নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘কাঁচিয়লি’ত প্ৰকাশ কৰিবলৈ ‘প্ৰাত্যহিক’ নামৰ এই গল্পটি লিখিছো ৷ আশা কৰিছো আপোনালোকে পঢ়িব -----
প্ৰাত্যহিক
মোৰ ল’ৰা অৰূপ আৰু বোৱাৰীয়ে মোক মাতষাৰ লগাই ওলাই যোৱাৰ পিছত মই বাৰাণ্ডাতে থকা চকীখনত বহি ললো ৷ বোৱাৰীজনী কৰবালৈ ওলাই গলে ঘৰখনত মই বৰ অকলশৰীয়া অনুভব কৰো ৷ তাতে আজিকালি সৰু-সুৰা দুই এটা বেমাৰ লাগি থাকেই ৷ আজি ভাবিছিলো , বোৱাৰীক কম – আজি নহলে তুমি যাব নালাগে দিয়াচোন , মোৰ গাটোও ভাল নহয় ৷ কিন্তু লগে লগে মই নিজকে নিয়ন্ত্ৰণ কৰিলো ৷ মোৰ বোৱাৰী জীৱনৰ কথা মনত পৰি এটা দীঘল হুমুনিয়াহ ওলাই আহিল ৷ মোৰো যে কিমান হেঁপাহ আছিল সেইকেইটা দিনত! ময়ো আশা কৰিছিলো, কোনোবা এটি আবেলি প্ৰতাপে মোকো এপাক-------
আজিকালি মোৰ কি হয় নাজানো, কেতিয়াবা অকনমান অকলশৰীয়া হলেই বা কিবা এটা অজুহাত পালেই অতীতটোত ঘূৰ্মুটিয়াই ফুৰিবলৈ মন যায় ৷ হয়তো এই বয়সত মানুহৰ ভবিষ্যতটোক লৈ কোনো আশা আকাংক্ষা নাথাকে কাৰণেই অতীতটোৰ প্ৰতি মোহ বাঢ়ি যায় ! কথাটো এনেকুৱাও হব পাৰে এই অকলশৰীয়া মূহুৰ্তবিলাকেই মানুহৰ এৰি থৈ অহা জীৱনটোৰ খতিয়ান লবলৈ উপযুক্ত সময় ৷ নতুবা আশাহীন , নতুনত্বহীন জীৱন এটাৰ অৱশিষ্ট দিন কেইটা জীয়াই থাকিবলৈ অতীত ৰোমন্থনেই হয়তো একমাত্ৰ অৱলম্বন হিচাপে থাকি যায় !
যৌৱনৰ ভৰ সহিব নোৱাৰা বয়সতেই ন-কইনাৰ সাঁজেৰে মই এদিন এই ঘৰখনলৈ আহিছিলো ৷ প্ৰতাপৰ লগত বিয়াৰ দিন ঠিক হোৱাৰ পিছৰ পৰাই এখন নেদেখা জগতৰ প্ৰতি থকা কৌতুহলে মোক প্ৰতিটো পল অনুপল শিহৰিত কৰি ৰাখিছিল ৷ এখন নতুন ঘৰৰ কাৰণে, এজন অচিনাকী মানুহৰ কাৰণে প্ৰতিদিনে মই নিজকে সাঁজু কৰিছিলো ৷
কিন্তু কথাবিলাক মই ভবাৰ দৰে নাছিল ৷ প্ৰথম এসপ্তাহ মান মোৰ ভালেই লাগিছিল ৷ শাহু আইৰ মৰম , ননদ দুজনীৰ আব্দাৰ আৰু প্ৰতাপৰ মৰমৰ আৱেশে এৰি অহা মোৰ ঘৰখনক পাহৰাই ৰাখিছিল ৷ তাৰ পিছত লাহে লাহে মই অনুভৱ কৰিবলৈ ধৰিলো মই যেন দিনে দিনে কিবা এটা হেৰুৱাবলৈ আৰম্ভ কৰিছো ! মোৰ যেন আৱেগ-অনুভুতি বিলাক এটা নির্দিষ্ট আৱেষ্টনীৰ মাজত পৰিশীলিত ৰুপ দিবলৈ চেষ্টা কৰা হৈছে ! মই লাহে লাহে যেন এটা সঁজাৰ ভিতৰত বন্দী হৈ পৰিছোঁ !
