Malabika Brahma
প্ৰিয়
সতীর্থ-বৃন্দ, আখৰুৱা : literati গোট'।
বিষয়:
পুনৰীক্ষণ' শীৰ্ষক
কবিতাৰ পৰ্য্যালোচনাৰ শিতান সম্বন্ধে
নমস্কাৰ,
আপোনালোকক
অতি আনন্দেৰে জনাও যে 'আখৰুৱা
: literati' গোটৰ
তৰুণ প্ৰজন্মৰ সক্ৰিয় আৰু নিষ্ঠাৱান সদস্য Prakash Bhuyan -ৰ
প্ৰচেষ্টাত 'পুনৰীক্ষণ' শীৰ্ষক এটি
শিতান, প্ৰ্তি
দেওবাৰে প্ৰকাশ কৰাৰ কথা ভবা হৈছে । এই 'পুনৰীক্ষণ' শীৰ্ষক
শিতানটোৰ উদ্দেশ্যে হ'ব
গোটত প্ৰ্তি সপ্তাহত প্ৰকাশ হোৱা কবিতা সমূহৰ পৰ্য্যালোচনা কৰা ।
শিতানটো
অহা ১৪ জুলাই ২০১৩-ৰ দিনা গোটত মুকলি কৰাৰ প্ৰয়াস কৰা হৈছে । আৰু প্ৰথমটো
পৰ্যালোচনাত যোৱা ১ জুলাই ২০১৩-ৰ পৰা গোটত প্ৰকাশিত কবিতা সমূহ সামৰি লৈ শিতানটিৰ
শুভাৰম্ভ কৰা হ'ব ।
'পুনৰীক্ষণ' শীৰ্ষক এই
শিতানৰ অন্তৰ্ভুক্তিয়ে গোটটোলৈ এটি নতুন গতি অনাৰ লগতে গোটৰ কবি সকল উপকৃত হ'ব বুলি আমি
আশা কৰিছো ।
কোনো
সদস্য কবিয়ে এই প্ৰ্ক্ৰিয়াৰ পৰা আঁতৰি থাকিব বিচাৰিলে প্ৰশাসকক জনাব পাৰিব আৰু
প্ৰ্শাসকে সেই মতে ব্যৱ্স্থা ল'ব ।
আমি
আশা ৰাখিম যে গোটৰ সকলো মাননীয় সদস্যই, প্ৰস্তাৱিত 'পুনৰীক্ষণ' শীৰ্ষক
শিতানত মুক্ত মনে অংশ গ্ৰহণ কৰিব আৰু নিজৰ মতামত আগবঢ়াব ।
শিতানটোলৈ
বুলি কোনো প্ৰকাৰৰ দিহা-পৰামৰ্শ থাকিলে, সকলোৱে মুকলি মনেৰে জনাব বুলিও আশা
ৰাখিছোঁ। কাৰণ আমি বিশ্বাস কৰো- আলাপৰ আদান-প্ৰদানে জ্ঞান, অভিজ্ঞতা
বঢ়োৱাৰ উপৰিও কবি সকলৰ মাজত অন্তৰংগতা নিশ্চয়কৈ বৃদ্ধি কৰিব ।
ধন্যবাদ, ইতিপ্ৰশাসকবৃন্দ,আখৰুৱা : literati গোট
০৯
জুলাই ২০১৩
Prakash Bhuyan
পুণৰীক্ষণ শিতান আৰু এক প্ৰস্তাৱনা
মই এজন কবি নহয় ৷ আনহাতে কবিতাৰ তাত্বিক সমালোচনা বা আলোচনা কৰিব পৰাকৈ মোৰ
বৌদ্ধিক অৰ্হতা আৰু সামৰ্থ দুয়োটাই নাই ৷ কবিতাৰ সমালোচনা মোৰ বাবে অন্ধৰ
হস্তীদৰ্শন - এয়া এক অকপট স্বীকাৰোক্তি ৷ তেনেহ'লে কি এই 'পুণৰীক্ষণ' ?দেখা যায় যে আমাৰ গোটত বহু সংখ্যক ভাল ভাল কবিতা নিয়মিত ৰূপে প'ষ্ট কৰা হয় ৷ কিন্তু বেছি কবিতাতে লাইক আৰু দুই এটা কমেন্টৰ বাহিৰে বিশেষ
গঠনমূলক আলোচনা হোৱা দেখা নাযায় ৷ সেয়ে কবিতাৰ এক নি:চৰ্ত প্ৰেমিক আৰু এক উৎসাহী
পাঠক হিচাপে মোৰ ভাল লগা কবিতা কেইটামানৰ এক অৱলোকন/আলোচনা কৰাৰ প্ৰতি আগ্ৰহ
প্ৰকাশ কৰিছোঁ ৷
কি ধৰণে কবিতাসমূহ বাচনি কৰা হ'ব ?
