Sunday, 8 March 2015

আখৰুৱা : literati গোটৰ ডিচেম্বৰ ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা : 'পুনৰীক্ষণ - ১৯' ( অন্তিম ভাগ ): মালৱিকা ব্ৰহ্ম

জন্মৰে পৰা এতিয়ালৈকে, 'পুনৰীক্ষণ' শিতানৰ গোটেই প্ৰক্ৰিয়াটোত আমি দেখিছো যে কবিতাৰ পৰ্যালোচকৰ দায়িত্ব পালনৰ প্ৰতি আগ্ৰহী সদস্য আশানুৰুপ পোৱা নাই । ইয়াৰ কাৰণ হিচাপে আমাৰ নিত্য জীৱনৰ ব্যস্ততাতকৈ হয়তো 'কবিতাৰ পৰ্যালোচনা' - বিষয়টোৰ প্ৰতি ত্থকা আমাৰ মনৰ ভয়েই প্ৰধান কাৰক, উদাহৰণ মই নিজেই । তদুপৰি মোৰ অসমীয়া সাহিত্য, বিশেষকৈ কবিতা সাহিত্যৰ, সীমিত অধ্যয়নৰ বাবে মনত যথেষ্ট শংকা আছিল । সঁচা কথাটো হ'ল কবিতা পঢ়ি ভালপাওঁ আৰু মাজে সময়ে লিখাৰ যত্ন কৰোঁ। তথাপি ব্যক্তিগত ভাৱে, মই অন্তৰেৰে বিশ্বাস কৰো যে গল্প, উপন্যাস, কবিতা আৰু নাটকৰ শ্ৰেষ্ঠ সমালোচকসকল আচলতে নিষ্ঠাৱান পাঠক আৰু দৰ্শক হে। সেয়ে ভাৱো, এজন সধাৰণ পাঠকৰ দৃষ্টিৰে, আনন্দ বৰমুদৈ চাৰে কোৱাৰ দৰে তৃতীয় বিধ সমালোচকৰ সৃষ্টিশীল সমালোচনাৰে, আমি ( সদস্যসকল ) যদি গোটৰ লেখক/কবি সকলৰ যৎকিঞ্চিত ভাৱেও সহায়ক হব পাৰোঁ, এই শিতানটোৰ সাৰ্থকতা তাতেই থাকিব । গতিকে শিতানটোৰ ধাৰাবাহিকতা অব্যাহত হৈ ৰওক, তাকে আমি সদায় কামনা কৰিম ।
এইখিনি কথাকে চিন্তা কৰি, নিজৰ অক্ষমতা জানিও, কেইবাগৰাকী বন্ধুৰ উৎসাহত আমি 'পুনৰীক্ষণ - ১৯'ৰ দায়িত্বভাগ কান্ধ পাতি লৈছিলোঁ । আমি আশা ৰাখিছোঁ, আখৰুৱাৰ আৰু সদস্য ওলাই আহিব আৰু পৰীক্ষাগত ভৱে আগভাগ লৈ, 'পুনৰীক্ষণ'ৰ ধাৰাবাহিকতা ৰক্ষা কৰাত আগভাগ লব ।
'পুনৰীক্ষণ - ১৯ ( প্ৰথম, দ্বিতীয় আৰু অন্তিম ভাগ ) ' পৰ্যালোচনাত হ'ব পৰা ত্ৰুটি-বিচ্যুতিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। মোৰ দ্বাৰা হোৱা ভুলখিনিৰ বাবেও মই ইয়াতে আলোচনা হোৱাতো বাঞ্চা কৰিম যাতে আমি সকলোৱে সমালোচনাৰ বিষয়ে আৰু কিবা শিকিব পাৰোঁ ।
ডিচেম্বৰ মাহৰ অংশগ্ৰহণকাৰী সকলো কবিৰে তেওঁলোকৰ কাব্যিক যাত্ৰাৰ উত্তৰণ কামনা কৰিলো, লগতে গোটৰ আন সকলো সদস্যৰো ।
অৱশেষত, মোৰ 'পুনৰীক্ষণ - ১৯' আগবঢ়াওঁতে ইমান পলম হোৱাৰ বাবে পুনৰ ক্ষমা বিচাৰিছোঁ । হীৰকে ধৈৰ্য্যৰে মোৰ তিনিও খণ্ড শেষ হোৱালৈ অপেক্ষা কৰাৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ ।
ধন্যবাদ,
মালবিকা ব্ৰহ্ম
২ মাৰ্চ, ২০১৫
----------------------------------------------------------------------------------------------------
(২৪) ভাস্কৰজিৎ নাথ : " শীতৰ পাচঁটা স্তবক "
(১)
চোতলৰ শেৱালী জোপা জাৰত কোঁচ খাই পৰে,
দীঘল নিশাটিৰ অন্ত লেখি লেখি ফেচাঁই পুৱাৰ ক্ষণ গনে।
(২)
নিয়ৰ কণা বোৰে পুৱা দুবৰিক গা ধুৱাই, লাজতে ৰঙা হৈ সূর্য্যই দৈনন্দিনতাৰ ৰথ কোবাই।
(৩)
গা ভাৰী পথাৰ খন এতিয়া আজৰি হল,
আইৰ হাঁহিটি, পিতাই সপোনটি আৰূ অলপ পূৰঠ হল।
(৪)
জুহালৰ জুই কুৰা সাবটি ভাগৰূৱা হয় শীতৰ দুহাত,
চঞ্চলতাৰে গাভৰূ হৈ প্রকৃতিয়ে খোজ পেলাই কুৱঁলি সনা পুৱাত।।
(৫)
কহুঁৱা বিৰিণাই সাজি-কাচি নৈখন সজাই,