আচলতে মই অহাৰ আগতেই এই ঘৰখনত মোৰ কাৰণে এখন ৰুটিন বনাই থোৱা আছিল ৷ শাহু আয়ে বনাই দিয়া সেই ৰুটিন ব্যতিৰেকে মোৰ আনকি গা-মন বেয়া লাগিবও নোৱাৰিছিল ৷ তদুপৰি মোৰ মানুহজনৰ লগত দুষাৰ মনৰ কথা পাতিবলৈও ৰাতিৰ বিছনাখনলৈ অপেক্ষা কৰিব লাগিছিল ৷ ৰাতিটোৰ বাহিৰে দিনটোৰ বাকী সময়খিনি মই ঘৰখনৰ সকলো সদস্যৰে মনৰ খোৰাক যোগোৱা এটা পণ্যলৈ পর্য্যবষিত হৈছিলো ৷
আৰু প্ৰতাপ ; তেওঁৰো কোনো উপায় নাছিল ৷ এজনী নৱবিবাহিতা পত্নীৰ চাহিদা পূৰণ কৰিব নোৱাৰি তেওঁ অসহায় বোধ কৰিছিল ৷ দেউতাক নোহোৱা ল’ৰা হিচাপে গোটেই ঘৰখনৰ দায়িত্ব তেৱেই লব লগা হৈছিল ৷ তদুপৰি মাক আৰু ভনীয়েক দুজনীয়ে কিবা কথাত দুখ পাব বুলি সকলো সময়তে সতর্ক হৈ থাকিব লাগিছিল ৷ আনকি প্ৰতাপে মোক তেওঁৰ পছন্দ মতে কাপোৰ এযোৰো কিনি দিব নোৱাৰিছিল ৷ এযোৰ কাপোৰ মোৰ কৰণে কিনিবলৈ হলে তেওঁ তিনিযোৰ কিনিব লগাত পৰিছিল , লাগিলে ভনীয়েকহঁতৰ প্ৰয়োজন থাকক বা নাথাককেই ৷ মোৰ মাৰ ঘৰলৈ মই কেতিয়া যাম , বা কেইদিন থাকিম সেইটোও শাহু আয়ে ঠিক কৰি দিছিল ৷
মোৰ বিৰক্তি লাগিছিল এই জীৱনটোৰ প্ৰতি ৷ প্ৰতাপৰ প্ৰতি , মোৰ মা-দেউতাৰ প্ৰতি খং উঠিছিল মোৰ ৷ প্ৰতাপক মই কৈছিলো --তোমাক মাৰাৰ অবাধ্য হবলৈ দিয়া নাই , কিন্তু মোৰ প্ৰতি তোমাৰ দায়িত্ব নাই নেকি ? ঘৈনীয়েকৰ প্ৰতি দায়িত্বশীল হোৱা মানেই মাকক অৱহেলা কৰা হয় নেকি ? মায়ে যদি তোমাক ইমানেই কেচুৱা হৈ আছে বুলি ভাবে কোচত লৈ নাথাকে কিয় ?
