শ্ৰদ্ধাৰ
সদস্য/সদস্যা বৃন্দ,আমাৰ
'আখৰুৱা
: literati' গোটত
বহু সংখ্যক ভাল ভাল কবিতা নিয়মিত ৰূপে পঢ়িবলৈ পোৱা যায় ৷ কিন্তু বেছি ভাগ কবিতাতে
লাইক আৰু দুই এটা মন্তব্যৰ বাহিৰে বিশেষ গঠনমূলক আলোচনা হোৱা দেখা নাযায় ৷ সেয়ে
কবিতাৰ এক নি:চৰ্ত প্ৰেমিক আৰু এক উৎসাহী পাঠক হিচাপে মোৰ ভাল লগা কবিতা কেইটামানৰ
এক অৱলোকন/আলোচনা কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি- 'পুণৰীক্ষণ' শীৰ্ষক
কবিতাৰ পৰ্যালোচনাৰ এটি শিতান মুকলি কৰাৰ প্ৰয়াসৰ বিষয়ে ইতিমধ্যে গোটৰ মজিয়াত
জনাইছিলো৷ উক্ত প্ৰয়াসৰ আঁত ধৰি আজি 'পুণৰীক্ষণ' শিতানৰ
প্ৰথমটো লেখা প্ৰকাশ কৰিবলৈ লৈছো।এইখিনিতে উনুকিয়াব খোজো যে
ক) তাৰ নিৰ্মাণ যিদৰে কেতিয়াওঁ শেষ নহয়,তেনেদৰে কবিতাৰ পঠনও কেতিয়াওঁ শেষ নহয় ৷ সেয়ে কোনো সমালোচনা বা আলোচনাই শেষ সিদ্ধান্ত নহয় ৷
খ)
পুণৰীক্ষণ ,কবিতাৰ
ৰসাস্বাদন তথা আলোচনা কৰাৰ বাবে চলোৱা এক আশাবাদী ব্যক্তিগত প্ৰচেষ্টা ৷ ই কোনো
তাত্বিক সমালোচনা নহয় ৷
গ)
এই সমালোচনাই কোনো ক্ষেত্ৰতে গোটৰ মতামত প্ৰতিফলিত আৰু প্ৰতিনিধিত্ব নকৰে ৷আজিৰ
লেখাত ১ জুলাইৰ পৰা ১৪ জুলাইলৈ কিছু কবিতা সামৰি লোৱা হৈছে। পৰৱৰ্তী খণ্ডত ১
জুলাইৰ পৰা ১৫ জুলাইলৈ গোটলৈ অহা কিছু কবিতাৰ পৰ্যালোচনা গোটৰ মজিয়াত দুই এদিনতে
প্ৰ্কাশ কৰিম।
এইটো
অনস্বীকাৰ্য যে কবিতাৰ পৰ্যালোচনা এক গধূৰ দায়িত্ব আৰু এই ক্ষেত্ৰত মোৰ ভুল ত্ৰুটি
হোৱাটো অৱশ্যাম্ভাৱী ৷ সেয়ে সমূহ মাননীয় সদস্য/সদস্যাক নিৱেদন কৰো যে, আপোনাসৱে
পৰামৰ্শ আৰু সহযোগিতাৰে এই শিতান গতিশীল কৰাৰ বাবে সুযোগ দিয়ে যেন৷
এই
লেখাটো প্ৰস্তুত কৰাত বিভিন্ন প্ৰকাৰে সহায় আগবঢ়োৱা গোটৰ আন এগৰাকী মাননীয় সদস্য
পলাশ বৰা ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।ধন্যবাদ
ইতি
প্ৰকাশ
ভূঞা
।।।।।।।।।।।।।।।।।।।।।।
কবি:
Siddiqur Rahman
এহেজাৰ
এজোপা গোলাপ:
কৃষিকেন্দ্ৰিক
জীৱন আৰু তাৰ লগত জড়িত আৱেগ স্পষ্ট। সেই আৱেগৰ নিৰ্মেদ, মিতভাষী
প্ৰকাশ চমকপ্ৰদ।
মাতাল
বাঁহীঁৰ সুৰ এটাৰে:কবিতাটোত প্ৰতীকৰ প্ৰয়োগৰ ক্ষেত্ৰত কবি সাৰ্থক হৈছে আৰু ই
মনোমোহা।
তিনিটা
প্ৰেমৰ স্তৱক:
কবিতাটো
গভীৰ ৰূপকধৰ্মী। মাণিকীমধুৰী, চৰাতি (শ্বৰতী ?) বাঁহী আৰু পোহাৰী শব্দৰ প্ৰয়োগ অৰ্থৱহ
আৰু মনোমোহা। বৈচিত্ৰতা প্ৰশংসনীয়। প্ৰেমৰ স্তৱক হিচাপে তিনিওটা স্তৱক ভাৱৰ
আতিশয্যবিহীন আৰু নিটোল।কবিতাৰ ৰূপ নিৰ্মাণ সুন্দৰ।
সামগ্ৰিকভাৱে
মিতভাষ, সুন্দৰ
চিত্ৰকল্প, পৰিমিত
আৰু সাৰ্থক শব্দচয়ন কবিৰ বৈশিষ্ট্য। আনহাতে কবিতাত কঠোৰ বাস্তৱিক বিষয়বস্তুৰ অভাৱ।
তেনেদৰে কথনভংগী বৈচিত্ৰহীন। অনুশীলন আৰু অধ্যয়ণ কৰিলে কবিৰ পৰা আৰু অধিক আশা কৰিব
পাৰি ।
___________________________________
কবি:
Kaushik Kaushik
Baiswas
বসন্তৰ
তিনিটা স্তৱক:
২য়
আৰু ৩য় স্তৱকত 'এই
যে' বাক্যাংশৰ
পুনৰ প্ৰয়োগে কবিতাটোৰ কাব্যিকতা হ্ৰাস কৰিছে। তেনেদৰে তৃতীয় স্তৱকত 'এই যে',' এই মাত্ৰ' আৰু 'এতিয়া' শব্দৰ
একেসময়তে প্ৰয়োগে সময়ৰ সামঞ্জস্যতা বিনষ্ট কৰিছে। শব্দ প্ৰয়োগৰ ক্ষেত্ৰত কবি সচেতন
হোৱাৰ প্ৰয়োজন। ভাৱৰ গভীৰতা সুন্দৰ। তৃতীয় স্তৱকত এক সাৰ্থক ইংগিতময়তা ( creation of space) চকুত
পৰে ।
আহত
সময়:
ভাৱৰ
গভীৰতা আৰু চিত্ৰকল্প সুন্দৰ আৰু সৰল ।"অকলশৰীয়া পৃথিৱী', 'আপুনি বুলি