ৰঙীন সপোনবোৰ সামৰি সময়ে ভোগালী লৈ বাট চায়।
-----------------------
গোটৰ সক্ৰিয় সদস্য কবি ভাস্কৰ জিৎ নাথে তেওঁৰ কবিতা 'শীতৰ পাচঁটা স্তবক'ত শীতৰ এখন নিতোল ছবি আঁকিবলৈ তেওঁ যত্ন কৰিছে। শীতৰ কথাৰে কবিতা লিখাৰ এটা স্বাভাৱিক আগ্ৰহ সকলো কবিৰেই থাকে আৰু লিখেও । শৰতৰ পিচত অহা শীতৰ এক চিনাকি ছবি আঁকি তেওঁ কৈছে - 'চোতালৰ শেৱালি জোপা জাৰত কোঁচ খাই পৰে' অথবা 'নিয়ৰ কণাবোৰে পুৱা দুবৰিক গা ধুৱাই' । আন এটি চিনাকি ছবি 'গা ভাৰী পথাৰ খন এতিয়া আজৰি হ'ল' বুলি কওতেই আঘোণৰ পিছৰ ছবি জিলিকিছে । 'ৰঙীন সপোনবোৰ সামৰি সময়ে ভোগালী লৈ বাট চায়।'- উদং ভঁৰালবোৰ উপচাই, ভোগালীলৈ কৰা অপেক্ষাই শীতক আৰু মনোমোহা কৰি তোলে । কবিতাটোত সুন্দৰ চিত্ৰকল্পৰে ভাব-অনুভুতিৰ অৰ্থৱহ সংমিশ্ৰণ কবি শীতৰ এখন সাৱলীল চিত্ৰ আঁকিছে কবিয়ে।
---------------------------------------------------------------------------------------------------
(২৫) দেৱৰাজ কলিতা : " হেপাঁহ "
হেপাঁহ কৰিছিলো এদিন
ডাক্তৰ হব'লৈ।
মামাই কৈছিল মোক
বিজ্ঞান পঢ়িব'লৈ।।
বিজ্ঞান শাখাত নাম লিখি
অধ্যায়ন কৰিছিলো।
চূৰান্ত পৰীক্ষাত অৱতিৰ্নহৈ
ভাল ফ'ল নাপালো।
ম'নৰ হেপাঁহ মোৰ জীৱন'ত
ম'ন'তে ৰ'ল।
ডাক্তৰ হোৱা হেপাঁহ মোৰ
পূৰণ নহ'ল।।
---------------------
আখৰুৱাৰ প্ৰবীণ আৰু ঘনিষ্ঠ সদস্য কবি দেৱৰাজ কলিতা দেৱৰ কবিতা 'হেপাঁহ ' আজি আমাৰ আলোচ্য কবিতা । জীৱনৰ বাস্তৱ অভিজ্ঞতাৰে জীৱনৰে একো একোটি সংবেদনশীল বিষয়ক সুন্দৰ ৰূপত তুলি ধৰাৰ প্ৰয়াস তেখেতৰ কবিতাত দেখা যায়, যেন আমাৰ কথাও কৈছে । 'হেঁপাহ' কবিতাতো কবিয়ে খুবেই সৰলতাৰে ক'ব যেন খুজিছে - মানুহৰ জীৱনৰ যি হেপাঁহ পূৰ্ণ নহয়, সিয়ে যে মানুহক জীৱনজুৰি খেদি ফুৰে । জীৱনৰ এজন প্ৰকৃত যোদ্ধা দেৱৰাজ কলিতা দেৱৰ পৰা জীৱনৰ বাস্তৱিকতাক বিষয়বস্তু কৰা আৰু কবিতা পঢ়াৰ আশা ৰাখিলোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ ।
----------------------------------------------------------------------------------------------------
(২৬) নিশাংক মিলন : " সান্ধ্যভ্ৰমণ "
হঠাতেই আহি চুই দিলিহি মোক,
এইবাৰ মোৰ পাল
জীৱন
ক’তনো বিছাৰি যাও তোক ?
ককাৰ খৰমযোৰৰ খট্ খট্‌ মাতত
নে,
বৰলৰ টোপ বিছাৰি
এৰাবাৰীৰ নিখোজ দুপৰীয়াবোৰত?
শিয়ালিৰ কাণ কাটি মাই জ্বলোৱা
বাটিৰ পোহৰত
দেখা পামনে আকৌ কেতিয়াবা
মোৰ ঘুমটিৰ আদৰুৱা মুখ;
পেঁপা বজা ৰঙা জোতা পিন্ধি
থিয় দিওচোন আকৌ এবাৰ
দেউতাৰ আঙুলিত ধৰি,
থুনুক-থানাক কোলাত খিলখিলাই
শাত পেলাও মাৰ
উৰুখা বুকুৰ সকলো দুখ !
আইতাৰ খুন্দনাৰ একটিপা
তামোল মুখত ভৰাই
ৰঙা হৈ পৰে আজিও কিয়বা
প্ৰায়ে মোৰ স্বপ্নকাতৰ জিভা,
চিঁঞাহীৰ বড়ি পানীত মিলাই
বাহৰ কলমেৰে কলপাতৰ পিঠিতে
খোদাই হৈ থাকিল যেন
মোৰ সুখৰ অনাবিল বৰ্ণমালা ;
বৰষুণত চালৰ পানী ধৰি ধৰি,
কচুপাতৰ ফৰিং খেদি খেদি
সৌৱা মোৰ ল’ৰালি,
ধুলিত লুতুৰি হৈ
ঘুৰি ফুৰিছে সমনীয়াৰ লগত
তামোলৰ ঢকুৱাত উঠি চোচৰি চোচৰি....