১)প্ৰত্যেক মাহৰ দ্বিতীয়টো ৰবিবাৰে এই শিতানৰ কাম কৰা হ'ব ৷২) কবিতা সমূহৰ বিচাৰ আৰু আলোচনাতক)ভাৱৰ গভীৰতাখ) চিত্ৰকল্পগ) শব্দ চয়নৰ
ওপৰত গুৰুত্ব দিয়া হ'ব ৷৩) লব্ধপ্ৰতিষ্ঠ কবি সকলতকৈ নতুন
লেখাৰুসকলক প্ৰাধান্য দিয়া হ'ব ৷
শেষকথা আৰু সবিনয় নিবেদন :
নিজৰ ক্ষুদ্ৰ সামৰ্থৰে এই শিতানটো আৰম্ভ কৰাৰ স্পৰ্ধা দেখুৱাৰ বাবে মই সমূহ
মাননীয় সদস্য/সদস্যাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছো ৷ মই বিশ্বাস কৰোঁ,কবিতাৰ নিৰ্মাণ যিদৰে কেতিয়াওঁ শেষ নহয়,তেনেদৰে কবিতাৰ
পঠনও কেতিয়াওঁ শেষ নহয় ৷ সেয়ে কোনো সমালোচনা বা অালোচনাই শেষ সিদ্ধান্ত নহয় ৷এয়া
এক গধূৰ দায়িত্ব আৰু এই ক্ষেত্ৰত মোৰ ভুল ত্ৰুটি হোৱাটো অৱশ্যাম্ভাৱী ৷ সেয়ে সমূহ
মাননীয় সদস্য/সদস্যাক নিৱেদন কৰো যে,আপোনাসৱে যেন
সহায় সহযোগিতাৰে এই শিতান গতিশীল কৰাৰ বাবে সুযোগ দিয়ে যেন ৷পুণশ্চ :ক) পুণৰীক্ষণ ,কবিতাৰ ৰসাস্বাদন তথা আলোচনা কৰাৰ বাবে চলোৱা এক আশাবাদী ব্যক্তিগত প্ৰচেষ্টা
৷ ই কোনো তাত্বিক সমালোচনা নহয় ৷খ) এই সমালোচনাই কোনো ক্ষেত্ৰতে গোটৰ মতামত
প্ৰতিফলিত আৰু প্ৰতিনিধিত্ব নকৰে ৷
Manohar Dutta
*প্ৰশাসক*__________
প্ৰিয় সতীৰ্থ-বৃন্দ ,
আখৰুৱা : literati গোট।
বিষয়: 'আখৰুৱা : literati' গোটৰ প্ৰস্তাৱিত 'পুণৰীক্ষণ' শিতানৰ শুভাৰম্ভ আৰু গোটৰ দৃষ্টিভংগী।
আপোনালোকক জনাব বিচাৰিছো যে অহা ১৪ জুলাই ২০১৩-ত, আখৰুৱা : literati গোটৰ প্ৰস্তাৱিত 'পুণৰীক্ষণ' শিতানৰ শুভাৰম্ভ কৰা হ'ব। বৰ্তমান প্ৰ্তি মাহৰ প্ৰতিটো পষেকৰ অন্তিমটো দেওবাৰে 'পুণৰীক্ষণ' শিতানটো গোটলৈ আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে।
সেয়ে শ্ৰদ্ধেয় সতীৰ্থ-বৃন্দৰ সকলো প্ৰকাৰৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।'পুণৰীক্ষণ' শিতানৰ প্ৰতি গোটৰ দৃষ্টিভংগী:আমি লক্ষ্য
