Sunday, 29 December 2013

কবিতাৰ পৰ্যালোচনাৰ শিতান : 'পুনৰীক্ষণ : ৩ আৰু ৪ : পৰ্যালোচক: Jahnu Bharadvaz




পুনৰীক্ষণ(৩): প্রথম খণ্ড

আখৰুৱা : literati-ত এক নতুন মাত্ৰা দিয়া পুনৰীক্ষণ শিতানৰ দ্বায়িত্ব লোৱাৰ সময়তে মনলৈ আহিছিল, আচলতে কবিতাৰ আলোচনা কৰিবৰ জোখাৰে জ্ঞান- অভিজ্ঞতা (বৌদ্ধিক- কাৰিকৰী) আৰু কাব্যিক অন্ত:দৃষ্টিৰ লগতে অধ্যয়ন মোৰ আছে জানো? কিন্তু আখৰুৱাৰ এজন আগ্ৰহী সদস্য হিচাপে এটা বিশ্বাস আছিল, কবিতাৰ এজন সাধাৰণ পাঠক হিচাপে নিশ্চয় পঢ়িবলৈ পোৱা ভাল লগা কবিতা কিছুমানৰ বিষয়ে আলোচনা কৰাৰ অধিকাৰ আছে, প্ৰশাসকবৃন্দৰ দ্বাৰা আৰোপিত আস্থাই এই বিশ্বাস গাঢ় কৰিছিল৷ সেয়ে, কিছুসংখ্যক নিয়মীয়া কবিৰ কবিতা লৈ সাধাৰণ পাঠকৰ দৃষ্টিৰে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে৷ কবিৰ মনোজগত আৰু কবিতাৰ ভাৱ আৰু সময়সাপেক্ষতা মুখ্য বিচাৰ্য হিচাপে লোৱা হৈছে৷

এয়া আগষ্ট ২০১৩-ৰ প্ৰথম পষেকৰ পুনৰীক্ষণ(৩): প্ৰথম খন্ড:


(এক)


প্ৰথমতেই, কবি উইল চিদ্দিকুৰ ৰহমানৰ 'যাযাবৰী জীৱনৰ দিনলিপি' আৰু 'মৰীচিকা গান'- এই দুটা সুখপাঠ্য কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো৷


ক) যাযাবৰী জীৱনৰ দিনলিপি 


প্রত্নতাত্ত্বিক হাবিয়াহ এটাক সাৰথি কৰিগৈ আছিল সি ইতিহাসৰ লেছেৰি বুটলি।


তাৰ যাযাবৰী জীৱনৰ দিনলিপিতশাৰী শাৰী ছাঁয়াশ্রয়ী উদ্ভিদৰ ধেমালি,বিস্মৃতিৰ গহ্বৰত বিলীন বানে ধোৱা গাঁও এখনসমাধিত বিবিধ প্রেমৰ এপিটাফচৰাইবোৰ শিল হোৱাৰ ইতিহাস আৰু হৃদয়ৰ অন্তৰংগ আলাপত জোনাক অথবা ভালপোৱাৰ ৰৌদ্র কামনা৷


খ) মৰীচিকা গান 


সুহুৰিয়াই সুহুৰিয়াইসুৰবালা সপোন এটাৰ চাকনৈয়াতজীৱনে নিবিচাৰে জীৱন


নিশাৰ সীৰলুৰে বৈ আহে বিষাদৰ ছাঁ


নোগোৱাই ভাল আলি-দোমোজাত মৰীচিকা গান


পোতাশালত বন্দী সমগ্র সত্বানিশাহত বিলীন পানীযুৱলিত খোজ দিয়াৰ হেঁপাহ


এক বিষাদ অথবা অৱসাদ চিন নিচিনকৈ ভাঁহি উঠিছে কবিতা দুয়োটাত৷ প্ৰথমটোত যাযাবৰী দিনৰ অনিশ্চয়তা আশা আৰু নিৰাশাৰ মিশ্ৰিত কথাই সুন্দৰকৈ ব্যক্ত কৰিছে৷অতীতমূখী সুৰ এটাই কবিতাটো মনোমোহা কৰি তুলিছে৷কিন্তু এই অতীতমূখীতাত সময় আৰু পৰিস্থিতিৰ অমোঘ প্ৰভাৱ স্পষ্ট৷'বানে ধোৱা গাঁও এখন', 'চৰাইবোৰ শিল হোৱাৰ ইতিহাস' এই কাব্যাংশৰ প্ৰয়োগ এইক্ষেত্ৰত অৰ্থবহ৷কিন্তু প্ৰথম শাৰীত প্ৰত্নতাত্বিক হাবিয়াহৰূপকৰ প্ৰযোগৰ যথাৰ্থতা সাব্যস্ত কৰাত কবি সফল হোৱা নাই৷স্ব- অন্বেষণৰ প্ৰক্ৰিয়া কিছু ব্যাপক আৰু এই ব্যাপকতা সঠিককৈ উপস্থাপনত হয়তো অপৰিমীত শব্দ প্ৰয়োগ আৰু ভিন ভিন দিশৰ অৱতাৰণাই ব্যাঘাত জন্মাইছে৷ আনহাতে, 'ছাঁয়াশ্ৰয়ী উদ্ভিদৰ ধেমালি' চিত্ৰকল্প আৰু অভিযোজনাৰ এক জটিল সংযোগ৷ছায়াশ্ৰয়ী উদ্ভিদ ৰূপকে অসহায়তাৰ ব্যাপ্তি বুজোৱা বুলি ভাৱিলে ধেমালি শব্দৰ সংযোগে নিশ্চয় জীৱনৰ স্বৰূপ প্ৰকাশ কৰিছে৷কিন্তু তাৰ পিছৰ কাব্যাংশইহে আমাৰ বাবে এই ভাৱ অধিক স্পষ্ট কৰিছে৷অৰ্থৰ দুৰূহতাই এনে জটিল উপস্থাপনৰ ক্ষেত্ৰত সাধাৰণ পাঠকৰ বাবে বিভ্ৰান্তিৰো সৃষ্টি কৰিব পাৰে৷কিন্তু অসহায়তা- অনিশ্চয়তাৰ মাজতো সুন্দৰতাৰ সন্ধান অবিৰত৷ইয়াৰ বাবেই হৃদয়ৰ অন্তৰংগ আলাপত জোনাক আৰু ভালপোৱাৰ ৰৌদ্ৰ কামনা চিৰন্তন৷পাঠকৰ অন্তৰো এই আশাৰ সুৰে নিশ্চয় স্পৰ্শ কৰিব৷


কিন্তু 'মৰীচিকা গান'ত পুনৰ বৰ্তমানৰ কৰ্কশতা আৰু নিৰ্মমতাত আহত অথবা স্থবিৰ এক সত্বাৰ অসহায় উপস্থিতি অনুভৱ কৰিব পাৰি৷নিশাৰ সীৰলু আদি চিত্ৰকল্পৰ দুৰ্বলতা আৰু অত্যধিক স্ব- উপস্থাপনৰ সুৰে মাজে মাজে কাব্যিকতাত আঘাত হানিলেও এই কবিতাটোৰ বক্তব্যই সেই দুৰ্বলতাক প্ৰশ্ৰয় দিয়া নাই৷'নোগোৱাই ভাল আলি-দোমোজাত মৰীচিকা গান' কাব্যাংশৰ গভীৰতা আৰু মৰ্মস্পৰ্শী আৱেদন তথা উপযুক্ত প্ৰয়োগ প্ৰশংসনীয়৷এই কবিতাটোত 'সমগ্ৰ সত্বা' যদিও কবিৰ ব্যক্তিগত পৰ্য্যায়ত বৰ্ণিত বুলি ধাৰণা কৰা যায়, কিন্তু সামূহিক বা জাতীয় জীৱন আৰু উপলব্ধিৰ লগত এই ব্যক্তিসত্বা ওত:প্ৰোত ভাৱে সংপৃক্ত৷ওপৰত উল্লিখিত 'নোগোৱাই ভাল / আলি-দোমোজাত মৰীচিকা গান' কাব্যাংশৰ সম্পূৰ্ণতা ব্যক্তিসত্বাতকৈ এই সামূহিক জীৱন আৰু উপলব্ধিৰ ক্ষেত্ৰতহে অধিক৷ আৰু মোৰ সম্পূৰ্ণ নিজা অনুভৱ, অসমৰ সমাজ জীৱনত এই আলি দোমোজা অদ্যপি বৰ্তমান৷"পোতাশালত বন্দী সমগ্র সত্বা/ নিশাহত বিলীন /পানীযুৱলিত খোজ দিয়াৰ হেঁপাহ…" - সমগ্ৰ সত্বাৰ সমগ্ৰতা আৰু প্ৰাসংগিকতা সামূহিক আৰু জাতীয় জীৱনৰ/উপলব্ধিৰ ব্যাপ্তিত৷আৰু এই কাব্যাংশত পৰাজয়- বিষাদ আৰু নিৰাশাৰ সুৰ যোৱা সময়চোৱাৰ অসমৰ সমাজ জীৱনৰ ব্যৰ্থতা (ট্ৰেজেডী)ৰ প্ৰতিধ্বনি৷ 


