কৰিছে-
“গানৰ নামত গোৱা নহওঁক
সন্ত্ৰাস কি কুটিলতা কি
কবিতাৰ নামত লিখা নহওঁক
কি দুৰ্দিন কি আঁউসী
মিছিলত পোত যাই নতুন শবদ
তেন্তে....
তেন্তে, কোন স'তে জনাম
আপোনাক নতুন ঊষাৰ সম্ভাষণ”
বিক্ৰম আদিত্যৰ আন এটা কবিতা ‘ভোগালীৰ স্নেপ‘ত ভোগালীৰ এখন ব্যতিক্ৰমী ছবি দেখা যায়। বস্তুবাদী সমাজৰ পাকচক্ৰত আজিও যে সমাজৰ কিছুসংখ্যক মানুহ শোষণৰ বলি হ‘ব লগা হৈ আছে সেয়া কবিতাটিৰ মাজেৰে প্ৰকাশ পাইছে।
“কাঁইটৰ ভূগোল
ঠুনুকা কাল
আকাল
মহাজনৰ ফৰকাল চোতাল !”
কবিতাটিৰ শৈলী সুন্দৰ। এক বিশেষ লয় আছে কবিতাটিত, যিয়ে কবিতাটিৰ বক্তব্যক অধিক প্ৰোজ্জল কৰি তুলিছে। তৃতীয় স্তৱকৰ শেষত কবিয়ে লিখিছে-
“ঈশ্বৰ পুৰুষে হাঁহিয়েই থাকে
হাঁহিয়েই থাকে !”
এটা শক্তিশালী পংক্তি। বহু কথাই কৈছে কবিতাশাৰীৰ দ্বাৰা। শোষণকামী ফেচীবাদ(fascism)ৰ বিৰুদ্ধে এয়া এক বক্ৰোক্তি। সমাজৰ ঈশ্বৰ পুৰুষস্বৰূপ ধনী মহাজনসকলৰ অপৰিৱৰ্তিত শোষক চৰিত্ৰৰ যে কাহানিও শেষ নহয় সেয়া ইয়াত প্ৰকাশ পাইছে। আকৌ, ইয়াত এনেকুৱা এটা ভাৱো প্ৰকাশ পাইছে যে সংবেদনশীল কবিয়ে ভোগালীৰ দুৰ্ভোগ দেখি উপায়হীনভাৱে এক অনিশ্চিত অৱস্থা- ঈশ্বৰৰ শৰণ লৈছে, যাৰ পৰা কোনো সঁহাৰি আশা কৰাও মিছা। এয়া মানুহ জাতিৰ এক স্বভাৱসুলভ মনঃসত্ত্বা। কবি বিক্ৰম আদিত্যৰ পৰা আগলৈও ভাল ভাল কবিতা আশা কৰিলোঁ।
**********
কবি মৌচুমী বৰিৰ "এখনি ছবি" শীৰ্ষক কবিতাটিত ‘ছবি’ এটা প্ৰতীক। কবিয়ে এই প্ৰতীক ধোঁৱাৰ মাজত ৰাখিছে যদিও কবিৰ বক্তব্যৰ পৰা বুজিব পাৰি যে এই ছবি বিষয়ীৰ অতিকৈ আকাঙ্ক্ষিত, অথচ বিষয়ীৰ অন্তৰৰ পৰা নিলগত তাৰ অৱস্থান।
"নিপুণ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা
এখনি ছবি
এন্ধাৰ কোঠাটোত পৰি আছিল বহুদিন৷"
কবিতাটিত এক নাটকীয় মোৰ লক্ষণীয়-
"সপোনত দেখিলো
আকাশৰ পৰা এজন দেৱদূত নামি আহি
কোঠাটোৰ দুৱাৰখন খুলি দিছে"
