Tuesday, 24 February 2015

“শতিকাৰ-জাহাজ” : দাদুল ভূঞা

“অসম সন্মিলীত প্ৰজন্মৰ” দ্বাৰা আয়োজিত গল্প প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা গল্পটি প্ৰশাসকৰ অনুৰোধ মৰ্মে গোটলৈ চাৰিটা খণ্ডত প্ৰেৰণ কৰিলো।আশাকৰো সদস্যসকলে পঢ়ি আমাক প্ৰেৰণা যোগাই যেন।
(গল্পৰ বিষয় আছিলঃ-অন্ধবিশ্বাস আৰু একবিংশ শতিকাৰ সমাজ পৰিৱৰ্তন)
(প্ৰথম খণ্ড)
গল্পৰ শিৰোনামঃ-“শতিকাৰ-জাহাজ”
-দাদুল ভূঞা
“ফটা জোতা, ফটা চেণ্ডেল আৰু এটা টেকেলিত চূণ,চাঁই ঘঁহি আঁকি দিয়া মানুহটো মঠাউৰিৰৰ সিপাৰৰ শাকনি বাৰীত ওলোমাই থৈ আহগৈ যা”।
পুৱাই পুৱাই ‘ফুলমাই’ বুঢ়ীয়ে পোনাকণক উদ্দেশ্যী কথাষাৰ কৈ উঠিল।বুঢ়ীৰ একমাত্ৰ গা- ঘেলাই খোৱা নাতিনীয়েক পোনাকণ।যোৱাবছৰ সি বি.এ.পাছ কৰিলে।এতিয়া ঘৰতে ইগিল-থিগিল কৰি ঘুৰি ফুৰিছে।ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাসটো পাহৰা আজি বহুদিনেই হ’ল।আগদিনা ৰাতিয়েই বুঢ়ীয়ে তাক শাকনি বাৰীত গৈ বস্তুকেইপদ বান্ধি থৈ অহাৰ কথা কৈছিল।সেয়ে, সি আনদিনাতকৈ সোনকালে শোৱাপাটি ত্যাগ কৰিলে।লৰা-লৰিকৈ মুখ খন ধুই লালচাহ এবাতি ততাতৈয়াকৈ খাই বুঢ়ীয়ে বাঢ়ি দিয়া পঁইতা ভাত এমুঠি লৰালৰিকৈ গিলি শাকনি বাৰীলৈ বুলি ৰাওণা হ’ল।
শীতৰ কুৱলী সনা ৰাতিপুৱা।তেতিয়াও সূৰ্য দেৱতাই ভালদৰে দেখা দিয়া নাই।পুৰণি এৰি চাদৰখন গাত মেৰিয়াই লৈ লুঙলুঙীয়া বাটটোৰে সি মঠাউৰিৰৰ কাষত থকা বাৰীখনলৈ বুলি খোজ দিলে।নিয়ৰত তাৰ গাটো জথৰ হোৱা যেন অনুভৱ হ’ল।তথাপি বুঢ়ীৰ কাৰা নিৰ্দেশ মানি যাব লগা হোৱাত তাৰ ভিতৰি ভিতৰি খং এটাই খুন্দিয়াই থাকিল।কিছু সময়ৰ পিছতে সি শাকনি বাৰীত হাজিৰ হ’ল।
শাকনি বাৰীত সোমাই সি প্ৰথমে, বুঢ়ীয়ে টেকেলিত চূণ চাঁই বুলাই আঁকি দিয়া মানুহটো জেউৰা খুটি এটা মাটিত পুটি আঁৰি দিলে আৰু ক’লে—
“হে’ৰো টেকেলি আজিৰ পৰা তই হ’লি ফুলমাই বুঢ়ীৰ শাকনিবাৰীৰ অবৈতনিক ৰখীয়া।চাবি যাতে পৰৰ মানুহৰ নজৰ লাগি লাও কলি,কলিতে নমৰহে,আলুখিনি থলিতে নেগেলে।গতিকে টেকেলি মহাশয় আপোনাক এই দায়িত্বভাৰ অমুকাই অৰ্পণ কৰিলোঁ।আশাকৰোঁ দায়িত্বভাগ খুব নিষ্ঠাৰে পালন কৰিব দেই”।
বুঢ়ীয়ে কোৱা ধৰণে টেকেলিটো আঁৰি দিয়াৰ পিছত সি লাউ হেন্দালীখনৰ কাষলৈ গ’ল।আৰু হেন্দালীত পুৰণা জোতা আৰু ফটা চেন্দেল যোৰ আঁৰি দি ক’লে—
“লাউ গছত বান্ধিলো জোতা,বান্ধিলো চেণ্ডেল,
নালাগক পোক,নালাগক নজৰ,
লমা লমে গুটি লাগ,
সেই উদ্দেশ্যেই বান্ধিলো তোক”।
‘জোতা চেণ্ডেলৰ এন্টিবায়টিক ওলোমাই দি সি খিক্-খিককৈ হাঁহি উঠিল। আৰু মুখৰ ভিতৰতে কৈ উঠিল।“বাঃ কি ধুনীয়া এন্টিবায়টিক”।
এনেদৰেই গাঁৱৰ হোজা মানুহবোৰে মান্ধাতা যুগৰ নীতি নিয়ম পালন কৰি আহিছে।‘কাৰোবাৰ ঘৰত ন-কৈ জন্ম হোৱা শিশুৱে আমনি কৰিলে।ল’গে ল’গে বাসন্তী বাইক নিমন্ত্ৰণ।বাসন্তী বাইয়ে নিমন্ত্ৰণ ৰক্ষা কৰি সহায় কৰিবলৈ ঢাপলি মেলি আহে।এদিন পোনাকনৰ খুৰীয়েকৰ এমহীয়া শিশুটিৰ হথাৰ্ত কান্দোন বন্ধ নোহোৱা হ’ল।ল’গে ল’গে খূড়াক ‘সৰ্বানন্দই’ পোনাকনক ক’লে- “তই গৈ বাসন্তী বাইক মই মাতি পথিয়া বুলি কবি”।খূড়াকৰ কথাত পোনাকণ ততাতৈয়াকৈ গৈ বাসন্তী বাইক মাতি আনিলে।বাসন্তী বাই আহিয়েই মজিয়াত একুৰা জুই জ্বলালে আৰু কেঁচুৱাটো হাতত লৈ মন্ত্ৰ মাতি মাতি সৰিয়হবোৰ জুইত চটিয়াই গ’ল।কিছুসময়ৰ পিছত কেঁচুৱাটোৰ কান্দোন বন্ধ হ’ল।বাসন্তী বাইয়ে ক’লে-