নিয়মীয়া চৰ্চাৰে কবিয়ে আগলৈও পাঠকক সুখপাঠ্য কবিতা উপহাৰ দি থাকিব বুলি আশা কৰিলো৷


(দুই)


আখৰুৱাৰ আন এজন নিয়মীয়া কবি হ'ল নিৰ্জন নিৰৱ বৰফুকন৷কবিতাৰ ক্ষেত্ৰত বিষয়বস্তুৰ গভীৰতা আৰু সময়সাপেক্ষতাৰে চিন্তাশীল কবি হিচাপে বৰফুকনে চিনাকি দিবলৈ সক্ষম হৈছে৷মই ইয়াত আলোচনাৰ বাবে তেখেতৰ 'নি:সঙ্গতা আৰু মৃত চহৰৰ আত্মা' আৰু 'বাৰিষাৰ কবিতা' - এই দুটি কবিতা লৈছো৷


ক) নি:সঙ্গতা আৰু মৃত চহৰৰ আত্মা 


চোমগছৰ পলুৰ দৰেবগুৱা বাই আহিছিলহৃদয়লৈইমান লেকেটীয়া বিষাদমৰিশালী শূণ্যতাত লালন কৰিছে এখন নৈচিনাকী সেয়াইমৃত চহৰখনলৈ আঙুলিয়াই কলেইয়াত তেওঁৰ ঈশ্বৰ নাথাকে


ওচৰ চাপিএটা ঘৰৰ ঠিকনা বিচাৰিলেযৰ পৰা থাকিব পাৰে পোহৰৰ এটা ৰদাল বাটদুখৰ বতাহে যত হাবাথুৰি খাব খোজেকিছু সময় মৌনতানিসঙ্গতাৰ পৃথিৱীত দুয়ো নিখোজ


তাৰ পিছতলোৱা বুলি কৈদুহাতত গুজি দিলেএটা অচিনাকী চৰাইৰ আত্মা


চৌপাশে এতিয়া মৃত আত্মাৰ কল্ ৰোল


খ) বাৰিষাৰ কবিতা 


টুকুৰা টুকুৰঘাঁৰ দৰে বাঢ়িছে বালিচৰঅত ততইমান যন্ত্ৰণানৈয়ে সহে কেনেকৈ


গছবোৰৰ বিবৰ্ণ শৰীৰৰ কিৰিলিৰপাৰে পাৰে ডেও দি ফুৰিছেএজাক বাহফলা ৰদভৰ শাওণত বৰষুণৰইমান মহঙা দিন


'নি:সঙ্গতা আৰু মৃত চহৰৰ আত্মা' কবিতাটো বিনিৰ্মীয়মানবাদী কবিতা৷'মৰিশালী শূন্যতা', 'মৃত চহৰ', 'অচিনাকি চৰাইৰ আত্মা' - এইখিনিত উপমাৰ প্ৰয়োগ লক্ষ্যণীয়৷প্ৰথম পংক্তিৰ শেষ শাৰী আৰু দ্বিতীয় পংক্তিৰ শেষাংশত এই বিনিৰ্মীয়মানবাদী সুৰে কবিতাটোৰ গঠনত এক অনন্য মাত্ৰা সংযোজন কৰিছে৷পোহৰৰ ৰ'দাল বাট থকা ঘৰৰ সন্ধান মানৱীয় সত্বা আৰু জীৱনবোধৰ সনাতন সত্য৷ কিন্তু সীমাৱদ্ধতাও অনস্বীকাৰ্য, সেয়ে ক্ষন্তেকতে সীমাৱদ্ধতাৰ সুৰ স্পষ্ট 'কিছু সময় মৌনতা/নিসঙ্গতাৰ পৃথিৱীত দুয়ো নিখোজ'- এই অংশত৷এক সুন্দৰ ঔদাসীন্য আৰু কবিৰ নিৰপেক্ষতা - কবিতাটোৰ প্ৰথমাংশৰ এক বিশেষত্ব, কিন্তু শেষাংশই এয়া ধাৰাবাহিকতা অটুত ৰাখিব নোৱাৰিলে৷কঠনভংগীৰ বৈচিত্ৰহীনতাই শেষাংশ আক্ৰান্ত কৰিছে৷দ্বিতীয় পংক্তি ইংগিতময়- এক নিৰপেক্ষ অৱস্থিতি, আশাবাদ আৰু শেষত মৌনতা বা শূন্যতা - জীৱন আৰু মনোজগতৰ বৈসাদৃশ্য কবিয়ে সুন্দৰকৈ ফুটাই তুলিছে৷কিন্তু 'চৌপাশে এতিয়া মৃত আত্মাৰ কল্ ৰোল' -ইয়াত ভাৱৰ অপৰিমীত প্ৰকাশে কবিতাটোৰ গতি আৰু কাব্যিকতাত আচোৰ পেলাইছে৷আনহাতে, 'অচিনাকি চৰাইৰ আত্মা' ৰূপকৰ অৰ্থ অস্পষ্ট আৰু অপ্ৰয়োজনীয় যেন বোধ হয়৷


'বাৰিষাৰ কবিতা' কবিৰ এক সাৰ্থক সৃষ্টি৷কবিতাটোৰ শিৰোনাম আৰু কথাৰ ইংগিতময় বৈসাদৃশ্য অতি প্ৰয়োজনীয় আৰু কবিয়ে সুন্দৰভাৱে উপস্থাপন কৰিছে৷ বিষয়বস্তু সৰল আৰু যথাযথ৷প্ৰথম কবিতাটোৰ ইংগিতময়িতা আৰু ভাৱৰ জটিল উপস্থাপনৰ তুলনাত ইয়াত আপাতদৃষ্টিত কবিয়ে সৰলতাৰ আশ্ৰয় লৈছে৷ চহা জীৱন আৰু প্ৰকৃতি নিৰ্ভৰতা আৰু অসহায়তা - আপাতদৃষ্টিত কবিতাটোৰ বিষয়বস্তু৷ সাধাৰণ পাঠকৰ বাবে কবিতাটো বোধগম্য আৰু কবিৰ সফলতাও তাতেই৷'গছবোৰৰ বিবৰ্ণ শৰীৰৰ কিৰিলি', 'ডেও দি ফুৰিছে/ এজাক বাহফলা ৰ' আৰু 'ভৰ শাওণত বৰষুণৰ ইমান মহঙা দিন'- অপৰূপ উপমা আৰু কঠনভংগী উৎসাহজনক৷শব্দৰ প্ৰয়োগ নিয়ন্ত্ৰিত৷


কঠনভংগীৰ অভিনৱত্ব আৰু বিষয়বস্তুৰ বিচিত্ৰতাৰে কবিয়ে প্ৰতিশ্ৰুতি বহন কৰিছে৷কবিতাৰ যাত্ৰা অটুত থাকক৷

______________________________________________________

পুনৰীক্ষণ (৩): দ্বিতীয় খন্ড:

প্ৰথমেই ক'ব খোজো যে আমাৰ ক্ষুদ্ৰ সামৰ্থ্যৰে পুনৰীক্ষণ শিতানৰ কবিতাৰ পৰ্যালোচনাৰ এই দুৰুহ কাম হাতত লৈছো। প্ৰথম খণ্ড প্ৰ্কাশিত হোৱাৰ পিছত যিসকল মাননীয় সদস্যই পৰ্যালোচনাটো পঢ়িলে আৰু মন্তব্য দিলে তেখেত সকললৈ আন্তৰিক ধন্যবাদ জনাইছো।কবিতাৰ পৰ্যালোচনা কৰোতে বহুক্ষেত্ৰত আমাৰ দোষ- ত্ৰুটি হ'বই, অপৰাধ মাৰ্জনীয়৷ এইবাৰো কবিতাৰ বিষয়বস্তু, কবিৰ সময়সাপেক্ষতা আদি মূখ্য বিচাৰ্য হিচাপে লোৱা হৈছে। আখৰুৱাৰ আন দুগৰাকী নিয়মীয়া কবি পলাশ বৰা আৰু ইন্দ্ৰনীল গায়নৰ দুটিকৈ কবিতা আৰু নিসংক মিলনৰ এটি কবিতাৰ আলোচনাৰে পুনৰীক্ষণ(৩), দ্বিতীয় খন্ড যুগুত কৰা হৈছে৷

(এক)

আখৰুৱা গোটত কবিতাৰ গঠনমূলক চৰ্চাত পলাশ বৰাই নিয়মীয়াকৈ অংশ লৈ আহিছে৷তেখেতৰ 'এটি আধৰুৱা কবিতা' আৰু 'অঘৰী ঘৰবোৰ'ৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে- 

ক) এটি আধৰুৱা কবিতা 

সময়ৰো এটা অতীত আছে

এইযে আমি গৈ থাকোআচলতে আমি এৰি থৈ আহোঁসময়ৰ সমাধি

আমি খামুচি ধৰোঁএক বিন্দু সময়আৰু উশাহ সলাওঁআচলতে ই বৰ্তমান নহয়বৰ্তমানত আমি অনুপস্থিত

ভৱিষ্যতৰো এটা সমাধি আছেআছে এটা অতীত

খ) অঘৰী ঘৰবোৰ

ঘৰবোৰে বুকুত এটা ঘৰ কঢ়িয়াই ফুৰে

ঘৰবোৰে নিজেই সজায় ঘৰৰ কোঠাএকোঠা ভালপোৱা, একোঠা বিশ্বাস, একোঠা হেঁপাহবেৰত ওলমাই থয় জীৱনৰ ঘড়ী

খিড়িকী খুলি ঘৰবোৰে পৃথিৱী জুমি চায়চুই চাব খোজে আকাশ অথবা বৰষুণগৰখীয়া গান এটা হৈঘৰবোৰ গুচি যাব খোজে পথাৰলৈ

নিজৰ আচুতীয়া কোঠাত ঘৰবোৰে দুপৰীয়া জিৰায়নিৰ্জনতাৰ বুকুত মূৰ থৈ ঘৰবোৰে হিচাপ কৰে সময় কেতিয়াবা ঘৰবোৰে গুণগুণকৈ ঘৰৰ কথা পাতে

বেলি ডুবিলে ঘৰবোৰ উচপিচায়জ্বলি উঠে এটা এটাকৈ অপ্ৰিয় চাকিগৃহস্থ ঘৰত সোমালেই ঘৰবোৰ নিঃসংগতাত ডুবেঅপ্ৰেম ৰাতিবোৰত গৃহ্স্থই সপোন দেখিলেঘৰবোৰে হেৰুৱায় সপোন

সপোন হেৰুৱালে ঘৰবোৰ অঘৰী হয়

এটি আধৰুৱা কবিতাবিষয়বস্তুৰ ফালৰ পৰা অভিনৱ, কিন্তু শিৰোনাম দুৰ্বল৷সময় এক মাপক- কিন্তু ই ধ্ৰুৱক নহয়৷অনিত্যতা সময়ৰ ক্ষেত্ৰতো প্ৰযোজ্য৷এই অনিত্যতা মেটাফ'ৰ হিচাপে লৈ কবিয়ে মানৱীয় পৰিসৰ (space) নিৰ্মাণ কৰিব বিচাৰিছে৷শব্দচয়ন অভিনৱ কিন্তু বহুত সময়ত অত্যধিক উচ্চাসে কবিৰ সচেতনতা হ্ৰাস কৰিছে৷আচলতে আমি এৰি থৈ আহো সময়ৰ সমাধি : এই কথাষাৰ অতি প্ৰাসংগিক৷ পোৱা- নোপোৱা, সুখ- দুখ এই সকলোবোৰেৰেই জীৱন৷জীৱনৰ পথত এৰি থৈ অহা সময়ৰ কথা, যিয়ে মুকলি কৰিছে সন্মূখৰ বাট, সেই সময়ৰ কথা কবিয়ে বুজাইছে৷সময় ইয়াত এক প্ৰতীক, জীৱনৰ সমগ্ৰতাক প্ৰতিনিধিত্ব কৰিছে৷আনহাতে, 'বৰ্তমানত আমি অনুপস্থিত' কথাষাৰে এক অনন্ত বিষাদ বুজাব পাৰে, যি হয়তো জীৱনৰ স'তে একান্তই জড়িত৷ নাইবা, অন্য এক দৃষ্টিকোণেৰে চালে,বৰ্তমানৰ প্ৰত্যাহ্বান, কষ্ট, শিকনি আদিয়েহে গঢ়ি দিব ভৱিষ্যতৰ পথ; সেয়ে ভৱিষ্যততহে বৰ্তমানৰ প্ৰকৃত তাৎপৰ্য৷ 'আমি খামুচি ধৰো এক বিন্দু সময়' চমৎকাৰ শব্দপ্ৰয়োগ, সৰল ভাৱে মানৱ জীৱনৰ পোৱা- নোপোৱা, সম্পৰ্ক, মানৱীয় আৱেগ আদিৰ সুন্দৰ উপস্থাপন৷কিন্তু, কবিতাটোৰ শেষাংশ কিছু দুৰ্বল যেন বোধ হ'ল৷এক ধৰণৰ প্ৰচলিত ধাৰাৰ কবিতাৰ প্ৰভাৱে শেষ শাৰী দুটা আক্ৰান্ত কৰিছে, আৰু কবিতাটোৰ সামগ্ৰিক সৌন্দৰ্যতো আচোৰ পেলাইছে৷

'অঘৰী ঘৰবোৰ' কবিৰ এক সাৰ্থক সৃষ্টি৷ কিছুদূৰলৈ মিতভাষিতা আৰু ভাৱ প্ৰকাশত কাব্যিক সচেতনতা লক্ষ্যণীয়৷'ঘৰবোৰে বুকুত এটা ঘৰ কঢ়িয়াই লৈ ফুৰে' - সুন্দৰশব্দচয়ন৷ কিন্তু, এটা ঘৰ নহৈ একোটাঘৰ হ'লে সুস্পষ্ট হ'লহেতেন৷'গৰখীয়া গান' এটা অতি বহুল ব্যৱহৃত উপমা, কিন্তু কবিৰ বুদ্ধিদীপ্ত আৰু যথাযথ প্ৰয়োগে মধুৰ কৰিছে৷কিন্তু, তৃতীয় পংক্তিৰ পৰা কবিতাটোক অলপ বহুবল্কিতাৰ দোষে চুইছে৷ ভাৱ প্ৰকাশত অসাৱধানতাও অনুভূত হৈছে৷''গৃহস্থ ঘৰত সোমালেই ঘৰবোৰ নিঃসংগতাত ডুবে/অপ্ৰেম ৰাতিবোৰত গৃহ্স্থই সপোন দেখিলে/ঘৰবোৰে হেৰুৱায় সপোন৷কিছু অসাৱধান আৰু অপ্ৰয়োজনীয় যেন বোধ হ', আৰু গোটেই কবিতাটোৰ সুষম গতি এইখিনিত সামান্য বিনষ্ট হৈছে৷কিন্তু,সামৰণি যথাযথ আৰু সুন্দৰ৷ঘৰক প্ৰতীকি অৰ্থত লৈ হয়তো কবিয়ে আমি জীৱনত স্বাভাৱিক, যথাযথ হিচাপে সহজভাৱে লোৱাত অভ্যস্ত অথচ গুৰুত্ব উপলব্ধি নকৰা সকলো ধৰণৰকথা- কাম, বস্তুকেই বুজাইছে৷কবিয়ে আগলৈও এনে ধৰণৰ সুন্দৰ কবিতাৰে গোটৰ মজিয়া সমৃদ্ধ কৰি যাব বুলি আশা কৰিলো৷----------(দুই)

ইন্দ্ৰনীল গায়নৰ কিছুসংখ্যক ইতিপূৰ্বে কাকত-আলোচনী আদিত প্ৰকাশিত কবিতা গোটৰ মজিয়াত প্ৰকাশিত হৈছে৷তেনে দুটি কবিতা, ‘স্পৰ্শআৰু পৃষ্ঠাইয়াত আলোচনাৰ বাবে লোৱা হৈছে৷

ক)স্পৰ্শ

স্পন্দনবোৰ নিস্তেজ হৈ পৰিলনিৰ্জনতাত

স্পৰ্শ কৰিব খুজিও স্পৰ্শিত হোৱা নাছিলমৌনতাৰ ক্ষণবোৰ !!