এটা হুমুনিয়াহ' ইয়াত
ভাৱৰ গভীৰতা মন কৰিবলগীয়া ।সামগ্ৰিকভাৱে কবিতা দুটাৰ চিত্ৰকল্প সুন্দৰ, ভাৱৰ গভীৰতা
উৎসাহজনক। শব্দ প্ৰয়োগ আৰু কবিতাৰ শৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত অনুশীলন আৰু পৰীক্ষা
নিৰীক্ষাৰ থল আছে ।
___________________________________
Palash Borah
ইলেকট্ৰনিক
বাঁহী
কথনভংগী
বৈচিত্ৰহীন আৰু কথোপকথন সদৃশ। সেয়ে ভাৱ নিৰ্মাণত সফল হ'লেও কবিতাৰ
ৰূপ নিৰ্মাণত কবি বিফল হৈছে। শব্দচয়ন সুচিন্তিত আৰু অৰ্থপূৰ্ন (হুমুনিয়াহৰ নদী, গৰখীয়া
দুপৰীয়া, আকাংক্ষাহীন, দুহাত, আহত জীৱন)
কবিৰ মিতভাষ আৰু শব্দপ্ৰয়োগত সংযম আৰু অনুশীলনৰ প্ৰয়োজন আছে ( তই কেতিয়াও হেৰুওৱা
নাই সাঁচতীয়া সপোন / [কেতিয়াও] কটোৱা নাই অনিশ্চিত সময়, চকুলোৰ
সাগৰ[ৰ] পাৰত কটোৱা নাই ) । কবিতাটোত এক Rhythm আছে যিয়ে mood সৃষ্টিত
সহায় কৰিছে। শব্দ প্ৰয়োগৰ জৰিয়তে ভাষা নিৰ্মাণত কবিৰ অনুশীলন আৰু পৰীক্ষা
নিৰীক্ষাৰ প্ৰয়োজন আছে।
___________________________________
Dipali Dowerah
এটি
শুই থকা গান
কবিতটোত
গভীৰ ভাৱৰ সন্তুলিত প্ৰকাশ দেখা যায়। শব্দচয়ন আৰু আংগিক বৈচিত্ৰহীন। 'তই' শব্দটোৱে
গোটেই কবিতাটোক এক গভীৰ ইংগিতময়তা প্ৰদান কৰিছে। 'তই' শব্দই জীৱনৰ এটা অধ্যায় বা পুৰণি
প্ৰেম বুজাব পাৰে। তাৰ ওপৰত নিৰ্ভৰ কৰি কবিতাটো এক নতুন জীৱনৰ আৰম্ভণীৰ /
নৱবিবাহিতাৰ উপলব্ধি হ'ব
পাৰে (আয়ে দুহাতত তুলি দিয়া নতুন সাজ) - মনকৰিবলগীয়া। জুইফুল ৰূপকৰ প্ৰয়োগ সাৰ্থক।
__________________________________
Samudra Kajal Saikia
সঁজাল
কথোপকথন
কবিতাটোত
এটা কৃষিকেন্দ্ৰিক জীৱনৰ sentiment
আছে। 'তোলৈ' শব্দটো
ইংগিতপূৰ্ণ ।ই যদি পথাৰক বুজাইছে, তেন্তে পথাৰৰ লগত থকা নিবিড় সম্পৰ্কক ইংগিত কৰে। সময় আৰু
পৰিস্থিতিয়ে কাঢ়ি নিয়া ব্যক্তি স্বাধীনতাৰ কষ্টকৰ উপলব্ধি কবিৰ আছে ('লৰ মাৰি গৈ
এতিয়াই')।
আন সময়ত হোৱা হ'লে কবিয়ে
'শাক
খোৱা, ভাত
খোৱা দুই এটা কথা' পাতিলেহেঁতেন, কিন্তু সময়
এতিয়া তেনে নহয় ('পাতিলোহেঁতেন
বা'- ই
এক ইংগিতময় ৰূপক)। সঁজাল কথোপকথনে দুৰ্বলতাৰ পৰা ক্ৰমে কঠিন হৈ অহা কথোপকথনৰ ইংগিত
কৰে। বিজুলী শক্তি আৰু পোহৰৰ ৰূপক। সাধাৰণ কথা বতৰাৰ পৰা যেন কবিৰ বিপ্লৱী বা সংগ্ৰামী
চেতনাৰ উন্মেষ ঘটিছে। কৃষক সংগ্ৰামৰ অনেক উদাহৰণ দেখা পোৱা কবিয়ে পিতৃসম কৃষকক
সজাগ কৰি তুলিব বিচাৰিছে (তই হে দেখা নাই, হেজাৰ হেজাৰ মানুহে হাত ওপৰলে কৰি
লহৰি তুলিছে )। ইংগিতময়তা আৰু ৰহষ্যময়তাই পাঠকৰ বাবে কবিতাপাঠ এক আনন্দদায়ক
বৌদ্ধিক কচৰৎ কৰি তুলিছে।
=Nishanka Milan
ক’তনো লুকুৱাই
থও এতিয়া নিজকসন্মুখীন হব নোৱাৰাকে নিজৰ;উপলব্ধিৰ বৰ্ণিল তুলাপাততক’ত লিখি থও
মোৰ স্বীকাৰোক্তিৰ শীৰ্ণ আখৰ ? যি সময়্ত মই মোৰ মাজত নাথাকোঅথবা তুমি তোমাৰ, মুগ্ধ
মোৰ ওঁঠৰ সমৰ্পনেকেনেকৈ চুম্বন কৰে তোমাৰ প্ৰীতিৰ কাৰুণ্য,ঐশ্বৰ্য্যৰ
নিৰ্জু নিৰ্মাণ তোমাৰ অতনু শৰীৰ,প্ৰশ্বাসৰ দৰে সৰল তোমাৰ স্বপ্ন নক্ষত্ৰ ! মোৰ অপৱিত্ৰতাত
ৰোপন কৰি তোমাৰ প্ৰেমমই পাত মেলিম তোমাৰ পলসতশিপা হব এখন ঘনিষ্ঠ আকাশ ; নিজলৈ ওভতি
অহাৰ পৰততোমালৈ মেলি দিম মোৰ ইচ্ছামৃত্যুৰ প্ৰস্তাৱনা;উত্তাপৰ
আকুলতাৰে তুমি স্পৰ্শ কৰিবামোৰ চেঁচা হাতৰ অন্তিম আলিঙ্গন;চন্দ্ৰকলাৰ
দৰে শেষ হৈ আহিব জীৱন-বিষাদৰ প্ৰিয়তম বাণিজ্য,স্মৃতিবিদ্ধ সময়ৰ যি এক সহজ সোঁৱৰণ
