(টোকা : এইটো এটা গল্প – অৰ্থাৎ মনে সঁজা কাহিনী । মনে সঁজা কাহিনী হলেও গল্পটোৰ চৰিত্রবোৰ নিজ চকুৰে দেখা বাস্তৱ পৃথিৱীখনৰ পৰাই লোৱা হৈছে । )
স্নেপশ্বট ।এক।
এজন মানুহ । সাংঘাটিক ঈশ্বৰ বিশ্বাসী । পুৱা গধূলি ঈ্শ্বৰৰ নাম নোলোৱাকৈ একো কামেই নকৰে । সদায় মন্দিৰলৈ যায় । মন্দিৰলৈ যাওঁতে তেওঁ হাতত কেইটামান লাড়ু আৰু দুটামান খুচুৰা টকা লৈ যায় । কোম্পানীৰ কামত তেওঁ পূৱা সোনকালে অফিচলৈ যাব লাগে । সেয়ে পূৱা তেওঁৰ সদায় লৰালৰি ! তথাপিও যেনে তেনে সময় উলিয়াই অফিচ যোৱাৰ আগতে মন্দিৰলৈ যায় । তেওঁ থাকে এটা এপাৰ্টমেণ্টত । পূৱা মন্দিৰলৈ যাবৰ বাবে গাড়ীখন উলিয়াবৰ সময়ত এপাৰ্টমেণ্টৰ গেটত থকা দাৰোৱানে সদায় দেৰী কৰে । বয়সীয়াল দাৰোৱান – গোটেই ৰাতি টোপনি খতি কৰি পহৰা দিয়াৰ পিছত ৰাতিপুৱালৈ অলপ জড়তা আহি পৰে । ঈশ্বৰ বিশ্বাসী ব্যক্তিজনে সদায় দাৰোৱানক ধমকি দি - কামৰ পৰা বহিষ্কৃত কৰাৰ হুমকি দি মন্দিৰলৈ যায় । ( এনেদৰে তেওঁ তিনিজন দাৰোৱানৰ চাকৰিৰ পৰা খেদাইছে । সকলোৰে বৃহৎ স্বাৰ্থত এই কাম কৰা বুলি তেওঁ বৰ সন্তোষ্ট ।) মন্দিৰলৈ গৈ তেওঁ লাড়ুৰ প্রসাদ আৰু ধন দি সন্তোষ্ট মনে অফিচলৈ যায় । অফিচলৈ যাওঁতে বাটত যান বাহনৰ যটৰ বাবে ৰৈ ৰৈ যাব লগীয়া হয় । সেই সময়খিনিত বহুতো সৰু –ডাঙৰ ,দুখীয়া লৰা-ছোৱালীয়ে হাতত ফুল বা কিতাপ লৈ নাইবা কাপোৰ এখনেৰে গাড়ীখন সামান্য মোহাৰি চাফা কৰি দি তেওঁৰ পৰা দুটা পইচাৰ সহায় বিচাৰে । কিন্তু ঈশ্বৰ বিশ্বাসীৰ সেই সকল মানুহৰ প্রতি কোনো ভ্রূক্ষেপ নাই । “এইবোৰ চব চোৰ ডকাইত দগাবাজ । ইহঁতেই আমাৰ দেশখন খালে । এইবোৰক এটা এটাকৈ ধৰি গুলিয়াই দিব লাগে” – বুলি তেওঁ ভোৰভোৰাই গাড়ীখন চলাই আঁতৰি যায় । অলপ দূৰ আগুৱাই যোৱাৰ পিছতে আন এটা যটত ৰৈ থাকোঁতে সোঁহাতেৰে এটা সৰু মূৰ্তি, এডাল ধোঁৱাই থকা ধূপ, ৰঙা , হালধীয়া, ক’লা, পাউদাৰৰ পেষ্ট থকা সৰু সৰু বাতি আদি থকা থাল এখন ধৰি বাওঁহাতেৰে ধোঁৱাখিনি বিচি বিচি এজন শিষ্ট পুষ্ট “পূজাৰী টাইপ” ভিখাৰী গাড়ীখনৰ ওচৰত ৰলে ঈশ্বৰ বিশ্বাসীয়ে গাড়ীৰ খিড়িকীৰ গ্লাচখন নমাই পূজাৰীৰ পৰা ধূপৰ ধোঁৱাৰ সুবাস লয় । পূজাৰীয়ে তেওঁৰ কপালত থকা ৰঙা ফোটটোৰ ওপৰত আৰু এটা ক’লা ফোটৰ ৰেখা দিয়াৰ পিছত ঈশ্বৰ বিশ্বাসীয়ে পূজাৰীৰ থালত দহটকাৰ নোটখন দি পৰম সন্তোষেৰে অফিচ গৈ ওলায়গৈ । অফিচত তেওঁ কাৰোবাৰ লগত তৰ্ক কৰে । কাৰোবাক বাহিৰা টকাৰ বিনিময়ত কিবা এটা সহায় কৰে । ধুনীয়া মহিলা কৰ্মচাৰী কেইজনীৰ লগত কু- ইংগিত দি কথা পাতি আনন্দ লয় আৰু ঘৰলৈ ঘুৰি আহে । ঘৰলৈ আহি পুনৰ এক ঘণ্টা ঘৰতে থকা ঈশ্বৰৰ থাপনাৰ সন্মুখত এঘণ্টা পূজা কৰিবলৈ কেতিয়াও নাপাহৰে । পৰম ধাৰ্মিক ব্যক্তি তেওঁ । তেওঁ কৰা সকলো বেয়া কামৰ বোজা ঈশ্বৰৰ ওপৰত জাপি দি তেওঁ টোপনি যায় ।
পৃথিৱীখন ভাল হওঁক – বেয়া হওঁক – দৈৱাসন তল যাওঁক -তেওঁৰ কোনো ভ্রূক্ষেপ নাই । তেওঁ পৰম ঈশ্বৰ বিশ্বাসী – ঈশ্বৰে তেওঁৰ ভাল কৰিবই !!
স্নেপশ্বট ।দুই।
সেইটো এপাৰ্টমেণ্টৰে আন এজন মানুহ । একেবাৰে ঈশ্বৰক বিশ্বাস নকৰে ! এই কথা তেওঁ প্রায়ে গৌৰবেৰে ঘোষণা কৰে সকলোৰে আগত । তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰে যে যিহেতু তেওঁ ঈশ্বৰক বিশ্বাস নকৰে – তেওঁৰ দৰে মানসিক শক্তিশালী আৰু বিজ্ঞানক শুদ্ধ ভাবে বুজা লোক কোনো নাই । ঈশ্বৰ বিশ্বাসীৰ লগত তেওঁৰ প্রায়ে তৰ্কা তৰ্কি হয় । তৰ্কই দুয়োৰে মনত পৰস্পৰৰ প্রতি ইমানেই ঘৃণা আৰু বিদ্বেষৰ সৃষ্টি কৰিলে যে ওচৰা ওচৰিকৈ একেটা মহলতে থাকি, একেটা অফিচতে কাম কৰা একে বয়সৰ দুয়োজন ব্যক্তিৰ মাজত বাক বিনিময়ো নোহোৱা হ’ল – দুয়োটা পৰিয়ালৰ সন্তান আৰু পত্নীৰ মাজত গঢ়ি উঠা সৌহাৰ্দ্যও নাইকীয়া হ’ল । ঈশ্বৰ- অবিশ্বাসীয়েও অফিচলৈ যাওঁতে গাড়ীখন উলিয়াবৰ সময়ত দাৰোৱানে গেট খোলোতে পলম কৰিলে গালিত থকা সৰকা কৰে । যান যটৰ ভিৰৰ সময়ত পইচা ঘটিবলৈ সুবিধা বিচাৰি অহা সকলোকে অগ্রাহ্য কৰে । “পূজাৰী টাইপ” ভিখাৰীক গাড়ীৰ গ্লাচ নমাই ভালদৰে উচ্চ বাচ্য শুনায় । পূজাৰীয়ে তেওঁ অন্তৰ উজাৰি দিয়া অভিশাপ শুনিলে এনে লাগে যেন এতিয়াই ঈশ্বৰ অবিশ্বাসী জন গাড়ীতে থৰ লাগি মৰি যাব বা তেওঁৰ ঘৰৰ পৰা সাংঘাটিক বেয়া ঘটনা ঘটাৰ খৱৰ কঢ়িয়াই ফোনটো বাজি উঠিব !! কিন্তু নাই – সেইবোৰ একো