কৰিছো যে অসমীয়া ভাষাৰ ফেচবুকত অনেক গোট আছে। ইয়াত সংখ্যাগত ভাবে অধিক আৰু নিম্ন
সংখ্যাৰ সদস্যৰে গঠিত গোটও আছে। আমাৰ দৃষ্টিত সদস্য/সদস্যাৰ সংখ্যাই গোট এটাৰ মানদণ্ড
নিৰূপণ নকৰে। ইয়াৰ বিপৰীতে গোটটোৰ ভূমিকাৰ দ্বাৰা সদস্য সকল উপকৃত হৈছে নে নাই, সামগ্ৰিক ভাবে গোটটোৱে অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াব পাৰিছে নে
নাই- আদিহে বিচাৰ্য বিষয়। সেয়ে এই দিশত 'আখৰুৱা : literati' গোট দায়বদ্ধ। এটা নতুন গোট হিচাপে আমাৰ মাননীয় সদস্যবৃন্দই নিৰলস ভাবে গোটত যি
সৃষ্টিশীল প্ৰয়াস কৰি আহিছে সেয়া এক ইতিবাচক দিশ বুলি আমি ভাবো।তেনেদৰে অসমীয়া
ভাষাৰ ফেচবুক গোট সমূহলৈ লক্ষ্য কৰিলে দেখিম যে ইয়াত কবিতাৰ চৰ্চা হোৱা গোটৰ
সংখ্যা অধিক। সেই গোট সমূহে অনেক নতুন সাহিত্যপ্ৰেমী, লেখক বা কবিক চৰ্চা কৰাৰ বাবে যি পৰিৱেশ আৰু সুযোগ দিছে যিটো নি:সন্দেহে
আদৰণীয়। আনপিনে এই কবিতাৰ গোট সমূহত কেতিয়াবা, কেতিয়াবা
কবিতাৰ সমালোচনা হৈছে যদিও সেয়া সঠিক দিশত হৈছে বুলি ক'ব নোৱাৰি। তদ্ৰুপ কবিতা হ'ল এনে এটি বিষয় যাৰ
সমালোচনা অবিহনে ই আগুৱাই যাব নোৱাৰে বা আগুৱাই যোৱাটো কঠিন হৈ পৰে। তেনেদৰে
সমালোচনাৰ নামত সমালোচনাইও কবি সকলক কোনো প্ৰকাৰে উপকৃত কৰিব নোৱাৰে।এই দৃষ্টিৰে 'পুণৰীক্ষণ' শিতানটো নিশ্চয় এক প্ৰয়োজনীয় শিতান হ'ব পাৰে বুলি আমি ভাবো। একে সময়তে এই কথালৈ আমি দৃষ্টি ৰাখিব লাগিব যে 'পুণৰীক্ষণ' শিতানটো যাতে সুন্দৰ হৈ উঠে তাৰ বাবে
শিতানটোক গোটৰ সকলো সদস্যই যেন ইতিবাচক দৃষ্টিৰে চায়। আমাৰ সংবাদ মাধ্যমত কবিতাৰ
যি সমালোচনা হয়, তাতকৈ 'পুনৰীক্ষণ' শিতানৰ দায়িত্ব কোনে গুণে কম নহয়। সেয়ে 'পুণৰীক্ষণ' শিতানে যাতে ফেচবুকৰ গোট হিচাপে এক স্বকীয় স্থান লাভ কৰে সেইটো সু-নিশ্চিত
কৰাটো আমাৰ সকলোৰে দায়িত্ব। এই অৰ্থত 'পুণৰীক্ষণ' শিতানৰ সমুখত অনেক দায়িত্ব আছে। কিয়নো, সাহিত্যৰ
ক্ষেত্ৰখনত সমালোচনা হ'ল অতি জটিল বিষয়। তাতে শিতানৰ