! ক’তনো
লুকুৱাই থও এতিয়া নিজকসন্মুখীন হব নোৱাৰাকে নিজৰ,যি বাটেদিয়েই যাও সকলোতে দেখোনতোমাৰ
হাতৰ উজ্জ্বল স্বাক্ষৰ !! *************কবিতাটোক বহুবল্কিতাৰ দোষে চুইছে।“উপলব্ধিৰ
বৰ্ণিল তুলাপাতত /ক’ত
লিখি থও মোৰ স্বীকাৰোক্তিৰ শীৰ্ণ আখৰ ?” ভাবৰ অসামঞ্জস্যতা বা অসাৱধান ভাৱে
কৰা শব্দ প্ৰয়োগৰ ফল।দ্বিতীয় দফাত ভাৱৰ আকুলতাত কবি চেতনা এক অৱচেতন অৱস্থালৈ গতি
কৰা যেন বোধ হয়“ঐশ্বৰ্য্যৰ
নিৰ্জু নিৰ্মাণ তোমাৰ অতনু শৰীৰ/প্ৰশ্বাসৰ দৰে সৰল তোমাৰ স্বপ্ন নক্ষত্ৰ !”- আৰু
এইখিনিতে কবিতাৰ মিতব্যয়ী আৱেদন ব্যাহত হৈছে। মোৰ অপৱিত্ৰতাত ৰোপন কৰি তোমাৰ
প্ৰেম/মই পাত মেলিম তোমাৰ পলসত- পাৰস্পৰিক প্ৰেমৰ Inter-dependence and mutual growth ৰ
মিতভাষী অথচ গভীৰ প্ৰকাশ।চতুৰ্থ দফাত পুনৰ কবি চেতনা অচেতন অৱস্থালৈ গতি কৰিছে আৰু
তাৰেই পৰিণতিত “উত্তাপৰ
আকুলতাৰে তুমি স্পৰ্শ কৰিবা/মোৰ চেঁচা হাতৰ অন্তিম আলিঙ্গন”। কবিতাৰ
নাম ‘নিবেদন’ হোৱালৈ চাই
এই ব্যাকুলতা নিচ্ছয় আদৰণীয় নহয়। কিন্তু চেতনালৈ ঘূৰি অহাৰ লগে লগে কবিৰ জীৱনবোধৰ
এক গভীৰ উপলব্ধি উন্মোচিত হৈছে, “চন্দ্ৰকলাৰ দৰে শেষ হৈ আহিব জীৱন/-বিষাদৰ প্ৰিয়তম বাণিজ্য,/স্মৃতিবিদ্ধ
সময়ৰ যি এক সহজ সোঁৱৰণ !”
ইয়াত ‘চন্দ্ৰকলা’ শব্দৰ
ইংগিতময় অভিব্যঞ্জনা মন কৰিবলগীয়া।সামগ্ৰিকভাৱে কবিতাটোত ভাৱৰ অথৱা বিষয়বস্তুৰ
বৈচিত্ৰতা বিশেষ নাই।ভাৱৰ গভীৰতা সুন্দৰ যদিও কোনো কোনো ক্ষেত্ৰত
অনিয়ন্ত্ৰিত।কবিতাৰ ৰুপ নিৰ্মাণত কবিয়ে মনোযোগ দিয়াৰ প্ৰয়োজন আছে।
------------------------------------------------------------------------------------------------------------------------------------------------Jahnu Bharadvaz# বিষ্ণু
ৰাভা # "তোমালোকে
নুবুজিবা ৰামধেনুৰ দৰে অপমানৰও আছে কেবাটাও
ৰং আৰু নামআচলতে অপমান মানেই পৰাধীনতা, অন্যায় অশোভন আচৰণদাসত্ব, প্ৰভুত্বগিৰি, পুৰুষে
পুৰুষে অব্যাহত অধিকাৰতঅনধিকাৰ আঘাতমোৰ তেজবোৰে অপমান সহ্য নকৰে মোৰ হৃদয়খনে সহ্য
নকৰে অপমানঅপমানৰ বিৰুদ্ধে আকাশলে' দাংখাই উঠে মোৰপ্ৰেমৰ দুহাত "-
মেগন কছাৰী তই কৱ,আমি
শুনো; আৰু ৰোপন কৰোঁ বুকুত প্ৰতিবাদৰ
উদ্দ্বীপ্ত ভাষা৷তোৰ সূৰ্যমূখী শব্দেৰে মুকুতিৰ আৱাহনে নিনাদিত কৰেহিপৰাণ আমাৰ৷
ক্ৰুব্ধ অতীত, ৰুদ্ধ
বৰ্তমান আৰু মুকলি ভৱিষ্যতৰ অন্তহীন সম্ভাৱনাইনিৰুপন কৰে আমাৰ অস্তিত্ব,তোৰ দৰেই
ভালপাও আমিআমাৰ আই, দেশ
আৰু মাটিক, তোৰ দৰেই আমাৰ তেজতো তগবগায় শতিকাযোৰা
অপমান আৰুশোষণৰ বিৰুদ্ধে হেজাৰ যুজৰ আৱেগ৷ নিজিৰাবি তই !দেহে দেহে মনমনে মনে বল,আগুৱাই যাও
ব'ল;অপমান আৰু
সান্ত্বনাৰ নিচুকনি নুশুনো-গাও পুনৰ আমি জাগৰণৰ গীত৷ পদূলিয়ে পদূলিয়ে, হৃদয়ে
হৃদয়েতই ওপচাই দিছহি মৃত্যুঞ্জয়ী পণ,প্ৰহৰে
প্ৰহৰে বাজি ৰয় আজিঅগ্নিবাণী বিপ্লৱৰ কবিতাটোৰ আৰম্ভণি অগতানুগতিক কিন্তু অভিনৱ
নহয়।আনহাতে কবিতাৰ নামকৰণলৈ চাই সেই আৰম্ভণী অপ্ৰাসংগিক নহ’লেও
অপ্ৰয়োজনীয় যেন বোধ হয়।‘মুকুতি,আৱাহন,পৰাণ’ –শব্দৰ এনে
ৰূপৰ প্ৰয়োগ অৰ্থপূৰ্ণ।ইয়াৰ যোগেদি বক্তব্যখিনিক হয়তো আৰু অধিক গাঁৱলীয়া নৱ-চেতনাৰ
ব্যক্তব্য বুলি তুলি ধৰিব বিচৰা হৈছে।কিন্তু এয়ে হ’লে ‘সূৰ্যমূখী’ শব্দৰ
প্ৰয়োগ মনকৰিবলগীয়া। হয়টো ৰাভাদেৱৰ বাক্যৰ শব্দ বুলিয়েই তেনে শব্দক সূৰুজমুখী বুলি
নকৈ ‘সুৰ্য্যমুখী’ বুলি কোৱা
হৈছে। কিন্তু সেয়ে হ’লে
ৰাভাদেৱৰ জীৱন আদৰ্শৰ প্ৰতি অন্যায় (injustice) কৰা হ’ব। কবিতাটোৰ ব্যক্তব্যত বিশেষ
নতুনত্ব নাই।কিন্তু ই ৰাভাদেৱৰ প্ৰাসংগিকতা যে বৰ্তমান সমাজতো আছে তাকে সোঁৱৰাই
দিছে (“তোৰ
দৰেই ভালপাওঁ আমি,তোৰ
দৰেই আমাৰ তেজতো তগবগাই”)
। কবিতাটোৰ শেহৰফালে এক বিপ্লৱৰ আহ্বান মূৰ্ত হৈ উঠিছে। -------------------------------------------------------------------------------------------------------------------------------------------------
Madhu M Kalita সপোন
গঢ়া মানুহজন কোমল মাটিৰ থুনুকা দেহাত ওলমি থাকে দুখন হাতকঠিন, শিলৰ।মানুহবোৰে
তেঁওক লৈ এটা সপোন দেখেসপোন কংক্ৰিটৰ।তেঁওৰ অজস্ৰ তেজৰ টোপাল ঘাম হৈ য'ত সৰেএদিন
তাতে সপোনটো ঠন ধৰি উঠে।মানুহবোৰৰ চকুত তৰা জ্বলেতেঁওৰ মুখত সন্তোষৰ হাঁহি
ফুলেতেঁওযে সপোন গঢ়া মানুহআনৰ সপোন গঢ়ে।নিজে নেদেখে, আচলতে দেখিব নোৱাৰে। কবিতাটোৰ ভাৱৰ
গভীৰতা সুন্দৰ,অৰ্থবহ।কবিতাটো
ইংগিতধৰ্মী।“কোমল
মাটিৰ” বাক্যাংশৰ
প্ৰয়োগ গভীৰ অৰ্থবহ। ই হয়তো পথাৰৰ কোমল মাটিৰ কথা কৈছে,যি এজন
কৃষকৰ ৰূপক হিচাপে ধৰা দিয়ে। তেতিয়া “দুখন হাত/কঠিন, শিলৰ“-ই কৃষকৰ
হাতৰ শাৰিৰীক সক্ষমতা অথবা মনৰ,স্বপ্নৰ দৃঢ়তাৰ কথা ইংগিত কৰে।আনহাতে যদি “কোমল মাটিৰ
থুনুকা দেহাত”-ই
মাটিৰে গঢ়া মানুহ লোকবিশ্বাসক ইংগিত কৰে তেতিয়া মাটিৰ মানুহৰ বজ্ৰকঠিন
স্বপ্নসন্ধান বা মনৰ দৃঢ়তাৰ সাৰ্থক ৰূপক হৈ পৰে “দুখন হাত/কঠিন, শিলৰ।“ গতিকে “কোমল মাটিৰ
থুনুকা দেহা”ৰ
ৰূপক সাৰ্থক আৰু প্ৰশংসনীয়। আকৌ “মানুহবোৰৰ চকুত তৰা জ্বলে/তেওঁৰ মুখত সন্তোষৰ হাঁহি ফুলে” –ইয়াত তৰা
আৰু ফুলৰ contrast সাৰ্থক
আৰু গভীৰ।ইয়ে কৃষক আৰু “তেওঁলোকৰ” মাজৰ
পাৰ্থক্য আৰু জটিলতাক ইংগিত কৰিছে।আকৌ“নিজে নেদেখে, আচলতে দেখিব
নোৱাৰে” –এই statement এ এক
নিষ্ঠুৰ বাস্তৱক উদঙাই দিয়ে।কিন্তু এই বাস্তৱক লৈ কবিৰ অনুভূতিৰ কথা কিন্তু ইয়াত
উন্মোচিত হোৱা নাই। সামগ্ৰিক্ভাৱে কবিতাটোত ভাৱৰ গভীৰতা,অৰ্থপূৰ্ণ
শব্দচয়ন মনোগ্ৰাহী।কবিতাটোৰ শৰীৰ আৰু ৰূপ নিৰ্মাণত অধিক পৰীক্ষা-নিৰীক্ষাৰ থল
আছে।-------------------------------------------------------------------------------------------------------------------------------------------------
Manash Protim
Boruahতুমি কথা কলে বৰষুণ সৰে --------------------------তুমি
কথা কলে বৰষুণ সৰে,নীলাভ
আকাশৰ মোহনাত কজলা ৰংবোৰ সৰি থাকে,সৰিয়হ ফুলা
ৰাতিবোৰে মেজাংকৰি সাজ পিন্ধে... তুমি
কথা কলে বৰষুণ সৰে, ন-কৈ গাভৰু হোৱা নদীৰ দৰে সজাতি
উশাহবোৰে বুকুৰ মেঠনি খোলে...বৈ যাই নৈ,নিৰৱধি... কবিতাটোৰ বিষয়বস্তু সৰল
আৰু বৈচিত্ৰ্যহীন কিন্তু চিত্ৰকল্প সুন্দৰ।ভাৱৰ উচ্ছাস নিয়ন্ত্ৰিত।“সৰিয়হ ফুলা” ৰূপকে যদি
দুৰ্দশা ইংগিত কৰে তেন্তে “মেজাংকৰি”ৰ উজ্বলতাই
তাৰ অৱসান ব্যক্ত কৰে।আনহাতে সৰিয়হ ফুলৰ উজ্জ্বল,উশৃংখল হালধীয়াই যদি কবিৰ ৰাতিবোৰৰ
সৃষ্টিশীল অস্থিৰতা বুজায় তেন্তে মেজাংকৰিয়ে তাৰ নিয়ন্ত্ৰণ ইংগিত কৰে।“নকৈ গাভৰু
হোৱা” উপমাটো
গভীৰ আৰু সুন্দৰ।ই উশাহ উচ্ছল,দ্ৰুত স্পন্দন ইংগিত কৰে।“মেঠনি” আবুৰতাৰ প্ৰ্তীক।“সঁজাতি
উশাহবোৰে বুকুৰ মেঠনি খোলে”
বাক্যশাৰী শৰীৰী অৰ্থতো ধৰিব পাৰি।সেই হিচাপে “বৈ যাই নৈ,” প্ৰেমৰ এক
গভীৰ অনুভূতি হিচাপে ধৰিব পাৰি।আনহাতে ই মনৰ লাজ-শংকা ভগাৰ কথাও বুজাব