দেউতাৰ বুকুত বহি
সাধুকথাৰ বনহংসৰ দেশত
এতিয়াও ম‍ই
কেতিয়াবা ৰজা, কেতিয়াবা খৰিকটিয়া;
বদ্‌মাচ শিয়ালটো, বুধিয়ক বুঢ়ীজনী
বা আজলি ৰাজকুমাৰীজনীৰ লগতে
কথা পাতি পাতি
টোপনি যাও, সাৰ পাও, টোপনি যাও;
ভেকুলীৰ মাততে ভয়ত
কুচিমুচি দেউতাৰ বুকুত,
উজুটিয়াই পৰিলেই
চলচলীয়া হওগে মাৰ চকুত;
দেউতা,
দেচোন মোক আকৌ এবাৰ
পুণি ভৰা পুখুৰীত সাঁতোৰ শিকাই,
চিলনি সাতোৰ মেলি
পাওগে মোৰ শৈশৱ
আকৌ উঠোগে জপিয়াই তোৰ কান্ধত,
ডুবাৰ ভয়ত চিঞৰি চিঞৰি
ওলমি ৰওগে তোৰ ডিঙিত
নঙঠা পানীৰ পুখুৰীৰ মাজত;
বাঢ়ি আহিছে যেন এডিঙি
পুনৰ কালিকালগা পুখুৰীৰ পুণি,
জোৰকে ধৰি থাক মোক
দেউতা,
এৰি নিদিবি এৰি নিদিবি;
পমাৰ গুটিৰে বিজুলী বাহৰ নলীত
বন্দুক ফুটাই,
কঠালপাতৰ চকৰী আৰু
লিচুগুটিৰ লাটুম ঘুৰাই ঘুৰাই
অ' মোৰ চেনেহী শৈশৱ,
দে হি চোন আকৌ মোৰ
একাকী পথাৰৰ হাইঠা হুৰাই;
পদুম পুখুৰীৰ মকুৱা চোবাই,
ভোটোৰাপাতৰ ঠাৰি ভাঙি
ফুকাই ফুকাই বেলুন উৰুৱাই
কিহে জানো ৰাতি ৰাতি
মোৰ টলবল বুকু কুটেকুটাই;
গালি পাৰি
উত্‍পতীয়া ঘাম মচি দিয়া
তোৰ পুৰণি চাদৰৰ লোচটোৰেই,
বিষাদৰ বিয়লিত
অ’ মা, মা
বুকুলে মোৰ জাননে
আজিও সুখৰ পাটপলু উজায় !!
---------------------------------------------------------------------------------------------------
ফেচবুকৰ এগৰাকী জনপ্ৰিয় কবি নিশাংক মিলন । এইগৰাকী সদস্য কবিৰ কবিতাই আখৰুৱাৰ পাঠকক কবিতা পাঠৰ আনন্দ দিয়ে। নিশাংক মিলনে কবিতাৰ এক বিশেষ ধৰণৰ চৰ্চাৰ যত্ন কৰা দেখা যায় । সেয়ে হয়তো তেওঁৰ প্ৰতিটো কবিতাতে এক অনন্য ৰস পোৱা যায় ।
এইবাৰৰ কবিতা 'সান্ধ্যভ্ৰমণ'ত কবিয়ে আমাক যেন 'টাইম মেচিন'ত বহুৱাই শৈশৱৰ বিচৰণ কৰাই আনিলে । শৈশৱতেই আমি জীৱনৰ আদিপাঠ শিকোঁ । তাৰেই চিত্ৰণ কৰিছে কবিয়ে, নিভাজ ৰূপত । জীৱন বুলিলে এতিয়া এটি বিৰাট প্ৰশ্ন, তাকো জীৱনৰ সন্ধ্যা বেলাত । সেয়ে কবিয়ে প্ৰশ্ন কৰিছে- 'ক’তনো বিছাৰি যাওঁ তোক ?', আনহাতে মাকৰ আচলতেই জীৱনৰ প্ৰশান্তি লুকাই থকাৰ কথা কৈছে । জীৱনক বিচাৰি যাওঁতে প্ৰথমেই মনলৈ আহিল ককাৰ খৰমৰ কথা। তেনেকৈয়ে আইতা, দেউতা, মাৰ হাতত ধৰি কবি বিলীন হৈছে শৈশৱৰ সুমধুৰ দিনবোৰৰ কোলাত। নিৰ্দোষ শৈশৱৰ সুন্দৰ সজীৱ ছবিয়ে কবিতাটিক পাঠকৰ বাবে উপভোগ্য কৰি তুলিছে। কবিৰ আন বহু কবিতাত দেখা জটিল চিত্ৰণৰ বিপৰীতে এই কবিতাটিৰ সৰলতাৰ বাবে পাঠকৰ অধিক ওচৰ চাপিব যেন লাগিছে ।
কবিৰ শব্দ আৰু চিত্ৰণৰ ওপৰত থকা বিশেষ দখল সদায়ে চকুত পৰে, যেনে 'একাকী পথাৰৰ হাইঠা হুৰাই', 'এৰাবাৰীৰ নিখোজ দুপৰীয়াবোৰত', 'মোৰ স্বপ্নকাতৰ জিভা' , 'মোৰ টলবল বুকু কুটেকুটাই;', 'সুখৰ পাটপলু উজায়' ইত্যাদি ।
----------------------------------------------------------------------------------------------------
(২৭) মৌচুমী বৰি : " অপেক্ষা "
(দুর্ঘটনাত মৃত্যু হোৱা গৰু পোৱালীটোৰ স্মৃতিত)
ভাবিছোঁ, যদি নঘটিলহেঁতেন এনে এটা ঘটনা নামৰ দুৰ্ঘটনা!