নহয় । ঈশ্বৰ অবিশ্বাসীয়েও অফিচলৈ গৈ ঈশ্বৰ বিশ্বাসীজনে কৰাৰ দৰেই কামবোৰ কৰে । ঘৰলৈ আহি এঘণ্টা সময় পূজা কৰাৰ পৰিবৰ্তে তেওঁ কিছুমান তত্বগধূৰ কিতাপ পঢ়ে বা কাৰোবাৰ লগত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি কেনেদৰে দূৰ কৰিব লাগে তাৰ ওপৰত গুৰু গম্ভীৰ আলোচনা কৰে । তাৰ মাজতে ঈশ্বৰ বিশ্বাস কৰা লোক সকলক লৈ ব্যংগ, ঠাট্টা , শ্লেষপূৰ্বক মন্তব্য কৰি মানসিক পৰিতৃপ্তি লাভ কৰিবলৈও নাপাহৰে । তেওঁৰ দিনবোৰো এনেকৈয়ে কোনো ছাঁ নপৰাকৈয়ে পাৰ হয় । বেলিটো সদায় পূৱত ওলায় – পশ্চিমত মাৰ যায় । পৃথিৱীত ঘৃণা- সন্ত্রাস, ভূমিকম্প, প্র্কৃতিক দুৰ্যোগ চলিয়েই থাকে ।…
স্নেপশ্বট ।তিনি।
এপাৰ্টমেণ্টটোত আৰু চাৰিঘৰ মানুহ আছে । তেওঁলোকৰ কোনোজনে ব্যক্তিগত ভাবে কি বিশ্বাস কৰে বা নকৰে জানিবলৈ কাৰো আহৰি নাই । কাৰোবাৰ ঘৰত সত্য নাৰায়ণ পূজা পাতে – আন কাৰোবাৰ ঘৰত কবিতাৰ মেলা বহে । কাৰোবাৰ ঘৰত কাৱালীৰ মেহফিল পাতে, কাৰোবাৰ ঘৰত বৰগীত, লোকগীতৰ জলসা বহে । প্রতিজনেই পৰস্পৰৰ ঘৰলৈ প্রতিটো অনুষ্ঠানলৈ যায় । আনন্দ কৰে – খোৱা বোৱা কৰে । ঈশ্বৰ বিশ্বাসী আৰু ঈশ্বৰ অ-বিশ্বাসী দুয়োকো তেওঁলোকে নিমন্ত্রণ দিয়ে যদিও ঈশ্বৰ বিশ্বাসী/ অবিশ্বাসী দুয়োৰে সেই লঘু চিন্তা কৰা পৰিয়ালকেইঘৰৰ লগত মিলা মিচা কৰিবৰ বাবে সময় নোলায় !
স্নেপশ্বট ।চাৰি।
এদিন হঠাৎ ঈশ্বৰ বিশ্বাসীৰ পত্নীৰ বিয়োগ ঘটিল । এপাৰ্টমেণ্টৰ সকলোৱেই গৈ তেওঁক সান্ত্বনা দিলে । আনকি ঈশ্বৰ অ-বিশ্বাসীও গ’ল সান্ত্বনা দিবলৈ । ঈশ্বৰ বিশ্বাসীয়ে কিন্তু ঈশ্বৰ অ-বিশ্বাসীক তেওঁৰ পত্নীৰ মৃতদেহৰ ওচৰত ফুলৰ থোপাটো থবলৈ নিদিলে । ঈশ্বৰ অ-বিশ্বাসীৰ ছাঁটো পৰিলে তেওঁৰ মৃত পত্নীৰ স্বৰ্গ গমনৰ পথত বাধা পৰিব পাৰে । ঈশ্বৰ অ-বিশ্বাসীৰ বিপ্লৱী সত্বাটোত পৰম আঘাট লাগিল । স্থান কাল সময় পাহৰি তেওঁ বহুতো শ্লেষপূৰ্ণ কথাৰে ঈশ্বৰ বিশ্বাসীক থকা সৰকা কৰি নিজৰ ঘৰলৈ ঘুৰি আহিল । ঈশ্বৰ বিশ্বাসীয়ে সেই চাৰি বন্ধুৰ পৰিয়ালকো তেওঁৰ পত্নীৰ মৃতদেহৰ ওচৰ চাপিবলৈ নিদিলে – কাৰণ ঈশ্বৰ বিশ্বাসীৰ চকুত সেই চাৰিটা পৰিয়াল কোনো নীতি নিয়ম, গুৰু-গোসাই নমনা বিধৰ্মী লোক । সেই কথা কিন্তু ঈশ্বৰ অ-বিশ্বাসীয়ে মনেই নকৰিলে। ঈশ্বৰ বিশ্বাসীৰ পত্নীৰ মৃতদেহৰ ওচৰলৈ যাব নোৱাৰিলেও সেই চাৰিটা পৰিয়ালে বাহিৰে বাহিৰেই ঈশ্বৰ বিশ্বাসীক যিমান পাৰে সহায় কৰাৰ প্রতিশ্রুতি দি কিছু সময় তাত থাকি দি ঘৰা ঘৰি গুচি আহিল ।