পাৰে।তেনেদৰে চালে নদী,প্ৰেমৰ
গতিময়তাৰ এক প্ৰ্তীক হৈ পৰে।কবিতাটোত “কজলা” ৰংটো খাপ নাখায়।ই গোটেই কবিতাটোৰ
সামগ্ৰিক ভাৱনাটোৰ বিৰোধ কৰিছে ।-------------------------------------------------------------------------------------------------------------------------------------------------Manohar Duttaসি
ধাননিত খেতিয়কৰ ল'ৰাধানৰ
আঁহে কাটে ভৰিভৰিৰ পতাত বোকা মাটিহাতত গৰখীয়া বাঁহী। ল'ৰালি, শৈশৱ পাৰ
হৈযুৱ্ক হ'ল
সিশব্দৰ নাঙল সাজিচহ কৰে মনৰ মাটি। শব্দই শব্দইৰ'দত পোৰা দেহাৰঅভিজ্ঞ স্পৰ্শ। চহ কৰে
সি মনৰ মাটিবজায় সিশাওণৰ দুপৰীয়াৰ ৰ'দালিআঘোণৰ ধাননিৰ মিতিৰালি। কবিতাটোত
এক গাঁৱলীয়া কবিৰ সৰল অভিব্যঞ্জনা লুকাই আছে।শব্দ বিন্যাস আৰু ৰূপ নিৰ্মাণত
দুৰ্বলতা দেখা যায়,যেনে
(“সি/ধাননিত
খেতিয়কৰ ল’ৰা
)।(“ধানৰ)
আঁহে কাটে ভৰি”।কবিতাটোৰ
ধ্বনিগত মিল দেখা যায়। যেনে- ভৰি-মাটি-বাঁহী,সি-সাজি-মাটি,ৰ’দালি-মিতিৰালি।কবিতাটোত
“চহ
কৰে মনৰ মাটি “ বাক্যাংশৰ
পুণৰুক্তি হৈছে।সামগ্ৰিকভাৱে কবিতাটোৰ ভাৱ সৰল আৰু সুন্দৰ। কবিতাৰ ৰূপ নিৰ্মাণত
যথেষ্ট পৰিক্ষা নিৰীক্ষাৰ প্ৰয়োজন আছে। “বজায় সি/শাওণৰ দুপৰীয়াৰ ৰ'দালি”- ভাৱ অভিনৱ
কিন্তু প্ৰকাশ ভংগী দুৰ্বল। আধুনিক কবিতাত ধ্বনিগত মিল বা চন্দোবদ্ধ শৰীৰ-নিৰ্মাণ
সাধাৰণতে দেখা নাযায়। দেখা যায় গদ্য ভাষাৰ প্ৰয়োগ।ভৱা হয় যে বৰ্তমান জীৱনৰ জটিলতাৰ
সঠিক বিৱৰন দিবলৈ গদ্য ভাষাৰ হে প্ৰয়োজন।সেয়ে হয়তো সুকান্তই কৈছিল “হে মহাজীৱন,আৰ এ কাব্য
নয়/ এবাৰ কঠিন কঠোৰ গদ্য আনো” ( প্ৰকাশ,জুলাই সংখ্যা,২০১৩,নতুন কবিৰ কবিতা,দেৱভূষণ
বৰা) ।তেনেদৰেই বংকিমচন্দ্ৰই লিখিছিল, “আমাৰ বিশ্বাস আছে যে,অনেক স্থানে
পদ্যেৰ অপেক্ষা গদ্য কাব্যেৰ উপযোগী”
Prakash Bhuyanপুণৰীক্ষণ
-২
ব্যক্তিগত
অসুবিধাৰ বাবে সময়তকৈ পলমকৈ,জুলাই মাহৰ দ্বিতীয় পষেকটোৰ (১৫ জুলাইৰ পৰা ৩১জুলাইলৈ)
নিৰ্বাচিত কবিতাৰে পুণৰীক্ষণ-২ আগবঢ়োৱা হ'ল।ইতিমধ্যে পুণৰীক্ষণ-১ৰ প্ৰতি যিসকল
সন্মানীয় সদস্য/সদস্যাই সঁহাৰি আগবঢ়ালে তেওঁলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন
কৰিলো ।এই ছেগতে জনাই থও যে, আগষ্ট মাহৰ প্ৰথম পষেকটোৰ পুণৰীক্ষণ আগবঢ়াব গোটৰ শ্ৰদ্ধেয়
সদস্য জাহ্নু ভৰদ্বাজ দাই ।তেওঁলৈও অভিনন্দন আৰু শুভকামনা জনালো।আশাকৰোঁ আপোনাসৱেও
তেওঁক আদৰি লৱ ।
ফেচবুকত
অসমীয়া কবিতা লিখাৰ নামত হোৱা অত্যাচাৰ,অনাচাৰৰ পৰিবেশৰ মাজতে এনে
হতাশাগ্ৰস্ত সময়ত যি সকল কবিয়ে সস্তীয়া জনপ্ৰিয়তালৈ নাচাই সঁচা অৰ্থত কবিতাৰ চৰ্চা
আৰু অনুশীলন কৰি আমালৈ সুখপাঠ্য ভাল কবিতা আগবঢ়ালে,তেওঁলোকলৈও কৃতজ্ঞতা জনাইছো
।সামগ্ৰিকভাৱে ফেচবুকত অসমীয়া কবিতাৰ ভৱিষ্যৎ সম্পৰ্কে তেওঁলোকেই আমাক আশাবাদী কৰি
ৰাখে।
আমি
বিশ্বাস কৰোঁ কবিতা এক পৱিত্ৰ প্ৰাৰ্থনা,এক জীৱন দৰ্শন।কবিয়ে কবিতা সৃষ্টি
নকৰে,কবিতাইহে
কবিক সৃষ্টি কৰে। কবিতা কলুষিত নহওঁক,কবিতা পণ্য নহওঁক,কবিতাৰ
চৰ্চা,অধ্যয়ন,অনুশীলন
অব্যাহত থাকক,তাকেই
কামনা কৰিছোঁ।
ইতিপ্ৰকাশ
ভুঞা
৯০৮৫২১৫৭১৯
৯০৮৫২১৫৭১৯
Maitrayee Patarঅমৃষা
গধূলি
হয়সন্ধ্যা নামেতোমাৰ ছাঁৰে ছায়াঘনসন্ধিয়াটো, নদীখন ।
কি
অদ্ভুত ছন্দময়তাৰেতোমাৰ ছায়া বিলীন হয়নদীৰ বুকুত
কি
অদ্ভুত আত্মীয়তাৰেঢৌবোৰে আঁকোৱালি লয়নৈ:শব্দৰ নিৰৱধি মিছিলকি অদ্ভুত..
