Friday, 2 June 2017

অপতৃণ



"অপতৃণ "



ৰাতিপুৱাই আনোৱাৰাই বিছনাৰ পৰাই চিঞৰি আছে । কানষাৰ দিওঁতা হে নাই । ডাঙৰ দুয়োটা চাগে চেলিমৰ জুৱাৰ আড্ডালৈ গ'লেই । সৰুটোৱেও অকণমান মাতটো গলগলীয়া হোৱাৰ পৰাই আগৰদৰে কথাবোৰ কাণ নিদিয়া হৈছে । ইফালে আনোৱাৰাৰ চিন্তা, সোনকালে গৈ মছজিদৰ সন্মুখত নৰ'লে তাইৰ দৰে বহুত গোট খাব, তাতে ৰমজানৰ মাহো চলি আছে । বহুদেৰিলৈ কাৰো একো গম পিত নাপাই খঙতে ওচৰতে থকা খালী গিলাচটোকে বেৰলৈ মাৰি দিলে । পুৰণি টিঙৰ বেৰত হোৱা শব্দটো শুনি সৰুটো ল'ৰা দৌৰি আহিল । পুতেকক ওচৰতে দেখি আনোৱাৰাই গালি আৰম্ভ কৰিলেই "'ত মৰি আছিলিগে, নাজান আজি শুক্ৰবাৰ, 'ল মোক সোনকালে লৈ ব'ল "। কথা কেইষাৰ শুনি পুতেক গৰগৰাই উঠি ক'লে "নাযাওঁ যা , মোৰ এইবোৰ লাজ লাগে "। এইবাৰ কিন্তু আনোৱাৰাৰ খঙতো আগতকৈ বেছিকেহে উঠিল । "লাজ লাগে হুঁহ, ইমান দিনে এই বেমাৰীজনীৰ ঘটনত খাবলৈ লাজ লগা নাই, ফুটপাথৰ দোকানত গাড়ীয়ে মহতিয়াই নি কঁকালৰ তলডোখৰ মাৰি পেলোৱাৰ পাছতো মই তঁহতক খোৱাবলৈকো জী আছো নেকি ? তিনিটা নিধকৰ এটায়ো ভাৱি চাইচনে এবাৰ" । এইবাৰ ল'ৰাটোৱে একো নক'লে, ডাংকোলা কৰি মাকক লৈ ওচৰতে থকা চকা লগা সৰু ঠেলা খনত বহুৱাই বাহিৰলৈ লাহে লাহে ঠেলি আনিলে
কবি:-
ধুমণি কলিতা

Thursday, 1 June 2017

বোলাইছিলা কেনেকৈ যুগজয়ী এই সজীৱতাණৰৌচন আৰা বেগম



বোলাইছিলা কেনেকৈ যুগজয়ী এই সজীৱতা



পাৰ হৈ যোৱা সৌ বতাহৰ ঢৌবোৰক সোধা
কাষলৈ চাপি অহা পোহৰকণাক সোধা
তুমি বিচাৰিলে নির্জনতা আৰু এন্ধাৰকো সুধি চাব পাৰা
বেদনা আৰু দুর্যোগেও জানিব পাৰে
নিৰন্তৰে বৈ থকা সেই সাহসৰ উৎসৰ কথা
নৈখনৰ কাষলৈ যাওঁতে বতাহজাকে তাইক জোকাইছিল!
বোৱতি পানীয়ে বুকুত তাইৰ ছবি আঁকিছিল!
অৰণ্যৰ বুকুত এপাহি ফুলৰ দৰে
নিশ্চিন্তে শুই থাকোতে ৰাতি
এন্ধাৰকো দেখিছিলো মৰমৰ দুহাত
কপালত বোলাই দিছিল!
বুকুৱে-পিঠিয়ে শালি থৈ এমুঠি শৰ
নিৰীহ নিস্পাপ পাহিবোৰ ছেদেলি-ভেদেলি কৰি
কোন সেইজন নিঠুৰ ব্যাধ
ৰপৰা আহি কেনি গৈছিল আতৰি !
হেৰুৱাই হেৰুৱাই কেনেকৈ বিচাৰি
পাইছিল তাইৰ ৰাজহাড় !
কাড়বিদ্ধ শৰীৰটোৰে বেদনা আৰু দুর্যোগৰপৰা
পলাই কেনেকৈ সাৰিছিল ?
শিং যোৰে বাৰু তাইক ৰক্ষা কৰিব পাৰিছিলনে!
আনে নেদেখাকৈ আনে নুশুনাকৈ
কেতিয়াবা নিৰলাত নিচুকাইছিলনে ?
ৰপৰা আহে সেই সুৰ যি বিষাদৰ মাজতো
ৰিণি ৰিণিকৈ বাজি থাকে
আৰু কেতিয়াবা তৈলচিত্রত, কেতিয়াবা পানীৰঙত
সংগীতৰ মূর্ছনাৰে উদীপ্ত হৈ উঠে।
এনে কি সুধাৰে বুৰাই লৈছিলা যুগজয়ী এই সজীৱতা ।
(মেক্সিকান চিত্রশিল্পী ফ্রিডা কাহ্ল‘A wounded deer’
দ্বাৰা অনুপ্রাণিত হৈ লিখা)
কবি:-
ৰৌচন আৰা বেগম

এপাহি গোলাপ তুমিණ অংকুৰ শইকীয়া



এপাহি গোলাপ তুমি


কিয়বা নক'ম এপাহি গোলাপ
কি সূৰে সজোৱা-পৰোৱা পাৰিজাত বুকুৰে আলাপ
দি যোৱা ধিৰে ধিৰে মধুৰ গুঞ্জনত
ফুলি ৰোৱা সেই কোন কাহানিতে বুকুৰ দাপোণত
নদী হৈ বয় সেই চকুযুৰি সাগৰ নীলা
প্ৰভাতী পক্ষীৰ সূৰেৰে আহে নামি এজাক বসন্ত-বৰষা
যেন ফাগুনৰ পচোৱাৰ দৰে নিচেই কাষেৰে
সৰি পৰে পূৰ্ণিমাৰ জোন মেঘৰ ওৰণিৰে
পূৰ্ণ অনুভৱত চেচাঁ একাঁজলী ভালপোৱা অনুমান
হৈ পৰে চিন্ময় তৰাবুলীয়া সপোন এজাক নিতৌ মগন
কিচ্ কিচিয়া চুলিটাৰি উৰি যায় কোনোবা অচিনা দেশলৈ
উজ্জলি উঠে স্পন্দন বুকুৰ সেউজ কাননত নানাৰঙী হৈ
সৰল-নিভাজ হাঁহিথুপি সোণাৰুৰ ডালিমগুটি ভৰা
থিক কিবা দেখি নিৰিবিলি মন একান্ত বিভূৰ
মৌ-পাহি মেলা ফুলনিৰ প্ৰাণোচ্ছল উশাহ গভীৰ । ।
বি:
অংকুৰ শইকীয়া ৷