০০০০
ঈশ্বৰ বিশ্বাসীয়ে পুৰোহিতে কোৱাৰ দৰে এমাহ দিন ব্রত পালন কৰিলে । নিজৰ বাৰ বছৰীয়া ছোৱালীজনী আৰু পাছ বছৰীয়া লৰাটোকো ব্রত পালন কৰিবলৈ দিলে । ঈশ্বৰ বিশ্বাসীক কোনো দিনে মাত এষাৰ দি নোপোৱা পৃথিৱীৰ চুকে কোণে থকা অঙহী বঙহীয়েও তিনিটা দিন তেল-টেঙা নোখোৱাকৈ থাকিল ! নহলে যে তেওঁলোকৰো স্বৰ্গ গমণৰ পথত বাধা আহিব !! এমাহৰ মূৰত ঈশ্বৰ বিশ্বাসীয়ে ধূম ধামেৰে পত্নীৰ শ্রাদ্ধ পাতিলে । ঈশ্বৰ অ- বিশ্বাসীক সেই শ্রাদ্ধলৈ নিমন্ত্রণ নিদিলে । নিমন্ত্রণ দিলেও ঈশ্বৰ অ-বিশ্বাসী নগ’লহেতেন সেই কু-সংস্কাৰেৰে পৰিপূৰ্ণ শ্রাদ্ধ ‘খাবৰ’ বাবে !
স্নেপশ্বট ।পাঁচ।
সেই শ্রাদ্ধৰ কেইটামান দিনৰ পাছত ঈশ্বৰ অ-বিশ্বাসীৰ একমাত্র সন্তানৰ আকস্মিক দুৰ্ঘটনা এটাত মৃত্যু হ’ল । ঈশ্বৰ অ-বিশ্বাসীৰ মূৰত যেন আকাশখন ভাঙি পৰিল ! তেওঁ একমাত্র মৰমৰ পুত্র – যাৰ অবিহনে তেওঁ জীৱনটো কল্পনা কৰিব নোৱাৰে – অতি মেধাৱী অমায়িক লৰাটো হঠাৎ নাইকীয়া হৈ পৰিল ! ঈশ্বৰ অ-বিশ্বাসীয়ে লৰাটোৰ মৃত্যুৰ শোক পালন কৰিবৰ বাবে একো মাংগলিক অনুষ্ঠানৰ আয়োজন নকৰিলেও তেওঁৰ ঘৰলৈ সান্ত্বনা দিবলৈ অহা লোকেৰে ঘৰখনত বহুত দিনলৈ শোক- পালন চলি থাকিল । এমাহ পাৰ হ’ল – দুমাহ পাৰ হ’ল । ঈশ্বৰ অ-বিশ্বাসী আৰু তেওঁৰ পত্নীৰ পেটলৈ ভাত পানী একোৱেই নোযোৱা হ’ল । ঈশ্বৰ বিশ্বাসীয়ে কিন্তু দূৰৰ পৰাই ঈশ্বৰ অ-বিশ্বাসীৰ দুখ দেখি অহেতুক আনন্দ অনুভৱ কৰে । তেওঁ ভাবে “ঈশ্বৰক বিশ্বাস নকৰা লোকে এনেকৈয়ে শাস্তি পায় । ঈশ্বৰৰ লাঠিৰ কোব এনেকুৱাই !!” ( তেওঁ যে সদায় দয়া আৰু কৰুণাৰ প্রতিমূৰ্তি বুলি চিন্তা কৰি থকা “ঈশ্বৰ”জন এজন হিংসুক, অহংকাৰী - যি সাধাৰণ মানুহৰ দৰেই- গুৰুত্ব নিদিয়াৰ বাবে এটি নিৰপৰাধী শিশুক বধ কৰি এজন সাধাৰণ লোকক শাস্তি দিয়া চৰিত্র হৈ পৰিল – গমেই নাপালে !)
