কান্ধত এটা দামী কেমেৰা লৈ জলহু কাপোৰেৰে দিহিঙে দিপাঙে ঘুৰি ফটো তুলি ফুৰা এজন যুৱক । উৰি যোৱা পখিলাটো – নিয়ৰ পৰি চলচলীয়া হোৱা পাতখিলা – নীলা আকাশেদি উৰি যোৱা অকলশৰীয়া চৰাইটো – এই সকলোৰে ফটো তুলি ফুৰে তেওঁ । কোনো আলোচনীৰ বাবে বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মানসেৰে তেওঁ ফটো তুলি নুফুৰে । প্ৰকৃতিক তেওঁ অশেষ ভাল পায় । প্ৰকৃতিৰ লগত তেওঁ কথা পাতে – নিজক বিচাৰি চায় । প্ৰকৃতি তেওঁৰ বাবে এখন নিৰ্মল পৰিষ্কাৰ দাপোণ । প্ৰকৃতি সদায় একে ৰূপতেই থাকে – তেওঁৰহে মাথো ৰূপ সলনি হয় । কেৱল প্ৰকৃতিৰ দাপোণখনেহে তেওঁৰ ভিতৰৰ স্থিৰ হৈ থকা ৰূপটো প্ৰতিফলিত কৰিব পাৰে । সেয়ে তেওঁ প্ৰকৃতিক বৰ ভাল পায় ।
বতাহত নাচি নাচি বাউলী হোৱা আহত গছজোপাৰ সেউজীয়া পাতত আবেলিৰ হেঙুলীয়া ৰ’দ পৰি অনবদ্য ৰূপ লৈছে । সেই ৰূপ দেখি ছোৱালীজনীয়ে কাগজ কলম লৈ কবিতা এটা লিখিবলৈ আৰম্ভ কৰি দিলে । তাই লিখা কবিতা কাকো পঢ়িবলৈ নিদিয়ে । প্রকৃতিৰ সুন্দৰ ৰূপক তাই শব্দৰ মাধ্যমেৰে ধৰি ৰাখি অনাবিল আনন্দ পায় । কেতিয়াবা আকাশখনৰ ভিন ভিন ৰূপ দেখিও আনমনা হৈ যায় তাই । তেতিয়া তাই ৰঙ আৰু তুলিকা উলিয়াই ছবি আঁকিবলৈ বহে । ০০০০
প্রকৃতিক অকৃত্ৰিম আৰু অকপট ভাবে ভালপোৱা মানুহ এই সকল ।
আজিৰ যুগত মানুহে প্রকৃতিৰ কোলাত ডাঙৰ দীঘল হৈ শিক্ষা লাভ কৰাতকৈ কৃত্ৰিম পৰিবেশ আৰু সা-সুবিধাৰে উপবিষ্ট হৈ শিক্ষা লাভ কৰাতহে বেছি গুৰুত্ব দিয়ে । পৃথিৱীত সকলো সুন্দৰ কলা আৰু সংস্কৃতিৰ জন্ম হৈছে প্রকৃতিৰ অনুপ্ৰেৰণাতহে । প্ৰকৃতিক ধ্বংস আৰু প্ৰদূষিত কৰি গৈ থকাৰ বাবে আজিৰ কলা আৰু সংস্কৃতিবোৰো যেন প্ৰদূষিত আৰু কৃত্ৰিম হৈ গৈ আছে ।
