Friday, 30 December 2016

আজি ৰাতিৰ বাবে তুমি মোক এটা কবিতা দিয়া !--লোচন কৌশিক

আজি ৰাতিৰ বাবে তুমি মোক এটা কবিতা দিয়া !
আজি ৰাতিৰ বাবে, তুমি মোক এটা কবিতা দিয়া
কবিতাৰ লগত কফিৰ পিয়লাত চুমুক দিয়া হ'ব
আলাপ হ'ব, মৃত্যুৰ আগৰ আলাপ, মৃত্যুুৰ পিছৰ আলাপ
কবিতাক সুধিম ডিকিনচনক চিনি পোৱা নে!
"Twas just this time, last year I died"
দুৱাৰখন খুলি দিলোঁ চোৱা
নিলাজ বতাহবোৰ আহি তোমাৰ শব্দবোৰ জোকাইছে, তুমি একো নোকোৱা
চোৱা কোঠাৰ এই অন্ধ নাৰীজনী, তাইও একো নকয়
প্ৰতিদিনে বতাহবোৰ আহি লিপিট খায় তাইৰ শৰীৰত
বতাহৰ চুমাত লাজত কোঁচ খাই যোৱা তাইৰ ওঁঠবোৰ, মই দেখিছোঁ
অথচ তাইৰ মুখৰ হাঁহি, হাঁহিয়ে হৈ থাকে
কেতিয়াবা মই অজানিতে প্ৰেমত পৰি যাওঁ এই হাঁহিৰ
হয়তো তাই অনুভৱ কৰিছে বতাহৰ শৈল্পিক পৰশ
তাই ধৰ্ষনৰ ইতিহাস দেখা নাই
এইজনীয়ে কফিবাৰৰ নাৰীবাদৰ মাত শুনা নাই
তাই প্ৰেয়সী, প্ৰতিটো কবিতাৰ আৰু মোৰ
অথবা তাই নিজেই এটা কবিতা
কোঠাৰ এই কবিতাৰ ভাষ্কৰ্যবোৰ, তাইৰ নিজস্ব শিল্প
অথবা কবিতাই ৰচনা কৰা, তাই নিজেই এটা ভাষ্কৰ্য
সেয়েহে মই এইজনীক কবিতা মূৰ্ত্তিমতি নাম দিলোঁ
কফি খোৱা, ঠাণ্ডা হৈ যাব
মই ডিকিনচনক চিনি পাওঁ, মোৰ পুৰণা কফিনৰ সখী!
"Because I could not stop for death"
তোমাৰ প্ৰেমত এইজনীয়েও ডিকিনচনক চিনি পোৱা হৈছে
যোৱাটো সন্ধিয়া কফিবাৰত অচিনাকি নাৰীবাদীৰ মুখত
তোমাৰ মূৰ্ত্তিমতিৰ গুনগুননি শুনিছিলোঁ
তাইৰ চকুত এপলক চোৱা
মীৰাৰ ইতিহাস আওৰাইছে তাই
ভক্ত অথবা প্ৰেমিকে নাজানে স্বাৰ্থৰ সংজ্ঞা
চোৱা তাইৰ উলংগ বুকুত
তাই জানে পতিতাৰ ইতিহাস
পতিতাৰ বুকুত থাকে এটা কাব্যিক ভাষ্কৰ্য !
তাইৰ নিটোল নাভি আৰু দুবাহুবোৰ চোৱা
সাধুকথা শুনিছানে, নীলা দেশৰ নীলা চৰাই হৈ উৰা!
তুমি মোক এই লাজত কোঁচ খাই যোৱা ওঁঠযুৰি দিব পাৰিবানে
এৰা, প্ৰেম হৈছে, খন্তেকীয়া প্ৰেম…
চোৱা তোমাৰ ঘৰৰ কাষৰ ষ্ট্ৰীটত
মাত্ৰ কোনো নিশাৰ প্ৰহৰীয়ে দুৱাৰ খুলি থৈছে
মই যাওঁ তাত, আলাপ হ'ব
মৃত্যুৰ পিছৰ আলাপ, মৃত্যুৰ আগৰ আলাপ
তাত ডিকিনচন নাথাকে, এই নাৰীজনীও নাথাকে
কিন্তু তোমাৰ দৰে, হয়তো সেইজন মুঠেও নহয়!
লৈ যাওঁ, খন্তেকীয়া প্ৰেমৰ শিল্প
লাজত কোঁচ খাই যোৱা দুটি ওঁঠ…………!!!

গছ --দুলাল হাজৰিকা

গছ
জানি বা নাজানি দলিয়াই দিয়া গুটিটো
এদিন গজালি মেলে , ডাল পাত মেলি গছ হৈ পৰে
শিলনি, বকৰাণি নাইবা উৰ্বৰ পথাৰ
গুটিয়ে নাবাচে মাটি ,
হাতৰ পৰা বাগৰি গলেই
গুটিবোৰ হৈ পৰে গছ আৰু গছৰ পৰা বৰগছ
গছ সময়ৰ সন্তান
লাগনি গছতো লাগে বিহফল
অথবা বনৰীয়া গছেও গুচাব পাৰে ভোক
ধৃতৰাষ্ট্ৰৰ অন্ধ চকুৰে মৰালৈকে আমি ৰুই থাকো গুটি
আদমৰ নিষিদ্ধ ফল খোৱা কাহিনীৰ পুনৰাবৃত্তি কৰি
আমি পুৰুষৰ পৰা পুৰুষলৈ
বহন কৰি নিও আমাৰ উত্তৰাধিকাৰ, আমাৰ আশাবোৰ
এইদৰে বৰ্তমানক গছত সমৰ্পি
আমি শুই পৰো এদিন ভবিষ্যতৰ কোলাত।

