Saturday, 16 December 2017

এনেকৈয়েই চলি থাকে--- শঙ্কৰ জ্যোতি দত্ত

:: এনেকৈয়েই চলি থাকে... ::

কবিতাবোৰ শব্দ হয়
শব্দবোৰ পখিলা হয়
পখিলাবোৰ ৰং হয়
ৰঙীন বাবেই পখিলাবোৰ উৰণীয়া ।
জীৱনবোৰ উৰণীয়া হয়
উৰণীয়া হয় বাবেই সপোন চুমে
সপোনবোৰ আৱেগ হয়
কিয়বা, আৱেগবোৰ নৈ হয় !
নৈ হৈ বোৱাই লৈ আহে
মনত সাঁচি থোৱা কথাবোৰ
আকৌ কথাবোৰ শব্দ হয়
আৰু এনেকৈয়েই চলি থাকে
এধৰীয়া মালা...


।। শঙ্কৰ জ্যোতি দত্ত ।।

কবিতাৰ আঁৰৰ কবিতা--- পৰশমনি কাশ্যপ

কবিতাৰ আঁৰৰ কবিতা

কবিতা এটা পঢ়িছিলো
অচিন দেশৰ অনুদিত¸
মাথা-মুণ্ড নুবুজা শব্দৰ খেল খেলিছিল লেখকে¸
খং উঠিছিল¸ মুৰ্খ আচলতে পাঠক নে সেই কবি
যাৰ নাছিল মোৰ ওচৰত পৰিচয়¸
চানাচুৰ খোৱা কাগজত পাইছিলো কবিতাটো
যিটো আছিল অনুদিত
অনুবাদকৰ নামটো নাছিল
হয়তো ৰৈ গৈছিল
ফটা কাগজৰ আনটো পাৰে¸
দুবাৰ চাৰিবাৰ দহবাৰ পঢ়িও নুবুজিলো
মুৰ্খৰ কবিতা
মোহাৰি দলিয়াই দিলো
আকৌ বুটলি আনিলো¸
মই নজনাকৈয়ে কবিতাটোহে সৃষ্টি কৰিছিল কৌতুহল
নভবাকৈয়ে হৈ গৈছিল মুখস্হ
যদিও বিন্দুমাত্ৰাও সাৰমৰ্ম বুজা নাছিলো¸
প্ৰিয় পাঠক¸ সহায় কৰক
এটা অদৰকাৰী কথাই বাহ ললে মগজুত
উলিয়াই দিব পৰাৰ জোখাৰে বিশ্লেষণ নাই
কবিতাটো আছিল এনেধৰণৰ
মুৰ্খ কবি অজান দেশৰ
হয়তো মৃত আছিল
------
যিটো গল্প লিখা হোৱা নাছিল
এটা দুৰন্ত কমেডিয়ান পেটুৱা
যিয়ে ডাল ডাল কৰে পেটৰ নাড়ী
বয়স বোলে বেছি হোৱা নাছিল
অলপতেহে তাৰ বিবাহ বিচ্ছেদ হৈছিল
জোকৰৰ দৰে সি হহুৱাইছিল চবকে