পুনঃব্যথিত হৃদয়ত বন্ধ্যা সময়ৰ উষ্ম আলিংগন।

খ) পৃষ্ঠা

পৃষ্ঠাবোৰ পুৰণি হৈছেশব্দবোৰঅচিনাকিঅস্পষ্ট

এতিয়া......

মাথোঁ ঔদাসীন্য অন্ধকাৰৰ মাজত দোৰোল খাই পৰিছেস্মৃতিৰ এখিলা দুখিলামদৰুৱা পাত।

ইন্দ্ৰনীলৰ দুয়োটা কবিতাত চৰ্চাৰ অভাৱ স্পষ্ট৷ কবিতাৰ বিষয়বস্তু আৰু ভাৱত নতুনত্ব নাই৷ স্পৰ্শ কবিতাটোত শব্দ প্ৰয়োগত অসাৱধানতায়ো কিছু দুৰ্বল কৰিছে৷ আৰম্ভনি কিছু সন্তোষজনক যদিও ভাৱ প্ৰকাশত মাত্ৰাধিক উচ্ছাসে কবিতাটোৰ সৌন্দৰ্য বহুখিনি হ্ৰাস কৰিছে৷স্পৰ্শ কৰিব খুজিও স্পৰ্শিত হোৱা নাছিল/ মৌনতাৰ ক্ষণবোৰ!!কবিৰ শব্দচয়নৰ দুৰ্বলতা এইখিনিত লক্ষ্যণীয়৷ আনহাতে, শেষাংশ অতিশয় একঘেয়ামী৷

'পৃষ্ঠা' এক সন্তোষজনক সৃষ্টি৷ বিষয়বস্তুও অভিনৱ নহ'লেও নতুন৷ পৃষ্ঠাবোৰ পুৰণি হৈছেশব্দবোৰ/ অচিনাকি/ অস্পষ্টমধুৰ শব্দচয়ন৷কবিৰ স্ব-সত্বাৰ উপস্থিতি আৰু আৱেগিক প্ৰকাশে কবিতাটোক মধুৰ আৰু কৰুণ কৰি তুলিছে৷কিন্তু শেষাংশ পুনৰ নতুনত্ববিহীন৷ চুটি কবিতাৰ ক্ষেত্ৰত ইন্দ্ৰনীলৰ দখল আছে৷ ইতিপূৰ্বে আমি বহুতো ভাল কবিতা পঢ়িবলৈ পাইছো৷সঠিক চৰ্চাৰে কবিয়ে আগলৈ সুন্দৰ কবিতা উপহাৰ দিব বুলি আশা কৰিছো৷ ----------(তিনি) 

অভিজ্ঞ কবি নিসংক মিলনৰ 'কোকেইন' শীৰ্ষক কবিতাটো আখৰুৱাত প্ৰকাশিত এক অন্যতম গভীৰ কবিতা৷ 

ক) কোকেইন

সিৰাৰ দাতিয়েদি গুছি যায় নিমাওমাও সমুদ্ৰ;পিয়াহত পোত যায় টোপনিৰ আঙুলিবোৰ ,হাড়ত উদযাপন কৰি নিৰ্বানৰ দিন ধূসৰতাৰ ধ্যান ভাঙি বুদ্ধ হোৱা আমি একোজনৰাতিৰ সিপাৰৰ মৌন বোধিসত্ত্ব;

কাৰ টোপনিত বাজি উঠে এখন বীণ ?দূৰৈত থৈ আহিছিলো যে ৰাতি এটাওৰেটো বাট মাতি আহিছিলো যে প্ৰাৰ্থনা এটা,এতিয়া আঙুলিত ওলমি ৰয় আক্ৰান্ত আয়ুসচকুত জ্বলি যায় চুলেইঅশ্ৰুৰ দুৰ্লঙ্ঘ্য দৰ্শন;

আমাৰ কান্দোনৰ খটখটিবোৰ পিছলাইক্ৰমশ অচেতন হৈ আহে এটা বাট যন্ত্ৰণালৈ ;শিৰৰ জীয়াতু নুমুৱাইক্ৰমশ জাগৃতি হৈ আহে এটা নিদ্ৰাৰ ফুলস্বপ্নৰ ধতুৰা হাতত লৈ ;

খোজৰ দুৱাৰমুখ তিয়াইআমি যাক বিচাৰি ফুৰিছোসেয়া জানো কোন প্ৰতিবিম্বৰ দেহ নে আত্মা ?

আঃ অমোঘ স্থবিৰতা,যি গতিৰ নগ্নতা ভৰিত বান্ধি ললো আমিসেয়া জুই নে শিপা ?অৰ্পিতা কোনো আৰতিৰ দৰেঅদ্ভুদ এক অপাৰ্থিৱতাৰ এটা তুমুল স্পৃহাঠিক ভালপোৱাৰ দৰে উদযাপিত হৈ ৰয়নিৰ্যাতিত নাভিত আমাৰ এতিয়া;

আমি যেন পুনৰ থিয় হলো,তেজৰ সতে সলাই ললো অনাদিৰ প্ৰথম বসন্ত,আৰু শূন্যতাৰ সতে সময়ৰ মহান আধ্যাত্ম !

বিষয়বস্তুৰ অভিনৱত্ব আৰু শব্দ প্ৰয়োগৰ ফালৰ পৰা কোকেইন এক সুন্দৰ সৃষ্টি৷৷'হাড়ত উদযাপন কৰি নিৰ্বানৰ দিন', 'ৰাতিৰ সিপাৰৰ মৌন বোধিসত্ত্ব', 'তেজৰ সতে সলাই ললো অনাদিৰ প্ৰথম বসন্ত' আদি কাব্যাংশত ভাৱৰ মাত্ৰাধিক্য আৰু শব্দ প্ৰয়োগত অসাৱধানতা পৰিলক্ষিত হৈছে যদিও কবিয়ে কাব্যিকতা ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ নিমাওমাও সমুদ্ৰ, টোপনিৰ আঙুলিবোৰ, আক্ৰান্ত আয়ুস, অশ্ৰুৰ দুৰ্লঙ্ঘ্য দৰ্শন আদি সংখ্যক সুন্দৰ ৰূপকৰ ব্যৱহাৰ এই কবিতাটোৰ বিশেষত্ব৷কিন্তু কবিৰ কোকেইনৰ 'নিচা'ৰ বৰ্ণনাৰ অত্যধিক উচ্ছাস আৰু শব্দৰ চাতুৰিৰ প্ৰচেষ্টাই কবিতাটোৰমাজভাগৰ পৰা কিছু একঘেয়ামী কৰি তুলিছে৷আৰু এইখিনিতে "অদ্ভুদ এক অপাৰ্থিৱতাৰ এটা তুমুল স্পৃহা/ঠিক ভালপোৱাৰ দৰে উদযাপিত হৈ ৰয় / নিৰ্যাতিত নাভিত আমাৰ এতিয়া; " আদি আপাতদৃষ্টিত শক্তিশালী কাব্যাংশ পুনৰাবৃত্তি আৰু শব্দৰ চাতুৰি যেন অনুভৱ হয়৷কবিৰ পৰা আগলৈ বিভিন্ন সাৰ্থক সৃষ্টি উপহাৰ পাম বুলি আশা ৰাখিলো৷-----------(ক্ৰমশ:)--জাহ্নু ভৰদ্বাজহাইদৰাবাদ বিশ্ববিদ্যালয়৷
_____________________________________

