বৰ্তমান অসমীয়া ই-সাহিত্যৰ প্ৰসাৰত ফে'চবুকৰ ভূমিকা লেখত ল'বলগীয়া। প্ৰায়ে ই-সাহিত্যৰ পথাৰখনত দুটা অভিযোগ শুনিবলৈ পোৱা যায়। এটা হ'ল- 'বহুতো উদীয়মান কবিৰ চৰ্চা বা অনুশীলন নাই, সংখ্যা বৃদ্ধিৰ বাবেই দৈনিক দহ-বাৰটা কবিতা লিখি ই-কাব্য সাহিত্যৰ প্ৰতি বহু পাঠকৰ নেতিবাচক দৃষ্টিভংগীৰহে সৃষ্টি কৰিছে।' আন এটা অভিযোগ হ'ল এয়ে যে- 'কবিতা বহুতে নপঢ়ে, কাব্য সাহিত্যৰ প্ৰতি সৰহসংখ্যকেই উদাসীন। নবীন কবি সকলক ভুল-শুদ্ধ দেখুৱাই দিওতাৰ অভাৱ, ক'বলৈ গ'লে কবিতাৰ পৰ্য্যালোচনা হোৱা দেখা নাযায় বুলিলে ভুল কোৱা নহয়।'
'আখৰুৱা' গোটত আমি বহুদিন আগতেই যোগদান কৰিছিলোঁ যদিও
সঁচা অৰ্থত ছেপ্তেম্বৰ মাহটোৰ কবিতাসমূহৰ পুনৰীক্ষণৰ দায়িত্ব দিয়াৰ পিছতহে আমি
গোটত প্ৰকাশ হোৱা আটাইবোৰ কবিতা অধ্যয়ন কৰিলোঁ। কবিতাসমূহ পঢ়ি আৰু লগতে এইবোৰত
গোটৰ আন গুণী সদস্যসকলে দিয়া মতামতসমূহ নীৰিক্ষণ কৰি আমি বিনাদ্বিধাই ক'ব পাৰোঁ যে ওপৰত উল্লেখ কৰা দুয়োটা অভিযোগ 'আখৰুৱা'ৰ চোতালত ভিত্তীহীন। এই ক্ষেত্ৰত আমি জাহ্নু ভৰদ্বাজ আৰু প্ৰকাশ ভূঞাৰ
উচ্চমানৰ পুনৰীক্ষণকো যোগ কৰিব পাৰো। আমাক এই দায়িত্ব দিয়াৰ বাবে আখৰুৱাৰ প্ৰশাসক
আৰু সন্মানীয় সদস্যসকলক এই চেগতে ধন্যবাদ। আমি যথাসম্ভৱ চুটিকৈ কবিতাসমূহৰ আলোচনা
কৰিবলৈ চেষ্টা কৰিম। কিবা ভুল-ক্ৰুটী হ'লে আমি ক্ষমাপ্ৰাৰ্থী!
১) পলাশ বৰাৰ 'আপুনিযে ব্যস্ত মানুহ' শীৰ্ষক কবিতাটো তেওঁৰ আন কবিতাবোৰতকৈ কিছু
পৃথক। বৰ্তমান যান্ত্ৰিক সমাজখনত আমিবোৰ সদাব্যস্ত, ক্ৰমাৎ সকলোৱে যেন এটি এটি যন্ত্ৰলৈ
পৰ্যবেশিত হৈছোঁ। সঁচা আন্তৰিকতা বা আবেগ-অনুভূতিৰ মূল্য পাহৰি যান্ত্ৰিকতাৰ লগত
খাপ খুৱাবলৈকে আমি দৌৰি ফুৰিছোঁ প্ৰতিপল। কবিয়ে অনুভৱ কৰে এই দৌৰা-দৌৰি, ব্যস্ততা এক অজুহাতহে। তেওঁ সুধিব খুজিছে:'...ব্যস্ততাৰ অজুহাততআপোনাৰ পত্নীয়ে সন্তানক
নুখুৱাই নেকি বুকুৰ অমৃতনাইবা সাধুকথাৰ পিঠিত উঠাইসিহঁতক নুফুৰাই নেকি জোনবাইৰ
দেশত!!'
কবিৰ কথনভংগী অতিকৈ স্পষ্ট, নিমজ-'ব্যস্ত বাবেই আপুনি স্পৰ্শ নকৰে নেকি যৌৱনমহ
ব’হাগ কিম্বা সম্ভাৱনাময় আঘোণব্যস্ত বাবেই
আপুনি নেদেখে নেকি কেতিয়াও সাঁচতীয়া হেঁপাহৰ সপোন!'
