Tuesday, 20 January 2015

চানেকি শিতান: জানুৱাৰী সংখ্যা’২০১৫: “প্ৰকাশ " : মৌচুমী বৰি

চানেকি শিতান: জানুৱাৰী সংখ্যা’২০১৫: “প্ৰকাশ "
প্ৰশাসকবৃন্দ প্ৰমুখ্যে সকলোলৈ নতুন বছৰ আৰু ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ ৷
আখৰুৱা গোটৰ “চানেকি শিতান”ৰ জানুৱাৰী সংখ্যাটো প্ৰস্তুত কৰিবলৈ বুলি “প্ৰকাশ” আলোচনীখন মেলি ল’লো ৷ মেলিয়েই কবি হৰেকৃষ্ণ ডেকাদেৱৰ “তিনিশৰীয়া কবিতা”ৰ ওপৰত চকু পৰিল ৷ এই তিনিশৰীয়া কবিতাৰ ধৰণটো কবিয়ে বোধহয় প্ৰথম “অসমীয়া কবিতা সাহিত্য”ত আৰম্ভ কৰিছে ৷ এই নতুন ধাৰাৰ কবিতা লিখাৰ ধৰণ সম্পৰ্কে কবিয়ে নিজেই কবিতাৰ আৰম্ভণিতে সবিস্তাৰে ধুনীয়াকৈ বৰ্ণনা কৰিছে ৷ মই ভাবোঁ, সকলো কবি তথা কবিতা পাঠকৰ বাবে “তিনিশৰীয়া কবিতা” অসমীয়া সাহিত্যৰ চানেকি হৈ ৰ’ব ৷
কবিতাটি তলত তুলি দিয়া হ’ল ---
হৰেকৃষ্ণ ডেকাৰ কবিতা
তিনিশৰীয়া কবিতা
(টোকা : ফেইচ-বুকুত তিনিশৰীয়া কবিতাৰ ধৰণ এটা আৰম্ভ কৰোতে বহুতে এই কবিতাবোৰ অসমীয়া হাইকু বুলি ভাবিছিল ৷ কিন্তু যদিও এইবোৰ তিনিশাৰীৰ চুটি কবিতা, এইবোৰত প্ৰকৃতি বা ঋতুত নিৰ্ভৰ কল্পচিত্ৰৰ মাজত তাৎপৰ্যৰ তাৎক্ষণিক উদ্ভাসন নাই আৰু জাপানী হাইকুৰ অনুকৰণ নহয় ৷ জাপানী হাইকুত কবিয়ে তেওঁৰ কবিদৃষ্টি প্ৰক্ষেপ কৰোতে একেটা পটভূমিত দুটা কল্পচিত্ৰৰ সংযোগ ঘটায় আৰু তাত ভাষান্তৰ কৰিব নোৱাৰা এটা সংযোগ-শব্দ (Kireji, ইংৰাজীত cutting word কৰিছে; কিন্তু পৃথক কৰাতকৈ Kireji –য়ে সংযোগহে কৰে) দুয়োটা কল্পচিত্ৰৰ সংযোগ স্হানত থাকে ৷ মোৰ তিনিশৰীয়া কবিতাবোৰ এই ধৰণৰ নহয় ৷বৰং এইবিধ কবিতাত এপিগ্ৰামৰ ‘a tense, witty statement in and of itself’ – ৰ লক্ষণ দেখা পোৱা যাব ৷
তিনিশৰীয়া কবিতাবোৰৰ বিশেষত্ব এনেধৰণৰ – প্ৰতিটো কবিতাই তিনি শাৰীৰ স্বয়ংসম্পূৰ্ণ কবিতা ৷ তাত শব্দসংখ্যা হাইকুৰ দৰে নিৰ্দিষ্ট নহয় ৷ তাত বাক্যৰ ক্ষেত্ৰত এটা শাৰীত দুটা বাক্যাংশ থাকিব পাৰে ৷ প্ৰথম শাৰীত ভাবৰ বীজটো থাকে, দ্বিতীয় শাৰীত অংকুৰিত হয় আৰু তৃতীয় শাৰীত তাৎপৰ্যৰ প্ৰকাশ ঘটে ৷ এনে তিনিশৰীয়া তিনিটা কবিতা মিলি এটা থূল বা গোট, কিন্তু তাত নিৰ্দিষ্ট ভাবৰ ঐক্য থাকিব লাগিব বুলি কোনো কথা নাই ৷ অৱশ্যে তিনিওটা কবিতাৰ মাজত অন্তনিৰ্হিত এক যোগসূত্ৰ থাকিব আৰু সেই সূত্ৰ পঢ়ুৱৈয়ে বিচাৰি ল’ব ৷ কবিতাবোৰত কোনো যতি বা বিৰাম-চিহ্ন নাথাকে ৷)
“প্ৰকাশ” আলোচনীত প্ৰকাশিত হৰেকৃষ্ণ ডেকাৰ কবিতা কেইটিৰ বিশ্লেষণ তলত আগবঢ়োৱা হ’ল ---