মানুহ – যাক আমি জীৱশ্ৰেষ্ঠ বুলি আখ্যা দিছোঁ – সেই মানুহক প্রকৃতিক ভাল পাবলৈ শিক্ষা দিব লগীয়া হোৱাটো বৰ চিন্তনীয় কথা । প্রকৃতিক ভাল পাবলৈ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ আমি বছৰৰ এটা দিন নিৰ্বাচন কৰি লওঁ । ডাঙৰ ডাঙৰ মিটিং পাতি , ভাষণ দি , প্ৰতিযোগিতা পাতি মানুহৰ মাজত সচেতনতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰো । এয়া ভাল কথা । কিন্তু সেই বিশেষ দিনটো পাৰ হৈ যোৱাৰ পিছত বা সভাখন শেষ হৈ যোৱাৰ পিছতে সৰহ সংখ্যক মানুহৰ মাজত সেই প্ৰকৃতি প্রেম নাইকিয়া হৈ যায় । সভাখনত উপস্থিত লোকসকলে তেওঁলোকক খাবলৈ দিয়া প্লাষ্টিকৰ কাপ প্লেটবোৰ যতে ততে দলিয়ায় । আধা খোৱা, আধা নষ্ট কৰা খাদ্যবোৰে প্রকৃতিৰ উপহাৰক নিৰ্লজ্জ ভাবে উপহাস কৰাকে নুবুজায়নে বাৰু ? বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনা ৰোপণ কৰা গছপুলি কেইটাৰ খবৰ কেইজনে ৰাখে ? গছপুলি ৰোপন কৰোঁতেই আমাৰ দায়িত্ব শেষ নহয় । সেই পুলিটোক সাৰ পানী দি লালন পালন কৰি পূৰ্ণ গছ এজোপালৈ পৰিণত নকৰিলে কামটো কৰা আৰু নকৰাৰ মাজত কোনো পাৰ্থক্য নাথাকিব ।
ৰাজনৈতিক ন্যস্ত স্বাৰ্থ, অৰ্থনৈতিক উন্নতি, বিজ্ঞানৰ প্ৰগতি আৰু উন্নয়নৰ নামত আমি বছৰ বছৰ ধৰি প্রকৃতিক ধ্বংস কৰি আছো । সেয়ে এতিয়া প্রকৃতিয়ে সংহাৰ ৰূপ ধৰি বিন্যস্ত কৰাৰ আশংকাত আমি প্রকৃতিক ভালপাবলৈ শিক্ষা দিব বিচাৰিছোঁ আমাৰ ভৱিষ্যত প্রজন্মক । কিন্তু আমি সফল হ’ব পাৰিম নে ? আমি সফল হ’বলৈ পাৰিম যদিহে ‘প্ৰকৃতি-প্ৰেম’ক বছৰৰ কেৱল এটা দিনতেই সীমাৱদ্ধ নকৰি বছৰৰ প্ৰতিটো দিনতেই প্ৰকৃতিৰ উপাসনা কৰিবলৈ শিক্ষা দিওঁ ।
ব্ৰাজিলত কোনো মানুহেই চৰকাৰৰ বিনা অনুমতিত নিজৰ বাৰীৰ গছ এজোপা ও কাটিব নোৱাৰে । এয়া সঁচাকৈয়ে ভাল কথা । প্রকৃতিৰ ধ্বংস সাধনৰ অৰ্থ হ’ল মানৱতাৰ ধ্বংস সাধন । মানুহকে ধৰি এই পৃথিৱীৰ সকলো জীৱৰ উৎপত্তি হৈছে প্ৰকৃতিৰ অনুকূল পৰিবেশৰ বাবেহে । যন্ত্ৰ বা বিজ্ঞানৰ অতি আধুনিক প্ৰয়োগেও জীৱৰ সৃষ্টি কৰিব পৰা নাই । প্ৰকৃতিহে সকলো জীৱৰ প্ৰকৃত মাতৃ । এই মাতৃৰ পৰা আমি নিজক কেতিয়াও পৃথক কৰিব নোৱাৰোঁ । অন্যথা আমাৰ অস্তিত্বই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব চিৰদিনৰ বাবে !