হয়
হয়,কি
এক অদ্ভুত স্পৰ্ধাৰে তোমাৰ ছাঁটো নৈখন হৈ বৈ গৈ
থাকেমোৰ চকুৰ তলৰ ছাঁ অতিক্ৰমি ।
..মৈত্ৰেয়ী
এটা
সুন্দৰ নিটোল কবিতা । "গধুলি হয়/সন্ধ্যা নামে"- আপাতত দৃষ্টিত দুয়োটা
শাৰীয়ে একেই অৰ্থ প্ৰকাশ কৰে যেন লাগিলেও আচলতে বাক্যদুটাৰ মাজেৰে এক নিৰ্দিষ্ট
সময়ৰ ব্যৱধানত পুণৰাবৃত্তি হোৱা কোনো পৰিঘটনাৰ অভ্যাসগত অথচ নিৰাশাবাদী বা আশাহত
বিবৱৰণৰ ভাৱ এটাহে ফুটি ওলাইছে।কবিতাটোৰ তৃতীয় আৰু চতুৰ্থ শাৰীত এই ভাৱটোৰ লগতে এক
স্পষ্ট বিষাদৰ সুৰ যোগ হৈ সামগ্ৰিক ভাৱটোক এক গভীৰতালৈ সাৰ্থকভাৱে লৈ গৈছে।
সমাৰ্থক শব্দৰ এনে প্ৰয়োগেৰে ভাৱৰ প্ৰকাশ আৰু কবিতাৰ ৰূপ নিৰ্মাণ চমকপ্ৰদ আৰু
প্ৰশংসনীয়।"তোমাৰ ছাঁ"ই কবিতাটোত আপোন এজনৰ স্মৃতিৰ কথা
কৈছে।"নদী"য়ে হয়তো চকুপানীৰ নৈৰ কথা কৈছে অথবা সঁচা অৰ্থত এখন নৈৰ
অৱস্থিতিৰ ইংগিত দিছে,যি
নৈ কবিৰ খুবেই আপোন,চিনাকি-
"কি অদ্ভুত আত্মীয়তাৰে/ঢৌবোৰে আঁকোৱালি লয়" । এই ইংগিতময়তা ভাল কবিতাৰ এক উপাদান ।শেষ দফাত
"স্পৰ্ধা" শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া। ই যেন কবিৰ অসহায়,অসহজ অৱস্থা
এটাৰ কথা কয়।"চকুৰ তলৰ ছাঁ" ৰূপকৰ প্ৰয়োগ সুন্দৰ। সামগ্ৰিকভাৱে কবিতাৰ
ক্ষেত্ৰত কবিৰ অনুশীলন তথা মনোযোগ চকুত পৰে। কবিৰ পৰা আগলৈও ভাল কবিতা আশা কৰিলোঁ
।------------------------------------------------------------------------------------------------------------------------------------------------------------------------
Pranjal Saikia== ক্রমশঃ
বিষাদ ==
১/বিৱৰ্ণ
এটি সন্ধিয়াতমূক হৈ আছে এখন আকাশ ।
ডাৱৰৰ
আলিংগণত নিমগ্ন ৰামধেনু...।।
২/এহাতত
এটি মুদ্রাআন হাতত এখন জৰাজীৰ্ণ পৃথিৱী ।
অবাটত
সেউঁজীয়াৰ অৱকাশ...।।
৩/উৱঁলি
যোৱা এটা কামিজতআজিও বৈ আছে এখন অপৈণত হৃদয় ।
হয়, এইখিনিতেই
এখন নদী আছিল...।।
৪/কেকটাছৰ
দুবাহুতসাথৰ হৈ ৰয় এটি বন্ধ্যা বাঁহী ।
শিলবোৰ
আজি বুকু হ'ল...।।
৫/প্রিয়তমাৰ
প্র্থম প্রেমপ্রাচীন ঐশ্বৰ্য্যত ডুবে এটি ৰৌদ্রোজ্জল দুপৰীয়া ।
প্রস্তৰ
আবেলিত সময়ৰ মৌন আস্ফালন...।।
---প্রাঞ্জল
শইকীয়া------১৬/০৭/২০১৩---
নি:সন্দেহে
এটা পৈণত কবিতা।"বিৱৰ্ণ সন্ধিয়া" ৰূপক অসমীয়া কবিতাত ইতিপূৰ্বে বহু
ব্যৱহৃত,এনে
ধৰণৰ পুণ:প্ৰয়োগে কবিৰ সৃষ্টিশীলতাত বাধা জন্মোৱাৰ অৱকাশ আছে।এইক্ষেত্ৰত কবি সচেতন
হোৱাৰ প্ৰয়োজন।দুই আৰু চাৰি নং দফাত এক সামাজিক চেতনাৰ কাৰক তথা নিৰীক্ষণ চকুত
পৰে। "অবাটত সেউঁজীয়াৰ অৱকাশ","সাঁথৰ হৈ ৰয় এটি বন্ধ্যা
বাঁহী"- ইত্যাদিত কবিৰ চিন্তাশীল ভাৱাদৰ্শ আৰু কবিতাৰ ক্ষেত্ৰত থকা মিতভাষৰ
নিদৰ্শণ পোৱা যায়,যি
খুবেই উৎসাহজনক। "সাঁথৰ হৈ ৰয় এটি বন্ধ্যা বাঁহী
"- ইয়াত সাঁথৰ ,বন্ধ্যা
শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া ।কবি চেতনাত আমাৰ অৱক্ষয়ী সামাজিক অথৱা মানৱীয় মূল্যবোধৰ
ক্ৰিয়াশীল (প্ৰতিক্ৰিয়াশীল নহয়) ঔচিত্যবোধৰ প্ৰ্ভাৱ স্পষ্ট ৰূপত দেখা যায়।
সামগ্ৰিকভাৱে ই এটা সফল,সুন্দৰ
কবিতা।কবিৰ পৰা আগলৈ আৰু আশা
কৰিলোঁ।------------------------------------------------------------------------------------------------------------------------------------------------------------------------
Indranil Gayan-ছাঁ-
নিৰৱতাই
ৰিঙিয়াই মাতিলেতই ঢপলিয়াই আহ !!( ক’ত লগ পাবি?)
এই
যে তোৰ পৰা মোলৈবুলি এটিবাট ................. কেঁকুৰিটোৰ
সিপাৰে।।
- ইন্দ্ৰনীল (
৩১/৭/২০১৩)
সামগ্ৰিকভাৱে
এটা ভাল কবিতা। ইংগিতময়তা,ভাৱৰ
নিয়ন্ত্ৰিত প্ৰকাশ,চিন্তাৰ
গভীৰতা সুন্দৰ।বন্ধনিৰ ভিতৰত লিখা কথাই কবিতাৰ সৌন্দৰ্য্য,গভীৰতা
হ্ৰাস কৰে।এই ক্ষেত্ৰত কবি সচেতন,সুনিয়ন্ত্ৰিত হোৱাৰ প্ৰয়োজন। আধুনিক কবিতা অৱগুণ্ঠণৰ আঁৰত
থকা সত্য। তাৰ লগত পাঠকক পৰিছয় কৰাই দিয়াটো কবিৰ দায়িত্ব।কবিতা কেতিয়াও একমাত্ৰিক
বা অৰ্থগত ভাৱে এক ৰেখীয় নহয়। সেয়ে কবিতা এটা পঢ়োতে পাঠকক প্ৰয়োজনীয় কৌতূহলগত,কাব্যিক আৰু
বৌদ্ধিক স্বাধীনতা দিয়াৰ প্ৰয়োজন।সেয়ে শব্দচয়ন আৰু কবিতাৰ ৰূপ নিৰ্মাণ এক
সুচিন্তিত প্ৰক্ৰিয়া হ'লে
ভাল হয় ।------------------------------
ৰূপম
সাউদ" মায়া "
কি
এক উছাহ জাগিল দোভাগ ৰাতিস্বপ্নত নে
দিঠকতৰূপালী জোনাকৰ সৈতে মহলা মাৰি তোমাৰ কথাকে ভাবি ভাবিৰঙচুৱা বাটেৰেভটিয়াই গ'লোসোঁৱৰণীৰ
বুকুলৈ বুলি......
