Wednesday, 7 January 2015

স্বাধীনতা দিৱস, নষ্টালজিয়া আৰু কিছু অস্বস্তি : প্রাঞ্জল বৰা

= স্বাধীনতা দিৱস, নষ্টালজিয়া আৰু কিছু অস্বস্তি = (কবিতা নহয়)
স্বাধীনতা দিৱস বুলি শুনিলেই বুকুত দেশপ্ৰেমৰ সত্তা এটি উকমুকাই উঠে। "স্বাধীনতা দিৱস"- এই দুটি মাথোঁ শব্দই তৰংগায়িত কৰে শৰীৰ মন মগজু। প্ৰতিটো ১৫ আগষ্টতে অজানিতেই ঘূৰি যাওঁ অতীতলৈ; মোৰ ল'ৰালিলৈ। আজিও উভতিছোঁ। এনেকৈ…
২২ বছৰ। মাত্ৰ ২২ বছৰ আগৰ এখন ছবি। এখন চিনাকি খেলপথাৰ ! এজাক ল'ৰা-ছোৱালীৰ বৃত্তাকাৰ কক্ষপথ। আৰু মাজত সূৰ্যতকৈও অধিক জ্যোতিস্মান ত্ৰিৰংগ পতাকা ! বতাহত কঁপে। "জন গন মন"ৰ সুৰত আলোড়িত হয় বুকু। ৫২ ছেকেণ্ডৰ সেই সুৰ উশাহ হৈ সুমায় আৰু হেৰুৱাই পেলায় ওলাই অহাৰ বাট। দেশপ্ৰেম নুবুজা এজাক শিশুৱে কিন্তু ঠিকেই বুজে ত্ৰিৰংগৰ মহিমা; উপলব্ধি কৰে ইয়াৰ উত্তাপ। আসঃ কি মধুৰ আছিল সেই সময় !

কিন্তু এই সময় ! এই সময়ত ঠিয় হৈ ক'ব পাৰিনে নিজকে স্বাধীন বুলি ? চৰম অনিশ্চয়তাত বন্দী হৈ কেনেকৈ গাব পাৰি স্বাধীনতাৰ মন্ত্ৰ ! হিংসা, শোষণ, বিস্ফোৰণে জোকাৰি কলিজাত মৰহি যায় দেশপ্ৰেমৰ অদম্য হেঁপাহ। সম্প্ৰতি স্বাধীনতাৰ অন্য নাম আতংক।
অসম্ভৱ নেকি এই আতংকৰ নিবৃত্তি? ইমান কঠিননে গোটমৰা তেজত দেশপ্ৰেমৰ শশব্দ বিস্ফোৰণ ঘটোৱা ! নোৱাৰি নেকি কতিয়াও ত্ৰিৰংগৰ সেই একেই উত্তাপেৰে কলিজা তপতাই পুনৰবাৰ সমস্বৰে গাই উঠিব- "জন গন মন" !(?)
স্বাধীনতা দিৱসৰ শুভকামনাৰে…
Unlike ·  · 82

No comments:

Post a Comment