“চুঙা বাদুলি ঘৰৰ ভিতৰত সোমাইছিল ছাগে,সেয়ে কেচুঁৱাটোৱে তেনেকৈ কন্দা-কটাখন কৰিছে,‘হোঁ ল’ সৰস্বতী’।এতিয়া আৰু সি আমণি নকৰে;কাইলৈ ৰাতিপুৱা,মই তাক এটা তাবিজ পিন্ধাই যামহি দে”।
বাসন্তী বাইয়ে তাবিজ দিয়া,মুখলগা ভঙা,কাৰোবাৰ ডিঙিত মাছৰ কাঁইট লাগিলে জাৰি-ফুকি দিয়া,কোনোবা এঁৱা ছোৱালী শান্তি নহ’লে পানী কাটি দিয়া,কাৰোবাৰ বিয়াত ৰাহি যোৱা নাহিলে ৰাহি যোৱা আনি দিয়া,ৰাহু-কেতুৰ দোষ খণ্ডন কৰা আদি কামবোৰৰ দায়িত্ব বাসন্তী বাইৰ।মুঠতে বাসন্তী বাই ৰতনপুৰ গাঁৱৰ ‘চেমি ডাক্তৰণী’।পোনাকণৰ মনে কথাবোৰ মানি লব নুখোজে ,যদিও সমাজৰ এলান্ধুকুলীয়া ৰীতি নীতিবোৰ সি সৰুৰে পৰাই দেখি আহিছে।সি কেতিয়াবা প্ৰতিবাদ কৰি আয়েকক সুধিলে ফুলমাই বুঢ়ীয়ে কয়- “সমাজ এনেকৈয়ে চ’লে পোনা”।(ক্ৰমশ:)


( গল্প:- শতিকাৰ জাহাজ দ্বিতীয় খণ্ড)
ফুলমাই বুঢ়ীয়ে কোৱা ধৰণে কামখিনি শেষ কৰাৰ পিছত সি মঠাউৰিটোৰ গাতে লাগি থকা বাঁহ গছজোপাৰ পোনে পোনে পৰা ৰ’দকাচলিত ক্ষন্তেক সময় বহি পৰিল—
ঠিক সেই মহুৰ্ততে ‘কনপাই আৰু কণটিলোৱে’ গৰু এজাক পথাৰত চ’ৰাবলৈ বুলি মঠাউৰিটোৰ ওপৰেদি আহি থকা সি দেখা পালে।সিহঁতে আহি আহি এৰাবাৰীখন পোৱাৰ ল’গে ল’গে ‘কণটিলোৱে কনপাইক’ ক’লে-
-“ঐ কনপাই চা’চোন চা’,যখিনীৰ বাৰীখনত কেনেকৈ ৰবাব টেঙাবোৰে মোক খা-মোক খা’কৈ ওলমি আছে।ব’ল ৰবাব টেঙা কেইটামান পাৰি লৈ যাওঁ।
কনটিলৌৰ কথাত কনপাই কলেঃ-
-“নাই নাই মোৰ ভয় লাগে দেই।‘মানুহে কোৱা শুনিছো যখিনীৰ বাৰীত মানুহটো বাদেই, ‘গৰু ছাগলী সোমালেও হেনো যখিনীয়ে খাই পেলাই’।‘যখিনীৰ বাৰীৰ ৰবাব পাৰি খাবলৈ গ’লে গাত হেনো দেও ভূতে লম্ভে’।নাই…..নাই….মই নাযাওঁ দেই মোৰ বৰ ভয় লাগে”।
“ব’ল ব’ল একো নহয়।‘মই আছো নহয়’ ! এন্ধাৰ হ’লেহে দেও ভূত ওলাই।‘এতিয়াতো এন্ধাৰ নহয় ; যদি কিবা কাৰণত দেও ভূতে খেদি আহে; তেতিয়া এই ‘গুল্টিছ’ পাতেৰে দেও ভূতৰ মাঠা ফুটাই দিম আকৌ!তই এইপাত লৈ ৰেডি হৈ থাক।মই দেও ভূতে গম নোপোৱাকৈ ৰবাব কেইটামান পাৰি আনোগৈ”-কনটিলৌৱে ক’লে।
কনটৌলোৰ সত-সাহসটো অলপ বেছি।তাৰ কথামতে কনপাইয়ে গুল্টিছ পাত লৈ ৰেডি হ’ল আৰু মৰসাহ কৰি মঠাউৰিটোৰ পৰা দুয়ো লাহে লাহে বাৰীৰ ভিতৰলৈ সোমাই গ’ল। কিছুদুৰ যোৱাৰ পিছতে ক’ৰপৰা জানো হৰ্থাত এটা ক’লা মেকুৰী সিহঁতৰ মুখৰ আগেদি টেলেকা টেলেক চকু দুটাৰে সিহঁতলৈ চাই ‘মেও-মেওকৈ’ মাত দি জাপ মাৰি পাৰ হৈ গ’ল ধৰিবই নোৱাৰিলে।দুয়ো ভয় খাই দিক-বিদিক জ্ঞান হেৰুৱাই দৌৰলে,মাথো দৌৰিলে.....।দুয়ো ইমানেই দৌৰিলে যে সিহঁতে কেতিয়া গৈ নদীৰ পানীত হামখুৰি খাই পৰিল গমকে নাপালে।