প্ৰতাপে মোক একো নকয় ৷ তেওঁ মাত্ৰ মোৰ ফালে এজন অপৰাধীৰ নিচিনাকৈ চাই থাকে , তেওঁৰ চকুদুটা চলচলীয়া হয় ৷ তেওঁৰ এনেকুৱা এটা অৱস্থা দেখিলে মোৰ বৰ কষ্ট হয় ৷ এটা সময়ত মই এই ঘৰখনৰ লগত সহাবস্থান কৰিবলৈ বাধ্য হলো ; মই আত্মসমর্পণ কৰিলো ৷ অন্তঃত মোৰ মানুহজনক সুখী কৰিবলৈ এইখিনি ত্যাগ প্ৰয়োজনীয় বুলি মই গ্ৰহণ কৰিলো ৷
এটা সময়ত আমাৰ মাজলৈ অৰূপ আহিল ৷ আমি ব্যস্ত হৈ পৰিলো ৷ আমাৰ সকলো আশা-আকাংক্ষা অৰূপৰ মাজতে কেন্দ্ৰীভুত হ’ল ৷ মোৰ কাৰো ওপৰত অভিমান কৰিবলৈও সময় নোহোৱা হ’ল ৷ তাৰ মাজতে এজনী এজনীকৈ দুয়োজনী ননদৰ বিয়া হৈ গ’ল ৷ এদিন অৰূপ স্কুললৈ যাব পৰা হ’ল আৰু সেই সময়তে আমাৰ মাজলৈ আমাৰ একমাত্ৰ ছোৱালী অদিতি আহিল ৷ লাহে লাহে সিহঁত ডাঙৰ হৈ আহিবলৈ ধৰিলে ৷ সিহঁতৰ লালন-পালন , পঢ়া-শুনা আদিৰ মাজত প্ৰতাপ আৰু মোৰ ব্যক্তিগত জীৱন হেৰাই থাকিল ৷ লাহে লাহে শাহু আইৰ গুৰুত্বও ঘৰখনত কমি আহিবলৈ ধৰিলে ৷ যিমানে তেওঁৰ বয়স হৈ আহিবলৈ ধৰিলে সিমানে মোৰ ওপৰত নির্ভৰশীল হবলৈ বাধ্য হৈ পৰিল ৷ মোৰ প্ৰতি তেওঁৰ আচৰণো লাহে লাহে সলনি হবলৈ ধৰিলে ৷ কিন্তু তথাপি মানুহজনীৰ উপস্থিতিয়ে মোক প্ৰতিটো মুহুর্তই সন্ত্ৰস্ত কৰি ৰাখিছিল ৷
আৰু এদিন আমাক সকলোকে আচঁৰিত কৰি শাহু আয়ে চকু মুদিলে ৷ প্ৰতাপ নিঠৰুৱা হ’ল ৷ তেওঁ হিয়াঁ ঢাকুৰি কান্দিলে ৷ মোৰ সিদিনা চকু-পানী ওলাইছিল নে নাই ভালকৈ মনত নাই ৷ কিন্তু সিদিনাৰ পৰা যেন এইখন ঘৰত মই ভালকৈ উশাহ লব পাৰিছিলো , মই যেন এটা অক্তোপাচৰ চেপাৰ পৰাহে মুক্ত হৈ পৰিছিলো !—মোৰ এনেকুৱা লাগিছিল ৷ সিদিনাৰ পৰা সচাঁ অর্থত এই ঘৰখন মোৰ ঘৰ হৈ পৰিছিল ৷ মোৰ মানুহজনক লৈ , মোৰ ল’ৰা-ছোৱালীহালক লৈ এখন পৰিপূর্ণ ঘৰ ৷ কিন্তু তথাপি কেতিয়াবা কেতিয়াবা মই মানুহজনী ক্ষোভত ধৰফৰাই উঠো ৷ কিয় মই হেৰুৱাব লগা হ’ল জীৱনৰ সেই সোনালী দিন কেইটা , কিয় মই ভুগিব লগা হ’ল ? কিন্তু পিছমূর্হুততে মই প্ৰকৃতিষ্ঠ হওঁ ৷ মই নিজকে বুজাওঁ , সকলো মানুহৰে জীৱন পৰিক্ৰমা নিশ্চয় একে নহয় ৷
অলপ আন্ধাৰ হৈ অহাত মই চকীখনৰ পৰা উঠিলো ৷ ঘৰৰ ভিতৰলৈ গৈ লাইট কেইটা জ্বলাই দিলো ৷ চাহ একাপ খাব পৰা হলে !-মই ভাবিলো ৷ গেছ বার্নাৰটো জ্বলাই চাহ একাপ বনাই ললো ৷ একো খাবলৈ মন নোযোৱাত খালী চাহকাপ লৈয়েই আকৌ বাৰাণ্ডালৈ ওলাই আহিলো ৷
চকীখনত বহি লৈ পদুলিলৈ চাই পঠিয়ালো ৷ কোনোবা এজন অহা হলেও !—মই ভাবিলো ৷ এনেকুৱা অকলশৰীয়া মুহুর্ত বিলাক মোৰ আজিকালি নাযায় নুপুৱাই যেন লাগে ৷ আৰু তেতিয়াই প্ৰতাপলৈ মোৰ বৰকৈ মনত পৰে ৷ আজি তেওঁ জীয়াই থকা হলে !