১৮ শতিকাত ফৰাচী দাৰ্শনিক ৰুচোয়ে (১৭১২-১৭৭৮)সকলোকে “প্রকৃতিলৈ উভতি আহা” ( Return to Nature ) বুলি আহ্বান জনাইছিল । সেই সময়ত ফ্রান্সত সভ্যতাৰ পূৰ্ণ বিকাশ হৈছিল । চাৰিওফালে প্ৰগতি আৰু বিজ্ঞানৰ জয় সাব্যস্ত হৈছিল । কিন্তু সমাজত মানৱতাৰ পৰিবৰ্তে সৰ্বত্ৰ যান্ত্রিকতা বিয়পি পৰিছিল । সেই কথা উপলব্ধি কৰিয়েই ৰুচোৱে এনে দুৰ্ভাগ্যপূৰ্ণ প্ৰগতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকৃতিলৈ উভতি আহা ” বুলি আহ্বান কৰিছিল ।
জাপানী দাৰ্শনিক তথা বুদ্ধ দৰ্শনৰ গুৰু জচাই টডাই তেওঁৰ অনুৰাগী সকলো শিশু আৰু যুৱক যুৱতীক খালি ভৰিৰে ধৰাত খোজ কাঢ়িবলৈ আৰু যিমান পাৰে সিমান গছপুলি ৰুবলৈ পৰামৰ্শ দিছিল । ইয়াৰ দ্বাৰা তেওঁ নৱ প্রজন্মক এই কথা অনুভৱ কৰিবলৈ দিছিল যে মানুহৰ মুখ্য শিপা বা প্ৰাণ প্ৰকৃতিৰ লগতহে আছে । পৃথিৱীৰ সমস্ত ঐশ্বৰ্য আৰু সম্পত্তিৰ দ্বাৰাও আমি এখন পৰিষ্কাৰ আকাশ বা এজাক মুকলি বতাহ কিনিব নোৱাৰোঁ ! কিন্তু আমি আমাৰ বিবেচনা হীন কাৰ্য কলাপৰ দ্বাৰা দিনে নিশাই আকাশ , বতাহ আৰু পানী অপৰিষ্কাৰ আৰু প্ৰদূষিত কৰি গৈ আছো ... । নিজৰ ভৰিত আমি নিজেই কুঠাৰ মাৰিছোঁ !
এইয়া অনস্বীকাৰ্য যে বিজ্ঞানে আমাৰ জীৱন অতি সহজ আৰু আৰামদায়ক কৰিছে । মম বা তেলৰ বাতিৰ পোহৰৰ পৰিবৰ্তে আমি বিজুলী বাতি পাইছোঁ । ঘোৰা বা গৰু গাড়ীৰ পৰিবৰ্তে ইঞ্জিন যুক্ত দ্ৰুত যান পাইছোঁ । ঠাণ্ডা বা গৰমত কষ্ট নাপাবৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ পাইছোঁ । কিন্তু এইবোৰ বস্তু উৎপাদন কৰিবৰ বাবে আৰু ব্যৱহাৰ কৰাৰ বাবে আমি প্ৰকৃতিক কিমান অনিষ্ট কৰি আহিছোঁ - তাৰ হিচাপ ৰাখিছোঁ নে ? প্ৰকৃতিৰ পৰিবেশ প্ৰদূষিত নকৰাকৈ বা সৌন্দৰ্য মষিমূৰ নকৰাকৈ প্ৰযুক্তি সৃষ্টি কৰিবৰ বাবে বৈজ্ঞানিক সকলে সাধনা কৰিব লাগিব । তেতিয়াহে আমি বিজ্ঞানৰ প্ৰকৃত জয়গান গাব পাৰিম ।