বাহঁজোপাৰ তলৰ পৰাই পোনাকনে সিহঁত দুটাৰ আচৰণ দেখি হাহিঁ উঠিলে-“এৰা আজিও সেই বাৰীখনত মানুহে যখিনী থাকে বুলিয়েই বিশ্বাস কৰে,ৰাতি হ’লে মঠাউৰিৰ কাষলৈ কোনো নাহে ৰাক্ষসিনীয়ে হেনো বাট ভেটি ধৰে।”
সি বহি থকা বাঁহ জোপাৰ পৰা কিছু দূৰ নিলগতে এৰাবাৰীখন।সেই এৰাবাৰীখনত আজিও বাসন্তী বাইৰ ওঁৱলি যোৱা জুপুৰিতো থিয় দি আছে।এৰাবাৰীখন ডাঠ জংঘলৰে ভৰি পৰিছে।তাৰ কাষতে এজোপা বৰগছ।বৰগছজোপাত এখন ৰঙাকাপোৰ বান্ধি থোৱা আছে।তলত কেইটামান ঘট,ধূনাদানি তেতিয়াও চিটিকি পৰি আছে।‘ৰবাব টেঙাবোৰে মোক খা-মোক খা কৈ ওলমি আছে’। “কোনোবা গৰখীয়া ল’ৰাই সাহস কৰা হ’লে হয়তো ঘট টেকেলী কেইটা কেতিয়াবাই নিলে হয় আৰু ৰবাব টেঙাবোৰ কেতিয়াবাই পাৰি খালে হয়”।কিন্ত,ঘট টেকিলি কেইটা নিবলৈ সাহস কৰিবই বা কেনেকৈ,ৰবাব টেঙা পাৰি খাবই বা কেনেকৈ ? সকলোৰে বিশ্বাস কৰে যে ‘সেইটো হেনো ডাইনীৰ ঘৰ,তাত হোনো যখিনী ছোৱালী থাকে’।ইত্যাদি,ইত্যাদি অপবাদ।
সি দেখিছিলে দুয়ো মাক জীয়েকে বৰ গছজোপাৰ তলতে সদায় একান্তমনে ঈশ্বৰক পুৱা গধূলি আৰধণা কৰিছিল।জুপুৰিটোৰ চাৰিওফালে এতিয়া হাবি বননিয়ে বেৰি ধৰিছে।বৰগছৰ ৰঙাকাপোৰখন ৰ’দ বৰষুণত জৰাজীৰ্ণ অৱস্থা হৈছে।আজি কেইবছৰমানৰ আগলৈকে বাসন্তী বাই আৰু তেওঁৰ একমাত্ৰ জীয়েক ৰাংঢালীয়ে সুখে শান্তিৰে সেই জুপুৰিটোতে বসবাস কৰিছিল।কিন্তু এতিয়া কেৱল কিংবদন্তী হিচাপে জয়াল বাৰীখন আৰু ওৰুখা পজাঁটো গম্বুজ এটাৰ দৰে থিয় দি আছে।কালৰ কুটিল নিষ্ঠুৰ সময়ৰ হাতত ধৰাসয়ী হোৱা বাসন্তী বাইয়ে সকলো হেৰুৱাব লগা হৈছিল।ৰাজৰাণীৰ দৰে জীৱন অতিবাহিত কৰা বাসন্তী বাই স্বামীৰ মৃত্যুৰ পিছত শহুৰেকে জীৱকান্তই নানা শস্তি দিছিল।কেতিযাবা চুবুৰিৰ মানুহে শুনাকৈ জীৱকান্তই কৈছিল—
— “ঐ বাপেৰৰ ঘৰৰ পৰা লগত কি দাল লৈ আহিছিলি ? আউমৰণে মৰা,কটা গোলামৰ জাত,মোৰ ল’ৰাটোৰ মূৰটোতো খালিয়েই,এইবাৰ ঘৰৰ সকলোৰে মূৰ খাবি যেন লাগিছে।”
বাসন্তী বাইৰ অন্তৰখনে উচুপি উঠে,স্বামীৰ মৃত্যুৰ বাবে ঘৰৰ সকলোৱে কিয় তাইক দোষী বুলি ভাৱে।“ফটা কেঁথা ফাটিলে চিলাই কৰিব পাৰি;কিন্তু বিনা দোষত দুষিলে কাকো ক্ষমা কৰিব নোৱাৰি”।মাজে মাজে তাই খঙতে কবৰ মন যায়—
— “বিষ নাইকিয়া সাপৰ ফুচফুচনিয়েই বেছি,পুতেৰক শাসন কৰিবলৈ সাহস নহ’ল;ৰাতিয়ে দিনে সেই গেলা দৰা খাবলৈ যাওঁতে বাধা দিব নোৱাৰিলি, ‘মই বাধা দিওঁতে কৈছিলি নহয়, “মোৰ এটাই ল’ৰা,তাৰ যি মন যায় তাকে কৰিব”।এতিয়া কিয় মাথা ঘমাই মৰিছ,চাল্লা বুঢ়া ! বুঢ়া শগুন!এতিয়াও আৰ ঘৰে তাৰ ঘৰে চুৱা চেলেকি ফুৰ।বাপেক চায়হে পুতেক”।মুখ খুলি ক’ব নোৱাৰা কথাবোৰ তাইৰ মনৰ ভিতৰতে গুজৰি গুমৰি থাকে।
এনেদৰে প্ৰতিদিনেই যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলাইছিল জীৱকান্তই।এটা সময়ত এনে নিৰ্যাতন সহ্য কৰিব নোৱাৰি,ৰাজ কাৰেঙত ৰাজৰাণীৰ দৰে বাসকৰা বাসন্তী বাই কেচুঁৱাটো লগত লৈ আশ্ৰয় লৈছিলগৈ মঠাউৰিৰ কাষৰ সেই মাটিদ’ৰাত।গাঁৱৰ ৰমেন,হৰেণে তাইক এটা জুপুৰি সাঁজি দিছিল।‘দুখুনী বাসন্তী বাইৰ কোনো কালে দোষ নুগুছিল’।আৰ ঘৰে তাৰ ঘৰে কাম বন কৰিয়েই হওক নাইবা সৰু সুৰা বেজালি কাম কৰিয়েই চলাই নিছিল দুজনীয়া সংসাৰখন।লাহে লাহে চিতপখিলীজনীৰ দৰে হাঁহি এমোকৰা বুকুত বান্ধি ‘ৰাংঢালী’ এদিন গাভৰু হৈছিল।