অতি অপ্ৰত্যাশিত ভাবেই প্ৰতাপ এদিন আমাৰ মাজৰ পৰা আঁতৰি গৈছিল ৷ উচ্চ ৰক্তচাপত ভোগা প্ৰতাপ এদিন অফিচৰ কোঠালীতে ঢলি পৰিছিল ৷ মই চাৰিওঁফালে আন্ধাৰ দেখিছিলো ৷ কিন্তু এবছৰ মানৰ ভিতৰতে প্ৰতাপৰ সহৃদয় ওপৰৱালা আৰু সহকর্মী সকলৰ চেষ্টাত সেইটো অফিচতে যেনিবা অৰূপৰ চাকৰিটো হৈছিল ৷ এদিন অদিতিকো এঘৰলৈ উলিয়াই দিয়াৰ পিছত অৰূপ আৰু মই আকৌ অকলশৰীয়া হলো ৷ এই একাকীকত্বৰ পৰা নিস্তাৰ পাবলৈ মই অৰূপৰ বিয়া খন সোনকালেই পাতি দিলো ৷ বোৱাৰী অহাৰ পিছত ঘৰখন আকৌ ঘৰ হৈ উঠিল ৷
চাহকাপ খোৱা শেষ হোৱাত মই আকৌ পাগঘৰলৈ উঠি আহিলো ৷ কাপটো ধুই ডাইনিং টেবুলৰ ওপৰতে থৈ মই ঘড়ীটোলৈ চালো ৷ সাত বাজিলেই ! ইহঁতে ইমান দেৰি কৰিলে ! –মই ভাবিলো ৷ মোবাইল ফোনটো হাতত লৈ চালো , অৰূপে ফোন কৰিছিল নেকি ? নাই কোনেও ফোন কৰা নাই ৷ অইন দিনা এনেকুৱা সময়তে অদিতিয়ে প্ৰায়ে মোলৈ ফোন কৰে ৷ তাই জানে , এই সময়খিনিত মই প্ৰায়েই অকলে থাকো ৷ সেই কাৰণে তাই মোক মাজে মাজে মৃদু ধমক দিয়ে ৷ তাই কয় , -- সদায় সদায় দাদাহঁতে তোমাক এনেকৈ অকলে এৰি কিয় ঘুৰি ফুৰিব লাগে ? বৌৱেতো জানিব লাগে , বেমাৰী মানুহ এজনীক এনেকৈ-----আচলতে তুমিয়ে সিহঁতক মুৰত তুলি নষ্ট কৰিছা ৷
নষ্ট কৰাৰ কথা নহয় ৷ মই আচলতে পার্য্যমানে বোৱাৰীক সুখত ৰাখিবলৈ চেষ্টা কৰিছিলো ৷ কাৰণ মই জানো , নিজৰ ঘৰখন এৰি নতুন ঘৰএখনলৈ ওলাই অহা ছোৱালী এজনীৰ মনটো নষ্ট হবলৈ দিয়াতো বৰ বেয়া কথা ৷ আনকি সেইকাৰণে বিয়াৰ পিছতেই সিহঁতক মই মোৰ পেনচনৰ টকাৰে হনিমুনলৈ জোৰকৈ পঠাইছিলো ৷ মাজে মাজে মই বোৱাৰীক বজাৰলৈ লৈ গৈ ইটো-সিটো কিনিওঁ দিছিলো ৷ তদুপৰি আবেলি অৰূপৰ লগত বজাৰলৈ , মাকৰ ঘৰলৈ বা কেতিয়াবা এনেয়ে এপাক ফুৰি আহিবলৈ ময়েই বোৱাৰীক কৈছিলো ; ছোৱালী মানুহ অলপ ঘুৰি-ফুৰি আহিলে দেহ-মন ভালে থাকিব –এনেকুৱা এটা ভাবত ৷ আচলতে মই জীৱনত নোপোৱাখিনি বোৱাৰীজনীক হিয়াঁ উজাৰি দিব খুজিছিলো ৷