Jahnu Bharadvaz
পুনৰীক্ষণ (৪), প্ৰথম খন্ড 

জয়জয়তে মোক পুনৰীক্ষণৰ গুৰুভাৰ লোৱাৰ যোগ্য বুলি বিবেচনা কৰাৰ বাবে আখৰুৱা : literati গোটৰ প্ৰশাসকবৃন্দক ধন্যবাদ জনালো৷ মই পুনৰীক্ষণ (৩)-ত ইতিমধ্যে কৰা আলোচনা সমূহ পঢ়ি দিহা- পৰামৰ্শ, মন্তব্য আদিৰে উছাহ যোগোৱা বাবে গোটৰ সকলো মাননীয় সদস্যলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷ এইবাৰ পুনৰীক্ষণ (৪)-ৰ প্ৰথম খন্ডৰ বাবে তিনিগৰাকী কবিৰ একোটিকৈ কবিতা লৈছো৷কবিতাসমুহৰ বাচনি মোৰ নিজস্ব৷ কাৰিকৰী আৰু বৌদ্ধিক বাহুল্যতকৈ ভাৱ, সময়সাপেক্ষতা আৰু কবিতাৰ আৱেদন অধিক বিচাৰ্য বিষয় হিচাপে লোৱা হৈছে৷ সকলো ধৰণৰ ভুল ভ্ৰান্তি আৰু মোৰ বহুবল্কিতাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী৷ সকলোৰে সহায় সহযোগ বাঞ্ছনীয়৷

(এক)

কবি অনিন্দিতা কলিতাৰ আখৰুৱালৈ আগমন আৰু সক্ৰিয় অংশগ্ৰহণে আমাক যথেষ্ট আশাবাদী কৰি তুলিছে৷ ইতিপূৰ্বে বহুল সমাদৃত তেখেতৰ "যোৱাৰাতি এটা সপোন দেখিলোঁ মা" শিৰোনামৰ কবিতাটো তেখেতে যোৱাটো পষেকত পুনৰ আখৰুৱাৰ মঞ্চত দি আমাক সৰল আৰু সুন্দৰ কবিতাটো পঢ়াৰ সুযোগ দিলে৷কবিতাটো আৰু কবিতাটোৰ বিষয়ে আমাৰ সাধ্যানুসাৰে আলোচনা তলত আগবঢ়োৱা হ'ল৷

“যোৱাৰাতি এটা সপোন দেখিলোঁ মা”

যোৱাৰাতি এটা সপোন দেখিলোঁ মালাহি-পাহি, আলফুলীয়া

সপোনত দেখিলোঁ এজনী পৰীকপাহ কুমলীয়াদুগালত জিলিকিছে তেজগোৰা বেলিদুওঁঠ থেৰেজুবুলীয়া........

সোণবৰণীয়া কেশ তাইৰচকুযুৰি পদুমৰ পাহিৰূপালী পথেৰে আহি থুপুক- থাপাক খোজ দিল’লেহি মোৰ কোলাতে বহি

মৌ বৰষা মাতটিৰে লাহেকৈ মাতিলে মোক "মা" বুলিযেন জেঠুৱা মলয়াছাটিয়েহিয়া মন জুৰ পেলালেহি

জাননে মা

গোটেই নিশাটি কটালোঁ তাইৰ সৈতে ওমলিআকুলতাৰে চুমা এটি খাওঁ বুলি কাষলৈ চপাওঁতে

তাইচোন নোহোৱা হ’লমায়াজাল তৰি

তাইক বিচাৰি ফুৰোঁতেহঠাতে টোপনি গ’ল ভাগিকঠুৱা ৰোগ শয্যাতপালোঁ নিজকেকাষত তই, চকুত চকুপানী

নেকান্দিবি মা, সপোনত হ’লেও পালো মই"মা" সম্বোধনৰ মাধুৰী।

কবিতাটোৰ বিষয়বস্তু আৰু সহজ আৰু সাৱলীল ভাৱে বিষয়বস্তুৰ সৈতে কবিৰ আত্মিক অন্তৰংগতাই কবিতাটোক মনোমোহা কৰি তুলিছে৷অৱশ্যে এইক্ষেত্ৰত কবিৰ ব্যক্তিগত দিশ মই আলোচনাৰ মাজলৈ আনিব নিবিচাৰো৷কিন্তু অতি শক্তিশালী আৰু কৰুণ, "কঠুৱা ৰোগ শয্যাতপালোঁ নিজকে/কাষত তই/ চকুত চকুপানী", কাব্যাংশক আওঁকাণ কৰাও মোৰ বাবে কষ্টকৰ৷ কৰুণ এক বিষাদবোধে আৱৰি ৰাখিছে কাব্যাংশটিক, আৰু কবিৰ ব্যক্তিত্ব গভীৰভাৱে বিৰাজমান৷সামৰণিৰ দিশত অধিক চিন্তাশীল শব্দপ্ৰয়োগ লক্ষ্যণীয়৷আৰু গোটেই কবিতাটোৰ বক্তব্য কবিতাটোৰ শেষ অংশই সুন্দৰকৈ প্ৰকাশ কৰিছে৷ উপৰোক্ত পংক্তি আৰু শেষ শাৰী দুটিয়ে নাৰী মন, পৰিস্থিতিৰ ওচৰত মানৱৰ অসহায়তা, কিছু জনা নজনা বিষাদ, পূৰ্ণতা আৰু অসম্পূৰ্ণতা সুন্দৰকৈ প্ৰকাশ কৰিছে৷আৰু, ইংৰাজী শব্দৰ সহায় ল'বলৈ বাধ্য হৈছো, 'gender stereotype’ৰ পোষকতা নকৰোঁ৷ কিন্তু শেষ শাৰীটিত প্ৰকাশিত 'মা' সম্বোধনৰ মাধুৰী লাভ কৰাৰ নাৰী মনৰ চিৰন্তন বাসনাই কবিতাটোক এক অনন্য প্ৰাকৃতিকতা আৰু আশাবাদীতা প্ৰদান কৰিছে৷গোটেই কবিতাটোৰ সহজ আৰু সৰল শব্দচয়নে কবিতাটোক সুষমতা দান কৰিছে, আৰু সাধাৰণ পাঠকৰ বাবে অধিক ওচৰৰ কৰি তুলিছে৷পোনপটীয়া ভাৱ আপাতদৃষ্টিত সৰল যদিও, অন্তৰ্নিহিত গভীৰ ভাৱেহে কবিতাটোৰ মাধুৰ্য্য বৃদ্ধি কৰিছে৷ সপোনত দেখা পৰী এক প্ৰতীক, এক অসহায় নাৰী মনৰ উকমুকাই থকা আশা আৰু সপোনৰ৷প্ৰতীকি অৰ্থত সপোন ব্যৱহৃত হ'লেও মধ্যাংশত শব্দ প্ৰয়োগত কবি সচেতন হোৱা উচিত আছিল৷অনিন্দিতা কলিতাৰ এই কবিতাটি এক ভাল সৃষ্টি৷


(দুই)

পুৰ্ণিমা বৰুৱাৰ অন্তৰংগ কবিতাটো আখৰুৱাত যোৱাটো পষেকত প্ৰকাশিত কবিতাবোৰৰ মাজত অন্যতম৷

'অন্তৰঙ্গ'

তোমাৰ বুকুত শব্দময়তাৰ হাবিয়াসমোৰ বুকুত শব্দহীনতাই লয়লাস ।ইমান বৈপৰীত্য !তথাপি অনুৰাগৰ সেই আঁজলি ৰ'দত আজিও জলমলাইআমাৰ চোতাল।কাৰণ, শব্দইও জানেনৈশব্দ কিমান বাঙ্ময় -বুকুৰ মাজত যেতিয়া সেউজীয়া থাকে ।

অন্তৰংগ এটি সুন্দৰ প্ৰেমৰ কবিতা৷মিতভাষিতা কবিৰ এক সবলতা৷ সহজ সৰল শব্দৰ প্ৰয়োগেৰে এক সুমধুৰ স্পৰ্শ দিছে কবিয়ে অন্তৰংগ কবিতাটোত৷ কবিৰ অন্তৰংগতাই আমাকো চুই যায়৷হয়, বুকুৰ মাজত সেউজীয়া থাকিলে নৈশব্দও বাঙ্ময় হয়৷প্ৰথমাংশৰ তুলনাত শেষাংশ অধিক মধুৰ আৰু সুষম৷ অন্তৰংগ এক সাৰ্থক সৃষ্টি৷কবিৰ পৰা এনে কবিতা আগলৈও কাম্য৷

(তিনি)

“এৰাবাট”

কেতিয়াবাই মৰিছিল এই বাট

এদিন এই বাটেৰে নামিছিল জোনজোনৰ হাতত ধৰি নামিছিল জোনাকীৰ জাকএখোজ দুখোজকৈ এই বাটেৰে নামি আহিছিলআকাশ, বৰষুণ অথবা বাৰিষাৰ নদী

এই বাটেৰে পাৰ হৈছিল হাজাৰটা সপোনৰ ঘোঁৰাআৰু গৈ গৈ উলটি নাহিছিলএই বাটেৰে পাৰ হৈ গৈছিলস্বপ্নাতুৰ মানুহৰ মিছিল আৰু উলটি অহা নাছিল

এদিন ঘোঁৰাবোৰ বিচাৰি ওলাই গৈছিল পিতাপিতাক বিচাৰি ওলাই গৈছিল আইঘূৰি আহোঁতে আয়ে হেৰুৱাই থৈ আহিছিল বুকুৰ ভগা ছিগা মাত

ইতিহাস সাৱটি বাটটো মৰিছিলবাটৰ বুকুত মৰিছিল তাৰ ইতিহাস

( এটা কবিতাৰ বাবে যোৱা বাটেৰে যি উভতি আহিছিল, তেওঁৰ হাতত শ্ৰদ্ধাৰে.......!!)