সেই
যে মায়াবী ৰাতিমায়াবী ছলনাৰেতোমাৰঅপ্ৰত্যাশিত প্ৰেমতএনিশাতে বন্দী কৰি থৈছিলা তুমিআজিও ঘুৰ্মুটিয়াই ফুৰিছোঁউছাহ বিচাৰি
।-ৰূপম সাউদ
কবিতাটোৰ
বিষয় বস্তু সাধাৰণ,ভাৱৰ
গভীৰতা বিশেষ নাই ।শব্দ চয়ন সৰল,বৈচিত্ৰ্যহীন । কবিৰ কাব্যিকতা আছে,কিন্তু এনে
ধৰণৰ কবিতা লিখাৰ অনুশীলনে কবিৰ সৃষ্টিশীল মানসিকতাৰ ক্ষতি কৰিব । আধুনিক কবিতা অকল
অনুভুতিৰ কাব্যিক প্ৰকাশ নহয়,ইয়াত এক দৰ্শণ থাকে। ই এক সামাজিক,বৌদ্ধিক
চিন্তাৰ অধ্যয়ন,সু-শৃংখলিত
প্ৰকাশ অথবা প্ৰাকৃতিক সৌন্দৰ্য্যৰ অৱলোকন । দেখা আৰু চোৱাৰ মাজত গভীৰ পাৰ্থক্য
আছে। কবিতা অকল অনুভুতিৰ বহি:প্ৰকাশ বা সুকোমল শব্দচয়ন নহয়,কবিতা এক
সত্যৰ সন্ধান ।--------------------------------------------------------------------------------------------------------------------------------------------------------------------------
পলাশ
বৰা# নিৰ্বাসিত
#
মই
নিজৰ মাজেৰে বাট কাটোআৰু নিজক বিচাৰি ওলাই যাওঁ
মোক
বৰষুণে ফুচুলায় ৰ’দে
আগচেফুলে ৰিঙিয়াই মাতেআকাশে ভেটা দিয়ে মোৰ অনুজ্জ্বল বাট
মই
গৈ থাকো নিজৰ মাজেৰেগৈ গৈ আন্ধাৰ নদীখন পাওঁলাহে লাহে মই খুলি পেলাওঁ সমস্ত
কাপোৰখুলি থওঁ পুৰণি চকু,
সোলোকাই থওঁ অবাক আঙুলিকলিজাৰ স্পন্দন থেকেচি মই মোৰ ছাঁটোক কওঁ-তয়ো অহা বাটেৰে
উভতি যা
পাৰ
হৈ নদী মই খোজ লওঁ অকলেমেঘৰ সৈতে উৰি আকাশত থিতাপি লওঁসাজি লওঁ বৰষুণৰ ঘৰ
চকু
মেলিলেই মই সন্মুখত দেখোএটা চকুলোৰ সূৰ্যমোৰ সোঁফালে সুখৰ দ্বীপবাওঁফালে বিষাদআৰু
পিঠিত এটা হাঁহিৰ জোন
মই
পাৰ বিচাৰি হাঁহাকাৰ কৰোসূৰ্যৰপৰা জোনসুখৰপৰা বিষাদচাৰিডাল ৰেখাৰ মাজত ডুবি থাকো
মই
মই
আকৌ নিজক বিচাৰোঅনন্ত নিৰ্জনতাৰ মাজত নিজৰ মাত বিচাৰো
ৰাশি
ৰাশি শূন্যতাৰ মাজত নিজক বিচাৰি মই
আকৌ ওলাই যাওঁ অকলে
পলাশ-
২৭/০৭/১৩
কবিতাটোত
আধুনিক মানৱৰ শূণ্যতা (vagueness
of existence) ,দুবিধা (duality in self-existence) আৰু এক নিৰৱচ্ছিন্ন জীৱন
সন্ধান দেখিবলৈ পোৱা যায়।ভাৱৰ গভীৰতা প্ৰশংসনীয়।শব্দ চয়ন সুচিন্তিত,সংযত আৰু
সাৰ্থক।কবিতাটোত ইংগিতময়তা কম। কিন্তু কবিতাৰ বিষয়বস্তলৈ চাই সেই অভাৱ অনুভৱ কৰা
নাযায়। কবিতাটোৰ ভাষা পোনপটিয়া কিন্তু সীমিত নহয়।ই এক পৰিক্ৰমাৰ চমুটোকা হে।এই
পৰিক্ৰমাৰ কেন্দ্ৰস্থল স্ব-সত্বা। কবিতাটোত এক পূৰ্ব-আৰ্জিত অভিজ্ঞতাৰ অৱচেতন অথচ
অভ্যাসগত উপস্থিতি দেখিবলৈ পোৱা যায়-"মই গৈ থাকো নিজৰ মাজেৰে/গৈ গৈ আন্ধাৰ
নদীখন পাওঁ"। ইয়াত কবিয়ে "আন্ধাৰ
নদীখন" বুলি লিখিছে,
"আন্ধাৰ নদী এখন" বুলি লিখা নাই । এই লক্ষণ যথেষ্ট
মননশীল,কিয়নো
আধুনিক মানৱৰ স্ব-সত্বাৰ সন্ধানতো কিদৰে একঘেয়ামী জীৱন শৈলীয়ে অথবা অতি বেচি
নিয়ন্ত্ৰণবাদীতা আৰু নিশ্চিতিবাদীতাই প্ৰভাৱ পেলায় সেয়া এই উপস্থিতিতে স্পষ্ট হৈ
পৰে।আনহাতে এই নিয়ন্ত্ৰনবাদীতা বা নিশ্চিতিবাদীতা হ'ল আমাৰ সামূহিক সামাজিক,মানসিক আৰু
ব্যক্তিগত insecurity
ৰ ফল।সামগ্ৰিকভাৱে এই কবিতাটো এটা সম্পূৰ্ণ সূখপাঠ্য
কবিতা।------------------------------------------------------------------------------------------------------------------------------------------------------------------------
Kaushik Baiswasমহানগৰৰ
পদ্য আৰু এটি কবিতা
১.লানি
নিছিগা পৰুৱাৰ লানিদুঠেঙীয়া পৰুৱামায়াৰ জালত বন্দী
২.এই
যেন ক'ৰবাত
ৰৈ গৈছে সময়আৰু চাৰিওপিনে ঘূৰি আছোঁ মইথান-থিত হেৰুৱাইঘূৰি আছোঁঘূৰি আছোঁঘূৰিয়েই
আছোঁকোনোবাই যেন মাতি নিব মোকসময়ৰ অভ্যন্তৰলৈসূৰ্যতকৈও উজ্জ্বল য'ত সময়মোৰ
মা-দেউতা, আত্মীয়
-স্বজনমোৰ শত্ৰুমোৰ মিত্ৰকাৰোৱে মুখবোৰ চিনিবনোৱাৰি য'ত
সকলোৱে
মাঁথো হাঁহি আছেখিলখিলাই:হাঁহিবোৰ বাঁহীহাঁহিবোৰ অমিত্ৰাক্ষৰ ছন্দৰএটি এটি কবিতা
পাখি
ভঙা সময়ৰঅগ্নিৰ ডেউকাগজিব কেতিয়া!