জানো,
খৰস্ৰোতা নদীৰ দৰেই সময়ৰ গতিশীলতা!
কৈ যোৱা কথা
হৈ যোৱা কথা
কাহানিও উভতি নাহে ৷
বিষাদৰ সকলো চকুপানী বোৱালো
সন্তাপিত হৃদয়ত গাঠিলোঁ তোমাৰেই স্মৃতিমালা
তোমাৰ পবিত্ৰ পৃথিৱীত
তেজে ধোৱা সময়ৰ
তেজৰ চেকুৰাৰ অবুজ বিননি এটাৰ বিনিদ্ৰ ৰজনী৷
অপেক্ষা মাথোঁ
কেতিয়া পুৱাব ৰাতি
--------------------------
'গল্ফীৰ ডায়েৰী' খ্যাত মৌচুমী বৰি আখৰুৱাৰ এটি অতি চিনাকি নাম । কবি মৌচুমী বৰিৰ লিখনিত আমি দেখোঁ যে আমাৰ দৈনন্দিন জীৱনৰ ঘটনাৰ পৰাই তেওঁ জীৱনবোধৰ ছবি অকাঁ দেখা যায় । আজিৰ যান্ত্ৰিকতাৰ যুগতো , এটি পথ দুর্ঘটনাত মৃত্যু হোৱা এটি গৰু পোৱালীৰ স্মৃতিত তেওঁৰ কলমেৰে নিগৰিল এই কবিতাটি - 'অপেক্ষা'। এটি চিৰন্তন সত্য ক'লে তেওঁ -
'কৈ যোৱা কথা
হৈ যোৱা কথা
কাহানিও উভতি নাহে ।'
সকৰুণ মৃত্যু সাৱতি লোৱা অজলা গৰু পোৱালিটোৰ স্মৃতিয়ে কবিক এনেদৰে জৰ্জ্জৰিত কৰে কবিক - 'তেজৰ চেকুৰাৰ অবুজ বিননি এটাৰ বিনিদ্ৰ ৰজনী ' । এই সন্তাপৰ পৰা মুক্তি পাবলৈ অপেক্ষাৰত কবিয়ে বাস্তৱতাৰ চৰম আঘাতৰ মাজতো আশাৰ সন্ধান কৰাৰ প্ৰয়াস কৰিছে । অৱশ্যে এই সংবেদনশীল কবিতাটোত আৰু অলপ কাব্যিকতাৰ থল আছিল হেতেন বুলি ভাবোঁ।
----------------------------------------------------------------------------------------------------
(২৮) অনিন্দিতা কলিতা : " দ্য লাষ্ট ছাপাৰ "
এটি নক্ষত্ৰ কক্ষচ্যুত হ'বলৈ ধৰা
শেষ আহাৰৰ নিশা
কৰ্মৰ সৈতে ভগৱানে সহবাস কৰা নাছিল
দুটি নষ্ট তৰাৰ বাহিৰে
আটাইয়ে সামৰিছিল
বিদায় বেলাৰ পানীৰঙী সপোন
ভাল-বেয়াৰ মাজত ৰণ হৈছিল
নক্ষত্ৰৰ স্খলনৰ হেতু বিচাৰি
যদিও এজনেও বুজা নাছিল
সত্যৰ বাবে কিয় চমু
সৰ্বদা উজলি উঠাৰ বাট
তিনিটা দিনৰ শেষত
মাটি-কুঁৱৰীৰ দুবাহুৱে আৱৰি লৈছিল
কৰ্মৰ প্ৰাপ্য ফলক
সপোন কোঠাৰ দুৱাৰ মেলি
উচুপি উঠিছিল তৰাজাকে
শান্ত
সমাহিত
পৱিত্ৰ
নক্ষত্ৰই যাচিছিল
এমুঠি সুন্দৰৰ শইচ
আৰু
অন্তহীন যাত্ৰাৰ পথিক হৈ আগবাঢ়িছিল
কক্ষচ্যুত অমৃতকুম্ভ
চৌদিশে বিয়পাই
শুভ
মাথো
শুভ ৷
----------------------
বিভিন্ন পুৰস্কাৰেৰে সমাদৃতা অনিন্দিতা কলিতা নতুন প্ৰজন্মৰ এগৰাকী পৰিচিত কবি আৰু আখৰুৱাৰ নিয়মীয়া সদস্য । কবিতাটো কবিয়ে লিঅ'নাৰ্ড দা ভিঞ্চিৰ 'The Last Supper' নামৰ বিশ্ববিখ্যাত চিত্ৰখনৰ আধাৰত ৰচিছে বুলি উল্লেখ কৰা বাবেই স্বাভাৱিকতে আমাৰ মনলৈ আহে সেই বিখ্যাত চিত্ৰকৰ্মৰ কথা । ম'নালিছাৰ পিছত এইখন ছবিকেই লিঅ'নাৰ্ডৰ উৎকৃষ্ট চিত্ৰকৰ্ম হিচাপে জনা যায় । ছবিখনৰ মাজত উপৱিষ্ট যীশুখ্ৰীষ্টই শিষ্যসকলক লৈ তেওঁক ক্ৰুছবিদ্ধ কৰাৰ আগদিনা নৈশভোজন কৰি থকা অৱস্থাত দেখা গৈছে, যি নৈশভোজত যীশুৱে বৰ্ণনা কৰিছিল যে তেঁওৰ বাৰজন শিষ্যৰে এজনে পিছদিনা তেঁওৰ সৈতে বিশ্বাসঘাতকতা কৰিব । এই নৈশভোজতে তেওঁৰ অবিহনে শিষ্যসকলে কি কৰা উচিত আৰু তেওঁলোকৰ ভৱিষ্যত কাৰ্য্যপন্থা কি হোৱা উচিত, তাকো বৰ্ণনা কৰিছিল ।