উতনুৱা যৌৱনৰ বতাহ চাটিয়ে এদিন ৰাংঢালীকো কোবাইছিল।কুন্দত কটা ৰাংঢালী সাইলাখ গোঁসানীজনৰ দৰে আছিল।গাঁৱৰ প্ৰত্যেকজন পিলিঙা ডেকাই তাইক নাচালে হেনো চকুৰ টোপনি নাহিছিল।বাসন্তী বাইয়ে জীয়েকৰ গাত ভূত প্ৰেত,খেতৰ,অথবা পৰৰ নজৰ লাগে বুলি সদায় কপালৰ এচুকত এটা ক’লা ফুট দি ৰাখিছিল।ঢকঢকীয়া বগা,গালদুখনী গোলাপৰ পাহিৰ দৰে কোমল ছোৱালীজনীৰ কপালৰ এচুকত থকা ক’লা ফুটটোৱে সোনত সুৱগা চৰাইছিল।
বাসন্তী বাইয়ে জীয়েকক কৈছিল- “চুলি মেলি বাজলৈ নাজাবি,নজৰ লাগিব;ওৰুনাখন ভালকৈ লবি।বুকুৰ জপনা ভাঙি শিয়াল কুকুৰে খেদি আহিব ”।
এনেদৰে জীৱন বাটত আগুৱাই গ’ল ৰাংঢালী।তাইৰ ৰূপ লাৱন্যত মুগ্ধ হৈছিল ৰতনপুৰ গাঁৱৰ গাওঁবুঢ়া দাইটিৰ পুতেক ‘ৰংমন’।‘জীৱন বাটৰ সাৰথি হিচাপে ৰংমন তাইৰ বুকুৰ মানুহ’।দুয়ো মাজে মাজে লগ হৈছিল নৈৰ পাৰৰ কহুঁৱাবোৰৰ আঁৰত।কঁহুৱাবোৰেৰ দৰে দুয়ো আনন্দত হালি জালি ওমলিছিল।অস্তমিত সুৰুযৰ হালধীয়া ৰেঙণীখিনি পানীত পৰি জিলিকি উঠিছিল।ফাগুনৰ পচোৱা এজাকে যেন আহি তাইৰ বুকুৰ আঁচল খহাইছিল।খৰালি শান্ত শিষ্ট হৈ বৈ যোৱা নৈ খনৰ দৰে ক্ৰমশঃ সপোনৰ নদীখনেও বহুদুৰ আগুৱাই গৈছিল।
মাক বাসন্তীয়ে জীয়েকক ৰংমনৰ সৈতে বেছিকৈ মিলা মিছা দেখি সাৱধান বানী শুনাইছিল-“ঐ চিতপখিলীজনীৰ দৰে উত্তাল হৈ ঘুৰি নফুৰিবি,বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবি,আমি সৰু মানুহ;সৰু সৰু সপোন দেখিবি”।
মাকৰ কথাত জীয়েক ৰাংঢালী মান্তি নহ’ল আৰু ক’লে-“গোলাপৰ ফুল ছিঙিবলৈ যাওঁতে কাঁইটে বিন্ধিব পাৰে,সেই বুলি গোলাপফুলপাহ দেখিলে ছিঙিবৰ মন নাযাবনে আই!ৰংমন ভাল ল’ৰা, সি মোক এৰি থৈ কলৈকো আঁতৰি নাযায় আই।”
এনেদৰে আগুৱাই গ’ল জীৱনৰ বহুখিনি সময়।এদিন দুয়ো নৈৰ পাৰত বহি ওমলি থাকোতে দেখা পালে ভদ্ৰকান্তই।‘ভদ্ৰকান্ত’ মানে আমাৰ গাওঁবুঢ়া দাইটিৰ পোহনীয়া লিগছৌ।ভদ্ৰকান্ত!নামটো ভাল,কিন্তু কামবোৰ.......? আৰ ঘৰৰ কথা তাৰ ঘৰত কৈ চাহ তামোলৰ জুটি লোৱা ভদ্ৰাকান্তই পোনচাটেই আহি গাওঁবুঢ়া দাইটিক কথাষাৰ ক’লে-“বোলো দাইটি কথা বিষম দেখিছো।‘বৰ হলি-গলি বুইছে’।‘বৰ হলি-গলি”।(ক্ৰমশ:)


(গল্প-শতিকাৰ জাহাজ, তৃতীয় খণ্ড)
“আৰে কি হৈছে খুলি নকৱ কিয়.....?” গাওঁবুঢ়া দাইতিয়ে ভদ্ৰকান্তক উদ্দেশ্যী ক’লে।
“হেঃ হেঃ নক’ম কিয়…? ক’ম ক’ম ৰৱ।‘কথা শুনি তলৰ মাটি ওপৰ নকৰিলেই হ’ল মাথো’। অ’ আমি চকুৰে দেখা কথাষাৰ নকৈতো নোৱাৰো বুজিছে।‘বৰ হলি-গলি’।‘বৰ হলি-গলি হৈছে।‘মানে আপোনাৰ একমাত্ৰ পুতেক ৰংমন সেই বাসন্তীৰ জীয়েকৰ লগত লেটি-পেটি আৰম্ভ হৈছে’।চকুৰ পাক এটা দি।‘অ’ কিবা এটা কৰক নহ’লে আপোনাৰ নাকটো গুৰিতে কাটিব যেনহে পাওঁ।ইচ চিঃ চিঃ অ’ মোৰ গোঁসাই সজ ল’ৰাটো বাসন্তিয়ে বেয়া কৰি পেলালে।হৰি হৰি বুলিছো আৰু !”
কথাশুনি গাওঁবুঢ়া খঙত কালীগোঁসানীৰ দৰে কপি জপি উঠিল, ”এৰা কিবা এটা কৰিব লাগিব,নহ’লে এই ডাইনী জনীয়ে মোৰ ল’ৰাটোৰ মূৰটো খাই পেলাব।“হে প্ৰভু! মই কোন কাহানি পাপ কৰিছিলো জীয়াই জীয়াই এই নৰক যান্তনা দিছা যে ?”
ৰাতি ভাত খোৱা পাটত বহি গাওঁবুঢ়াই কথাষাৰ উলিয়ালে।“ৰংমন তই বোলে আজিকালি নদীৰ পাৰলৈ বৰকৈ অহা যোৱা কৰ,শাকনি বাৰীলৈ বুলি যাৱনে ? নে ৰাংঢালীৰ লগত গা-ঘেলাই, গা-ঘেলাই বৃন্দাবনত ৰাসক্ৰীয়া কৰ ?”
“দেউতা এইবোৰ তুমি কৈছা কি ?” ‘মই মানে...মই মানে....।নাই….নাই….কাকো লগ কৰিব নাযাওঁ’।“কোনে ক’লে তোমাক ?”- সি ভয়ে ভয়ে কথাষাৰ ক’লে।
“মই সকলো গম পাইছো, অৱশ্যে এইটো বয়সত ভুল কৰাতো স্বাভাৱিক।কিন্তু সকলো ভুলৰে এটা শুদ্ধৰণি থাকে ; গতিকে আজিৰ পৰা তই নদীৰ পাৰলৈ বৰশী টোপাবলৈ যাব নোৱাৰ।
“কিন্তু দেউতা……?”
“কোনো কিন্তু নাই”।
ৰংমনে গাওঁবুঢ়া দাইটিৰ কথালৈ কানষাৰ নিদিলে।ইতিমধ্যে ৰংমন ৰাংঢালীৰ কথা গোটেই গাঁৱত তল ওপৰ হ’ল।সমাজলৈ ভয় নকৰি দুয়ো বহুদুৰ আগুৱাই গ’ল।
“কথা ক’লে নুশুনিছিলি নহয় !এতিয়া পা মজাটো;আজি বা কাইলৈ যেতিয়া সকলো তোৰ গাত লেঠা বুলি গম পাব তেতিয়া কি কৰিবি ? ইমান মানা কৰিছিলো,বোলো এই শিয়াল,কুকুৰ বোৰক বিশ্বাস নকৰিবি, ‘সিহঁতে সাপ হৈ খুতে, বেজ হৈ জাৰে’।সেই শিয়াল মখাই চলনা কৰি কৰি নাৰীৰ কোমল মাংসবোৰ চুহি চুহি খায় ;ক’তা আজি কেইবাদিনো ধৰি দেখোন সি এইফালে নহাই হ’ল ?” —বাসন্তী বাইয়ে কথাষাৰ খঙতে ক’লে।
“আহিব আই ! সি আহিব”।সিও জানে, “মোৰ গৰ্ভত তাৰ সন্তান”। ৰংমন তেনেকুৱা নহয় আই ; সি শিক্ষিত ল’ৰা।সমাজলৈ সি ভয় নকৰে।সি সোনকালে আহি মোক তাৰ আপোন কৰি ল’ব।‘তেতিয়া বৰ ভাল লাগিব আই।“সি মোক ৰাজৰানীৰ দৰে সুখত ৰাখিব আৰু মই চিতপখিলীজনীৰ দৰে ফুলে ফুলে উৰি ফুলৰ মৌ চুহি খাম”।
জীয়েকৰ নীলৰঙী সপোনৰ বাট কাটি বাসন্তীয়ে ক’লে-
— “হ’ব হ’ব মনে মনে থাক।সাগৰলৈ বহুদুৰ।যেতিয়া তোক আপোন কৰি ল’ব তেতিয়াহে বিশ্বাস কৰিম ভদ্ৰতাৰ মুখা পিন্ধা সেই চাম লেকেতা চামৰাখাই জীয়াই থকা কুকুৰৰ স্বভাৱ”।
লাহে লাহে ৰাংঢালী অন্তসত্বা হোৱাতো গোটেই গাৱঁত ইকানে সিকানে বিয়পি পৰিল।গাওঁবুঢ়াৰ নাকটো গুৰিতে কটা যেন অনুভৱ কৰি বাসন্তী বাই আৰু ৰাংঢালীক কিদৰে শেষ কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিলে আৰু বুদ্ধি লগাই ৰংমনক চহৰত থকা মোমোয়েকৰ ঘৰলৈ পঠাই দিলে।বাপেকৰ কথা পেলাব নোৱাৰি ৰংমন যাবলৈ বাধ্য হ’ল।
ইয়াৰ পিছতে ভদ্ৰকান্ত আৰু গাওঁবুঢ়া দাইটি মিলি বাসন্তী বাই আৰু ৰাংঢালীক শেষ কৰাৰ বাবে কুচকাৱাজ চলালে-
“দাইটি, আৰু অপেক্ষা কৰি লাভ নাই,অতি সোনকালে ইহঁত মাক জীয়েকক ডাইনী সজাই কেৰাচিন ঢালি জ্বলাই দিয়াৰ ব্যৱস্থা কৰা হওক।নে কি কয়....?” —ভদ্ৰাকন্তই কৈ উঠিল।
ভদ্ৰকান্তৰ কথাত গাওঁবুঢ়া দাইটিয়ে কলে –“এৰা থিকেই কৈছ তই।শুভকামত পলম নকৰাই ভাল ;এনেকুৱা এটা বুদ্ধি সাজি সিহঁতক হ্ত্যা কৰিলে আইনৰ চকুতো আমি সাৰি যাম”।‘হেঃ হেঃ নহয়নে...?’