প্ৰকৃতিক , আমাৰ ধৰিত্ৰী আইক ৰক্ষা কৰিবৰ বাবে বছৰৰ কেৱল এটা দিনহে বাচি ল’লে নহ’ব । আমাৰ জীৱন দৰ্শন এনেকুৱা হ’ব লাগে যি আমাক প্রতি মুহূৰ্ততে উপলব্ধি কৰোৱায় যে বিশ্ব ব্রক্ষাণ্ডৰ সকলো জীৱেই পৰস্পৰৰ বাবে অপৰিহাৰ্য আৰু মহত্বপূৰ্ণ । বুদ্ধ দৰ্শনৰ মতে সকলো গছ লতা ,কীট পতংগ আনকি ক্ষুদ্রাতি ক্ষুদ্ৰ অনুজীৱৰ মাজতো ‘বুদ্ধ’ আছে । বিজ্ঞানে সকলো কাম জনকল্যাণৰ ধাৰণাটো আগত লৈহে কৰা উচিত । এই “জনকল্যাণৰ ধাৰণাটো” আহিব জীৱনৰ প্রতি এটা সুস্থ আৰু সুন্দৰ দৃষ্টিভংগী থাকিলেহে । বুদ্ধ দৰ্শনে জীৱনৰ প্রতি সুস্থ আৰু সুন্দৰ দৃষ্টিভংগী গঢ়িবলৈ সহায় কৰে । বুদ্ধ দৰ্শনৰ মতে প্রতিজন মানুহৰ মনটোৱে নৰক ,ক্রোধ, লোভ,মোহ , বাসনা, পশুত্ব,স্বৰ্গ, শিক্ষন, বিবেচন আৰু বুদ্ধিসত্ব – এই দহখন পৃথিৱীত বাস কৰে । বুদ্ধ দৰ্শনৰ সাধনাই মানুহক সকলোতকৈ শ্রেষ্ঠ পৃথিৱী অৰ্থাৎ বুদ্ধিসত্বৰ পৃথিৱীত বাস কৰিবলৈ সহায় কৰে । যি মানুহে এক স্বাৰ্থপৰ নিম্ন স্তৰৰ পৃথিৱীত( যেনে পশুত্বত) বাস কৰে সেই মানুহেহে পথৰ দাঁতিত নিজৰ ঘৰৰ আবৰ্জনা বা খাই শেষ হোৱা বটল বা পলিথিন বেগ আদি পেলাব পাৰে । আনহাতে যি মানুহে উচ্চস্তৰৰ পৃথিৱীত অৰ্থাৎ বুদ্ধিসত্বৰ পৃথিৱীত বাস কৰে, তেওঁলোকে প্ৰকৃতিক বা অন্য জীৱক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে । তেওঁলোকে আনে পেলাই যোৱা আৱৰ্জনাও নিজ হাতে পৰিষ্কাৰ কৰে । প্রকৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা মেলা কৰিবলৈ বা উপদেশ দিবলৈ বৰ সহজ । কিন্তু সৰহ সংখ্যক ব্যক্তিয়ে ইয়াক কাৰ্য্যতঃ প্ৰয়োগ কৰিবলৈ টান পায় । বহুতে হয়তো ক’ব – কেৱল এজন ব্যক্তিৰ প্ৰচেষ্টাত প্ৰকৃতিৰ প্ৰদূষণ বন্ধ হ’ব নোৱাৰে । কিন্তু এয়া ভুল ধাৰণা । আমাৰ অসমৰ এজন সহজ সৰল ব্যক্তি যাদৱ পায়েং – যি নিজৰ একক প্ৰচেষ্টাতে এখন অৰণ্য গঢ়িছে । এজন মানুহৰ প্ৰচেষ্টাই যে এখন সমাজ , এটা জাতি আৰু পৃথিৱীখনো সলনি কৰিব পাৰে তাৰে জলন্ত উদাহৰণ যাদৱ পায়েং । এই সন্দৰ্ভত মই বৌদ্ধ দৰ্শনৰ আধুনিক প্ৰবক্তা ড: ডাইচাকু ইকেডাৰ এটা উক্তি উল্লেখ কৰিবলৈ বিচাৰিম
“A great revolution in just one single individual will help achieve a change in the destiny of a society and, further, will enable a change in the destiny of humankind.”