স্থিৰ কাব্য -- হীৰক জ্যোতি বৈশ্য

স্থিৰ কাব্য
(১)
নাৱৰীয়া অজলা
একেখিনি পানীয়ে নিতৌ তেওঁক বোৱাই নিয়ে বুলি
সাৱতি থাকে নদী
সাৱতি থাকে সখাৰ প্ৰেম
প্ৰেম অমৃতৰ নদী
(২)
মকৰাই জাল গুঁঠিব পৰাকৈ আমি স্থিৰ
উতলা বতাহ অ’ৰ-ত’ৰপৰা আহি
আমাক দি যায় ঘিঁউ বৰণীয়া দোকমোকালি
সূৰ্য আছিল আকাশত
নাছিল তেজত
নাছিল আকাশ মৌচুমীৰ কোঁহৰ মাজত
নাছিল তোমাৰ জিভাৰ বগাৰ মাজত৷
পূৱ আকাশত উৰি থকা নীলা চৰাইৰ নীলা ডেউকাই
পচিম আকাশৰ বতাহে বতাহে বিয়পায়
কিহৰ ৰহস্য কিহৰ কাৰুণ্য
কিহৰ দোমোজাত পূৱে-পচিমে ফেঁচাৰ উৰুলি
দিনান্তৰ নিজম গধূলি
(৩)
তোমাৰ পিঠিখনে ছাঁ দি আছে অথনিৰেপৰা
তোমাৰ শিল কলিজাই তেজ দি আছে
তোমাৰে মোৰে মাজৰ অনামী কেতেকীজনীক
লৰিব পৰা নাই কোনেও
লৰিবলৈ বতাহ নাই কোনোদিশে
বতাহ দশোদিশে
আমি স্থিৰ, মকৰাই জাল গুঁঠিব পৰাকৈ
আমাৰ মূৰত ভেঁজা দি পোন হোৱা
সপোনবোৰক মেৰিয়াই ধৰিছে মকৰাৰ জালে৷

Thursday, 29 December 2016

সপোনৰ শেষত: হিমাংশু ভাগৱতী

সপোনৰ শেষত:
মায়ে মোক ডাক্টৰ হোৱাটো বিচাৰিছিল। দেউতাই ইঞ্জিনিয়াৰ।
মা-দেউতাই মোৰ ভৱিষ্যত লৈ কাজিয়া কৰি থকা দিনবোৰত মই গোপনে বেহেলা বজাবলৈ শিকিছিলোঁ ।
বকুল তলৰ বেহেলা ভাল কৰা দোকানখন মোৰ ।