কিন্তু মোৰ এই সৰলতাক বোৱাৰীয়ে একোটা সুযোগ হিচাপে ব্যৱহাৰ কৰিবলৈ ললে ৷ আগতে মোক নোসোধাকৈ একো এটা নকৰা বোৱাৰীয়ে লাহে লাহে মোক এৰাই চলিবলৈ ধৰিলে ৷ কৰবালৈ ওলাই গলেও মোৰ অনুমতি লোৱাৰ প্ৰয়োজনবোধ তাই নকৰা হ’ল ৷ আনকি সৰুৰে পৰা মোৰ অবাধ্য হৈ নোপোৱা অৰূপে , মোক কোনো কথা জনাবলৈ বিচাৰিলে বোৱাৰীক অসন্তুষ্ট হোৱা যেন লাগিবলৈ ধৰিলে ৷ মোৰ অজ্ঞাতে , মোৰ নিয়ন্ত্ৰণৰ বাহিৰত যেন বোৱাৰীয়ে এখন বেলেগ জগত সৃষ্টি কৰিবলৈ লৈছে ; অৰূপক মোৰ পৰা লাহে লাহে যেন আঁতৰাই নিব বিচাৰিছে , মোৰ আজিকালি এনেকুৱা লাগে ৷
কেতিয়াবা এই বিলাক কথা অবান্তৰ বুলি পাহৰি থাকিবলৈ চেষ্টা কৰো , সময়ত সকলো ঠিক হৈ যাব – এনেকুৱা এটা ভাবত ৷ কিন্তু তথাপি কেতিয়াবা কেতিয়াবা মই বৰ অসহায় অনুভব কৰো ; কিবা এটা অনিশ্চয়তাত , কিবা এটা হেৰুৱাৰ বেদনাত অস্থিৰ হৈ পৰো ৷
হাতত থকা মোবাইল ফোনটোত সময়তো চালো ৷ আঠ বাজিলেই ৷ ইহঁতে ইমান দেৰি বাহিৰত কি কৰি থাকে ? আজিকালি যিহে ঘটনা বিলাক ঘটিব লাগিছে ! মোৰ চিন্তা লাগিল ৷ মই অৰূপলৈ ফোন কৰিলো ৷ সি ফোনটো ৰিচিভ কৰি আহি আছো বুলি কলে ৷ মই বাৰাণ্ডাৰ পৰা উঠি আহিলো ৷ ঘৰৰ ভিতৰত সোমাই কি কৰিম ভাবিবলৈ ধৰিলো ৷ টিভিটো অন কৰি বাতৰিটো চাম বুলি বহি ললো ৷ নাই , সেইটোও কৰিবলৈ মন যোৱা নাই ৷ অলপ সময় চাই আকৌ টিভিটো বন্ধ কৰি দিলো ৷ ৰাতিৰ সাঁজৰ কাৰণে কিবা এটা যোগাৰ কৰা ভাল হব বুলি পাগঘৰলৈ গলো ৷ মোৰ অলপ ভোক লগা যেনো অনুমান হ’ল ৷ এতিয়াহে মোৰ মনত পৰিল মই যে আবেলি খালী চাহ কাপৰ বাহিৰে একো খোৱা নাই ৷ এতিয়া আৰু এইখিনি সময়ত একো নাখাও – মই মনতে ভাবিলো ৷ মুগ-মচুৰ দাইল তিনিজনৰ জোখাৰে ধুই , প্ৰেছাৰ কুকাৰটো গেছ বার্ণাৰটোত উঠাই দিলো ৷ ফ্ৰিজৰ পৰা কেইডাল মান ফ্ৰেন্স বিন , কেইটামান পটল উলিয়াই আনিলো ৷ আলু-পিয়াঁজৰ খৰাহীটোৰ পৰা দুটা আলু আৰু দুটা পিয়াঁজ উলিয়াই লৈ ডাইনিং টেবুলতে বাকলি গুচাবলৈ ধৰিলো ৷ প্ৰেছাৰ কুকাৰটোয়ে এটা হুইচেল মৰাত মই চকীখনৰ পৰা উঠিলো ৷ গেছৰ চুইচটো অফ কৰি আকৌ চকীখনত বহীবলৈ লোৱাৰ লগে লগে বাহিৰত গাড়ীৰ শব্দ শুনা যেন লাগিল ৷ ইহঁত আহিল কিজানি !- মই ভাবিলো ৷ দর্জাখন ফাঁক কৰি বাহিৰলৈ চালো ৷ হয় , ইহঁতেই হয় ৷ মই আকৌ মোৰ কামত ধৰিলো ৷ অকনমান পিছতেই বোৱাৰীয়ে মোৰ কাষেৰেই মোক মাত নিদিয়াকৈয়েই সিহঁতৰ শোৱনী কোঠাত সোমালগৈ ৷ অলপ পিছত অৰূপো গাড়ীখন গেৰেজত ভৰাই থৈ মোৰ ওচৰ পালে ৷ মই হাতত থকা পটলটোৰ বাকলি গুচাবলৈ এৰি তাক অলপ টানকৈয়েই কলো ,- তহঁতে বাহিৰলৈ ওলাই গলে ইমান দেৰি কৰ কিয় ? ফোন এটাও কৰিবলৈ মনত নাথাকে তহঁতৰ ৷ ইফালে মই বেমাৰী মানুহজনী অকলে অকলে চিন্তাত মৰি থাকো ৷ চাৰিওফালে কিমান অঘটন ঘটিব লাগিছে তহঁতৰ খবৰ আছেনে ?
অৰূপে মোক একো নকলে ৷ সিওঁ শোৱনী কোঠাত সোমালগৈ ৷ মই আকৌ পটলটোৰ বাকলি গুচোৱাত লাগিলো ৷ লগে লগে মই বোৱাৰীৰ কথাও ভাবি থাকিলো ৷ কি হ’ল আজি মানুহজনীৰ ? এনেদৰে মোক নমতাকৈয়ে যে কোঠাত সোমাল ? মইতো তাইক একো কোৱাই নাই ৷ নে অৰূপৰ লগত কিবা লাগি আহিল ? মই কাণখন অলপ সিহঁতৰ কোঠাৰ ফালে উনাই থাকিলো ৷ মই মন কৰিলো সিহঁতৰ যেন কিবা কথা কটা-কটি হৈছে ! পিছ মুহুর্ততে ভাবিলো – হৈছে আৰু কিবা , গিৰিয়েক-ঘৈনীয়েকৰ মাজত কেতিয়াবা কেতিয়াবা অলপ মান-অভিমান হৈয়েই ৷
মোৰ পাচলিখিনি কটা হোৱালৈকে বোৱাৰী কোঠাৰ পৰা ওলাই নাহিল ৷ বৰং সিহঁতৰ মাত কথা বিলাক ক্ৰমান্বয়ে ডাঙৰ হৈ হৈ মোৰ কাণত প্ৰবেশ কৰিবলৈ হেঁতা-ওপৰা লগাইছে ৷ সিহঁতৰ মাজত কিহক লৈ কাজিয়া হৈছে মোৰ জানিবলৈ বৰ মন গ’ল ৷ মই মোৰ মনটোক বান্ধি ৰাখিব নোৱাৰিলো ৷ মই অতি সর্ন্তপনে যিমান ওচৰলৈ পাৰি সিহঁতৰ কোঠাৰ দর্জাখনৰ সিমান ওচৰলৈ আগবাঢ়িলো ৷ কিবা এটা চেলু লৈ তাতেই মই এনেয়ে ঘুৰা-পকা কৰি থাকিলো যাতে মই অৰূপ আৰু বোৱাৰীৰ মাত কথা বিলাক ভালকৈ বুজি পাওঁ ৷ মই শুনিলো অৰূপে যেন বোৱাৰীক কিবা সৈমান কৰিবলৈ চেষ্টা কৰিছে ৷ সি কৈছে—তুমি বুজা নাই কিয় , মা এজনী বেমাৰী মানুহ ; তাতেই অকলশৰীয়া মানুহজনীক এনেকৈ এৰি------
: হব তুমি বুজাব নালাগে ৷ মই বুজিছো ৷ তোমাৰ মাৰ বেমাৰতকৈ মোৰ মাৰ বেমাৰ ডাঙৰ হ’ব পাৰেনে ?
: মই সেইটো কোৱা নাই নহয় ৷ তোমাৰ মাৰ বেমাৰ হৈছে , কিন্তু ঘৰত অকলেতো নাই ৷ তাতে আমি দুয়ো তোমালোকৰ ঘৰলৈ যোৱা কথাটো মায়ে নাজানে ৷ তেনেস্থলত---
ইহঁত দুয়োটাৰ কথা বিলাক উনাই থাকিয়েই মই ভাবিবলৈ ধৰিলো –--মোকতো ইহঁতে কোনোবা বন্ধুৰ ঘৰলৈহৈ যাম বুলি কৈছিল ৷ মোক নোকোৱাকৈয়ে তাৰমানে ------
মোৰ বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰা যেন লাগিল ৷ তাৰমানে অৰূপেও মোক-----
মই আকৌ ডাইনিং টেবুলৰ চকীখনত বহি পৰিলো ৷ অৰূপক তাৰমানে মোৰপৰা সচাঁকৈয়ে আঁতৰাই নিবলৈ বিচৰা হৈছে ৷ আজি প্ৰথম বাৰৰ কাৰণে মোৰ ল’ৰা-বোৱাৰীৰ বর্তমানতো মোক নিজকে অকলশৰীয়া যেন লাগিবলৈ ধৰিলে ৷
বোৱাৰীয়ে অৰূপৰ কথা বুজিবলৈ চেষ্টা কৰা নাই ৷ সিহঁতৰ কোঠাৰ পৰা মাত কথা বিলাক বুজা-নুবুজাকৈ মোৰ কাণলৈ ভাহি আহিয়েই থাকিল ৷ মাজে মাজে বোৱাৰীৰ কথাত কান্দোনৰ সুৰ শুনিবলৈ পালো ৷ তাই অৰূপক কৈছে –- তুমি মোক বেছি বুজাব নালাগে ৷ মই সকলো বুজি পাইছোঁ ৷ আজি মাৰাক কৈ নোযোৱাৰ বাবেই তুমি মোক আমাৰ ঘৰত থাকিবলৈ নিদিলা ৷ মই ঘৰত থকা নথকাতো ডাঙৰ কথা নহয় , ডাঙৰ কথা হ’ল তোমাৰ মাৰাক নোকোৱাকৈ এদিন মোক তুমি ঘৰত থাকিবলৈ নিদিয়াতো ৷ তুমি আজি ৰাতিটোৰ কাৰণে মোক ঘৰত থাকিবলৈ দিলে কি মহাভাৰতখন অশুদ্ধ হ’লেতেন ? মায়ে তোমাৰ লগত মাতবোল বন্ধ কৰিলেহেঁতেন , নে তোমাক জেলত দিলেহেঁতেন ?