প্রকৃত প্রকৃতিপ্রেমীয়ে নিজৰ জীৱনক বিপন্ন কৰিও প্রকৃতিক ৰক্ষণাবেক্ষণ দিয়ে । ১৯৬২ চনত আমেৰিকাৰ জীৱবিজ্ঞানী ৰাচেল কাৰচনৰ এখন কিতাপ “চাইলেন্ট স্প্রিং” প্রকাশ হৈছিল । কিতাপখনত তেওঁ পৰিবেশ প্রদূষণ কৰা ডি ডি টি ( Dichloro-Diphenyl-Trichloro-Ethane ) নামৰ কীট নাশক বিধৰ অপকাৰিতাৰ বিষয়ে বিতংকৈ বিশ্লেষণ কৰিছিল । সেই সময়ত আমেৰিকাৰ কৃষিক্ষেত্রত এই কীটনাশক বিধ বহুল ভাবে প্রয়োগ হৈছিল । ইয়াৰ ব্যৱহাৰৰ ফলত অপকাৰী কীট পতংগৰ লগতে মাছ ,চৰাই আদিৰো মৃত্যু হৈছিল । কাৰচনে আশংকা কৰিছিলে যে এই বিধ দৰবৰ ব্যৱহাৰ বন্ধ নকৰিলে গছৰ ডালত বহি গান গাবলৈ আৰু বসন্তৰ আগজাননী দিবলৈ এটিও পক্ষী বা এজোপাও গছ নাথাকিব । মানুহৰ ওপৰতো এই কীট নাশক বিধৰ ধ্বংসাত্মক প্ৰতিক্ৰিয়া চলিছিল । কাৰচনে সেয়ে এই কীট নাশক বিধৰ প্রয়োগ বন্ধ কৰিবৰ বাবে সজোৰে দাবী কৰিছিল । কিন্তু কাৰচনৰ কথাৰ সত্যতা প্রমাণ হোৱাৰ আগেয়েই ডিডিটি তৈয়াৰ কৰা বৃহৎ বৃ্হৎ কোম্পানীবোৰে নিজৰ ব্যৱসায়ৰ লোকচান হোৱাৰ ভয়ত কাৰচনৰ বিৰুদ্ধে প্ৰবল ষড়যন্ত্র ৰচনা কৰিলে । কৃষি সম্পৰ্কীয় আলোচনীবোৰত তেওঁৰ গ্রন্থখনৰ বিৰুদ্ধে নানা প্রৱন্ধ প্রকাশ হ’ল । কাৰচনৰ কিতাপখন কৃষিখণ্ডৰ উন্নয়নৰ পথত আগভেটা দিয়া এটি ভয়ংকৰ কীট আৰু ই কীটনাশক দৰবতকৈয়ো বেচি বিষাক্ত বুলিও কোৱা হ’ল । কেৱল এয়াই নহয় ৰেডিঅ’ আৰু দুৰদৰ্শন আদি প্রচাৰ মাধ্যমত প্রতি ৫০ মিনিটৰ মুৰে মুৰে কাৰচনৰ কিতাপখনৰ বিৰুদ্ধে আৰু ডিডিটিৰ ব্যৱহাৰৰ সপক্ষে বিজ্ঞাপন প্রকাশ হ’বলৈ ধৰিলে । আনকি আমেৰিকান মেডিকেল এচ’চিয়েচনেও কৈছিল যে ডিডিটিৰ ব্যৱহাৰৰ ফলত মানৱ শৰীৰত পৰিব পৰা পাৰ্শ্বক্রিয়াবোৰ ডিডিটি প্রস্তুত কৰা কোম্পানীয়ে দেখুৱাৰ দৰেই সামান্য । কিন্তু ইমানবোৰ অপমানৰ পিছতো ৰাচেল কাৰচন হতাশ নহ’ল । প্রকৃতিক তেওঁ ইমানেই ভাল পাইছিল যে তেওঁৰ বিৰুদ্ধে চলোৱা অপপ্রচাৰত অলপো হতাশ নহ’ল । বৰঞ্চ ডিডিটি ৰ ব্যৱহাৰৰ বিৰুদ্ধে তেওঁ নিজৰ একক অভিযান তীব্রতৰ কৰি তুলিলে । লাহে লাহে তেওঁ দুই এক প্রকৃতিপ্রেমীৰ সমৰ্থন লাভ কৰিবলৈ ধৰিলে । অৱশেষত ১৯৬৪ চনত তেওঁৰ মৃত্যুৰ আগ মূহূৰ্তলৈকে গোটেই আমেৰিকাতে এই বিহযুক্ত কীটনাশকবিধৰ ব্যৱহাৰৰ বিৰুদ্ধে প্রৱল জনমত গঢ়ি উঠিছিল আৰু বৰ্তমান ডিডিটি ৰ ব্যৱহাৰ পৃথিৱীৰ প্রায় সকলো দেশতে নিষিদ্ধ হৈছে । কাৰচনে তেওঁৰ কিতাপ “The Sense of Wonder” ত লিখিছিল : “Those who dwell, as scientists or laymen, among the beauties and mysteries of the Earth are never alone or weary of life .“ এই ষাৰ উক্তি সকলো প্রকৃতি প্রেমীৰ বাবে বৰ উৎসাহজনক !