গুমৰ -- পাৰ্থপ্ৰতিম কলিতা

গুমৰ
-------
: বাসৱ
: হুম
: আৰম্ভ কৰোঁ ?
: য়েছ
: বাসৱ, আই থিংক ইউ নিড টু ৰেষ্ট ।
শুই থকাৰ পৰা বিজিতালৈ চাই পঠিয়ালো । মোৰ বিচনাৰ পৰা অলপ দুৰত চকী এখনত বহি আছে তাই । মোৰ পিনেই চাই আছে । সুতীক্ষ্ন চকু, কিন্তু কোমল চাৱনি । যোৱা তিনিটা মাহৰ বহুকেইটা দিন এনেদৰে কটাইছো বিজিতা আৰু মই । বিজিতা নিৰ্দিষ্ট চকীখনৰ নিৰ্দিষ্ট ঠাইডোখৰত বহি থাকে আৰু মই নিৰ্জীৱ পদাৰ্থৰ দৰে অলৰঅচৰ হৈ শুই থাকো ।
: বাসৱ , নাও ইউ টেক এ লং ব্ৰীথ । প্লিজ ক্লোজ য়োৰ আইজ এণ্ড গো টু চাম ৰিয়েলী পিচফুল প্লেচ । য'ত তুমি প্ৰায়ে যাব বিচৰা বা য'ত গৈ সুখী হ'ব পৰা ।
বাসৱ.... মোক শুনিছানে ?
শুনা নুশুনাকৈ শুনিছো বিজিতাৰ মাত । বা..স..ৱ... মোৰ কৰ্ণকুহৰৰে কুৰুকি কুৰুকি শব্দটো সোমাই গৈ আছে . গৈ আছে । কিবা এটা গভীৰ আৱেশত চকুৰ পটা ডাঠ হৈ পৰিছে মোৰ । যেন শূন্যত উপঙি ফুৰিছো , শূন্য নহয় যেন কিবা এটা অদৃশ্য শক্তিয়ে মোক কৰ'বালৈ লৈ গৈ আছে আৰু বতাহৰ সতে উটি ভাহি গৈ আছো মই ।
এজাক নৈপৰীয়া বতাহে মোক চুই গ'ল । চিনাকি এচাতি শীতল বতাহ । নৈ... আস কিমান প্ৰিয় মোৰ । জীৱনৰ ক'ত স্মৃতি । চিনা নিচিনা এজাক চৰাই মুৰৰ ওপৰৰে উৰি গ'ল । অস্তগামী সুৰুযৰ ৰঙাত ক্ৰমশঃ ৰঙচুৱা হৈ পৰিছে নৈ খন।
: ব'লা , ঘৰলৈ যাওঁ । মোৰ কান্ধত মুৰ থৈ শুই আছে মেঘা । তাইৰ চুলিৰ ফাকে ফাকে লুকাভাকু খেলিছে মোৰ আঙুলিৱে ।
: আৰু পাঁচ মিনিট । সময়বোৰ গৈ আছিল , অথচ ৰৈ আছে মেঘা , ৰৈ আছো মই । পৃথিৱীৰ সমস্ত মৰম, গভীৰ অনুৰাগে দোলা দিছিল তাইৰ মনত, মোৰো। দুহাতেৰে কঁকালত ধৰি তাইক ওচৰ চপাই আনিলোঁ । তাই বাধা নিদিলে । জ্বলমলাই জ্বলি উঠিছে তাইৰ উজ্জ্বল চকু । নৈ পৰীয়া এজাক কোমল বতাহে আমাক মেৰিয়াই ধৰিছে আকুলতাৰে । তাইৰ কানৰ পৰা ডিঙি হৈ মোৰ দুহাত নামি আহিছিল তললৈ । যাহঃ খিল খিলকৈ হাঁহি মাৰি বুকুত মৃদু ঠেলা দি দুৰলৈ দৌৰি গ'ল মেঘা । এটা অবুজ শিহৰণে নিচাগ্ৰস্ত কৰিছে মোৰ মন মগজু ।
মেঘা প্লিজ...
: নাই .. । খিলখিলাই দুৰৰ পৰা হাঁহি আছে তাই । চকুত দুষ্টামী । চঞ্চলতাই পাৰ ভঙা চকুৰ চাৱনি ।
মেঘা... মেঘা ...
এমোকোৰা চঞ্চল হাঁহি দলিয়াই দৌৰিছে তাই । নাই , এতিয়াই নহয় । হাঁহি হাঁহি দুৰত সেয়া মেঘা । মৰম আকলুৱা মনটো অভিমানী হৈ পৰিল । নোপোৱাৰ বেদনাও মধুৰ হৈ পৰিল মোৰ ।
মেঘা.... আহানা
মেঘাই দৌৰিছে । বালিচৰত খাজ কাটিছে তাইৰ কোমল ভৰি । পিছে পিছে মই দৌৰিছো ।
মেঘা...মেঘা...
হঠাৎ শীতল বতাহজাক অসম্ভৱ ধৰণে উত্তপ্ত হৈ পৰিল । মোৰ কাণৰ কাষৰে বৈ আহিল এসোপামান গৰম সোঁত । পৃথিৱীখন যেন তীব্ৰ বেগে ঘূৰি আছে মোৰ চকুৰ আগত । সেউজীয়া বোৰ সেউজীয়া নহয় , নৈৰ পানীবোৰ তেজ, ধোঁৱাময় ৰহস্য বাট.. মেঘা...মেঘা
মেঘা হেৰাই থাকিল এসোপা ৰঙাৰ মাজত ।
মেঘা.....
আৰ্তনাদ কৰি চিঞৰি উঠিলো মই , অথচ মই চিঞৰিব পৰা নাই । এক শক্তিশালী অদৃশ্য শক্তিয়ে যেন টেটু চেপি ধৰিছে । সমস্ত শক্তি প্ৰয়োগ কৰিও দেহটো লৰচৰ কৰিব পৰা নাই । চৌদিশ ধূসৰ.. ক'লা... ক'লা ... ৰঙা...ৰঙা
: বাসৱ.. কি হৈছে ? ৰিলেক্স । অস্থিৰতাৰে অথচ কোমল ভাৱেই চিঞৰি উঠিল বিজিতা ।
মোৰ উশাহবোৰ ঘন হৈ পৰিছে । অৱসাদ , অস্থিৰতাই হেচি ধৰিছে মোক । ভাৱলেশবিহীন ক্লীৱাত্বৰ সামগ্ৰীৰ দৰে পৰি ৰৈছো বিচনাখনত ।