পলাশ বৰাৰ 'এৰাবাট' আখৰুৱাত প্ৰকাশিত এক সুন্দৰ কবিতা৷কিন্তু শিৰোনাম 'এৰাবাট' যদিও কবিতাটোৰ বৰ্ণনত তেওঁ 'কেতিয়াবাই মৰিছিল এই বাট' এনেদৰে কৈছে৷এৰাবাট নে মৰাবাট হ'ব লাগিছিল? দ্বিতীয়তে, মানুহ আদি গ'লে উভতিহে আহিব পাৰে, উলটি নহয়৷বিজ্ঞজনলৈ এৰিলোঁ৷

কবিৰ নিজস্ব ব্যাখ্যা সঠিককৈ বোধগম্য নহ'ল৷"এদিন ঘোঁৰাবোৰ বিচাৰি ওলাই গৈছিল পিতা" আদি শাৰীক জটিলতা আৰু কবিতাটোক বহু ক্ষেত্ৰত বহুবল্কিতাই চুইছে৷তদুপৰি, প্ৰথম আৰু দ্বিতীয় পংক্তিৰ লগত তৃতীয় পংক্তিটোৱে যেন সামঞ্জস্য ৰক্ষা কৰিব পৰা নাই৷আৰু, 'আই' আৰু 'পিতাই'ৰ অৱতাৰণাই নিভাজ পৰশ এটি দিছে যদিও আৰম্ভণিৰ সাৰ্বজনীনতা হ্ৰাস কৰিছে৷

কিন্তু, অসমৰ জাতীয় জীৱনৰ এক অভিন্ন আৰু গুৰুত্বপূৰ্ণ অধ্যায় সশস্ত্ৰ সংগ্ৰামৰ পটভূমিত কবিতাটোৰ বিশ্লেষণ কৰিব পৰা যায়৷অসমৰ গাও, চহৰ- নগৰ হাজাৰ জনৰ সপোনৰ পথত অনন্ত- অনাদি যাত্ৰা কবিতাটোৱে প্ৰতিনিধিত্ব কৰিছে৷ আৰু, কবিতাটো কবিয়ে অৰ্পণ কৰিছে এনেদৰে "এটা কবিতাৰ বাবে যোৱা বাটেৰে যি উভতি আহিছিল, তেওঁৰ হাতত শ্ৰদ্ধাৰে.......!!)" আৰু ই এক সুন্দৰ পটভূমিৰ অৱতাৰণা কৰিছে৷এনেকৈয়ে, "এখোজ দুখোজকৈ এই বাটেৰে নামি আহিছিলআকাশ, বৰষুণ অথবা বাৰিষাৰ নদী" আৰু "এই বাটেৰে পাৰ হৈ গৈছিলস্বপ্নাতুৰ মানুহৰ মিছিল আৰু উলটি অহা নাছিল" আদি কাব্যাংশ অতি অৰ্থপূৰ্ণ হৈ উঠে৷

কবিতাটোৰ বৰ্ণনৰ ক্ষেত্ৰত মাত্ৰাধিক উচ্ছাস আৰু কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণহীনতাৰ দোষেও চুইছে৷বিশেষকৈ প্ৰথম আৰু দ্বিতীয় পংক্তিত৷আনহাতে, শেষ শাৰী দুটি অতিশয় দুৰ্বল৷কবিতাটোক প্ৰকৃত পথলৈ ওভতাই অনাৰ অত্যধিক প্ৰচেষ্টা ওলাই পৰিছে৷কবিৰ পৰা আগলৈ সুন্দৰ কবিতা আখৰুৱাৰ মঞ্চত পঢ়িবলৈ পাম বুলি আশা ৰাখিলো৷

--- জাহ্নু ভৰদ্বাজসৰুপেটা, বৰপেটা৮৯৮৫৭৪৭৭৬৪
__________________________________________________
Jahnu Bharadvaz
পুনৰীক্ষণ ৪, দ্বিতীয় খন্ড