প্রকৃতিৰ প্ৰদূষণ মুক্ত কৰা তথা ৰক্ষণাবেক্ষণ দিয়াৰ কাম আমি প্ৰত্যেকেই নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব । মই নিজৰ ঘৰত সেউজীয়া আৰু নীলা দুটা ৰঙৰ জাবৰ পেলোৱা টিং ৰাখিছোঁ । সেউজীয়া জাবৰৰ টিঙটোত পচি যোৱা (Biodegradable ) আৱৰ্জনা আৰু নীলা ৰঙৰটোত পচি নোযোৱা (Non- Biodegradable) আৱৰ্জনা পেলাওঁ । প্রথমে মই এই কামটো কৰি একো সুফল পোৱা নাছিলোঁ – কাৰণ জাবৰ সংগ্রহ কৰা মানুহজনে সকলো জাবৰ একেলগে একেটা বাকচত মিহলি কৰি লৈ যায় । তেওঁৰ মতে কেৱল এটা ঘৰৰ জাবৰ পৃথককৈ লৈ গ’লে কি লাভ হ’ব ! কথাটো সঁচা । সেয়ে মই আবাসৰ সকলোকে জাবৰ পৃথককৈ ৰাখিবলৈ অনুৰোধ কৰিলোঁ । মোৰ অনুৰোধত দুই এক পৰিয়ালে এনে কাম কৰিছে যদিও - বহুলোকেই মোৰ অনুৰোধ অৱজ্ঞা কৰে । মোৰ সৰু সৰু লৰা দুটাই ইয়াকে দেখি হতাশ হয় । কিন্তু মই সিহঁতক ডঃ ডাইচাকু ইকেডাৰ এইষাৰ কথা সদায় কওঁ যে : পৰিবৰ্তন আনিবৰ বাবে এজন মানুহৰ এটা সৰু আৰু সাহসী পদক্ষেপেই যথেষ্ঠ । সেয়ে আজিকালি মোৰ লৰা দুটাই আবাসত থকা নিজৰ সকলো বন্ধু –বান্ধৱীক তেওঁলোকৰ পিতৃ –মাতৃক এই ক্ষেত্রত সহায় কৰিবলৈ অনুৰোধ কৰে । মই বিশ্বাস কৰোঁ যে এনেদৰে আমাৰ কলনিৰ পৰা প্রকৃতি সংৰক্ষণৰ এটা ক্ষুদ্র পদক্ষেপে আমাৰ এলেকাটো প্রদূষণ মুক্ত কৰিব । লাহে লাহে এই প্রদূষণ মুক্ত পৰিবেশ গোটেই ৰাজ্য , দেশ আৰু পৃথিৱীত বিয়পি পৰিব ।
কেনিয়াত এটা বৰ সুন্দৰ উক্তি প্রচলিত আছে : “Treat the Earth well. It is not a gift from your parents; it is a loan from your children.” । আজি আমি যন্ত্রৰ যুগত প্রগতিৰ হাবিয়াসত পিষ্ট হৈ আমাৰ সন্তানক এখন উদং পৃথিৱী দিবলৈ গৈ আছো । এতিয়াই,এই মুহূৰ্তৰ পৰাই,আমি সজাগ আৰু সচেতন নহ’লে
আমাৰ ভৱিষ্যত প্রজন্মই এগিলাচ বিশুদ্ধ পানী খাবৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰিব লাগিব আৰু এটা সময়ত হয়তো হাজাৰ, লাখ, কোটি টকা খৰচ কৰিলেও তেওঁলোকে এগিলাচ বিশুদ্ধ পানী নাপাব ! বসন্তৰ আগজাননী দিবলৈ গছ বিৰিখ বা পশু পক্ষী এটিও নাথাকিব । কেৱল যন্ত্র আৰু যন্ত্রৰ পৃথিৱীত বিচৰণ কৰি মানুহে নিজৰ মনৰ ঘন অৰণ্যত নিজকে হেৰুৱাই পেলাব ! সেয়ে সময় থাকোঁতেই ৰুচোৰ দৰেই আমিও আহ্বান কৰিব খুজিছোঁ : আহক আমি সকলোৱে পুনৰ প্ৰকৃতিলৈ ওভতি যাওঁ !!
***********
অনুপমা বৰগোহাঁই
No comments:
Post a Comment