ই কবিতাটিত এক উদ্ভট ধাৰণাৰ সৃষ্টি কৰিছে আৰু এইখিনিতে কবিৰ কথনশৈলীত যেন সাধু কোৱাৰ অনুশীলন এটা আৰম্ভ হৈছে। কবিতাটিৰ সাধাৰণ অভিব্যক্তিক ই এটা অসাধাৰণ মাত্ৰা প্ৰদান কৰিছে আৰু এই ফালৰ পৰা ইয়াক কবিতাটিৰ ঐশী লগ্ন(Epiphany) বুলিব পাৰি। এইখিনিলৈ কবিতাটিৰ সৌন্দৰ্য অটুট আছিল। কিন্তু ইয়াৰ পিছৰছোৱাত এই সৌন্দৰ্য কিছু ম্লান হোৱা যেন বোধ হয়।
“পুৱাৰ সূৰুযৰ প্ৰথম কিৰণ আহি
কোঠাটোত পৰিছে৷
পোহৰ আৰু বতাহৰ আলিংগনত
ধূলিময় ছবিখন পুনৰ প্ৰাণ পাই উঠিছে৷”
এইখিনিত কবিয়ে পূৰ্বৰ গতিময়তা বজাই ৰাখিব নোৱাৰিলে। ‘পোহৰ আৰু বতাহৰ আলিংগন’ এটি সুন্দৰ চিত্ৰকল্প। আকৌ,
“ছবিখনি বুকুত সাবটি
মই নদীৰ পাৰলৈ গ'লো
বহি পৰিলো সেউজ ঘাঁহনিডৰাত
চৰাইৰ কলৰৱত প্ৰাণ পাই উঠা হাবিখনে
হৃদয় জুৰাই
জীৱনৰ গান গালে ৷৷”
এইখিনিত ‘ছবি’খনে কবিৰ শিল্পৰ প্ৰতি থকা তান এটা হৈ ধৰা দিছে। অধিক পৰিশ্ৰম আৰু মনোযোগেৰে কবিতাটি অধিক সৌন্দৰ্যৱান হোৱাৰ থল আছে। কবিলৈ শুভেচ্ছা থাকিল।
**********
কবি নয়নমণি শৰ্মা ৰিকুৰ ‘পৰিধি’ শীৰ্ষক কবিতাটিত সমাজত চলি থকা অন্ধবিশ্বাসক সমালোচনা কৰিছে। ক’ৰ পৰা কেনেকৈ আহি অন্ধবিশ্বাসে মানুহৰ মনত ঠাই ল’লে যে এতিয়া বৈজ্ঞানিক দৃষ্টিৰে চালে সেয়া একোটা তুলুঙা কথা যেনহে লাগে। অন্ধবিশ্বাসৰ অন্ধকাৰে দোমদজাত ৰাখে লৌকিক-অলৌকিকৰ ধাৰণা। কবিয়ে এই দোমোজাক কবিতাৰে ব্যক্ত কৰিছে।
“প্ৰাচীন গছডাল দেও দি নাযাবা
ঈশ্বৰ অহাৰ বাট সেয়া
সেই যে শিলৰ এদাল ৰেখা আঁকি দিলে কোনোবাই
সেইদিন ধৰি কোনেও শুনা নাই সুগন্ধি ঋতুৰ গান
তেতিয়াৰ পৰাই ৰুগ্ন মোৰ প্ৰিয় পৃথিৱী।”
প্ৰতিটো শাৰীত এই দোমোজাৰ কথাই দেখা যায়। ইয়াৰে শেষৰ শাৰী- “তেতিয়াৰ পৰাই ৰুগ্ন মোৰ প্ৰিয় পৃথিৱী” য়ে অন্ধবিশ্বাসে আৱৰা জগতখনক তীৰ্যক সমালোচনা কৰিছে। কবিতাটিৰ শেষৰছোৱাত আকৌ প্ৰথমছোৱাৰ ভাৱখিনিৰ পৰা কিছু ফালৰি কটা যেন লাগে। কবিয়ে হয়তো এটা প্ৰযুক্ত ভাৱক এক বিশেষ শৈলীৰে ব্যঞ্জনাঘন কৰাৰ প্ৰয়াস কৰিছে। কিন্তু কবিতাটিৰ আৰম্ভণিত যি অলৌকিকতাৰ সমালোচনা দেখা গৈছিল, শেষৰফালে যেন কবিয়ে সেই অলৌকিকতাকেই সমৰ্থন কৰিছে অন্য প্ৰকাৰে।