স্নেপশ্বট ।ছয়।
ঈশ্বৰ বিশ্বাসী আৰু ঈশ্বৰ অ-বিশ্বাসী দুয়োকো সময়ে নিজৰ নিজৰ দুখবোৰ পাহৰাই দিবলৈ সহায় কৰিলে । ঈশ্বৰ বিশ্বাসীয়ে পত্নীৰ অবিহনে নিজৰ সংসাৰ নাওঁখন অকলে এটা বছৰো চলাব নোৱাৰিলে । সোনকালেই তেওঁৰ ঘৰলৈ আন এগৰাকী বিদূষী কন্যা পত্নীৰ ৰূপত আহিল । দুখীয়া পৰিয়ালৰ কোমল বয়সৰ ছোৱালী । অৰ্থৰ অভাৱৰ বাবেই তাই যৌৱনৰ সকলো ৰোমাণ্টিক কল্পনা জলাঞ্জলি দি দুটা সন্তানৰ পিতৃ এজন আদহীয়া মানুহৰ পত্নী হ’ব লগীয়া হ’লহি । পেটৰ ভোকৰ লগত ৰোমাণ্টিক কল্পনা বা ধৰ্মৰ বিশ্বাস একোৱেই তিস্থি থাকিব নোৱাৰে ! ঈশ্বৰক দিনে নিশাই পূজা কৰা , হাজাৰটা ব্রত–উপবাস কৰা, সপ্তাহৰ বেলেগ বেলেগ বাৰত বেলেগ বেলেগ ঈশ্বৰৰ মন্দিৰলৈ যোৱা - ইত্যাদি কৰিবলৈ তাই মুঠেও ভাল নাপাইছিল । ঈশ্বৰ আছে বুলি তায়ো গিৰিয়েকজনৰ দৰেই বিশ্বাস কৰে – কিন্তু গিৰিয়েকৰ দৰে ‘ইমান কঠোৰ ভাবে নীতি নিয়ম পালন কৰিবলৈ নোৱাৰোঁ’ বুলি প্রথম নিশাতে তাই কৈ থৈছিল । কোমলীয়া নতুন পত্নীক অসন্তোষ্ট কৰিবলৈ ঈশ্বৰ বিশ্বাসীয়ে সাহস নকৰিলে । পত্নীৰ হৈ তেঁৱেই ঈশ্বৰৰ ওচৰত আগতীয়া আবেদন দি ক্ষমা প্রাৰ্থনা মঞ্জুৰ কৰি ল’লে !