প্ৰতিটো শাৰীতে এই সৰলতা লক্ষ্য কৰিব পাৰি। উপস্থাপন খুবেই সুন্দৰ। কিন্তু
কবিতাটোত ব্যঞ্জনাৰ অভাৱ লক্ষ্য কৰা যায়। সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যত
বহুকেইজন কবিৰ কবিতা পোনপটীয়া বাবে পাঠকে সহজতে এনে কবিতাৰ লগত একাত্মতা স্থাপন
কৰিব পাৰে আৰু সেইবাবেই এনে কবিতাসমূহে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা দেখা যায়। পলাশ
বৰাৰ কবিতাটোক সেই শ্ৰেণীত আমি ৰাখিব পাৰোঁ।
২) একেই বিষয়বস্তুৰ আন এটা কবিতা "ব্যস্ত মানুহবোৰৰ কবিতা"ৰ কবি
জাহ্নু ভৰদ্বাজ। কবিতাটোত আংগিক আৰু বিষয়বস্তুৰ সু-সমন্বয় মন কৰিবলগীয়া। কবিতাটোৰ
বিষয়বস্তু গতানুগতিক,
উপস্থাপন সহজ-সৰল।
শব্দ চয়নত অলপ গুৰুত্ব দিলে এইটো এটি সাৰ্থক কবিতালৈ উন্নীত হ'ব বুলি নি:সন্দেহে ক'ব পাৰি। তদুপৰি ঠাই বিশেষে শব্দ তথা বাক্য
গাঁথনিত কাব্যিকতাৰ অভাৱ পৰিলক্ষিত হয়। উদাৰণস্বৰূপে তলত দুফাঁকি আগবঢ়োৱা হ'ল:'ব্যস্ত মানুহবোৰ সঁচাকৈয়ে ব্যস্ততেওঁলোকৰ উশাহ- নিশাহ, ভাৱ বিনিময়, কথা- বতৰা সকলো সময় নিয়ন্ত্ৰিত''বিচাৰিলেও নোৱাৰে তেওঁলোকেব্যস্ততাৰ শৃংখল
এৰি কাৰোবাৰ সৈতে সশব্দে হাঁহিব৷'
কবিতাটোৰ সহজবোধ্যতাৰ বাবে পাঠকে সহজে আকোৱালি ল'ব পাৰিব বুলি আমাৰ বিশ্বাস। কবিতাটোত
সংবেদনশীলতা আৰু মননশীলতাৰ সমন্বয়ো চমকপ্ৰদ।কবিয়ে লিখিছে-'ব্যস্ত মানুহবোৰৰ বুজ পোৱা বৰ কঠিন,নিজৰ চিনাকি গঢ়াৰ ব্যস্ততাত তেওঁলোক এদিন হৈ
পৰেনিজৰে ওচৰত অচিনাকি৷'
-- সুন্দৰ
প্ৰকাশভংগী। এয়া সংবেদনশীল সকলোৰে বাবে অকাম্য। তেওঁৰ আন এটি কবিতাৰ পংক্তিৰে আমিও
ক'ব খোজো-'অচিনাকি সময়বোৰত দেখোনআমিবোৰো অচিনাকি হৈ পৰিছোনিজৰে ওচৰত!' (কবিতা-'অকাম্য')
গোটৰ অন্যতম প্ৰতিভাবান কবি ভৰদ্বাজৰ পৰা আমি ভৱিষ্যতে অধিক আবেদনশীল সৃষ্টি
নিশ্চয়কৈ আশা কৰিব পাৰোঁ।
৩) মনোহৰ দত্তৰ 'ব্যস্ততাৰ পোছাক' একেই বিষয়বস্তুৰ আন এটি কবিতা। সাম্প্ৰতিক
সময়ৰ উদ্বেগ,
জটিলতা তথা
আত্মকেন্দ্ৰিকতাই কবিক হয়তো বাধ্য কৰিছে এনে এক সৃষ্টিৰ। এয়া কবিৰ ব্যক্তি চেতনাৰ
এক সুন্দৰ প্ৰকাশ।
'ক'ত যে ৰূপ তাৰবিধে-বিধেব্যস্ততাৰ পোছাক'
পলাশ বৰাৰ কবিতাটোৰ দৰে এই কবিতাটো উদ্দেশ্যধৰ্মী, ব্যঞ্জনাৰ অভাৱ কিছু পৰিমানে অনুভূত হয়।
বিষয়বস্তু আৰু প্ৰকাশভংগীৰ ফালৰ পৰা লক্ষ্য কৰিলে এই কবিতাটো তেওঁৰ আন
কবিতাসমূহতকৈ কিঞ্চিৎ ভিন্ন। এক ব্যতিক্ৰমী কবিতা লিখাৰ পৰীক্ষা-নিৰীক্ষা (experiment)ৰ অৰ্থে দত্তই কবিতাটো ৰচনা কৰা যেন অনুমান