' এটি নক্ষত্ৰ কক্ষচ্যুত হ'বলৈ ধৰা
শেষ আহাৰৰ নিশা
কৰ্মৰ সৈতে ভগৱানে সহবাস কৰা নাছিল '
-ইয়াত নক্ষত্ৰ বুলি যীশুকেই তুলি ধৰি কবিয়ে ভগৱানৰ আক্ষেপো যেন প্ৰকাশ কৰিছে । প্ৰেমৰ বাণী দি দিয়েইযেন যীশুৱে বিদায় লৈছিল-
'চৌদিশে বিয়পাই
শুভ
মাথো
শুভ ।'
এই প্ৰখ্যাত চিত্ৰকৰ্মখনৰ আধাৰত ৰচা কবিতাটোত কবিয়ে যথেষ্ট কষ্ট কৰি মনৰ অনুভুতিৰ সাৱলীল প্ৰকাশ কৰিছে। সুগভীৰ ধ্যান-ধাৰণা অবিহনে এনে বিষয়ত কবিতা ৰচনা কৰাটো সহজ নহয় । অনিন্দিতালৈ আমাৰ শুভেচ্ছা জনলোঁ ।
----------------------------------------------------------------------------------------------------
(২৯) বিক্ৰম আদিত্য : " ছাইবৰণীয়া মানুহ "
নিজক নিজৰ পৰা সোলোকাই অনা পৰত
নিজত নিজক পিন্ধাই দিয়া পৰত
সাঁজ লগা নিজানে কন্দুওৱাৰ পৰত
নিজকে খান্দি গৈ থাকোঁ
শূণ্যতা
শূণ্যতা
শূণ্যতা
মাটিৰ মাত বিচাৰোঁ
সেই শূণ্যতাৰ কণ্ঠত
স্থূলতা
স্থূলতা
স্থূলতা
ভংগুৰ ঘন্টা বাজে
চৌপাশে
ছাই বৰণীয়া মানুহবোৰ ক'ত হেৰাই
টীপচাকিৰ নক্ষত্ৰ ক'ত লুকাই
উত্তৰত কঁপে এক অনুস্ব-স্বৰ ::
:: আত্মাই উচুপে য'ত
আত্মাই উচুপে য'ত !!
-----------------------------
আখৰুৱাৰ নবীন সদস্য তথা কবি বিক্ৰমাদিত্য বৰুৱা ইতিমধ্যে কবি হিচাপে গোটত পৰিচিত হৈছে, লগতে বাতৰিকাকত আদিতো । তেওঁৰ 'ছাইবৰণীয়া মানুহ' শীৰ্ষক কবিতাটোত কবিয়ে আত্মানুসন্ধানেৰে জীৱনৰ চৰম সত্যক আৱিস্কাৰ কৰিব খুজিছে কাব্যিকতাৰে । শিৰোনাম নিৰ্বাচনত কবি সাৰ্থক বুলিব পাৰি । কাৰণ শিৰোনামটোৱে পাঠকক কবিতাটোৰ দুৱাৰ খুলিবলৈ আমন্ত্ৰণ কৰে । আত্মকেন্দ্ৰিক আমিবোৰৰ জীৱনত ইপচিত বস্তুৰ অনুপস্থিতিয়েই সৃষ্টি কৰে শূন্যতা । আপোনত্বৰ সন্ধান কৰি সেই শূন্যতাৰ কণ্ঠতে আকৌ আমি আমাৰ স্বাৰ্থপৰতাৰ ছাঁ দেখোঁ আৰো অলপ হ'লেও অস্থিৰ হৈ পৰোঁ , স্বাৰ্থপতাই উপহাৰ দিয়া একাকীত্বত ।
কবিৰ আত্মানুসন্ধানৰ এই পৰিক্ৰমাৰ অনুধাৱন সঁচাকৈ মন পৰশি গ'ল । কবিলৈ আমাৰ শুভেচ্ছা থাকিল ।
----------------------------------------------------------------------------------------------------
(৩০) কৌশিক বেইশ্বাস : " তোমালোকৰ মতিভ্ৰম হৈছিল "
ধোঁৱাময় পৰিৱেশ এটাৰ পৰা
আমালৈ বুলি চাই থাকোতে
জলপৰীবোৰে কেলি কৰি থকা
দেখিছিলা
কমলৰ পাহিবোৰত ঠেং মেলি
সময়ৰ ফাঁকে ফাঁকে সোমাই
আমি বিলাস বিহাৰ কৰিছিলো
টোপ টোপাই সৰি পৰা
পানীৰ টোপালবোৰে
পৰিৱেশটো
মায়াময় কৰিছিল
চৰাইৰ চিঁ চিঁয়নিতো আছিলেই
এতিয়া আমাৰ সমুখত
ধোঁৱা আৰু ধোঁৱা
আচলতে তোমালোকৰ
মতিভ্ৰম হৈছিল
---------------------------------