“এটা চৰাই হৈ তেওঁ এদিন আহিব
পৰিধিবিহীন এটা সুহুৰিৰ বাটেৰে
আহি গুজি দিব দুহাতত তেওঁৰ ঠিকনা
যি নহয় মন্দিৰ মছজিদ গীৰ্জা অথবা গুৰুদ্বাৰ।”
কবি শৰ্মাৰ পৰা আগলৈও ভাল ভাল কবিতা আশা কৰিলোঁ।
**********
গীতিময়তাৰে মনৰ ভাৱখিনিক কবিতাৰে সজোৱা কবি মনোহৰ দত্তৰ ‘মৌনতা’ শীৰ্ষক কবিতাটিতো তাৰ ব্যতিক্ৰম ঘটা নাই। কবিতাটিত সেমেকা শীতৰ জীপাল অনুভৱৰ বৰ্ণনা আছে। কবিতাটিৰ ভাষা আৰু গীতিময়তাৰ লাৱণ্যত সেমেকা শীতৰ অনুভৱখিনি ক’ব নোৱাৰাকৈয়ে আত্মীয় হৈ পৰে।
“পুহমহীয়া শীতৰ পুৱাৰ
নুপুৰ যেন বৰষুণ
ৰিম জিম ৰিম জিম।
টোপালবোৰে দি গ'ল
কিবা এক মাধুৰী
কৈ গ'ল বাতৰি
'পৃথিৱীলৈ নামি আহিছে
সেমেকা শীতৰ ৰাণী'।”
কবিৰ সৰল, ব্যঞ্জনাহীন শব্দৰ বাচনি শলাগিবলগীয়া। কবি দত্তৰ কবিতাসমূহত কিছু কৰিমাণে পদ্যৰ গুণ পৰিলক্ষিত হয়। আৰম্ভণিৰ পৰা শেষলৈ ভাৱৰ স্পষ্টতা, ব্যঞ্জনাৰহিত শব্দ আৰু কাহিনীসদৃশ এক ছবি দত্তৰ প্ৰায়বোৰ কবিতাৰ মূল উপাদান। আধুনিক কবিতাত সচৰাচৰ এইকেইটা লক্ষণ খুব কমকৈহে দেখা যায়। আলোচ্য কবিতাটিত শেষৰ ফালে কবিয়ে কিছু ভাৱৰ ব্যঞ্জনা কৰিছে-
“সেমেকা শীতৰ নিশা
বৰষুণত তিতা কবিৰ
জুইৰ উম লোৱা কবিতা।
কবিতাৰ শিৰোনাম
মৌনতা।”
কবিতাটিৰ শাৰীয়ে শাৰীয়ে আছে শীত উদযাপনৰ আহ্বান। ইয়াত “বৰষুণত তিতা কবিৰ/জুইৰ উম লোৱা কবিতা” শাৰী দুটাই কবি হেমাংগ কুমাৰ দত্তৰ ‘ৰাতিৰ কবিতা’ শীৰ্ষক কবিতাৰ দুটা শাৰী মনত পেলাই দিয়ে- “ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য/ কিন্তু ৰাতিক কবিতাই পাৰে”। কবি মনোহৰ দত্তৰ পৰা আগলৈও এনেকুৱা কবিতা নিশ্চয় পাম বুলি আশা কৰিব পাৰি।