“কিন্তু কৰা যায় কেনেকৈ …….?”
‘বুদ্ধি আছে দাইটি’।‘অমুকাৰ বুদ্ধি আছে’।“অহা মঙ্গল বাৰে বৰনামঘৰত বাৰ্ষিক ভোজ আছে,গতিকে আমি যদি সেই ভোজত ৰাসায়নিক কীটনাশক দ্ৰব্য মিলাই দিওঁ ;তেতিয়া গাৱঁৰ মানুহ দুই এজন হয়তো মৰিব, নাইবা ভোজ খোৱাৰ পিছত প্ৰায়বোৰ মানুহে তেজ বমি কৰিব,সেই সুযোগতে মঙ্গলতি বুঢ়ীৰ হতুৱাই মঙ্গল চোৱাই গাঁৱৰ ৰাইজৰ আগত ইহঁত মাক জীয়েকক ডাইনী বুলি পৰিচয় কৰাই দিম।তেতিয়া গাৱঁৰ মানুহবোৰে ক্ষোভতে সিহঁত মাক জীয়েকক ডাইনী বুলি ভাৱি আক্ৰমণ কৰিবলৈ উত্তেজিত হ’ব।আৰু সেই সুযোগতে আমি দুযোজনীকে কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ ব্যৱস্থা কৰিম।হেঃ হেঃ বুদ্ধিটো বেয়া পালে নেকি দাইটি ?”-ভদ্ৰকান্তই কৈ উঠিল।
:“হেঃ হেঃ তই মোৰ মনৰ কথাটোকে কলি ভদ্ৰ”---গাওঁবুঢ়া দাইতিয়ে টপৰাই মাত দিলে।
ভৱামতেই মঙ্গলতি বুঢ়ীক গাওঁবুঢ়াই টকা দি নিজৰ হাত কৰি ললে।আৰু কীটনাশক দ্ৰব্য যোগাৰ কৰিলে।কীটনাশক দ্ৰব্য ভোজৰ ৰন্ধন কাৰ্যত মিলাই দিয়াৰ দায়িত্ব ল’লে ভদ্ৰকান্তই নিজে।
‘মঙ্গল বাৰ’।নমঘৰত বাৰ্ষিক ভোজৰ বিশাল আয়োজন,গাৱঁৰ কাষৰ ভোগদৈ বিলৰ মাছ;হাহঁমাংস শুকান কোমোৰাৰ জোল।মুঠতে নানা ব্যঞ্জণেৰে মুখৰোচক আহাৰ।অতিথি অপ্যায়নৰ ঠিক আগমূহুৰ্তত চেগ বুজি ভদ্ৰকান্তই মিলাই দিলে ৰাসায়নিক কীটনাশক দ্ৰব্য।সকলো হাহি ফুৰ্তিৰে ভোজ খালে।ভোজ খাই শেষ হোৱাৰ ঠিক এক দুই ঘন্টা মানৰ পিছত গাৱঁত আৰম্ভ হ’ল গ্ৰহণী সদৃশ ৰোগ।কোনোবাই যদি তেজ বমি কৰিছে , আকৌ কোনোবা ঢলি পৰিছে।চিকিৎসালয়ত খবৰ দিবলৈ কাৰো গাত ধৈৰ্য নাই।‘কোনোবাই কান্দিছে’।‘কোনোবা পগলাৰ দৰে হৈছে’।খবৰ দিলেও জানো ডাক্তৰ আহিব।গাওঁখনলৈ অহা যোৱা কৰা একমাত্ৰ ৰাস্তাটোও ভাল নহয়।নিশা হ’লে সেই ৰাস্তাৰে কোনো মানুহ পাৰ হৈ আহিব নোৱাৰে।অহা যোৱা কৰা বাটত বাঘ, বনৰীয়া হাতী ওলাই।
গাৱঁৰ ৰাইজে উপায় নাপায় মঙ্গলতি বুঢ়ীক মাতি আনিলে।মঙ্গলতি বুঢ়ীয়ে মঙ্গল চালে।মঙ্গলতি বুঢ়ীৰ মঙ্গল কেতিয়াও হেনো ভুল নহয়।‘গাওঁবুঢ়া দাইটিয়ে ভয় খাইছিল’।কিজানি মঙ্গলতি বুঢ়ীয়ে মঙ্গলত সঁচা কথাটো কৈ দিয়ে।‘মঙ্গলতি বুঢ়ী কেতিয়াও ঠগবাজী নহয়’।সেয়ে গাওঁবুঢ়া দাইটিয়ে কোৱা অনুসৰি বুঢ়ীয়ে তপ যপ আৰম্ভ কৰিলে।কঁপি কঁপি বুঢ়ীয়ে কৈ উঠিল-“গাৱঁত কোনোবা অপদেৱতাৰ নজৰ লাগিল”।
সকলো আছৰিত হ’ল, আৰু ক’লে-------“অপদেৱতা ! ”
মঙ্গলতি কলে-