আচলতে সি আছিল এটা হত্যাকাৰী
চাইকৰ দৰে সি হাঁহিছিল¸ কান্দিছিল
অকলে অকলে কথা কৈছিল
জোকৰৰ সাজৰ তলত পিন্ধিছিল গোপন সাজ যি ভয়াবহ
প্ৰতিটো হত্যাত নতুন টেকনিক্
এনে এটি কাহিনীয়েই লিখিছিল লেখকে
চিন্তাৰ আটিগুৰি নথকা
দিশ নমনা শব্দ পুজাৰী
আচলতে চাইকভিলেইন নাছিল
ফ্লেচবেকত ছবিখন আঁকিছিল লেখকে
হয়তো এবুকু দুখ
এবুকু সুখ
সাধাৰণ হিৰোজনে পিন্ধিছিল বেশ
য়দা য়দাহি ধৰ্মস্য নিজ দেশৰ ধৰ্ম
সেয়া বাজিছে আৱহ সংগীত
চাইকৱে মাতে হেমলেটৰ সংলাপ
মই এখন চিনেমা বনাম
যত নাথাকিব হিৰো
ভিলেইন জিকিব
আৰম্ভনিৰ পৰা শেষলৈ দপদপাই থাকিব ভিলেইন
হিৰোইন প্ৰেমত পৰিব ভিলেইনৰ
ৰিয়েলিটি এয়াই
বিভিষিকাৰ অন্য নাম ভিলেইনে
ধ্বংস কৰিব সকলো
চাইককমেডিয়ানে গান এটা গাব
দৌৰি আহিব অপ্সৰাৰ দৰে হিৰোইন
হলত বেচিবলৈ নাথাকিব টিকট
পাৰ ভাঙি বৈ যাব জোৱাৰ
কিন্তু নাটকখন নহব কেতিয়াও
কিয়নো নাথাকিব বিনোদন
নাথাকিব পুতৌ
ভিলেইনবোৰে জিঘাংসাৰে খেদি আহিব ভিলেইন
গল্প এটা লিখিম বুলি দৌৰিছিল মানুহজন
ধ্বংসৰ বন্দনাহে আহিল
পুবত সুৰ্যাস্ত
পশ্চিমত উদয়
উল্টাপুল্টা নিয়ম নমনা লেখকৰ চিঞাহী শেষ
সংলাপবোৰ গান হৈ গুছি গল
সুৰবোৰ দুখ হল
সুৰাৰ নিচাবোৰে বতাহত নাচিলে
চকুলোৰে বানপানী হল
আৰু আৰুগৈয়েই থাকিল বাটতো
কাহানিও শেষ নহল
গতিৰ গতি গৈয়েই থাকিল
কাহিনীটো আধৰুৱা হৈ ৰল
নায়ক পলাল
যিটো গল্প লিখা নহল।
উল্টা-পুল্টা কথাৰ সমাহাৰ। কাব্যিক নান্দনিকতা বিচাৰি মুৰ নঘমাব। মাথো মেচেজটো পঢ়ক।
----