আখৰুৱাৰ জন্মলগ্নৰে পৰাই জড়িত, নিস্থাৱান সদস্য আৰু ইতিমধ্যেই নিজকে চপ্ৰতিশ্ৰুতি সম্পন্ন কবি হিচাপে পৰিচয় দিবলৈ সক্ষম হোৱা কৌশিক বৈশ্বাসৰ কবিতাত বিষয়বস্তুৰ গভীৰতা দেখা যায়।
'তোমালোকৰ মতিভ্ৰম হৈছিল ' কবিতাটোত কবিয়ে এক ব্যংগ ছবি আঁকিছে। 'ধোঁৱাময় পৰিৱেশ এটাৰ পৰা' বুলি কৈ কবিয়ে ধুঁৱলি-কুঁৱলি সামাজিক পৰিৱেঅশৰ চিত্ৰণ কৰিছে। আৰু তেনে পৰিৱেশতো জলপৰীবোৰে কেলি দেখাৰ কথাৰে আনন্দময়তাৰ ছবি আঁকিছে।
' কমলৰ পাহিবোৰত ঠেং মেলি বিলাস বিহাৰ কৰোঁতে
বৰষুণে পৰিৱেশটো মায়াময় কৰিছিল
তাতে আছিল চৰাইৰ চিঁ চিঁয়নি । '
এক অপূৰ্ব সময়ৰ সৈতে কবি তেতিয়া একাত্ম হৈছিল । ' অথচ ক'ৰ পৰা জানো বিয়পি পৰিছিল ধোঁৱা আৰু ধোঁৱা, পৰিৱেশটো কঠিন হৈ উঠিছিল। ' - এয়াই যেন সত্য । মায়াময় পৰিৱেশ আজিৰ বাস্তৱতাত এক মতিভ্ৰমহে - তাকেই যেন কবিয়ে বৰ্ণনা কৰিছে অতি সুক্ষ্মতাৰে । কবিতাটোত সামাজিক জতিলতাৰ আভাস আৰু কিছু থকাহেঁতেন পাঠকে আৰু কাষ চাপিব পাৰিলেহেঁতেন বুলি মোৰ ধাৰণা হয় । কবিলৈ আমাৰ শুভেচ্ছা থাকিল ।
----------------------------------------------------------------------------------------------------
(৩১) সন্তুলন মহন্ত : " ছাঁয়া "
বিদ্যুৎহীন সন্ধ্যা আন্ধাৰৰ এক অচীন পথ ধৰোঁ
যাত্ৰা আৰম্ভ হয় হোষ্টেলৰ সেই এশ বিশ নম্বৰ ৰুমৰপৰা
দা ৰ'দ নট টেকন, এক দুৰ্বিসহ পথ ধৰোঁ
দুকাষে বহুতো মানুহ শাৰী পাতি ৰৈ থাকে
সিহঁত সকলোৰে মুখত এক সৰ্বব্যাপী আতংক বিৰাজমান
সেই পথটোৰে সকলোৱে যাত্ৰা কৰিছে এক ৰাজহুৱা শোকসভালৈ
মই কোন? মুখ্য অতিথি? মুখ্য বক্তা?
হুম, সিহঁতৰ কথা মই পঢ়িছিলো
সিহঁতক খেদি পঠিওৱা হৈছিল সাতচল্লিশত
বাটত নিখোজ হৈছিল বহুতো
কমিছন বহিছিল সিহঁতৰ সন্ধানত
ধৰ্ষিত হৈছিল ধৰ্মৰ নামত, আইনৰ হাতত
আৰু সিহঁতৰ সন্তানবোৰে জন্মতেই পাইছিল
পৰস্পৰৰ প্ৰতি এক বিদ্বেষৰ ধাৰাপাঠ...
সিহঁতৰ কবৰত এপিটাফ নাছিল
সিহঁতৰ মৰিশালীত পুষ্পাঞ্জলি নবৰষিছিল
সিহঁতৰ এফ আই আৰ লিপিবদ্ধ নহৈছিল
সিহঁতৰ কাহিনী কোনেও বিশ্বাস নকৰিছিল...
ইতিমধ্যে কলংকৰ নায়কসকল ৰাজপাটত বহিছিল
ৰাজহুৱা খৰচেৰে চকুপানী টুকিছিল...
তথাপি সিহঁতে সপোন দেখিছিল
সূৰ্যাস্তৰ পিচৰ সূৰ্যোদয়ৰ এক ৰাঙলী সপোন
কিন্তু ৰাঙলী সূৰ্যোদয়ে যেন আজিও ৰাঙলী সূৰ্যাস্তকে দোহৰাইছে
মোৰ কাষেৰে পাৰ হৈ যোৱা বুঢ়ীগৰাকীৰ দুচকুত নিঃস্তব্ধ লোতক
লগত যোৱা নাতিনীয়েকজনী কুৰূপা হৈ পৰিছে
কোনো মাতাল প্ৰেমিকৰ এচিড উপহাৰেৰে,
মোৰ বান্ধৱী এজনী বুকুভৰা বেদনাৰে খোজ দিছে
বিবাহ নামৰ অসামাজিকতাৰ ভয়াবহ স্মৃতিৰ সাক্ষী হৈ,
কোনোবা এক ৰুকচানাই দুভৰি চোঁচৰাইছে
কাৰোবাৰ কন্যা সন্তান হোৱাৰ অনিচ্ছাকৃত অপৰাধবোধত...
...শংকিত, লজ্জিত মোৰ সত্ত্বাটো দৌৰ দি উভটিছে
ৰোমাণ্টিকতাৰ সকলো ধ্বংসাৱশেষ লৈ
বৰ্তমানৰ মোৰ পলায়নবাদী অস্তিত্বটোৰ কাষলৈ...