**********
কবি সাৰদা শ্ৰেষ্ঠৰ ‘পাহাৰৰ সপোন’ কবিতাটিত কবিয়ে দিন-ৰাতিৰ প্ৰাকৃতিক পৰিঘটনাটোক মানৱীয় ৰূপ প্ৰদান কৰিছে। কবিয়ে কল্পনাৰ তুলিকাৰে উদয়াস্তৰ সময়খিনিক মনোগ্ৰাহীকৈ আঁকিছে আৰু তাত মানুহৰ জীৱনৰ স্বাভাৱিক পৰিঘটনাৰ ৰং সাঁনিছে।
“নিতৌ পাহাৰখনে প্ৰসৱ কৰে
এটি নতুন সূৰুজ
চিকুন পুৱা পাহাৰখনৰ বুকুত লৰি ঢাপৰি ফুৰে
কেঁচুৱা সুৰুজটো ।”
আৰম্ভণিতেই এই সুন্দৰ স্তৱকটিয়ে পাঠকক লৈ যায় কবিৰ কল্পনাৰ জালত বগুৱা বাবলৈ। এই স্তৱকটিতে প্ৰকৃতি আৰু মানুহৰ একাত্মীয়কৰণৰ উমান পোৱা যায়। কবিতাটিত মানুহৰ জীৱনৰ লগত ৰজিতা খুৱাই কবিয়ে সূৰুজৰ জীৱন বৃত্তান্তৰ কথা বৰ্ণনা কৰিছে। মানুহৰ জন্মত হোৱা আনন্দোৎসৱ, মমতা আদিৰ লগত সূৰ্য্যোদয়ৰ আনন্দ সুন্দৰকৈ ফুটি উঠিছে।
“সূৰুজৰ শৈশৱৰ ধেমালিত
ৰঙীন হোৱা পাহাৰখন
সূৰুজৰ মমতাত মোহময় হৈ পৰে ।
সূৰুজৰ মিঠা কাকলিত
মুখৰ হৈ উঠে পাহাৰখনৰ প্ৰতিটো চুক ।
এসময়ত সূৰুজটো শিশুৰ পৰা কৈশোৰ হয়
ক্ৰমে সূৰুজটো ওখ হয়
এনেদৰে এদিন মানুহৰ জীৱনৰ অন্ত হয় আৰু দিনৰ শেষত সূৰ্য্যও অস্ত যায়। মানুহৰ মৃত্যুত যি দুখ হয়, সেই একেই দুখ প্ৰকৃতি জগততো হয় সূৰ্য্য অস্ত যোৱাৰ পিছত।
সূৰুজৰ মৃত্যুত
আকাশখনে শোকসভা পাতে ।
পাহাৰখনে ক’লা চাদৰ মেৰিয়াই নীৰৱে উচুপে,
নিশাৰ শেষত প্ৰভাত হয়। ঠিক সেয়াই ঘটে মানুহৰ জীৱনতো। সেয়ে কবিয়ে শেষত লিখিছে-
মাজনিশা এটা সপোন দেখে
সোণালী পোহৰ এবুকু লৈ
পুঁৱতি নিশা ভুমিষ্ঠ হ’ব
আকৌ এটা নতুন সূৰুজ ।
ইয়াৰ দ্বাৰা কবিয়ে মানুহৰ অবিচ্ছিন্ন গতিময়তাকে বুজাইছে। এই ধৰালৈ মানুহৰ সোঁতৰ অন্ত নাই কেতিয়াও। জন্মৰপৰা মৃত্যু পৰ্যন্ত মানুহৰ যি পৰিক্ৰমা সেয়া কবিয়ে কৌশলেৰে উপস্থাপন কৰাৰ লগতে তাৰ লগত সূৰ্য্যৰ উদয় আৰু অস্তৰ পৰিক্ৰমা সাঙুৰি লৈছে। মানুহৰ নিত্য নৈমিত্তিক ঘটনাৰ লগত প্ৰকৃতিৰ নিত্য নৈমিত্তিক ঘটনাৰ সাদৃশ্য দেখুৱাই কবিয়ে ইয়াত এক বস্তু-সমন্বয়তা(Objective correlative) স্থাপন কৰিছে। কবিতাটিত বিশেষ ভাল লগা এটা দিশ হৈছে, কবিয়ে পাহাৰখনক সূৰ্য্যৰ মাতৃৰ চৰিত্ৰ প্ৰদান কৰি পুত্ৰক লৈ মাতৃৰ আন্তৰিক তানখিনি সুন্দৰকৈ ফুটাই তুলিব পৰাটো। কবি সাৰদা শ্ৰেষ্ঠলৈ শুভেচ্ছা থাকিল।