: বাসৱ.. জাষ্ট ৰিলেক্স । প্লিজ টেক এ লং ব্ৰীথ.. । বিজিতাই হয়তো মোৰ ফালেই চাই আছে । মই ভয়ে ভয়ে চকু মেলিলো । চকু মুদিলেই যেন এন্ধাৰবোৰে হেচা মাৰি ধৰিব । আসঃ । লাইটৰ উজ্জ্বল পোহৰে চকুত চাট মাৰি ধৰিলে মোৰ । চৌপাশে মাথো ধূসৰ , এক অশান্ত পৰিবেশ ।
: কি দেখিছিলা ?
: নাই , একো নাই ।
কিছু ছেকেণ্ড নীৰৱতা । হয়তো কিছু মাইক্ৰ ছেকেণ্ড । বিজিতাই মোৰ ফালেই চাই আছে । হয়তো মোৰ মানসিক অৱস্থাটো বুজি পাইছে , হয়তো বুজিবলৈ চেষ্টা কৰিছে ।
: বাসৱ , যোৱা সপ্তাহ কেনে গ'ল ?
: ভেৰী বোৰিং
: বোৰিং ? হোৱাই ?
: নাজানো । বৰ নিসংগ এই জীৱন । একোকে ভাল নালাগে ।
: বাসৱ । বিজিতাৰ মাতত মৰমৰ অনুনয়, দাবী । মই তোমাক কি কৈছিলো বাৰু । ডুই ইউ ৰিমেমবাৰ আৱাৰ লাষ্ট চেচন ?
লাষ্ট চেচন ? নাই নাই, মনত আছে । কেনেকৈ পাহৰিম । সিদিনা নীলা শাৰী এখন পিন্ধিছিল তাই । মোৰ চাকৰিৰ প্ৰথম দৰমহাৰে উপহাৰ দিছিলো তাইক শাৰীখন । নতুনকৈ চাকৰিত জইন কৰিছাহে , ইমান দাবী গিফ্ট কিয় দিব লাগে । শাৰীখন দুহাতেৰে লৈ তাই কৈছিল । এতিয়াহে দিছো , বিয়াৰ পিছত চৱ কেনচেল । মই কৈছিলোঁ । যাহঃ বুকুত ঠেলা মাৰি হাঁহি উঠিছিল তাই । মই আলফুলে সাৱটি লৈছিলো তাইক বুকুৰ মাজত । সেইখন শাৰীয়েই পিন্ধিছিল সিদিনা , নীলা শাৰীখন । সিদিনা ঘৰৰ সকলো বহুত সুখী আছিল । মা.. দেউতা ... আৰু তাই ...। তাইৰ ওঁঠত লাগি আছিল প্ৰাপ্তিৰ হাঁহি । সিদিনা সকলো সুখী আছিল , অথচ সুখী হ'ব পৰা নাছিলো মই ।
-মই আজি বহুত সুখী জানা । ৰাতি বিচনাত শুৱাৰ সময়ত মোক সাৱটি আকুলতাৰে কৈছিল তাই । তাইৰ উদৰত লগাই দিছিল মোৰ হাত । মই জড় পদাৰ্থৰ দৰেই পৰি ৰৈছিলো , সংকুচিত হৈ আহিছিল মোৰ দুহাতত । চকুত ভাঁহি ৰৈছিল মই কাহানিও দেউতাক হ'ব নোৱাৰাৰ মেডিকেল ৰিপোৰ্ট ।
: বাসৱ , কি ভাৱিছা ?
: নাথিং । কিমান সময় তেনেকৈ আছিলো নাজানো । বিজিতাই মোৰ ফালে চাই আছে । তীক্ষ্ন চকু, তাতোকৈ তীক্ষ্ন চাৱনি । মই বেৰৰ পিনে চকু ঘুৰালো । বেৰখন বগা, অথচ প্ৰতিটো ৰঙ ধূসৰ হৈ ধৰা দিছে মোৰ চকুৰ আগত ।
: কি ভাৱিছা বাসৱ । বিজিতাই পুনৰ সুধিলে ।
: নাই , একো ভৱা নাই । ফিল কৰিছো ।
: কি ?
: দুখ , যন্ত্ৰণা , নিসংগতা , মোৰ ভুল, দোষ..
: দোষ ??
মই বিজিতাৰ ফালে চালোঁ । তাইৰ চকুত উদ্বিগ্নতা । ব্যগ্ৰ হৈ উৎকণ্ঠিত বিজিতা । এটা অস্থিৰতাই ঘেৰি ৰাখিছে মোক । মই বিজিতাৰ চকুৰ পৰা চকু আতৰাই আনিলোঁ । মোৰ ভয় লাগে বিজিতাৰ চকু । সেই একেই পিতবৰণীয়া । এই যেন দুচকুৰে আৰ্তনাদ কৰি চিঞৰি উঠিব । মোৰ বৰ ভয় লাগে , পোহৰক,এন্ধাৰক, মোক. সকলোবোৰক ।
: কি দোষ বাসৱ । বিজিতাই পুনৰ এবাৰ সুধিলে ।
: দেট ৱাজ নট এন এক্সিডেন্ট । মই জানিবুজিয়েই মেঘাৰ গাড়ীৰ ব্ৰেক...।
ডক্টৰ...
০০০০০০
ডক্টৰ...
কিছু ছেকেণ্ড নীৰৱতা । দুৱাৰত আকৌ এবাৰ টোকৰ পৰিল ।
: নেক্সট পেচেন্ট ইজ ৰেডী ডক্টৰ ।
বাহিৰত কোনোবা এগাৰকী নাৰ্চ ।
: লেট হিম ইন টু মিনিট ।
মই বিচনাখনৰ পৰা উঠি বহিলো । সম্মুখৰ চকীখনলৈ চালো । তাত কোনো নাই । বিচনাখনৰ পৰা উঠি চকীখন চুই চালো । চকীখন সেমেকি আছে , চকীখন নীলা , শাৰীখনো নীলাই আছিল । এটা শূন্যতাই মোক চুই গ'ল নিষ্ঠুৰ ভাৱে।
©পাৰ্থ