থূল-১
নচলা চকাটোৰ ওপৰলৈকে বন গজিছে
তোমাৰ ভৰিৰ তলতো বন গজিব
যদি খোজ কাঢ়িবলৈ পাহৰা
আমি যদি ইঞ্জিন এটা সক্ৰিয় কৰি নাৰাখো, নচলায় এনেই পেলায় থওঁ তেন্তে ইঞ্জিনটোত লাহে লাহে মামৰে ধৰা আৰম্ভ কৰিব, সক্ৰিয়তা কমি আহিব ঠিক তেনেকৈ আমাৰ জীৱনতো শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজনীয়তাৰ কথা কবিয়ে কবিতাটিৰ যোগেৰে কব বিচৰা যেন লাগে ৷
দূৰলৈকে বান্ধি দিয়া বাট
যদি বাট নোলোৱা
সি ছন পৰা মাটিতকৈ বেলেগ নহয়
কৰিম বুলি ভবা কাম এটা যদি নকৰাকৈ কেৱল ভাবি থকাহে হয় তেন্তে সেই কামক কবিয়ে ছন পৰা মাটিৰ লগত তুলনা কৰিছে ৷
প্ৰবাসলৈ গ’লে মনে কেতিয়াবা হামৰাও কাঢ়ে
ঘৰলৈ ঘূৰি আহিবলৈ মন যায়
পাহৰি যাওঁ সিও যে প্ৰবাসেই
কবিয়ে ইয়াত মানৱ জীৱনটোও প্ৰবাসত বাস কৰাৰ দৰেই বুলি ক'ব বিচাৰিছে ৷
থূল ২
মৌমাখি আৰু ভোমোৰা দুয়ো ফুলত পৰে
মৌমাখিয়ে মৌ চুহি মৌ-বিচনী সাজে
ভোমোৰাই কি কৰে
কবিয়ে মৌমাখি আৰু ভোমোৰাৰ তুলনাৰে সমাজ জীৱনলৈ এটা বাৰ্তা দিছে ৷ মৌমাখি আৰু ভোমোৰাই মৌ চুহি খায় আৰু মৌমাখিয়ে মৌ চুহি মৌ-বিচনী সাজে, সেই মৌ মানুহৰো কামত লাগে কিন্তু ভোমোৰাই স্বাৰ্থপৰৰ দৰে নিজৰ পেটটোহে ভৰায়, একো নকৰে ৷ সমাজ জীৱনতো ভোমোৰা আৰু মৌমাখিৰ দৰে লোক দেখিবলৈ পোৱা যায় ৷
তোমালোক দুয়ো ছাতিৰ তলত সোমাই কি কৰিছা
তোমালোকক কোৱা নাই
বেং-ছতাৰ তলত ৰৈ থকা ভেকুলী দুটিকহে সুধিছো
ছাতিৰ তলত সোমাই থকা দুজন লোকক কবিয়ে কি কৰিছা বুলি সুধিলত দুইজনে প্ৰশ্নসূচক দৃষ্টিৰে কবিলৈ চোৱাত তেওঁ বেংছতাৰ তলত থকা ভেকুলী দুটিকহে সোধাৰ কথা কৈ- কবিয়ে যেন বুজাবলৈ চেষ্টা কৰিছে যে মানুহৰ ক্ৰিয়া-কলাপ বুজা সহজ যদিও, আন প্ৰাণীৰ ক্ৰিয়া কলাপ বুজিবলৈ টান ৷
মগনীয়া মাকৰ বুকুত গাখীৰ নাই কেচুঁৱাই ৰাউচি জুৰিছে
আপুনি মোকোৰা-মোকোৰকৈ কিবা খাব ধৰিছে
আপুনি কৈছে শান্তিৰে অকণ খাবও নোৱাৰো
ইয়াত কবিয়ে সমাজৰ দুখীয়ালোক আৰু এচাম লোভী আৰ্থিক সামৰ্থৰে বলৱান লোকৰ কথা কৈছে ৷ মগনীয়া মাকজনীয়ে ভালদৰে খাবলৈ নোপোৱাৰ বাবে তাইৰ কেচুঁৱাটোৱে বুকুৰ গাখীৰ খাব নোৱাৰি কান্দি আমনি কৰিছে আৰু আনফালে এজনে মোকোৰা-মোকোৰকৈ খাই থাকোঁতে মগনীয়া জনীয়ে লুভীয়া দৃষ্টিৰে চাই থকা দেখি শান্তিৰে খাব পৰা নাই বুলি ভোৰভোৰাইছে ৷
থূল ৩
পুৱা ধূপ-ধূনা ভকতিৰ পূজা
দিনটো তৰ্জুৰ ফেৰ মিলোৱাৰ ব্যস্ততা
এতিয়া দ্বিতীয় বহীত সৎ অংকৰ হিচাপ