“প্ৰতিজন মানুহেই একোজন কবি৷” সৰুতে ক'ৰবাত পঢ়িছিলো কথাষাৰ৷ শব্দেৰে কবিতা ৰচা সকল মাত্ৰ একাংশহে৷জীৱনৰ বাটত বহুতে মৰম- সম্পৰ্ক, হাল- মাটি- খেতি, ভালপোৱা,দয়া- চেনেহ, সেৱা আদিৰে কবিতা ৰচে - শব্দৰ নিমিত্ততা য'ত অপ্ৰয়োজনীয় হৈ পৰে৷ অৱশ্যেই যাৰ পঠন আৰু উপলব্ধি সহজ হ'লেও বহুসময়ত অনাদৃত হৈ ৰয়৷ এনেবোৰ কবিতা বুজাত আমিবোৰ অপাৰগ হৈ ৰওঁ প্ৰায়ে৷পুনৰীক্ষণত ময়ো অৱশ্যে সীমাৱদ্ধতাৰ আশ্ৰয় ল'ম৷কেৱল আখৰী কবিতাক হে কবিতা হিচাপে গণ্য কৰিম৷ মোৰ এজন প্ৰিয় শিক্ষাগুৰুৱে কৈছিল যে সুন্দৰতাই কবিতা৷ হযতো মহাশয়ে কোৱা কথাৰ অৰ্থ এতিয়াহে কিছুদূৰ বুজিছো৷আকৌ, বৌদ্ধিক দিশলৈ নগৈও কিছু কথা বুজিলো, যেনে নতুনত্বও অপৰিহাৰ্য কবিতাৰ গুণগত মানৰ ক্ষেত্ৰত৷ কিন্তু জীৱনৰ বাটত অভিজ্ঞ আন এজন কবিয়ে ক'লে যে বাস্তৱেই কবিতা৷সুন্দৰতা আৰু বাস্তৱৰ মাজত ব্যৱধান মই বেছি বুলি নাভাৱো, যদি আমি সুন্দৰতাৰ বিষয়ে 'ৰোমান্টিক' প্ৰচলিত ধাৰণাৰ গন্ডীৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰো৷ এম. কে. গান্ধীৰ কথাৰেই সত্যৰ নিকট অৱস্থাকে সুন্দৰ বুলি বিবেচনা কৰোঁ, আৰু ইয়াত সেই অৰ্থতে ব্যৱহাৰ হৈছে৷পুনৰীক্ষণৰ এই খন্ডৰ আলোচনাৰ সৈতে উপৰোক্ত কথাখিনি অমিল যেন বোধ হয়৷কিন্তু আলোচনাৰ পৰিকাঠামো (framework) মই উক্ত ধাৰণাৰেই গঢ়ি ল'ব বিচাৰিছো৷আলোচনাৰ পৰৱৰ্তী অংশত এই কথাখিনি পৰিস্কাৰ হৈ উঠিব বুলি আশা কৰিছোঁ৷ আগষ্ট মাহৰ দ্বিতীয় পষেকত আখৰুৱাত প্ৰকাশিত কবিতা কেইটিমানৰ আলোচনাৰে এয়া পুনৰীক্ষণ ৪, দ্বিতীয় খন্ড৷  (এক)  কবি নিৰ্জন নিৰৱ বৰফুকনৰ 'ভৰলু' শীৰ্ষক কবিতাটো যোৱাটো পষেকৰ আখৰুৱাত পুনৰ প্ৰকাশিত হৈছে৷ “ভৰলু” চহৰখন মৃতআৰু মৃততাৰ মানুহবোৰতথাপিও দ্বন্দ খৰিয়ালপোৱা নোপোৱাৰ কাৰচাজীসকলো দেখিও তই বৈ থাকশিল বালিৰ সভ্যতা গছকিবেছ ভয়াৰ্ত তোৰ গতি গেলা নৰ্দমাউৱলি যোৱা মৃতদেহশেতা তেজমৃত ভ্ৰূণঠিকনাবিহীন বিদ্ৰোহী নৰকংকালধুলি ধোৱা কয়লাকঢ়িয়াই কঢ়িয়াইতই বৈ থাকভিক্ষাৰীৰ দৰে তোৰ শৰীৰতকীট পোকদুৰ্গন্ধই ছানি ধৰিছেশাওণে গৰকা শৰীৰভৰলু তই এইমৃত চহৰৰ ডাষ্টবিন কিমান বছৰকিমান বছৰমনত নাইসৌ তাহানিতে খুলি দিছিলতোৰ পিতায়েচঞ্চল দুভৰিৰ দুৱাৰপাহাৰখন খান্দি খান্দিতই আছিলি ৰাংঢ়ালীক’ত হেৰাল সেইদুয়োপাৰ ওপচা সেউজীয়াসুবৃহৎ দালান আৰুমহানগৰীৰ কংক্ৰীত হাতোৰাতক্ৰমাৎ শীৰ্ণকায় তোৰ অবয়ব ভৰলু অ’তোক লৈ মোৰ শংকা উপজিছেমৃত চহৰৰ মৃত মানুহবোৰেএদিন তোক কবৰ দিব বিষয়বস্তুৰ ক্ষেত্ৰত কবিয়ে নতুনত্ব দাবী কৰিব পাৰে৷আৰু, পাঠকৰ বাবে সহজবোধ্যতা আৰু আকৰ্ষণীয়তাৰ কৃতিত্বও কবিৰ প্ৰাপ্য৷কিন্তু গোটেই কবিতাটোত এক শ্লোগানধৰ্মী সুৰ অনুভৱ কৰিব পাৰি, যি কবিতাটোৰ আৱেদন যথেষ্ট হ্ৰাস কৰিছে৷প্ৰথম পংক্তিটো সুন্দৰ৷কিন্তু প্ৰথম শাৰীটো শক্তিশালী আৰু অৰ্থৱহ যদিও কবিৰ মানসিকতাত প্ৰাপ্য গুৰুত্ব নাপালে৷হয়তো, সেই শাৰীটো অকলে এটা পংক্তি হিচাপেহে যথাযথ হ'লহেঁতেন৷ 'তই বৈ থাক' কথাষাৰৰ দুটি পংক্তিত দুবাৰ ব্যৱহাৰ অপ্ৰয়োজনীয় যেন লাগিল৷ কবিতাটোত য’তি চিহ্নৰ ব্যৱহাৰ এবাৰলৈও নকৰা বাবে বহু সময়ত শব্দৰ আধিক্যৰ আশ্ৰয় ল'বলৈ কবি বাধ্য হৈছে৷প্ৰথম পংক্তিটোলৈ আঙুলিয়াই দিয়ে উদাহৰণ দিব বিছাৰিছো- "চহৰখন মৃত/আৰু মৃত/তাৰ মানুহবোৰ" -- ইয়াত "চহৰখন মৃত" ইয়াৰ পাছতেই য'তি চিহ্নৰ ব্যৱহাৰেৰে পৰৱৰ্তী শাৰীৰ 'আৰু' শব্দৰ ব্যৱহাৰ কবিয়ে পৰিহাৰ কৰিব পাৰিলেহেঁতেন৷ তেনেদৰেই প্ৰায় গোটেই কবিতাটোতে য'তি চিহ্নৰ উপযুক্ত ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছিল৷কবিতাটোৰ দ্বিতীয় পংক্তিৰ পৰা বহুবল্কিতাৰ দোষে বাৰুকৈয়ে চুইছে৷"গেলা নৰ্দমাউৱলি যোৱা মৃতদেহশেতা তেজমৃত ভ্ৰূণঠিকনাবিহীন বিদ্ৰোহী নৰকংকালধুলি ধোৱা কয়লাকঢ়িয়াই কঢ়িয়াইতই বৈ থাক" - কাব্যাংশত কবিৰ দ্বাৰা বাস্তৱৰ ৰূপায়নৰ প্ৰচেষ্টা প্ৰশংসনীয় যদিও ভাৱ প্ৰকাশত উচ্ছাসৰ মাত্ৰাধিক্য বৰ্জনীয়৷তৃতীয় পংক্তিত কবিতাটোৰ গতি কিছু একঘেয়ামী৷ বাস্তৱ চিত্ৰণৰ মাত্ৰাধিক প্ৰচেষ্টাই কাব্যিকতাত আচোৰ পেলাইছে৷সামৰণিৰ ক্ষেত্ৰতো শক্তিশালী শেষ শাৰী দুটিয়ে উপযুক্ত মৰ্য্যাদা নাপালে কবিৰ বৰ্ণনত৷এতিয়া আহো মোৰ পৰিকাঠামোৰ যোগেৰে কবিতাটোৰ বিশ্লেষণলৈ৷এক মহানাগৰিক অপৰাধবোধ আৰু বিষাদৰ সুৰে কবিতাটোৰ বিষয়বস্তু গভীৰ কৰি তুলিছে৷গুৱাহাটীৰ ক্ষেত্ৰত ভৰলু আজি এই মহানাগৰিক অপৰাধবোধ আৰু বিষাদবোধৰ স্বাক্ষৰ৷আৰু এই স্বাভাৱিকতাই এক অন্য সুন্দৰতাৰ অৱতাৰণা কৰিছে কবিতাটোৰ ক্ষেত্ৰত৷অত্যধিক পোনপটীয়া উপস্থাপনে কাব্যিকতা হ্ৰাস কৰিছে বহুক্ষেত্ৰত, কিন্তু বিষয়বস্তুৱে সেইখিনি আপোচ কৰিবলৈ বাধ্য কৰিছে৷মুঠতে, 'ভৰলু' এটি সন্তোষজনক কবিতা৷কবিৰ পৰা আগলৈ অন্যান্য সাৰ্থক সৃষ্টি আশা কৰিলো৷  (দুই) কৌশিক বাস্যসৰ 'কবিতা' শীৰ্ষক কবিতাটো যোৱাটো পষেকত আখৰুৱাত প্ৰকাশিত হৈছে৷সাধাৰণতে, মধুৰ চিত্ৰকল্প আৰু সমাহিত শব্দপ্ৰয়োগেৰে সুষম আৰু মধুৰ কবিতা ৰচনা কৰা কৌশিকৰ 'কবিতা' কিছু ব্যতিক্ৰমী প্ৰচেষ্টা৷ আৰু সেয়ে আলোচনা কৰিবলৈ লোৱা হৈছে৷  “কবিতা” "One could not count the moons that shimmer on her roofs, or the thousand splendid suns that hide beneath her walls."