Thursday, 22 December 2016

'প্ৰকাশ' আলোচনীৰ কবিতাৰ সমালোচনা আলোচক- পাৰবীন চুলতানা(পৰী পাৰবীন), সদস্য, আখৰুৱা

চানেকি শিতান : ডিচেম্বৰ, ২০১৬
'প্ৰকাশ' আলোচনীৰ কবিতাৰ সমালোচনা
আলোচক- পাৰবীন চুলতানা(পৰী পাৰবীন), সদস্য, আখৰুৱা
০০০০০০০
আগকথা:
'আখৰুৱা'ৰ ব্যৱস্থাপনা সমিতিৰ ফালৰ পৰা ন-শিকাৰু (কবি বুলি এতিয়াও নিজকে ভাবিব পৰা হোৱাগৈ নাই) পৰী পাৰবীনৰ কান্ধত এটা গধুৰ দায়িত্ব জাপি দিয়া হ’ল। কবিতাৰ উৎকৰ্ষ সাধনৰ অৰ্থে লোৱা এই প্ৰচেষ্টাক প্ৰশংসা নকৰি নোৱাৰি যদিও মনতে এক শংকাবোধ… পাৰিম জানো? হয়তো অলপ আত্মবিশ্বাসৰ অভাৱ। অলপ চৰ্চা কৰিলে পৰা যাব বুলি নিজকে সান্ত্বনা দিয়া হ’ল যদিও ইটো-সিটো এৰাব নোৱাৰা ব্যস্ততাৰ মাজত সোমাই কৰৱী ডেকা হাজৰিকাৰ কবিতাৰ ‘ৰূপছায়া’ৰ পৰা আৰম্ভ কৰি ড০ পূৰ্ণ ভট্টাচাৰ্যৰ ‘আধুনিক অসমীয়া কবিতা’লৈকে গোটেইকেইখন সংগৃহীত কিতাপ চেল্ফত মুখ থেকেচা খাই পৰি থাকিল। অৱশেষত আহিল নিৰ্ধাৰিত সময়। সময়ৰ অভিধানত ক্ষমা শব্দটো নাই, সেয়ে কেঁচেলুৱা চিন্তাশক্তিৰে এই অভাগিনীয়ে কলমটো হাতত তুলি ল’লোঁ। ভুল হ’লে ক্ষমা প্ৰাৰ্থনীয়।
নিৰ্বাচিত কবিতা: কবি ৰফিকুল হোছেইন ডাঙৰীয়াৰ ‘কাউৰী পিয়াহ’ (পৃষ্ঠা নং ৪৬, প্ৰকাশ, ডিচেম্বৰ, ২০১৬)
ৰফিকুল হোছেইন ডাঙৰীয়াৰ দৰে প্ৰতিষ্ঠিত কবিৰ কবিতা আলোচনা কৰিবলৈ সুযোগ পাই নিজকে ধন্য মানিছোঁ। ‘কাউৰী পিয়াহ’ কবিতাটোৱে কেবাটিও সামাজিক পৰিঘটনা আঙুলিয়াই দিছে। সেয়ে বেছিপৰ পাঠকৰ ধৈৰ্যপৰীক্ষা নলৈ কবিতাটো হুবহু তুলি দিয়া হ'ল।
কাউৰী পিয়াহ
নাভাবিব এয়া সাধুকথাৰ সেই কাউৰীটোৰ সাধু
এদিন হ’ল কি,
সাউতকৈ উৰি আহি ক’ৰবাৰ পৰা
কাউৰী এটা পৰিলেহি
পৰিত্যক্ত কলহ এটাৰ কলহ-কাণত
জুমি চাই দেখে- হায়!
তলিতহে আছে মাথোন এচলুমান পানী
কি কৰা যায়!
পলকতে চকু গ’ল
কাষৰতে পৰি থকা
শিলগুটিৰ টুকুৰাবোৰলৈ
বাঃ! আৰু কোনে পায়
ঠোঁটৰ চেপত শিল
কলহ-তলিত খুটুং-খাটাং
ক্ৰ্মশঃ উঠি আহিল
কলহ গৰ্ভৰ পানী কলহ মুখলৈ
মুঠতে পিয়াহ পূৰণৰ যুদ্ধ
এতিয়া কথা হ’ল
এয়া কাৰ ডিঙিৰ কাতৰ পিয়াহ
কাউৰীটোৰ ?
নে খৰাং ভূমিত জঁই পৰি থকা
ভোকাতুৰ মানুহ
জঁকাময় বৃক্ষৰ
নে প্ৰেম ধূলিয়ৰি ভূমিত
পাখিসৰা প্ৰেমৰ!
শক্তি দখলৰ ধৰ্ম যুদ্ধতো
থাকে ৰক্তপায়ী পিয়াহ
নে দেহতকৈ মিঠা আৰু একো নাই বুলি
সুনীলদাই ভবাৰ দৰে
কোনো পৰকীয়া প্ৰেমৰ পিয়াহ?
কাউৰীটোকে সোধক!
যিহেতু সি সেই সাধুকথাটোৰ
সাধু-সৎ কাউৰীটো নহয়!
(বিঃদ্ৰঃ সুনীল দা অৰ্থাৎ প্ৰসিদ্ধ কথাশিল্পী সুনীল গংগোপাধ্যায় ।)