আনহাতে ঈশ্বৰ অ-বিশ্বাসীয়েও নিজৰ দুখবোৰ পাহৰি গতানুগতিক ভাবেই জীৱন কটাই থাকিল । মনৰ শূণ্যতা তেওঁ কিতাপ পত্র পঢ়িয়েই কম কৰে । কিন্তু তেওঁৰ পত্নী দিনে দিনে শূণ্যতাৰ অচিন পৃথিৱী এখনলৈ গুচি গ’ল । এখন নিৰানন্দ ময় নীৰস পৃথিৱী – য’ত তেওঁ অকলে ঘুৰি ফুৰে । পতি নামৰ পুৰুষজনৰ বাহিৰে সেই পৃথিৱীখনত কোনো নাই । কিন্তু সেই পুৰুষজনো কেৱল নিজৰ ভাব আৰু চিন্তাতে মগ্ন ! দূৰৰ পৰা তেওঁ একমাত্র পুত্রৰ ছাঁ এটা দেখে - হাহাকাৰ কৰি হাত মেলি যায় – কিন্তু তেওঁ ওচৰ চাপি গলেই লৰাটো নোহোৱা হৈ যায় । মানুহজনীয়ে চিঞৰি চিঞৰি কান্দে । মানুহজন অফিচলৈ যোৱাৰ পিছত তেওঁৰ শূণ্যতা আৰু কান্দোন বাঢ়ি যায় ! মানুহগৰাকীৰ খা-খৱৰ ল’বলৈ আজিকালি মানুহে এৰিলে । আনৰ শূণ্যতা পুৰণ কৰি থাকিবলৈ আজিৰ যুগৰ মানুহৰ সময় নাই । কিন্তু এপাৰ্টমেন্টটোত থকা সেই চাৰিঘৰ - ঈশ্বৰ বিশ্বাসী নে ঈশ্বৰ অ-বিশ্বাসী - “নিজস্ব স্থিতি নথকা” মানুহ কেইঘৰৰ পত্নীকেইগৰাকীয়ে সময় উলিয়াই প্রায়েই মানুহজনীৰ ওচৰলৈ আহে । ঈশ্বৰ অ-বিশ্বাসী নথকাৰ সময়তহে মানুহজনীৰ ওচৰলৈ তেওঁলোক যায় । ঈশ্বৰ অ-বিশ্বাসীয়ে তেওঁলোকক ভাল নাপায় – সুবিধাবাদী স্থিতিবাদী বুলিও কেতিয়াবা পৰোক্ষভাবে কয় । সেই মানুহ চাৰিগৰাকীয়ে কিন্তু সেইবোৰ কথাত মন বেয়া কৰি নাথাকে । ঈশ্বৰ অ-বিশ্বাসীক আমনিও নকৰে । কিন্তু পুত্রহাৰা মাতৃ গৰাকীৰ দুখ নিজৰ মাজত ভগাই ল’বলৈ তেওঁলোকে অলপো ইতঃস্তত নকৰে । কাপোৰ কানিৰ লাগ বান্ধ নোহোৱা মানুহজনীক ধুনীয়াকৈ কাপোৰ পিন্ধাই দিয়ে । মূৰৰ চুলি আচুৰি দিয়ে । মানুহজনীক জোৰ কৰি কিবি কিবি খোৱায় ।মানুহজনীৰ আগত ভাল ভাল মনত সাহস যোগাব পৰা কাহিনী পঢ়ি শুনায় । মানুহ গৰাকীয়ে মুখেৰে একো নকলেও মনত সাহস পায় । সেই চাৰি গৰাকী তিৰোতা তেওঁৰ ওচৰলৈ অহাৰ বাবে বাট চাই থাকে । আজিকালি গিৰিয়েকজন ঘৰত থকাৰ সময়খিনিতহে তেওঁ বেছি শূণ্যতা অনুভৱ কৰে । গিৰিয়েকজনে তেওঁক কেৱল নীৰস তত্ব গধুৰ কথা কিছুমান কৈ থাকে । কেতিয়াবা তেওঁৰ আগত ঈশ্বৰ বিশ্বাসীসকলে সমাজৰ চাৰিওফালে কি দৰে কু-সংস্কাৰ বিয়পাইছে তাক লৈ উষ্মা প্রকাশ কৰে । মানুহজনৰ কথা শুনিলে তেওঁৰ এনে লাগে – এই পৃথিৱীখন যেন বৰ বেয়া । বেয়া মানুহ , বেয়া সংস্কাৰেৰে গোটেই পৃথিৱীখন ধূসৰ কৰি পেলাইছে !! মানুহজনীৰ মূৰটো