Wednesday, 7 January 2015

উৎসৱৰ মিঠা অনুৰণন ( মোৰ মিঠা অনুভব) : সাৰদা শ্ৰেষ্ঠা

ৰাখী পূৰ্ণিমাৰ দিনা বতৰটো ৰাতিপুৱাৰ পৰাই ফৰকাল নাছিল সিমান । শাওন মাহ । বৰষাই ছল পালেই তিয়াই দিব খোজে নিজৰ শীতলতাৰ মধুৰ পৰশেৰে । গৰমৰ পৰা সকাহ পাওঁ, ভাল লাগে । এটা বাৰ্তা পালো, মোবাইলত । সেউজীয়াৰ দূৰন্ত প্ৰেমিক অলক আকাশ তথা অলকেশ তালুকদাৰৰ পৰা । মনটো এক অনিৰ্বচনীয় আনন্দৰে উপচি পৰিল । বাৰ্তাৰ উত্তৰ ফোনেৰে নিদি ফেচবুকতেই দিলো । অলপ সময় ফেচবুকত আছিলো, তেতিয়া । দুপৰীয়ালৈ ডুবাল পিটা বৰষুণ এজাক আহিল । মনে মনে কিছু ভাল লাগিলেও এটা পাতলীয়া খঙে মনটোক জোকাই আছিল । এই দুপৰীয়াখন বৰষা নহাহ'লেওতো হ'লহেঁতেন । দুজন অনুজ আহিবলৈ আছে ! দুয়োজন অনুজ কবিবন্ধু ৰূপম সাউদ আৰু কংকণ কলিতা । তেওঁলোক দুজনলৈ অধীৰ উৎকণ্ঠাৰে ৰৈ আছিলো । তেনেতে এটা ফোন কল আহিল । সুমধুৰ কণ্ঠেৰে এজন অনুজে ক'লে সিটো মূৰৰ পৰা - "বাইদেউ, ভালেই আছে নে ?" মই নিজেই লাজ পালো । মই নিজেই ফোন কৰিব লাগিছিল...ছেহহ্ মইনো ইমান অমনোযাগী হ'ব লাগেনে ? এইজন এজন মৰমীয়াল অনুজ, যিজনক মই একোৱেই দিয়া নাই; অথচ মোক এই অনুজজনে অফুৰন্ত উমাল চেনেহৰে অহৰহ বুৰাই ৰাখে । যিজন মোৰ সহোদৰ নহয়, অথচ সহোদৰৰ সমানেই (হয়তো তাতোকৈ অধিক) মোক সমাদৰ কৰে, মোৰ কথা চিন্তা কৰে সেইজনক ফোন কৰিম বুলিও কিয় যে কৰা নাছিলো, ইমানপৰে । অপৰাধীৰ দৰে ক'লো - "মই তোমালৈ ফোন কৰাৰ কথা ভাবি আছিলো । কৰা নহ’ল, কৰিব নোৱাৰিলো...বেয়া নাপাবা…কিছুমান টেনচনত আছোঁ”। সিফালৰ পৰা মৰমীয়াল কণ্ঠেৰে অনুজজনে ক'লে - "নাই বাইদেউ, মই জানো নহয় ! সেইবাবেই মই নিজেই কৰিলো । আপোনাৰ ভাল হওঁক । সুখী থাকক আপুনি । আপোনাৰ দুখবোৰ, সমস্যাবোৰ আমি গা পাতি ল'ম, আপোনাৰ দুখবোৰ, বেদনাবোৰ আমালৈ আহক" । হতভম্ব হৈ শুনিছিলো । কি কয় এইবোৰ ? মুখৰ মাত হেৰাই গৈছিল কিছুসময়, মোৰ । এই পবিত্ৰ দিনাখন এনেকুৱা কথা এনেকৈ ইমান হিয়া পৰশি যোৱাকৈ ক'ব লাগেনে ? অন্তৰত কিমান মমতা থাকিলে এনেকৈ কোনোবাই শুভকামনা জনাব পাৰে ! কান্দিম নে হাঁহিম যেন অৱস্থা হ'ল মোৰ, কথাখিনি শুনি । চকুৰ কোণদুটাত দুটা মুকুতা ক'ব নোৱাৰাকৈয়ে জিলিকি উঠিল । মই লাহে লাহে ক'লো (আচলতে মোৰ কণ্ঠ ৰুদ্ধ হৈ গৈছিল, কথা কোৱাৰ শক্তি যেন হেৰুৱাই পেলাইছিলো মই) - "এনেকৈ কিয় কৈছা, কমল ? মোৰ দুখবোৰ মই তোমালোকক দিব পাৰোনে ? তোমালোকক মোৰ দুখবোৰ দি মই সুখে থাকিব পাৰিমনে ? এনে কথা ক'ব নাপায় । তাতকৈ কোৱা আপোনাৰ মংগল হওঁক মোৰো মংগল হওঁক, সকলোৰে মংগল হওঁক" । আকৌ সিফালৰ পৰা কোমল মাতেৰে ক'লে - "বাইদেউ, আপুনি সুখী থাকিলে আমি এনেয়ো সুখ অনুভব কৰিম" । মই যেন শীতল এজাক মিঠা বৰষুণত তিতিছিলো । সুখত নে দুখত নাজানো, মোৰ বুকুখন গধুৰ হৈ পৰিছিল ।
অনুজ দুজন প্ৰতিকূল বতৰকো নেওচি মোৰ ওচৰলৈ আহিছিল এটা সময়ত । ৰীতিমতে মই তেওঁলোক দুজনক শুভাশীষ জনালো । তেওঁলোকৰ আন্তৰিকতাত মুগ্ধ হ’লো । এমুঠি সুখৰ সান্নিধ্যেৰে মোৰ হৃদয় জীপাল কৰি তেওঁলোকে এসময়ত মোৰ পৰা বিদায় মাগিলে ।
আজি তিনিদিনে মই পাহৰিব পৰা নাই সেই আশীষ, সেই শুভকামনাৰ মাধুৰ্য । হয়তো মধুৰতাৰ এই অনুৰণন আজীৱন এক সুমধুৰ সংগীত হৈ মোৰ হিয়াত বাজি থাকিব । এয়াই দৰাচলতে উৎসৱৰ তাৎপৰ্য আৰু পবিত্ৰতা । এয়াই উৎসৱৰ প্ৰকৃত মাধুৰ্য । যি মাধুৰ্যই দূৰৈত থকা জনকো আন্তৰিকতাৰ স্পৰ্শৰে মহীয়ান কৰি তুলে । দি যায় এক অমিয়া সুখৰ জোকাৰণি ।
(এইজন মাজুলীৰ বাসিন্দা, ভ্ৰাম্যমাণ কবি, মোৰ মৰমৰ ভাতৃ ডাবল কমল; যাৰ চেনেহ পাই মই চিৰধন্য ।)
— with Rajib Kamal.
Unlike ·  · 167
  • Anupama Borgohain সঁচাই বৰ মিঠা অনুভৱ ! আপুনি সদায় এনে অমিয়া সুখ বিচাৰি পাওঁক - তাকে কামনা কৰোঁ !
  • Pranjal Bora হিয়া ভৰি গ'ল
  • Sarada Shrestha Ranjit Kumar Bora, ধন্যবাদ  ভাববোৰে যেতিয়া ঠেলা হেঁচা লগাই তেতিয়া শব্দবোৰে ৰং হেৰুৱাই পেলায় । শুধৰাই ল'লো...অনিৰ্বচনীয় ।
  • Sarada Shrestha Pranjal Bora, পঢ়িলা যে ভাল লাগিল ।
  • Sarada Shrestha Anupama Borgohain... ধন্যবাদ । তোমালোকৰ শুভকামনাৰ বাবেইতো মই এতিয়াও নিজকে সবলভাবে ধৰি ৰাখিব পাৰিছোঁ । কালি তোমাক লগ নোপোৱাহলে মোৰ কি হলহেঁতেন মই নিজেও নাজানো । কি কৰোঁ, কি নকৰোঁকৈ প্ৰায় বলীয়াৰ দৰে হৈ তোমাৰ কাষ চাপিছিলো । ভাগ্য ভাল আছিল মোৰ, তোমাক লগ পাইছিলো । তোমাৰ মৰমসনা কথাই মোক বহুখিনি সকাহ দিব পাৰিছিল । তুমি মোৰ আন এক শক্তি... অনু ।

No comments:

Post a Comment