উৎস নোহোৱা সাধুকথাবোৰ প্ৰধানতঃ নীতিশিক্ষাৰ বাৰ্তাবাহক, যিবোৰ মানুহৰ মুখে মুখে কোন কাহানিবাৰেপৰা চলি আহিছে। বুধিয়ক কাউৰীৰ সাধুটোও তেনে এক প্ৰচলিত সাধু, যিয়ে আমাক যিকোনো প্ৰতিকূল পৰিস্থিতিকো বুদ্ধিৰে জিনিবলৈ শিকায়।এচলুমান পানী থকা কলহটো কাষতে পৰি থকা শিলগুটিৰ টুকৰাবোৰেৰে ভৰাই তৃষ্ণাতুৰ কাউৰীজনীয়ে ঠোঁটেৰে ঢুকি পোৱা কৰি লৈছিল। পিয়াহত আতুৰ কাউৰীজনীৰ সেয়া আছিল পিয়াহ নিবাৰণৰ পৰম কৌশল।
কবিতাটোত কাউৰীজনী আৰু তাইৰ পিয়াহক প্ৰতীকৰূপে দেখুওৱা হৈছে। তৃতীয় আৰু চতুৰ্থ স্তৱকত সেই প্ৰতীকীধৰ্মৰ প্ৰমাণ পোৱা যায়।
পিয়াহ পূৰণৰ যুদ্ধ চাৰিওফালে। এতিয়া কথা হ’ল কাৰ ডিঙিৰ কাতৰ পিয়াহত আকুল এই পৃথিৱী, কবিয়ে প্ৰশ্ন কৰিছে।
এয়া কাৰ ডিঙিৰ কাতৰ পিয়াহ
কাউৰীটোৰ?
নে খৰাং ভূমিত জঁই পৰি থকা
ভোকাতুৰ মানুহ
জঁকাময় বৃক্ষৰ
নে প্ৰেম ধূলিয়ৰি ভূমিত
পাখিসৰা প্ৰেমৰ!
‘কাউৰী’ নামৰ প্ৰতীকটোৰ সূচকডালে এদল ভোকাতুৰ মানুহক ইংগিত কৰিছে। ভোকৰ ভাতসাজ মোকলাবলৈকো সক্ষম নোহোৱা দৰিদ্ৰ কৃষকশ্ৰেণীৰ আতুৰতাক কাউৰীজনীৰ তৃষ্ণাতুৰ অৱস্থাৰ লগত ৰিজাব পাৰি। খৰাঙে দহা কৃষিভূমিত জঁই পৰে হেঁপাহৰ কঠিয়া। সেউজীয়া আস্থাবোৰ হেৰাই যায়। ভোকত পেটত গামোচা বান্ধি লোৱা কৃষকে কিন্তু বিচাৰি নাপায় সাধুকথাৰ বুধিয়ক কাউৰীজনীৰ ভোকৰূপী পিয়াহ নিবাৰণৰ কৌশল।
খৰাং ভূমিৰ ৰস-জীপ নোহোৱা বৃক্ষজোপাৰ দৰে নিষ্প্ৰাণ আজিৰ পৃথিৱী। এটুপি সঞ্জীৱনী ৰসৰ বাবে ব্যাকুল হৈ পৰা পৃথিৱীখনৰ কাতৰতাৰ উত্তৰ আজিৰ কাউৰীজনীয়ে দিব পৰা নাই।
ডৌকা ভগা চৰাইজনীৰ দৰে চটফটাই ৰৈছে আজিৰ প্ৰেমিকযুগল। বিভিন্ন কাৰণত অস্থিৰ হৈ ধূলিয়ৰি হৈ ৰৈছে প্ৰেমৰ পৱিত্ৰ ভূমি। যি পৱিত্ৰ ভূমি জীপাল কৰি তুলিছিল পানৈ জংকিৰ স্বৰ্গীয় প্ৰেমে, যি পৱিত্ৰ ভূমি জীপাল কৰি তুলিছিল লাইলা-মজনুৰ শাশ্বত প্ৰেমে, সেই ভূমি ধূলিময় হৈছে অবিশ্বাসৰ যুদ্ধত। ক্ষণে ক্ষণে সৰিছে অনাস্থা। সেই অনাস্থাক জিনিবলৈ শিকোৱা নাই বুধিয়ক কাউৰীয়ে।
শক্তি দখলৰ ধৰ্ম যুদ্ধতো
থাকে ৰক্তপায়ী পিয়াহ
ক্ষমতা প্ৰদৰ্শনত বলীয়ান ৰাষ্ট্ৰবাদ। ধৰ্মৰ নামত কুটুমে কুটুমক বধিছে, কুটুমে কুটুমৰ তেজ পান কৰিছে। কি নাম দিয়া যায় এই পিয়াহৰ? কিহেৰে দূৰ হ’ব এই পিয়াহ, এই উত্তৰটোও কাউৰীজনীৰ ওচৰত নাই।
নে দেহতকৈ মিঠা আৰু একো নাই বুলি
সুনীলদাই ভবাৰ দৰে
কোনো পৰকীয়া প্ৰেমৰ পিয়াহ?
সমাজত ৰঘুমলাৰ দৰে বাঢ়িছে দেহজ প্ৰেম। সমান্তৰালভাৱে বাঢ়িছে পৰকীয় প্ৰেম। শৰীৰী প্ৰেমৰ বন্যাত উটি ভাঁহি গৈছে সমাজৰ মূল্যবোধ। ইয়াক ৰোধ কৰাৰ উপায় আছেনে বুলি কবিয়ে প্ৰশ্ন কৰিছে।