হয়। এইটো সৰ্বাংগ সুন্দৰ সাৰ্থক কবিতা বুলি ক'লে অত্যুক্তি কৰা হ'ব যদিও তেওঁৰপৰা
ব্যতিক্ৰমী অথচ অধিক লাবন্যময় সৃষ্টি আমি পাম বুলি ক'লে নিশ্চয় ভুল কোৱা নহ'ব।
৪) এই গোটৰ আন এজন প্ৰতিভাবান কবিৰ এটি কবিতাই হয়তো আমাৰ দৰে বহুতো পাঠকৰ
দুচকু বাষ্পাকুল কৰি তুলিছিল। কবিতাৰ শিৰোনাম -'আৰু প্ৰস্তাৱনাতে শেষ হ'ল মহাকাব্য', কবি-প্ৰকাশ ভূঞা। কবিতা হ'ল অনুভূতিৰ স্বত:স্ফূত প্ৰকাশ, কবিতা জীৱনৰ সমালোচনা। বিষয়বস্তু আৰু আংগিকৰ
সমাহাৰে কবিতাটোক 'আখৰুৱা'ৰ চোতালৰ শ্ৰেষ্ঠ কবিতাসমূহৰ শাৰীলৈ উন্নীত
কৰিছে নি:সন্দেহে। কবিতাটোৰ উপস্থাপন আৰু বিন্যাসৰীতি পৰম্পৰাগত বুলিয়েই ক'ম।
নিজ মাতৃৰ স্মৃতিত লিখা কবিতাটোৱে পাঠকৰ আবেগ-অনুভূতিক আলোড়িত কৰি পাঠকৰ চকুৰ
আগত জীৱন-সত্যক দাঙি ধৰাত পুৰা মাত্ৰাই সফল হৈছে। বিভিন্ন ঘাট-প্ৰতিঘাটেৰে ভৰা এটি
জীৱন এক মহাকাব্যতকৈ কোনোগুণে কম নহয়। প্ৰস্তাৱনাতে সমাপ্ত হোৱা মহাকাব্য অৰ্থাৎ
এটি জীৱনৰ গতিৰুদ্ধতা (ক্ষণভংগুৰতা)বুজাবলৈ কবিয়ে ব্যৱহাৰ কৰা প্ৰতীকসমূহ
লক্ষ্যণীয়।
'নৈখনেৰেহেন্দোলনি তুলি
তুলিভাঁহি গ'লএটা শুকানহালধীয়া সৰাপাত'
'কুঁৱলীত বুৰ গৈমৌন হৈ
থাকিলএটা জংচন'
'শুকান হালধীয়া সৰাপাত', 'মৌন জংচন' আদিৰ লগতে আন প্ৰতীকৰ চমকপ্ৰদ প্ৰয়োগে কবিতাটোক এক অনন্য
মাত্ৰা প্ৰদান কৰিছে। অৱশ্যেই এই প্ৰতীকসমূহ কবিৰ একান্ত ব্যক্তিগত। প্ৰকাশ ভূঞাৰ
উজ্জ্বল ভৱিষৎ কামনা কৰিলোঁ।
৫) 'কালি মোৰ অপেক্ষাৰ কাৰণ যি আছিলআজি সি হয়তো
মোৰ অপেক্ষাৰ কাৰণ নহ’ব পাৰেআজি তোমাৰ যি
অপেক্ষাসি কাইলৈ তোমাৰ অপেক্ষা নহ’ব পাৰে...অপেক্ষাবোৰ খুব আপেক্ষিক!!!'
-
প্লাবিতা চৌধুৰীৰ এই
কবিতাটোৰ বিষয়বস্তুৰ ক্ষেত্ৰত কিছু নতুনত্ব মন কৰিব পাৰি। ভুলবশত: হয়তো কবিতাটোৰ
শিৰোনাম তেওঁ নিদিলে,
আমি দিলোঁ- 'অপেক্ষা।' আমাৰ পাৰিৱেশিক বাস্তৱতাই আমাৰ চেতনাক ভিন ভিন ধৰণে গঢ়
দিয়ে। মানুহৰ অপেক্ষা একমুখী হৈ নাথাকে। কবিতাটোত উদ্দেশ্য-লক্ষ্য বা জীৱনদৃষ্টিৰ
ভিন্নতা বুজোৱাত চৌধুৰী সফল হৈছে।
কবিতাটোৰ মাজত শিশু গীতৰ এটি পংক্তি “আলি কাটি জালি দিম,
বৰ পীৰা পাৰি দিম, তাতে বহি বহি ৰ’দ দে” তেওঁ সুন্দৰ আৰু কুশলতাৰে সংযোগ কৰিছে।
উপস্থাপন শৈলী আৰু অধিক মনোগ্ৰাহী কৰাৰ থল আছিল। প্ৰকাশভংগী সাধাৰণ। বাক্য
গাঁথনিত কাব্যিকতাৰ অভাৱ চকুত পৰিছে কিছু ক্ষেত্ৰত, তথাপিও আমি কওঁ যে পৰিশীলন তথা নিয়মীয়া চৰ্চা
অব্যাহত ৰাখিলে চৌধুৰীয়ে ভৱিষ্যতে অনেক সাৰ্থক সৃষ্টি আমালৈ আগবঢ়াব। আমি আশাবাদী।
No comments:
Post a Comment