**********
কবিতা এটা কঠীন শিল্প। সাধনা বিনে এই শিল্প সম্ভৱ নহয়। একান্ত সাধনাৰেহে এজন কবিয়ে জগতত নাম কৰিব পাৰে, অইন কাৰোবাৰ আদৰ্শ হ’ব পাৰে। কিন্তু দেখা যায় যে এনেকুৱা কিছু কবিও আছে যিসকলে সাধনা কৰি ভাল ভাল কবিতা ৰচি আছে নিৰৱচ্ছিন্নভাৱে অথচ বিদ্বত মহলে তেওলোকক বিশেষ স্বীকৃতি দিয়া নাই। আন এচাম এনেকুৱা কবিও আছে যিসকলে বৰ বিশেষ সাধনা নকৰাকৈয়ে আপেক্ষিকভাৱে কিছু অগভীৰ কবিতা লিখি ৰাজনৈতিকভাৱে(!) নিজৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰি বঁটা-বাহন বুটলি আছে। এই প্ৰথম শ্ৰেণীৰ কবিসকলক লৈ কবি জোনমনি দাসে লিখিছে ‘প্ৰতিদিনেই জীৱনৰ সৈতে’ শীৰ্ষক কবিতাটি। কবিতাৰ দৰে গভীৰ বিষয় এটা আজিকালি বহু কবিয়ে গ্লেমাৰৰ বাবে ব্যৱহাৰ কৰা দেখোঁ। প্ৰকৃত কবিয়ে কবিতা সৃষ্টি কৰে তাড়নাত পৰি, জনপ্ৰিয়তা অৰ্জন কৰিবলৈ নহয়। ‘প্ৰতিদিনেই জীৱনৰ সৈতে’ কবিতাটি ভাৱবস্তু আৰু প্ৰকাশ শৈলীৰ ফালৰ পৰা এটা সুন্দৰ কবিতা। কবিতাটিৰ বিষয়ে আৰু কিছু নকৈ সম্পূৰ্ণ কবিতাটিয়েই তলত উপস্থাপন কৰিলোঁ।
“প্ৰতিদিনেই জীৱনৰ সৈতে
প্ৰতিদিনেই জীৱনৰ সৈতে যুদ্ধ কৰোঁ
সময়ৰ সৈতে কৰোঁ দুখৰ দিনৰ আলাপ
কবিতাই কেতিয়াও জীৱনক জীয়াবলৈ ভাত নিদিয়ে
দিয়ে মাথোঁ মানুহক কুশল সংবাদ
কবিতা লিখি সকলো কবিয়ে নাপায় ভাত কাপোৰৰ দাম
ভাতৰ বাবেই শ্ৰম কৰোঁতে সৰে কপালৰ ঘাম
মই কবিয়ে কবিতা লিখোঁ নষ্ট কৰি কাগজ
দুখৰ দিনত ছাঁ দিবলৈ শব্দৰ কি গৰজ ?
জীৱনৰ সৈতে যুদ্ধ কৰোঁতে পাৰ হৈছে মোৰ দিন
শব্দ এটা খেপিয়াই ফুৰোঁতেই কাতি হৈছে মোৰ ৰাতি
বহু কবি হেৰাই গৈছে ভাত বিচাৰি ভোকত
বহু কবি চেকুঁৰি ফুৰিছে বঁটা বাহনৰ পিছত
মই কবিয়ে দুখৰ দিনতো লিখিছোঁ এষাৰি কবিতা-
দুখেই জ্বলাই সপোনৰ চাকিত আশা নামৰ শলিতা...”