এনেকৈয়ে শেষ হৈছিল কবিতাটো।

উক্তি ৩-- কিশোৰ দাস

ভাগ্য হ'ল ধূলিৰ ধুমুহা
ঘনাই সলাই যিয়ে পথ,
সলাব পাৰিবা যদিও পথ
ধূলিৰ ধুমুহাই খেদিব।
তুমিয়েই ধুমুহা,
তোমাতেই আছে যি!!
টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Kafka on the Shore' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।

-কিশোৰ দাস

তুমি ---- অংকুৰ শইকীয়া

তুমি
-----
এইযে ভাৱো
তুমি’,
মোৰে হয়নে
নতুবা মোৰ প্ৰাণৰহে !
কথাবোৰ যিমানেই ভাৱো
ভাৱি ভাৱি শেষ নহয় দিন-ৰাতি ৷
ভালপোৱা
এয়ে চাগে ভালপোৱা
জীৱনৰ,হেপাহত নুৰীয়াই থোৱা প্ৰতিটো ঋতুৰ বসন্ত ৷
বিনিময়ত
তুমি:
তুমিকিয় আছা
মোৰ সতে,
জগাই তুলি এটি সপোন প্ৰভাতী ৷
নিৰৱতাৰ সুযোগ লৈ
সেউজীয়া অনুপম উপমা বিচাৰি
অনন্ত কাললৈ এটি বীজ হোৱা
মধুৰ আলিংগনত ন-মুখ দেখাকৈ নয়নজুৰি
এটি কলি দুটি পাতৰ পৃথিৱীখন কিযে সুন্দৰ দেখিবা ৷
আকৌ
ভাৱো
তুমি
মন দাপোণত কাৰ ছৱি আঁকিছো
মোৰ মানসপটত
বাধাৰ প্ৰাচীৰ সিপাৰে
প্ৰাপ্তিৰ শেষ ঠিকনা
সৌৱা সাতোৰঙী বোল
জোনাকৰ বুটাবচা উত্সৱ যে
সৰ্বব্যাপি শোভিছে সম্মুখৰ আকাশ দেখি ফাগুনীয়া ৷
জানিচো
তুমি
সৰাফুল নোহোৱা
নালাগে হ' অনাদৰ এপাহি
হোৱা বুকুত এঠা লগাদি লগা ....,
তোমাক আলফুলে সাৱটি ধৰো
ওঁঠত কি গীতৰ সূৰে ফৰিংফুটা জোনাক
মন-প্ৰাণ সৰি নিয়া জোনাকী ওপচা চোতাল ৷
সচাঁয়ে
তুমি
এইয়া হৃদয়লৈ সোমাই অহা
ঢৌ তোলা এখনি নদী
নিৰৱধি
থুপি থুপি উশাহ অবিৰত
একেটি মাথোঁ শব্দ.....,
'তুমি '
আদৰি লওঁ
আকাশময় বিশ্বাসত দোলায়িত
সুখৰ ফাকুৰেণু অনুভুতি
ফুলক ফুলৰ ৰদালি উদয় খিল্ খিল্ পাটগাভৰূ হাঁহি ৷৷

অংকুৰ শইকীয়া ৷৷

মহাত্মাই হাঁহিছে--- অশ্বিনী কলিতা

মহাত্মাই হাঁহিছে

অশ্বিনী কলিতা


---------------------------
লাখুটিত ভৰ দি মহাত্মাই হাঁহিছে ৷
গোলাকাৰ চশমাৰ স্বচ্ছ লেন্সত জিলিকি উঠিছে
অস্বচ্ছ ভাৰতৰ ধুসৰ, ক্লেদাক্ত ছবি ৷
গান্ধীৰ হাঁহিৰ ত্ৰিমাত্ৰিক ভাঁজত
সপোন এটিয়ে এঙামুৰি কাঢ়ি থিয় -ডঙা দিছে ৷
কৰবাত গছ এজুপি গজি লহপহকৈ বাঢ়ি আহিছে৷
গছজোপাত অহিংসাৰ ফল এটি লাগি পকি সৰিল৷
গান্ধীৰ বান্দৰ তিনিটাই ফলটোক লৈ টানিছে,আঁজুৰিছে
আঁজুৰিছে,টানিছে ৷
ক্ৰমাত হিংস্ৰ হৈ পৰিছে সিহঁত৷
মহাত্মাই অকলে অকলেই হাঁহিছে৷
নৈখনেৰে মৃতদেহ বোৰ উটি আহিছে
কোনেওতো নাজানে কাৰ মৃতদেহ সেয়া
বজাৰৰ চৌপাশত সিঁচৰিত হৈ আছে এদম নৰমুণ্ড
একুৰা জুইয়ে তেওজ্- বেলি
গোটেই গাওঁখনকেই ছাৰ্ খাৰ্ কৰিছিল ৷
একেইকুৰা জুইয়েই তাহানিতেই
গান্ধীকো দহিছিল ৷
তথাপিতো
গান্ধীয়ে মিচিকিয়াই হাঁহিছে৷
ঘাতকৰ নিৰ্মম অসিৰ আঘাতত
বিদীৰ্ণ তেওঁৰ কবিতা কোমল বুকু
তথাপিচোন গান্ধীয়ে হাঁহে৷
আজি সাতোটা দশকজুৰি
প্ৰতিটো জয়ন্তীতে আমি
আকৌএবাৰ হত্যা কৰো তেওঁক,
তেওঁৰ আদৰ্শক ৷
আমাৰ ভণ্ডামী দেখি তেওঁ হাঁহিছে৷
আমাৰ কপটালী দেখি তেওঁ হাঁহিছে ৷
নেগুৰ কটা শিয়ালজাক দেখি
এটি শিশুৰ দৰেই
মহাত্মাই হাঁহিছে