-Khaled Hoseini মোৰো মন যায় জাননে দেৱালৰ পিছফালে লুকাই থকাসহস্ৰ সুৰুযক এটা এটাকৈ উলিয়াই আনিপ্ৰাণ খুলি কথা পাতিবলৈ ঘৰৰ মূধচত ধিমিক ধামাকপোহৰেৰে জ্বলি থকাজোনবাইৰ স'তে মিতিৰালি পাতিবলৈ কিন্তু কি দুৰ্ভগীয়া মই মোৰ ঘৰৰ দেৱাল নাইউৰুখা চালেদি কেৱলতৰাহে লেখা যায়! খালিদ হোচেইনীৰ উদ্ধৃতিৰে কিছু নতুনত্বৰে কবিয়ে কবিতাটোৰ আৰম্ভণি কৰিছে৷আৰু সেই উদ্ধৃতিটোক কেন্দ্ৰ কৰিয়ে কবিতাটো আৱৰ্তিত হৈছে আৰু উদ্ধৃতিৰ অৱতাৰণাৰ যথাৰ্থতা প্ৰতীয়মান কৰিছে৷ কবিতাটোৰ বিষয়বস্তু সাধাৰণ আৰু সৰল৷ সাধাৰণ দৈনন্দিনতাৰ পৰশ এটিৰে কবিয়ে বৰ্ণনাত মধুৰতা আনিছে৷ এয়াই সহজ সৰল শব্দৰ মাজতো কবিতাটোৰ আৱেদন বৃদ্ধি কৰিছে৷ৰুদ্ধ আৱেগ আৰু আশাৰ সমান্তৰালভাৱে অসহায়তাৰ সুৰেৰে কবিয়ে কবিতাটো সজাইছে৷কিছুদূৰলৈ সাৰ্বজনীন আৱেদন আনিবলৈ কবি সক্ষম হৈছে৷"উৰুখা চালেদি কেৱল/ তৰাহে লেখা যায়!" - এই কাব্যাংশৰে মিতভাষিতা আৰু বাস্তৱ তথা সময়সাপেক্ষতা প্ৰদান কৰিছে কবিয়ে৷এনেদৰে চালে সামৰণি যথাযথ৷হয়তো, অলপ দীঘলীয়া আৰু উন্নতভাৱে এই ভাৱ প্ৰকাশ কৰাৰ থল আছিল৷ মোৰ বোধেৰে প্ৰথম বচনত বৰ্ণনে কবিতাটোৰ সাৰ্বজনীনতা কিছু হ্ৰাস কৰিছে৷মধ্যাংশত শব্দ প্ৰয়োগত দুৰ্বলতা দেখা যায়৷খৰতকীয়াকৈ শেষ কৰি থোৱাৰ প্ৰৱণতা কবিয়ে পৰিহাৰ কৰা উচিত৷ উজ্জ্বল কাব্যিক সম্ভাৱনা কবিয়ে বহন কৰিছে৷ কৌশিকৰ পৰা আগলৈ বহুতো উন্নত সৃষ্টি আশা কৰিলোঁ৷ (তিনি)  কবি অগস্ত্য বৰুৱাৰ 'সময়' শীৰ্ষক কবিতাটো যোৱাটো পষেকত আখৰুৱাত প্ৰকাশিত এটি উন্নত কবিতা৷ কবিতাটোৰ বিষয়ে আমাৰ যৎসামান্য ক্ষমতাৰে কৰা আলোচনা তলত আগবঢ়ালো৷“সময়” নাহৰৰ মাকোত বন্ধাওতো নাছিলশৈশৱৰ দিনবোৰতথাপিসেউজীয়া চাদৰ লৈপাৰ হৈছিল সময় ধূসৰিত কৈশোৰতদিগ্ বিদিগ হেৰুৱাইজীৱন কিছুদিকভ্ৰান্ত হৈছিলঅলিয়ে গলিয়ে তেতিয়াঅসন্টুষ্টিৰ ভাৱ বাৰুদৰ ধোৱাঁৰ মাজতপাৰ হৈছিল যৌৱন আজিজোনৰ পোহৰতো দেখা পাওঁ জুইনাকত লাগি থাকে এতিয়াও বাৰুদৰ গোন্ধ II সমগ্ৰ পৃথিৱীৰ বিপ্লৱ- বিদ্ৰোহ, যুদ্ধ- বিগ্ৰহ আদিৰ মাজেৰে শৈশৱ - কৈশোৰ পাৰ কৰি অহা প্ৰতিজন মানুহকে কবিতাটোৱে প্ৰতিনিধিত্ব কৰিছে৷আশৈশৱ ভয়- হিংসা আদিৰ মাজত বিপৰ্যস্ত মানৱৰ বিপন্নতা কবিতাটোৰ মূখ্য ভাষ্য৷কবিতাটো পঢ়িলে কবিৰ স্বগ:তোক্তি যেন বোধ হ'লেও এয়া আচলতে যুদ্ধ- বিগ্ৰহ, অত্যাচাৰ, হিংসা, বিদ্ৰোহ আদিৰ আতংকৰ চিকাৰ হোৱা সকলো মানুহৰে উক্তি৷শত- সহস্ৰজনৰ অনুচ্চাৰিত হুমুনিয়াহ কবিতাটোৱে বহন কৰিছে৷ এই সাৰ্বজনীনতা আৰু বিষয়বস্তুৰ গভীৰতাই কবিতাটোক অনন্য মাত্ৰা প্ৰদান কৰিছে৷আৰু, ইয়াত মই মোৰ পৰিকাঠামোৰ বাস্তৱ আৰু সুন্দৰতা অনুভৱ কৰিলো৷নতুনত্ব হয়তো অলপ কম৷কিন্তু যদি কবিৰ ব্যক্তিগত আৰু অসমৰ সামাজিক পটভূমিত ধৰা হয়, তেন্তে সমগ্ৰ বিষয়টো অভিনৱ নহয় যদিও কবিয়ে অংশগ্ৰহণকাৰীৰ দৃষ্টিৰে নাচাই বৰং এইসমূহৰ বলি হোৱাজনৰ দৃষ্টিৰে চাব বিচাৰিছে৷ক্ষোভ আৰু প্ৰতিবাদতকৈ সেয়ে পৰিতাপ আৰু দুখৰ হুমুনিয়াহৰ সুৰ স্পষ্ট - আৰু এই দৃষ্টিকোণ অসমৰ সামাজিক পটভূমিত নতুন৷অতীতমূখীতাৰ এক মধুৰ সুৰ আৰম্ভণি অংশত বিদ্যমান৷শৈশৱৰ পটভূমিত নিষ্কলুষতা আৰু সমাহিত সুন্দৰতাৰ বিৱৰণ পৰৱৰ্তী ঘটনাপ্ৰৱাহ বৰ্ণনা কৰিবলৈ আৱশ্যকীয় আৰু কবিয়ে যথাযথ উপস্থাপন কৰিছে৷ দ্বিতীয় পংক্তিটোৱে এইটো কবিতাৰ ক্ষেত্ৰতো ধাৰাবাহিকতা বোজাই ৰাখিব নোৱাৰিলে৷শব্দ প্ৰয়োগৰ দুৰ্বলতা আৰু ভাৱৰ মাত্ৰাধিক্যই চুইছে এই অংশক৷"ধূসৰিত কৈশোৰতদিগ্ বিদিগ হেৰুৱাইজীৱন কিছুদিকভ্ৰান্ত হৈছিল" কবিৰ স্ব- সত্বাৰ অধিক উপস্থিতিয়ে সাৰ্বজনীনতা কিছু হ্ৰাস কৰিছে৷কিন্তু, "অলিয়ে গলিয়ে তেতিয়া/ অসন্টুষ্টিৰ ভাৱ" কাব্যাংশ অতি অৰ্থৱহ৷’অসন্তুষ্টি’ হে হ'ব লাগিছিল যদিও৷তৃতীয় পংক্তিটো কৰ্কশ বাস্তৱৰ বেছি ওচৰ চপা৷সামৰণি সুন্দৰ কিন্তু শেষ শাৰীটোত 'এতিয়াও' শব্দৰ ব্যৱহাৰ অদৰকাৰী যেন বোধ হ'ল৷ কবিৰ পৰা আগলৈ বহুতো ভাল সৃষ্টি আশা কৰিলো৷ এইখিনিতে পুনৰীক্ষণ ৪ সমাপ্ত কৰিবলৈ লৈছো৷ আমাৰ দৃষ্টিত ভাল লগা কেইটিমান কবিতাৰ আলোচনা কৰিবলৈ চেষ্টা চলোৱা হ'ল৷ নিজস্ব ৰুচি আৰু ক্ষমতাৰ বিষয়ে ধাৰণাই কবিতাৰ বাছনিৰ মূখ্য বিচাৰ্য হিচাপে লোৱা হৈছে৷সকলো ধৰণৰ ভুল- ভ্ৰান্তি, সীমাৱদ্ধতাৰ বাবে ক্ষমাপ্ৰাৰ্থী৷ আপোনালোকৰ অংশগ্ৰহণ, মন্তব্য আৰু শুভাশীষৰ বাবে বাধিত৷আখৰুৱা আৰু পুনৰীক্ষণৰ দীৰ্ঘায়ু কামনা কৰিলো৷ (সমাপ্ত) 
---- জাহ্নু ভৰদ্বাজ


No comments:

Post a Comment