---------------------------
সন্তুলন মহন্ত আখৰুৱা গোটৰ এগৰাকী নতুন সদস্য যদিও ফেচবুকত তেওঁ কবিতাৰ চৰ্চা আগৰ পৰাই কৰি আহিছে । কবি মহন্তই 'ছাঁয়া' শীৰ্ষক কবিতাটোত স্বাধীন(?) ভাৰতৰ একোজন তৰুণ মনে সামাজিক ভাৱে চলি থকা অনৈতিক কাৰ্য্যকলাপৰ বাবে সময়ে সময়ে অনুভৱ কৰা এক দুৰ্বিসহ যন্ত্ৰণা চিত্ৰণ কৰিছে ।
স্বাধীনতাৰ পিছতে ,ধৰ্মৰ নামত দেশ বিভাজিত হৈ ৰাজনৈতিক কুটিলতাত সৃষ্টি হৈছিল আন এক নতুন দেশ, য'ত তেতিয়াৰ পৰা আজিলৈ প্ৰতিটো প্ৰজন্মৰ মনত, কবিৰ দেশখনৰ বাবে ঘৃণা আৰু বিদ্বেষৰ বাহিৰে যেন একোৱে নাই । কাৰণ ? কবিয়ে মুখামুখি হবলৈ যত্ন কৰিছে সেই কাৰণ সমুহৰ । নিজ দেশৰ পৰা বিতাড়িত সেই সাধাৰণ জনতাৰে কিছুয়ে যাত্ৰাপথতে মৃত্যুক সাৱতি লয় । এইসকল বিনাদোষে অকালতে হেৰাই যোৱা মৃতকৰ বাবে শাসকশ্ৰেনীৰ ঘৰিয়ালৰ চকুপানীটোপাৰ বাহিৰে আৰু যেন একোৱেই নাছিল দিবলৈ । তাৰ মাজতেও জীৱনৰ সপোন দেখা জীৱিতসকলৰ জীৱনো কোঙা হৈ পৰে অনৈতিক হলেও সামাজিক ভাৱে চলি থকা কিছুমান কথাৰ বাবে, কবিৰ দেশৰ সেইপাৰে বা এইপাৰে । যেনে অসফল প্ৰেমিকৰ প্ৰেমিকাৰ মুখত এচিদ বৰ্ষণ, জাপি দিয়া বিবাহ বা বিবহোত্তৰ মানসিক বা শাৰীৰিক নিৰ্য্যাতনত কোঙা একোগৰাকী তৰুণী মন অথবা কন্যা সন্তান জন্ম দিয়াৰ অপৰাধত অত্যাচাৰৰ সন্মুখীন হ'ব লগা হোৱা সেই মাতৃসকল ! নিৰুত্তৰ কবি শংকিত/লজ্জিত হৈ অৱশেষত পলায়নবাদকে স্বীকাৰ কৰিবলৈ বাধ্য হয় ।
'ৰোমাণ্টিকতাৰ সকলো ধ্বংসাৱশেষ লৈ
বৰ্তমানৰ মোৰ পলায়নবাদী অস্তিত্বটোৰ কাষলৈ...'
সমাজত চলি থকা অসামাজিক/অনৈতিক কায্যকলাপৰ বিৰোধিতা কৰাতকৈ পলায়নবাদীতাই হে যেন আমাক ক্ৰমে ক্ৰমে গ্ৰাস কৰিব ধৰিছে, সেই কথাৰেই পাঠকক সজাগ কৰিবলৈ যেন কবিয়ে প্ৰয়াস কৰিছে । কবিতটিৰ ইমান প্ৰতিক্ৰিয়াশীল প্ৰকাশে পাঠকক চুই যাবলৈ সক্ষম হোৱা যেনেই আমাৰ অনুভৱ হয় । কবিলৈ আমাৰ শুভেচ্ছা থাকিল ।
----------------------------------------------------------------------------------------------------
(৩২) নয়নমনি শৰ্মা ৰিকু : " সময় "
এহেজাৰ নৈ তেওঁৰ বুকুৱেদি বৈ যায়
দুখৰ জোন, সুখৰ বেলি
উদাৰতাৰ আকাশ মেৰিয়াই তেওঁ হেৰাই যায়
তেওঁ অবিৰত এক যাত্ৰা
পৃথিৱীৰ শৈশৱ
সভ্যতাৰ কৈশোৰ
ঘৃণাৰ যৌৱন কঢ়িয়াই লৈ ফুৰে তেওঁ
তেওঁৰ দুচকুত ইতিহাসে পোখা মেলে
যুদ্ধৰ বুকু গৰকি বুদ্ধই চকু মেলে
আদিম ভালপোৱা তেওঁৰ পৃথিৱীৰে
এজাউৰি শব্দৰ পৰা নিলগত
এজাক জিলিৰ স'তে তেওঁ বাস কৰে
তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মালিতা
হেজাৰ আঘাতৰ মদিৰা ।
-----------------------------
আখৰুৱাৰ এগৰাকী নিয়মীয়া সদস্য তথা নিয়মিত অংশগ্ৰহনেৰে গোটটোক চহকী কৰা কবি নয়নমণি শৰ্মা ৰিকুৰ 'সময়' শীৰ্ষক কবিতাটি আজি লোৱা হৈছে । এই কবিতাটিত চিৰ প্ৰৱাহিত, নিৰৱচ্ছিন্ন সময়ৰ কথাৰে এক গতিময় ছবি আঁকিছে কবিয়ে । ঘৃণাৰ পৰা ভালপোৱালৈকে, পৃথিৱীৰ সকলো সভ্যতাৰ জন্মৰ পৰা মৃত্যুলৈকে - সকলোকে আকোঁৱালি লোৱা এই স্থিতপ্ৰজ্ঞ সময় যেন সকলো পৰিৱেশতেই উদাৰ । পৃথিৱী যেনেকৈ অনন্ত, তেনেকৈ সময়ো অন্তহীন আৰু দুয়োৰে এই ভালপোৱা চিৰন্তন । অতীতৰ পিছত বৰ্তমান, আৰু তাৰপিছত ভৱিষ্যতৰ চালিকাশক্তি এই সময়েই যুদ্ধৰ পিচত শান্তিৰ বতৰা বিলাই নিৰবধি বৈ যায় ।