সমালোচক/পৰিচালক Prakash Bhuyan এই ক্ষেত্ৰত একেবাৰেই
নতুন। গতিকে ক'ব পাৰি যে 'পুণৰীক্ষণ' শিতানৰ সাফল্য বহু পৰিমাণে নিৰ্ভৰ কৰিব গোটৰ
সমূহ মাননীয় সতীর্থ-বৃন্দৰ সহযোগিতা আৰু আস্থাৰ ওপৰত।এইখিনিতে উল্লেখ কৰিব বিচাৰো
যে আমাৰ সমুখত কেইটামান দায়িত্ব বা দৃষ্টি ৰাখিবলগীয়া দিশ আহি পৰিছে। সেয়া হ'ল:১) আখৰুৱা : literati গোটৰ সদস্য কবি সকলৰ
কবিতাৰ সবলতা বা দুৰ্বলতাৰ মুকলি আলোচনা/সমালোচনা জৰুৰী আৰু তালৈ লক্ষ্য ৰাখি
কবিতাৰ সঠিক পৰ্যালোচনাৰ বাবে গোটত এক মুকলি আৰু সজীৱ পৰিৱেশ আমি গঢ়িব লাগিব।২)
আখৰুৱা : literati
গোটৰ কোনো সদস্য কবিয়ে যাতে এই আলোচনা/সমালোচনাক ব্যক্তিগত
বিষয় হিচাপে নলয় তাৰ প্ৰ্তি সজাগ হ'ব লাগিব।
অৱশ্যে আমি ইতিমধ্যে কৈছো যে 'কোনো সদস্য কবিয়ে এই
প্ৰ্ক্ৰিয়াৰ পৰা আঁতৰি থাকিব বিচাৰিলে প্ৰশাসকক জনাব পাৰিব আৰু প্ৰ্শাসকে সেই মতে
ব্যৱ্স্থা ল'ব।' সেয়ে তেনে
বাৰ্তা নজনোৱা সকলো সদস্য কবিৰ কবিতা 'পুণৰীক্ষণ' শিতানে সামৰি ল'ব পাৰিব।৩) 'পুণৰীক্ষণ' শিতানৰ পৰিচালক/সমালোচক এই দিশত সজাগ হ'ব লাগিব যে সমালোচনাৰ বাবে যোগ্য কোনো কবিৰ কবিতা যাতে শিতানটোৰ পৰা বাদ
নপৰে।৪) 'পুণৰীক্ষণ' শিতানৰ জৰিয়তে গোটলৈ এক নতুন গতি আহিব বুলি
যিদৰে আশা কৰিব পাৰি, সেইদৰে ই গোটৰ মজিয়াত কোনো বিতৰ্কৰ সৃষ্টি
কৰিলেও,
সিবোৰ যেন সোহাৰ্দ্যপূৰ্ণ হয়।৫) 'পুণৰীক্ষণ' শিতানটো সম্পূৰ্ণ ৰূপে স্বকীয় আৰু স্বাধীন।৬)
'পুণৰীক্ষণ' শিতানত কবিতাৰ যি সমালোচনা হ'ব তাৰ প্ৰ্তি গোটৰ প্ৰশাসকবৃন্দৰ দায়বদ্ধতা থাকিব।আহক, আমি গোটৰ মজিয়াত কবিতাৰ বাবে এক জীপাল পৰিৱেশ গঢ়ি তোলো।
ধন্যবাদ- ইতি
প্ৰশাসকবৃন্দ,আখৰুৱা : literati গোট
১২ জুলাই ২০১৩
মৌচুমী বৰিৰ প্ৰচেষ্টাত 'আখৰুৱা' ব্লগৰ কাম বহুখিনি আগুৱাইছে। অচিৰেই নিশ্চয় ব্লগটো জনপ্ৰিয় হৈ উঠিব।
ReplyDeleteমৌচুমীলৈ ধন্যবাদ জনালোঁ।