ইয়াত কবিয়ে এজন ব্যৱসায়ীৰ দিনটোৰ ব্যস্ততাৰ কথা কোৱা যেন লাগে ৷ দিনটোত প্ৰথম বহীত ব্যস্ততাৰে কৰা হিচাপ নিকাচৰ শেষত ৰাতি দ্বিতীয় বহীতহে আচল হিচাপ নিকাচ কৰিবলৈ তেওঁ আহৰি পায় ৷
কালি তেওঁক ভাল মানুহ বুলিছিলো
ৰাতি অংকৰ হিচাপ নিমিলল
এতিয়া তেওঁৰ বেঁকা মুখ পোন বুলি কেনেকৈ কওঁ
এজন মানুহক প্ৰথম চিনাকীতে ভাল মানুহ বুলি ভবাৰ পিছত যেতিয়া তেওঁৰ আচল ৰূপ ওলাই পৰে তেতিয়া দুনাই ভাল মানুহ বুলি কবলৈ টান হৈ পৰে ৷
নীলত জোবোৰা মাৰি শিয়াল ৰজা হৈছিল
কুবেৰৰ পুখুৰীত জোবোৰা মাৰি আহিছো
আপোনাৰ ভালৰ কাৰণেহে মোক ভোট দিয়ক
নীলত জোবোৰা মাৰি শিয়াল ৰজা হোৱাৰ সাধু আমি সকলোৱে জানো ৷ কবিয়ে কবিতাটিত স্বাৰ্থপৰ ধনলোভী ৰাজনৈতিক নেতাসকলক ব্যংগাত্মক দৃষ্টিৰে বৰ্ণনা কৰিছে ৷
থূল ৪
এখনেই আকাশ
তাৰে তোমাক আধা দিলো মই আধা ল’লো
আৰু মোৰ আধা তোমাৰ আধাৰ ওপৰত থ’লো
এহাল নৱদম্পতীয়ে ন-জীৱনৰ পাতনি মেলিছে এখন আকাশকে বুকুত সাৱটি ৷ কবিতাটিত ভাল পোৱাৰ ছবি এখন ফুটি উঠা দেখিবলৈ পোৱা যায় ৷
থৰক-বৰক খোজ পোন হয় আৰু মানুহেই পোনকৈ খোজ কাঢ়ে
তুমি উৰিব খুজিছিলা
আৰু ঢপহকৈ মাটিত থেকেচা খাই পৰিলা
এই পৃথিৱীত মানুহেই একমাত্ৰ পোনকৈ খোজ কাঢ়িব পাৰে ৷ কিন্তু সেইবুলি অহংকাৰ কৰিব নালাগে ৷ অহংকাৰ কৰিলে যে পতন হয় সেই কথাৰ ইংগিত কবিয়ে কবিতাটিৰ মাজেৰে দিছে যেন বোধ হয় ৷
মাতিলেও বিপদ নামাতিলেও বিপদ
তেন্তে তুমি মাতিয়েই মৰা
অন্তত: আনে জানক তুমি আছিলা
উচিত কথাত মাত নামাতি নীৰৱে থকাতকৈ মাত মতাই শ্ৰেয় ৷ মাত নমতাকৈ থাকিলে আনৰ লগতে নিজৰো অপকাৰহে হয় ৷ নিজৰ যুক্তিখিনি আনে স্বীকাৰ কৰক বা নকৰক, লাগিলে ভৎসনাই কৰক সবল ভাবে উত্থাপন কৰা উচিত ৷
থূল ৫
ৰিং মাৰি দিলেই তুমি শুনিবা বুলি কৈছিলা
ৰিং মাৰিছিলো কিন্তু বতাহে সিঁচৰিত কৰি দিলে
আৰু আনৰহে কাণত পৰিল
কেতিয়াবা কাৰোবাক ক'ব লগা কথা এটা শুনোতাজনৰ কাণত পৰাৰ আগতে আনৰ কাণতহে পৰে বুলি কবিয়ে ক'ব বিচৰা যেন লাগে ৷
কালি কোৱা কথাষাৰ আজি আৰু নকওঁ
কালি যি অৰ্থ আছিল আজি বেলেগ হৈ যাব
তুমি বেলেগ এটা ঘৰত আছাগৈ
সময় গতিশীল, মানৱ জীৱন পৰিৱৰ্তনশীল ৷ আজি কোৱা কথাষাৰ কালিৰ বাবে প্ৰযোজ্য নহবও পাৰে ৷ এজন প্ৰেমিকে প্ৰেমিকাক বিয়াৰ আগতে ভাল পাওঁ বুলিছিল কিন্তু সেই প্ৰেমিকাই অইন এজনৰ স’তে বিয়া হৈ যোৱাত প্ৰেমিকাক ভাল পাওঁ বুলি ক’ব নোৱাৰা হ’ল ৷
তোমাৰ মাতটো শুৱলা
শুনিবলৈ মন যায় যাম বুলি কৈছিলো নগ’লো
কথা-চহকী হ’লে শুৱলা মাতেও আমুৱায়
কবিতাটিক কবিয়ে বৰ সৰল ৰূপত সুন্দৰকৈ উপস্হাপন কৰিছে ৷ মাত যিমানেই শুৱলা নহওক কথা-চহকী হ’লে সেই মাতে সকলোকে আমুৱাবই ৷