আচন্দ্রাই কৰে – । এদিন মানুহজনৰ গাতে মূৰটো থৈ মানুহজনী অচেতন হৈ পৰিল । মানুহজনৰ কিন্তু কোনো খবৰেই নাই – পৃথিৱীখন সংস্কাৰ কৰাৰ কথা কৈ কৈ মুখেৰে ফেন ওলাই গৈছে তেওঁৰ ! ঈশ্বৰ অ- বিশ্বাসীয়ে যেতিয়া ঊষ্মা প্রকাশ কৰি বিপ্লৱৰ আখৰা কৰি আছিল – তেওঁৰ পত্নীয়ে অচেতন অৱস্থাতে অন্য এখন পৃথিৱীত ভ্রমি ফুৰিছিল । সেই পৃথিৱীত তেওঁ সেই নীতি নিয়ম নমনা , গিৰিয়েকজনৰ ভাষ্যত ‘সুবিধাবাদী স্থিতি’ লোৱা মানুহ চাৰিজনীক লগ পালে । মানুহ চাৰিজনীয়ে তেওঁক পুনৰ ক’লে - “আছে, আছে এতিয়াও পৃথিৱীত বহুত ভাল মানুহ আছে – প্রতিজন বেয়া মানুহৰ ভিতৰতেই একোজনহঁত ভাল মানুহ মনে মনে শুই আছে । আমি সকলো মানুহ একেই –চাওঁকচোন – সেই যে আমাৰ গাড়ীবোৰ ধোৱা অকণমাণি লৰাটো – সিয়ো আপোনাৰ লৰাৰ দৰেই নহয়নে ? সেই যে দুবছৰৰ আগত মাকক হেৰুৱা আপোনাৰ কাষৰ ঘৰৰ লৰাটো – আপোনাৰ লৰাৰ দৰেই নহয়নে ? আহকচোন, আপুনি আমাৰ লগত ওলাই .. আমি মৰম আৰু ভালপোৱাৰে সকলো মানুহকে এক কৰি পেলাম । .. যেতিয়ালৈকে এজন মানুহৰ ব্যক্তিগত আচাৰ আচৰণ আৰু বিশ্বাসেৰে নিজৰ তথা আনৰ অপকাৰ নকৰে –তেতিয়ালৈকে সেইজন মানুহক আমি “কমৰেড” বুলি মৰমেৰে মাতিম । তেওঁলোকৰ ভুল দেখিলে আঙুলিয়াই দিম – আমাৰ ভুলবোৰো শুধৰাই ল’ম । আলোচনা কৰিম । হাঁহিম – কান্দিম ! আহকচোন আমাৰ সৰু এই এপাৰ্টমেণ্টটোৰ পৰাই আৰম্ভ কৰোঁ এই যাত্রা !!!
স্নেপশ্বট ।সাত।
সোমবাৰৰ দিনা ঈশ্বৰ অ-বিশ্বাসী অফিচলৈ যোৱাৰ পিছত মানুহজনীয়ে মূৰৰ চুলিখিনি ভালদৰে ফণিয়াই , ভাল কাপোৰ এজোৰ পিন্ধি বাট চাই থাকিল ‘সুবিধাবাদী” বুলি গিৰিয়েকে ভবা মানুহ কেইজনীৰ আগমণলৈ । এঘাৰ বাজি গ’ল, বাৰ বাজি গ’ল , এক বাজি পোন্ধৰ মিনিট যোৱাতো মানুহ চাৰিগৰাকী নহাত তেওঁ বাহিৰলৈ ওলাই আহিল । আজি প্রায় এবছৰ তেওঁ ঘৰৰ বাহিৰলৈ ওলোৱা নাই । বাহিৰৰ বহল কৰিডৰটোৰে তেওঁ এখুজি দুখুজি কৰি আগবাঢ়ি গ’ল । এনেতে হঠাৎ কাষৰ ঘৰটোৰ পৰা তেওঁ কিছুমান বিশৃংখল শব্দ শুনিলে । সৰু লৰা এটাৰ কান্দোন আৰু মহিলা এগৰাকীৰ গালি গালাজ !! মানুহজনী অলপ থমকি ৰ’ল । তেওঁৰ বুকু সুদা কৰি গুচি যোৱা লৰাটোৰ মাত যেন তেওঁৰ কাণত ৰৈ ৰৈ বাজি উঠিল ! এনেতে ধমকৈ কাষৰ ঘৰটোৰ দৰজাখন খোল খাই গ’ল । সেই ঘৰত থকা নতুন কইনাজনীয়ে সৰু লৰাটোক গতা মাৰি ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিছে । হঠাৎ মানুহজনীক দেখি সিখন ঘৰৰ কইনাজনী থতমত খাই ৰৈ গ’ল । মাত্র কেইটি মান মূহূৰ্ত – ঈশ্বৰ অ-বিশ্বাসীৰ পৰিবাৰে আথেবেথে গৈ লৰাটোক সাৱটি ধৰিলে ! কেৱল সাৱটি ধৰাই নহয় – লৰাটোক নিজৰ ঘৰলৈ লৈ আহি মুখত লাগি থকা তেজবোৰ ধুৱাই দিলে । তেওঁৰ আগত লৰাটোৱে থোকা থুকি মাতেৰে কৈ গ’ল কিদৰে মাহীমাকে তাক মাৰ পিট কৰে, খাবলৈ নিদিয়ে । বায়েকক দেউতাকে হোষ্টেললৈ পঠিয়াই দিলে । কিন্তু সি সৰু হৈ থকাৰ বাবে হোষ্টেললৈ নপঠিয়ালে । দেউতাকে তাক অকলে এটা ৰুমত শুবলৈ দিয়ে । তাৰ অকলে অকলে খুউব ভয় লাগে - মাকলৈ মনত পৰে । কেতিয়াবা বহুত বেছি ভয় লাগিলেও সি মাক –দেউতাকৰ ৰুমলৈ যাব নোৱাৰে – কাৰণ দেউতাকে ৰাতি তাৰ ৰুমৰ দৰজাখন বাহিৰৰ পৰা বন্ধ কৰি থয় ! আজি সি স্কুলৰ পৰা আহি ভোক লগাৰ বাবে নতুন মাকক খাবৰ বাবে কিবা দিবলৈ কৈছিল । কিন্তু নতুন মাকে টি ভি চাই থকাৰ বাবে সি নিজেই পাকঘৰলৈ গ’ল খোৱা বস্তু বিচাৰি । পাকঘৰত বস্তু বিচাৰি থাকোঁতে হঠাৎ হাতখনত লাগি মাকে ৰান্ধি থোৱা আঞ্জাৰ বাচনটো মজিয়াত পৰি গ’ল ! আৰু তেতিয়াই মাকে ৰুমৰ পৰা ওলাই আহি তাক বহুত মাৰ পিট কৰি ঘৰৰ পৰা গতা মাৰি উলিয়াই দিলে !!!
লৰাটোৰ কথা শুনি থাকিবৰ বাবে মানুহজনীৰ আৰু ধৈৰ্য নহ’ল । তেওঁ উঠি গৈ নিজ হাতে বিধে বিধে ৰান্ধিলে – নিজৰ লৰাটোৰ বাবে যিদৰে ৰান্ধিছিল – ঠিক সেইদৰেই । নিজ হাতে লৰাটোক খোৱাই দিলে । সৰু লৰাটোৰ লগতে মানুহজনীৱেও অলপো চিন্তা নকৰিলে যে তেওঁলোকৰ এই সম্পৰ্কই ঈশ্বৰ বিশ্বাসী আৰু ঈশ্বৰ অ-বিশ্বাসী দুজনৰ মাজত কি প্রতিক্রিয়াৰ সৃষ্টি কৰিব ! দুখৰ সাগৰত ককবকাই পৰি থকা দুটি প্রাণীয়ে জীৱনৰ অপূৰ্ব এটি ক্ষণ ঘূৰাই পালে ! ..তেওঁলোকে এটা মানৱীয় সম্পৰ্ক বিচাৰি পালে । পৃথিৱীখনক ভাল পাবলৈ পাৰিলে - ক্ষন্তেকৰ কাৰণে । সেই ক্ষন্তেকীয়া মূহূৰ্তবোৰ লাহে লাহে দীঘলীয়া হৈ পৰিল । ঈশ্বৰ আছে নে নাই তাৰ তৰ্ক বিতৰ্কত লাগি নাথাকি মানুহক ভালপাবলৈ , পৃথিৱীখনক ভাল কৰিবলৈ দুয়ো বদ্ধপৰিপক্ক হ’ল ।
************

( মৌ Mousumee Bori তোমাক কথা দিয়া মতেই গল্পটো পষ্ট কৰিলোঁ ( যদিও সাৰ্থক গল্প হোৱা নাই ) - নামটোৱে বাৰু গল্পটোৰ কাহিনীটো প্রতিধ্বনিত কৰিব পাৰিছেনে ??? smile emoticon smile emoticon smile emoticon
No comments:
Post a Comment