'সাতসৰী' আলোচনীৰ কবিতাৰ সমালোচনা আলোচক- পাৰবীন চুলতানা(পৰী পাৰবীন), সদস্য, আখৰুৱা

চানেকি শিতান : ডিচেম্বৰ, ২০১৬
'সাতসৰী' আলোচনীৰ কবিতাৰ সমালোচনা
আলোচক- পাৰবীন চুলতানা(পৰী পাৰবীন), সদস্য, আখৰুৱা
-----------------------------------------------------------------
'সাতসৰী' আলোচনীখনৰ বহুকেইটা বিশিষ্ট কবিতাৰ মাজৰ পৰা বিশিষ্ট কবি, ঔপন্যাসিক জনাৰ্দন গোস্বামীদেৱৰ ‘শলিতা’ কবিতাটোত মোৰ দৃষ্টি ৰৈ গ’ল। হয়তো গোস্বামীদেৱৰ বহুকেইখন কিতাপ, যেনে ৰামধেনু, খিৰিকীমুখৰ ছবি, নীলা তৰাৰ কথা আদিয়ে আগৰেপৰাই মোহাছন্ন কৰি থোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হ’ল। ‘শলিতা’ কবিতাটোত কবিয়ে মূলতঃ সময়ৰ দুৰ্বাৰ গতিয়েও ম্লান কৰিব নোৱৰা এক জীৱনমুখী অনুভৱৰ কথা কৈছে। মূল কবিতাটো এনেধৰণৰ–
শলিতা
-জনাৰ্দন গোস্বামী
বিছ বছৰ ধৰি জ্বলি থাকিল এডাল মমবাতি
পুৰণি কাঠৰ ছোফাত বহি থাকিল সময় আৰু সংশয়,
ঘন উশাহত কঁপি কঁপি সেই শিখাই গুণগুণালে এটি সুৰ।
তাৰ পাছত?
আশাই শুহি নিলে আমাৰ বুকুৰ শিহা
তথাপি শেষ নহ’ল পৃথিৱীৰ পিয়াহ।
কিমান পাহাৰ খহি গ’ল
কত ঠিকনা হেৰাই গ’ল
অকঁৰা মৈত উঠি ৰৈ থাকিল ধ্ৰুৱতৰা।
বিছ বছৰ ধৰি বাজি থাকিল সেই একেটি মিঠা সুৰ
কোনোবা গুহাত শুই থাকিল ৰিপ ভান উইংকল
বহল ডিঙিৰ এটা বেঙুনীয়া ফ্ৰকত পৰি ৰ’ল এটি পখিলা।
দুৱাৰমুখত মৰহি গ’ল হাজাৰ আমপাতৰ মালা,
গাৰু তিয়াই পাৰ হ’ল অন্তহীন সপোন
কোঠাৰ একোণত ভাহিল এডাল ধূপৰ সুবাস।
হঠাৎ ধ্ৰুৱতৰা খহি পৰি হ’ল এটি দুৰন্ত বেগী ঘোঁৰা,
একাবেকাঁ বাটেৰে পিছ পৰিল কত অৰণ্য
ইটৌৰ পিছত সিটোকৈ পাৰ হ’ল নগৰৰ চাৰিআলি,
ট্ৰেফিক পইন্টত চৰাই হৈ ৰৈ থাকিল
মৰমৰ সেউজীয়া মেখেলা-চাদৰ।
বিছ বছৰ ধৰি সুগন্ধ বিলালে সেই একেডাল ধূপে।
মই এডাল মম নে এটা সুৰ নে এডাল ধূপ?
জীৱনটো কি এমুঠি শ্লিপিং টেবলেট, এডাল ৰছী নে এখন ছুৰী?
এনেকৈয়ে শেষ হ’ব তিনিকুৰি বছৰৰ চমু ইতিহাস,
হয়তো বাকী থাকিব খুব বেছি বিছটা বছৰ।
----------------------------------------------
কবিতাটোত কবিয়ে স্পষ্টকৈ নক'লেও এটি ব্যক্তি বিশেষৰ কথা যে কৈছে, সেয়া বহু অংশত পৰিস্ফুট হৈছে, দেখোঁ-নেদেখোঁকৈ থকা সেই ছায়ামূৰ্তি কবিৰ যে প্ৰেয়সী সেয়া মাজৰ কাব্যাংশত দেখিবলৈ পোৱা গৈছে৷
প্ৰথমটো স্তৱকত কবিয়ে নিজকে ধ্ৰুৱতৰাৰ স'তে তুলনা কৰি জীৱনৰ এক দীঘলীয়া পৰিক্ৰমাৰ মাজত তিৰবিৰাই থকা তেওঁৰ সম্পৰ্কৰ ইতিহাস সুঁৱৰিছে। সময়ৰ অৱধাৰিত গতিপথত মমবাতিৰ কম্পিত শিখাই পোহৰ বিলোৱাৰ দৰে সেই সম্পৰ্কই তেওঁলৈ নিৰন্তৰ পোহৰ কঢ়িয়াই আহিছে। সংশয়ৰ দোমোজাত আশাবোৰ নিৰাশা হোৱাৰ বাটতো সেই পোহৰে লগ এৰি দিয়া নাই। পৃথিৱীৰ দাবী পূৰাবলৈ যাওঁতে হতাশ হৈছে কবি মাজে সময়ে। সেয়ে আহত কন্ঠেৰে কৈ উঠিছে- "তথাপি শেষ নহ’ল পৃথিৱীৰ পিয়াহ"৷