**********
কবি বিজিত তালুকদাৰৰ ‘তাইৰ পুৰণি বাট’ শীৰ্ষক কবিতাটিত বিষয়ীৰ ব্যক্তিগত প্ৰেমৰ সুবাসক প্ৰকৃতিৰ ৰস সাঁনি নৈৰ্ব্যক্তিকতা প্ৰদান কৰিছে। প্ৰেম ইয়াত নাৰী-পুৰুষৰ সহজাত প্ৰেম। এই ব্যক্তি প্ৰেমক কবিয়ে প্ৰকৃতিৰ কিছু বিৰূপ আচৰণেৰে ৰজিতা খুৱাই কবিতাটিৰ ভাৱবস্তুক কিছু পৰিমাণে ধূসৰ কৰি তুলিছে। তাই অহা ‘বাট’এৰে কবিয়ে হয়তো প্ৰেয়সীৰে কটোৱা প্ৰেমৰ মধুৰ সময়ছোৱা ৰোমন্থন কৰিছে নাইবা কবিৰ কল্পনাৰ জখলাৰে নিদাৰুণ সময়ৰ এক প্ৰশান্তিময় সংবাদৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। মোৰ দৃষ্টিৰে, এই দুয়োটা ভাৱেৰেই কবিতাটি চাব পাৰি যেন লাগিছে।
“তাই অহা-যোৱা কৰা বাটটোত
মই এন্ধাৰৰ হেঙাৰ গুচাই নিৰ্জনতাৰ অপেক্ষা কৰিছিলোঁ”
এই দুটা শাৰীৰে কবিয়ে আৰম্ভণিতেই পাঠকৰ মনত এটা বিফল আশাৰ বাট দেখুৱাই দিয়ে আৰু এই নিৰাশাবাদী ভাৱনাই গোটেই কবিতাটিত গুজৰি আছে। ইয়াত “এন্ধাৰৰ হেঙাৰ গুচাই নিৰ্জনতাৰ অপেক্ষা” এটা সুন্দৰ আৰু চিত্তাকৰ্ষক চিত্ৰকল্প। কবিতাটিত এনেকুৱা বহুতো চিত্ৰকল্প দেখা যায়।
কবিতাটিৰ দুটি ব্যঞ্জনাঘন পংক্তি-
“আজিকালি তাই বৰকৈ অহা-যোৱা নকৰা
সেই বাটটোৰ দূবৰি কেইডালত চৰায়েও নিৰ্ভয়ে বাহ সাজে”
আৰম্ভণিৰে পৰা কবিতাটিত এক ভাৱসন্ধি বা সংশয়(suspense) বিৰাজি আছে, যিয়ে পাঠকৰ কৌতূহল বৰ্তাই ৰাখিব পাৰিছে। কবিতাটি সমাপ্তিৰ বেলিকা কবিয়ে নিজকেই যেন অৱদমন কৰাৰ প্ৰয়াস কৰিছে-
“মই জানো
তায়ো জানে
তাইৰ ৰ'দৰ চিঠিবোৰে
এতিয়া এন্ধাৰৰ ঠিকনা বিচাৰি নাযায় ৷৷”
কবি তালুৰদাৰৰ পৰা আগলৈ কবিতা পাই থাকিম বুলি আশা ৰাখিলোঁ।
**********
একবিংশ শতিকাৰ সমাজৰ দৰিদ্ৰজনৰ চিত্ৰায়ন কবি দাদুল ভূঞাৰ ‘পোনাকণ’ শীৰ্ষক কবিতাটিত দেখা যায়। কবিতাটিত ‘পোনাকণ’ এটা প্ৰতীক হিচাপে ব্যৱহৃত হ’লে কবিতাটি হয়তো অধিক প্ৰোজ্জ্বল হ’লহেঁতেন।
“কাহানিও ফুটপাথৰ পোনাকণে
উদ্যাপন কৰা নাই সুখৰ ভোগালী”