“অ’ অপদেৱতা”! গাৱঁৰ মঠাউৰিটোৰ কাষত থকা এটা ঘৰত এজনী বাৰী তিৰোতাই এজোপা বৰগছৰ তলত বীৰা পূজা কৰিছে,অশৰীৰৰ আত্মাক মাতি পূজা অৰ্চনা কৰিছে।সেই পূজাত দেৱতা সন্তুষ্ট নহৈ গোটেই গাৱঁত মানুহৰ কেঁচা তেজ বিচাৰি বনাই ফুৰিছে;গতিকে ৰাইজ সেই বাৰী তিৰোতাক শেষ কৰাৰ লগতে সেই পূজা কৰা বস্তুবোৰ অতি সোনকালে নদীত উটুৱাই দিলেহে গাৱঁৰ সকলো মানুহ সুষ্ঠ হৈ উঠিব”।
“কোন সেই বাৰী তিৰোতা...?”
-- ৰমেনে মাত দিলে।–“এইবোৰ মিছা কথা”।
মঙ্গলতি খঙত পুনৰ কঁপি জপি উঠিল।“মোৰ মঙ্গলে মিছা কথা নকয়,কেতিয়াও মঙ্গলতিৰ মঙ্গল ভুল নহয়।প্ৰয়োজন হ’লে মই নাম কব পাৰিম।
ৰমেনে ক’লেঃ-“ক’ তেন্তে…..?”(ক্ৰমশ:)
(গল্পঃ-শতিকাৰ জাহাজ,চতুৰ্থ খণ্ড)
“অ’ শুন।নাম তাইৰ বাসন্তী ;জীয়েক অন্তসত্বা হোৱাৰ বাবে তাই সেই সন্তানক গৰ্ভতে শেষ কৰাৰ উদ্দেশ্যে এই বীৰা পূজা আজি কিছুদিনৰ পৰা কৰি আহিছে।সেই পূজাত দেৱতা সন্তুষ্ট নহৈ দিহিঙে দিপাঙে ঘুৰি ফুৰিছে,মানুহৰ কেঁচা মাংস আৰু কেঁচা তেজ বিছাৰি।
নাম শুনি সকলো ৰাইজ ক্ষোভিত হ’ল।ল’গে ল’গে সকলো মানুহ গৈ বাসন্তীৰ ঘৰত হাজিৰ হৈ বাঁহৰ দৰ্জাখন ভাঙি মাক জীয়েকক চোচোৰাই চোচোৰাই বাহিৰলৈ টানি আনি দুযোজনীকে মাৰ ধৰ কৰিলে।
কিছুমানে ডেকা ল’ৰাই কৈ উঠিল—
“তহঁত ডাইনী,তহঁত যখিনী,তহঁত ৰাক্ষসিনী’।তহঁতে অপদেৱতাক পূজা কৰি গাৱঁৰ মানুহৰ এনে অৱস্থা কৰিছ”।
সুযোগ বুজি ভদ্ৰকান্তই নামাতি নোৱাৰিলে-
“ৰাইজ ইহঁতক কেৰাচিন ঢালি জ্বলাই দিয়া যাওক নহ’লে ইহঁতে গোটেই গাৱঁৰ মানুহৰ কেঁচা তেজ খাই চুহি চুহি খাব।আমাৰ আপোন মানুহবোৰ আমি হেৰুৱাব লাগিব”।
ৰাইজৰ মাৰ পিটত বাসন্তী মাটিত ঢলি পৰিল।ৰাংঢালীয়ে কান্দি কান্দি কৈ উঠিল-
“আমি ডাইনী নহয় ৰাইজ,আমি যখিনী নহয় ৰাইজ,আমি মানুহ,আপোনালোকৰ দৰে তেজ মঙহৰে গঢ়া আমিবোৰ সঁচা মানুহ,আমাক নামাৰিব ৰাইজ।আইক নামাৰিব”।
“আই অ’ তোক ইহঁতে মাৰি পেলালে।এইয়া চা মোকো মাৰিছে,আই অ’ চা চা মোৰ দুয়ো কপালেদি তেজ বিৰিঙি আহিছে”।
গাওঁবুঢ়াই খঙত কৈ উঠিল-
“ৰাইজ পলম কৰি নাথাকিব ইহঁত মাক জীয়েক দুযোকে শেষ কৰি পেলাওক, “ঐ ভদ্ৰ দে দে কেৰাচিন খিনি ঢালি দে ইহঁতৰ গাত”।
ভদ্ৰাকান্তই কেৰাচিনখিনি দুয়োজনীৰে গাতে ঢালি দি পকেটৰ পৰা জুইশলাটো উলিয়াই হাঁহিঁ হাঁহি ক’লে-“ইহঁত ডাইনী।ইহঁত যক্ষিনী”।
জুইত চগা,ফৰিং,আদি কীট পৰিলে যিদৰে ছটফটাই থাকে ঠিক সেইদৰে দুয়ো মাক জীয়েক চটফটাই চটফটাই মৃত্যুক আকোঁৱালি ল’লে।দুয়োজনীকো মাটিত গাত খান্দি পুতি থলে।ইয়াৰ পিছতে।মঙ্গলতি বুঢ়ীয়ে কোৱাৰ দৰে সিহঁতে পূজা কৰা সামগ্ৰী সমুহ লণ্ডভণ্ড কৰি নদীত উটুৱাই দিলে।