মান-অভিমানেৰে ভৰা সম্পৰ্কটোত কবিয়ে বহুবাৰ অভিমানৰ পাহাৰ খহাই পেলাইছে। প্ৰেমিকাৰ ঠিকনা হেৰাই যোৱাৰ পাছতো কবি বিচলিত হোৱা নাই, সেয়ে ধ্ৰুৱতৰাৰূপী সম্পৰ্কটোৱে স্থিতপ্ৰজ্ঞ হৈ পোহৰ বিলাই ৰৈছে।
কিমান পাহাৰ খহি গ’ল
কত ঠিকনা হেৰাই গ’ল
অকঁৰা মৈত উঠি ৰৈ থাকিল ধ্ৰুৱতৰা
দ্বিতীয়টো স্তৱকত কবিয়ে সম্পৰ্কটোৰ পৱিত্ৰতাক এডাল ধূপেৰে ৰিজাইছে। শৈশৱৰ লগৰীৰ মিঠা মাতে কবিৰ কাণত এতিয়াও গুঞ্জন তোলে। ৰিপ্ ভান্ উইংকলৰ দৰে কটোৱা অলস মুহূৰ্তবোৰতো কবিক আনমনা কৰি ৰাখে শৈশৱৰ লগৰীৰ সান্নিধ্যৰ স্মৃতিয়ে, বেঙুনীয়া ফ্ৰক পিন্ধা দিনৰ সেই লগৰী, যি পখিলাৰ দৰে কবিৰ কাষে কাষে দেও দি ফুৰিছিল।
বিছ বছৰ ধৰি বাজি থাকিল সেই একেটি মিঠা সুৰ
কোনোবা গুহাত শুই থাকিল ৰিপ্ ভান্ উইংকল
বহল ডিঙিৰ এটা বেঙুনীয়া ফ্ৰকত পৰি ৰ’ল এটি পখিলা
আমপাতৰ মালাডালক আমাৰ সমাজত এক মাংগলিক ভাবাৰ্থত লোৱা হয়। তেনে মাংগলিক সিদ্ধিৰপৰা দূৰৈত অৱস্থান কৰিবলগা হোৱাত কাতৰ হৈ কবিয়ে তেওঁৰ অন্তহীন সপোনবোৰ পূৰাব নোৱাৰি উচুপি উঠিছে। ইমানৰ মাজতো তেওঁৰ স্মৃতিৰ মণিকোঠা আমোলমোলাই আছে সেই প্ৰাচীন সম্পৰ্কৰ সুবাসে। সেয়ে লিখিছে তেওঁ-
দুৱাৰমুখত মৰহি গ’ল হাজাৰ আমপাতৰ মালা,
গাৰু তিয়াই পাৰ হ’ল অন্তহীন সপোন
কোঠাৰ একোণত ভাহিল এডাল ধূপৰ সুবাস
ধ্ৰুৱতৰাৰ দৰে স্থিৰ হৈ ৰোৱা কবি হঠাতে অস্থিৰ হৈ পৰিল। উৰন্ত ঘোঁৰাৰ দৰে অৰণ্যৰ একাবেঁকা পথত গতি ল’লে, ইখনৰ পাছত সিখন চহৰ ভ্ৰমিলে। সেউজীয়া মেখেলা চাদৰ পৰিহিতা কৈশোৰৰ সেই প্ৰেয়সীৰ স্মৃতি তেতিয়াও কবিৰ বহেমিয়ান জীৱন শৈলীত দিশনিৰ্ণায়ক হৈ ৰৈছে৷ কবিৰ ভাষাত-
হঠাৎ ধ্ৰুৱতৰা খহি পৰি হ’ল এটি দুৰন্ত বেগী ঘোঁৰা,
একাবেকাঁ বাটেৰে পিছ পৰিল কত অৰণ্য
ইটোৰ পিছত সিটোকৈ পাৰ হ’ল নগৰৰ চাৰিআলি,
ট্ৰেফিক পইন্টত চৰাই হৈ ৰৈ থাকিল
মৰমৰ সেউজীয়া মেখেলা-চাদৰ
কবি কিন্তু থমকি ৰোৱা নাই। নিৰাশাৰ চকুলো টোকা নাই। কোনোবাটো সময়ত আন্ধাৰৰ মাজত পোহৰ বিলাই নতুবা বে-তাল জীৱনত সুৰ-তালৰ সৃষ্টি কৰি অথবা পুতিগন্ধময় বস্তিত এডাল ধূপৰ দৰে সুবাস বিলাইছে। কাৰণ জীৱন অমূল্য। নিৰাশাত ভুগি জীৱনৰ ইতি পেলোৱাতকৈ কাৰোবাৰ আশা হৈ জীৱন কটোৱাৰ পক্ষপাতী তেওঁ। কৈছে সেয়ে-
মই এডাল মম নে এটা সুৰ নে এডাল ধূপ?
জীৱনটো কি এমুঠি শ্লিপিং টেবলেট, এডাল ৰছী নে এখন ছুৰী?
শেষৰ স্তৱকটোত যেন কবিৰ আছিল এক আত্ম-উপলব্ধি, জীৱন-বীক্ষা। কবিৰ অতীত ইতিহাস আৰু জীৱনৰ বাকী থকা সময়ৰ আশাৰ এক কাব্যময় প্ৰকাশ।
*******************