এটা
সুন্দৰ,গভীৰ
আৰু নিটোল কবিতা।ভাৱৰ গভীৰতা প্ৰশংসনীয়,শব্দচয়ন -সুন্দৰ,সুচিন্তিত,সংযত আৰু
সাৰ্থক।"ঘূৰি আছোঁ/ঘূৰি আছোঁ/ঘূৰিয়েই আছোঁ"- বাক্যাংশৰ পুণৰাবৃত্তিৰ
জড়িয়তে কবিয়ে ভাৱৰ গভীৰতা যিদৰে প্ৰকাশ কৰিছে,সেয়া আদৰণীয়।"সকলোৱে মাঁথো
হাঁহি আছে"- এক গভীৰ অভিব্যঞ্জনাপূৰ্ণ বাক্য।তেনেদৰেই "হাঁহিবোৰ
অমিত্ৰাক্ষৰ ছন্দৰ/এটি এটি কবিতা"-গভীৰ ইংগিতধৰ্মী অভিব্যঞ্জনাপূৰ্ণ বাক্য ।
ভাৱৰ সূ-স্পষ্ট প্ৰকাশত কবি সাৰ্থক। কবিৰ পৰা আগলৈ আৰু আশা কৰিলোঁ ।
'নি:সঙ্গতা
আৰু মৃত চহৰৰ আত্মা'
কবিতাটো বিনিৰ্মীয়মানবাদী কবিতা৷'মৰিশালী শূন্যতা', 'মৃত চহৰ', 'অচিনাকি
চৰাইৰ আত্মা' - এইখিনিত
উপমাৰ প্ৰয়োগ লক্ষ্যণীয়৷প্ৰথম পংক্তিৰ শেষ শাৰী আৰু দ্বিতীয় পংক্তিৰ শেষাংশত এই
বিনিৰ্মীয়মানবাদী সুৰে কবিতাটোৰ গঠনত এক অনন্য মাত্ৰা সংযোজন কৰিছে৷পোহৰৰ ৰ'দাল বাট থকা
ঘৰৰ সন্ধান মানৱীয় সত্বা আৰু জীৱনবোধৰ সনাতন সত্য৷ কিন্তু সীমাৱদ্ধতাও অনস্বীকাৰ্য, সেয়ে
ক্ষন্তেকতে সীমাৱদ্ধতাৰ সুৰ স্পষ্ট 'কিছু সময় মৌনতা/নিসঙ্গতাৰ পৃথিৱীত
দুয়ো নিখোজ'- এই
অংশত৷এক সুন্দৰ ঔদাসীন্য আৰু কবিৰ নিৰপেক্ষতা - কবিতাটোৰ প্ৰথমাংশৰ এক বিশেষত্ব, কিন্তু
শেষাংশই এয়া ধাৰাবাহিকতা অটুত ৰাখিব নোৱাৰিলে৷কঠনভংগীৰ বৈচিত্ৰহীনতাই শেষাংশ
আক্ৰান্ত কৰিছে৷দ্বিতীয় পংক্তি ইংগিতময়- এক নিৰপেক্ষ অৱস্থিতি, আশাবাদ আৰু
শেষত মৌনতা বা শূন্যতা - জীৱন আৰু মনোজগতৰ বৈসাদৃশ্য কবিয়ে সুন্দৰকৈ ফুটাই
তুলিছে৷কিন্তু 'চৌপাশে
এতিয়া মৃত আত্মাৰ কল্ ৰোল'
-ইয়াত ভাৱৰ অপৰিমীত প্ৰকাশে কবিতাটোৰ গতি আৰু কাব্যিকতাত আচোৰ পেলাইছে৷আনহাতে, 'অচিনাকি
চৰাইৰ আত্মা' ৰূপকৰ
অৰ্থ অস্পষ্ট আৰু অপ্ৰয়োজনীয় যেন বোধ হয়৷
'বাৰিষাৰ
কবিতা' কবিৰ
এক সাৰ্থক সৃষ্টি৷কবিতাটোৰ শিৰোনাম আৰু কথাৰ ইংগিতময় বৈসাদৃশ্য অতি প্ৰয়োজনীয় আৰু
কবিয়ে সুন্দৰভাৱে উপস্থাপন কৰিছে৷ বিষয়বস্তু সৰল আৰু যথাযথ৷প্ৰথম কবিতাটোৰ
ইংগিতময়িতা আৰু ভাৱৰ জটিল উপস্থাপনৰ তুলনাত ইয়াত আপাতদৃষ্টিত কবিয়ে সৰলতাৰ আশ্ৰয়
লৈছে৷ চহা জীৱন আৰু প্ৰকৃতি নিৰ্ভৰতা আৰু অসহায়তা - আপাতদৃষ্টিত কবিতাটোৰ
বিষয়বস্তু৷ সাধাৰণ পাঠকৰ বাবে কবিতাটো বোধগম্য আৰু কবিৰ সফলতাও তাতেই৷'গছবোৰৰ বিবৰ্ণ
শৰীৰৰ কিৰিলি', 'ডেও
দি ফুৰিছে/ এজাক বাহফলা ৰ’দ' আৰু 'ভৰ শাওণত
বৰষুণৰ ইমান মহঙা দিন'-
অপৰূপ উপমা আৰু কঠনভংগী উৎসাহজনক৷শব্দৰ প্ৰয়োগ নিয়ন্ত্ৰিত৷
কঠনভংগীৰ
অভিনৱত্ব আৰু বিষয়বস্তুৰ বিচিত্ৰতাৰে কবিয়ে প্ৰতিশ্ৰুতি বহন কৰিছে৷কবিতাৰ যাত্ৰা
অটুত থাকক৷
No comments:
Post a Comment