সময়ক কাব্যিকতাৰে পৰ্য্যবেক্ষণ কৰিবলৈ যত্ন কৰা নয়নমণি শৰ্মা ৰিকুৰ এই কবিতাটোত কবিৰ কৌতূৰ্লী মনৰ উমান পোৱা যায় । কবিলৈ আমাৰ শুভেচ্ছা থাকিল ।
--------------------------------------------- অন্ত ---------------------------------------------
Unlike · 
  • Hirákjyóti Báishýá সুন্দৰ আলোচনা বা'৷ মাজে মাজে দুই-এটা বাক্যত গাঁঠনিগত খুঁট আছে, অন্যথাই এটা অতি সুন্দৰ আলোচনা৷
    ধৈৰ্য্যৰে ৰৈ থকাই মোৰো কিছু লাভ হ'ল৷ আপোনাৰ আলোচনাটিৰ পৰা কিছু কথা শিকিব পাৰিলোঁ নতুনকৈ৷ ধন্যবাদ আপোনাক৷ 
    March 2 at 3:15pm · Edited · Like · 1
  • Debaraj Kalita আখৰুৱা গোটৰ ডিচেম্বৰমাহৰ/১৪ মাহৰ কবিতাৰ পৰ্য্যালোচনা..পুনৰীক্ষণ ত আলোচিকা মালবিকা ব্ৰহ্মাই আমাৰ হেপাঁহ নামৰ সামান্য কবিতাটোৰ সুন্দৰ সমালোচনা কৰাৰ লগত আন আন কবিতা বোৰৰ সুন্দৰ সমালোচনা কৰি নিজৰ সুন্দৰ মন আৰু ভিতৰৰ জ্ঞানৰ পৰিচয় দিছে। আনহাতে আলোচনাৰ মাজতেই তেওঁ আমাৰ সুস্বাস্থ্যৰ বাবেও কামনা কৰি এটা সুন্দৰ মনৰ যে তেওঁ অধিকাৰী তাকো পৰিচয় দিছে। এই সুযোগতে তেওঁলৈ আমাৰো শুভেচ্ছা আৰু আশীৰ্বাদ যাছিলো।
  • বিক্ৰমাদিত্য বৰুৱা কৃতজ্ঞ আপোনাৰ প্ৰতি ৷ 

    পুণৰীক্ষণ-১৯ৰ তিনিওটা ভাগ যথেষ্ঠ আগ্ৰহেৰে পঢ়িছোঁ, আপ্লুত হ'লো ৷ বহু কথা , বহু দিশৰ বিষয়ে অৱগত হৈছোঁ ৷
  • Nayanmani Sarmah Riku ধন্যবাদ ।
  • Jahnu Bharadwaj সুন্দৰ আলোচনা৷ বহু উপকৃত হ'লো৷ আকৌ নতুন আগ্ৰহ জন্মিছে দেখোন৷ 
  • Santulan Mahanta ধন্যবাদ মালবিকা বাইদেউ। কবিতাটো লিখাৰ সময়ত মনত বহুতো ভাৱনাই তোলপাৰ লগাই আছিল, লিখি উঠিও শান্তি পোৱা নাছিলো ইয়াকে ভাবি যে প্ৰকৃততে মই কি ক'বলৈ গৈছিলো সেয়া কোনো এক দ্বিতীয় ব্যক্তিৰ বোধগম্য হৈছেনে নাই। বহুতো চিন্তাৰ তেনেই সামান্য অংশইহে আখৰৰ মাজেৰে আত্মপ্...See More
  • Pranjal Bora যথাযথ পুনৰীক্ষণ। অত্যন্ত সাৱলীল আৰু মননশীল। উপকৃত হ'লো
  • Anindita Kalita ধন্যবাদ মালবিকা বা ৷ আপোনাৰ আলোচনাত মোৰ কবিতাই স্থান লাভ কৰাৰ বাবে মই কৃতজ্ঞ ৷ আপোনালোকৰ দিহা পৰামৰ্শ মোৰ পাথেয় ৷
  • Nishanka Milan সুন্দৰ আলোচনা । ভাল লাগিল পঢ়ি । ধন্যবাদ বাইদেউ ।
  • Mousumee Bori অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ Malabika বা লৈ 
  • Manohar Dutta আমাৰ দৃষ্টিত 'পুনৰীক্ষণ'ৰ উনৈশতম খণ্ডটোত মালৱিকা ব্ৰহ্মই (Malabika Brahma ) যি আলোচনা আগবঢ়ালে, তাক তেওঁ সুন্দৰকৈ কৰাৰ যত্ন কৰিছে বুলি ক'ব পাৰি। বিশেষকৈ প্ৰতিগৰাকী সদস্য কবিৰ কবিতা আলোচনাত সামৰি লৈছে। আশাকৰোঁ এনে ধৰণে গোটৰ সদস্যৰ মাজৰ পৰা নতুন আগ্ৰহী ...See More
  • Nirjon Nirob Borphukon সুন্দৰ পৰ্যালোচনা ৷

No comments:

Post a Comment