আখৰুৱাৰ অণুগল্প :
অক্টোবৰ, ২০১৭
___________________________
কোলাহলঃ
___________________________
কোলাহলঃ
পঢ়া-শুনা ক'তোৱেই সুফল দেখুৱাব নোৱাৰা সন্তানটোৰ ভৱিষ্যতক লৈ
দুশ্চিন্তাগ্ৰস্ত দেউতাকে ক্লান্ত ভৰিৰে আজিও ঘৰলে' উভতিল।
তাৰ বুকুখন কঁপি
উঠিল। ভয়ে-ভয়ে সি দুৱাৰ খুলি দিলে।
দেউতাকে সুধিলে-
মোৰ এৰি অহা বাঁহীটো কোনে বজাই আছিল?
সি ততালিকে বাঁহীটো
পিছফালে লুকুৱাই থ'লে।
দেউতাকে ক'লে-বজা সোন। সুৰটো আকৌ বজা। বাহিৰত বহুত কোলাহল। তোৰ সঁচা
বাঁহীৰ সুৰে মোৰ অন্তৰ শাঁত পেলাইছে।
No comments:
Post a Comment