কবিতাটিৰ আৰম্ভণিতে যি প্ৰতীকধৰ্মীতাৰ ইংগিত পোৱা যায় সেয়া উক্ত শাৰীদুটাৰ পৰা সমূলি খোল খাই পৰে।
কবিতাটিত কিছু ভাল চিত্ৰকল্প ব্যৱহৃত হৈছে।
“পিন্ধা নাই ৰ'দবৰণীয়া চোলা
সজা নাই হাঁহমাংসৰে এসাঁজ খাবলৈ
নৰা বান্ধি ভেলাঘৰ”
ইয়াত ‘ৰ'দবৰণীয়া চোলা’ এটা সুন্দৰ চিত্ৰকল্প। দৰিদ্ৰ পোনাকণৰ সুখ বা উদগতিৰ ধ্বজা বহনকাৰী কায়ীক আৰু মানসিক অভিব্যক্তিৰ কথা ই মনলৈ আনে, যিটো পোনাকণৰ জীৱনত সম্ভৱ হৈ নুঠে। কবিতাটিৰ এটা শক্তিশালী স্তৱক-
“উৰুকাৰ দিনা চাৰিওফালে
মেজি জ্বলে
আৰু সেই মেজি প্রতিদিনে
পোনাকণৰ পেটত জ্বলে
এন্ধাৰৰ কুমতীয়ে চুহি চুহি
শেষ কৰা পোনাকণৰ জীৱনত
প্রতিদিনে ঘৰ সাজে
দুখৰ উঁইহাফলুৱে”
আকৌ, একেগৰাকী কবিৰ আন এটি কবিতা "মেজিবোৰ জ্বলাই দিয়ক"ত তদ্ৰূপ কথা এটা প্ৰকাশ পোৱাৰ লগতে এই সমস্যা সমাধানৰ বাবে এটা প্ৰতীবাদী কণ্ঠ প্ৰকাশ পাইছে।
“উৰুকাৰ ৰাতি মেজিবোৰ জ্বলাই দিয়ক
লগতে জ্বলাই দিয়ক একবিংশ শতিকাৰ ভোক”
ইয়াতো কবিৰ একেই দুৰ্বলতা দেখা যায়। কবিয়ে প্ৰথমছোৱাত এক প্ৰতীকধৰ্মীতাৰ ইংগীত দিয়ে আৰু লগে লগে সেই প্ৰতীকৰ ৰহস্য সম্পূৰ্ণকৈ খুলি দিয়ে। এই কবিতাটিত ‘মেজি’ক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি অত্যাধিক বৰ্ণনাৰ পৰা বিৰত থাকিলে এটা অধিক সুন্দৰ কবিতা পালোহেঁতেন।
“উৰুকাৰ ৰাতি মেজিবোৰ জ্বলাই দিয়ক
জ্বলাই দিয়ক অসমী আইৰ বুকুতজন্ম হোৱা জাৰজ সন্তান
অথবা সেই সন্তানৰ হাতত থকা হাথিয়াৰ বোৰ
যিবোৰ হাথিয়াৰৰ সহায়ৰে
জাৰজবোৰে কুলষিত কৰে সমাজ
তেনে হাথিয়াৰ বোৰ মেজিৰ জুইত জাপি জ্বলাই দিয়ক”
এই কবিতাটি দুখীয়া জনতাৰ প্ৰতি এক সহমৰ্মিতা আৰু লগতে এক প্ৰতীবাদী কণ্ঠ। কবিয়ে প্ৰকাশ শৈলীৰ ওপৰত গুৰুত্ব দি অধিক ভাল কবিতাৰ সৃষ্টি কৰিব পাৰিব বুলি আশা কৰিব পাৰি। লগতে প্ৰতীকধৰ্মী কবিতাৰ কিছু অনুশীলন কবিৰ সৃষ্টিশীলতাৰ বাবে সুফলদায়ক হ’ব বুলি মোৰ বোধ হয়।
**********
-হীৰকজ্যোতি বৈশ্য
...
(আগলৈ..)

No comments:
Post a Comment