: এই বিলাক জেলত দিয়া , ফাঁচী দিয়া কথা নহয় ৷ এই বিলাক মানুহৰ ওপৰত থকা আস্থা-অনাস্থাৰ কথা ৷ মোৰ কথাতো বাদেই দিলো , তোমাক মায়ে ইমান মৰম কৰে ৷ তাৰ পিছতো যদি তেওঁক আমি ফাঁকি দিয়া বুলি গম পায় , ৰাখিব পাৰিবনে তেওঁ কোনোবা মানুহৰ ওপৰত আস্থা ?
: তুমিতো আবেলি মাক ফাঁকি দিয়েই ওলাই গৈছিলা , আৰু যেনিবা এটা ফাঁকি যোগ দিলাহেঁতেন ; তাতে কি হ’লহেঁতেন ? তুমি যে এতিয়া দার্শনিকৰ নিচিনা লেকচাৰ মাৰিচা, আচল কথাটো মই নাজানো নেকি ? আচল কথাটো হ’ল মাক নোসোধাকৈ কিবা এটা সিদ্ধান্ত লবলৈ তোমাৰ সাহস নাই ৷ তুমি নিজকে সোধাচোন আজিলৈকে মাক নোসোধাকৈ দহ টকা এটাও খৰচ কৰি পাইছানে ? তাৰোপৰি তুমি বিয়া কাক কৰাবা সেইটো থিক কৰিব মায়ে , হনিমুনৰ কাৰনে নিজৰ মানুহজনীক লৈ ক’লৈ যাবা সেই সিদ্ধান্তটোও ল’ব মায়ে ৷ গতিকে তুমি নিজেই ভাবাচোন সংসাৰ এখন চলাই নিব পৰাকৈ তুমি মেচিউৰড্ নে ? বা কোনোবা এটা বিষয়ত সিদ্ধান্ত লব পৰাকৈ আছেনে তোমাৰ কনফিডেন্স ? ইমানেই যদি কেচুৱা হৈ আছা তোমাক মাৰাই কোচত লৈ নাথাকে কিয় ?
এইখিনি মুহুর্তত মই আৰু বোৱাৰীৰ কথা শুনি থকাৰ নুন্যতম সাহসখিনিও হেৰুৱাই পেলাইছোঁ ৷ ইমান হেপাঁহেৰে সঁজা ঘৰখন যেন আজি এজাক ধুমুহাই নিমিষতে তচনচ কৰি দিলে –-মোৰ এনেকুৱা লাগিল ৷ কিমান যে আশা কৰিছিলো , মোৰ পো-বোৱাৰীয়ে জীৱনৰ বিয়লি বেলাত মোক বেৰি ৰাখিব , মোৰ বেমাৰ-অজাৰত সিহঁত অস্থিৰ হৈ পৰিব ! – মোৰ দুগালেৰে দুলোতক চকুপানী বৈ আহিল ৷ বোৱাৰীয়ে আৰু কি কৈছে মোৰ কাণত নোসোমাল ৷ ৷ পাগঘৰৰ লাইটটো অফ কৰি মই লাহে লাহে মোৰ কোঠাৰ ফালে গৈ থাকোতে বোৱাৰীৰ এটা কথাই মোৰ কাণত অনুৰণন হৈ বাৰে বাৰে বাজি থাকিল----ইমানেই যদি কেচুৱা হৈ আছা -----------, আৰু তাৰ লগে লগে এজন অসহায় প্ৰতাপৰ প্ৰতিচ্ছবি মোৰ মনৰ আগত অগাদেৱা কৰি থাকিল ৷
--------------------------০--------------------------------
No comments:
Post a Comment