Monday, 23 March 2015

আখৰুৱা : literati গোটৰ ফেব্ৰুৱাৰী ২০১৫-ৰ কবিতাৰ পৰ্যালোচনা : 'পুনৰীক্ষণ - ২১' - ( প্ৰথম ভাগ ):- Daisy Anuranjana

কবিতা কবিৰ জীৱনমুখিতা । কবিৰ চাৰিত্ৰিক উচ্চাৰণ আৰু দৃঢ়তা । কবিতাৰেই কবিৰ অদেখাক দেখা অচিনাকিক চিনাকি । কবিতা কবিৰ উজাগৰৰ সপোন আৰু আটাইতকৈ গভীৰ কান্দোন । সময় সলনি হোৱাৰ স'তে কবি আৰু কবিতা সম্পৰ্কে সংজ্ঞাও সলনি হৈ আছে । এতিয়া ন ন চিত্ৰকল্পৰ সৃষ্টি, ন ন উপমাৰ প্ৰয়োগ, কাল্পনিক নাৰীৰ প্ৰতি আমন্ত্ৰণ আৰু সম্বোধন, বস্তুবাদী দৃষ্টি, আপাতদৃষ্টিত ভাবৰ অসংলগ্নতা আৰু দুৰ্বোধ্যতা নতুন কবিতাৰ প্ৰধান বিশেষত্ব । এনে কবিতাত কবিৰ একান্ত ব্যক্তিনিষ্ঠ আৰু বুদ্ধিবাদী ৰচনাশৈলীৰ অৰ্গল খুলি কবিতাৰ ৰস গ্ৰহণ কৰা বা মূল তত্ত্ব আৱিষ্কাৰ কৰা বহুত ক্ষেত্ৰত মৰীচিকা খেদাৰ দৰে হৈ পৰে । কিন্তু এই কথাও আমি অস্বিকাৰ কৰিব নোৱাৰো যে সমাজ যিহেতু জটিলতৰ হৈ পৰিছে কবিতাও সমাজৰ প্ৰতিফল স্বৰূপে জটিল নহৈ নোৱাৰে । এই জটিলতাৰ মাজত কিন্তু সুস্থ প্ৰতীক, চিত্ৰকল্প আৰু অলংকৰনৰ অভাৱ আমি পাই থকা কবিতাবোৰত সততে দেখা যায় ।
বাৰু যিয়েই নহওঁক, "আখৰুৱা গোট"ৰ
'পৰ্যালোচনা' শিতানটিৰ এই মাহৰ দায়িত্ব মোৰ ভাগত পৰাত মোৰ সীমিত জ্ঞানেৰে কবিৰ কবিতাৰ শব্দ ভুৱনত ভূমুকি মাৰি এটি সূক্ষ্ম পৰ্যালোচনা যুগুত কৰা হৈছে । আজি তাৰেই প্ৰথম অংশ আগবঢ়োৱা
হ'ল ।
1) শোষিত মধ্যবিত্তৰ প্রতিনিধি ____
-- শীৰ্ষজ্যোতি বৰা
শোষিত মধ্যবিত্তৰ প্রতিনিধি আমি
চৰতহীন বশ্যতাত
সময়ৰ সৈতে সন্ধি...
জন্মই শিকাইছে অভিনয়
সুখ-দুখত সুখী হোৱাৰ...
সন্মুখত একো নাই.....
কৃষ্ণপক্ষৰ এজাক আন্ধাৰ,
দুচকুত সোণবৰণীয়া স্বপ্ন
আশাৰ ভ্রুণ...
বঠাহীন নাঁওত ভাহি গৈ
মাঁথো পাৰৰ বালিত সপোন ৰচো...
আন্ধাৰ মুধাৰ আমাৰ সময়ত
নাজানো জীৱনৰ আশা আকাংশাবোৰে
চতিয়াব নে পলাশৰ ৰং...
নাই নিশ্চয়তা.....
গঢ় দিব খোজো
দহৰ জীৱন...
পাৰ হৈ যোৱাই আমাৰ বৰতমান ভৱিষ্যত,
আত্মসন্মান,অলপমান আধৰুৱা শিক্ষা...
চিন্তা কৰি বহি থকা এটা মন,
অলপমান আশা....
কিজানি কিবা এটা হৈয়ে...সিমানেই..
আমাৰ স্বপ্নক লৈ সকলোৰে টনা আজোৰা,
আমিবোৰ মাঁথো মধ্যবিত্তৰ প্রতিনিধি
সেই আদিম যুগৰে শোষিত...
----------------------------
এই কবিতাটোত কবি শীৰ্ষজ্যোতি বৰাই শ্ৰেণীহীন সমাজ এখন স্থাপনৰ সপোন দেখি সফলতাৰ অনিশ্চয়তাত ডুবি থকা হতাশ নিৰাশ আৰু আশাহীনতাৰে ভৰা ছবি এখন অংকন কৰিছে । বৰ্তমানৰ সমাজ ব্যৱস্থাই কবিক নিৰাশ কৰি তুলিছে । সেয়ে কবিয়ে গতানুগতিক নিয়ম শৃংখলাৰ পৰা মুক্তিৰ প্ৰয়াস কৰি নতুন দিনৰ সুস্থ সমাজ গঢ়াৰ সপোন ৰচিছে । কিন্তু সমসাময়িক জলন্ত সমস্যাবোৰে কবিৰ সপোনক আওকান কৰিছে । কিন্তু কবিয়ে এই সমস্যাবোৰত ভাগি পৰিলেও আশাবোৰ যেন এতিয়াও এৰি দিয়া নাই । কবিতাটোৰ শেষৰ ফালে চালে আমি এই কথা বুজিব পাৰো । বহিৰ্জগতৰ পৰিপ্ৰেক্ষাত নিজক স্থাপন কৰাৰ সপোন আৰু প্ৰতিক্ৰিয়া আশাবাদেৰে প্ৰকাশ কৰিছে । কবিতাৰ বিষয়বস্তু খুবেই সুন্দৰ । কিন্তু শেষৰ ফালে প্ৰকাশভংগীৰ কিছু অস্থিৰতা দেখা গ'ল । কিছুমান বাক্যৰীতিয়ে ভাবৰ কিছু অস্পষ্টতা দেখুৱা যেন অনুভৱ হ'ল । লগতে শব্দৰ শুদ্ধতাৰ ওপৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।
2) ***হেৰুৱা নদীৰ ঘাট***
-- জ্যোতি পি চি শইকীয়া
ভৰুন নদী এখনত
হাঁহি হাঁহি নাচি আছিল,
জোন,বেলি,তৰাৰ জাক ।।
নীলা বা মেঘালী
ৰদোজ্জল বা বৃষ্টিমুখৰ
এখন বিশাল আকাশ
বুকুত আঁকোৱালি লোৱা
সোণালী নৈ খনৰ ঠিকনা
ক’ত যে হেৰাল ।।
নিৰিবিলি ঘাটে এতিয়া
বিচাৰি ফুৰে উচুপি…..।।
--------------------------
এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ বহিঃ সৌন্দৰ্যৰ বৰ্ণনা আৰু প্ৰকৃতিৰ শান্ত স্নিগ্ধ শান্তিময়ী ৰূপৰ যি আকৰ্ষণ তাকে প্ৰকাশ কৰিছে । প্ৰকৃতিয়েই যেন কবিৰ আত্মসুখৰ অনন্য সমল । কিন্তু কবিৰ এই প্ৰকৃতি চিত্ৰনত আমি দেখা পাইছো যে অনাকাংক্ষিত কিছু পৰিৱৰ্তনে কবিৰ মন বিমৰ্ষিত কৰি তুলিছে । তাকে বুজাবলৈ তেওঁ কৈছে-
"এখন বিশাল আকাশ
বুকুত আঁকোৱালি লোৱা
সোণালী নৈ খনৰ ঠিকনা
ক’ত যে হেৰাল ।।
নিৰিবিলি ঘাটে এতিয়া
বিচাৰি ফুৰে উচুপি…..।।" প্ৰকৃতিৰ সৌন্দৰ্যত সুখৰ প্ৰতিবিম্ব দৰ্শন কৰিবলৈ বিচাৰি কবিয়ে বিমুখ হৈ কথাখিনি ক'ব লগা হৈছে ।
3) দেশ
-- বিক্ৰমাদিত্য বৰুৱা
ক'ত নিৰ্মান হয়
ক'ত নিৰ্বান হয়
স্বাধীনতা
তেজত
ঘাঁমত
প্ৰাৰ্থনাত
নে ক'ত ?
মোৰ দেশ নিৰন্ন বুকুৰ দুঃখ-ভাৰ
বাৰুদে গঢ়ে
ধোঁৱাই সাজে
মহাজনে বান্ধে
গণতন্ত্ৰ
ক্ষোভ প্ৰতিবাদ মিছিলত ওলমে শৈশৱ
আজন্ম
আমৃত্যু
শাণিত-সূৰ্য্য ভয়াৰ্ত
নুমাই যাই আকাশ-বৰণ
মোৰ অ-কাল আকালৰ অনাস্থা
একেই থাকে
প্ৰাৰ্থনাত
ঘাঁমত
তেজত
নিৰন্ন নিৰ্বাক হাহাকাৰ
জনতন্ত্ৰ ক'ত
--------------------------------
বিক্ৰমাদিত্য বৰুৱাৰ এই কবিতাটিত
বৈপ্লৱিক আদৰ্শবাদৰ ধাৰা প্ৰতিফলিত
হৈছে । কবিতাটিয়ে কবিৰ বৈপ্লৱিক চেতনা
আৰু ভাবাদৰ্শৰ বাস্তৱ অভিব্যক্তিৰ
স্বাক্ষৰ বহন কৰিছে । আমাৰ সমকালীন
ৰাজনৈতিক পৰিস্থিয়ে কবি মনক হতাশ
কৰি তুলিছে ।
সেয়ে ক্ষমতাৰ ৰাজনীতিত নিষ্পেষণ-
শোষণ আৰু উৎপীড়নৰ বলি হৈ কবিয়ে
প্ৰশ্ন কৰিছে "
ক'ত নিৰ্মান হয়
ক'ত নিৰ্বান হয়
স্বাধীনতা
তেজত
ঘাঁমত
প্ৰাৰ্থনাত
নে ক'ত ? "
ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ স্বকীয়
উৰ্দ্ধগাঁথনিৰ ভেটিয়ে গণতান্ত্ৰিক ব্যৱস্থাত
কেনেকৈ বাধাৰ সৃষ্টি কৰিছে তাক কবিয়ে
বুজোৱাত সফল হৈছে ।
আত্মবোধহীন দেশবাসীক
জাতীয়তাবোধৰ আত্মচেতনা দিয়াটোৱেই
কবিতাটিৰ মূল লক্ষ্য ।
কবিতাটিত প্ৰতিফলিত হোৱা আন দুটি
দিশ হৈছে-
ক) শাসক চক্ৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু
খ) বহিঃশত্ৰুৰ আক্ৰমনৰ পৰা দেশৰ অস্ত্বিত্ব আৰু সাৰ্বভৌমত্বৰ বিপদগ্ৰস্ততা ।
Unlike ·

No comments:

Post a Comment