-------------------------------------------------------------------
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
ৰংপুৰ, শিৱসাগৰ
১৬/০১/২০১৫
বি: দ্ৰ: তিনিশৰীয়া কবিতাৰ দুই এটা কবিতাৰ ভাবোদ্ধাৰত সহায় কৰি দিয়া বাবে মনোহৰ দাদা আৰু অনুপমা বাইদেউলৈ বিশেষ কৃতজ্ঞতা জনালোঁ ৷ Manohar DuttaAnupama Borgohain
কবিতা বিশ্লেষণত অজানিতে হ’ব পৰা ভুলৰ বাবে সকলোৰে ওচৰত সদায়ে ক্ষমাপ্ৰাৰ্থী ৷
Like · 
  • Pallab Kumar Nath সুন্দৰ বিশ্লেষণ বাইদেউ ৷ কবিতাটিও অতি সুন্দৰ ৷
  • Mousumee Bori আন্তৰিক ধন্য়বাদ জনালো Pallab ভাইটী 
  • Manohar Dutta “প্ৰকাশ” আলোচনীত প্ৰকাশিত বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ তিনিশৰীয়া কবিতাৰ এই আলোচনা কৰিবলৈ মৌচুমী বৰিয়ে যি প্ৰয়াস কৰিছে সেয়া আদৰণীয়। 

    এই ক্ষেত্ৰত মৌচুমীক হৰেকৃষ্ণ ডেকা চাৰক টেগ কৰিবলৈ কৈছিলো যদিও তেখেত যিহেতু গোটৰ সদস্য নহয়, মৌচুমীয়ে টেগ কৰিব নোৱাৰিলে। সেয়ে কবিগৰাকীলৈ ব্যক্তিগত ভাবে এই আলোচনাটো পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হ'ব, যাতে তেখেতৰ মতামত জানিব পৰা যায়।
  • Manohar Dutta আগতেই জনোৱা মতে হৰেকৃষ্ণ ডেকা ছাৰে চানেকিটো পঢ়ি মোৰ বাৰ্তা বাকচলৈ তেখেতৰ মন্তব্য পঠিয়াইছে। তেখেতৰ অনুমতি সাপেক্ষে মন্তব্যটো ইয়াত তুলি দিলোঁ:

    "Thank you. Nice interpretation. Keitaman kabitat bicharile aan dharanar kathao paba. Kintu xalag laicho. 
    ...See More
  • Anupama Borgohain সুন্দৰ বিশ্লেষন মৌ ! মই কৰা নাম মাত্র সহায়ৰ বাবে কৃতজ্ঞতা জনোৱা বাবে অভিভূত হৈছোঁ ! পিছে মই ইয়াৰ যোগ্য নহয় .. তোমালৈ সদায় শুভকামনা আছে । আৰু সুন্দৰ সুন্দৰ কাম কৰি যোৱা – ইয়াকে মাথো বিচাৰোঁ !
  • Manohar Dutta হয় Anupama Borgohain, মইও যি সামান্য সহায় কৰিছো তাৰ বাবে কৃতজ্ঞতা জনোৱাৰ থল নাছিল। তথাপি তেওঁৰ এই চিন্তনক মই আদৰিছোঁ। কিয়নো কৃতজ্ঞতাবোধে মানুহক আগুৱাই যোৱাত সহায় কৰে বুলি ভাবো। মৌচুমীৰ পৰ্যালোচনা, সাহিত্য চৰ্চা আগলৈ আৰু অধিক উন্নত হওঁক, তাৰেই কামনা কৰোঁ।
  • Mousumee Bori আপোনালোকৰ শুভকামনা আৰু মৰমে মোৰ জীৱনটোক সমৃদ্ধ কৰিলে ৷  Anupama Borgohain Manohar Dutta
  • Mousumee Bori কবি হৰেকৃষ্ণ ডেকা ছাৰৰ মন্তব্য মোৰ বাবে একাজঁলী আৰ্শীবাদ হৈ ৰ'ল ৷ Manohar Dutta দাদা 

No comments:

Post a Comment