সকলো গাৱঁৰ ৰাইজ,গাওঁবূঢাই স্বস্তিৰে নিশ্বাস ল’লে।যদিও গাৱঁৰ মানুহ সুস্থ নহ’ল।পিছদিনা ৰাতিপুৱাই চহৰৰ ডক্তৰক ৰমেন দাইতিহঁতে মাতি আনিলে।সকলো ৰোগীকে চোৱাচিতা কৰিলে।ডক্তৰৰ অনুসন্ধানত ধৰা পৰিল গোটেই ঘটনাটোৰ আচল ৰহস্য।গাৱঁৰ ৰমেনে দাইতিয়ে ডক্তৰক সকলো কথা বিৱৰি ক’লে।কথা শুনি ডক্তৰ চাৰ আছৰিত হ’ল।“তেওঁ কলে একবিংশ শতিকাৰ জাহাজ খন বহুদূৰ আগুৱাই গ’ল।কিন্তু এতিয়াও হয়তো বহু পিছ পৰি ৰ’ল আমাৰ সমাজ,আমাৰ সভ্যতা”।
ডক্তৰৰ ৰিপট অনুসৰি সেই ভোজৰ খাদ্যত মিলোৱা হৈছিল ৰাসায়নিক কীটনাশক দ্ৰব্য।চহৰৰ আৰক্ষী বিষয়া সুনন্দই গোটেই ঘটনাটো অনুসন্ধান কৰি শেষত গম পালে গাওঁবুঢা,ভদ্ৰকান্ত আৰু মঙ্গলতি বুঢ়ী গোটেই ঘটনাটোৰ লগত জড়িত।তাৰ পিছত সকলোকে আটক কৰি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিলে।
ৰ’দকাচলিত বহি গোটেই ঘটনাটো মনত পৰাত দুখ আৰু বেজাৰত পোনাকনৰ চকুৰ পানী ওলাই আহিল।সেই জৰাজীৰ্ণ জুপুৰিটো দেখিলেই এবাৰ হ’লেও তাৰ মনত পৰে বাসন্তী বাই আৰু চিতপখিলাৰ দৰে উৰি ফুৰা চিতপখিলী ৰাংঢালীৰ কথাবোৰ।
হয় সেই ডক্তৰ চাৰে কোৱাৰ দৰে আজি তাৰো অনুভৱ হৈছে-“লাও গছত পোক লাগিলে ফুলমাই বুঢ়ীয়ে কোৱাৰ দৰে সি জোতা চেন্দেল আঁৰিলে নহব।ইয়াৰ বাবে প্ৰয়োজন হোৱা উপযুক্ত ঔষধ ব্যৱহাৰ কৰিব লাগিব”।ল’গে ল’গে সি লাও হেন্দালীখনৰ কাষলৈ গ’ল আৰু আগতে বান্ধি দিয়া চেণ্ডেল জোতাযোৰ খুলি পেলালে।হয় ‘সি এতিয়াৰে পৰা লাওজোপাত ঔষধ প্ৰয়োগ কৰিব।বৈজ্ঞানিক দৃষ্ঠভংগীৰে কথাবোৰ চালি জাৰি চাব’।
তাৰ কেতিয়াবা চিঞৰি চিঞৰি কবৰ মন যায়-
"বাসন্তী বাই ডাইনী নহয়,ৰাংঢালী যখিনী ছোৱালি নহয়;সেইয়া আছিল মানুহৰ অন্ধবিশ্বাস”।“কিন্তু কথাবোৰ ক’ব কেনেকৈ”…?
‘অন্ধবিশ্বাসৰ ডাৱানলত পোত খাই থকা গাওঁ ৰতনপুৰ’।‘ইতিহাসৰ পৃষ্টাই পৃষ্টাই লিখি থৈ যোৱা সেই কাহিণী, সমাজৰ সেই এলান্ধুকুলীয়া ৰীতি নীতি, সমাজত চলি থকা ৰক্তবীজৰ দৰে শিপাই যোৱা অন্ধবিশ্বাসবোৰে কোনে আঁতৰাব ?”
সি মনতে ঠিৰাং কৰিলে ‘সকলো দিশৰ পৰা পিছপৰা গাঁও ৰতনপুৰৰ প্ৰতিটো দিশৰ উন্নতিৰ বাবে যৎপৰোনাস্তি চেষ্ঠা কৰিব লাগিব তাৰ দৰে শিক্ষিত যুৱচামে।‘একবিংশ শতিকাৰ জাহাজখন আগুৱাই যোৱাৰ দৰে সিহঁতেও আগুৱাই লৈ যাব লাগিব ৰতনপুৰ গাওঁ’।‘ৰতনপুৰ গাৱঁত চলি থকা অন্ধবিশ্বাস সমুহ আঁতৰাই।সি গঢ়ি তুলিব এখন সুস্থ সৱল আৰ্দশ গাওঁ’।
পুনশ্চঃ সি কৈ উঠিলঃ- “এৰা শতিকাৰ জাহাজখন বহুদূৰ আগুৱাই গ’ল………..।”
ঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃ


No comments:

Post a Comment